2.2.3 কলডীয় দ্ৰৱণ কি? (WHAT IS A COLLOIDAL SOLUTION?)
2.2 কাৰ্যকলাপত D দলে পোৱা মিশ্ৰণটোক কলয়ড বা কলডীয় দ্ৰৱ বোলে। কলডীয় কণিকাবোৰ সমগ্ৰ দ্ৰৱণটোতে সুষমভাবে বিস্তাৰিত হৈ থাকে। কণিকাবোৰ প্ৰলম্বনতকৈ তুলনামূলক ভাবে সৰু হোৱা বাবে মিশ্ৰণটো সমসত্ব যেন লাগে। কিন্তু দৰাচলতে কলডীয় দ্ৰৱ এটা অসমসত্ব মিশ্ৰণ যেনে গাখীৰ।
কলয়ডীয় কণিকাবােৰ আকাৰত সৰু হােৱা কাৰণে সিহঁতক খালি চকুৰে নেদেখি। কিন্তু সিহঁতে পােহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে (কার্য -2.2)। পােহৰ ৰশ্মিৰ এনেধৰণৰ হােৱা বিচ্ছুৰণক টিণ্ডেল ক্রিয়া (Tyndall effect) বােলা হয়। এই ক্রিয়া Tyndall নামৰ বিজ্ঞানী এজনে আৱিষ্কাৰ কৰিছিল।
বন্ধ কোঠা এটাত সৰু ফুটা এটাইদি পােহৰ সােমালেও টিণ্ডেল প্রভাৱ দেখিবলৈ পােৱা যায়। সৰু ফুটাৰে পাৰ হৈ অহা ৰশ্মি বায়ুত ওপঙি থকা সুক্ষ্ম ধূলিৰ কণিকাবোৰৰ বাবে বিচ্ছুৰিত হয়।
![]() |
| (a) (b) |
ডাঠ হাবিৰ মাজত এটা সুৰুঙাৰে সূৰ্য্যৰ কিৰণ পৰিলেও টিণ্ডেলৰ প্ৰভাৱ পৰিলক্ষিত হয়। হাবিৰ মাজত জলীয় বাষ্পৰ কণিকাবােৰে কলয়ডীয় কণিকাৰ ভূমিকা লয়।
পৰিস্ৰাৱণপ্ৰণালীৰে কলয়দীয় কণিকাবোৰ পৃথক কৰিব নোৱাৰি। কিন্তু পৃথকীকৰণৰ বিযেষ প্ৰণালী যেনে তাপকেন্দ্ৰিক (centrifugal) পদ্ধতি (কাৰ্যকলাপ 2.5) প্ৰয়োগ কৰিলে ইহঁতক পৃথক কৰিব পৰা যায়।
কলদীয় দ্ৰৱৰ উপাদানবোৰ হ'ল一 বিস্তাৰণ মাধ্য়ম (dispersion medium) আৰু বিস্তাৰিত প্ৰাৱস্থা (dispersed phase) দ্ৰাৱ্য়ৰ নিচিনা উপাদান নাইবা বিস্তাৰিত প্ৰাৱস্থাৰ কণিকাবোৰে বিস্তাৰিত মাধ্য়মটো গঠন কৰে আৰু আনটো উপাদান য'ত বিস্তাৰিত প্ৰাৱস্থাটো প্ৰলমিবিত কৰা হয় তাক বিস্তাৰিত বিস্তাৰণ মাধ্য়ম (dispersion medium) বোলে। বিল্তাৰিত আৰু বিস্তাৰণৰ মাধ্য়মৰ ভৌতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি কলয়ডীয় দ্ৰৱক শ্ৰেণীবিভাগ কৰিব পাৰি। কেইবিধমান উদাহৰণ 2.1 তালিকা৪ত দিয়া হ'ল। ইয়াৰ পৰা অনুমান কৰিব পাৰকিবা যে কলয়ডীয় দ্ৰৱ আঐমাৰ দৈনন্দিন জীৱনত তেনেই পৰিচিত।
প্ৰশ্নাৱলী
1. উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য় লিখা।
2. কলয়ড, দ্ৰবণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি?
3. 293 k উষ্ণতাত 100 mL 36 g ছডিয়াম ক্লৰাইড দ্ৰবীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা৩ গ'লে দ্ৰৱণটোৰ গাঢ়তা নিৰ্দ্ধাৰণ কৰে।
|
তালিকা
2.1 কলয়ডীয় দ্ৰৱৰ উদাহৰণ |
|
|||
|
বিস্তাৰিত
প্ৰাৱস্থা |
বিস্তাৰণ
মাধ্য়ম |
প্ৰকাৰ |
উদাহৰণ |
||
|
তৰল |
গেছ |
এৰ’চল |
কুৱলী.
মেঘ |
||
|
গোটা |
গেছ |
এৰ’চল |
ধোঁৱা,
মটৰ গাড়ীৰ ধোঁৱা |
||
|
গেছ |
তৰল |
ফেন |
চেভিং
ক্ৰীম |
||
|
তৰল |
তৰল |
অৱদ্ৰৱ |
গাখীৰ
মুখত ঘহাঁ ক্ৰীম |
||
|
গোটা |
তৰল |
চ’ল |
মেগনেছিয়াম
দুগ্দ্ধ বোকা |
||
|
গেছ |
গোটা |
ফেন |
ফেন,
ৰবৰ, স্পঞ্জ, পিউমিচ শিল |
||
|
তৰল |
গোটা |
জেল |
জেলী,
পনীৰ, মাখন |
||
|
গোটা |
গোটা |
গোটা
চ’ল |
ৰঙীন
মণিমুক্তা, মিল্কী গ্লাচ |
||
Class 9 Science || Chapter 2 ||
Bidyut Thakuria.

