১০.৩ আমি কেনেকৈ উশাহ - নিশাহ লওঁ?

     এতিয়া আমি উশাহ - নিশাহৰ প্রক্রিয়াৰ বিষয়ে শিকো আহা। সাধাৰণতে আমি নাকৰ বিন্ধা অথবা নাসাৰৰ দ্বাৰা বায়ু গ্রহণ কৰোঁ । আমি যেতিয়া উশাহ লওঁ তেতিয়া বায়ু নাসাৰৰ্জৰে পাৰ হৈ নাসিকা গহ্বৰত সােমায় । নাসিকা গহ্বৰৰ পৰা বায়ুখিনি বায়ুনলীৰে আমাৰ হাঁওফাঁওলৈ যায় । বক্ষ গহ্বৰত হাওঁফাওঁ থাকে ( চিত্র ১০.৪ ) । এই গহ্বৰটোৰ দুয়ােকাষ কামিহাড়েৰে আৱৰি থাকে । বক্ষ গহ্বৰৰ তলিখন এখন ডাঙৰ পেশীযুক্ত পর্দাৰে গঠিত , ইয়াকে মধ্যচ্ছদা বােলে ( চিত্র ১০.৪ ) উশাহ - নিশাহৰ লগত মধ্যচ্ছদা আৰু কামিহাড়ৰ সঞ্চালন জড়িত হৈ থাকে । 

    উশাহ লােৱাৰ সময়ত কামিহাড়বােৰ ওপৰলৈ আৰু বাহিৰলৈ আগবাঢ়ে আৰু মধ্যচ্ছদাখন তললৈ নামি যায় । এই সঞ্চালনে আমাৰ বক্ষ গহ্বৰৰ ভিতৰৰ ঠাই বৃদ্ধি কৰে আৰু বায়ু নাসাঙ্কুইদি ক্ষিপ্রতাৰে হাঁওফাঁওলৈ গতি কৰে । হাঁওফাও বায়ুৰে পূর্ণ হয় । নিশাহৰ সময়ত যেতিয়া কামিহাড়বােৰ তললৈ আৰু ভিতৰলৈ গতি কৰে তেতিয়া মধ্যচ্ছদাখন ওপৰলৈ অর্থাৎ ইয়াৰ পূৰ্বৰ স্থানলৈ যায় । ইয়ে বক্ষ গহ্বৰৰ আকাৰ হ্রাস কৰে আৰু হাওঁফাওঁৰ পৰা বায়ু বাহিৰলৈ ঠেলি দিয়ে ( চিত্র ১০.৫ ) । আমাৰ শৰীৰত এই সঞ্চালন সহজে অনুভৱ কৰিব পৰা যায় । এটা দীঘলকৈ উশাহ লােৱা । হাতৰ তলুৱা তলপেটত ৰাখি তলপেট সঞ্চালন অনুভৱ কৰা । তােমাললাকে কি পালা ?

        উশাহ - নিশাহৰ সময়ত বক্ষ গহবৰৰ আকাৰৰ পৰিৱৰ্তন হােৱাৰ বিষয়ে শিকাৰ পাছত , ল’ৰা - ছােৱালী সকলে এখন বক্ষ প্ৰসাৰণ প্ৰতিযােগিতাত অংশগ্রহণ কৰিলে । প্রত্যেক গৰাকীয়ে কিমান বেছিকৈ তেওঁৰ বক্ষগহ্বৰৰ প্ৰসাৰণ কৰিব পাৰে তাক লৈ গর্ব কৰিছিল। শ্ৰেণীত তােমালােকৰ সহপাঠী সকলৰ লগত এই ক্রিয়াকলাপটো কৰি কেনে লাগিব বাৰু ?

ধূমপানে হাওঁফাওঁৰ ক্ষতি কৰে। ধূমপানৰ লগত কর্কট ৰােগৰৰ সম্বন্ধ আছে। ইয়াক এৰাই চলাটো উচিত। 

 







ক্রিয়াকলাপ ১০.৪ 

এটা দীঘল উশাহ লােৱা । এডাল জোখ লােৱা ফিটাৰে বক্ষৰ জোখ লােৱা ( চিত্র ১০.৬ ) আৰু তােমালােকৰ পর্যবেক্ষণবােৰ তালিকা ১০.২ ত লিপিবদ্ধ কৰা । প্ৰসাৰণৰ অৱস্থাত বক্ষৰ জোখ পুনৰ লােৱা আৰু কোনজন সহপাঠীয়ে বক্ষৰ অধিক প্ৰসাৰণ কৰি দেখুৱাব পাৰে তাক নির্ণয় কৰা । উশাহ - নিশাহ প্রক্রিয়াটো আমি এটা সৰল আৰ্হিৰে দেখুৱাব পাৰোঁ ।



ক্রিয়াকলাপ ১০.৫ 

এটা বহল প্লাষ্টিকৰ বটল লােৱা । তলটো আঁতৰাই দিয়া । Y আকাৰৰ কাঁচৰ বা প্লাষ্টিকৰ নলী লােৱা । ঢাকনিখনৰ ওপৰত এটা বিন্ধা কৰা , যাতে নলীডাল ইয়াৰ মাজেদি পাৰ হ’ব পাৰে । নলীৰ দ্বিবিভক্ত অংশৰ মূৰ দুটাত দুটা নুফুলােৱা বেলুন টানকৈ লগােৱা । চিত্র ১০.৭ ত দেখুওৱাৰ দৰে নলীডাল বটলৰ ভিতৰলৈ সুমুৱাই দিয়া । এতিয়া বটলৰ মুখখন লগাই দিয়া । বায়ুৰুদ্ধ হােৱাকৈ নিকপকপীয়াকে বন্ধ কৰা । বটলৰ তলৰ খােলা অংশটোত এড়াল ৰবৰ বেণ্ডেৰে এখন পাতল ৰবৰ বা চেপেটা প্লাষ্টিক টানকৈ বান্ধা ।

হাওঁফাওঁৰ প্ৰসাৰণ বুজিবৰ বাবে , ৰবৰৰ পাতল আৱৰণখন তললৈ টানি ধৰা আৰু বেলুন কেইটালৈ লক্ষ্য কৰা । তাৰ পিছত ৰবৰৰ আৱৰণখন ওপৰলৈ ঠেলি দিয়া আৰু বেলুনকেইটা নিৰীক্ষণ কৰা । বেলুনকেইটাৰ কিবা পৰিৱৰ্তন দেখিছানে ? বেলুনকেইটাই এই আহিটোত কি বুজাইছে ? ৰবৰৰ আৱৰণখনেনাে কাৰ ভূমিকা লৈছে ? এতিয়া তােমালােকে নিশ্চয় উশাহ - নিশাহ প্রক্রিয়াটো ব্যাখ্যা কৰিব পাৰিবা ।


আমাৰ চাৰিওফালৰ বায়ুত বিভিন্ন ধৰণৰ অবাঞ্ছিত পদাৰ্থৰ কণিকা যেনে- ধোঁৱা , ধূলিকণা , ফুলৰ ৰেণু আদি মিহলি হৈ থাকে । যেতিয়া আমি উশাহ লওঁ , আমাৰ নাসিকা গহ্বৰত থকা নােমে এই কণিকাবােৰ ধৰি ৰাখে । কেতিয়াবা অৱশ্যে এই কণিকাবাৰে নাসিকা গহ্বৰৰ নােমবােৰ অতিক্ৰম কৰি ভিতৰলৈ সােমাই যায় । তেতিয়া এই কণিকাবােৰে নাসিকা গহ্বৰৰ ভিতৰৰ আৱৰণটো উত্তেজিত কৰি তালে , ফলস্বৰূপে আমাৰ হাঁচি আহে । হাঁচিয়ে এই অবাঞ্ছিত কণিকাবােৰক উশাহত লােৱা বায়ুৰ পৰা উলিয়াই পঠিয়ায় আৰু ধূলি মুক্ত পৰিষ্কাৰ বায়ু আমাৰ শৰীৰত সােমায় যত্ন লবাঃ  যেতিয়া তােমালােকে হাঁচি মাৰা , তােমালােৰ নাকটো ঢাকি ৰাখিবা , যাতে উলিয়াই দিয়া অবাঞ্ছিত কণিকাবােৰ আন এজনৰ উশাহত সােমাই নাযায় ।




Type: Ankur Raj Deka 
Class 7