১০.৭ উদ্ভিদেও শ্বাস-প্ৰশ্বাস লয়নে ?

আন জীৱৰ দৰে, উদ্ভিদেও জীয়াই থকাৰ বাবে শ্বাস কাৰ্য সম্পন্ন কৰে। এই বিষয়ে তোমালোকে ষষ্ঠ শ্ৰেণীত পঢ়িছিলা। উদ্ভিদেও বায়ুৰ পৰা অক্সিজেন গ্ৰহণ কৰে আৰু কার্বন - ডাই - অক্সাইড এৰি দিয়ে । আন জীৱৰ দৰে ইহঁতৰ কোষবােৰতাে অক্সিজেনৰ সহায়ত গ্লুক’জ ভাঙি কার্বন ডাই - অক্সাইড আৰু পানী হয় । উদ্ভিদৰ প্রত্যেক অংশই স্বাধীনভাৱে বায়ুৰপৰা অক্সিজেন গ্রহণ কৰে আৰু কার্বন ডাই - অক্সাইড এৰি দিয়ে । তােমালােকে প্রথম অধ্যায় পঢ়িছিলা যে অক্সিজেন আৰু কার্বন - ডাই - অক্সাইড বিনিময়ৰ বাবে উদ্ভিদৰ পাতত সৰু ৰন্ধ্র আছে যাক পত্ৰৰন্ধ্র ( Stomate ) বােলে ।

 শক্তি উৎপন্ন কৰিবৰ বাবে উদ্ভিদৰ আন জীৱিত কোষৰ দৰে উদ্ভিদৰ শিপাৰ কোষেও অক্সিজেন বিচাৰে । মাটিৰ কণাবােৰৰ মাজত থকা বায়ুখিনিৰপৰা শিপাই বায়ু গ্রহণ কৰে ( চিত্র ১০.১১ ) । টাবত থকা উদ্ভিদত যদি অত্যধিক পানী দিয়া হয় তেতিয়া কি হ'ব তোমালোকে অনুমান কৰিব পাৰিবানে?

    এই অধ্যায়ত তোমালোকে শিকিলা যে শ্বাস-প্ৰশ্বাস এটা অতি প্ৰয়োজনীয় জৈৱিক প্ৰক্ৰিয়া। সকলো জীৱই জীয়াই থাকিবলৈ প্ৰয়োজনীয় শক্তিৰ বাবে শ্বায় কাৰ্য সম্পন্ন কৰে।


Type : Ankur Raj Deka

class 7  Science SCERT Book