মটকসকল 


    মটক অসমৰ এটি অতি পুৰণি' টাই-মংগােলীয় জনগােষ্ঠী। মটক’ শব্দটি টাই ভাষাৰ শব্দ। টাই ভাষাত ‘ম’ মানে শক্তিশালী , বুদ্ধিমান বা ওয়ানী আৰু “টক’ মানে উপযুক্ত, জোখা, তুলাচনী, পৰীক্ষিত। অর্থাৎ উপযুক্ত, জ্ঞানী, শক্তিশালী, পণ্ডিত লােক। ১২২৮ খ্রীষ্টাব্দত চুকাফাই অসম নামৰ এই ভূখণ্ডলৈ গিৰিপথ অতিমা একণি অহাৰ সময়ত প্রাচীন অসমৰ সৌমাৰপীঠত মটকসকলে সৰু সৰু ৰাজ্য গঠন কৰি একো একোজন মুবন্ধীৰ অধীনত বসবাস কৰিছিল। কৃষি-কর্ম আছিল তেওঁলােকৰ মুল জীৱিকা। চাউলুং চুকাফাই ( সোনােৱালী শস্যৰ দেশ অসমত প্ৰৱেশ কৰি টিপাম পাহাৰৰ দাঁতি-কাষৰীয়া অঞ্চলতে মটকসকলক প্রথম লগ পাইছিল। তিপামত লগ পােৱা মটকৰ মুৰব্বীজনৰ সহায়ত চুকাফাই নগাসকলক পৰাস্ত কৰিছিল। এইনা মটক মুৰব্বীয়েই বজাক প্ৰচুৰ পৰিমাণে স্ব-উৎপাদিত বেঙেনা যােগান ধৰিছিল। বেঙেনা যােগান ধৰাৰ বাবেই স্বৰ্গদেউৰ লগত অহা কাঙ্গণ (Kang - Gang) বৰগােহাঁইয়ে মটকৰ | মুৰব্বীজনক ‘লানমা ! নাম দিছিল । লানমায়ু এটি টাই ভাষাৰ শব্দ। ‘লান’ মানে নাতি আৰু ‘মা’ | মানে বেঙেনা। অর্থাৎ মটক মুৰব্বীজনক বেঙেনাৰ নাতি ' আখ্যা দিছিল ।

    মটকৰ উৎপত্তিৰ ইতিহাসঃ

     মটক শব্দৰ উৎপত্তিৰ ইতিহাস বিচাৰি চালে ‘ ফুখাও’ ( Phukhao ) শব্দৰ ইতিহাস চাব লাগিব। ফুখাও হ’ল টাইৰ এটি অন্যতম শাখা। এই শাখাটো টাই-মংগােলীয় ফুথাই থালৰ অন্তৰ্গত। ফু’ মানে টাই ভাযাত গৰাকী বা সন্মানীয় মানবিশিষ্ট মানুহ আৰু খাও’ মানে ‘বগা। ফুথাইসকলক চীন দেশৰ লাও ৰাজ্যত বসবাস কৰাৰ বাবে লাও বুলিও কোৱা হয়। ফুথাইসকলক তিনি ভাগত ভাগ কৰিছে। এই ভাগসমূহ হৈছে— (ক) ফুখাও (বগা পিন্ধা টাই) (খ) ফুডাম বা টাই ডাম (কলা পিন্ধা টাই,) (গ) টাই ডেং (ৰঙা পিন্ধা টাই)। দক্ষিণ চীন থাইলেণ্ড, ভিয়েটনামৰ পৰা অসমলৈকে লাওসকল বিয়পি আছে। আহােম বুৰঞ্জী অনুসৰি ফুখাওসকল গুটি সিচা বা শস্য সিচা মূলৰ পৰা উৎপত্তি হৈছে। শস্য পৰা জুনা সিঁচা মূলৰ ফুসকলৰ পৰাই মটকৰ উৎপত্তি হৈছে। আন এটি নির্ভৰযােগ্য তথ্যৰ যায় যে স্বৰ্গৰাজ ইন্দ্ৰই খুনলুং খুনলাইক ৰাজ্য স্থাপন বাবে পঠোৱাৰ সময়তে কৃষি পিতৃ চ্যাওফুৰা আলঙৰ আৱিৰ্ভাৱ হৈছিল। চ্যাওফুৰা আলঙৰ পূৰ্বন নাম আছিল খেনখাম লাংকুৰি আৰু কৃষি পিতৃ ৰূপে কেখাও-চাওথাওলুং নাম হৈছে। এইজন খেনাখাৰম বংশ পৰম্পৰা আৰম্ভ হয় অতি প্ৰাচীন য়ুনান আৰু হুনান সভ্যতাৰ পৰা এই সভ্যতা খ্ৰষ্টপূৰ্ব চাৰিহেজাৰৰ পৰা তিনি হেজাৰ বছৰ পুৰণি। কৃষি পিতৃ-পুৰুষ চ্যাওফুৰা আলঙৰ সপ্ত বংশতেই মটকসকলৰ উৎপত্তি হৈছে। টাই মংগোলীয় মূলৰ মটকসকলে আদিতে চীন  দেশৰ ম্যুঙফী বৰ্তমান সম্ভৱতঃ য়ুনান প্ৰবেশত বসবাস কৰিছিল। সময় বাগৰাৰ লগে লগে মটকসলে জনসংখ্যা বৃদ্ধিৰ বাবেই হত্তক বা অন্য কাৰণেতেই হওক কৃষিভূমিৰ সন্ধান কৰি অসম অভিমুখে যাত্ৰা কৰে। চীন দেশৰ য়ুনান প্ৰদেশৰ ফালৰ পৰা থাইলেণ্ড, ম্যানমাৰ হৈ প্ৰাচীন অসমত প্ৰৱেশ কৰি তেওঁলোকে তিপাম পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত প্ৰাচীন পৰম্পৰা ৰক্ষা কৰি আদি ধৰ্মকেই পালন কৰি গাঁৱলীয়া কৃষিভিত্তিক এখন সমাজ প্ৰতিষ্ঠা কৰি এয়োদশ শতিকালৈ বসবাস কৰিছিল। এই মটসকে চ্যুকাফাই তিপামত লগ পাইছিল আৰু 'ফুখাও' পৰিয়ালৰ বুলি চিনি পাইছিল।

মটকৰ পৰম্পৰাগত ধৰ্ম ঃ

    টাই মংগোলীয়া জনগোষ্ঠী হিচাপে মটকৰ পৰম্পৰাগত ধৰ্ম হৈছে তাও। তেওঁলোকে প্ৰকৃতি জগতৰ গাঁঠিয়াল দেৱতাৰ পূজা কৰে। জীৱ-জন্তু গৰাকী ভিন্ন দেৱতা, উপৰি পৰুষ-মিতুক দেৱতা, জগত মাতৃ আই, লক্ষ্মী আই আদি ভিন্ন দেৱতাৰ বিশ্বাস কৰেয। পাছলৈ মাটসকলে সপ্তদশ শতিকাত কাল সংহতিৰ প্ৰৱৰ্তক গোপাদেৱৰ শিষ্য অনিৰুদ্ধদেৱে প্ৰচাৰ কৰা মায়ামৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল। মায়ামৰা ধৰ্ম গ্ৰহণ কৰাৰ পাছতো তেওঁলোকে মিশ্ৰিত ৰূপত নিজা পৰম্পৰাগত ধৰ্মীয় বিশ্বাসমূহৰ ধৰি ৰাখিছে। 

    মটকসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ জীৱন সম্পৰ্কে তলত চমুকৈ উল্লেখ কৰা হ'ল-

মটক ৰজা সৰ্বান্দ সিংহ

    সৰ্বান্দ সিংহৰ পিতৃৰ নাম আছিল মৰুৎনন্দন আৰু মাতৃব নাম আছিল পাতয়। পিতৃ-মাতৃৰ একমাত্ৰ সন্তান সৰ্বানন্দই কেঁচুৱা কালতে মাতৃক হেৰুৱাবলগীয়া হৈছিল। অতি সাধাৰণ খাটিখোৱা মৰুৎনন্দন আছিল মটকৰ বুৰুক চুতীয়া খেলৰ লোক। সৰ্বানন্দৰ পিতৃ প্ৰদত্ত নাম আছিল 'মেজেৰা'। মাতৃহাৰা মেজেৰাক সকলো সময়তে সৰুনন্দনে লগত লৈ ফুৰিবলগীয়া হৈছিল আৰু অতি যতনেৰে তুলি-তালি ডাঙৰ-গীঘল কৰিছিল। মৰুৎনন্দনে এবাৰ মেজেৰাক বোকোচাত লৈ পুখুৰী খান্দি থাকোঁতে ৰজাই দেখি তেওঁক কামৰ পৰা অব্যাহতি দিছিল। পিতৃৰ  লালন-পালন লাহে লাহে মাজেৰে ডাঙৰ হৈ ডেকা হৈছিল।

    মাজেৰে আছিল অতি ধৰ্মপৰায়ণ ব্যক্তি। তেওঁ মায়ামৰা ধৰ্মগুৰু অষ্টভুজ গোসাঁইৰ ওচৰত শৰণ লৈছিল। শৰণ লোৱাৰ সময়ত গোসাঁজনে শৰণাৰ্থীক ওকো একোটি নাম দিয়াটো মায়ামৰা বৈষ্ণৱ ধৰ্মৰ এটি পৰম্পৰা। সেয়েহে মেজেকৰাক অষ্টভুজ গোসাঁইয়ে নাম দিছিল সৰ্বানন্দ। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান নেতা মটকসলৰ ওপৰত ৰজাঘৰীয়া অত্যাচাৰ চলিছিল। বিদ্ৰোহৰ নেতাসকলক বিচাৰি নাপাই সাধাৰণ নিৰপৰাধী মানুকে   বন্দী কৰি কাৰাগাপৰত ৰাখিছিল। এইখিনি সময়তে সৰ্বানন্দই মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব লৈছিল। সৰ্বানন্দৰ  আছিল প্ৰচুৰ সাংগঠনিক দক্ষতা। কাৰাগাৰৰ ভিতৰে-বাহিৰে সকলো মটকলোকৰ তেওঁ মনোবল বঢ়াইছিল। সৰ্বানন্দই বেংমৰাত ৰাজ্য পাতি নিজকে ৰজা বুলি ঘোষণা কৰিছিল। সৰ্বানন্দ সিংহই ৰজা হৈ প্ৰথমে বৰ্তমানৰ তিনিচুকীয়াৰ পৰা প্ৰায় দহ কিলোমিটাৰ উত্তৰৰে ৰঙাগড়াত ১৭৮৮ খ্ৰীষ্টাব্দত  ৰাজধানী স্থাপন কৰিছিল আৰু ১৭৯১ খ্ৰীষ্টাব্দত বেংমৰা অৰ্থাৎ বৰ্তমানৰ তিনিচুকীয়ালৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। ৰজা হৈ সৰ্বানন্দ সিংহই টাই পৰম্পৰা ৰক্ষা কৰি স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল। নিজৰ নামত সোণ আৰু ৰূপৰ মুদ্ৰ প্ৰচলত কৰিছিল। এই মোহৰবোৰ এটকীয়া, আধাটকীয়া আৰু আধামহীয়া অৰ্থাৎ এটকাৰ আঠভাগৰ একাংশ হিচাপে আছিল বুলি জানিব পৰা যায়। 

    মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই বিভিন্ন জনকল্যাণমূলক কাম-কাজ হাতত লৈছিল। আলি-পদূলি নিৰ্মাণ কৰি যাতায়াত-ব্যৱস্থাৰ উন্নতি কৰিছিল। ৰঙাগড়া আলি, গোধা আলি, ৰাজগড় আলি, হাতীআলি আদি আলি বন্ধোৱাইছিল। প্ৰজাৰ সুবিধাৰ বাবে ৰাজধানীৰ বাহিৰে-ভিতৰে মুঠ চৌব্বিশটা  পুখুৰী খন্দাইছিল। ইয়া ভিতৰত বেংমৰা পুখুৰী, তিনিকোণীয়া পুখুৰী, দেৱী পুখুৰী, শেলুকীয়া পুখুৰী, বৰ পুখুৰী, চাউলধোৱা পুখুৰী, গোধা পুখুৰী আদিয়েই প্ৰধান। সৰ্বানন্দই খন্দোৱা তিনিকোণীয়া পুখুৰীৰ নাম অনুসাৰে পৰৱৰ্তী সময়ত বেংমৰা নগৰখনিৰ নাম তিনিচুকীয়া হৈ পৰিছিল। 

    সৰ্বানন্দ সিংহৰ ৰাজশাসনত প্ৰজাবৰ্গ শান্তিত বসবাস কৰিছিল বুলি জনাযায়। ৰাজ্য খাদ্য শস্যৰে নদন-বদন আছিল। প্ৰয়োজনীয় অস্ত্ৰ-শাস্ত্ৰ নিজ ৰাজ্যতে নিৰ্মাণ কৰি লৈছিল। সৰ্বানন্দ সিংহ আছিল অতি দূৰদৰ্শী আৰু বিচক্ষণ বুদ্ধিৰ ৰজা। প্ৰজাসকলৰ মাজত সৰ্বানন্দ অতি জনপ্ৰিয় আছিল। প্ৰজাৰঞ্জক এই ৰজাজন অসুস্থ হৈ কিছু বছৰ শয্যাশায়ী হৈ ১৮০৬ চনত ইহলীলা  সম্বৰণ কৰে। সৰ্বানন্দৰ মৃত্যুৰ পিছত তেওঁৰ বৰ পুত্ৰ মাতিবৰ সেনাপতি মটক  ৰাজ্য ৰজা হৈছিল।

শিক্ষাবিদ পৱন নেওগ 

    পৱন নেওগৰ জন্ম হয় ১৯৩৩ চনত ১৮ অক্টোবৰ তাৰিখে বৰগুৰি, তিনিচুকীয়াত। পিতৃ আসাম্বৰ নেওগ আৰু মাতৃ গোলাপী নেওগ। মাতৃ ঢুকাৱাৰ পিছত মাহী মাক মুহীলা নেওগৰ দ্বাৰা লালিত- পালিত হৈ পাঁচ বছৰ দেওনা পৰা হওঁতেই প্ৰাথমিক শিক্ষা আৰম্ভ কৰে তিনিচুকীয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ত। শিক্ষা সম্পূৰ্ণ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে। নিজৰ দৃঢ়তাৰে অধ্যয়ন কৰি সেই বিদ্যালয়ৰ পৰা ১৯৫৩ চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে।  

    খেলা-ধূলাত যথেষ্ট ৰাপ থকা নেওগে বিশেষকৈ ফুটবল আৰু ভলীবল খেলত বিদ্যালয়খনৰ এজন ভাল খেলুৱৈ হিচাপে সুনাম অর্জন কৰিছিল। সঙ্গীত তেওঁৰ প্রিয় আছিল আৰু যৎপৰােনাক্তি চর্চাও কৰিছিল। তেওঁৰ বহুমুখী প্রতিভাৰ বাবে বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰীসকলৰ অতি প্রিয় ছাত্র আছিল। 

    প্রবেশিকা পৰীক্ষা পাছ কৰাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে যােৰহাটৰ জে. বি. কলেজৰ কলা বিভাগত নাম ভর্তি কৰে। পঢ়া-শুনাৰ উপৰিও তেওঁ শৰীৰ চৰ্চা কৰি প্রতিযােগিতাত সুনাম অর্জন কৰিছিল। পেশী, সঞ্চালন বিভাগত তেওঁ কৃতিত্ব দেখুৱাৰ বাবে ১৯৫৫ চনত Mr. J. B. উপাধি প্রদান কৰা হৈছিল। N.C.C. ত যােগ দি নিজ দক্ষতাৰ বাবে এজন ভাল নেতা হিচাপেও পৰিচিত হৈছিল। ১৯৫৬ চনত তেওঁ দ্বিতীয় বিভাগত আই. এ . পাছ কৰে। 

    তাৰ পাছত গুৱাহাটীৰ কটন কলেজত স্নাতক শ্ৰেণীত অধ্যয়ন আৰম্ভ কৰে। কলেজত থাকোতেই আন্তঃ মহাবিদ্যালয় প্রতিযােগিতাৰ শৰীৰ চৰ্চা বিভাগৰ প্ৰতিযােগিতাত তেওঁক Mr. Cottonian ত উপাধি প্রদান কৰা হৈছিল। সেই একে বছৰতে অর্থাৎ ১৯৫৭ চনত Gymnasium প্রতিযােগিতাত উ Mr Guwahati University উপাধিৰে প্ৰদান কৰি পুৰস্কৃত হয়। ১৯৫৮ চনত দেউতাক ৰােগশয্যাত স্ব থকাৰ বাবে স্নাতক মহলা সম্পূর্ণ কৰিব নােৱাৰিলে। ১৯৫৯ চনত তেওঁ চেনাইৰাম উচ্চতৰ মাধ্যমিক জ বিদ্যালয়ত অস্থায়ী শিক্ষক হিচাপে শিক্ষকতা কৰে। ১৯৬০ চনত তেওঁ পুনৰ স্নাতক পৰীক্ষা দিয়ে আৰু ডিগ্রী লাভ কৰে। তেওঁ কিছু অর্থ উপার্জনৰ কথা চিন্তা কৰি ১৯৬২ চনত D.S.P. পদত নিযুক্তি মি বা at পাইছিল যদিও তেওঁ শিক্ষকতা বাদ দিব পৰা নাছিল।

     তেওঁৰ মনােবল আৰু সাহস অপৰিসীম আছিল। ল'ৰা-ছােৱালীক তেওঁ খুউব মৰম কৰিছিল। বিপদ আপদত পৰা লােকক তেওঁ সৎ পৰামর্শ দি সহানুভূতি জনাইছিল। 

    ১৯৯২ চনৰ ৩০ চেপ্তেম্বৰত তেওঁ চাকৰিৰ পৰা অৱসৰ লয়। সেই সময়ত তেওঁৰ শৰীৰ কিছু দুর্বল হােৱাত সকলাে কাম পুনৰ উদ্যমেৰে কৰিব পৰা নাছিল যদিও আংশিক হিচাপে কৰি আছিল। ২০০১ চনত বৰগুৰিত স্থাপিত হােৱা Art School- ত তেওঁ আগভাগ লৈছিল। অঞ্চলটোত এখন মন্টেচৰি আৰ্হিৰ স্কুল খােলাৰ বাবে তেওঁ শিক্ষাবিদসকলৰ লগত আলােচনা কৰি আছিল। কিন্তু মনৰ আশা মনতে ব’ল। ২০০২ চনৰ ১১ আগষ্ট তাৰিখে তেওঁ শেষ নিস্বাস ত্যাগ কৰে। 

ৰাজকুমাৰ লংকেশ্বৰ গােহাঁই 

    ৰাজকুমাৰ লংকেশ্বৰ গােহাঁই তেতিয়াৰ বেংমৰা ৰাজ্যৰ (১৭৮৮) প্রতিষ্ঠাপক ৰজা স্বৰ্গদেউ সর্বানন্দ সিংহৰ সুযােগ্য পৰিনাতি আছিল। ৰজা সর্বানন্দ সিংহৰ তিনিজন পুত্র আছিল । মাটিবৰ, কলিবৰ আৰু কমলেশ্বৰ। মাটিবৰৰ ভােগবৰ, ভগীৰথ, দুখীথ, সুক আদিকে ধৰি দহজন পুত্র আছিল। ভগীৰথৰ তৃৰ্তীয় পুত্ৰ বিশেবৰৰ নুমলীয়া তথা ষষ্ঠা পুত্ৰই আছিল ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই। লংকেশ্বৰ গোহাঁইয়ে ০১-০৫-১৯৫৪ তাৰিখে তেতিয়া লখিমপুৰ জিলাৰ উপায়ুক্তৰ আগত ঐতিহাসিক বেংমৰা ৰাজ্যৰ পুনৰ উদ্ধাৰৰ বাবে তৰা গোচৰা সাক্ষীত তেওঁৰ জন্ম ১৮৮৭ চনত তিনিচুকীয়াত হোৱা বুলি উল্লেখ আছে। স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৃত্যুৰ পিছত ৰাজ পৰিয়াটোৰ লগতে বেংমৰা ৰাজ্যৰ অন্যান্য বিষয়ববীয়াসকল ৰাজ্যৰ বিভিন্ন স্থানত সিঁচৰতি হৈ বসবাস কৰিছিল। ৰাজকুমাৰ লুকেশ্বৰ গোহাঁইৰ ১০/১২ বছৰ বয়সত পৰিয়ালৰ সৈতে চাবুৱালৈ উঠি যায়। ৰাজপৰিয়াল বাস কৰাৰ বাবে অঞ্চলটোৰ নাম পৰৱৰ্তী সময়ত ৰজাবাৰী নামেৰে নামকৰণ হয়। সেই সময়ত খেতি-বাতিৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে ৰাজকুমাৰৰ পৰিয়ালটিকে ধৰি ৰাজপৰিয়ালৰ কিছু লোকে খেতিমাটিব সন্ধানত বৰ্তমানৰ তিনিচুকীয়া জিলাৰ ডিৰাকলৈ উঠি যায়। পৰিয়ালটিয়েয়ে সৰুডিৰাকত নিগাজীকৈ থাকিবলৈ লয়। 

    ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই আনুষ্ঠানিক উচ্চ শিক্ষিত নাছিল যদিও সাহসী,  উচ্চাকাংক্ষী আৰু চিন্তাশীল ব্যক্তি আছিল। ৰজাৰ উপযুক্ত প্ৰতিনিধি হিচাপে দেশ স্বাধীন হোৱাৰ পূৰ্বৰে পৰা বেংমৰা ৰাজ্যৰ পুনৰুদ্ধাৰ আৰু সুকীয়া স্বীকৃতি বাহাল ৰাখিবৰ বাবে চৰকাৰৰ ওচৰত প্ৰবল দাবী  উথুাপন কৰিছিল। তেওঁ থলুৱা জাতি-জনগোষ্ঠীৰ ভূমি অধিকাৰ, সম্পত্তিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত ৰখাৰ স্বৰ্থাত বেংমৰা ৰাজ্যব সুকীয়া স্বীকৃতি দাবি কৰি আহিছিল। তেওঁ বৰ্তমানৰ অৰুণাচনা প্ৰদেশৰ মহাদেৱপুৰত কাঠৰ মিল খুলি কাঠৰ যোগান ধাৰিছিল। কাঠৰ উপৰিও সোণ আৰু হাতীৰ ব্যৱসায়তো সুনাম অৰ্জন কৰিছিল। ৰাজবংশৰ প্ৰতিনিধি হিচাপে ইংৰাজী বিষয়াসকলৰ সৈতে সুসম্পৰ্ক আছিল। হাতী ধৰা আৰু প্ৰশিক্ষণ দিয়াত তেওঁৰ বিশেষ দখল আছিল। তেওঁ ব্ৰহ্মদেশৰ ৰজাৰ লগত মিতিৰালি কৰি হাতী ধৰিছিল। মণিপুৰৰ ৰজাক বন্ধুত্বৰ চিন হিচাপে তেওঁ দুটা হাতী উপৰাৰ দিছিল। তেওঁৰ চিকিমৰ লগতো ভাল সম্পৰ্ক আছিল। ৰাজুমাৰদেৱে বাৰ্মিজ, মণিপুৰী, চিংফৌ, খামতি, মিচিং, দেউৰী,  নক্টে আদিকে ধৰি  বহুকেইটা ভাষা জানিছিল। তেওঁ ব্যৱসায়ৰ কামত বিভিন্ন ঠাই ভ্ৰমি ফুৰিছিল  যদিও নিজৰ মূল লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল। তেওঁ এই বৃহৎ অঞ্চলটোৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ ৰাইজ আৰু মুখিয়াল তথা ৰজাসকলৰ সৈতে অতি মধুৰ সম্পৰ্ক ৰক্ষক্ষা কৰি চলিছিল। সেয়েহে তেওঁলোকে ৰাজকুমাৰদেৱৰ  সংগ্ৰামখিনিত সহযোগিতা আগবঢ়াইছল। সেইসকলৰ ভিতৰত বৰ্তমানৰ আৰুণাচল প্ৰদেশৰ টংকেশ্বৰ দেউৰী, খামিতি ৰাজকুমাৰ চৌখামুন গোহাঁই, বিচা বিচা ৰাজ্যৰ চিংফৌ ৰাজকুমাৰ জখং আৰু গাঁওবুঢ়া পিন লংলংদেৱে তেওঁৰ সংগ্ৰামি কাৰ্যসূচীত ব্যক্তিগতভাৱে উপস্থিত থকা উপৰিও আৰ্থিক  সহযোগিতা  আগবঢ়াইছিল। তেওঁ নিজ ৰাজ্যৰ উপৰিও অৰুণাচল, মণিপুৰ, চিকিম, লগালেণ্ড, মেঘালয় আদি অঞ্চলৰ সমাজকৰ্মীৰ সৈতে জনহিকৰ তথা উন্নয়নমূলক কামত নিজকে  জড়িত কৰিছিল। শেষ অৱস্থাত  ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই শয্যাশায়ী হৈ ১৯৭৩ চনত ৭ মাৰ্চৰ দিনা সৰু ডিৰাকৰ  নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। 


Type : Priyam Jyoti Patar