১৩.২ দ্রুতিঃ

 তােমালােকে ইতিমধ্যে দুতি ' শব্দটোৰ সৈতে পৰিচিত । ওপৰত উল্লেখ কৰা উদাহৰণটোত উচ্চতৰ দ্ৰুতিয়ে তুলনামূলকভাৱে কম সময়ত এক প্রদত্ত দূৰত্ব অতিক্রম কৰা বুজাইছে অথবা এক প্রদত্ত সময়ৰ অন্তৰত অধিক দূৰত্ব অতিক্রম কৰা বুজাইছে । 

    দুটা বা ততােধিক বস্তুৰ ভিতৰত কোনটো বেছি দ্রুত তাক নির্ণয় কৰাৰ সহজসাধ্য নিয়ম হৈছে প্রতি একক সময়ত সিহঁতে অতিক্রম কৰা দূৰত্বৰ তুলনা । গতিকে এঘণ্টাত দুখন বাছে অতিক্রম কৰা দূৰত্ব জানিলে তাৰে লেহেম গতিত যােৱাখন চিনাক্ত কৰিব পাৰি । কোনাে বস্তুৱে একক সময়ত অতিক্রম কৰা দূৰত্বক আমি বস্তুটোৰ দ্ৰুতি (speed ) বুলি কওঁ ।

     এখন গাড়ীয়ে প্রতি ঘণ্টাত ৫০ কি.মি. দ্রুতিৰে গতি কৰিছে বুলিলে গাড়ীখনে এঘণ্টাত ৫০ কি.মি. দূৰত্ব অতিক্রম কৰা বুলি বুজা যায় । অৱশ্যে গাড়ী এখনে এঘণ্টাৰ বাবে একেটা দ্রুতিৰে কাচিৎহে গতি কৰে । দৰাচলতে , ই ধীৰ গতিৰে আৰম্ভ কৰি পিছলৈ দ্রুতবেগীহয়গৈ । সেই বাবে , যেতিয়া আমি এখন গাড়ীৰ দ্রুতি প্রতি ঘণ্টাত ৫০ কি.মি. বুলি কওঁ , তেতিয়া সাধাৰণতে আমি গাড়ীখনে এঘণ্টাত অতিক্রম কৰা মুঠ দূৰত্বহে বিবেচনা কৰোঁ । এই সময়খিনিত গাড়ীখনে একেটা দ্রুতিৰে গতি কৰিছেনে নাই সেই বিষয়ে আমি মুঠেই চিন্তা নকৰোঁ । এই ধৰণে গণনা কৰা দ্রুতিয়ে প্ৰকৃততে গাড়ীখনৰ গড় দ্রুতি বুজায় । এই পাঠ্যপুথিত দ্রুতি ৰাশিটোৱে গড় দ্রুতিহেবুজাব । গতিকে আমাৰ বাবে দ্রুতি হ'ব অতিক্রম কৰা মুঠ দূৰত্বক তাৰ বাবে প্রয়ােজনীয় সময়বোৰ ভাগ কৰি পোৱা ৰাশি। অৰ্থাৎ




            

আমাৰ দৈনন্দিন জীৱনত দীর্ঘ দূৰত্ব বা দীর্ঘ সময়ৰ বাবে একে দ্রুতিৰে গতি কৰা বস্তু কাচিংহে দেখা পাওঁ । এডাল সৰল ৰেখাৰে গতি কৰি থকা কোনো বস্তুৰ দ্ৰুতি যদি পৰিৱৰ্তন হৈ থাকে , তাৰ গতিক বিষম ( nonuniform ) বুলি কোৱা হয় । আনহাতে , কোনাে বস্তুৱে সৰল ৰেখাৰে একে দ্রুতিত গতি কৰি থাকিলে তাক সুষম গতি ( uniform ) বুলি কোৱা হয় । এই ক্ষেত্ৰত গড় দ্রুতি প্রকৃত দ্রুতিৰ সৈতে একে ।


    কোনাে এটা বস্তুৱে এক নির্দিষ্ট দূৰত্ব অতিক্রম কৰিবলৈ অতিবাহিত কৰা সময় জুখিবলৈ সক্ষম হলে তাৰ দ্ৰুতি নির্ণয় কৰিব পাৰোঁ । যষ্ঠমানত দূৰত্ব জোখাৰ পদ্ধতি তােমালােকে শিকি আহিছা । কিন্তু সময় কেনেকৈ জুখিম ? আমি আলােচনা কৰোঁ আহা— 


Class 7 Science SCERT Book


Type- Ankur Raj Deka