কলিতাসকল


     কলিতা জনগোষ্ঠী ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলৰ  প্ৰাচীনতম অধিবাসী আৰু বৰ্তমানৰ অসম ৰাজ্যৰ সংখ্যাগতভাবৱে বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠী। পূৱে তিনিচুকীয়া জিলাৰ পৰা পশ্চিমে  ধুবুৰী জিলালৈকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিখন জিলাতে কলিতা জনগোষ্ঠীয় লোকৰ বসতি আছে। স্বাধীন ভাৰতৰ লোকপিয়লত অনা-অনুসূচিত জনগোষ্ঠীসমূহৰ জনগোষ্ঠীভিত্তিক লোকপিয়ল বাদ দিয়া বাবে বৰ্তমান কলিতা জনগোষ্ঠীয়  লোকৰ জনসংখ্যাৰ শুদ্ধ তথ্য লাভ কৰা সম্ভৱ নহয়। ১৮৭১-৭২ চনত বৃটিছ ভাৰতত হোৱা প্ৰথটো আছিল ৩,৩৯,৯৭১ । সেইসময়ৰ বৰ অসমৰ ভৌগোলিক  স্থিতি, জনগাঁথনি, পৰৱৰ্তী কালৰ জনসংখ্যা বৃদ্ধি  হাৰ আদি কাৰক বিশ্লেষণ কৰি বৰ্তমান অসমত কলিতা জনগোষ্ঠীয় লোকৰ মুঠ সংখ্যা ৫০০,০০,০০০ (পঞ্চাশ লাখ)-ৰ কম হ'ব নালাগে বুলি থাৱৰ কৰিব পাৰি।

    অসম তথা উত্ত-পূৰ্বাঞ্চলত কোনো আদিম মানৱৰ অৱশেষ পোৱা হোৱা নাই হেতুকে নৃতাত্ত্বকভাৱে এই অঞ্চলত আদিম মানৱৰ বসতি নাছিল বুলি সিদ্ধান্তলৈ আহিছে। গতিকে এই অঞ্চলৰ বৰ্তমান অধিবাসী প্ৰতিটো জনগোষ্ঠীয়েই ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা প্ৰব্ৰজন কৰি আহিছে। পশ্চিম দিশৰ হিমালয়ৰ পাদদেশৰ সমতল অঞ্চলেৰে কলিতা জনগোষ্ঠীৰ পূৰ্বপুৰুষ আল পাইনসকল বিভিন্ন কাৰণত প্ৰব্ৰজন কৰি আহি পাইনসকলৰ উপত্যকা অঞ্চলত প্ৰৱেশ কৰে। পূৱলৈ আগবাঢ়ি গৈ গৈ পাইকাই পৰ্বতলানি পোৱাৰ পিছিত আলপাইনসকলৰ অগ্ৰগতি স্তব্ধ হয়, কিয়নো সমতলৰ জনগোষ্ঠী হিচাপে সদলবলে পৰ্বত বগাই পাইকাই অতিক্ৰম কৰাটো এওঁলোকৰ বাবে সম্ভৱ নাছিল। এই কাৰণতে পাটকাইৰ পূৱত কলিতা বা অইন কোনো আল পাইন কৰাটো জনগোষ্ঠী অৱস্থিতি শূন্য। আলপাইনসলৰ প্ৰথমটো দল কলিতা জনগোষ্ঠী ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতল কৰে, সেইসময়ত এই অঞ্চল আছিল জনবসতি  শূন্য। গতিকে কলিতা জনগোষ্ঠী ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতল অঞ্চলৰ প্ৰথম অধিবাসী।

    আজিৰ পৰা সাত হাজাৰ বছৰ পূৰ্বে খ্ৰীষ্টপূৰ্ব ৪,৫০০-ৰ ভিতৰত কলিতা-পূৰ্বপুৰুষসকলৰ প্ৰথমটো দল ব্ৰহ্মপুত্ৰ উপত্যকাত ভৰি দিয়েহি বুলি আৰু খ্ৰীষ্টপূৰ্ব ৪,০০০-ৰ পৰা খ্ৰীষ্টপূৰ্ব ৩,৫০০-ৰ ভিতৰত ব্যাপক মাত্ৰাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলত থিতাপি লয়হি বুলি অনুমান কৰিব পাৰি। পশ্চিম দিশৰ পৰা এই প্ৰব্ৰজন চতুৰ্দশ শতিকা মানলৈ চেগা-চোৰোকাকৈ হৈ আছিল। কলিতা জনগোষ্ঠীৰ পূৰ্বপুৰুষসকল যি সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল (প্ৰায় সাত হাজাৰৰ পৰা চাৰে পাঁচ হাজাৰ জনগোষ্ঠী আছিল যদিও সমতল ভূমিক লৈ তেওঁলোক আগ্ৰহী নাছিল বাবে কলিতাসকলে কোনো মাৱন সৃষ্ট বাধা, প্ৰতিযোগিতা বা আক্ৰমণৰ  সন্মখীন নোহোৱাকৈ ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত প্ৰথম উপনিৱেশ স্থাপন কৰিছিল। নদীৰ পাৰে পাৰে উৰ্বৰা ভূমিত সৰু সৰু উপনিৱেশ পাতি ক্ৰমশঃ পূৱলৈ আগবাঢ়ি গৈ একেবাৰে পূৱ প্ৰান্তত পাটকাই পৰ্বত অতিক্ৰম কৰিব নোৱাৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূৱ পান্তত তেওঁলোকে দ্বিতীয়খন উপনিৱেশ পাতে। এই দুই উপনিৱেশৰ অভিকেন্দ্ৰৰ আনুমানিক দূৰত্ব প্ৰায় ছয় শ কিলোমিটাৰ।

    বৰ্তমান অসমৰ জনসংখ্যাংগতভাৱে বৃহত্তম থলুৱা জনগোষ্ঠী কলিতাসকলৰ প্ৰায় কুৰিটামান  ভাগ, উপবাগ বা সম্প্ৰাদায় আছে। ইয়াৰে গৰিষ্ঠসংখ্যকেই ভাৰতীয় সাংবিধানিকভাৱে সাধাৰণ শ্ৰেণীভূক্ত (বৰকলিতা,সৰুকলিত, কায়স্থ, হালৈ কেওট, সাউদ, আৰ্যবৈশ্য আদি) যদিও কেইটমান সম্প্ৰদায় বা ভাগ অন্যান্য পিছপৰা শ্ৰেণীভুক্ত (শালৈ, নাপিত, মালী, কুমাৰ, কমাৰ, কঁহাৰ আদি) তখা অইন কেইটিমান অনুৰ্য্যবসিত হোৱা এই গোটবোৰ আদিতে একোটা বৃত্তিয়াল গোট হৈ আছিল। সাংবিধানিভাৱে বহুকালজুৰি বিভক্ত কৰি থোৱা বাবে বহুতেই এতিয়া জনপগোষ্ঠীয় (Ethnic) পৰিচয় পাহৰি বা পৰিহাৰ কৰি সম্প্ৰদায়গত পৰিচয়কে মনত ৰাখিছে। নাথ-যোগী, গণক আৰু বহুসংখ্যক থলুৱা ইছলামধৰ্মীও মূলগতভাৱে কলিতা জনগোষ্ঠীয়। জিনীয়-বিশ্লষণ (Genetic Anslysis) পদ্ধতিৰে  সন্দেহাতীতভাৱে ইয়াৰ সত্যাসত্য গম লোৱাটো সম্ভৱ। কলিতাসকলে প্ৰায় বিৰান্নব্বৈ (৯২)-টা বিভিন্ন উপাধি ব্যৱহাৰ কৰি আহিছে। উদাহৰণস্বৰূপে-কলিতা, বৰ্মন, বৰ্মা, কাকতি, বৰুৱা, বৰা, চৌধুৰী, চৌধুৰী, তালুকদাৰ, ডেকা, হালৈ, দাস তহবিলদাৰ, খাটনিয়াৰ, দত্ত, সেনাপতি, পাগবন্ধা, ডিহিদাৰ, সৰকাৰ, শালৈ, হুজুৰী, দেউৰী, উজীৰ, পাল দাস, সাধানিকাৰ, নেওগ, মৰল, ভাৰলী, মেধী, শইকীয়া, হাজৰিকা, ভূঞা,  হীৰা, মালী, মালাকৰ, বেজবৰুৱা, বৈশ্য, সাউদ, বৰবৰুৱা, ৰায়বৰুৱা, ৰায়চৌধুৰী, ঠাকুৰীয়া, পাটগিৰি, পাটোৱাৰী, নায়ক, সূত্ৰধাৰ, লহকৰ, হিলৈদাৰী, খাৰঘৰীয়া, লেখাৰু, ফুকন, মজুমদাম, চহৰীয়া, খাউণ্ড,  দুৱৰা ইত্যাদি। কলিতা বাদেও অইন জনগোষ্ঠী কিছুমানেও ইয়াৰে বেছিভাগ উপাধি ব্যৱহাৰ কৰি আহিছে।

    এতিয়া 'অসমীয়া' বুলি পৰিচিত ভাষাটি মূলতঃ কলিতাসকলৰ জনগোষ্ঠীয় ভাষা। অৱশ্যে ইয়াত ককেচীয় আৰু মংগোৱীয় অইন কেবাটিও থলুৱা জনগোষ্ঠীৰ উপাদান লৈহে এতিয়াৰ আধুনিক, পৰিপক্ক 'অসমীয়া' ৰূপটি হৈছে। 

    কলিতাসকলে পৰম্পৰাতভাৱে কপাহ, এৰি পলু পাত আৰু মুগা পলুৰ আঁহৰ পৰা তৈৰী সূতাৰে  প্ৰস্তুত কপাহী, এৰি, পাত আৰু মুগা কাপোৰ ব্যৱহাৰ কৰে। ইয়াৰে পথম দুবিধেৰে নিত্য ব্যৱহাৰ্য কাপোৰ  আৰু পিছৰ দুবিধ আনুষ্ঠানিক (Ceremonial) পোচাক প্ৰস্তুত কৰাত ব্যৱহাৰ হয়। এৰি সূতাৰ ৰং ধূসৰ বগা আৰু ইয়াৰে শীতকালত উৰাৰ বাবে এৰি-চাদৰ (এণ্ডি) বৈ লোৱা হয়। পাত সূতাৰ ৰং ৰূপালী আৰু মুগা সূতাৰ বৰণ সোণালী, ইয়াৰে বিয়া-সবাহ, উৎসৱ-পাৰ্বণ আদিত ব্যৱহাৰৰ কাৰণে চাদৰ, মেখেলা, ধূতি, চোলা আদি প্ৰস্তুত কৰা হয়। কলিতা সমাজত এই দুবিধ কাপোৰ আভিজাত্যৰ প্ৰতীক ৰূপে পৰিগণিত হৈ আহিছে। নিজৰ প্ৰয়োজনীয় সাজ-পোচাক কলিতাসকলে তাঁত শাল ব্যৱহাৰ কৰি নিজকে উৎপাদন কৰি লয়। যুৱতী-মহিলাসকলে তাঁতৰ  কাম জনাটো বাধ্যতামূলক আৰু কিছু বছৰ আগলৈকে কাপোৰ ব'ৰ নজনা কলিতা যুৱতীৰ বিয়াই নহৈছিল। বিবাহিতা মহিলাই (বিশেষকৈ জ্যেষ্ঠসকলৰ সমুখত) মূৰত ওকণি লয়। কলিতা জনগোষ্ঠীয় সাজ-পোচাকত বগা আৰু ৰঙা ৰঙৰ প্ৰাধন্য দেখা যায়।

    সমাজৰ বাবে অতিৰিক্তভাৱে প্ৰয়োজন হোৱা বস্ত্ৰখিনি অতীতত শালৈ (যাৰ নিজাকৈ শাল আছিল) আৰু তাঁতী (কাপোৰ বৰ জনা মানুহৰ, নিজকৈ শাল থাকিবও পাৰে, নাথকিবও পাৰে) নামৰ বৃত্তিয়ায় গোট দুটিয়ে উৎপাদন কৰিছিল। মেখেলা-চাদৰ কলিতা মহিলাৰ জাতীয় সাজ, লগতে আগুৰণ, টেলচ, ৰিহা আদি পৰিধান কৰে। পুৰুষসলে গামোচা, শালত বৈ লোৱা চুৰিয়া, চোলা পৰিধান কৰে। ৰঙা পৰিৰ ফুলাম গামোচাৰে ডাঙৰক সন্মান আৰু সৰুক মৰম যাঁতে।

    সোণ, ৰূপ আৰু পিতলেৰে তৈৰী বিভিন্ন অলংকাৰ কলিতাসলে (মূলতঃ মহিলাসকলে) ব্যৱহাৰ কৰে। মহিলাসকলে কপাল উকা কৰি নাৰাখে আৰু কপালত ফোঁট লয়। বিয়াৰ পিছত সেন্দুৰৰ ফোঁট লয় আৰু স্বামী জীৱিত অৱস্থাত সেন্দুৰৰ ফোঁট নোলোৱাকৈ বাজ ওলালে দেৱতাৰ কোপদৃষ্টি ঘৰ-সংসাৰত পৰে বুলি জনবিশ্বাস আছে। কাণত  অলংকাৰ পৰিধান কৰাৰ বাৰে ছোৱালী কালত কান-ফুটোৱা উৎসৱেৰে কাণত ফুটা কৰি লোৱা হয়। এই কাণ-ফুটোৱা পৰ্ব সচৰাচ কাতি মাহৰ পূৰ্ণিমাৰ দিনাখন (লক্ষ্মী পূৰ্ণিমাৰ) বা কিছুমানে বহাগ মাহৰ পূৰ্ণিমা (বুদ্ধ পূৰ্ণিমা) অথবা আহিন মাহৰ শুক্লা দশমী (বিজয়া দশমী)-ৰ দিনাখনো কৰে।

    কলিতাসকল মূলতঃ কৃষিজীৱী। সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিভিন্ন বৃত্তি অৱলম্বন কৰিবলৈ লৈছে যদিও এতিয়াও প্ৰয় ৯০% কলিতাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষি আৰু পশুপালনৰ জৰিয়াতে জীৱন নিৰ্বাহ কৰে। কলিতাসকলে দুটা (এহাল) গৰু ম'হেৰে 'নাঙল' নামৰ বিশেষ সঁজুলিৰে মাটি চহাই খেতি কৰে। গৰু আৰু নাঙল 'হাল'ৰ গৰাকীক 'হালৈ' বোলা হৈছিল। 

    কলিতা জনগোষ্ঠী মূলতঃ অন্তঃ-প্ৰজননী (Endogamous), ই এক জনজাতি চৰি (Tribal Character)। পৃথিৱীৰ বিভিন্ন জনজাতিৰ দৰে স্বগোষ্ঠীয় জিনীয় পুখুৰী (Gene Pool)-ৰ ৰক্ষাৰ্থে তথা কৃষ্টি, আচাৰ, পৰম্পৰা ৰক্ষাৰ্থে কলিতাসকলে বিয়া-বাৰু আদি নতুন সম্পৰ্ক স্বগোষ্ঠীৰ ভিতৰতে হোৱাটোত অগ্ৰাধিকাৰ দিয়ে। অন্তঃ-প্ৰজননী যদিও কলিতা সমাজত ওচৰ ৰক্ত-সম্পৰ্কিত (Consanguinous) পুৰুষ- নাৰীৰ মাজত বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ। সম্বন্ধীয় ভাই-ভনী, মামা-ভাগিনী, খুৰা-ভতিজী আদি ৰক্ত-সম্পৰ্কিতৰ মাজৰ বিবাহ বাৰণ কৰা হয় কিন্তু ৰক্ত-সম্পৰ্কহীন বৈবাহিক সম্পৰ্কযুক্তৰ মাজৰ বিবাহৰ আদৰি লোৱা হয় (যেনে দেওৰৰ সৈতে ভনীয়েকৰ বা ভায়েকৰ সৈতে খুলশালীৰ বিবাহ)। কলিতা সমাজৰ কিছুপৰিমাণে ৰক্ষণশীল। সমাজিকভাৱে বিয়া নোহোৱাকৈ এহাল পুৰুষ-মহিলাক একেলগে থকাটো সমাজে অনুমোদন নজনায়। পলুৱাই আনি বিবাহ কৰাটো আদৰণীয় নহয়। এনেবোৰ ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিসকলৰ 'মেল 'ৰ সন্মুখীন হ'ব লাগে আৰু 'মেল 'ত হোৱা সিদ্ধান্ত অনুসৰি দণ্ড (জৰিমণা) ভৰি, নামঘৰত আঁঠুলৈ ৰাইজৰ অনুমোদন  লৈহে সংসাৰ আৰম্ভ কৰিব পাৰে। 

    চাউল সিজাই প্ৰস্তুত কৰা 'ভাত' কলিতাসকলৰ মূল আহাৰ ভাতৰ সৈতে বিভিন্ন শাক, পাচলি আদিৰে প্ৰস্তুত কৰা ব্যঞ্জন থাকে। নিমখ আহাৰ পূৰ্বে কলাখাৰেৰে (কল-গছৰ গা অংশ শুকুকাই পুৰি তাৰ ছাইখিনি ব্যঞ্জন প্ৰস্তুত কৰা হৈছিল। কিছুমান পৰম্পৰাগত কলিতা জনগোষ্ঠীয় খাদ্য বা ব্যঞ্জন এনেধৰণৰ-আলু পোৰা, আলু পিটিকা, বেঙেনা পিটিকা, কঁঠাল গুটি পোৰা, মাছ পোৰা, ঔ-চেঙাৰে মাছ ৰন্ধা, পচলা, কচু সিজোৱা, কোমোৰাৰে ৰন্ধ হাঁহৰ মাংস, অতিতাৰে ৰন্ধা পাৰৰ মাংস, বিভিন্ন 'বতা' যেনে পদিনা বতা, দালি বতা আদি, শাকৰ বিভিন্ন ব্যঞ্জন ইত্যাদি। কুঁহিয়াৰৰ ৰস উলিয়াই তাক পগাই গুৰ মিঠৈ প্ৰস্তুত কৰে। ৰাতিপুৱা জলপানত কোমল চাউল (ব'কা চাউল), চিৰা বা সান্দহ-গুৰি কল, গুৰ মিঠৈ আৰু গাখীৰেৰে গ্ৰহণ কৰে।  ধান উহাই একেটা ৰ'দতে শুকৱাই এক বিশেষ প্ৰক্ৰিয়াৰে কোমাল (ব'কা)  চাউল প্ৰস্তুত কৰা হয়। আনহাতে তিয়াই থোৱা চাউল উৰাল বা ঢেঁকীত খুন্দি চিৰা প্ৰস্তুত কৰা হ'য়। তেল  নিদিয়াকৈ ভঁজা চাউল উৰাল বা ঢেঁকীত খুন্দি সান্দহ-গুৰি প্ৰস্তুত কৰা হয়। ভাতত পানী দি এদিন বা এৰাতি থৈ পঁইতা (পন্তা) ভাত প্ৰস্তুত কৰে আৰু সচৰাচৰ খেতিৰ বতৰত দূপৰীয়া খেতিপথাৰৰ পৰা পিছত আলু পোৰা, মাছ পোৰা আদিৰে পন্তা ভাত খায়। আলহী-অতিথিক বিভিন্ন লাৰু (তিলৰ লাৰু, নাৰিকলৰ লাৰু আদি), পিঠা (তিল পিঠা, ঘিলা পিঠা, চুঙা পিঠা, কল পিঠা, খোলা-চাপ্ৰি আদি) আদিৰে আপ্যায়ন কৰা হয়। সৰিয়হ পেৰি উলিওৱা তেল বিভিন্ন ব্যঞ্জন প্ৰস্তুতিত ব্যৱহাৰ কৰা হয়। গাখীৰ আৰু গাখীৰেৰে তৈৰী দৈ আদি খাদ্য কলিতা জনজীৱনৰ এক অবিচ্ছেদ্য অংগ। কোনো ধৰণৰ সুৰা কলিতাসকলে প্ৰস্তুত নকৰে আৰু সেয়ে কলিতা জনজীৱনত সুৰাৰ কোনো স্থান নাই। আহাৰ গ্ৰহণৰ পিছত তামোল-পান মুখত লোৱা নিয়ম। কলিতা জনজীৱনত তামোল-পাণৰ এক সুকীয়া আসন আছে।

    কলিতা জনগোষ্ঠীয় লোকে পালন কৰা পৰ্ব বা উৎসৱসমূহৰ ভিতৰত গৰুবিহু, শাকতি বা শাকেতি, বাঁ পূজা, ভথেলি, বহাগৰ সাত বিহু, মহোহো বা ম'হ খেদা, ঢুলীয়া, ভূঁই ৰোৱা বা গজ দিয়া উৎসৱ, ধানৰ আগ অনা (লখিমী আদৰা) উৎসৱ, পাচতি, কাতি বিহু বা কঙালী বিহু, ধান তোলা উৎসৱ, ন'-খোৱা, ভোগলী বিহু, ছোৱলী ডাঙৰ হোৱা পৰ্ব (পুষ্পিতা বা ধুৱেনী) ওজা পালি, নাগাৰা নাম আদি। 'অসমীয়া' বুলি যিটো সাংস্কৃতিক  ধাৰণাৰ সৃষ্টি হৈছি, তাৰ মূল বা মেৰুদণ্ডডাল হ'ল কলিতা জনগোষ্ঠীয় লোকসংস্কৃতি। লোকসংস্কৃতি'' -ৰ সতে ''কলিতা লোকসংস্কৃতি'' যেন অভিন্ন ৰূপত একাকাৰ হৈ গৈছে। সেইবাবে অসমৰ সভ্যতা মূলতঃ কলিতা সভ্যতা বুলি কোৱা হৈছে (''Assam is the Homeland of the Kalitas and it's civilization is predominantly Kalita civilization. The other sub-castes follow the Kalita social laws and customs in their entirety.''-Dr Kaliram Medhi)। এক বৃহত্তৰ 'অসমীয়া জাতি' গঠনৰ প্ৰক্ৰিয়াত একন্তভাৱে বহুকাল ব্যস্ত হৈ থাকি কলিতাসকলে নিজৰ জনগোষ্ঠীয় লোকাচাৰ আৰু লোকসংস্কৃতি সমূহক নিজৰ জনগোষ্ঠীয় বুলি চিহ্নত  নকৰি সামমূহিক পৰিয়েৰে চিহ্নিত কৰি আহিছিল। 

    কলিতাসকল ভৈয়ামৰ এটা কৃষিভিত্তিক আৰু নদীমাতৃক জনগোষ্ঠী। সেইবাবে কলিতাসকলৰ লোকংসংস্কৃতিৰ বেছিভাগেই খেতি আৰু নদীৰ সতে জড়িত। 

কলিতাসকলৰ কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তি ঃ

    কুমাৰ ভস্তৰ বৰ্মা ঃ প্ৰাচীন কামৰূপ ৰাজ্য শ্ৰেষ্ঠ ৰজা। ৰজা সুপ্ৰতিষ্ঠ বৰ্মান মৃত্যুৰ পিছত ৫৯৩ চনত কামৰূপৰ ৰজা হয়। সুপ্ৰতিষ্ঠ বৰ্মা সিংহাসনত আৰোহণ কৰা দিনৰ পৰাই অসমীয়া জাতীয় অব্দ (ভাস্কৰাব্দ) গণনা কৰা হয়। উত্তৰ ভাৰতৰ ৰজা হৰ্ষৱৰ্ধানৰ সতে বন্ধু আছিল। ভাস্কৰ বৰ্মাই হৰ্ষৱৰ্ধনেৰে লগ হৈ গৌঢ়ৰ ৰজা শশংকক পৰাস্ত কৰিছিল আৰু গৌড় আৰু কৰ্ণসূৱৰ্ণ কামৰূপৰ অধীন কৰিছিল আৰু কামৰূপৰ সীমাই পশ্চিমে বিহাৰ আৰু দক্ষিণে উৰিষ্যা ৰাজ্য পাইছিল গৈ। ই আছিল ভৌগোলিকভাৱে বিশালতম কামৰূপ ৰাজ্য। চীন পৰিব্ৰাজক হিউ বেন চাঙৰ টোকা মতে কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত কামৰূপ ৰাজ্যৰ সীমা ১৬৭৫ মাইল আৰু ৰাজধানী প্ৰা গজ্যোতিষপুৰৰ সীমা ৬ মাই আছিল। ভাস্কৰ বৰ্মাৰ ডুবি তাম্ৰলিপি, নিধানপুৰ তাম্ৰলিপি, নালন্দাৰ হোহৰ আদি কলিতা জনগোষ্ঠী তথা অসমৰ অমূল্য ঐতিহাসিক সমল। আনুমানিক ৬৫০ চনত কুমাৰ ভাস্কৰ বৰ্মাৰ মৃত্যু হয়। 

     আনন্দৰাম বৰুৱাঃ প্রথম অসমীয়া স্নাতক তথা প্রথম অসমীয়া (পঞ্চম ভাৰতীয়) অসামৰিক সেৱাৰ বিষয়া (আই চি এছ)। জন্ম ১৮৫০ চনৰ ২১ মে তাৰিখে উত্তৰ গুৱাহাটীত। পিতৃ গৰ্গৰাম বৰুৱা আৰু মাতৃ দুর্লভেশ্বৰী বৰুৱা। জিলা দণ্ডাধীশৰ পদত অধিষ্ঠিত প্রথম অসমীয়া তথা দ্বিতীয় ভাৰতীয়। সংস্কৃত ভাষাৰ এজন বিদগ্ধ পণ্ডিত। মৃত্যু ১৮৮৯ চনৰ ১৯ জানুৱাৰী তাৰিখে। অসম চৰকাৰে ২০০৫ চনৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীর্ণ শিক্ষার্থীসকলৰ বাবে ‘ আনন্দৰাম বৰুৱা বঁটাৰ প্রৱৰ্তন কৰিছে । ছহিদ মণিৰাম দেৱান ও প্রকৃত নাম মণিৰাম দত্তবৰুৱা, কলিতা ৰজা’ বুলি অভিহিত কৰা হৈছিল। জন্ম ১৭ এপ্রিল, ১৮৫৬ চনত শিৱসাগৰ জিলাৰ চাৰিঙত। শিক্ষাগ্রহণৰ পিছত তেতিয়াৰ ইংৰাজ শাসকৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ “বৰভাণ্ডাৰ বৰুৱা’ বাব। পুৰন্দৰ সিংহ কতলীয়া ৰজাৰ পৰা অপসাৰিত হােৱাৰ পিছত ১৮৩৭-১৮৩৯ কালছােৱাত ইংৰাজ শাসকৰ প্রত্যক্ষ অধীনত ঢেকোপাৰ, কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হিচাবে দায়িত্ব চলােৱাৰ পিছত ১৮৩৯ চনত ইংৰাজৰ ‘আচাম টী কোম্পানীৰ দেৱান পদত যােগদান কৰে । ১৮৪৫ চনত চেনীমৰা ( যােৰহাট ) আৰু চিংলৌ (শিৱসাগৰ)-ত নিজাকৈ দুখন চাহ-বাগিচা খুলি প্রথম অসমীয়া তথা প্রথম ভাৰতীয় চাহ- খেতিয়ক হিচাপে পৰিগণিত হয়। অসমত ইংৰাজৰ বিৰূদ্ধে স্বাধীনতা আন্দোলনৰ বাটকটীয়া মণিৰাম দেৱান । ৰাজনৈতিক স্বাধীনতাৰ লগে লগে অর্থনৈতিক স্বাধীনতা প্রতিষ্ঠাৰ বাবে লাে গলােৱা উদ্যোগ, সােণ উদ্যোগ, লােন ব্যৱসায়, নাও বনােৱা উদ্যোগ, ইটা উদ্যোগ আদি স্থাপন আৰু মূদ্রা প্রচলনেৰে আধুনিক অর্থনীতিৰ ভেটি স্থাপন কৰিছিল। উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পাঁচখন ঠাইত পাঁচখন 'হাট' প্ৰতিষ্ঠা কৰিছিল,-ডিব্ৰুগড় জিলাত বৰহাট, শিবসাগৰ জিলাত নগাহাট, কামৰূপ জিলাত গাৰোহাট, লক্ষীমপু জিলাত চিচিহাট আৰু দৰং জিলাত দৰঙীয়া হাট। 'বুৰঞ্জী বিবেক ৰত্ব' নামেৰে গন্থ ৰচনা কৰিছিল। অসম ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সূচনা কৰা বাবে দোষী সাব্যস্ত  কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ শাসকে মণিৰামক যোহাটত ৰাজহুৱাকৈ ফাঁচী দিয়ে। 

    ডঃ বাণীকান্ত কাকতিঃ জন্ম ১৫ নৱেম্বৰ, ১৮৯৪ চনত এতিয়াৰ বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত। পিতৃ ললিতৰাম কাকতি আৰু মাতৃ লহােবালা কাকতি। ১৯১১ চনত অসম উপত্যকাৰ ভিতৰত প্রথম স্থানেৰে=বৰপেটা হাইস্কুলৰ পৰা প্ৰৱেশিকা আৰু ১৯১৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত প্রথম স্থানেৰে আই, এ পৰীক্ষাত উত্তীর্ণ। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি, এ আৰু এম, এ পৰীক্ষাত উত্তীর্ণ হােৱাৰ পিছত ১৯১৮ চনত কটন কলেজ, গুৱাহাটীত ধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ১৯৪৭ চনত অধ্যক্ষ হয়। পৰৱৰ্ত্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যােগদান কৰে। ১৯১৬ চনত বৰপেটাৰ কনকলতা (দাস) কাকতিৰ সতে বিবাহপাশত আৱদ্ধ। কলিতা জাতিৰ ইতিবৃত্ত’ আদি কেবাখনাে গ্রন্থ ৰচনা কৰে। মূলতঃ কলিতা জনগােষ্ঠীয় ভাষাটিৰ আধাৰত অইন জনগােষ্ঠীসমূহৰ অৱদানেৰে সমৃদ্ধ হৈ হােৱা অসমীয়া ভাষাটোক এটা স্বতন্তৰীয়া আধুনিক ভাষা বুলি ডঃ কাকতিদেৱে প্রতিষ্ঠা কৰিছিল। Assamese- It's Formation and Developement গ্রন্থখনিৰ বাবে কলিকতা বিশ্ববিদ্যালয়ে তেখেতক ‘ডক্তৰেট’ উপাধি প্রদান কৰিছিল। ১৫ নৱেম্বৰ, ১৯৫২ চনত তেখেতে ইহলীলা সম্বৰণ কৰে ।


Type : Priyam Jyoti Patar