ডিমাছাসকল


     ডিমাছাসকল মূলতঃ বৰ্তমানৰ ডিমা হাছাও জিলাৰ বাসিন্দা যদিও নগাঁৱৰ হোজাই অঞ্চল, কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলৰ লগতে বৰ্তমানৰ নগালেণ্ডৰ ডিমাপুৰ অঞ্চলৰ আদিম বাসিন্দাৰূপে পৰিচিত।

     ডিমাছাসকলো সোনোৱালসকলৰ দৰে ৪০-জন পিতৃপুৰুষৰ বশোদ্ভবৰূপে ৪০-টা বংশ বা ক্লেনত বিভক্ত। প্ৰতিটো গোত্ৰ 'চ' আখৰেৰে শেষ হয়। যেনে-লাংথাচা, ডিফুচা, গাৰ্লোচা, হোজাইচা, মাইবংচা ইত্যাদি। ডিমাছাসকলৰ বিশ্বাস অনুসৰি ডিমাছা মহিলা বা গাভৰু এই ৪২-গৰাকী মূল মাতৃৰ বংশোদ্ভৱ আৰু প্ৰতিগৰাকী ডিমাছা মহিলা বা গাভৰু এই ৪২ গৰাকী মূল মাতৃৰ বংশ বা ক্লেনেৰে পৰিচিত হয়।

    ডিমাছাসকলে পিতৃৰ বংশক পিতৃবংশ আৰু মাতৃৰ বাংশ বোলে ডিমাছাসকলৰ ভাষা ডিমাছা। ডিমাছা বড়ো ভাষাৰ লগত প্ৰায় একেই। ডিমাছাসকলৰ কোনো পৰিয়াল (উপ-গোত্ৰা) প্ৰথা নাই। কিন্তু নিজৰ গোত্ৰৰ ভিতৰত বিয়া-বাৰু সম্বন্ধ নিষিদ্ধি। তেওঁলোকে মাকৰ বংশ অৰ্থাৎ মামাকৰ পৰিয়ালৰ ল'ৰা-ছোৱালীৰে বিবাহ সম্পৰ্ক গঢ়াত বিশেষ বাধা নাই; কিন্তু দৰা আৰু কইনা উভয়ৰে মাতূবংশ (মাতৃ গোত্ৰ) একে  হ'লে বিবাহ নিষিদ্ধ।

    ডিমাছাসকল ব্ৰায়-বিব্ৰায় আৰু আমাং-গামাংডি বা শিৱ-পাৰ্বতী পৰম্পৰাত বিশ্বাসী যদিও গোড়ো বৈষ্ণৱী হিন্দু আৰু বলি-বিধানতো বিশ্বাসী, অতি সংৰক্ষণশীল। 

    ইতিহাস অনুসৰি বৰ্তমানৰ সমগ্ৰ অসম, ত্ৰিপুৰা আৰু বাংলাদেশৰ কিছু অংশলৈকে এসময়ত ডিমাছাসকলৰ ৰাজত্ব আছিল। ডিমাছাসকলে জনুৱাৰী মাহৰ শেষভাগত খেতিৰ শেষত বিছু ডিমা নামেৰে এটি উৎসৱ পালন কৰে। বিছু ডিমা অনুষ্ঠানত কুকুৰা কাটি পূজা দিয়াৰ লগতে মদ, গাহৰি আদিৰে সমজুৱাভাৱে ভোজ, ভাত খায়। বিছু ডিমা অনুষ্ঠানত ডেকা-গাভৰু, পুৰুষ-মহিলাসকলে হাতেৰে বজোৱা প্ৰায় ৪ ফুট মান দীঘল এবিধ বিশেষ ধৰণৰ ঢোল আৰু অতি দীঘল এক প্ৰকাৰৰ পেঁপাৰ নিৰ্দিষ্ট এক তালত ঘূৰি ঘূৰি নৃত্য কৰি পালন কৰে।

    ডিমাছা মহিলাসকল পাকৈত শিপিপী আৰু তেওঁলোকৰ জনজাতীয় সজ-পাৰসমূহ উজ্জ্বল ৰংচঙীয়া  ডিমাছাসকলৰ বিবাহৰ ক্ষেত্ৰত বিশেষ প্ৰতিষ্ঠিত আনুষ্ঠানিকতা নাই যদিও মদ আৰু কুকুৰা কাটি পূজা দি লগতে গাহৰি  বা ম'হৰ মাংসৰ ভোজ দি বিবাহ উৎসৱ পালন কৰা হয়। চিতাৰ অগ্নিত মদ-গাহৰিৰে মৃতকৰ শ্ৰাদ্ধ পালন কৰা হয়। 


Type : Priyam Jyoti Patar