ড° উপেন কাকতি গীত | ড° উপেন কাকতি গীত সমূহ | Dr. Upen Kakati Assamese Song |
মৰ আঁউসীৰ ৰাতি
মৰ আঁউসীৰ ৰাতি ফেচাঁই কুৰুলিয়াই
ঘৰ জেইতিৰ হাঁহি নুমাই মৰহি যায়।।
আল্লাহক সাৰথি কৰা হে বান্ধ
দেহাৰে ভৰসা নাই মোৰ আল্লাহ
জীৱৰে তৰণি নাই মোৰ আল্লাহ
দেহৰে ভৰসা নাই ।
দুনীয়া এদিনৰ দুনীয়া দুদিনৰ
দুনীয়া ফুলনি বাৰী
ঘূণীয়া শৰীৰৰ জোঁৱাৰৰ তেজ নাই
সময়বোৰ নাহে যে ঘূৰি মোৰ আল্লাহ
দেহৰে ভৰসা নাই
ঘৰৰে কাষৰে জাতিবাঁহ এজুলি
সিও মোৰ সহোদৰ ভাই
জীয়াই থাকো মানে কৰা কাঠী-কামী
মৰিলে লগতে যায় মোৰ আল্লাহ
জীৱৰে তৰণি নাই মোৰ আল্লাহ
দেহৰে ভৰসা নাই ।।
মইনা চৰাইটি
মইনা চৰাইটি
মাত মাত মাত মিঠা মাতটি
তোৰ লগৰীয়া
আমি সমনীয়া
উমলি জামলি
ফুৰো আজি দিনটি ।
মইনা চৰাইটি
সেউজী বনতে,
ৰাঙলি পলাশতে
কিনো মায়াৰ কথা পাতে
লভৰি ঢাপৰি
পখিলা ধৰিম দিনটি ।।
মন হিৰা দৈ চাইকেল নহয় টিলিঙা
মন হিৰা দৈ চাইকেল নহয় টিলিঙা
মন হিৰা দৈ ডেকা নহয় পিলিঙা
ৰ’ঢ়লা পথাৰত আহিবা ঐ নিজানত
মন হিৰা দৈ তোমাৰনো কুমলিয়া
মাত
মন হিৰা দৈ গাভৰু নহয় লহঙা
মন হিৰা দৈ পিৰীতি নহয় মহঙা
মেলেঙৰে বজাৰত ঢেঁকিয়ালৰ
কলহত
মন হিৰা দৈ গুৰৰ বজাৰ আঁহতৰ
ছাঁত ।
মন হিৰা দৈ বোৱাৰি নহয়
যখিনী
বেমাৰ নহয় গহণী
ভাত নহয় অমাতৰ মাত
মন হিৰা দৈ ছোৱালী নহয়
ঢেপেচি ।
এছাৰি নহয় লেকেচি
নজৰ পালে এৰাব আঁহ
মন হিৰা দৈ কুলি কেতেকীৰ
মিঠা মাতৰ সুৰেৰে
কুলি কেতেকীৰ মিঠা মাতৰ
সুৰেৰে
কি কথা মোক কৈছিলা নৈৰে অ’ ঘাটতে
নেপাই নহয় ঠগিব, জীৱন ধ্বংস
কৰিব
প্ৰলয় হ’লে পৰিব, বিনা মেঘে ব্ৰজপাত
মন হিৰা দৈ জিৰাবাহি যৌৱনৰ
ছাঁত
মন হিৰা দৈ মাত নহয় মুৰলী
হাঁহি নহয় বিজুলি
দেহা নহয় বিৰিণাৰ পাত ।
মন হিৰা দৈ সাত দিনীয়া ব’হাগত
নাচিবা ঐ উলাহত
পিৰিতিৰে লগাব মাত
মন হিৰা দৈ জাঁজি নৈৰ চমনাত
বিহু কৰো আহা
হাততে তকাটি মুখতে হাঁহিটি
জীৱন কিনো মোহনীয়া কিনো
মোহনীয়া মাত
ক’লাকৈ কুলিয়ে জীৱন জাঁজি নৈ
চমনা
কেনেকৈ জানিলে জীৱন জাঁজি নৈ চমনা
ক’লাকৈ কুলিয়ে জীৱন জাঁজি নৈ
চমনা
কেনেকৈ জানিলে জীৱন জাঁজি
নৈ চমনা
মেলিলে আমৰে পাত
মন হিৰা দৈ... ।।