হিতেশ্বৰশইকীয়াঃ-

    হিতেশ্বৰ শইকীয়াঃ অসমীয়া সাহিত্যত প্ৰথম চনেট পুথি ৰচোঁতা হিতেশ্বৰ শইকীয়াদেৱৰ জন্ম হয় যোৰহাটৰ সৰুচৰাইত, ১৮৭৬ চনত। আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁ মাথোঁ হাইস্কুলৰ দশম শ্ৰেণীলৈকেহে পঢ়িবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত তেতিয়া চাহ বাগিচাৰ কেৰাণী কামত যোগদান কৰে। ইটোৰ পুিছত সিটোকৈ সকলো আত্মীয়-স্বজনৰ মৃত্যুত তেওঁৰ লজীৱন শোকাবহ হৈ পৰিছিল। এই শেকৰ ছাঁ আঁতৰাবলৈ বৰবৰুৱাদেৱে সাহিত্য-চৰ্চাত মনোনিৱোশ কৰিছিল।

    ছাত্ৰ অৱস্থাৰ পৰাই হিতেশ্বৰ শইকীয়াদেৱে সাহিত্য-চৰ্চাৰ অনুশীলন কৰিছিল। সেই কালছোৱাত তেওঁ 'তলসৰা ফুলৰ আঁজলি' আৰু 'অসম কুসুম' নামৰ কাব্য ৰচনা কৰিছিল। শইকীয়াদেৱৰ দ্বাৰা ৰচিত উল্লেখনীয় পুথিসমূহ হ'ল-'ঢোপকলি' (১৯০২), 'কমতা পুৰ ধ্বংস' (১৯১০), 'বিৰহিনী বিলিাপ', 'তিৰুতাৰ আত্মদান' (১৯১৩), 'আভাস' (১৯১৪), 'যুদ্ধক্ষেত্ৰত আহোম ৰমণী' (১৯১৪), 'ডেচডিমোনা' (১৯১৭), 'আংগিলা' (১৯১৭), 'মালচ' (১৯১৮), 'চকুলো' (১৯২১), 'আহোমৰ দিন', 'মালিতা' আদি। অসমীয়া কাব্য জগতত শইকীয়াদেৱ ছনেট ৰচয়িতাৰূপে প্ৰসিন্ধি লাভ কৰিছে। তেখেতৰ দ্বাৰা ৰচিত 'মালচ' পুথিখনেই প্ৰথম অসমীয়া ছনেট পুথি। ১৯৩৯ চনত এই গৰাকী ছনেট পুথি ৰচোঁতাৰ মৃত্যু হয়।

Type Himanku Bora