দেশীয় ৰাজ্যৰ উত্থান 

মৌর্যবংশৰ শেষ ৰজা বৃহদ্রথক হত্যা কৰি পুষ্যমিত্র শুঙ্গই মগধত শুঙ্গবংশ প্রতিষ্ঠা কৰে। এই বংশই প্রায় ১১২ বছৰ ৰাজত্ব কৰিছিল। শুঙ্গ ৰজাসকল হিন্দু ধর্ম আৰু সংস্কৃতিৰ পৃষ্ঠপােষক আছিল। শুঙ্গসকলৰ পিছত কান্ব নামৰ আন এটা বংশইও কিছুদিন উত্তৰ ভাৰতত ৰাজত্ব কৰিছিল। উল্লেখ আছে যে সাতবাহনসকলৰ আক্ৰমণত এই বংশৰ অন্ত পৰে। সেই সময়তেই পূর্বঘাট আৰু বঙ্গোপসাগৰৰ মাজত অৱস্থিত কলিঙ্গ ৰাজ্যত (বর্তমানৰ উৰিষ্যা) খ্রীঃপূঃ প্রথম শতিকাৰ শেষৰফালে মহামেঘবাহনে চেদী বা চেত ৰাজবংশ প্রতিষ্ঠা কৰে। তেওঁলােকে দীর্ঘকাল ৰাজত্ব কৰা নাছিল যদিও কলিঙ্গক ভাৰতৰ এক অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্রতিষ্ঠিত কৰিছিল।

এতিয়া তোমালোকক যিটো ৰাজবংশৰ বিষয়ে আভাস দিবলৈ ওলাইছো, সেইটো ৰাজবংশই প্ৰায় তিনিশ বছৰ কাল দাক্ষিণাত্যত ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰিছিল। এই ৰাজবংশক সাতবাহন বংশ নামেৰে জনা যায়। সাতবাহনসকলক ইতিহাসত 'অন্ধ' বুলিও কোৱা হয়। ইয়াৰ পৰা বহুতে অনুমান কৰে যে সাতবাহনসকল বৰ্তমানৰ অন্ধ্ৰ প্ৰদেশৰ অধিবাসী আছিল। এই ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল সিমুক। সাতবাহন ৰাজ্যত দুই ধৰনৰ শাসন-ব্যৱস্থা আছিল।এক অংশৰ শাসনকাৰ্য পৰিচালনা কৰিছিল ৰজাৰ অনুগতসকলে আৰু বাকী অংশত ৰজাই প্ৰত্যক্ষভাৱে শাসন কৰিছিল।

ৰাজ্যৰ কৃষি অৰ্থনীতি শক্তিশালী আছিল। সমসাময়িক বিভিন্ন উৎসৰ পৰা প্ৰচুৰ গো-দান আৰু ভূমিদান ব্যৱস্থাৰ বিষয়ে জানিব পাৰি ৷ কৃষিৰ উপৰি ধাতু, পাথৰ আৰু মৃৎ শিল্পক মানুহে জীৱিকা ৰূপে গ্রহণ কৰিছিল। সাতবাহনসকলৰ ৰাজত্ব কালত ৰােমান সাম্রাজ্য আৰু দক্ষিণ- পূর্ব এছিয়াৰ দেশসমূহৰ লগত ভাৰতৰ বাণিজ্যিক সম্পর্ক স্থাপন হৈছিল। সাতবাহনসকলৰ প্রধান সামাজিক বৈশিষ্ট্য আছিল যৌথ পৰিয়াল। পিতৃ- প্রধান সমাজ হলেও নাৰীৰ ভূমিকাও গুৰুত্বপূৰ্ণ আছিল। অৱশ্যে এই সুবিধা সম্ভ্রান্ত আৰু ৰাজ পৰিয়ালৰ মহিলাসকলৰ মাজতেই সীমাবদ্ধ আছিল। ভাৰতৰ সাংস্কৃতিক জগতলৈও সাতবাহনসকলে যথেষ্ট বৰঙণি আগবঢ়াইছিল। সাহিত্যৰ ক্ষেত্ৰত এই যুগৰ দুখন বিখ্যাত গ্রন্থ আছিল সংস্কৃত ভাষাত ৰচিত কাতন্ত্র আৰু প্রাকৃত ভাষাত ৰচিত বৃহকথা। স্থাপত্য আৰু ভাস্কৰ্যৰ ক্ষেত্ৰতাে এই যুগৰ শিল্পীসকলে অজস্র কীর্তি সাক্ষ্য ৰাখি থৈ গৈছে। তােমালােকে সাঁচীৰ স্কুপ আৰু অমৰাৱতীৰ ভাস্কৰ্যৰ বিষয়ে শুনিছানে? এই জুপ আৰু ভাস্কর্য দুটা সাতবাহনসকলৰ শিল্প- সাধনাৰ উল্লেখযােগ্য নিদর্শন। শেষত জানি থােৱা যে— সাতবাহন ৰাজ্যখন উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ যােগসূত্র স্বৰূপ আছিল আৰু দক্ষিণ ভাৰতত এই ৰাজ্যখনে ৰাজনৈতিক একতা স্থাপন কৰিবলৈ সমৰ্থ হৈছিল।


তােমালােকে এইবাৰ ১০.১ মানচিত্ৰখনৰ একেবাৰে দক্ষিণ অংশলৈ মন কৰা। তাত চোল, চেৰা আৰু পাণ্ড্য বুলি লিখা তিনিটা নাম দেখা পাইছানে? আমাৰ আলােচিত সময়ৰ এই তিনিখন দক্ষিণ ভাৰতৰ উল্লেখযােগ্য ৰাজ্য আছিল। চোল, চেৰা, পাণ্ড্যসকলে প্রায় ৪০০ বছৰ ধৰি ৰাজত্ব কৰিছিল। ওচৰা- উচৰিকৈ থকা এই তিনিওখন ৰাজ্যক একেলগে ত্রিৰাজ্যও বােলা হৈছিল। ইয়াৰ উপৰি আৰু বহুতাে সৰু বৰ ৰাজ্য আছিল যাৰ বিষয়ে আমি মুদ্রা, লিপি আৰু গ্রন্থৰ পৰা জানিব পাৰাে। সেই সময়ত বিকাশ লাভ কৰা সংগম সাহিত্যয়ে এই দিশত যথেষ্ট তথ্যৰ সন্ধান দিয়ে। সেই সময়ত দক্ষিণ ভাৰতত ৰাজপৃষ্ঠপােষকতাত যি তামিল কবি সন্মিলন অনুষ্ঠিত হৈছিল সেয়াই আছিল সংগম আৰু এই যুগৰ সাহিত্যকে সংগম সাহিত্য বুলি জনা যায়। সংগম সাহিত্য প্রধানকৈ বর্ণনাত্মক আৰু নীতিশিক্ষামূলক । সংগম সাহিত্যৰ পৰা সেই সময়ৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক বিৱর্তনৰ বিষয়ে বিতংভাৱে জানিব পাৰি। সংগম সাহিত্যত মহিলা কবিসকলৰ কবিতাও অন্তর্ভুক্ত কৰা হৈছিল। সংগম সভাত কবি, সাহিত্যিক, পণ্ডিতসকলৰ লগতে চাৰণ নামৰ ৰজাৰ গুণ গৰিমা প্রচাৰ কৰা ব্যক্তিসকলেও অংশ গ্রহণ কৰিছিল।


Class 7 Social Science 

Type: Nayan Moni Deka