মাদাৰ টেৰেছা 


    পৃথিবীৰ কিছুমান মানুহ নিজৰ বাবে জন্মে আৰু আন কিছুমান জন্মে আইনৰ বাবে। দ্বিতীয় বিধৰ সংখ্য়া তাৰক। তাৰে ভিতৰত মাদাৰ টেৰেছা দ্বিতীয় বিধৰ লোক। ১৯১০ চনত ২৭ আগষ্টত যুগোশ্লোভিয়াৰ স্কোপজ চহৰত জন্মগ্ৰহণ কৰে। পৰিয়ালটি কৃষিজীৱী হ'লেও চহকী। তেওঁৰ মাক-দেউতাক দুযোৱে আছিল আলবেনিয়ান। বাল্য় কালত তেখেতৰ নাম আছিল আগনেচ। তেখেতে স্কোপজ চহৰৰ এখন চহকী বিদ্য়ালয়ত তেওঁ শিক্ষা জীৱনৰ পাতনি মেলে। তেখেতে ১৯৫০ চনত মিছন্য়েৰীজ অব চ্য়ৰিটী গঠন কৰে। ১৯৫৪ চনত আৰ্তজনৰ আশ্ৰয়ৰ বাবে কালীঘাটৰ ওচৰত 'নিৰ্মল হৃদয়' নামে এটি গৃহ সাজি তাত মৃত্য়ুমুখী অসহায় লোক সকলক শুশ্ৰূষা, খাদ্য় আৰু আশ্ৰয়ৰ ব্য়ৱস্থা কৰে। ১৯৮০ চনত ভাৰত চৰকাৰৰে ভাৰত ৰত্ন উপাধি লাভ কৰে। অৱশেষত ১৯৯৭ চনত ৫ চেপ্তেম্বৰত তেখেতৰ মৃত্য়ু ঘটে।



Type Nabajyoti Bora