তফজ্জুল আলি গীত | তফজ্জুল আলিৰ গীত সমূহ
বহুদিন বকুলৰ
বহুদিন বকুলৰ গোন্ধ পোৱা
নাই
বকুল তলত বহি
বহুদিন বালিঘৰ সজা হোৱা নাই
।।
বকুলৰ কথা ক’লে বহুতো চিনাকি মুখ
চকুৰ আগেদি ভাঁহি যায়
বহুতো পাহৰা গান বহু মান
অভিমান
বকুলেই দিয়ে সোঁৰাই
আজি ছাঁয়া ছবি যেন
চকুত উজলি মোৰ থিতাতে লুকাই
।
এমুঠি বকুল ফুল আঙুলি
ফাঁকেৰে মোৰ
সৰি পৰি গ’ল
বকুলে আকুল কৰা দিন সুৰভি
মোৰ
মাথো সোঁৱৰণি হৈয়ে ৰ’ল
কেতিয়াবা নিজানত
নিজৰি নিজৰি সেয়ে মন কোমলায় ।।
চম্পাৱতী! তোমাৰ ঘাটত
চপালোঁ মোৰ নাও
ৰুপৰ পাহাৰ সোণৰ খনি
কিজানিবা পাওঁ।।
এইখনি যে সপোনভৰা
সাধুকথাৰ দেশ,
কত হিয়া আকুল কৰা
মায়াবিনীৰ দেশ,
মই বিদেশী অচিনাকী
তাকেই এবাৰ চাওঁ।।
সোণ নেপালোঁ ৰুপ নেপালোঁ
নাই বমিজৰ ধন
চম্পাৱতী! পালো তোমাৰ
আলফুলীয়া মন,
নাও মেলি মই দেশ-বিদেশে
তাকে বিলাই য়াওঁ।।
কাৰ বাবে তুমি
গীত গোৱা বাৰু
অ’ মধুমতী কল্পনা,
সুৰ পৰশেৰে
আঁকি দিলা কিয়
সোতিটো ৰঙেৰে আল্পনা।।
গানে গানে তুমি
গাঁথিছিলা সুৰমালা
কোৱা মধুমতী
তাৰ বাবে কিনো কিনো পালা
প্ৰাণৰ পখীয়ে সঁহাৰি দিলেনে
গাই তোমাৰেই বন্দনা।।
বাটে বাটে তুমি
বুটলিলা ফুল বনৰীয়া
কাকনো পিন্ধালা
ফুলমালা অমূলীয়া
পালেনে জীৱনে
মধু মৰমৰ সান্ত্বনা।।