চাওতালসকল


     চাওতালসকলক নিজা মাতৃভাষা চান্থালীত ‘হােড় হপন’ বুলি সম্বােধন কৰা হয়। সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে চাওতাল’ শব্দটো সংস্কৃত ‘সামন্তৰাল’ শব্দৰ পৰা উৎপত্তি হৈছে।

     অসমত চাহশিল্প আৰম্ভ হােৱাৰ বহু আগৰে পৰাইবর্তমান অসমত বাস কৰা চাওতালসকল কামৰূপত বসবাস কৰিছিল বুলি ড° বাণীকান্ত কাকতীদেৱৰ ' The Mother Goddess Kamakhya’ আৰু প্রতাপ চন্দ্র চৌধুৰীয়ে সম্পাদনা কৰা ‘The History of Civilisation of the People of Assam 'নামৰ পুথিখনত পােৱা যায় । 

সামাজিক জীৱন

 চাওতালসকলৰ সামাজিক জীৱন-প্রক্রিয়া অতি সুকীয়া। তেওঁলােকে গাঁও পাতি বাস কৰে। গাঁৱৰ জনসাধাৰণক প্রণালীৱদ্ধভাৱে শাসন কৰিবলৈ গাঁৱৰ ৰাইজৰ পৰা পাঁচজন মানুহক বাছনি কৰি শাসন কৰাৰ দায়িত্ব অর্পণ কৰা হয়। সেই পাঁচজনক ‘মােড়ে হােড়’ কোৱা হয়। মােড়ে হােড়ৰ প্ৰধানজনক গাঁওবুঢ়া বা মাঝহি’ বুলি কোৱা হয়! গাঁৱত কিবা বিশৃংখলতা হলে গাঁৱৰ মাঝহি’ৰ ওচৰত অভিযােগ দাখিল কৰা হয়। সেই অভিযােগৰ ভিত্তিত মাঝহিজনে পাচজনৰ এজন ‘গডেত’ক গাঁৱৰ ৰাইজক সমবেত কৰাবলৈ দায়িত্ব দিয়ে। তেনে প্রক্রিয়াৰে সমাজৰ যিকোনাে সমস্যাৰ সমাধান কৰা হয়।

     চাওতালসকলৰ সমাজ পিতৃ-প্রধান। তেওঁলােকৰ প্রধান জীৱিকা কৃষি। সাৰুৱা কৃষিভূমিৰ সন্ধানত তেওঁলােকক বাসস্থান সাই ফুৰা দৃষ্টি গােচৰ হয় । চাওতালসকলৰ বাৰটা গােত্র আছে, যেনে— মুর্মু, হেম, কিকু, বেছ, টুড়, চৰেন, বাকে, হাসদাঃ, মার্জি, চোড়ে, পাউৰীয়া আৰু বেদেয়া । প্রতিটো গােত্ৰৰে উপগােত্র আছে, যেনে- মুমুৰ উপগােত্র ঠাকুৰ, কিস্কুৰ উপগােত্র ৰাপাজ আদি।

     চাওতাল মহিলাসকলৰ প্রধান সাজ-পাৰ হ’ল লুংগী পাঞ্চি (পাঞ্চি-পাড়াঁড)। চাওতালি ভাষাত সাজ-পাৰক ‘হােৰঃ বাদে বােলে। মহিলাসকলে ওপৰ অংশত পৰিধান কৰা বস্ত্রখন পাঞ্চি আৰু তলফালে পিন্ধা বস্ত্ৰখনক পাড়হা (লুংগী) বােলে। পুৰুষসকলে পৰিধান কৰা প্রধান সাজ হ’ল পাঞ্চি।

     বিবাহ উৎসৱত চাওতাল পুৰুষকলে ধূতী পৰিধান কৰে আৰু কইনাই পৰিধান কৰা হালধি সনা কাপোৰখনক সিন্দুৰ খাণ্ডি বোলে হয়। বিয়াত দৰাই হালধি সনা চাদৰ আৰু বগা কাপোৰৰ টটড়বাঃ (টুপী) পিন্ধে উৎসৱ হ'ল বাহা আৰু হচৰাই। গীত-নত্যসমূহৰ ভিতৰত হ'ল- দং নৃত্য-দং গীত, লাংগঁড়ে নৃত্য- লাগঁড়ে গীত, চহৰাই, বাহাগীত আদি।

    গীত-নৃত্যত ব্যৱহাৰ কৰা বাদ্যসমূহ হ'ল- টামাক, তুমদাঃ, কৰতাৰ, ঢোল আদি। বিবাহ-উৎসৱত কাঁহৰ পাত্ৰ-থাল, বাটি, লোটা ব্যৱহাৰ কৰে। তিৰোতাসকলে ৰূপৰ আ-অলংকাৰ ব্যৱহাৰ কৰে ।

    চাওতালসলব কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ'ল-

বেনেডিক্ট হেম্ৰম 

কালৰ গতিত বেনেডিক্ট হেম্ৰমৰ কায়িক মৃত্যু হ'লেও, চাওতালি ভাষা সাহিত্যলৈ আগবঢ়োৱা অতুলনীয় অৱদানে তেওঁক সমাজত অমৰ কৰি ৰাখিছে। তেওঁৰ পিতৃৰ নাম ডাটু লক্ষণ হেম্ৰম আৰু মাতৃৰ নাম ৰাণী চৰেন। তেওঁলোকৰ একমাত্ৰ লৰা সন্তান বেনেডিষ্ট হেম্ৰমৰ জন্ম ১৯৬৭ চনৰ ১৮ অক্টোবৰত, কোকৰাঝাৰ জিলাতৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত পলাশগুৰি (জিয়াডাঙ্গা) গাঁৱত হৈছিল।

    তেওঁ প্ৰাথমিক শিক্ষা গাঁৱৰ প্ৰথমিক বিদ্যালয়ত আৰম্ভ কৰি ১৯৯৩ চনত কটন কলেজপৰা সুখ্যাতিৰে উদ্ভিদবিজ্ঞানত এম. এছ. ছি ডিগ্ৰী লাভ কৰে। নামনি অসমত চাওতাল জনগোষ্ঠীৰ পৰা এম. এছ. ছি. অৰ্জন কৰা প্ৰথম ব্যক্তি তেৱেই আছিল।

    তেওঁ গোসাইগাঁও বি. এড. কলেজ পৰা বি. এড. ডিগ্ৰী লাভ কৰি গ্ৰামামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে। তেওঁৰ চা চাকৰি-জীৱনকালতে চাওতালি ভাষা আৰু সাহিত্য গৱষেণা কেন্দ্ৰৰ সভাপতিৰ দায়িত্ব লাভ কৰে। তেওঁৰ নেতৃত্বত স্বৰ্গীয় লুবীন্দ্ৰনাথ চৰেন আৰু শ্ৰীসুবোধ বাস্কেৰ কঠোৰ পৰিশ্ৰমৰ ফলত চাওতালি পাঠ্যপুথি অসম চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা আৰম্ভ কৰে। চাওতালিকা সাহিত্যত কেইবাটাও কবিতা, প্ৰৱন্ধ আদি লিখাৰ উপৰিও অসমত তেৱেঁই প্ৰথমে চাওতালি ব্যাকৰণ প্ৰস্তুত কৰি উলিয়াই চাওতালিকা ভাষা-সাহিত্যক সমৃদ্ধ কৰে।

    তেওঁ এজন সফল বক্তা আৰু পাকৈত খেলুৱৈ আছিল। ইয়াৰ উপৰিও শিক্ষা-দীক্ষাত চাওতালি জনগোষ্ঠীক সজাগ কৰি তুলিবলৈ সময়ে সময়ে সজাগতা সভা অনুষ্ঠিত কৰিছিল।

    বেনেডিক্ট হেম্ৰম এজনা সহজ-সৰল আৰু দৃঢ় মনৰ ব্যক্তি আছিল। তেওঁ নিজৰ কৰ্তব্যত কেতিয়াও অৱহেলা কৰা নাছিল। যিকানো কামত সময়াৰ আগত কৰ্মস্থানত উপস্থিত হোৱাটো তেওঁৰ ডাঙৰ গুণ আছিল মৃত্যু আগদিনাও নিজৰ কৰ্মত উপস্থিত আছিল তেওঁ।

    কেবাবছৰ মধুমেহ ৰোগত আক্ৰান্ত হৈ অৱশেষত তেওঁ ০৫-১০-২০১৩ ইং তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে। 

বদন হাসদা

    কোকৰাঝাৰ জিলাৰ খাপৰগাঁৱত ১৯৫৭ চনত বদন হাসদাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম মাঝি হাসদা আৰু মাতৃৰ নাম চলমা বেছৰা আছিল।

    বদন হাসদা কোকৰাঝাৰ কলেজত আই. এ. লৈকে পঢ়ি স্বজনগোষ্ঠীটোক শিক্ষা-দীক্ষা, সামাজিক, অৰ্থনৈতিক দিশত স্বাৱলম্ভী কৰি তুলিবলৈ উঠিপৰি লাগে আৰু নেতৃত্বত ১৯৮০ চনত সদৌ অসম চান্থাল ছাত্ৰ সন্থা গঠিত হয়। সেই উদ্দেশ্য লৈ তেওঁৰ নেতৃত্বত ১৯৮৬ চনত আদিবাসী সেৱা সমিতিও গঠিত হয় আৰু তেওঁ সুদীৰ্ঘ পোন্ধৰ বছৰ কাল আদিবাসী সেৱা সমিতিৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি পদক অধিষ্ঠিত হৈ থাকে। তেওঁ অসম চান্থালি সাহিত্য সভাৰো উপদেষ্টা আছিল।

     ১৯৯৬ চনত হােৱা গােষ্ঠীগত সংঘর্ষত অশান্ত জৰ্জৰ অঞ্চলত শান্তি স্থাপনত মুখ্য ভূমিকা গ্রহণ কৰিছিল। সেই কৰ্মৰ বাবে কোকৰাঝাৰ জিলাৰ উপায়ুক্তই তেওঁক ‘শান্তি আৰু ঐক্য’ৰ পুৰস্কাৰৰে পুৰস্কৃত কৰিছিল। ২০০৩ চনত বি.টি.চি. চুক্তি স্বাক্ষৰ হােৱাৰ পাছত কোকৰাঝাৰ জিলা চান্থাল জনগােষ্ঠীৰ পৰা তেওঁ পৰিষদত ৭ কার্যবাহী সদস্য পদত অধিষ্ঠিত হয়।

     তেওঁ ০১-০৫-২০০৭ তাৰিখে দুবৃত্তৰ আক্ৰমণত প্রাণ হেৰুৱায়। তেওঁৰ অৱদান বি.টি.চি.ৰ ইতিহাসত সােণালী আখৰেনে লিপিৱদ্ধ হৈ থাকিব।

 মিথিয়াছ টুডু

     অসমত চাওতাল জনগােষ্ঠীৰ পৰা ওলাই অহা ভােটাতৰা আছিল মিথিয়াছ টুডু। তেওঁৰ জন্ম ১৯৩০ চনৰ ১৫ তাৰিখে কোকৰাঝাৰ জিলাৰ গােসাইগাঁও মহকুমাৰ চান্থাল কলনীৰ গাঁৱত মাটিয়াজুৰীত হৈছিল আছিল। তেওঁ প্রাথমিক শিক্ষা মাটিয়াজুৰী প্রাথমিক বিদ্যালয়ত আৰম্ভ কৰি কটন কলেজৰ পৰা বি.এ. ডিগ্রী লাভ কৰে। পশ্চিমবঙ্গৰ বেৰহামপুৰৰ পৰা বি.টি, ডিগ্রী অর্জন কৰিছিল।

     টুডুৱে ১৯৫৪ চনত গ্রাহামপুৰ হাইস্কুলৰ প্রধান শিক্ষক হিচাবে চাকৰি জীৱন আৰম্ভ কৰে। ইয়াৰ পাছত বাহেল চৰেনৰ লগত বিবাহ হয়। স্বগীয় মিথিয়াছ টুডু ১৯৫৭ চনত প্ৰথমবাৰৰ বাবে গােসাইগাঁও বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ বিধায়ক হিচাবে নির্বাচিত হয়। তেওঁ ১৯৫৭ চনৰ পৰা ১৯৯১ চনলৈকে একেৰাহে সাতবাৰ বিধায়কৰ আসন অলংকৃত কৰে। তেওঁ ১৯৭২-১৯৭৮ চন কালছােৱাত অসম চৰকাৰৰ শ্রমিক কল্যাণ বিভাগ মন্ত্রী আছিল। তেওঁ অষ্টমবাৰ ২০০১ পৰা ২০০৫ চনলৈকে বিধায়ক হৈ অসম চৰকাৰৰ ৰাজহ মন্ত্রী হৈছিল। ইয়াৰ পাছত তেওঁ ২০০৫ চনৰ পৰা ২০১০ চনলৈকে চৰকাৰৰ কুৰি দফীয়া আঁচনিৰ উপ - সভাপতি আছিল ।

    অসমত চাওতাল জনগোষ্ঠীৰ পৰা চল্লিছ বছৰ অসম বিধান সভাত প্ৰতিনিধিত্ব কৰা তেৱেঁই একমাত্ৰ ব্যক্তি আছিল। অসম চান্থালী সাহিত্য সভাৰ সভাপতি, চান্থালী ভাষা আৰু সাতিত্য গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি, চান্থাল কল'নী পাৰগানা বাইছিৰ সভাপতি, গ্ৰাহামপুৰ সমবায় সমিতিৰ প্ৰতিষ্ঠাতা, মৰনাই চাহ  বাগিছা মেনেজমেন্ট কমিটিৰ সভাপতি, সেৱাপুৰ মিচন হস্পিতালৰ চুপাৰিনটেনডেণ্ড আদি পদত অধিষ্ঠিত হৈছিল।

    তেওঁ এজন দক্ষ ফুটবল খেলুৱৈ আছিল। কিতাপ পঢ়া, বাগিছাত কাম কৰা, কৃষিৰ কাম চোৱা-চিতা কৰা আৰু চিকাৰ কৰা তেওঁৰ অভ্যাস আছিল।

    উপস্থিত হৈছিল । চৰিত্ৰৰ অধিকাৰী  ব্যক্তি যোৱা ১০/০৬/২০১৭ তাৰিখে পৰলোকগামী হয়।

ৰাহেল কিস্কু

    ৰাহেল কিস্কুৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অৰ্ন্তগত বৰচনাপুৰ গাঁৱত ১৯২৫ চনত জন্ম হৈছিল। তেওঁৰ দেউতাৰ নাম জহন কিস্কু আৰু মাকৰ নাম লুক্ষী মুৰ্মু আছিল।

    ৰাহেল কিস্কুৰ সৰু কালৰে পৰা পঢ়া-শুনাৰ প্ৰতি ধাউতি আছিল। স্কুলীয়া জীৱন হাৰাফুটা মিশন স্কুলত আৰম্ভ কৰিছিল আৰু লক্ষ্ণৌৰ এখন মহাবিদ্যালয়ৰ পৰা ১৯৫১ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ৰাহেল কিস্কুৱে আছিল প্ৰথম চান্থাল মাহিলা স্নাতক।

    ৰাহেল কিস্কু চাকৰিত থকা কালত সমাজৰ দুখীয়া শ্ৰেণীৰ মহিলাসকলৰ আৰ্থিক উন্নয়নৰ বাবে নিজৰ পুঁজি খটুৱাই চিলাই প্ৰশিক্ষণ কেন্দ্ৰ খুলি মহিলাসকলক বিনামূলীয়া শিক্ষা প্ৰধান কৰিছিল।

    তেওঁ সমাজৰ দুৰ্নীতি নিবাৰণ, মদৰ প্ৰচলন বন্ধ কৰা, ডাইনী হত্যা বন্ধ কৰা, মহিলাৰ মাজত শিক্ষাৰ প্ৰসাৰৰ বাবে সজাগতা সৃষ্টি কৰিছিল।

    সহশিক্ষয়িত্ৰী হিচাপে ১৯৫২ চনত গ্ৰাহামপুৰ হাই স্কুলত তেওঁ চাকৰি জীৱন আৰম্ভ কৰে আৰু ১৯৮০ চনত প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰে।

    অৱসৰ লোৱাৰ পিছত তেওঁ তেওঁ সামাজিক, ধৰ্মীয় আৰু শিক্ষাৰ উন্নতিৰ ক্ষেত্ৰত কাম কৰি গৈছিল। তেওঁ নিজেই চান্থালি ভাষাৰ কবি আৰু দক্ষ লিখক আছিল। তেওঁৰ ৰচনাৰ পৰা স্পষ্ট হৈ পৰে যে তেওঁ নিৰন্তৰ মহিলা আৰু শিশুসকলৰ মঙ্গলৰ কাৰণে কাম কৰি গৈছিল। সহজ-সৰল তথা জ্ঞানগৰ্ভ আৰু উপদেশেমূলক লেখাসমূহে সকলোকে চিন্তাৰ খোৰাক যোগায়। ৰাহেল কিস্কুয়ে চান্থালি সাহিত্য জগতলৈ যি অৱদান দি গ'ল সেয়া এক এক অমূল্য সম্পদ স্বৰূপ । তেওঁ ২০০১ চনত এপ্ৰিল তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে।


Type : Priyam Jyoti Patar