বড়োসকল


    বড়োসকল হৈছে  নিজৰ সুস্থ সমাজ-ব্যৱস্থা, ভাষা-সাহিত্য, ধৰ্ম আৰু সমৃদ্ধিশালী সংস্কৃতি থকা এটা জাতি। বড়োসকল উত্তৰ-পূৱ ভাৰতৰ আদিম জনগোষ্ঠী। ছাৰ এডৱাৰ্ড গেইটৰ মতে অসমৰ তথা উত্তৰ-পশ্চিম বঙ্গত বড়োসকলৰ বৃহৎ ৰাজ্য আছিল।

    ক'বলৈ গ'লে বড়ো (বড়ো) শব্দটো বহল অৰ্থত সমগোষ্ঠীয় বিভিন্ন লোকৰ সমষ্টি। তেওলোকক উত্তৰ-পূৱ বঙ্গ, গোৱালপাৰা জিলাত মেচ আৰু নেপাল মেচে হিচাবে জনা যায়। বড়োসকলক অসমৰ বিভিন্ন স্থানত  সিঁচৰতি হৈ থকা দেখাৰ যায়। একেদৰে বড়োমুলীয়-সোনোৱাল কছাৰী, ঠেংঙাল কছাৰী, চুতীয়া, দেউৰী, লালুং ৰাভা, গাৰ', হাজং আৰু ত্ৰিপুৰী লোকসকল লক্ষীমপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আদি বিভিন্ন ঠাইত বসবাস কৰা দেখিবলৈ পোৱা যায়। কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত থকা ডিমাচা-কছাৰীসকলৰ বৃহৎ বড়ো গোষ্ঠীৰে এটি শাখা। 

বড়োসকলৰ ভাষা আৰু সাহিত্য

    বড়োসলৰ নিজা সমৃদ্ধিশালী ভাষা আছে। ই বড়োসকলৰ মাতৃ ভাষা। বড়োসকলৰ উচ্চ মানৰ আৰু বিজ্ঞানসন্মত শব্দভাণ্ডাৰ আছে। বড়ো ভাষা শদিয়াৰ পৰা পূৱ বংগলৈ  আৰু উত্তৰে নেপালৰ পৰা বাংলাদেশলৈ প্ৰসাৰিত আৰু প্ৰচলিত হোৱা এটি বহুল ভাষা। ভাষাবিদ প্ৰমোদ চদ্ৰ ভাট্ৰাচাৰ্য্যৰ মতে কিৰাত ৰাজ্য শাসনৰ সময়ত বড়ো ভাষাই চৰকাৰী আৰু আদালতৰ ভাষা হিচাপে প্ৰচলন আছিল।

    বড়ো ভাষা হৈছে চীনা তিব্বত-বৰ্মীয় ঠালব ভাষা। পণ্ডিতসতকলৰ মতে তিব্বতীয় ভাষাৰ দুটা প্ৰধান 

ঠাল হৈছে-

    ১. তিব্বত বৰ্মীয় আৰু

    ২. টাই- চীনা ভাষা।

    তিব্বত বৰ্মীয় বৃহৎ ভাষাটো হৈছে বড়ো-নাগা। প্ৰথম অৱস্থাত বড়ো-নগা একেটা পৰিয়ালৰ অন্তৰ্ভুক্ত আছিল। পাছলৈ  নগাসকলে ভাগ হৈ যায়। বড়ো মূলৰ পৰা সৃষ্টি হোৱা ভাষাবোৰ হৈছে- ডিমাছা, গাৰো, ৰাভা, চুতীয়া, লালুং, হাজং আৰু তিৱা।

    ১৯৬৩ চনত বড়ো ভাষাই প্ৰথমিক স্তৰত মাধ্যম হিচাপে স্বীকৃতি লাভ কৰে আৰু ১৯৬৮ চনত উচ্চ মাধ্যমিক বিদ্যালয়ত অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ উপৰিও ১৯৭৭ চনত গুৱাহাটী বিশ্বদ্যলয়ে ভাৰতীয়  আধুনিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰে। ১৯৮৪ চনত পৰা বড়ো ভাষাই অসমৰ ৰাজ্যিক ভাষা হিচাপে ৰাজপত্ৰৰ যোগেদি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। ইং ২০০৫ চনত ১৭ অক্টোৱৰ তাৰিখে বড়ো ভাষাই ডিচেম্বৰ মাহৰ ৩ তাৰিখে কেদ্ৰীয় লোকসেৱা আয়োগে বড়ো ভাষাক এটা বিষয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰে। ইং ২০০৩ চনত ভাৰত চৰকাৰ, অসম  চৰকাৰ আৰু বড়ো লিবাৰেষ্বন  টাইগাৰৰ সৈতে হোৱা বি.টি.চি. (বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল) চুক্তি মৰ্মে বড়ো ভাষা সংবিধানৰ অষ্টম অনুচীত অন্তৰৰ্ভুক্ত হ'বলৈ সমৰ্থ হয়। সংবিধানৰ অষ্টম অনুসুচীত হোৱাৰ পাছত বড়ো ভাষাই অগ্ৰগতি লাভ কৰাৰ কাৰণে সুবিধা পায়।

    বৰ্তমান বড়ো ভাষাই গুৱাহাটী, বড়োলেণ্ড,  বিব্ৰুগড় আৰু কটন বিশ্ববিদ্যালয়ৰ এটা পূৰ্ণাংগ বিভাগ হিচাপে স্থান লাভ কৰিছে। সাহিত্য সভাই যোৱা ১৯৫২ চনত ১৬ নবেম্বৰত প্ৰতিষ্ঠা হোৱা দিনৰ পৰাই গ্ৰন্থ হৈছে গংগাচৰণ কছাৰীৰ বড়ো ফিছা ও আইন' (১৯১৫)। চিত্তৰঞ্জন মোছাহাৰী দেৱৰ 'ফৈমাল মিজিংক' (১৯৭০), বড়ো সাহিত্যৰ প্ৰথম চুটিগল্প সংকলন আৰু 'জুজাইনি অৰ' (১৯৭২) প্ৰথমখন উপন্যাস। বড়ো ভাষাত 'বড়োছা', 'বড়োলেণ্ড ইংখং', 'বডোলেণ্ড চানস্ৰি' আৰু 'হায়েননি ৰাদাব' আদি বিভিন্ন বাতৰি  কীকত প্ৰকাশ হৈ আহিছে।

বড়োসকলৰ ধৰ্ম ঃ

    বড়োসকলৰ অতি পুৰণি ধৰ্মটো হৈছে বাথৌ ধৰ্ম। বাথৌ  বৌৰাই বড়োসকলৰ শ্ৰেষ্ঠ দেৱতা। ঈশ্বৰ হিচাপে মানি লয়। ইয়াকে বাথৌ বুলি কোৱা হয়। খেৰাই বড়োসকলৰ ধৰ্মীয় উৎসৱ উদ্যাপন কৰা হয়। বড়োসকলক বাথৌ ধৰ্মৰ উপৰিও অন্যান্য ধৰ্ম যেনে- খ্ৰীষ্টান ধৰ্ম, অনুকুল ধৰ্ম, বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা দেখা যায়। ইয়াৰ বাহিৰেও ব্ৰহ্ম ধৰ্মকো বড়োসকলৰ কিছুমান লোকে নিজৰ ধৰ্ম হিচাপে আঁঁকোৱালি লৈছে।

বড়োসকলৰ সংস্কৃতি ঃ

    বড়ো মহিলা নাইবা জীয়ৰীসকলে কাপোৰ বোৱা-কটা কৰাত যথেষ্ট পাকৈত বুলি জনা যায়। বড়োসকলৰ সমাজত প্ৰতি ঘৰে কমেও এঘোৰ তাঁতশাল দেশিবলৈ পোৱা যায়। বড়ো মহিলাসকলে দখনা, আৰনাই, ফালি, চাদ্ৰি ইত্যাদি বয়। বড়ো মহিলাসকলে কাপোৰত তোলা ফুলবোৰ হৈছে - দাওথু আগান, ফাৰেও মেগন, মুফুৰ আফা, দাইওৰাই মৌখ্ৰেব, গাইগিৰ বিবাৰ হাজো আগৰ ইত্যাদি। আৰনাইন বড়োসকলে শ্ৰদ্ধা আৰু সন্মানৰ চিন-স্বৰূপে ব্যৱহাৰ কৰে।

গীত-মাত আৰু বাদ্যযন্ত্ৰ ঃ 

    বড়োসকলৰ নিজস্ব নৃত্য, গীত-মাত আৰু বাদ্যযন্ত্ৰ আছে। বড়োসকলৰ প্ৰধন গীতসমূহ তলত উল্লেখ কৰা ধৰণে নিতিটা ভাগত ভাগ কৰিব পাৰি। (১) প্ৰাৰ্থনা গীত (আৰজ মেথায়), (২) লোক গীত (খুগা মেথায়) আৰু (৩) আধুনিক গীত (গৌদান মেথায়) প্ৰৰ্থনা গীতসমূহে হৈছে- খেৰাই প্ৰাৰ্থনা , মন্ত্ৰগীত, চেৰজা গীত আৰু দহাৰ গীত। লোকগীতসমূহ হৈছে- বৈশাগু গীত, বিয়া গীত, খেলা গীত, শিশুৰ ওমলা গীত, প্ৰেমৰ গীত ইত্যাদি। আধুনিক গীতসমূহ হৈছে বৰ্তমান কালৰ গীত। 

    বড়ো নৃত্য দুবিধঃ (১) পুৰণি বড়ো নৃত্য আৰু (২) আধুনিক বড়ো নৃত্য। বাগুৰুম্ব আৰু বাৰদৈছিখ্লা নৃত্য অকল ভাৰতৰ্ষতেই নহয় এচিয়া মহাদেশৰ ভিতৰতে খ্যাত। বড়োসকলৰ  প্ৰধান বাদ্য-যন্ত্ৰবোৰ হৈছে- খাম (মাদল), চিফুং (বাঁহী), জথা (তোল), চেৰজা আৰু গংনা।

বড়াে চুক্তি ঃ

    প্রধান মন্ত্রী পি.ভি. নৰসিংহ ৰাওৰ নেতৃত্বত ভাৰত চৰকাৰ, কেন্দ্রীয় প্রতিক্ষা মন্ত্রী শাৰদ পাৱাৰদেৱৰ। সহযােগত কেইবালানি আলােচনা হােৱাৰ পিছত নিখিল বড়াে ছাত্ৰ সন্থা (এবছু), বড়াে গণ সংগ্রাম সমিতি (বি.পি.এ.চি.) আৰু অসমৰ মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াদেৱৰ মাজত হােৱা আলােচনা মর্মে ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰি তাৰিখে বড়ােলেণ্ড স্বায়ত্বশাসিত পৰিষদখন গঠন কৰা হয়।

     ইয়াৰ পাছত বড়ােসকলৰ সংস্কৃতি, ভাষা, শিক্ষা আৰু অর্থনৈতিক দিশত উন্নতিৰ বাবে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়াে লিবাৰেশ্বন টাইগাৰৰ মাজত ইং ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰি তাৰিখে বড়ােলেণ্ড টেৰিটৰিয়েল এৰিয়াচ ডিষ্ট্রিক নামকৰণেৰে এখন নতুন চুক্তি সম্পাদন কৰা হয়। এই চুক্তি অনুসৰি বি.টি.চি. ( বড়ােলেণ্ড ) এলেকাত মুঠ ৩০৭৯ খন গাঁও সামৰি লৈ কোকৰাঝাব, চিৰাং, বাসা আৰু ওদালগুৰি এই চাৰিখন জিলা গঠন কৰা হয়। 

    বড়ােসকল বহুসংখ্যক ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই আজিও স্মৰণীয় হৈ আছে। তলত তাৰে কেইগৰাকীমানৰ বিষয়ে চমুকে উল্লেখ কৰা হ'ল— 

ৰাষ্ট্ৰীয় বঁটা প্রাপক ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী 

    নৃত্য শিল্পী ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীৰ নিস্বার্থ আৰু অশেষ প্রচেষ্টাত বড়াে নৃত্য ৰাজ্যিক পৰ্য্যায়ৰ পৰা ৰাষ্ট্ৰীয় পর্যায়লৈ উন্নীত হয়। তেওঁ ১৯২৬ চনত বর্তমান গােসাইগাঁও মহকুমাৰ অন্তৰ্গত বিন্যাখাটা অঞ্চলৰ বামুণকুৰ গাঁৱত জন্ম গ্রহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল বজাৰাম নাৰ্জাৰী আৰু মাতৃৰ নাম আছিল থাংগালী নাৰ্জাৰী। 

    ১৯৫৫ চনত দিল্লীত হােৱা অল ইণ্ডিয়া ৰেডিঅ’ৰ মুকলি প্রদর্শনী অনুষ্ঠানত তেওঁ অংশ গ্রহণ কৰি বিবাহ গীত পরিবেশন কৰিছিল। এই অনুষ্ঠানৰ পৰা উভতি আহিয়েই ওস্তাদ কামিনীয়ে বড়াে সংস্কৃতিৰ উন্নতিৰ বাবে বিভিন্ন দিশত কাম কৰিবলৈ লয়।

    ১৯৫৭ চনৰ ২৬ জানুৱাৰী তাৰিখে দিল্লীত অনুষ্ঠিত গণতন্ত্ৰ দিৱসত ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীয়ে এটি 'সাংস্কৃতিক দল' লৈ অংশ গ্ৰহণ কৰে। ২৭ জানুৱাৰী অনুষ্ঠিত হোৱা বড়ো কৃষ্টি দলে বাগুৰুমবা নৃত্য পৰিবেশন কৰি ভাৰতৰ ভিতৰত প্ৰথম স্থান দল কৰে। 

    ১৯৯২ চনত এছিয়া মেলা ১৩-ত অংশ গ্রহণ কৰি বড়াে নাছিনা নৃত্য প্রদর্শন কৰি দৰ্শকৰ পৰা গী ভূয়সী প্রংশসা লাভ কৰিছিল। ১৯৭৬ চনত গুৱাহাটীত হােৱা ভাবত-ছভিয়েট মন্ত্রী সন্মিলনত বড়াে কৃষ্টি প্রদর্শন কৰে। ইয়াৰ উপৰিও নাৰ্জাৰীৰ দলে ১৯৮২ চনৰ ২৯ জুলাই তাৰিখে গুৱাহাটীৰ ৰবীন্দ্র ভৱনত অনুষ্ঠিত হােৱা জনজাতি লােক- নৃত্য প্রদর্শনী অনুষ্ঠানত অংশ গ্রহণ কৰে। 

       ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীয়ে ১৯৮২ চনত ' সংগীত নাটক             একাডেমী বঁটা লাভ কৰিছিল। 

    তেওঁৰ প্রচেষ্টাতেই বড়াে সংস্কৃতিয়ে রাষ্ট্রীয় পর্যায়ৰ সন্মান অর্জন কৰিবলৈ সক্ষম হ'ল। এই মহান শিল্পীজনাই ১৯৯৮ চনৰ ১৬ মে তাৰিখে ইহলীলা সম্বৰণ কৰে।

 কলা জগতৰ প্রখ্যাত শিল্পী শােভা ব্রহ্ম 

    °  শােভা ব্রহ্মা ভাৰতৰ এজন প্রখ্যাত ভাস্কর্যবিদ আৰু অসমৰ কলা জগতৰ পথ-প্রদর্শক। তেওঁৰ সৃষ্টিৰাজিয়ে বড়াে আৰু অসমীয়া সমাজৰ প্রকৃত প্রতিচ্ছবি দাঙি ধৰিছে । এই মহান শিল্পীগৰাকী ১৯২৯ চন ১৮ অক্টোবৰ তাৰিখে বর্তমান কোকৰাঝাৰ জিলাৰ গােসাইগাঁৱৰ ভূমকা নামৰ এখন পিছ পৰা গাঁৱত জন্মগ্রহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল হৰিচৰণ ব্রহ্ম আৰু মাতৃৰ নাম আছিল দেৱশ্রী ব্রহ্মা।

     ° ব্রহ্মাই নিজ গবিব প্রাথমিক বিদ্যালয়ত শিক্ষা গ্রহণ কৰিছিল। ইয়াৰ পিছত ধুবুৰীৰ ছাপটগ্রাম হাইস্কুলৰ পৰা ১৯৫০ চনত বুৰঞ্জী বিষয়ত লেটাৰসহ প্রথম বিভাগত উত্তীৰ্ণ হৈ গুৱাহাটী মহাবিদ্যালয়ত নাম ভর্তি কৰে। ব্রহ্মাদেৱ সৰুৰে পৰাই এজন চিত্রশিল্পী আৰু ভাস্কর্যশিল্পী হােৱাৰ সপােন দেখিছিল। ললিত কলাৰ ড° শোভা ব্রহ্মাদেরে ১৯৫০ চনত কবিগুরু রবীন্দ্রনাথ ঠাকুৰে স্থাপন কৰা শান্তি নিকেতনত নাম ভর্তি কবে আৰু ১৯৫৭ চনত সুখ্যাতিৰে শিল্প বিষয়ত স্নাতক ডিগ্রী লৈ অসমলৈ। উভতি আহে আৰু তাবিণী চবণ হাইস্কুলত শিক্ষকতা আৰম্ভ কৰে। তেওঁৰ সৃষ্টিশীল জীৱনৰ দুটা লক্ষ্য আছিল। প্ৰথমটো হৈছে অসমত চারুকলা মহাবিদ্যালয় প্রতিষ্ঠা কৰা, দ্বিতীয়টো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগােষ্ঠীৰ কৃষ্টি-কলা, জন জীৱন অধ্যয়ন কৰি এক সুকীয়া শিল্পধাবাৰ সৃষ্টি কৰা। তেওঁ হাইস্কুলত শিক্ষকতাব কাম কৰিলেও শিল্পকলাক ন-ৰূপে সুসজ্জিত কৰি গঢ়ি তােলাৰ মন সদায় পুহি ৰাখিছিল । দৰিদ্ৰতা আৰু চৰম অর্থ অভাৱ- সত্ত্বেও তেওঁৰ শিল্পধাৰাৰ সৃষ্টিৰ যি নিবলস প্রচেষ্টা ই কেতিয়াও থমকি ৰােৱা নাছিল। ১৯৬৪ চনৰ ৩১ জানুৱাৰী তাৰিখে বৰ্তমানৰ চৰকাৰী চাৰুকলা মহাবিদ্যালয়ত অধ্যক্ষৰূপে তেওঁ নিযুক্তি লাভ করে। এই মহাবিদ্যালয়খনৰ চৰকাৰীকৰণ কৰাৰ পৰা কলেজ পর্যায়লৈ নিবৰ বাবে অশ্যে প্রচেষ্টা গ্রহণ কৰিছিল। আনকি তেওঁ ইয়াৰ বাবে নিজৰ জীৱনত বহুতো সংঘাটপূৰ্ণ সময় অতি বাহিত কৰিবলগীয়া হৈছিল। মাজে সময়ে বহু মন্ত্ৰী-বিধায়ক, বিষয়া-কৰ্মচাৰীও ওচৰলৈ গৈ নিজৰ তিক্ত অভিজ্ঞতাৰে বিষণ্ণ মানেৰে ঘৰমুৱা হ'বলগীয়া হৈছিল। তথাপি তেওঁৰ মান বিচলিত হোৱা নাছিল। কোনো ক্ষোভ নাছিল। ড°  শোভা ব্ৰহ্মদেৱে সদায় কিবা নহয় কিবা এটা কাম কৰি ভাল পাইছিল। তেওঁ নিজৰ প্ৰাত্যহিক জীৱনৰ আনন্দক জলাঞ্জলি দি নৱ-প্ৰজন্মৰ কাৰণে অক্লাভাৱে কাম  কৰিছিল। নিজৰ চিত্ৰ-ভাস্কৰ্যৰ জৰিয়তে জাতি-ভাষা-বৰ্ণ নিৰ্বিশেষে সকলোকে মিলি দেশ তথা নিজ মাতৃক উদ্ধাৰ কৰিবলৈ অনুপ্ৰেৰণা  যোগাইছিল। তেওঁৰ প্ৰতিখন ছবিয়ে একোখন কিতাপৰ দৰে আছিল। ১৯৬৫ চনত তেওঁৰ চিত্ৰ আৰু ভাস্কৰ্যসমূহ প্ৰথমবোৰৰ বাবে গুৱাহাটী জিলা পুথি ভঁৰালত প্ৰদৰ্শন কৰা হৈছিল। তাৰ পাছত তেওঁৰ সৃষ্টিবোৰ শ্বিলং, দিল্লী, কলকাতা, মুম্বাই, বুলগেৰিয়া, চেকোশ্ল'ভাকিয়া আদি দেশ-বিদেশৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰা হৈছিল। তেওঁৰ সৃষ্টিৰাজিয়ে স্বদেশৰ লগতে বিদেশৰ বিভিন্ন প্ৰান্তত শিল্পপ্ৰেমন জয় কৰিব পাৰিছিল। দেশৰ বিভিন্ন সংগ্ৰহালয়ত তেওঁৰ চিত্ৰই স্থান পাইছে।

    চিত্ৰ-ভাস্কৰ্যৰ উপৰিও তেওঁৰ সাহিত্য সৃষ্টিতো যথেষ্ট হাত আছিল। ১৯৮৯ চনত চাৰু-কলা আৰু কলা-মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা  অৱসৰ গ্ৰহণ কৰাৰ পিছত সাহিত্য ৰচনা  কৰাত নিজকে নিমজ্জিত কৰি ৰাখিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে-'শিল্পকলাৰ নৱপ্ৰজন্ম', 'ভাৰতীয় চিত্ৰ কলা' (অনৃষাদ) 'গৌদান উজি' (বড়ো), 'লিউ-নাৰ্ডো-দ্যা-ভিন্সি', 'ৰোজেছ ৰেজ এণ্ড গল্ড' (ইংৰাজী) আৰু 'খন্থায়াঞ্জলী' (বড়ো ভাষাত অনুবাদ)।

    ড° শোভা ব্ৰহ্মদেৱে নিজৰ কৰ্মৰাজিৰ বাবে ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিভিন্ন বঁটা পাবলৈ সক্ষম হৈছিল। তেওঁ লাভ কৰা বঁটাসমূহ হৈছে অসমৰ শিল্পী পেঞ্চন বঁটা (১৯৭৭), অসম চৰকাৰৰ সাংস্কৃতিক পেঞ্চন বঁটা (১৯৯০), কমল কুমাৰী বৰুৱা ফাউণ্ডেচন বঁটা (১৯৯১), অসম ৰাজ্যিক বিষ্ণু ৰাভা বঁঁটা (১৯৯৬), প্ৰণৱ বৰুৱা শিল্পী বঁটা (১৯৯৬), সদ্ভাৱনা বঁটা (২০০২), ইংখাং ট্ৰাষ্ট কমিটি বঁটা (২০০৬), বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এৱাৰ্ড ফৰ আৰ্ট এণ্ড কা লচাৰ (২০০৬),  ললিত কলা ৰনত্ন এৱাৰ্ড (২০০৭)। ইয়াৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কলিতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ব বিদ্যালয়ৰ পৰা ব্ৰহ্মদেৱে দি-লিট-উপাধি লাভ কৰিছিল। 

    ড° শোলা ব্ৰহ্মদেৱে নাৰীৰ ওপৰত চলা নিষ্ঠুৰতা আৰু মানুহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে প্ৰকৃতিৰ ওপৰত লোৱা ধ্বংসলীলা সত্য কৰিব পৰা নাছিল। মাতৃ জাতিৰ বেদনাক চিত্ৰৰ যোগেদি বিমোচনৰ কথা চিন্তা কৰিছিল। ভুমকাত বড়ো নাবীৰ ওপৰত হোৱা পাশাৱিতাৰ কাৰুণ্য তেওঁৰ চিত্ৰত প্ৰকাশ পাইছিল। অসমৰ প্ৰকৃতিৰ সৌন্দৰ্য, নদ-নদী, শিল আৰু সেইজীয়া পাহাৰৰ মনোৰম দৃশ্যই তেওঁৰ মনত উদ্ৰেক সৃষ্টি কৰিছিল আৰু এয়েই তেওঁক শিল্প আৰু ভাস্কৰ্য জগতলৈ লৈ গৈছিল।

    চিত্ৰশল্পি আৰু ভাস্কৰ্যৰ লগতে সাহিত্য চৰ্চাত নিজকে মানে প্ৰাণে ঢালি দি এই মহান শিল্পীজনে ২০১২ চনৰ মাৰ্চ মাহৰ ৫  তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে।

শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম

     শ্বহীদ বিনেশ্বৰ ব্ৰক্হ্মদেৱে ১৯৪৯ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে বৰ্তমান কোকৰাঝাৰ জিলাৰ ভাতৰমাৰী গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে তাৰামণি ব্ৰহ্ম আৰু সোনটি ব্ৰহ্ম।

    ব্ৰহ্মদেৱেৰ প্ৰথমিক শিক্ষা আৰম্ভ হয় নিজ গাঁৱব ৩৬৫ নম্বৰ প্ৰথমিক বিদ্যালয়ত ১৯৫৪ চনত। প্ৰথমিক শিক্ষা সাং কৰি কোকৰঝাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত ১৯৬০ চনত নাম ভৰ্তি কৰে। এই বিদ্যালয়ৰ পৰাই এম.ই. খণ্ডৰ বৃতি লাভ কৰাৰ  লগতে ১৯৬৭ চনত পি.ইউ.এচছি. পৰীক্ষাত অংকত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। একেটা বৰ্ষতেই যোৰহাটৰ অসম কৃষি মহাবিদ্যালয়ত স্নাতক ডিগ্ৰীত  নামভৰ্তি কৰে আৰু ১৯৭২ চনত উক্ত কৃষি মহাবিদ্যালৰ পৰা কৃষিৰ স্নতক ডিগ্ৰী লাভ কৰে।

    তেওঁ ১৯৭৩ চনত ফেব্ৰুৱাৰী   মাহত প্ৰথমবাৰৰ বাবে 'বিন্দুস্তান সাৰ নিমখ' আৰু 'কৃষি সম্প্ৰসাৰণ বিভাগত' চাকৰি জীৱন আনম্ভ কৰে। সেই বিভাগতেই তেওঁ বিভিন্ন বদপী বহণ কৰি ধুবুৰী, কোকৰাঝাৰ আৰু মঙ্গলদৈ ইত্যাদি ঠাইবোৰত থাকি সফল কৰ্ম জীৱনৰ চানেকি দাঙি ধৰে। তেওঁ ১৯৮০ চনত আগষ্ট মাহলৈ এই বিভাগটোত থকা পিছত ভাৰতীয় খাদ্য নিগম (FCI) বিভাগত Quality Control-ৰ Deputy Manager ৰূপে গুৱাহাটী নিযুক্ত হয়। ১৯৮১ চনৰ পৰা ১৯৮৩ চনলৈ কৰ্মসূত্ৰে বিহাৰৰ ৰাজধানী পাটনাত কৰ্ম কম্পাদনা কৰিবলগীয়া হয়। পুনৰ ১৯৮৩ চনত গুৱাহাটীলে Regional Officer ৰূপে পদোন্নতি লাভ কৰি ঘূৰি আহে। পিছলৈ ১৯৯৮ চনত সেই বিভাগৰেই Jonal ( Offic-তাত Manager (Movement) হিচাপে পদোন্নতি লাভ কৰে । 

    শ্বহীদ বিনােব এনা এজন তীক্ষ্ণ মেধাসম্পন্ন , বুদ্ধিমত্তা, সু-চিন্তক, সমাজসেৱক, সাহিত্যিক তথা সু-সংগঠক আছি । তেওঁ মুঠ ৮-টা ভাযা সলসলীয়াকৈ ক'ব পাৰিছিল। সেইবােৰ হ’ল বড়াে, ইংবাজী, অসমীয়া, বঙালী, হিন্দী, নেপালী, ভােজপুৰী আৰু ৰাজবংশী। 

    বিনেশ্বৰ ব্ৰই ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ বড়াে সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰ পদত নির্বাচিত হয়। দুটা কার্যকালৰ বাবে বড়ো সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল। ২০০০ চনব ১৯ আগষ্ট তাৰিখে গুৱাহাটীৰ ভেটাপাবাস্থিত নিজ বাসভৱনত অচিন আততায়ীৰ হাতত গুলিবিদ্ধ হৈ তেওঁ অকাল মৃত্যুক আঁকোৱালি লয় ।     তেওঁৰ প্রকাশিত গ্রন্থ হ'ল— ‘আই নি মাদে’ (কবিতা পুথি -১৯৮৫), ' বৰদৈসিক্লা ’ ( কবিতা পুথি  ১৯৯৭) আৰু গামি 'আংনি গামি ভাতাৰমাৰি' (প্ৰৱন্ধ সংকলন)

    ইয়াৰ উপৰিও বড়োসকলৰ পুৰোধ ব্যক্তিসকলৰ  ভিতৰত গুৰুদেৱ কালিচৰণ ব্ৰহ্ম আৰু বদৌফা  উপেন্দ্ৰনাথ ব্ৰহ্মৰ নাম লেখত ল'বলগীয়া। কালিচৰণ ব্ৰহ্মদেৱে বড়োসকলৰ মাজত ব্ৰহ্মধৰ্ম প্ৰচাৰ কৰিছিল আৰু বড়োসকলৰ সমাজ সংস্কাৰৰ গুৰি ধৰোঁতা আছিল। বদৌফা উপেন্দ্ৰ নাথ ব্ৰহ্ময়ো  বড়োসকলৰ শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল।


Type : Priyam Jyoti Patar