পৰিৱেশ সংক্ৰান্তীায় বিষয়সমূহ | অধ্যায় ১৭ | Chapter 17 | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Environmental Issues Chapter Answer

পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ

প্ৰশ্নমালা

অতি চমু প্রশ্নোত্তৰঃ


খালী ঠাই পূৰ কৰাঃ (১ নম্বৰ)


১।                  হৈছে অসনীয় উচ্চমানৰ শব্দ।


উত্তৰঃ কোলাহল।


২। নলা এটাত কিমান জৈৱিকভাবে বিনাশ কৰিব পৰা পদাৰ্থ আছে তাক                নির্ণয় কৰিব পাৰি।


উত্তৰঃ জৈৱ ৰাসায়নিক অক্সিজেন চাহিদা।


৩। জীৱবিজ্ঞানৰ ভাষাত মেটেকাক                বুলি কোৱা হয়।


উত্তৰঃ আইকর্নিায় ক্রেচিপচ।


৪। ব্যৱহাৰৰ অযোগ্য কম্পিউটাৰ আৰু অইন ইলেক্ট্রনিক সামগ্রীসমূহক                 বুলি কোৱা হয়।


উত্তৰঃ ইলেক্ট্রনিক ওৱেষ্ট।


শুদ্ধ নে অশুদ্ধ (১ নম্বৰৰ)


১। পিচকো আন্দোলন ওৱেষ্টার্ণ ঘাটত আৰম্ভ হৈছিল।


উত্তৰঃ অশুদ্ধ।

২। ইউৰ' ২ নিৰিখ ছালফাৰৰ পৰিমাণ ৩৫০ পিপিএম পেট্ৰ'লৰ ক্ষেত্ৰত কৰা হয়।

উত্তৰঃ অশুদ্ধ।

৩। বায়ু প্ৰতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্রণ আইনখন ১৯৮১ চনৰ পৰা বলবৎ কৰা হয়।


উত্তৰঃ শুদ্ধ।


8। ২.৫ মাইক্ৰ'ন বা তাতোকৈ সৰু কণাবোৰেই হ'ল মানুহৰ স্বাস্থ্যৰ প্ৰতি ভয়ানক ভাবুকি।


উত্তৰঃ শুদ্ধ।


অতিকৈ চুটি উত্তৰৰ প্ৰশ্নঃ (১ নম্বৰ)


১। প্রদূষণ মানে কি?


উত্তৰঃ প্ৰদূষণ মানে হ'ল বায়ু, পানী আৰু মাটিৰ চৰিত্ৰলৈ ক্ৰমে শাৰীৰিক, ৰাসায়নিক আৰু জৈৱিক পৰিৱৰ্তন

ঘটি সৃষ্টি হোৱা অসহনীয় অৱস্থা।


২। বায়ু প্ৰতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্রণ আইন ১৯৮৬ খন কিয় প্রচলন কৰা হৈছিল।


উত্তৰঃ অতি মাত্রা বায়ু প্ৰদূষণৰ ফলতে হোৱা জীৱজগত তথা বায়ুমণ্ডলৰ ক্ষতি সাধনৰ প্রতি লক্ষ্য ৰাখি এই

আইনখন প্রচলন কৰা হৈছিল।


৩। গাড়ী মটৰত ব্যৱহাৰ কৰা অনুঘটকীয় ৰূপান্তৰকত কিয় লেডবিহীন পেট্র'ল ব্যৱহাৰ কৰিব লাগে?


উত্তৰঃ লেডবিহীন পেট্ৰ'ল ব্যৱহাৰ কৰিলে প্ৰদূষণ কমকৈ হোৱা দেখা যায় বাবে।


8। কোলাহল মানে কি?


উত্তৰঃ অসহনীয়া শব্দই সৃষ্টি কৰা পৰিস্থিতিক কোলাহল বোলে।


৫। এলগেম ব্লুম' মানে কি?


উত্তৰঃ পানীত যথেষ্ট পৰিমাণৰ পুষ্টিকৰ খাদ্য থাকিলে যথেষ্ট পৰিমাণৰ শেলাইৰ জন্ম হয়। ইয়াকে 'এলগেল

ব্লুম' বোলে।


৬। কালচাৰেল ইউট্র ফিকেচন মানে কি?


উত্তৰঃ ইউট্র 'ফিকেচন হ'ল এটি প্রাকৃতিক পৰিক্ৰমা য'ত পুখুৰী, বিল আৰু সৰোবৰবোৰৰ্ত বছৰি বিভিন্ন স্থানৰ

পৰা হৈ অহা পুষ্টিকৰ খাদ্য যেনে নাইট্র 'জেন আৰু ফছফৰাছে জলজ উদ্ভিদৰ দ্রুত বৃদ্ধি ঘটাই জলাশয়ৰ

গভীৰতা কমায় আৰু আন কাৰকসমূহৰো পৰিৱৰ্তন কৰে, ইয়াক ইউট্র ফিকেচন বোলে। যদিও ইউট্র ফিচেকন

প্রাকৃতিক তথাপিও মানুহৰ অসাবধানতাই এই প্রক্রিয়াক অধিক সক্রিয় কৰে। এনে পৰিস্থিতিক কালচাৰেল বা

এক্সিলাৰেটড ইউট্র 'ফিকেচন বোলে।


৭। সেউজ গৃহ গেছ কোনবোৰ?


উত্তৰঃ কার্বন-ডাই-অক্সাইড আৰু মিথেন।


৮। সেউজীকৰণ মানে কি?


উত্তৰঃ সেউজীকৰণ হৈছে এনে এটা প্রক্রিয়া য'ত অতীতত ধ্বংস হোৱা এখন অৰণ্য এখন পুনৰ গঢ় লৈ

উঠিব পাৰে। এই প্রক্রিয়া প্রাকৃতিকভাবে হয়। এনে এখন অবণ্য বৃদ্ধিৰ হাৰ আমি বঢ়াব পাৰো সেই ঠাইত

কিছুমান গছপুলি কই দি।


চমু প্রশ্নোত্তৰঃ


১। বায়ু প্ৰদূষণৰ কুপ্ৰভাৱ দুটা লিখা।


উত্তৰঃ বায়ু প্ৰদূষণৰ দুটা কুপ্ৰভাৱ হ'ল -


(ক) সেউজগৃহ প্ৰভাৱৰ ফলত হোৱা গোলকীয় উষ্ণতা বৃদ্ধি।


(খ) স্ট্রেট'স্ফিয়াৰত অ'জন স্বৰৰ অৱক্ষয়।


২। ভাৰতৰ প্ৰধান মহানগৰবোৰত হোৱা পৰিবেশ প্ৰদূষণৰ প্ৰধান কাৰণসমূহ কি? গাড়ী মটৰৰ পৰা

নিৰ্গত হোৱা ধোঁৱা কেনেকৈ নিয়ন্ত্রণ কৰিব পাৰি?


উত্তৰঃ মহানগৰবোৰত হোৱা পৰিবেশ প্ৰদূষণৰ প্ৰধান কাৰকসমূহ হ'ল-


(ক) গাড়ী, মটৰৰ পৰা নিৰ্গত হোৱা ধোঁৱা।


(খ) তাপ, বিদ্যুৎ প্রকল্প আৰু ধাতু শোধন উদ্যোগসমূহৰ চিমনীৰে ওলোৱা ক্ষুদ্র কণা আৰু ধোঁৱা আদি।


৩। চি. এন. জিক কিয় ডিজেলতকৈ ফলপ্রসূ বুলি কোৱা হয়?


উত্তৰঃ চি. এন. জি ডিজেলতকৈ অধিক ফলপ্ৰসূ, কাৰণ, ই অইন ইন্ধনতকৈ সক্রিয়ভাৱে দাহিত হয় আৰু ইয়াৰ

মূল্যও কম।


8। শব্দ প্ৰদূষণ ৰোধ কৰিব পৰা উপায়সমূহ আলেচনা কাৰ।


উত্তৰঃ (ক) গাড়ী মটৰৰ ইঞ্জিনত চাইলেঞ্চাৰ ব্যৱহাৰ কৰি সাময়িকভাৱে প্ৰদূষণ ৰোধ কৰিব পাৰি।

(খ) ডাঙৰ ডাঙৰ উদ্যোগসমূহ জনবসতিপূর্ণ অঞ্চলসমূহৰ পৰা আঁতৰাত প্রতিষ্ঠিত কবিক লাগে।

(গ) লাউডস্পিকাৰৰ ব্যৱহাৰ বন্ধ কৰিব লাগে।

(ঘ) প্রত্যেক নাগৰিকে শব্দ প্ৰদূষণৰ ভয়াবহতাৰ বিষয়ে জানি সজাগ হোৱা উচিত।

৫। আমি গোলকীয় উষ্ণতা কেনেকৈ বোধ কৰিব পাৰো?

উত্তৰঃ ক্ৰমবৰ্দ্ধমান উষ্ণতা নিয়ন্ত্ৰণৰ বাবে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কমোৱা, শক্তিৰ প্ৰয়োগত আধুনিক কৌশল অলবম্বন, অৰণ্যসমূহক ধ্বংসৰ পৰা বচোৱা, যথেষ্ট পৰিমাণে গছপুলি ৰোপণ তথা সংৰক্ষণ আৰু মানুহৰ সংখ্যা বোধেই উত্তম উপায়।

৬। উত্তৰ পূৰ্বাঞ্চলত কিয় জুম খেতিক পৰিবেশ ধ্বংসৰ অন্যতম কাৰক হিচাপে গণ্য কৰা হয়?

উত্তৰঃ জুম খেতিক পৰিবেশ ধ্বংসৰ অন্যতম কাৰক হিচাপে গণ্য হয়; কিয়নো, উত্তৰ পূৰ্বাঞ্চলৰ বহু পাহাৰীয়া এলেকা তথা অৰণ্য এই জুম খেতিৰ বাবেই ধ্বংস কৰা হৈছে।

৭। জোঁটবন্ধন অৰণ্য ব্যৱস্থাপনাৰ বিষয়ে লিখা।

উত্তৰঃ স্থানীয় লোকৰ অংশ গ্ৰহণৰ গুৰুত্ব অনুধাৱন কৰি ভাৰত চৰকাৰে অৰণ্য সুৰক্ষাৰ বাবে ১৯৮০ চনত জোঁটবন্ধন অৰণ্য ব্যৱস্থাপনাৰ সূচনা কৰিছে য'ত চৰকাৰ আৰু স্থানীয় লোকৰ সন্নিলিত প্রচেষ্টাৰে যে অৰণ্য সুৰক্ষা দিব পাৰি তাক ভালদৰে চালি-জাৰি চোৱা হৈছে। অৰণ্যই যে তেনে লোকৰ জীৱন পৰিক্ৰমা বৰ্তাই ৰাখে সেই জ্ঞান তেখেত সকলে ভালদৰে উপলব্ধি কৰি চৰকাৰৰ সৈতে কাম কৰি আছে।

৮। পানী প্ৰদূষণৰ ওপৰত এটা চমু টোকা লিখা।

উত্তৰঃ পানী হ'ল জীৱৰ জীৱন। কিন্তু এই পানীকে মানুহে প্ৰদূষিত কৰিব ধৰিছে তেওঁলোকৰ অনৈতিক কাৰ্য্য কলাপেৰে। মানুহে জধেমধে পুখুৰী, নিজৰা, নদী আদিক আৱৰ্জনা পেলোৱাৰ ফলত দিনে দিনে পানী প্রদূষিত হৈ আহিছে। ভাৰত চৰকাৰে পানীৰ গুৰুত্ব উপলব্ধি কৰি ১৯৭৪ চনত পানী (সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্রণ আইনখন বলবৎ কৰে)।

ৰচনাধৰ্মী প্রশ্নোত্তৰ প্ৰতিটোত ৩ নম্বৰকৈ

১। ৰাজস্থানৰ বিশ্বই লোকসকলে গছ সংৰক্ষণ কৰিবলৈ কেনে ধৰণে চেষ্টা কৰিছিল?

উত্তৰঃ ১৭৩১ চনত যোধপুৰৰ ৰজাই মন্ত্ৰীসকলক ৰাজমহল বনাবৰ বাবে অৰণ্যৰ পৰা গছ কাটি অনাৰ নিৰ্দেশ

দিছিল। তেওঁলোকে গছ কাটিবলৈ বিষ্ণই লোক বাস কৰা এলেকাত প্রবেশ কৰোতে আবাসীসকলে গছ নাকাটিবলৈ

অনুৰোধ কৰিছিল। অমৃতা দেবী নামৰ এগৰাকী বিষ্ণই সম্প্ৰদায়ৰ মহিলাই গছ এডাল সাবতি ধৰি কৈছিল যে "গছ

কটাৰ আগতে মোক কাটিব লাগিব যদিও ৰজাৰ মানুহে নির্দয়ভাবে তেওঁক গছেৰে সৈতে কাটি পেলালে। তাকে

দেখি তেওঁৰ তিনি গৰাকী জীয়ৰী আৰু শতাধিক গঞাই একে পথকে অৱলম্বন কৰিলে আৰু অমৃতা দেৱীয়ে অৰণ্য

ক্ষাৰ নামত নিজৰ জীৱন দান কৰিলে।


২। অনুঘটকীয় ৰূপান্তৰকৰ কাৰ্য্য প্ৰণালী বৰ্ণনা কৰা।

উত্তৰঃ গাড়ী মটৰসমূহত দামী ধাতু যেনে প্লেটিনাম, পাল্লভিয়াম, ৰ'ডিয়াম আদি অনুঘটক হিচাপে ব্যৱহাৰ কৰিলে বিষাক্ত গেছ কমকৈ উৎপন্ন হোৱাৰ সম্ভাৱনা থাকে। যিহেতু ধোঁৱাবোৰ অনুঘটকীয় ৰূপান্তৰকৰ মাজেৰে যায়, আধাপোৰা হাইড্ৰ'কাৰ্বনবোৰ কাৰ্বন- ডাই-অক্সাইড আৰু পানীলৈ ৰূপান্তৰিত হয়। বিষাক্ত কার্বন ম'ন 'অক্সাইড আৰু নাইট্রিক গেছ কম বিষাক্ত কার্বন-ডাই-অক্সাইড আৰু নাইট্ৰ'জেন গেছলৈ পৰিৱৰ্তিত হয়। অনুঘটকীয় ৰূপান্তৰক থকা গাড়ী মটৰবোৰত লেডবিহীন পেট্রল বা ডিজেল ব্যৱহাৰ কৰিব লাগে; কিয়নো, লেডে অনুঘটকৰ কাৰ্য্য মন্থৰ কৰে।

৩। বায়ু প্ৰদূষণত শব্দৰ প্ৰভাৱ উল্লেখ কৰা।


উত্তৰঃ চনত শব্দ প্রদূষণক বায়ু প্ৰদূষণৰ অধীনত কৰি ইয়াক সংশোধিত কৰা হয়। শব্দই অসহনীয় পৰিস্থিতিৰ সৃষ্টি

কৰি মানুহৰ মানসিক আৰু শাৰীৰিক দিশত কুপ্রভার পেলাব পাৰে। শব্দৰ প্রাবল্যই মানুহৰ কৰ্ণকুহৰত আঘাত

কৰি চিৰদিনৰ বাবে কাণেকে নুশুনা কৰিব পাৰে, টোপনিত ব্যাঘাত জন্মাই হৃৎপিণ্ডৰ ধপধপানি বেমাৰ তথ

উশাহ-নিশাহ লোৱা কাৰ্য্যত পৰিবৰ্তন ঘটায়। ইয়াৰ ফলত মানসিক দুর্বলতা বৃদ্ধি পায়।


8। বায় 'মেগনিফিকেচন বুলিলে কি বুজা?ই কেনেকৈ উচ্চস্তৰৰ মাংসাহাৰীবোৰৰ ওপৰত প্ৰভাৱ পেলায়?


উত্তৰঃ পানীত মিহলি হৈ থকা বিষাক্ত পদার্থ জলজ খাদ্য শৃংখলৰ দ্বাৰা নিম্ন স্তৰৰ পৰা উচ্চস্তৰৰ প্ৰাণীলৈ প্ৰবাহিত

হ'ব পাৰে। এনে প্রক্রিয়াক বায় 'মেগনিফিকেচন বুলি কোৱা হয়।


কোনো জীৱই খাদ্যৰ সৈতে বিষাক্ত দ্রব্য গ্রহণ কৰিলে এই দ্রব্য শৰীৰে হজম কৰিব নোৱাৰে আৰুই শৰীৰৰ

পৰা ওলাইও যাব নোৱাৰে। তেনে প্রাণীক অন্য প্রাণীয়ে খাদ্য হিচাপে গ্রহণ কৰিলে সেই খাদ্য গ্রহণকালীলৈ বিষাক্ত

পদার্থ গতি কৰি ক্ষতি সাধন কৰে। DDT আৰু পাৰা হ'ল এনে দুবিধ সহজে ধৰা পৰা বিষাক্ত পদার্থ। ইয়াত ঊর্দ্ধতম

মাংসহাৰীৰ ক্ষেত্ৰত বিষাক্ত পদাৰ্থৰ ঘনত্ব ক্রমান্বয়ে বাঢ়ি যায় আৰু ক্ষতিও উচ্চ শ্ৰেণীৰ প্ৰাণীলৈ বাঢ়ি যায়।


৫। ইউট্র ফিকেচন প্রক্রিয়াটো বৰ্ণনা কৰা।


উত্তৰঃ পুখুৰী, বিল আৰু সৰোবৰবোৰত বছৰি বিভিন্ন স্থানৰ পৰা বৈ অহা পুষ্টিকৰ খাদ্য যেনে, নাইট্র 'জেন

আৰু ফচফৰাছে জলচৰ জীৱৰ দ্রুত বৃদ্ধি ঘটায়। যিমানে জীবন বৃদ্ধি হয় সিমানেই জলাশয়ৰ তলীত বেছিকৈ

ওপৰৰ পৰা গেদ জমা হ'বলৈ ধৰে। দিন যোৱাৰ লগে লগে জলাশয়ৰ গভীৰতাও কমি যায় আৰু তাত ক্রমান্বয়ে

অগণন ওপঙি ফুৰা জলজ উদ্ভিদ গঢ় লৈ উঠি জলজ প্রাণীৰ অৱলুপ্তি ঘটাবলৈ ধৰে। ইয়াৰ উপৰিও ইউট্ৰ'ফিকেচনৰ

বাবে আন কিছুমান কাৰক যেনে, জলবায়ু, জলাশয়ৰ আকাৰ আদি জড়িত হৈ থাকে। এই ইউট্র ফিকেচন যদিও

এটা প্রাকৃতিক পৰিক্ৰমা তথাপিও মানুহৰ অসাৱধানতাই ইয়াক বেছি সক্রিয় কৰে।


৬। সেউজ গৃহ প্রভাবে কেনেকৈ গোলকীয় উষ্ণতা বৃদ্ধি কৰে বৰ্ণনা কৰা।


উত্তৰঃ সেউজগৃহ প্রভাৱ হ'ল এটি প্রাকৃতিক পৰিঘটনা। এই প্ৰভাৱে পৃথিৱীৰ ওপৰিভাগৰ লগতে বায়ুমণ্ডলো

গৰম কৰি তোলে। সূৰ্য্যৰ ৰশ্মিৰ আধাখিনি পোহৰ তাপ হৈ পৃথিৱীৰ উপৰিভাগলৈ আহে। এই তাপৰ আকৌ এক

অংশ পুনৰ মহাকাশলৈ প্রতিফলিত হৈ যায়। এই প্রতিফলিত তাপক আকৌ মহাকাশত থকা, কার্বন-ডাই-অক্সাইড

আৰু মিথেন গেছে শুহি লব পাৰে ফলত তাপ পুনৰ পৃথিৱীলৈ ঘূৰি আহে আৰু পৃথিৱীৰ খোলাটোৰ লগতে

বায়ুমণ্ডলো গৰম হৈ উঠে। ইয়াকে গোলকীয় উষ্ণতা বোলে আৰু ইয়াৰ লগত জড়িত হৈ থকা গেছ দুটাক সেউজগৃহ

বোলে।


৭। অ'জন স্তৰৰ অৱক্ষয় আৰু ইয়াৰ জীৱজগতৰ ওপৰত প্ৰভাৱৰ বিষয়ে লিখা।


উত্তৰঃ স্ট্রেট 'স্ফিয়াৰত থকা অ'জন স্তৰ জীৱজগতৰ বাবে অতিকৈ উপকাৰী, যিয়ে সূৰ্য্যৰ পৰা অহা অতি বেঙুনীয়া

ৰশ্মি শোষণ কৰে। অতি বেঙুনীয়া ৰশ্মিয়ে জীৱৰ DNA আৰু প্ৰ'টিনত আঘাত কৰি ৰাসায়নিক বন্ধনবোৰ ডাঙি

পেলায়। এই স্তৰৰ জোখ-মাখৰ একক হ'ল দৱচন একক। আণবিক অক্সিজেনত অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱ পৰি

অ'জন স্তৰ গঠন আৰু অৱক্ষয় হৈ থাকে আৰু এই প্রক্রিয়া নিজে নিজে হৈ থাকে। অ'জন স্তৰৰ অৱক্ষয় অধ্যয়ন

কৰি পোৱা গৈছে যে ক্ল'ৰফু'ৰ কাৰ্বন (CFC) গেছ ইয়াৰ বাবে দায়ী।


এই CFC গেছৰ সৈতে অতি বেঙুণীয়া ৰশ্মি লগ লাগি ক্ল'ৰিণ অণু উৎপন্ন কৰে যিয়ে আণবিক অক্সিজেন মুক্ত কৰে।

ফলত অ'জন স্তৰ গঠন প্রক্রিয়া ব্যাহত হৈ যায়।


বেঙুণীয়া ৰশ্মিৰ প্ৰভাৱত DNA বা প্ৰ'টিনৰ উৎপৰিৱৰ্তন, ছালৰ বেমাৰ আদিৰ উপৰিও চকুৰ কর্ণিয়াও বেয়া হৈ স্ন'

ব্লাইন্দনেছ হ'ব পাৰে।


Type Himanku Bora


New Update 2026