3.4    ৰাসায়নিক সংকেত (Writing chemical formulae)

        এটা যৌগৰ ৰাসায়নিক সংকেত হ'ল তাৰ সংযুতিক প্ৰতীক ৰূপত উপস্থাপন কৰা এটা ব্য়ৱস্থা। যৌগবোৰৰ ৰাসায়নিক সংকেত সহজে লিখিব পাৰি। ইয়াৰ বাবে আমি মৌলবোৰৰ চিহ্নসমূহ আৰু যোজন ক্ষমতাৰ জনা প্ৰয়োজন। 

    মৌল এটাৰ যোজন শক্তি ক তাৰ যোজ্য়তা বোলা হয়। ৰাসায়নিক যৌগ এটা গঠনৰ বাবে এটা মৌলৰ পৰমাণুবোৰ আন এটা মৌলৰ পৰমাণুৰ সৈতে কেনেকৈ লগ হ'ব তাক যোজ্য়তাৰ সহায়ত ফলিয়াব পৰা যায়। মৌলৰ পৰমাণু এটাৰ যোজ্য়তাক সেই মৌলটোৰ হাত বা বাহু হিচাপে ভাবিব পৰা যায়।

    এজন মানুহৰ দুখন হাত আৰু এটা অক্টোপাছৰ আঠখন ঠেং থাকে। অক্টোপাছটোৱে যদি কেইজনমান মানুহক সিহঁতৰ দুয়োখন হাত আৰু ঠেং আৱদ্ধ হৈ পৰাকৈ ধৰিব লগা হয়, তেন্তে সি কেইজন মানুহক তেনেকৈ ধৰিব পাৰিব বুলি ভাবা? অক্টোপাছটোক চিহ্ন O আৰু মানুহ একোজন চিহ্ন একোজনক চিহ্ন H ৰে উপস্থাপন কৰিলে জোঁটটোৰ সংকেত কি হ'ব লিখিব পাৰিবানে? সংকেতটো OH4 নহ'বনে ? ইয়াত 4 সংখ্য়াটোৱে মানুহৰ সংখ্য়াক সূচাইছে।

    সচৰাচৰ পাই থকা চিছুমান আয়নৰ যোজ্য়তা সমূহ তালিকা 3.6ত দিয়া হৈছে। পাছৰ অধ্য়ায়ত যোজ্য়তাৰ ৰ বিষয়ে আমি অধিক শিকিম। 


কিছুমান মৌলই এটাতকৈ বেথি যোজ্য়তা দেখুৱাই। বন্ধনীৰ বিতৰত দিয়া ৰোমান সংখ্য়াই সিহঁতৰ যোজ্য়তা দেখুৱাইছে।
ৰাসায়নিক সংকেত লিখােতে তােমাললাকে মানিবলগীয়া নিয়মবােৰ তলত দিয়াৰ দৰে।
        আয়নৰ ওপৰত যােজ্যতা বা আধান সমতুল হৈ থাকিব লাগিব।        ধাতু আৰু অধাতুৰে গঠিত যৌগ এটাত ধাতুটোৰ নাম বা চিহ্নটো প্রথমে লিখা হয়। যেনেঃ কেলছিয়াম অক্সাইড (CaO), ছ'ডিয়াম ক্ল'ৰাইড (NaCl), আইৰণ ছালফাইড (FeS); কপাৰ অক্সাইড (CuO) আদি। অক্সিজেন, ক্ল’ৰিণ আৰু ছালফাৰ অধাতু হােৱাৰ বাবে সোঁফালে লিখা হৈছে । বিপৰীতে কেলছিয়াম, ছ'ডিয়াম, আইৰণ আৰু কপাৰ ধাতু হােৱাৰ বাবে বাওঁফালে লিখা হৈছে।
    বহু পাৰমাণৱিক আয়নেৰে গঠিত যৌগ এটাত আয়নৰ অনুপাতক সূচিত কৰােতে তেনে আয়ন একোটাক বন্ধনী এটাৰ ভিতৰত ভৰাই লােৱা হয়। যদি বহুপাৰমাণৱিক আয়ন এটাই থাকে, তেন্তে বন্ধনীৰ প্ৰয়ােজন নাই। উদাহৰণ স্বৰূপে, NaOH.





Class 9 General Science Chapter 3
Bidyut Thakuria.