3.4.1 সৰলযৌগৰ সংকেত ( FORMULAE OF SIMPLE COMPOUNDS )
দুটা ভিন্ন মৌলৰে গঠিত সৰল যৌগবােৰক দ্বি-মৌলিক (binary) যৌগ বােলা হয়। কিছুমান আয়নৰ যােজ্যতা তালিকা 3.6 ত দিয়া হৈছে। যৌগৰ সংকেত লিখিবলৈ তােমালােকে এইবােৰ ব্যৱহাৰ কৰিব পাৰা।
যৌগৰ ৰাসায়নিক সংকেত লিখােতে আমি উপাদান মৌলকেইটা আৰু সিহঁতৰ যােজ্যতাবােৰ প্রথমে তলত দেখুওৱাৰ দৰে লিখি লওঁ। পাছত এটা পৰমাণুৰ যােজ্যতা আনটো পৰমাণুত লিখি (Crossover) সংকেতটো লিখা হয়।
উদাহৰণ
1. হাইড্ৰ'জেন ক্লৰাইডৰ সংকেত

যৌগটোৰ সংকেত হ'ব : HCl .
হাইড্ৰ'জেন ছালফাইডৰ সংকেত
2. হাইড্ৰ'জেন ছালফাইডৰ সংকেত
সংকেত ঃ H2S
3. কাৰ্বন টেট্ৰাক্ল'ৰাইডৰ সংকেত
সংকেত ঃ CCl4
মেগনেছিয়াম ক্ল'ৰাইডৰ বাবে আমি প্ৰথমে কেটায়ন (Mg2+)ৰ চিহ্নটো লিখি এনায়নৰ চিহ্নটো লিখোঁ। পাছত সংকেতটো পাবলৈ সিহঁতৰ মাজত আধানৰ অদল বদল ঘটোৱা হয়।
4. মেগনেছিয়াম ক্ল'ৰাইডৰ সংকেত
সংকেত ঃ MgCl2
মেগনেছিয়াম ক্ল'ৰাইডত প্ৰতিটো মেগনেছিয়াম আয়ন (Mg2+)ৰ বাবে দুটাকৈ ক্ল'ৰাইড (Cl-) আয়ন থাকে। ধনাত্মক আৰু ঋণাত্মক আধান পৰস্পৰ সমতুল হ'ব লাগিব আৰু সামগ্ৰিক গঠন প্ৰশম হ'ব লাগিব। মন কৰা যে সংকেতটোত আয়ন দুটাৰ আধানক সূচিত কৰা হোৱা নাই।
কেইটামান অধিক উদাহৰণ ঃ
(a) এলুমিনিয়াম অক্সইডৰ সংকেত
(b) কেলছিয়াম অক্সইডৰ সংকেত

ইয়াত দুয়োটা মৌলৰ যোজ্য়তা একে। তোমালোকে Ca2O2 হিচাপে সংকেতটো পাবা। কিন্তু আমি সংকেতটোক CaO হিচাপে সৰলীকৃত কৰি লওঁ।
(c) ছডিয়াম নাইট্ৰেটৰ সংকেত
(d) কেলছিয়াম হাইড্ৰক্সাইডৰ সংকেত
মন কৰা যে কেলছিয়াম হাইড্ৰক্সাইডৰ সংকেত Ca(OH)2' নহয়। সংকেতত দুটা বা অধিক একে আয়ন থকিলে আমি বন্ধনি ব্য়ৱহাৰ হাৰ কৰো। ইয়াত বন্ধনিৰ মাজত OHক লিখি পদাংক 2ৰে সূচোৱা হৈছে যে যৌগটো দুটা হাইড্ৰ'ক্সিল গোট এটা কেলছিয়াম পৰমাণুৰে সৈতে লগ লাগি আছে। আন ধৰণেৰে ক'বলে গ'লে কেলছিয়াম হাইড্ৰ'ক্সাইডত অক্সিজেন আৰু হাইড্ৰ'জেন প্ৰত্য়কৰে দুটাকৈ পৰমাণু আছে।
সংকেত ঃ Na2CO3
ওপৰৰ উদাহৰণত বন্ধনিবোৰৰ প্ৰয়োজন নাই যদি তাত এটা মাত্ৰ আয়নেই নাই।
(f) এম'নিয়াম ছালফেটৰ সংকেত
সংকেত ঃ (NH4)2SO

1. সংকেত লিখা
(i) ছ'ডিয়াম অক্সাইড
(ii) এলুমিনিয়াম ক্ল'ৰাইড
(iii) ছ'ডিয়াম ছালফাইড
(iv) মেগনেছিয়াম অক্সাইড
2. তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখা ঃ
(i) Al2 (So4)3
(ii) CaCl2
(iii) K2SO4
(iv) KNO3
(v) CaCO3
3. ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে ?
4. (i) HS অণু আৰু
(ii) PO 43 - আয়নত
কেইটাকৈ পৰমাণু আছে ?
Class 9 General Science Chapter 3
Bidyut Thakuria