স্বায়ত্ত শাসনৰ বাবে দাবী

বহুতো ৰাজ্য আৰু আনকি বহুতো ৰাজনৈতিক দলেও সময়ে সময়ে দাবী কৰে যে ৰাজ্যবোৰে অধিক স্বায়ত্ত শাসনৰ  ক্ষমতা লাভ কৰা উচিত। অৱশ্যে স্বায়ত্ত শাসনৰ  ক্ষমতা লাভ কৰা উচিত। অৱশ্যে স্বায়ত্ত শাসনক বিভিন্ন দল আৰু ৰাজ্যই বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ কৰে। 

* কেতিয়াবা এনে দাবীবোৰে ক্ষমতাৰ বিভাজন বা ৰাজ্যৰ প্ৰতি অধিক সদয় হোৱাকৈ আৰু গুৰুত্বপূৰ্ণ ক্ষমতাবোৰ ৰাজ্যক প্ৰদান কৰাকৈ সলনি কৰিব লাগে বুলি আশা কৰে। বহুতো ৰাজ্য (তামিলনাডু, পঞ্জাৱ, পশ্চিমবঙ্গ) আৰু বহুতো দলে (ডি. এম. কে. অকালি দল, চি, পি, আই- এম) সময়ে সময়ে স্বায়ত্ত শাসনৰ  বাবে দাবী জনাই আহিছে। 

* আন এটা দাবী হৈছে যে ৰাজ্যবোৰৰ বাবে ৰাজহৰ স্বাধীন উৎস আৰু সম্পদৰ ওপৰত অধিক নিয়ন্ত্ৰণ থাকিব লাগে। ইয়াক বিত্তীয় স্বায়ত্ত শাসন বুলি জনা যায়। ১৯৭৭চনত পশ্চিমবঙ্গত বামপন্থী চৰকাৰে ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ পুনৰ গঠনৰ দাবী তুলি একন দস্তাবেজ প্ৰকাশ কৰিছিল। তামিলনাডু আৰু পাঞ্জাৱে স্বায়ত্ত শাসনৰ বাবে জনোৱা দাবীতো অধিক বিত্তীয় ক্ষমতাৰ ধাৰণাটোৰ প্ৰতি সমৰ্থন নিহিত হৈ আছিল।

* স্বায়ত্তশাসনৰ বাবে দাবীৰ তৃতীয়টো দিশ ৰাজ্যবোৰ প্ৰশাসনীয় ক্ষমতাৰ লগত জড়িত। ৰাজ্যবোৰে প্ৰশাসন যন্ত্ৰৰ ওপৰত কেন্দ্ৰৰ নিয়ন্ত্ৰণৰ বিৰোধীতা কৰে।

* চতুৰ্থতে, স্বায়ত্ত শাসনৰ দাবীক সংস্কৃতিক আৰু ভাষিক বিষয়ৰ লগতো জড়িত কৰিব পাৰি। ইয়াৰ উদাহৰণ হৈছে- হিন্দীৰ আধিপত্যৰ বিৰোধিতা ( তামিলনাডুত) বা পাঞ্জাৱী ভাষা আৰু সংস্কতিৰ  বিকাশৰ  বাবে কৰা দাবী। কিছুমান ৰাজ্যই অনুভৱ কৰে যে, হিন্দীভাষী অঞ্চলসমূহে  আন আন অঞ্চলসমূহত আধিপত্য বিস্তাৰ কৰি আছে। কুৰি শতিকাৰ ৬০ ৰ দশকত কিছুমান ৰাজ্যত হিন্দী ভাষা জাপি দিয়া বিৰুদ্ধে আন্দোলন কৰা হৈছিল। 

Type Sumit Patar

Class 11 Political; Science