দিগন্ত ভাৰতীৰ গীত | Diganta Bharati Assames Song | দিগন্ত ভাৰতীয় অসমীয়া গীত সমূহ |
 অ মোৰে লৰাৰ মাক ....



অ মোৰে লৰাৰ মাক 

মাছলৈ যাওঁ নাখাও নাখাওঁ শুদা ভাত 

ৰহদৈ কৰ্দৈ  পাৰি পাৰি থ তই 

জুটিৰে খামে দিনৰ খাজ 

মাছলৈ যাওঁ নাখাঁও শুদা ভাত ।


হাঁচতি পূৰাও মই তামোল চালিৰে 

পানে চূনে যতনাই দে 

কঁকালৰ তিয়নি জাকৈ শিয়নি 

কাথিৰে পৰা নমাই দে 


শাকনি বাৰীৰে লাই পালেং শাক 

বেগতে তুলি  তুলি ৰাখ 

মাছলৈ যাও নাখাওঁ নাখাওঁ শুদা ভাত।।


চুবুৰীৰ ৰংমণ ও উভতি আহিলে 

কঁকালৰ খালৈটি পুৰাই 

খলিহনা পুঠি আৰু গৰৈ চেঙেলী 

দেখি মোৰ দেহা জ্বলি যায় ,

শাকনি বাৰীৰে লাই পালেং শাক 

বেগেতে তুলি তুলি ৰাখ 

মাছলৈ যাওঁ নাখাওঁ শুদা ভাত ।।


ঔ ফুলীয়া 



ঔ ফুলীয়া গালতে জিলিকা তোৰ 

সৰু সেই তিলটোৱে 

ৰাতি মোক শুবলৈ নিদিয়ে ।।

আলফুলীয়া দুহাতত টিকটিকীয়া 

জেটুকাৰ বোলবোৰে 

ৰাতি মোক শুবলৈ নিদিয়ে ।।

কি কৰো  কি কৰো কতে মৰো 

শুকালো-খীনালোঁ ।।

ঔ ফুলীয়া গালতে জিলিকা তোৰ 

আলফুলীয়া দুহাতত টিকটিকীয়া 


কলডিলীয়া কৈ বান্ধিছিল খোপা 

তাতেচোন সৰগ দেখা পাই 

হেৰুৱালো মই চিত্ মনেৰে তৰণীত 

কাকনো খুলি-ভাঙি কওঁ 

কলডিলীয়া কৈ ..................

কি কৰো কি কৰো কতে মৰো 

শুকালোঁ- ক্ষীনালো ।।

ঔ ফুলীয়া ...............


সৰুদৈয়া জাপি দুহাতে ঘূৰাই ঘূৰাই 

নাছিলি নছুৱাই মোক 

 হেঁপাহে-হুতাহে বাগৰি নপৰো 

পলুৱাই নিম নিমেই তোক ।।

কি তৰো কতে মৰো 

শুকালোঁ-ক্ষীনালো।



আইনা ভঙাদি ....


আইনা ভঙাদি ভাঙিব হিয়াখনি 

লুইতৰে সোঁতে ববগৈ চকুপানী 

তুমি এৰি আঁতৰি  গলে 

বতৰো নহয়চোন  গোমা গোমা 

ভালপোৱা কিয় কৰা আধৰুৱা ।

আইনা.....


অমিয়া অমিয়া মাত ওঁঠৰে 

সি যে কি অনুপম 

লিহিৰী বিৰিণা পাত দেহাটি 

সি যে কি অনুপম 

সাজোনে কাচোনে জোনেটিও নিমিলে 

তৰাটিও লাগে কম ।।


চাইনো চাইনো চাই তোমাক দুচকোত

যেন আঁকিহে থম ।

বতৰো ..... 


দেৰিকৈ আহিবা আহি নকবা যাবৰে হল 

বুকুতে অগনি জ্বলাই নকবা যাবৰে হল।।

যিদৰে উঠিছে নামি সিদৰে উলাহে ঢল

বুকুৰে মৰম যাচিবলেতো দিয়া 

এপল দুপল

বতৰো ... ।।


লাহে লাহে




লাহে লাহে বাঢ়িছে

লাহে লাহে কমিছে

লাহে লাহে উঠিছে

লাহে লাহে নামিছে

মৰমৰে ঢল আজি উশাহতে 

নৈয়ে নৈয়ে দেখিছোঁ

ঢৌৱে ঢৌৱে লিখিছোঁ

কিননা জোৱাৰ মোৰ নিশাহতে

 ... 

লাহে লাহে বাঢ়িছে  ... 


নুসুধিবা কথাৰে

নুজুখিবা ভাষাৰে

বুকুতে বুকুতে কিহে দুলি দোলে

খুলি ক'ব নোৱাৰি

নুসুধিবা...........


কাষলে আহি তুমি চাই ৰোৱাহি  

যুগৰে মৰমবোৰ আছোঁ মই সাৱটি

যগোৱাহি ৰিব্ ৰিব্ হাতেৰে

লাহে লাহে বাঢ়িছে.......


নুখুজিবা চকুৰে

নাযাচিবা ওঠেৰে

মৰমৰ এধানি লাজৰে আমনি

দিব ল’ব নোৱাৰি 2

দেখিলে দেখক আনে

শুনিলে শুনক

মাথোঁ হিয়াৰে মৰম মৰমে বুজক

মনৰ কথা বুজি লাই চাগে

লাহে লাহে বাঢ়িছে.......


ঢেকী দে ঢেকী দে....


ঢেকী দে ঢেকী দে... অ
মোৰে লাহৰী

ঢেকীৰে চাবতে কঁপাই তোল চুবুৰী

সান্দহ পিঠাগুৰি আৰু থ চিৰা ভাজি

হুঁচৰি গাব আহিম যতনাই দিবি ।।

ঢেকী দে ঢেকী দে... অমোৰে লাহৰী

ঢেকীৰে চাবতে কঁপাই তোল চুবুৰী।


ঢেকীৰে চাবে চাবে দুভৰি নাচিব

লাহী কঁকালটি ঘামত জিলিকি উঠিব

গৰকত আহিব বিহুটি।।

তোৰ গৰকত আহিব বিহুটি

সান্দহ পিঠাগুৰি আৰু থ চিৰা ভাজি

হুঁচৰি গাব আহিম যতনাই দিবি ।

ঢেকী দে ঢেকী দে......।।

আখলৰ জুইকুৰাত দেহা তপতাই ল

চিনাকী বিহুফাকি মনতে পেলাই ল

যিটো মোৰ সতে গাবি।।

তই যিটো মোৰ সতে গাবি ।

সান্দহ পিঠাগুৰি....

ঢেকী দে ঢেকী দে... অমোৰে লাহৰী

ঢেকীৰে চাবতে কঁপাই তোল চুবুৰী

সান্দহ পিঠাগুৰি আৰু থ চিৰা ভাজি

হুঁচৰি গাব আহিম যতনাই দিবি ।।

ঢেকী দে ঢেকী দে... অমোৰে লাহৰী

ঢেকীৰে চাবতে কঁপাই তোল চুবুৰী।


আহে বা নাহে .... 



আহে বা নাহে ঘুমতি  

আহিবা ৰাতি 

সপোনকে লৈ 

থাকে বা নাথাকে 

শাওণৰে ঢল তুলি

মৰমৰে নৈ 

দুপাখি মেলি 

সমীৰে আহি 

দিয়ে বা নিদিয়ে

ফাগুনৰে খবৰ

থুমি ৰোৱা যেন মোলৈ

আহে বা নাহে.............


চুৱে বা নোচুৱে নিয়ৰে

শেৱালি পাহিটি শৰতে শৰতে 

নাচে বা নানাচে জোনাকী হৈ 

তুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈ ।

আহে বা নাহে .................


জোৰে বা নোজোৰে বান্ধি লও 

কিনো মৰমৰে এনাজৰিকে পাওঁ 

বহে বা নবহে ফুলতে গৈ 

ৰঙিলী পখিলী তুমি ৰঙৰে ছৈ ।।

আহে বা নাহে ............

 

 



এৰি নাজাবি .....



এৰি নাজাবি নাজাবি যাবি লগতে মোক লৈ 

তই নহলে  নহলে হিয়াই নামানে ঐ

এৰি নেজাবি নেজাবি ...............


চনেহা চেনেহী কেতিয়ানো কৰিবি  

লাহকৈ বুকুৰে কেতিয়ানো লবিহি 

মোৰ মন তোলৈ ।


কবিতাৰ কথাবোৰ লিখিব নোৱাৰো 

মৌ সনা মিঠা গান শুনাব ও নোৱাৰি 

মাথোঁ খুলিলেই খুজি চাবি 

কলিজাতো  তোৰ হাততে পাবি 

মাথোঁ খুলিলেই.........


এহালি দুহালি আগুৱাই  আহিছো 

তোৰ ঘাটতে নাওঁ লগাব খুজুঠো 

লম আদৰি ঐ 


ইবেলি সিবেলি পুৱা গৈ গধূলি 

ইকাষে সিকাষে সপোন তোৰ সাৱতি 

উৰিবলে মন পাখি লগাই 

প্ৰেম হৱলা এনেকুৱাই ।।


ওপৰা  ওপৰি ভাৱনা আহিলে 

উফৰা-উফৰি কামনা জাগিলে 

দুখ নিদিবি ঐ.... ।।