ড° ভূপেন হাজৰীকা

Dr Bhupen Hazarika

জন্ম  ঃ ড° ভূপেন হাজৰীকাৰ জন্ম ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰ শদিয়াত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম নীলকান্ত বৰুৱা আৰু মাতৃৰ নাম শান্তপ্ৰিয়া হাজৰীকা। পত্নীৰ নাম আছিল প্ৰিয়ম্বদা পেটেল। তেখেতৰ পুত্ৰৰ নাম তেজ ভূপেন হাজৰীকা।

শিক্ষা  ঃ গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা লাভ কৰে। তেখেতে গুৱাহাটী কটন কলেজৰ পৰা আই. এ পৰীক্ষাত উত্তীৰ্ণ হৈ বাৰাণসী হিন্দু বিশ্ববিদ্য়ালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ উপাধি লাভ কৰে। ইয়াৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্ৰ কলম্বিয়া বিশ্ববিদ্য়ালয়ত নামভৰ্ত্তি কৰে। ইয়াৰ পৰাও শিক্ষা বিজ্ঞানত স্নাকোত্তৰ উপাধি লাভ কৰাৰ লগতে উক্ত বিশ্ববিদ্য়ালয়ৰ পৰাই মাচ পি. এইচ. ডি উপাধি লাভ কৰে। তেখেতে গুৱাহাটী বি বৰুৱা মহাবিদ্য়ালত অধ্য়াপনা লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰটো কাৰ্যনিৰ্বাহ কৰিছিল।

কৰ্মক্ষেত্ৰ  ঃঅসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা মহান ব্য়ক্তি বিশেষকৈ কবি, গায়ক, সংগীতজ্ঞ, কণ্ঠশিল্পী, চলচ্চিত্ৰ পৰিচালক হিচাপে কেৱল অসম বা ভাৰততে নহয়, পৃথিৱীৰ বিভিন্ন ঠাইত সসন্মানেৰে সমাদৰ লাভ কৰে।

সম্পাদিত আলোচনিসমূহ  ঃ 'আমাৰ প্ৰতিনিধি', 'বিন্দু', 'প্ৰতিধ্বনি' আদি। তেখেতে পঞ্চাশখনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছিল।

উল্লেখনীয় বটাঁ-সন্মানসমূহ  ঃ ড° ভূপেন হাজৰীকাই দেশে-বিদেশে অৰ্ধশতাধিক বটাঁ-সন্মান লাভ কৰিছিল। তাৰ ভিতৰত ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক, শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় বঁটা, পদ্মভূষণ, অসম সাহিত্য় সভাৰ সাহিত্য়াচাৰ্য সন্মান আদি বিশেষভাৱে উল্লেখযোগ্য়।

মৃত্য়ু   ঃ ২০১১ চনৰ ৫ নৱেম্বৰত মুম্বাইৰ কোকিলাবেন ধিৰুভাই আম্বানি হাস্পতালত তেখেতৰ দেহাৱসান ঘটে ।