বিশ্বাস আৰু উপাসনাৰ স্বাধীনতা 

    ভাৰতবৰ্ষত প্ৰত্যেকেই মুক্তভাৱে নিজৰ পছন্দমতে ধৰ্ম্মগ্ৰহণ আৰু প্ৰচাৰ কৰিব পাৰে । ধৰ্ম্মীয় স্বাধীনতাই বিবেকৰ স্বাধীনতাকো অন্তৰ্ভূক্ত কৰিছে । ইয়াৰ অৰ্থ হল যে এজন ব্য়ক্তিয়ে নিজৰ ইচ্ছামতে যিকোনো ধৰ্ম্ম গ্ৰহণ নকৰাকৈয়ো থাকিব পাৰে । ধৰ্ম্মীয়  স্বাধীনতাই যিকোনো ধৰ্ম্ম ব্যক্ত, অনুসৰণ আৰু প্ৰসাৰিত কৰাক বুজায়। ধৰ্ম্মীয় স্বাধীনতাতো কিছুমান সীমাবদ্ধতা  আছে । ৰাজহুৱা শান্তি শৃঙ্খলা, নৈতিকতা আৰু স্বাস্থ্য ৰক্ষাৰ কাৰণে, ধৰ্ম্মীয় স্বাধীনতা উপসনাৰ ক্ষেত্ৰত চৰকাৰে কিছুমান বাধা আৰোপ কৰিব পাৰে । এইটোৰ অৰ্থ হল যে ধৰ্ম্মীয় স্বাধীনতা এটা অসীম অধিকাৰ নহয় । কিছুমান সামাজিক বেয়া প্ৰথাক নোহোৱা কৰিবৰ বাবে ধৰ্ম্মীয় ক্ষেত্ৰত চৰকাৰে হস্তক্ষেপ কৰিব পাৰে । উদাহৰণ স্বৰূপে অতীতত চৰকাৰে সতীদাহ প্ৰথা একেলগে দুই পতি বা পত্নী গ্ৰহণ আৰু নৰবলিৰ নিচিনা প্ৰথাক বন্ধ কৰিবৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছিল । ধৰ্ম্মীয় স্বাধীনতাৰ অধিকাৰত হস্তক্ষেপ কৰা বুলি তেনেকুৱা সীমাবদ্ধতাবোৰৰ কেতিয়াও বিৰোধীতা কৰিব পৰা নাযায় । 

    ধৰ্ম্মীয় স্বাধীনতাৰ অধিকাৰত থকা সীমাবদ্ধাতাবোৰে সদায় বিভিন্ন ধৰ্ম্মৰ অনুৰসণকাৰী আৰু চৰকাৰৰ মাজত উত্তেজনা সৃষ্টি কৰে । যেতিয়াই চৰকাৰে যিকোনো ধৰ্ম্মীয় সংগঠন কিছুমান কাৰ্য্যৰ ওপৰত বাধা আৰোপ কৰিব বিচাৰে সেই ধৰ্ম্মৰ মানুখিনিয়ে এয়া তেওঁলোকৰ ধৰ্ম্মৰ ওপৰত হস্তক্ষেপ কৰা বুলি অনুভৱ কৰে ।

    ধৰ্ম্মীয় স্বাধীনতা আন এটা কাৰণটো ৰাজনৈতিক বিবাদৰ বিষয়ে হৈ পৰিছে । সংবিধানে ব্যক্তিৰ নিজৰ ধৰ্ম্মপ্ৰচাৰ কৰাৰ অধিকাৰ নিশ্চিত কৰিছে । ইয়াত জনসাধাৰণক এটা ধৰ্ম্মৰ পৰা আন ধৰ্ম্মলৈ ধৰ্ম্মান্তৰিত হবলৈ প্ৰৰোচনা কৰাটোও অন্তৰ্ভূক্ত হৈছে। তথাপিও কিছুমান মানুহে ধৰ্ম্মান্তৰিক হোৱাটোৰ বাধা দিছে কাৰণ এইবোৰ ভয় প্ৰদৰ্শন আৰু প্ৰলোভনৰ ভিত্তিত কৰা হয় । সংবিধানে বলপূৰ্বক ধৰ্ম্ম পৰিৱৰ্তনক সন্মিত দিয়া নাই । ই কেৱল মাত্ৰ আমাক নিজৰ ধৰ্ম্ম সম্পৰ্কে খবৰ  প্ৰচাৰ কৰি আনক আকৰ্ষিত কৰাৰহে অধিকাৰ দিছে। 

Type Sumit Patar

Class 11Political Science