ভাৰতীয় সংবিধানত থকা মৌলিক অধিকাৰ সমূহৰ

    আমাৰ স্বাধীনতা সমংগ্ৰাম ৰ সময়ত স্বাধীনতা আন্দোলনৰ নেতাসকলে অধিকাৰ গুৰুত্ব বুজি পাইছিল আৰু দাবী কৰিছিল যে বৃটিছ  শাসক সকলে জনসাধাৰণৰ অধিকাৰক সন্মান জনোৱা উচিত । ১৯২৮ চনতে মতিলাল নেহেৰু সমিটিয়ে অধিকাৰৰ বিধেয়ক দাবী কৰিছিল ।  সেইকাৰণে এইটো স্বাভাৱিক আছিলযে যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল আৰু সংবিধান ৰচনা কৰা হৈছিল তেতিয়া সংবিধানত অধিকাৰৰ অন্তৰ্ভূক্ত আৰু সুৰক্ষাৰ ক্ষেত্ৰত কোনো দ্বিমত হোৱা নাছিল । সংবিধানে অধিকাৰবোৰ তালিকাভূক্ত কৰিছিল যিখিনি বিশেষ ভাবে সুৰক্ষিত কৰা হব আৰু সেইবোৰক মৌলিক অধিকাৰ বুলি কোৱা হৈছিল ।

    মৌলিক শব্দটোৱে ইঙ্গিত দিয়ে এই অধিকাবোৰ কিমান গুৰুত্বপূৰ্ণ যে সংবিধানে এইবোৰক পৃথককৈ অন্তৰ্ভূক্ত কৰিছে আৰু এইবোৰৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। মৌলিক অধিকাৰবোৰ  ইমান গুৰুত্বপূৰ্ণ যে এইবোৰ চৰকাৰৰ দ্বাৰা ভঙ্গ নহয়। 

    আমাৰ অন্য প্ৰাপ্য অধিকাৰবোৰতকৈ মৌলিক অধিকাৰবোৰ পৃথক । যেতিয়া সাধাৰণ আইনগত অধিকাৰবোৰ সাধাৰণ আইনৰ দ্বাৰা সুৰক্ষিত আৰু বলবৎ কৰা হয় মৌলিক অধিকাৰবোৰ ৰাষ্ট্ৰৰ সংবিধানৰ দ্বাৰা সুৰক্ষিত আৰু নিশ্চিত কৰা হয় । সাধাৰণ অধিকাৰবোৰ সাধাৰণ

দক্ষিণ আফ্ৰিকাৰ সংবিধানত থকা অধিকাৰ  বিধেয়ক ( Bill Of Rights In The South African Constitution)

    দক্ষিণ আফ্ৰিকাৰ সংবিধানখন ১৯৯৬ চনৰ ডিছেম্বৰ মাহত আৰম্ভ কৰা হৈছিল । ইয়াৰ সৃষ্টি আৰু মুক্ত ঘোষণা এনেকুৱা এটা সময়ত হৈছিল যেতিয়া আনকি বৰ্ণবৈষম্য  চৰকাৰৰ  পতনৰ পিছত দক্ষিণ আফ্ৰিকাই এখন গৃহ যুদ্ধৰ দৰে এটা ভয়ৰ সন্মুখীন  হব লগীয়া হৈছিল। দক্ষিণ আফ্ৰিকাৰ সংবিধানে কৈছিল যে অধিকাৰৰ বিধেয়ক হৈছে দক্ষিণ আফ্ৰিকাত গণতন্ত্ৰৰ প্ৰধান ভিত্তি । ই জাতি, লিঙ্গ, গৰ্ভধাৰণ বিবাহৰ সামাজিক মৰ্য্যদা গোষ্ঠীগত আৰু সামাজিক মূল, বৰ্গ, বৰ্ণ, বয়স, অসমৰ্থতা, ধৰ্ম্ম, বিবেক বিশ্বাস ,সংস্কৃতি ভাষা আৰু জন্ম ভিত্তিত বৈষম্যতা নোহোৱা  কৰে । ই সম্ভব নাগৰিকক আটাইতকৈ বেছি অধিকাৰ প্ৰদান কৰে ।  এটা বিশেষ সাংবিধানিক বিচাৰালয়ে সংবিধানত সযত্নে ৰক্ষিত এই অধিকাৰবোৰ বলবৎ কৰে । 

 দক্ষিণ আফ্রিকাৰ, সংবিধানত অন্তর্ভূক্ত কিছুমান অধিকাৰে অন্তর্ভূক্ত কৰে , 

*মৰ্য্যদাৰ অধিকাৰ 

*গােপনীয়তাৰ অধিকাৰ

 *ন্যায্য শ্ৰমৰ অধিকাৰৰ অভ্যাস

 *স্বাস্থ্যসন্মত পৰিবেশৰ অধিকাৰ আৰু পৰিবেশ সুৰক্ষাৰ অধিকাৰ 

*উপযুক্ত বাসস্থানৰ অধিকাৰ

 *স্বাস্থ্যৰ যত্ন , আহাৰ , পানী আৰু সামাজিক সুৰক্ষাৰ অধিকাৰ 

*শিশুৰ অধিকাৰ 

*প্রাথমিক আৰু উচ্চ শিক্ষাৰ অধিকাৰ 

*সাস্কৃতিক , ধর্মীয় আৰু ভাষিক সম্প্রদায়ৰ অধিকাৰ 

সংবাদৰ অধিকাৰ 

আইন প্রণয়ন প্রক্রিয়াৰে বিধানমণ্ডলৰ দ্বাৰা পৰিৱৰ্তন কৰিবপৰা যায় । কিন্তু এটা মৌলিক অধিকাৰ সংবিধান সংশােধনৰ দ্বাৰাহে পৰিবৰ্তন কৰিব পৰা যায় । ইয়াৰ বাহিৰেও , চৰকাৰৰ কোনাে এটা অঙ্গই এইবােৰ ভঙ্গ হােৱাকৈ কার্য কৰিব নােৱাৰে । এই অধ্যায়টোতে আগলৈ আমি আলােচনা কৰিম যে , চৰকাৰৰ কাৰ্যৰ দ্বাৰা যাতে মৌলিক অধিকাৰ ভঙ্গ নহয় সেইখিনি সুৰক্ষাৰ দায়িত্ব আৰু ক্ষমতা ন্যায়বিভাগৰ আছে । ন্যায় বিভাগে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ কার্য বে - আইনী বুলি ঘােষণা কৰিব পাৰে যদিহে এইবােৰে মৌলিক অধিকাৰ ভঙ্গ কৰে অথবা অযুক্তিকৰভাৱে সেইবােৰৰ ওপৰত সীমাবদ্ধতা আনি দিয়ে । তথাপিও , মৌলিক অধিকাৰবােৰ চৰম বা অসীম অধিকাৰ নহয় । চৰকাৰে আমাৰ মৌলিক অধিকাৰ প্রয়ােগৰ ক্ষেত্ৰত যুক্তিসংগতভাৱে ভাবে সীমাবদ্ধতা আনিব পাৰে ।

Type Sumit Patar

Class11 Political Science