বুদ্ধি সৃজনশীলতা আৰু ব্যক্তিত্ব 

(Intelligence, Creativity andgPersonality )


 ,


প্রশ্নাবলী 

১। বুদ্ধি কি?

 What is intelligence? 

উত্তৰঃ বুদ্ধি হৈছে ব্যক্তিৰ এক সাধাৰণ মানসিক ক্ষমতা যাৰ সহায়ত ব্যক্তিয়ে সমস্যা সমাধান কৰি পৰিৱেশত সুস্থভাৱে সমাযোজন কৰিব পাৰে। বুদ্ধি এক বহল পৰিসৰৰ সাধাৰণ মানসিক গুণ যিয়ে ব্যক্তিক কার্যক্ষম কৰি তুলি নিজৰ স্বকীয় ব্যক্তিগত ক্ষমতা আৰু যোগ্যতাক প্ৰকাশ কৰে।


 ২। বুদ্ধিৰ এটা সংজ্ঞা দিয়া। 

 Give a definition of intelligence. 

উত্তৰঃ 
(১) ষ্টাৰ্ণৰ মতে, “বুদ্ধি হৈছে ব্যক্তিক এক নতুন পৰিৱেবশত সমাযোজন কৰাৰ ক্ষমতা” (ability to adjust oneself to a new situation - Stern)

(২) চিৰিল বাৰ্টৰ মতে, বুদ্ধি এক নমনীয় সমাযোজন ক্ষমতা (capacity for flexible adjustment - Cyril Burt)
 

 ৩। “বুদ্ধি হৈছে এক বিমূৰ্ত্ত চিন্তন ক্ষমতা” – কথাষাৰ কোনে কৈছিল?

 "Intelligence is the ability to carry on abstract thinking." 

উত্তৰঃ “বুদ্ধি হৈছে এক বিমূৰ্ত্ত চিন্তন ক্ষমতা” – কথাষাৰ টাৰমেন নামৰ মনোবিজ্ঞানী এজনে কৈছিল।

 ৪। বুদ্ধিৰ বৈশিষ্ট্যবোৰ কি? 

 What are the characteristics of intelligence? 

উত্তৰঃ বুদ্ধিৰ বৈশিষ্ট্যবোৰ -

 (১) বুদ্ধি এক জন্মগত মানসিক ক্ষমতা।

(২) বুদ্ধি কোনো অভিজ্ঞতা বা শিকনৰ ফল নহয়।

(৩) ব্যক্তিৰ বিমূৰ্ত্তি চিন্তাৰ পৰিচায়ক হ'ল বুদ্ধি।

(৪) বুদ্ধিয়ে ব্যক্তিক বাস্তৱ সমস্যা সমাধান আৰু পৰিৱেশৰ লগত সুস্থ সমাযোজনত সহায় কৰে।

(৫) বিভিন্ন মানসিক ক্রিয়া-প্ৰক্ৰিয়াৰ সমন্বয় হৈছে বুদ্ধি।
(৬) বুদ্ধি হৈছে যোগ্যতাৰ মাপকাঠী। ব্যক্তিৰ সমস্যা সমাধানত বুদ্ধিৰ ভূমিকা অপৰিসীম।

 ৫। কিমান চনত বুদ্ধিৰ দ্বিকাৰক তত্ত্বৰ বিকাশ হৈছিল?

 In which year two factor theory of intelligence was developed?

 উত্তৰঃ  (১৮৬৩ - ১৯৪৫) চনত বুদ্ধিৰ দ্বিকাৰক তত্ত্বৰ বিকাশ হৈছিল ।


 ৬। দ্বি-কাৰক তত্ত্বৰ আবিষ্কাৰক কোন আছিল? 

Who was the propounder of two-factor theory?

উত্তৰঃ দ্বি-কাৰক তত্ত্বৰ আবিষ্কাৰক আছিল মনোবিজ্ঞানী চাৰ্লচ স্পিয়েৰমেন

 
৭। সমূহ কাৰক তত্ত্ব কোনে দাঙি ধৰিছিল? 

 Who had highlighted group-factor theory ? 

 উত্তৰঃ 

 ৮। কোনে আৰু কিমান চনত বহু কাৰক তত্ত্ব দাঙি ধৰিছিল? 

Who and in which year multifactor theory was highlighted? 

 ৯। বুদ্ধি অভীক্ষা কি? 

 What is intelligence test? 

উত্তৰঃ বুদ্ধি অভীক্ষাই সাধাৰণতে ব্যক্তিৰ মানসিক ক্ষমতাসমূহৰ পৰীক্ষা কৰাকেই বুজায়। বুদ্ধিৰ জৰিয়তে ব্যক্তিয়ে স্মৃতি, কল্পনা, চিন্তা, যুক্তি, সমস্যা সমাধান আদি মানসিক ক্ষমতাৰ বিকাশ সাধন কৰিব পাৰে 

 ১০। বুদ্ধি অভীক্ষাৰ বিকাশৰ বিষয়ে চমুকৈ লিখা। 

 Write briefly about the development of intelligence test.

 ১১। বুদ্ধিৰ ব্যক্তিগত পৰীক্ষা মানে কি? 

 What is meant by individual intelligence test?


উত্তৰঃ বুদ্ধিৰ ব্যক্তিগত পৰীক্ষা বিশেষভাৱে পুৰণি যদিও বহুলভাৱে প্ৰচাৰিত। এনে পৰীক্ষা কেৱল এজন এজনকৈ ব্যক্তিক প্ৰদান কৰা হয়। অর্থাৎ প্রতিজন ব্যক্তিক পৃথকে পৃথকে অভীক্ষা প্রদান কৰা হয় ৷ এনে পৰীক্ষাক এক “সাক্ষাৎকাৰ” বুলিও ক'ব পাৰি। অভীক্ষা প্ৰদান কৰা পৰীক্ষকজন ভাল পৰীক্ষকজনে প্ৰশ্নৰ উত্তৰ দিয়াৰ ধৰণ, আত্মবিশ্বাস, স্নায়বিক দুর্বলতা, কাম কৰাৰ দ্ৰুততা, বিভিন্ন পৰিস্থিতিত আবেগিক প্ৰতিক্ৰিয়া আদি নিখুতভাৱে জানিবলৈ সুবিধা পায়। মানসিক বাধাগ্রস্ত শিশু, সমস্যা-শিশু, মনোব্যাধিগ্রস্ত ব্যক্তি আদিৰ ক্ষেত্ৰত এই ব্যক্তিগত অভীক্ষাৰ প্ৰয়োজনীয়তা দেখা যায়। মনোযোগ বিশেষজ্ঞসকলেও ব্যক্তিৰ কেতবোৰ ৰোগ নিৰ্ধাৰণ কৰিবলৈ এইবিধ পৰীক্ষাৰ সহায় লয়।
 
    ব্যক্তিগত বুদ্ধি অভীক্ষাক দুটা ভাগত ভাগ কৰিব পাৰি। যেনে—
  
(১) ব্যক্তিগত ভাষিক বুদ্ধি অভীক্ষা আৰু

(২) ব্যক্তিগত ভাষাবিহীন বুদ্ধি অভীক্ষা ।
 
১২। বুদ্ধিৰ সামূহিক পৰীক্ষা কি?

 What is group intelligence test? 

উত্তৰঃ 

 ১৩। ব্যক্তিগত বুদ্ধি পৰীক্ষা দোষ-গুণসমূহ লিখা। 

 Write the merits and demerits of intelligence test.

উত্তৰঃ  (১) এই অভীক্ষা বেছি সংখ্যক ভাষা প্ৰধান হোৱা বাবে সকলো লোকক সমানে প্ৰদান কৰিব নোৱাৰি।

(২) তদুপৰি এই অভীক্ষা সাক্ষাৎকাৰ ভিত্তিক হোৱা বাবে ব্যক্তি ভয়, সংকোচ, লাজ আদি আবেগৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখা যায়। যাৰ ফলত বুদ্ধিৰ পৰিচয় মাপ সঠিকভাবে কৰিব নোৱাৰি।

(৩) ব্যক্তিগত অভীক্ষাত প্ৰতিজন অভীক্ষাৰ্থীৰ বেলেগে বেলেগে পৰীক্ষা ল'ব লাগে। গতিকে
ইয়াত অধিক সময়ৰ প্ৰয়োজন হয়।

(৪) এনে অভীক্ষাৰ প্ৰতিমানীকৰণত লোৱা প্ৰতিনিধিত্বমূলক নমুনা দল অধিক ডাঙৰ হয়।
ফলত প্রতিমান নির্ণয়ত অসুবিধা দেখা যায়।

১৪। সামূহিক বুদ্ধি পৰীক্ষাৰ প্ৰকাৰসমূহ কি কি?

What are the types of group intelligence test?

উত্তৰঃ সামুহিক বুদ্ধি অভীক্ষা দুই প্ৰকাৰৰ -

(১) ভাষিক (Verbal) আৰু

(২) ভাষা বিহীন (Non-Verbal)

১৫। সামূহিক বুদ্ধি পৰীক্ষাৰ দোষ-গুণসমূহ লিখা।

Write the merits and demerits of group intelligence test.

উত্তৰঃ  সামূহিক বুদ্ধি অভীক্ষাৰ গুণ (Merits of Group Intelligence Test) :

(১) একে সময়তে বহু সংখ্যক লোকক দিব পাৰি বাবেই বুদ্ধি পৰিচালনা আৰু পৰীক্ষা প্ৰদানৰ কষ্ট লাঘব হয় বুলি ক'ব পাৰি।

(২) বিশিষ্ট জ্ঞান আৰু অভিজ্ঞতা নথকাকৈও এই অভীক্ষা প্রয়োগ কৰিব পাৰি।

(৩) অধিক সময়ৰ প্ৰয়োজনীয়তা এইবিধ অভীক্ষাই গুচাব পাৰিছে। অতি দ্রুত আৰু ব্যৱহাৰযোগ্য।

(৪) প্রয়োজন সাপেক্ষে এই অভীক্ষা ব্যক্তিগতভাৱেও প্ৰয়োগ কৰিব পাৰি।

(৫) আবেগ প্রবন ব্যক্তিয়েও ইয়াক সফলভাৱে প্ৰয়োগ কৰি বুদ্ধিৰ পৰিচয় দিব পাৰে।

(৬) প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ পর্যায়লৈ এই অভীক্ষা ব্যৱহাৰ কৰিব পাৰি।

সামূহিক বুদ্ধি পৰীক্ষাৰ দোষ (Demerits of Group Intelligence Test) :

(১) এই অভীক্ষা দ্ৰুত প্ৰকৃতিৰ বাবে ব্যক্তিৰ বুদ্ধিৰ সঠিক আৰু নিৰ্ভৰযোগ্য পৰিমাপণ কৰিব নোৱাৰি। প্ৰশ্নসমূহৰ এক নিৰ্দিষ্ট সময়সীমা থাকিলেহে ব্যক্তিৰ বুদ্ধিৰ নিশ্চিত পৰিমাপণ সম্ভৱ।

(২) ব্যক্তিয়ে সামুহিকভাৱে অৱতীৰ্ণ হ'ব লাগে বাবেই আনৰ পৰা অনুকৰণ কৰি অথবা অনুমানৰ ওপৰত উত্তৰ দান দিয়াৰ সুবিধা বেছি।
(৩) ভাষাৰ ক্ষেত্ৰত বাধা থকা লোক অথবা বিদেশীলোকে ইয়াৰ প্ৰয়োগ কৰিব নোৱাৰে।

(৪) এই অভীক্ষাৰ পৰা লাভ কৰা প্ৰাপ্ত ফলাফলৰ পৰা ব্যক্তিৰ ভৱিষ্যত সম্ভাৱনীয়তাক ভালদৰে বিচাৰ কৰিব নোৱাৰি।

(৫) ব্যক্তিয়ে প্রস্তুতি নোহোৱাকৈ এই অভীক্ষাত অৱতীৰ্ণ হ'ব পাৰে বাবেই অভীক্ষাবোৰৰ প্ৰকৃত উদ্দেশ্য সফল নহ'বও পাৰে।

(৬) ব্যক্তিৰ মানসিক দিশৰ বিভিন্ন অৱস্থাৰ পৰ্যবেক্ষণ সম্ভৱ নহয়।

১৬। ব্যক্তিগত বুদ্ধি পৰীক্ষা আৰু সামূহিক বুদ্ধি পৰীক্ষাৰ পাৰ্থক্য বিচাৰ কৰা।

Justify the difference between individual test of intelligence and group test of intelligence.

উত্তৰঃ 


১৭। বুদ্ধি কি? বুদ্ধিৰ তত্ত্বসমূহ ব্যাখ্যা কৰা।
What is intelligence? Explain the theories of intelligence.

উত্তৰঃ বুদ্ধি হৈছে ব্যক্তিৰ এক সাধাৰণ মানসিক ক্ষমতা যাৰ সহায়ত ব্যক্তিয়ে সমস্যা সমাধান কৰি পৰিৱেশত সুস্থভাৱে সমাযোজন কৰিব পাৰে। বুদ্ধি এক বহল পৰিসৰৰ সাধাৰণ মানসিক গুণ যিয়ে ব্যক্তিক কার্যক্ষম কৰি তুলি নিজৰ স্বকীয় ব্যক্তিগত ক্ষমতা আৰু যোগ্যতাক প্ৰকাশ কৰে।

১। ৰাজতন্ত্রবাদী তত্ত্ব বা একক তত্ত্ব (Monarchie Theory or Unitary Theory)

২।বহুকাৰক তত্ব বা অৰাজকতা তত্ব(Multifactor Theory or Anarchic theory)

৩। দ্বিকাৰক বা দ্বিউপাদানমূলক তত্ত্ব (Two factors Theory)

৪। সমূহ কাৰক তত্ব (Group - Factor Theory)

৫। গিলফ ' ৰ্ডৰ ত্ৰিপৰিধিয় আদৰ্শ তত্ব ( Guilford's Three - dimensional Model Theory)
    
 
১৮। বুদ্ধিৰ সংজ্ঞা দিয়া। বুদ্ধিৰ দ্বি-কাৰক আৰু বহুকাৰক তত্ত্বৰ বৰ্ণনা কৰা।

Define intelligence. State the two factor theory and multifactor theory of intelligence.

উত্তৰঃ (১) ষ্টাৰ্ণৰ মতে, “বুদ্ধি হৈছে ব্যক্তিক এক নতুন পৰিৱেবশত সমাযোজন কৰাৰ ক্ষমতা” (ability to adjust oneself to a new situation - Stern)

(২) চিৰিল বাৰ্টৰ মতে, বুদ্ধি এক নমনীয় সমাযোজন ক্ষমতা (capacity for flexible adjustment - Cyril Burt)


 
১৯। বুদ্ধিৰ সমূহ কাৰক তত্ত্বৰ বিষয়ে চমুকৈ লিখা।

Write briefly about group factor theory of intelligence. ২০। ব্যক্তিত্ব কাক বোলে?
What is personality?

উত্তৰঃ আমাৰ সমাজৰ প্ৰায় প্ৰতিজন লোকেই ব্যক্তিত্ব শব্দটোৰ লগত কম-বেছি পৰিমাণে পৰিচিত। ব্যক্তিত্ব শব্দটোৰ অৰ্থৰ ব্যাপকতা বা বিশালতাৰ কথা তেওঁলোকে নজনাকৈয়ো শব্দটোৰ ব্যৱহাৰ সঠিক ঠাইত কৰি থকা দেখা যায়। উদাহৰণস্বৰূপে ‘তেখেত বৰ সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী’, তেখেতৰ ব্যক্তিত্বৰ লগত কাৰো তুলনা নহয়, তেখেতৰ ব্যক্তিত্বই সচাকৈয়ে আমাক আকৃষ্ট কৰিছে ইত্যাদি কথোপকথনবোৰে প্ৰমাণ কৰে যে ব্যক্তিত্ব সম্বন্ধে মানুহৰ কম বেছি পৰিমাণে হ'লেও এক ধাৰণা আছে। সেয়ে হ'লেও মনোবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লেহে ব্যক্তিত্ব শব্দটোৰ অৰ্থৰ প্ৰকৃত ব্যাপকতাৰ উমান পাব পাৰি। সমাজৰ প্ৰতিজন ব্যক্তিয়েই এক সুকীয়া ব্যক্তিত্বৰ অধিকাৰী। কোনো ব্যক্তিৰ ব্যক্তিত্ব আন কোনো ব্যক্তিৰ লগত নিমিলে। মানুহৰ আকৃতি প্রকৃতি, আচাৰ-ব্যৱহাৰ চাল-চলন, কথা বতৰা, পিন্ধন উৰণ ইত্যাদি ভিন ভিন হোৱাৰ মূলতেই হ’ল ব্যক্তিত্ব।

২১। ব্যক্তিত্বৰ সংজ্ঞা দিয়া?

Define personality.

উত্তৰঃ ব্যক্তিত্বৰ সংজ্ঞা -

১। উদ্ভবথ (Woodworth) ৰ দৃষ্টিভংগী : “ব্যক্তিত্ব হ'ল এজন ব্যক্তিৰ আচৰণৰ সৰ্বমুঠ গুণৰাশিৰ অধ্যয়ন। ই কেৱল শাৰিৰীক, আবেগিক আচৰণ আৰু বৌদ্ধিক দিশকেই অন্তৰ্ভূক্ত নকৰে, ইহঁতৰ সাংগঠনিক আৰ্হিয়েও ব্যক্তিত্বৰ গঠনত সহায় কৰে” (Personality is the study of sum total of the behaviour of an individual. It includes not only the physical, emotional behaviour and intellectual aspects, but their organised patterns constitute personality)

২। আলপট (Allport) ৰ দৃষ্টিভংগী : “ব্যক্তিত্ব হৈছে ব্যক্তিৰ অভ্যন্তৰত ঘটা মনো-দৈহিক তন্ত্ৰসমূহৰ এক গতিশীল সংগঠন যি পৰিৱেশৰ লগত ব্যক্তিৰ অদ্বিতীয় সমাযোজন নিৰ্ধাৰণ কৰে" (Personality is the dynamic organisation within the individual of those psycho-physical system that determine its unique adjustment to his environment) |

৩। মটন প্রিন্স (Morton Prince) ৰ দৃষ্টিভংগী : “ব্যক্তিৰ জৈৱিক সহজাত প্রবৃত্তি, প্ৰৱণতা, হেঁপাহ, প্ৰেৰণা আদিৰ লগতে অর্জিত অভিজ্ঞতা আদিৰ যোগেদি লাভ কৰা প্ৰকৃতিগত প্ৰৱণতাৰ সমষ্টিয়েই হল ব্যক্তিত্ব” (Personality is the sum total of all the biological innate dispositions,

২২। ব্যক্তিত্বৰ পাঁচটা বৈশিষ্ট্য লিখা।

Write five characteristics of personality


উত্তৰঃ ব্যক্তিত্বৰ পাঁচটা বৈশিষ্ট্য -

(১) সদর্থক (Positiveness) : ব্যক্তিত্বৰ প্ৰয়োগ ইতিবাচক বা সদর্থক অৰ্থতহে প্ৰয়োগ কৰা হয়। সকলোবোৰ গুণৰ সমষ্টিকে ব্যক্তিত্ব বুলি কোৱা হয় যদিও ই কেৱল ভাল গুণবোৰকহে বুজায়।

(২) বংশগতি আৰু পৰিবেশৰ সংমিশ্রণ (Combination of Heredity and Environment) : কেৱল মাত্র বংশগতীয় কাৰক বা পৰিৱেশীয় কাৰকবোৰৰদ্বাৰা ব্যক্তিত্ব গঢ়ি উঠিব নোৱাৰে। এই দুই কাৰকৰ সংমিশ্ৰণৰ ফলতহে ব্যক্তিত্ব গঢ়ি উঠে। বংশগতি আৰু পৰিৱেশৰ পাৰস্পৰিক ক্ৰিয়া প্ৰতিক্ৰিয়াৰদ্বাৰাই ব্যক্তিত্বৰ ব্যক্তিত্ব গঠিত হয়।

(৩) আত্মসচেতনমূলক (Self Consciousness) : ব্যক্তিত্ব হৈছে আত্ম-সচেতনমূলক। জন্তুবোৰৰ কোনো ব্যক্তিত্ব নাই কিয়নো জন্তুবোৰৰ কোনো আত্মচেতনা নাই। ভাল-বেয়া প্রত্যেকজন মানুহৰ আত্ম সচেতনতা আছে বাবে প্রত্যেক ব্যক্তিৰে সুকীয়া সুকীয়া ব্যক্তিত্ব আছে।

(৪) সামগ্রিক প্রক্রিয়া (Total Process) : ব্যক্তিত্ব বিভিন্ন উপাদানেৰে গঠিত হ'লেও ই পৃথক উপাদান বা সংলক্ষণৰ এটা স্তূপীকৃত সমষ্টি নহয়। ব্যক্তিত্বৰ এক সামগ্রিক রূপ আছে। সেয়ে এজন ব্যক্তিৰ ব্যক্তিত্ব বুলি ক'লে ব্যক্তিজনৰ সকলোবোৰ সংলক্ষণেই সোমাই পৰে।

(৫) লক্ষ্য সচেতন (Goal Consciousness) : ব্যক্তিত্ব হৈছে এক লক্ষ্য সচেতনকাৰী উপাদান। ই এজন লোকৰ দেহ-মানসিক গুণসমূহ বিকাশৰ প্ৰতি থকা এক আত্ম-সচেতনকাৰী মনোভাৱক বুজায়।

(১০) সমায়োজন প্রক্রিয়া (Adjustment Process) : ব্যক্তি এজানে জন্ম মুহুৰ্তৰ পৰা পৰিৱেশত সমাযোজিত হ'বলৈ আৰম্ভ কৰে। পৰিৱেশত কৰা সমাযোজনৰ ফলস্বৰূপে ব্যক্তিয়ে আচরণ প্ৰদৰ্শন কৰে। গতিকে ব্যক্তিত্বক এক সমাযোজন প্ৰক্ৰিয়া বুলিব পাৰি।

২৩। ব্যক্তিত্বৰ বিভিন্ন উপাদানবোৰ আলোচনা কৰা।

Discuss the various factors of personality.

উত্তৰঃ ব্যক্তিত্বৰ মানসিক উপাদানবোৰৰ ভিতৰত বিভিন্ন মানসিক শক্তি যেনে বুদ্ধি, চিন্তা, যুক্তি, বিচাৰ-ক্ষমতা, স্মৃতি মনোযোগ, আগ্ৰহ আদি উল্লেখযোগ্য ইয়াৰ উপৰিও বৌদ্ধিক উপাদানস্বৰূপে ব্যক্তিৰ উদ্ভাৱন ক্ষমতা, সমস্যা সমাধানৰ ক্ষমতা, সুস্থ সমাযোজন ক্ষমতা আদিয়ে ব্যক্তিত্বৰ গঢ় দি তোলে।

২৪। ভাৰাসাম্যপূৰ্ণ পৰিপক্ক ব্যক্তিত্ব সম্বন্ধে লিখা।

Write about balanced matured personality.

উত্তৰঃ ভাৰসাম্য শব্দই সাধাৰণতে সামঞ্জস্যপূর্ণতাক বুজায়। সুব্যক্তিৰ অধিকাৰী ব্যক্তি এজনক পৰিপক্ক ব্যক্তিত্বৰ যিকোনো পৰিৱেশৰ লগত সুস্থভাৱে সমাযোজিত, সমস্যাৰ দ্ৰুত সমাধানকাৰী, গণতান্ত্রিক ভাৱধাৰাপূর্ণ, সামাজিকভাবে দায়বদ্ধ, নৈতিকভাবে উন্নত গুণসম্পন্ন, আত্মনিয়ন্ত্রিত বহল মনৰ, উচ্চ চিন্তা আৰু যুক্তি ক্ষমতাৰ অধিকাৰী তেনে ব্যক্তিৰ ব্যক্তিত্বক ভাৰসাম্যপূর্ণ পৰিপক্ক ব্যক্তিত্ব বুলি কোৱা হয়। এই প্ৰকাৰৰ ব্যক্তিত্বক সুস্থ ব্যক্তিত্বৰ আটাইবোৰ সংলক্ষণৰ মাজত সামঞ্জস্যতা দেখিবলৈ পোৱা যায় আৰু প্ৰতিটো সংলক্ষণেই পৰিপক্ক প্ৰকৃতিৰ ভাৰসাম্যপূর্ণ পৰিপক্ক ব্যক্তিত্বৰ ব্যক্তিসকলে সকলো কাম নিপুণভাবে সম্পাদন কৰিব পাৰে আৰু তেওঁলোকে প্ৰদৰ্শন কৰা আচৰণবোৰ সমাজৰ প্ৰতিজন লোকৰ বাবে গ্রহণযোগ্য। যিকোনো সামাজিক পৰিৱেশত এনে ব্যক্তিত্বৰ ব্যক্তিসকলে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে আৰু প্ৰতিটো কামতে উদ্যমতাৰ গুণ প্ৰতিফলিত কৰায়। দৰাচলতে আদৰ্শন ব্যক্তিসকলে ভাৰসাম্যপূৰ্ণ পৰিপক্ক ব্যক্তিত্বৰ ব্যক্তি বুলি পৰিচিত কৰাব পাৰি।

ভাৰসাম্যপূর্ণ পৰিপক্ক ব্যক্তিত্বৰ ব্যক্তিসকলৰ কেতবোৰ চাৰিত্ৰিক বৈশিষ্ট্য তলত দিয়া ধৰণেৰে উল্লেখ কৰিব পাৰি।

(ক) এই ব্যক্তিত্বৰ ব্যক্তিসকলে নিজকে ভালদৰে জানে আৰু নিজৰ সবলতা দুৰ্বলতা আদি মূল্যৱান কৰিবও পাৰে। (খ) ভাৰসাম্যপূর্ণ পৰিপক্ক ব্যক্তিত্বৰ ব্যক্তিসকলে পৰিৱৰ্তিত পৰিস্থিতি আৰু সময়ৰ লগত সামঞ্জস্য ৰক্ষা কৰি চলিব জানে। (গ) এই ব্যক্তিত্ব সম্পন্ন ব্যক্তিসকল আৱেগিকভাৱে পৰিপক্ক আৰু স্থিৰ আৰু পৰিস্থিতি সাপেক্ষে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব জানে।
(ঘ) এই লোকসকল বৌদ্ধিকভাবেও দক্ষ। উপযুক্ত সময়ত স্বাধীনভাৱে চিন্তা কৰা আৰু উৎকৃষ্ট সিদ্ধান্ত গ্ৰহণৰ দক্ষতা এওঁলোকৰ আছে।

(ঙ) কল্পনা আৰু অবাস্তব পৃথিৱীৰ বিপৰীতে ভাৰসাম্যপূর্ণ পৰিপক্ক ব্যক্তিত্বৰ ব্যক্তিসকলে বাস্তৱ পৃথিৱীত জীয়াই থাকে।



২৫। শ্রেণীকৰণ তত্ব মানে কি? যিকোনো এটা শ্ৰেণীকৰণ তত্বৰ বৰ্ণনা আগবঢ়োৱা।

What is type theory? Discuss any one type theory.

উত্তৰঃ বিভিন্ন মনোবিজ্ঞানীয়ে ব্যক্তিৰ দৈহিক আকার-আকৃতি, আৱেগ, অনুভূতি, আচৰণ, প্ৰবৃত্তি, অভিপ্রায়,পৰিৱেশৰ লগত কৰা সমাযোজন প্ৰক্ৰিয়া আদিৰ ভিত্তিত ব্যক্তিসকলক বিভিন্ন শ্রেণীত ভাগ কৰিছে। ইয়াকে ব্যক্তিৰ শ্ৰেণীকৰণ তত্ত্ব বোলা হয়।

২৬। শ্ৰেণীকৰণ তত্বৰ ভাগ দুটা কি কি?

What are the two types of type theory?

উত্তৰঃ শ্ৰেণীকৰণ তত্বৰ ভাগ দুটা -

(ক) দৈহিক আকৃতি আৰু

(খ) মানসিক প্ৰকৃতি ।

২৭। শ্বেলডনৰ ব্যক্তিত্বৰ তত্বটো সমালোচনাত্মকভাৱে বৰ্ণনা কৰা।
 
Explain critically the Sheldon's personality theory.

উত্তৰঃ শ্বেলডনৰ শ্ৰেণীতত্ব (Type Theory of Sheldon) : ব্যক্তিৰ দৈহিক গঠনৰ ভিত্তিত ব্যক্তিত্বৰ শ্ৰেণীকৰণ তত্বৰ অৱদান আগবঢ়োৱা মনোবিজ্ঞানীসকলৰ ভিতৰত আমেৰিকাৰ মনোবিজ্ঞানী উইলিয়াম হার্বার্ট শ্বেলডন (William Herbert Sheldon) অন্যতম। ১৯৪০ চনত তেওঁ মত প্ৰকাশ কৰিছিল যে এজন ব্যক্তিৰ শাৰিৰীক গঠন সেই ব্যক্তিজনৰ ব্যক্তিত্বৰ লগত জড়িত। ইয়াৰ পৰৱৰ্তী সময়ত শ্বেলডনে বিভিন্ন নগ্ন দেহৰ বিভিন্ন অংগ প্ৰত্যংগ পৰিমাপ কৰে আৰু প্ৰায় চাৰি হাজাৰ স্বাভাৱিক আৰু অস্বাভাবিক ব্যক্তিৰ ফটো বিভিন্ন দৃষ্টিকোণৰ পৰা তুলি পৰ্যবেক্ষণ কৰে। তেওঁৰ মতে দৈহিক গঠনৰ ওপৰত নিৰ্ভৰ কৰি বাক্তিৰ শ্ৰেণী বিভাজন কৰিবলৈ হ'লে মানুহজনৰ বিভি মাজত থকা সঠিক সম্বন্ধ নিৰূপণ কৰা প্রয়োজন। কাৰণ দেহ বিশেষ বিশেষ অংগ বৃদ্ধিৰ পৰিমাণৰ। লগত ব্যক্তিত্বৰ সম্বন্ধ থাকে। এইলেডনে আমেৰিকাৰ চিকাগো, হার্ভাড আৰু কলম্বিয়া বিশ্ববিদ্যালয়ত লাভ কৰা মনোবিজ্ঞান আৰু শৰীৰ বিজ্ঞানৰ ব্যাপক অভিজ্ঞতাৰ ভিতি ১৯৪২ চনত - মানুহৰ শৰীৰৰ ওপৰত ভিত্তি কৰি ব্যক্তিৰ দেহৰ আকৃতিক তিনিটা ভাগত ভাগ কৰে। এই ভাগকেইটা -

(ক) গোলাকৃতি (Endomorphy) : এই শ্রেণীৰ লোকসকলৰ পেট, কঁকাল আৰু দেহৰ মাজ অংশ হয় অত্যধিক স্ফীত বা ঘূৰণীয়া বিধৰ। এওঁলোকৰ দৈহিক গঠন আৰ্টিল, আনুপতিক আৰু শক্তিশালী নহয়। ক্ৰেটচমাৰৰ গোলাকায় (Pyknic) শ্ৰেণীৰ লোকৰ লগত এই শ্ৰেণীৰ লোকৰ মিল আছে।

(খ) আয়তাকৃতি (Mesomorphy) : এই শ্রেণীৰ লোকৰ দৈহিক গঠন সবল, আর্টিল, শক্তিশালী, আকর্ষণীয় হোৱা দেখা যায়। শৰীৰৰ শক্তি সামৰ্থৰ লগতে এই শ্ৰেণীৰ লোকৰ মাংসপেশীও শক্তিশালী। ক্রেটচমাৰৰ পুষ্টকায় (Athletic) শ্ৰেণীৰ লোকৰ লগত এই শ্ৰেণীৰ লোকৰ সাদৃশ্য আছে। (গ) দীর্ঘাকৃতি (Ectomorphy) : দীর্ঘাকৃতি শ্ৰেণীৰ লোকৰ শাৰিৰীক গঠন দীঘল, ক্ষীণ, দুর্বল আৰু হাত-ভৰি ক্ষীণ হোৱা দেখা যায়। বুকুৰ গঠন ঠেক, চেপেটা, মাংসহীন আৰু মুখমণ্ডল দীঘল আকাৰৰ হোৱা দেখা যায় যদিও এই শ্ৰেণীৰ লোকৰ স্নায়ুতন্ত্ৰৰ ক্ৰিয়া ক্ষীপ্ৰতৰ হয়। ক্রেটমাৰৰ দীর্ঘকায় (Aesthenic) শ্রেণীৰ লোকৰ লগত এই শ্ৰেণীৰ মানুহৰ মিল আছে।
ওপৰত উল্লেখিত দৈহিক বৈশিষ্ট্যবোৰৰ ভিত্তিত শেলডনে তিনি প্ৰকাৰৰ মানসিক বৈশিষ্ট্যৰ কথাও উল্লেখ কৰিছিল। যেনে
(i) উদৰ প্ৰধান (Viscerotonic) : গোলাকৃতি দেহ বৈশিষ্ট্যৰ লোকৰ মানসিক বৈশিষ্ট্য উদৰ
প্রধান হোৱা দেখা যায়। এই শ্ৰেণীৰ লোক ভোজন বিলাসী, আৰামপ্রিয়, নম্ৰ আৰু নিদ্ৰাপ্ৰিয় হয়। এই লোকসকলে আমোদ-প্রমোদ ভাল পায়, জীৱনত আনন্দ বিচাৰে আৰু নিজ মনক আৱেগিক সমস্যাৰ পৰা মুক্ত কৰি ৰাখে। যিকোনো পৰিস্থিতিতে এই শ্ৰেণীৰ লোকে নিজকে সমাযোজিত কৰিব পাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকে এই লোকসকলক ভাল পায়। এইসকল লোকৰ প্ৰতিক্ৰিয়া মন্থৰ হোৱা দেখা যায়।

(ii) শৰীৰ প্ৰধান (Somatotonic): আয়তাকৃতি দেহ বৈশিষ্ট্যৰ লোকৰ মানসিক বৈশিষ্ট্য এই শ্ৰেণীৰ অন্তৰ্গত। এই শ্ৰেণীৰ লোক প্ৰভাৱশালী, সাহসী, কর্মক্ষম, দুঃসাহসী আৰু শক্তিশালী হোৱা দেখা যায়। এই শ্ৰেণীৰ লোকে যথেষ্ট পৰিমাণে শাৰিৰীক পৰিশ্ৰম কৰি ভাল পায়। দুঃসাহসী অভিযানমূলক কাম, পৰ্বতাৰোহণ আদিৰ দৰে কামৰ প্ৰতি এওঁলোকে উৎসাহী হোৱা দেখা যায়। এওঁলোকৰ দেহভংগী আৰু গতি দৃঢ়তাসূচক।

(iii) মস্তিষ্ক প্রধান (Cerebrotonic): দীর্ঘাকৃতি দেহ-বৈশিষ্ট্যৰ বাহি এই ভাগৰ অন্তর্ভুক্ত। ক্ষীণ প্ৰকৃতিৰ এই শ্ৰেণীৰ লোকসকল খোজ কাটলত সংযমী, দ্রুত প্রতিক্রিয়াশীল, নিজানপ্রিয়, মুক্ত, নিদ্রাহীন আৰু ক্লান্তবিধৰ হয়। স্বভাবগতভাৱে অধিক সংবেদনশীল হোৱা বাবে স্নায়বিক দুর্বলতাত ভোগা দেখা যায় লগতে আবেগিকভাবে অবদমী, অসামাজিক আৰু আত্ম-সংকুচিত বিধৰ হয়। এই শ্ৰেণীৰ লোকে গোপনীয়তা পচন্দ কৰে। শ্বেলডনৰ এই তত্বৰ আটাইতকৈ উল্লেখযোগ্য দিশ হ'ল স্বাভাৱিক আৰু অস্বাভাবিক সকলো প্ৰকাৰৰ মানুহৰ দেহৰ অংগ-প্ৰত্যংগবোৰ ফটো তুলি পৰিমাপ কৰি সিদ্ধান্তত উপনীত হৈছিল। কিন্তু তথাপিওমনোবিজ্ঞানীসকলে এই তত্বৰ সমালোচনা কৰা দেখা যায়। যেনে-

(ক) শ্বেলডনে নিজেই ব্যক্তিত্ব গঠনত দৈহিক গঠনৰ বাহিৰেও আন আন উপাদানে প্রভাব বিস্তার কৰে বুলি মানি লৈছে।তেওঁৰ মতামত পৰৱৰ্তী গৱেষণাকাৰীসকলৰ দ্বাৰা সম্পূর্ণৰূপে সমর্থিত হোৱা নাই।।

(খ) মানসিক প্রকৃতি ঃ ব্যক্তিৰ আচৰণ, অভিপ্রায়, ভারবৃত্তি আদিৰ ভিত্তিত ব্যক্তিত্বৰ শ্ৰেণীকৰণ এই প্ৰকাৰত অর্ন্তভূক্ত। স্প্রেংগাৰ, আৰু কাল যুঙৰ ব্যক্তিত্বৰ তত্ব এই ভাগত অন্তর্গত।

(১) স্প্রেংগাৰৰ শ্ৰেণীবিভাগ (Classification of Spranger) : জার্মান মনোবিজ্ঞানীস্প্রেংগাৰে মানুহৰ সামাজিক জীৱনৰ অনুভৱ, ৰুচিবোধ আৰু আগ্ৰহৰ ভিত্তিত ব্যক্তিত্বক ছয়টা ভাগতভাগ কৰিছে। যেনে

(i) সংজ্ঞানাত্মক (Cognitive) : এই শ্ৰেণীৰ লোকে বাস্তৱ জগতৰ লগত সম্বন্ধ নাৰাখি বৌদ্ধিক চিন্তা-চৰ্চাত ব্যস্ত থাকে।

(ii) অর্থনৈতিক (Economic) : বস্তুবাদী চিন্তাধাৰাৰ এই শ্ৰেণীৰ লোকে উপযোগিতামূলক বা লাভজনক দিশত অধিক গুৰুত্ব দিয়ে। (iii) সৌন্দর্যবোধক (Aesthetic): এই শ্ৰেণীৰ লোকসকল সুন্দৰৰ প্রতি আগ্রহশীল আৰু সুন্দৰৰ প্ৰশংসাকাৰী হয়। (iv) ধার্মিক (Religious) : আধ্যাত্মিক মনোভাৱৰ এই শ্ৰেণীৰ লোক জীৱনৰ চিৰন্তন মূল্যবোধৰ প্ৰতি আকৰ্ষিত হয় আৰু জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰিবলৈ প্ৰয়াস কৰা দেখা যায়। (v) ৰাজনৈতিক (Political) : এই শ্রেণীৰ লোক ক্ষমতালোভী আৰু ক্ষমতাশালী হয়। নিজৰ প্রভাৱ আনৰ ওপৰত আৰোপ কৰিব বিচৰা বিধৰ হয়।
(vi) সামাজিক (Social) : সমাজপ্রিয় মনোভাৱৰ এই শ্রেণীৰ লোকে সমাজৰ বাবে কাম কৰি ভাল পায় আৰু মনোভাৱক সর্বাধিক মূল্য প্ৰদান কৰে।

(২) কার্ল যুঙৰ তত্ত্ব (Theory of Karl Jung) : চুইজাৰলেণ্ডৰ বিশ্লেষণাত্মক মনোবিজ্ঞানী কার্ল গুস্তাভ মুঙে (Karl Gustave Jung) ১৯২৩ চনত তেখেতৰ বিখ্যাত গ্রন্থ "Personality Typesh. ৰ যোগেদি ব্যক্তিত্বৰ এই তত্বৰ বর্ণনা আগবঢ়াইছে। ব্যক্তিসকলে সামাজিক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছে। এই ভাগ দুটা হ’ল—

(1) বহির্মুখী বাক্তিত্ব (Extroverty Personality) আৰু 

(ii) অন্তর্মুখী ব্যক্তিত্ব (Introvert Personality)। ব্যক্তিত্বৰ এই দুটা প্ৰকাৰ এটা আনটোৰ বিপৰীত ধৰ্মী। ব্যক্তিত্বৰ এই দুটা প্ৰকাৰ এটা আনটোৰ বিপৰীত ধৰ্মী। এই দুটা ভাগৰ উপৰিও ব্যক্তিত্বৰ আন এটা ভাগো আছে। বহির্মুখী আৰু অন্তর্মুখী ব্যক্তিত্ব—এই দুয়োবিধৰ গুণ একত্রিত হোৱা ব্যক্তিও সমাজত পোৱা যায়। সেয়েহে ব্যক্তিত্বৰ এই ভাগটোক উভয়মুখী ব্যক্তিত্ব (Ambivert Personality) বোলা হয়। তলত এই ভাগ তিনিটাৰ বৰ্ণনা আগবঢ়োৱা হ'— 
 (i) বর্হিমুখী ব্যক্তিত্ব (Extrovert Personality) : যিকোনো বাহ্যিক পৰিৱেশৰ লগত সমাযোজিত হ'ব পৰা এই শ্ৰেণীৰ ব্যক্তিত্বৰ লোকসকল নতুন পৰিৱেশত তেওঁলোকে আনন্দ আৰু জীৱনটো উপভোগ কৰিব বিচাৰে। এই শ্ৰেণীৰ লোক সমাজপ্ৰিয় হোৱা দেখা যায়। সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ লগতে এওঁলোকে সম্বন্ধ ৰক্ষা কৰি চলে আৰু কোনো বিশেষ বন্ধু এওঁলোকৰ নাথাকে। নিজৰ যোগ্যতা সমাজত প্ৰদৰ্শন কৰিবৰ বাবে এওঁলোকে আত্মপ্ৰচাৰ আৰু আত্ম প্ৰকাশৰ সুযোগ বিচাৰে। ৰাজনৈতিক নেতা, উকীল, বক্তা, সমাজসেৱী লোক ব্যক্তিত্বত্ব এই ভাগৰ অন্তৰ্ভুক্ত। এই শ্ৰেণীৰ লোকৰ জীৱন দর্শন বাস্তৱবাদী, ভোগবাদী আৰু কৰ্মবাদী আদৰ্শৰদ্বাৰা প্ৰভাৱিত হোৱা দেখা যায়। যিকোনো পৰিস্থিতি এওঁলোক আশাবাদী হয় আৰু সহজে হাৰ মানিব নোখোজে। মনোভাব আৰু দৃষ্টিভংগী ইতিবাচক হোৱা বাবে জীৱনৰ দুখ যাতনাই এওঁলোকক ব্যর্থ কৰিব নোৱাৰে। এওঁলোকে সুবিধা অনুসৰি পৰিস্থিতি সলনি কৰি ল'ব পাৰে। অতিমাত্রা আশাবাদী হোৱা বাবে নিজৰ ক্ষমতা যোগ্যতাৰ আত্মবিশ্লেষণ এওঁলোকে কৰিব নোৱাৰে। বাস্তবভিত্তিক, প্রণালীবদ্ধ আৰু শৃংখলাবদ্ধ চিন্তাৰ অধিকাৰী এই শ্রেণীৰ লোকে তৰ্ক আৰু প্ৰমাণৰ ভিত্তিতহে বিচাৰ-বিবেচনা বিশ্লেষণ কৰে। এওঁলোকৰ কোনো স্বতন্ত্র মত নাথাকে অর্থাৎ বেলেগ বেলেগ পৰিস্থিতি বা ঘটনাত এওঁলোকৰ মত বেলেগ বেলেগ হ'ব পাৰে। বাস্তৱ পৰিস্থিতি অনুসৰি এওঁলোকে আদৰ্শৰ পৰিৱৰ্তন কৰিব পাৰে। ব্যক্তি এজনে বিকাশৰ দ্বিতীয় স্তৰত অৰ্থাৎ বাল্যকালতেই এইবিধ ব্যক্তিত্বৰ অধিকাৰী হয় নে নহয় সেয়া জানিব পাৰি বুলি কাৰ্ল যুঙে মত প্ৰকাশ কৰে। কিছু সংখ্যক শিশুৱে কোনো নতুন বস্তু বা বিষয়ৰ প্ৰতি কৌতূহলী হোৱা, নিৰ্ভয়ে সেই বস্তু বা বিষয়ৰ ওচৰ চপা আৰু জ্ঞান লাভ কৰা আদি কাৰ্য বহির্মুখী ব্যক্তিত্বৰে উদাহৰণ।

(ii) অন্তর্মুখ ব্যক্তিত্ব (Introvert Personality) : বহিমুখী ব্যক্তিত্বৰ সম্পূৰ্ণ বিপৰীতধৰ্ম ব্যক্তিত্বই হল অন্তর্মুখী ব্যক্তিত্ব। এই শ্ৰেণীৰ লোকক সামাজিক পৰিৱেশ সহজে আকর্ষণ কৰিব নোৱাৰে। ভাবনা-চিন্তা কৰি অতি সাবধানে এওঁলোকে যিকোনো কামত আগবাঢ়ে। এই শ্রেণীর লোকে মানসিক শক্তিক পৰিৱেশৰ পৰা আঁতৰাই আনি নিজৰ চিন্তা, অনুভূতি আদিত নিয়োজিত কৰে। তদুপৰি এনে লোকে সমাজত আত্মপ্রকাশ কৰাৰ বিপৰীতে আত্মগোপন কৰিবলৈ যত্ন কৰে। এই শ্ৰেণীৰ লোকে নিজৰ পুৰণি পৰিবেশ কোনো পদ্যেই সলনি কৰিব নিবিচাৰে। দার্শনিক, বিজ্ঞানী, গবেষক, কবি আদি বৃত্তিধাৰী ব্যক্তিসকল বহু পৰিমাণে অর্ন্তমুখী ব্যাক্তিত্বৰ অধিকাৰী হোৱা দেখা যায়। এই প্রোণীৰ লোকৰ জীৱন দৰ্শন ত্যাগ দৰ্শনৰদ্বাৰা প্ৰভাৱিত। ভোগবাদী আৰু বাস্তৱবাদী চিন্তাধাৰাৰ বিপরীতে এওঁলোকে সুদূৰ ভৱিষ্যতৰ চিন্তা কৰিব পাৰে। আদৰ্শৰ অনুগামী হৈ এওঁলোকে বাস্তৱতাক পৰিহাৰ কৰিব পাৰে। এই শ্ৰেণীৰ ব্যক্তিৰ মানসিক শক্তি তেওঁলোকৰ নিজৰ চিন্তা আৰু অনুভূতিক প্রতি আকৃষ্ট হয় আৰু মানসিক শক্তিব প্রয়োগ অন্তর্মুখী হয়। এওঁলোকে নিজক সদায় ক্ষুদ্র বুলি জ্ঞান কৰে আৰু নিজ সামৰ্থৰ আত্মবিশ্লেষণ কৰিব পাৰে। চিন্তাধাৰা আৰু বিচাৰ-বিবেচনাত মুক্ততা, মৌলিকতা আৰু নতুনত্বৰ সন্ধান পাব পৰা এই শ্ৰেণীৰ লোকৰ চিন্তা পূর্ব নিৰ্ধাৰিত নীতি আৰু তথ্যপাতিৰ ওপৰত নির্ভৰশীল নহয়। সকলো ধৰণৰ বিচাৰ বিবেচনা আৰু চিন্তাধাৰাত এওঁলোকে নিজস্ব দৃষ্টিভংগীত অধিক গুৰুত্ব দিয়ে। সমাজৰ ভিত্তিহীন নিয়মবোৰ অনুসৰন কৰাৰ পৰিৱর্তে এওঁলোকে সেইবোৰৰ বিৰুদ্ধে যুক্তি-তর্ক কৰা দেখা যায়। এওঁলোকৰ আৱেগ অনুভূতি প্রবল যদিও মুক্তভাৱে প্ৰকাশ কৰিব নোৱাৰে। চিন্তাৰ প্ৰাধান্য থকা বাবে এই শ্রেণীৰ লোকে কোনো জটিল বিষয়ত বা সমস্যা সম্পর্কে প্রণিধান কৰিব পাৰে। 
(iii) উভয়মুখী ব্যক্তিত্ব (Ambivert Personality) : কোনো এজন ব্যক্তিকে সম্পূর্ণভাৱে বহির্মুখী বা সম্পুর্ণভাৱে অৰ্ন্তমুখী বুলিব নোৱাৰি। সমাজৰ বেছিভাগ মানুহৰ গাতে কম-বেছি পৰিমাণে এই দুয়োবিধ গুণ থাকে। সেই শ্ৰেণীৰ মানুহৰ ব্যক্তিত্বক উভয়মুখীস্বৰূপে জনা যায়। উভয়মুখীসকলে কোনো কোনো পৰিস্থিতিত বহির্মুখী আৰু কোনো কোনো ক্ষেত্ৰত অন্তর্মুখী আচৰণ প্ৰদৰ্শন কৰে। পৃথিৱীত এই শ্ৰেণীৰ লোকৰ সংখ্যাই সর্বাধিক। যুঙে বিশ্বাস কৰে যে ব্যক্তিৰ ব্যক্তিত্ব তিনিটা প্ৰধান উপাদানৰদ্বাৰা গঠিত। সেয়া হ'ল- 

(i) সচেতনমূলক ইড (The Conscious Ego), 

(ii) ব্যক্তিগত অসচেতন (The Personal Unconscious) আৰু 

(iii) সন্মিনিত অসচেতন (The Collective Unconscious) |  
 

২৮। কার্ল যুঙৰ ব্যক্তিত্বৰ তত্বৰ বৰ্ণনা আগবঢ়োৱা।

Explain the personality theory of Karl Jung.

উত্তৰঃ কার্ল ৰজাৰচে ব্যক্তিত্ব তত্ত্ব (Personality theory of Carl Roger's) কার্ল ৰজাৰচে মানৱ ব্যক্তিত্বৰ বিকাশৰ বাবে এক ব্যতিক্রমী ধৰণেৰে ব্যাখ্যা আগবঢ়াইছিল। ব্যক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যিয়ে নিজৰ ভাগ্য নিজেই লিখে। আমাৰ প্ৰকৃতি মূলত সদর্থক মনোভাৱৰ। আমি সকলোৱে ব্যক্তিসত্তা বাস্তবায়িত কৰিবলৈ, পৰিপক্কতা লাভ কৰিবলৈ আৰ সামাজিকীকৰণ লাভ কৰিবলৈ বিচাৰো। ৰজাৰচে আচৰণ তত্ত্ব (Behaviouristic theory) সমালোচনা কৰিছিল আৰু কৈছিল যে এই তত্ত্ব যান্ত্ৰিক আৰু মানুহৰ দেহতাত্ত্বিক প্রয়োজন আৰু প্ৰেৰণা আদিৰ ওপৰতেই আচৰণ নিৰ্ভৰ নকৰে, ইয়াৰ পৰিবৰ্তে ব্যক্তিত্বৰ জটিল সংগঠনৰ জৰিয়তে ব্যক্তিত্ব গঢ় লৈ উঠে। ৰজাৰচে তেওঁৰ আত্ম তত্ব তলত উল্লেখ কৰা ধৰণেৰে বৰ্ণনা কৰিছে।

(ক) ব্যক্তিত্বৰ গাঁঠনি (Structure of Personality) : ৰজাৰচৰ ব্যক্তিত্বৰ তত্বত দুটা প্ৰধান ধাৰণা থাকে। যেনে—–(i) জৈবিক সত্তা (Organism) আৰু ব্যক্তি সত্তা (Self)

(!) জৈৱিক সত্তা (Organism) : জৈৱিক সত্তা হ'ল সকলো অভিজ্ঞতাৰ কেন্দ্ৰস্বৰূপ। প্রত্যেকব্যক্তিয়ে জৈৱিক সত্তা হিচাপে নিজৰ জৈৱিক বিকাশ আৰু উৎকৰ্ষ সাধনকাৰী সকলো সম্ভাৱনীয়তাক বাস্তৱত পৰিণত কৰাৰ এক প্ৰৱণতা থাকে। এই স্বাভাবিক প্রৱণতা সকলো জীৱৰ ক্ষেত্ৰতেই বিদ্যমান আৰু ই গঠনাত্মক। ব্যক্তিৰ এই প্ৰৱণতাবোৰ বাস্তৱত পৰিণত কৰিব নোৱাৰিলে অৱদমিত কৰি ৰখা হয় যদিও এইবোৰ ধ্বংস কৰিব নোৱাৰি। বাস্তবায়িতকৰণ ধাৰণাই হ'ল এই তত্বৰ একমাত্ৰ অভিৰোচনমূলক শক্তি। এই ধাৰণাই অভিৰোচনমূলক সকলো দিশ, উৎকণ্ঠা, প্রয়োজন বা প্ৰেৰণা পৰিতৃপ্তি (Need or drive reduction), সৃজনশীলতা আৰু সম্ভোগমূলক প্ৰৱণতা (Pleasure seeking tendency) ক সামৰি লয়। জৈৱিক সত্তাৰ সামগ্রিক অৱস্থাতহে এই প্ৰৱণতা বিদ্যমান, আংশিক অৱস্থাত নহয়। প্রত্যেক ব্যক্তিয়ে নিজৰ সম্ভাৱনীয়তা পূৰণ কৰা ধাৰণাৰ ভিত্তিতেই ব্যক্তিত্ব তত্বৰ ব্যাখ্যা ৰজাৰচে আগবঢ়াইছিল।

(!!) ব্যক্তি সত্তা (Self) : মানুহৰ জৈৱিক সত্তাই সচেতন আৰু অচেতনভাৱে সকলো ধৰণৰ অভিজ্ঞতা সামৰি লয়। পৃথকীকৰণ প্ৰক্ৰিয়াৰদ্বাৰা এই অভিজ্ঞতাবোৰৰ কিছু অংশ ব্যক্তিয়ে নিজৰ কৰি গঢ়ি তোলে। এই নিজৰ কৰি গঢ়ি তোলা অভিজ্ঞতাৰ ভিত্তিতে ব্যক্তি সত্তা ধাৰণাই গঢ় লৈ উঠে। ৰজাৰচৰ এই তত্বৰ কেন্দ্ৰীয় সংগঠনেই হ'ল ব্যক্তি সত্তা। ই আনৰ লগত হোৱা আন্তঃক্ৰিয়া আৰু সচেতনতা আৰু কাৰ্যাৱলীৰ জৰিয়তে বিকশিত হয়। ৰজাৰচৰ মতে, “আত্ম ধাৰণা হ'ল কেতবোৰ সুসংগঠিত বৈশিষ্ট্যৰ সমষ্টি যিবোৰ ব্যক্তিয়ে সম্পূর্ণ নিজৰ বুলি গ্ৰহণ কৰে" (The self-concept is the organised set of characteristics. that the individual perceives as peculiar to himself/herself)

ৰজাৰচে ব্যক্তিৰ ব্যক্তিসত্তাৰ চাৰিটা বৈশিষ্ট্যৰ বিষয়ে মন্তব্য কৰিছিল। সেয়া হ'ল—

১।ব্যক্তিসত্তাই আত্ম সংগতি অৱস্থালৈ আগবাঢ়িবলৈ চেষ্টা কৰে।

২।আমাৰ স্বতঃস্ফুর্ত স্বাধীনতা আৰু জীৱনশক্তিৰ সংহতি গ্ৰহণ কৰাৰ প্ৰচেষ্টা ব্যক্তিসত্তাৰ ওপৰত নিৰ্ভৰশীল।

৩। শিক্ষণ আৰু ব্যক্তিসত্তা সম্বন্ধে থকা আমাৰ ধাৰণাৰ পৰিবৰ্তনে ব্যক্তি সত্তাৰো পৰিৱৰ্তন সাধন কৰে।

৪।ব্যক্তিসত্তা আত্ম নিৰীক্ষণৰ জৰিয়তে সংশোধন কৰিব পাৰি।

এই বৈশিষ্ট্যবোৰৰ বাহিৰেও ৰজাৰচে ব্যক্তিসত্তাৰ তিনিটা প্ৰধান বিষয়ৰ কথা কৈছে। সেয়া হ'ল-

১।ব্যক্তিসত্তা বাস্তৱায়িতকৰণ (Self actualisation) : ব্যক্তিসত্তা বাস্তৱায়িতকৰণে ব্যক্তিৰ শৈশৱৰ পৰা প্ৰাপ্তবয়স্ক কাললৈ বিকাশৰ গতি বুজি উঠাত সহায় কৰে। ব্যক্তিমনত এই ভাৱ আগতীয়া শৈশৱকালত জাগ্রত হয় আৰু প্ৰাপ্তবয়স্ক কাললৈ চলি থাকে।

২।ব্যক্তিসত্তা ৰক্ষণাবেক্ষণ (Self-maintenance) : এই ধাৰণাৰ জৰিয়তে কেনেকৈ এজন মানুহ আনজনৰ পৰা পৃথক আৰু নিজৰ প্ৰগতিৰ বাবে পৰিকল্পনা কৰিব পাৰে তাৰ বিষয়ে জ্ঞাত কৰায়। ব্যক্তিয়ে দৈহিক আৰু সামাজিক কাৰ্যৰ পাৰ্থক্য বিচাৰি পায় আৰু প্ৰথমতে সহজ সমস্যা সমাধান কৰি ক্ৰমে জটিলতাৰ দিশলৈ গতি কৰে।

৩।ব্যক্তিসত্তা সমৃদ্ধিকৰণ (Self enhancement): এই ধাৰণামতে ব্যক্তিয়ে ব্যক্তিসত্তাত উপনীত হোৱাৰ পিছত ব্যক্তিত্ব সমৃদ্ধিৰ দিশলৈ আগবাঢ়ে। ইয়াৰ বাবে ব্যক্তিয়ে যথেষ্ট কষ্ট কৰিবলগীয়া হয় আৰু সুখ-দুখৰ অভিজ্ঞতা লাভ কৰে।

(খ) ব্যক্তিত্বৰ গতিশীলতা (Dynamic of Personality) : ৰজাৰচৰ মতে, জৈবিক সত্তাই বিকাশৰ বাবে অহৰহ সংগ্রাম কৰে আৰু ব্যক্তিসত্তাৰ বৰ্ধন কৰে। মানৱ জীৱনত ব্যক্তিত্ব বিকাশৰ কোনো নিৰ্দিষ্ট স্তৰ নাই। মানুহৰ ব্যক্তিত্ব বিকাশৰ এক অন্তর্নিহিত আৰু সুপ্ত প্ৰৱণতা থাকে যি পৰিৱেশত ব্যক্তিৰ মাজত আন্তঃসম্বন্ধ আৰু সামাজিক অভিজ্ঞতাৰ জৰিয়তে বিকশিত হয়। ব্যক্তিসত্তা বাস্তবায়িতকৰণৰ চাৰিটা চৰ্তৰ কথা কৈছে—

(!) ব্যক্তিজনক আন মানুহে শ্ৰদ্ধা আৰু মৰম কৰিব লাগিব।

(ii) ব্যক্তিজনে নিজক সম্মান জনাব লাগিব আৰু লক্ষ্যত উপনীত হবৰ বাবে নিজৰ ওপৰত

(i!!) বিশ্বাস আৰু সামর্থ থাকিব লাগিব। বাচনি কৰা বিষয়টো ব্যক্তিজনে স্পষ্টভাৱে বুজিব লাগিব। যদি তেওঁ বাঁচনি সম্বন্ধে সজাগ নহয়, তেন্তে ব্যক্তিসত্তাৰ বিকাশত বাধা আহিব।

বাচি লোৱা বিষয়টোক স্পষ্টভাৱে প্ৰতীকৰূপ দিব লাগিব। ব্যক্তিজনে কেৱল মাত্র বিকল্পসমূহৰ প্ৰতি সজাগ হোৱাৰ পৰিৱৰ্ত্তে বাচনিটো সম্বন্ধে সম্পূর্ণ বোধ থাকিব লাগিব। ব্যক্তিত্বৰ গতিশীলতা এক অবিৰত বিকাশ প্ৰক্ৰিয়া। ব্যক্তিয়ে ব্যক্তিসত্তাৰ বিকাশৰ বাবে অবিৰতভাৱে সংগ্ৰাম কৰে। ব্যক্তি এজনৰ নিজৰ অভিজ্ঞতাৰ প্ৰতি থকা ধাৰণা আৰু প্ৰকৃত সামাজিক আৰু আন্তঃ সম্বন্ধ বিষয়ক অভিজ্ঞতাৰ মাজত থকা পাৰস্পৰিক সম্বন্ধৰ ভিত্তিত ব্যক্তিত্বৰ বিকাশ নিৰ্ভৰ কৰে।
এই তত্বৰ সমালোচনা (Criticism of this theory) :

ৰজাৰচৰ সংলক্ষণ তত্বৰ ভাল আৰু বেয়া দিশবোৰ তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি।

ভাল দিশ :

১। এই তত্ত্ব এক দার্শনিক তত্ত্ব আৰু সেয়ে ই অতি গুৰুত্বপূর্ণ। ২। ব্যক্তিত্বৰ বিকাশত এই তত্ত্বই ব্যক্তিগত অভিৰোচনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৩। এই তত্ব বুজিবলৈ সহজ আৰু শিক্ষক, প্রশাসক, মনোবিজ্ঞানী আৰু মনোচিকিৎসকসকলৰ বাবে সহায়কাৰী। ৪। বৰ্তমানৰ জীৱনত জৈৱিক সত্তা আৰু ব্যক্তি সত্তাৰ ধাৰণা প্ৰকৃততে অর্থপূর্ণ। ৫। এই তত্বই প্রতীকৰূপীয় জ্ঞানৰ বিকাশত সহায় কৰে যাৰদ্বাৰা সমস্যা সমাধান দক্ষতা বৃদ্ধি কৰিব পাৰি। ৬। জীবন সম্বন্ধে এই তত্বই বিজ্ঞানসন্মত মনোভাব প্রদান কৰে।
বেয়া দিশ :

১। ব্যক্তিৰ ব্যক্তিসত্তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা বাবে এই তত্বই ব্যক্তিক স্বাৰ্থপৰ হিচাপে চিহ্নিত কৰে।

২। সামাজিক বিকাশৰ বাবে এই তত্ত্ব সহায়কাৰী নহয়।
২৯। বৰ্হিমূখী আৰু অৰ্ন্তমূখী ব্য়ক্তিত্বৰ মাজতৰ পাৰ্থক্য় লিখা ।

Write about the differences between extrovert and introvert personality.

উত্তৰঃ


৩০। সংলক্ষণ তত্ত্ব বুলিলে কি বুজা? সংলক্ষণ তত্বৰ বৈশিষ্ট্যবোৰ লিখা।

What do you mean by trait theory? Write about the characteristics of trait theory.

উত্তৰঃ কোনো ব্যক্তিৰ বিষয়ে বর্ণনা প্ৰদান কৰাৰ ক্ষেত্ৰত সেই ব্যক্তিজনৰ সকলোবোৰ বিচিত্ৰ আৰু বহুমুখী আচৰণ বৰ্ণনা কৰাটো এক দীৰ্ঘম্যাদী আৰু কষ্টসাধ্য কাম। সেয়েহে মনোবিজ্ঞানীসকলে ব্যক্তিৰ বিভিন্ন আচৰণক একো একোটা গোটত অন্তৰ্ভুক্ত কৰি বৰ্ণনা কৰা হয়। ব্যক্তিৰ আচৰণৰ এই গোট বা এককবোৰকে সংলক্ষণ বোলা হয় যাৰ যোগেদি ব্যক্তিৰ ব্যক্তিত্বই প্রকাশ লাভ কৰে। সংলক্ষণ হৈছে ব্যক্তিয়ে পৰিৱেশৰ কোনো এক বিশেষ পৰিস্থিতিত প্ৰদৰ্শন কৰা আচৰণৰ কেতবোৰ লক্ষণ, যাক সমাজৰ লোকে নিৰীক্ষণ কৰি ব্যক্তিজনৰ বিষয়ে বৰ্ণনা কৰা হয়। কেতবোৰ ভিন্নমুখী আচৰণৰ মাজত যি গুণ বা লক্ষণটোৰ অস্তিত্ব সকলো সময়তে পৰিলক্ষিত হয়, তাকেই ব্যক্তিত্বৰ সংলক্ষণ বোলে।

সংলক্ষণ তত্বৰ বৈশিষ্ট্যবোৰ -
  
১। বেছিভাগ সংলক্ষণৰে এক বিপৰীতমুখী ভাব আছে। এই দুয়োটা বিপৰীতমুখী সংলক্ষণৰ যিটোৱে ব্যক্তি এজনক অধিকভাৱে প্ৰভাৱিত কৰে তেওঁ সেই সংলক্ষণ থকা ব্যক্তিত্বৰ লোক বুলি পৰিগণিত হয়।

২। সামাজিক পৰিমাণৰ ওপৰত ব্যক্তিৰ সলংক্ষণবোৰ প্ৰতিষ্ঠিত।

৩। ব্যক্তিৰ সংলক্ষণসমূহৰ পৰস্পৰৰ মাজৰ সংগঠনেহে ব্যক্তিত্বৰ প্ৰকৃতস্বরূপ নিৰ্ধাৰণ কৰে।

৪। ব্যাপকতা আৰু সংগতি হ'ল সংলক্ষণৰ দুটা বিশেষ উপাদান।

৫। বাহিত্বৰ সংলক্ষণবোৰ সমাজৰ নীতি নিয়ম, বিশ্বাস, আস্থানিষ্ঠা, নৈতিক আদর্শ, জীৱন পদ্ধতি ওপৰত ভিত্তি কৰি বৰ্ণনা কৰা হয়।


৩১। এডলাৰৰ তত্বৰ মৌলিক ধাৰণাটো লিখা।

Write about the basic concept of Adler's theory.

উত্তৰঃ এডলাৰৰ সংলক্ষণ তত্ত্ব (Trait Theory of Adler) : প্রথম অৱস্থাত আলফ্রেড এডলাৰ মনোবিদ ফ্রয়েডৰ অনুগামী আছিল। মনো-বিশ্লেষণৰ প্ৰাৰম্ভিক অৱস্থাত এডলাৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল যদিও পৰৱৰ্ত্তী সময়ত ফ্ৰয়েডৰ মনো-বিশ্লেষণক তেওঁ সমৰ্থন কৰিব নোৱাৰি তেওঁ নিজেই বিকাশৰ আন এক পদ্ধতি সৃষ্টি কৰিলে যাৰ নাম হ'ল 'ব্যক্তিগত মনোবিজ্ঞান' (Individual Psychology)। এডলাৰে ব্যক্তিৰ ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত শ্ৰেষ্ঠতার নীতি (Principle of Superiority), কল্পনাপ্রসূত ধাৰণা (Fictional finalism), জীৱনশৈলী (Style of Life) আৰু সামাজিক আগ্রহ (Social Interest) আদি উপাদানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।

(i) মৌলিক ধাৰণা (Basic Concept) : ব্যক্তিত্ব গঠন প্ৰক্ৰিয়াত জন্মগত শক্তিক্ষমতা আৰু সম্ভাৱনীয়তাসমূহৰ ওপৰত গুৰুত্ব নিদি সামাজিক কাৰকত সম্পূর্ণ গুৰুত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত আলফ্রেড এডলাৰেই আছিল প্রথম মনোবিশ্লেষণকাৰী। তেওঁ এই ধাৰণাও বিকশাই তুলিছিল যে এজন ব্যক্তিৰ ব্যক্তিত্ব অদ্বিতীয় আৰু ব্যক্তিজন নিজৰ কাৰ্যবোৰৰ কাৰণ সম্বন্ধে সজাগ বা জ্ঞাত। সকলো ব্যক্তিয়ে নিজ উদ্দেশ্যত উপনীত হবৰ বাবে উদ্দেশ্য সাধনলৈ লৈ যায়। এডলাৰৰ মতে সকলো ব্যক্তিৰ আচৰণৰ প্ৰধান কেন্দ্ৰ হ'ল 'প্ৰৱল ইচ্ছা শক্তি (Will to power)। তেওঁৰ মতে ব্যক্তিয়ে জীৱনত তিনি ধৰণৰ সমাযোজন মানি চলিব লাগে, যেনে—সমাজৰ ক্ষেত্ৰত, বৃত্তিৰ ক্ষেত্ৰত আৰু প্ৰেমত। এই তিনি ক্ষেত্ৰত সমাযোজনৰ সময়ত বাল্যকালত শিশুৱে লাভ কৰা অভিজ্ঞতাই সহায় বা বাধাৰ সৃষ্টি কৰিব পাৰে। জন্মৰ সময়ত শিশু এটা অসহায় অৱস্থাত থাকে বুলি মত পোষণ কৰি এডলাৰে কয় যে বর্ধন, দমন আৰু আনতকৈ উৰ্দ্ধত থকাৰ ক্ষেত্ৰত শিশুসকলৰ এক জন্মগত প্রৱণতা থাকে।

(ii) শ্রেষ্ঠতাৰ নীতি (Principle of Superiority) : এডলাৰৰ মতে শ্রেষ্ঠতা মানে হ'ল পূর্ণতা প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰা। প্ৰাৰম্ভিক সময়ত তেওঁ প্রবল ইচ্ছা শক্তিৰ ওপৰত গুৰুত্ব দিছিল যদিও পৰৱৰ্ত্তী সময়ত শ্রেষ্ঠতাৰ বাবে সংগ্ৰামৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। প্ৰত্যেক ব্যক্তিৰে জীৱনত সৰ্বোচ্চ পর্যায় লাভৰ বাবে এক ইচ্ছা থাকে। শ্রেষ্ঠতাৰ এই সংগ্রাম সুপ্ত অৱস্থাত থাকে যদিও ব্যক্তিৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত ই স্পষ্ট হৈ পৰে। জীৱনৰ বিভিন্ন সময়ত ব্যক্তি হীনমন্যতাবোধত ভোগে। হীনমন্যতাবোধ নোহোৱা কৰিবৰ বাবেই মনত সৃষ্টি হয় ক্ষমতা লাভৰ ইচ্ছা। এডলাৰে তেওঁৰ প্ৰাৰম্ভিক লিখনীসমূহত শাৰিৰীক হীনমন্যতাবোধৰ কথা কৈছিল। উদাহৰণস্বৰূপে-ডেমোচ্‌থেনেচ (Demosthenes) নামৰ খোনাই কথা কোৱা শিশুজন ভৱিষ্যত পৃথিৱীত মহান বক্তা হিচাপে নিজৰ নাম উজ্বলাব পাৰিছিল, আকৌ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুচভেল্ট যুৱক অৱস্থাত দুর্বল আছিল যদিও পিছলৈ তেওঁ দৈহিকভাৱে শক্তিশালী ব্যক্তিলৈ নিজকে পৰিৱৰ্তন কৰিছিল। অর্থাৎ ব্যক্তিজনৰ হীনমন্যতাবোধ অৱস্থাই ব্যক্তিক উচ্চাত্মীকা বা শ্রেষ্ঠতাৰ ফালে আগুৱাই লৈ যায়। এডলাৰৰ মতে ব্যক্তিৰ মনত থকা প্ৰৱল ইচ্ছাশক্তিৰ বাবে ব্যক্তিয়ে শ্রেষ্ঠতা বা উচ্চ স্থান লাভ কৰিব পাৰে। তেওঁৰ মতে উচ্চাত্মীকা মানে হ'ল নিজৰ অৱস্থাৰ উন্নতি সাধন। মানুহে বিভিন্ন উপায়েৰে উন্নত অৱস্থাত উপনীত হবলৈ বিচাৰে।

(iii) কল্পনাপ্রসূত ধাৰণা (Fictional Finalism) : এডলাৰ মতে পোষণ কৰিছিল যে অতীতৰ কৰ্মৰ পৰিৱৰ্ত্তে ভৱিষ্যতৰ আকাংক্ষাইহে ব্যক্তিক আগবাঢ়ি যোৱাত সহায় কৰে। কল্পনাপ্রসূত ধাৰণা মানে এনে কেতবোৰ কল্পনাভিত্তিক কার্য-কলাপ যিবোৰ বাস্তৱ ভিত্তিহীন। উদাহৰণস্বৰূপে মৃত্যুৰ পিছত আকৌ নতুন জীৱন আহে আৰু জীৱনৰ বেয়া কৰ্মৰ শাস্তিভোগ কৰিব লাগে। এনে ধৰণৰ কল্পনাপ্রসূত ধাৰণাৰ বাবেই ব্যক্তিক আন মানুহক সহায় কৰিবলৈ আগবাঢ়ে আৰু নিজেও সৎ পথেৰে গতি কৰে।

(iv) জীৱনশৈলী (Style of Life) : জীৱনশৈলী হ'ল এক বিমূর্ত ধাৰণা নিয়ে জীৱন লক্ষাত উপনীত হ'বৰ বাবে বিভিন্ন আঁচনি বা কাৰ্যক সামৰি লয়। এডলাৰৰ মতে জীৱনশৈলী হ'ল এক অদ্বিতীয় গুণ যিয়ে এজন ব্যক্তিক আন এজনৰ পৰা পৃথক কৰে। জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বিভিন্ন উপায় আছে। উদাহৰণস্বৰূপে কোনো ব্যক্তিয়ে সামাজিক সম্বন্ধৰ জৰিয়তে, কোনোৱে শিক্ষা আৰু বিজ্ঞানৰ জৰিয়তে আৰু আন কোনোৱে সংগীতৰ জৰিয়তে নিজৰ জীৱন লক্ষ্যত উপনীত হব বিচাৰে। এই উপায়বোৰৰ জৰিয়তে ব্যক্তিয়ে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰে আৰু ইয়াৰদ্বাৰাই ব্যক্তিৰ অদ্বিতীয় জীৱনশৈলী উপলব্ধি কৰিব পাৰি। এজন ব্যক্তিৰ জীৱনৰ সকলোবোৰ দিশ আৰু আচৰণে ব্যক্তিজনৰ জীৱনশৈলীক সামৰি ৰাখে।

     ব্যক্তিৰ জীৱনশৈলীৰ গঠন চাৰি বা পাচ বছৰ বয়সৰ পৰাই আৰম্ভ হয় আৰু সেয়েহে পৰৱৰ্ত্তী জীৱনত এই জীৱনশৈলী সলনি কৰাটো কঠিন হৈ পৰে। বাল্যকালৰ অভিজ্ঞতাৰ সহায়ত জীৱনশৈলী গঢ় দিয়া হয়। ব্যক্তিয়ে জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হয়। এই ক্ষেত্ৰত এডলাৰে সৃজনাত্মক সত্তা (Creative self) ধাৰণাৰ কথা কৈছে যাৰ সহায়ত সৃজনশীল গুণৰাজিৰে ব্যক্তিয়ে নিজৰ সমস্যা সমাধান কৰিব পাৰে। সৃজনাত্মক সত্তাৰ যোগেদি ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব বিকশাই তুলিব পাৰে।

(v)সামাজিক আগ্রহ (Social Interest) : সামাজিক প্রাণী হিচাপে মানুহে সমাজৰ আন মানুহৰ লগত সম্বন্ধ স্থাপন কৰে। এই সামাজিক সম্বন্ধ স্থাপন কৰাৰ বেলিকা সহযোগিতা, সহানুভূতি, সমাজত নিজকে চিনাক্তকৰণ আদি কাৰ্যই সহায় কৰে। এডলাৰে সামাজিক আগ্ৰহৰ ওপৰত গুৰুত্ব দি মত পোষণ কৰিছিল যে সামাজিক আগ্রহবোৰ হ'ল সুপ্ত জন্মগত প্রবণতা। ব্যক্তিয়ে সমাজৰ আন ব্যক্তিৰ সহায়ৰ জৰিয়তেহে নিজকে সম্পূৰ্ণৰূপে বিকশাই তুলিব পাৰিব। তেওঁ ব্যক্তিত্বৰ গঠনত সাংস্কৃতিক কাৰকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলিও মত পোষণ কৰিছিল।

৩২। এডলাৰৰ তত্বটো সমালোচনাত্মকভাৱে ব্যাখ্যা কৰা।

Critically illustrate the Adler's theory.

উত্তৰঃ এডলাৰৰ ব্যক্তিত্বৰ তত্ব বিভিন্ন কাৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি মত পোষণ কৰিব পাৰি। যেনে -

(i) এডলাৰে ব্যক্তিত্বৰ ক্ষেত্ৰত ব্যক্তি পাৰ্থক্য আৰু পৰিৱেশীয় পাৰ্থক্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। শিক্ষকৰ বাবে এই দিশটো অতি গুৰুত্বপূর্ণ।

(ii) নিচাত্মীকা মনোভাৱৰ ধাৰণাও শিক্ষকসকলৰ বাবে অত্যন্ত প্রয়োজনীয় ধাৰণা যাৰ জৰিয়তে শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বৰ সৰ্বোৎকৃষ্ট বিকাশ সাধন কৰিব পাৰে।

(iii) ব্যক্তিত্বৰ বিকাশত এডলাৰে সামাজিক কাৰককো গুৰুত্ব দিছে। এডলাৰৰ তত্বটো এক গুৰুত্বপূর্ণ তত্ব হ'লেও বহু মনোবিজ্ঞানীয়ে এই তত্বৰ সমালোচনা কৰি কয় যে এডলাৰে অৰ্থহীনভাবে জৈবিক সত্তাৰ কাৰকবোৰত গুৰুত্ব প্ৰদান কৰিছে। কিন্তু এনে সমালোচনাৰ সম্মুখীন হ'লেও এডলাৰ ব্যক্তিত্বৰ তত্বটো এক গুৰুত্বপূৰ্ণ তত্ত্ব হিচাপে চিহ্নিত হৈছে।

৩৩। কার্ল ৰজাৰচৰ ব্যক্তিত্ব তত্বটো ব্যাখ্যা কৰা।

Illustrate the personality theory of Karl Rogers.

উত্তৰঃ কার্ল ৰজাৰচে মানৱ ব্যক্তিত্বৰ বিকাশৰ বাবে এক ব্যতিক্রমী ধৰণেৰে ব্যাখ্যা আগবঢ়াইছিল। ১৯৪৭ চনত তেওঁ ব্যক্তিত্বৰ ক্ষেত্ৰত ‘আত্ম তত্ব' (Self Theory) নামৰ এক তত্ব আগবঢ়াইছিল। তেওঁ ব্যক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যিয়ে নিজৰ ভাগ্য নিজেই লিখে। আমাৰ প্ৰকৃতি মূলতঃ সদর্থক মনোভাৱৰ। আমি সকলোৱে ব্যক্তিসত্তা ব্যক্তৱায়িত কৰিবলৈ, পৰিপক্কতা লাভ কৰিবলৈ আৰু সামাজিকীকৰণ লাভ কৰিবলৈ বিচাৰো। ৰজাৰচে আচৰণ তত্ব (Behaviouristic theory) ক সমালোচনা কৰিছিল আৰু কৈছিল যে এই তত্ত্ব যান্ত্ৰিক আৰু মানুহৰ দেহতাত্ত্বিক প্ৰয়োজন আৰু প্ৰেৰণা আদিৰ ওপৰতেই আচৰণ নিৰ্ভৰ নকৰে, ইয়াৰ পৰিৱৰ্তে ব্যক্তিত্বৰ জটিল সংগঠনৰ জৰিয়তে ব্যক্তিত্ব গঢ় লৈ উঠে। ৰজাৰচে তেওঁৰ আত্ম তত্ব তলত উল্লেখ কৰা ধৰণেৰে বৰ্ণনা কৰিছে।

(ক) ব্যক্তিত্বৰ গাঁঠনি (Structure of Personality) : ৰজাৰৰ্চৰ ব্যক্তিত্বৰ তত্বত দুটা প্রধান ধাৰণা থাকে। যেনে— (i) জৈৱিক সত্তা (Organism) আৰু ব্যক্তি সত্তা (Self)।

(i) জৈৱিক সত্তা (Organism) : জৈৱিক সত্তা হ'ল সকলো অভিজ্ঞতাৰ কেন্দ্ৰস্বৰূপ। প্রত্যেক ব্যক্তিয়ে জৈৱিক সত্তা হিচাপে নিজৰ জৈৱিক বিকাশ আৰু উৎকর্ষ সাধনকাৰী সকলো সম্ভাৱনীয়তাক বাস্তৱত পৰিণত কৰাৰ এক প্ৰৱণতা থাকে। এই স্বাভাৱিক প্ৰৱণতা সকলো জীৱৰ ক্ষেত্ৰতেই বিদ্যমান আৰু ই গঠনাত্মক। ব্যক্তিৰ এই প্ৰৱণতাবোৰ বাস্তৱত পৰিণত কৰিব নোৱাৰিলে অৱদমিত কৰি ৰখা হয় যদিও এইবোৰ ধ্বংস কৰিব নোৱাৰি। বাস্তবায়িতকৰণ ধাৰণাই হ'ল এই তত্বৰ একমাত্র অভিৰোচনমূলক শক্তি। এই ধাৰণাই অভিৰোচনমূলক সকলো দিশ, উৎকণ্ঠা, প্রয়োজন বা প্ৰেৰণা পৰিতৃপ্তি (Need or drive reduction), সৃজনশীলতা আৰু সম্ভোগমূলক প্রৱণতা (Pleasure seeking tendency) ক সামৰি লয়। জৈৱিক সত্তাৰ সামগ্রিক অৱস্থাতহে এই প্ৰৱণতা বিদ্যমান, আংশিক অৱস্থাত নহয়। প্রত্যেক ব্যক্তিয়ে নিজৰ সম্ভাৱনীয়তা পূৰণ কৰা ধাৰণাৰ ভিত্তিতেই ব্যক্তিত্ব তত্বৰ ব্যাখ্যা ৰজাৰচে আগবঢ়াইছিল।

(ii)ব্যক্তি সত্তা (Self) : মানুহৰ জৈৱিক সত্তাই সচেতন আৰু অচেতনভাৱে সকলো ধৰণৰ অভিজ্ঞতা সামৰি লয়। পৃথকীকৰণ প্ৰক্ৰিয়াৰদ্বাৰা এই অভিজ্ঞতাবোৰৰ কিছু অংশ ব্যক্তিয়ে নিজৰ কৰি গঢ়ি তোলে। এই নিজৰ কৰি গঢ়ি তোলা অভিজ্ঞতার ভিত্তিতে ব্যক্তি সত্তা ধাৰণাই গঢ় লৈ উঠে। ৰজাৰচৰ এই তত্বৰ কেন্দ্ৰীয় সংগঠনেই হ'ল ব্যক্তি সত্তা। ই আনৰ লগত হোৱা আন্তঃক্রিয়া আৰু সচেতনতা আৰু কাৰ্যাৱলীৰ জৰিয়তে বিকশিত হয়। ৰজাৰচৰ

মতে, “আত্ম ধাৰণা হ'ল কেতবোৰ সুসংগঠিত বৈশিষ্ট্যৰ সমষ্টি যিবোৰ ব্যক্তিয়ে সম্পূর্ণ নিজৰ বুলি গ্ৰহণ কৰে” (The self-concept is the organised set of characteristics that the individual perceives as peculiar to himself / herself) ৰজাৰচে ব্যক্তিৰ ব্যক্তিসত্তাৰ চাৰিটা বৈশিষ্ট্যৰ বিষয়ে মন্তব্য কৰিছিল। সেয়া হ'ল—
! ) ব্যক্তিসত্তাই আত্ম সংগতি অৱস্থালৈ আগবাঢ়িবলৈ চেষ্টা কৰে।

!!) আমাৰ স্বতঃস্ফুৰ্ত স্বাধীনতা আৰু জীৱনশক্তিৰ সংহতি গ্ৰহণ কৰাৰ প্ৰচেষ্টা ব্যক্তিসত্তাৰ ওপৰত নিৰ্ভৰশীল।

!!!) শিক্ষণ আৰু ব্যক্তিসত্তা সম্বন্ধে থকা আমাৰ ধাৰণাৰ পৰিৱৰ্তনে ব্যক্তি সত্তাৰো পৰিৱৰ্তন সাধন কৰে।

!v) ব্যক্তিসত্তা আত্ম নিৰীক্ষণৰ জৰিয়তে সংশোধন কৰিব পাৰি।

এই বৈশিষ্ট্যবোৰৰ বাহিৰেও ৰজাৰচে ব্যক্তিসত্তাৰ তিনিটা প্ৰধান বিষয়ৰ কথা কৈছে। সেয়া হ'ল—

✴ ব্যক্তিসত্তা বাস্তবায়িতকৰণ (Self actualisation) : ব্যক্তিসত্তা বাস্তৱায়িতকৰণে ব্যক্তিৰ শৈশৱৰ পৰা প্ৰাপ্তবয়স্ক
কাললৈ বিকাশৰ গতি বুজি উঠাত সহায় কৰে। ব্যক্তিমনত এই ভাব আগতীয়া শৈশৱকালত জাগ্রত হয় আৰু প্ৰাপ্তবয়স্ক কাললৈ চলি থাকে।

ব্যক্তিসত্তা ৰক্ষণাবেক্ষণ (Self-maintenance) : এই ধাৰণাৰ জৰিয়তে কেনেকৈ এজন মানুহ আনজনৰ পৰা পৃথক আৰু নিজৰ প্ৰগতিৰ বাবে পৰিকল্পনা কৰিব পাৰে তাৰ বিষয়ে জ্ঞাত কৰায়। ব্যক্তিয়ে দৈহিক আৰু সামাজিক কাৰ্যৰ পাৰ্থক্য বিচাৰি পায় আৰু প্ৰথমতে সহজ সমস্যা সমাধান কৰি ক্ৰমে জটিলতাৰ দিশলৈ গতি কৰে।

ব্যক্তিসত্তা সমৃদ্ধিকৰণ (Self enhancement) : এই ধাৰণামতে ব্যক্তিয়ে ব্যক্তিসত্তাত উপনীত হোৱাৰ পিছত ব্যক্তিত্ব সমৃদ্ধিৰ দিশলৈ আগবাঢ়ে। ইয়াৰ বাবে ব্যক্তিয়ে যথেষ্ট কষ্ট কৰিবলগীয়া হয় আৰু সুখ-দুখৰ অভিজ্ঞতা লাভ কৰে।

(খ) ব্যক্তিত্বৰ গতিশীলতা (Dynamic of Personality) : ৰজাৰ্চৰ মতে, জৈৱিক সত্তাই বিকাশৰ বাবে অহৰহ সংগ্রাম কৰে আৰু ব্যক্তিসত্তাৰ বৰ্ধন কৰে। মানৱ জীৱনত ব্যক্তিত্ব বিকাশৰ কোনো নিৰ্দিষ্ট স্তৰ নাই। মানুহৰ ব্যক্তিত্ব বিকাশৰ এক অন্তর্নিহিত আৰু সুপ্ত প্ৰৱণতা থাকে যি পৰিৱেশত ব্যক্তিৰ মাজত আন্তঃসম্বন্ধ আৰু সামাজিক অভিজ্ঞতাৰ জৰিয়তে বিকশিত হয়। ব্যক্তিসত্তা বাস্তৱায়িতকৰণৰ চাৰিটা চৰ্তৰ কথা কৈছে—

(!) ব্যক্তিজনক আন মানুহে শ্ৰদ্ধা আৰু মৰম কৰিব লাগিব।

(!!) ব্যক্তিজনে নিজক সম্মান জনাব লাগিব আৰু লক্ষ্যত উপনীত হবৰ বাবে নিজৰ ওপৰত বিশ্বাস আৰু সামর্থ্য থাকিব লাগিব।

(!!!) বাচনি কৰা বিষয়টো ব্যক্তিজনে স্পষ্টভাবে বুজিব লাগিব। যদি তেওঁ বাঁচনি সম্বন্ধে সজাগ নহয়, ভেস্তে ব্যক্তিসত্তাৰ বিকাশত বাধা আহিব।

(!v) বাচি লোৱা বিষয়টোক স্পষ্টভাবে প্রতীকরূপ দিব লাগিব। ব্যক্তিজনে কেৱল মাত্র বিকল্পসমূহৰ প্ৰতি সজাগ হোৱাৰ পৰিৱৰ্ত্তে বাচনিটো সম্বন্ধে সম্পূর্ণ বোধ থাকিব লাগিব।

ব্যক্তিত্বৰ গতিশীলতা এক অবিৰত বিকাশ প্রক্রিয়া। ব্যক্তিয়ে ব্যক্তিসত্তাৰ বিকাশৰ বাবে অবিবর্তভাবে সংগ্রাম কৰে। ব্যক্তি এজনৰ নিজৰ অভিজ্ঞতাৰ প্ৰতি থকা ধাৰণা আৰু প্ৰকৃত সামাজিক আৰু আন্তঃ সম্বন্ধ বিষয়ক অভিজ্ঞতাৰ মাজত থকা পাৰস্পৰিক সম্বন্ধৰ ভিত্তিত ব্যক্তিত্বৰ বিকাশ নিৰ্ভৰ কৰে।

এই তত্বৰ সমালোচনা (Criticism of this theory) :

ৰজাৰচৰ সংলক্ষণ তত্ত্বৰ ভাল আৰু বেয়া দিশবোৰ তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি।
ভাল দিশ :

১। এই তত্ত্ব এক দার্শনিক তত্ব আৰু সেয়ে ই অতি গুৰুত্বপূর্ণ। ২। ব্যক্তিত্বৰ বিকাশত এই তত্বই ব্যক্তিগত অভিৰোচনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৩। এই তত্ব বুজিবলৈ সহজ আৰু শিক্ষক, প্রশাসক, মনোবিজ্ঞানী আৰু মনোচিকিৎসকসকলৰ বাবে সহায়কাৰী। ৪। বৰ্তমানৰ জীৱনত জৈৱিক সত্তা আৰু ব্যক্তি সত্তাৰ ধাৰণা প্ৰকৃততে অর্থপূর্ণ। ৫। এই তত্বই প্রতীকরূপীয় জ্ঞানৰ বিকাশত সহায় কৰে যাৰদ্বাৰা সমস্যা সমাধান দক্ষতা বৃদ্ধি কৰিব পাৰি। ৬। জীবন সম্বন্ধে এই তত্বই বিজ্ঞানসন্মত মনোভাৱ প্ৰদান কৰে।
বেয়া দিশ :

১। ব্যক্তিৰ ব্যক্তিসত্তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা বাবে এই তত্বই ব্যক্তিক স্বাৰ্থপৰ হিচাপে চিহ্নিত কৰে। ২। সামাজিক বিকাশৰ বাবে এই তত্ব সহায়কাৰী নহয়।




৩৪। মনো বিশ্লেষণ কি?

What is psycho-analysis?

উত্তৰঃ কুৰি শতিকাৰ প্ৰথমাৰ্ধত এই মনোবৈজ্ঞানিক মতবাদ গঢ় লৈ উঠে। এই মতবাদক মনো-বিশ্লেষণ বা অচেতন মনৰ বিজ্ঞান বুলি জনা যায়। সাধাৰণ অৰ্থত মনো বিশ্লেষণে দুই ধৰণৰ অৰ্থ সামৰি লয়। সেয়া হ'ল—তাত্বিক বিশ্লেষণ আৰু ব্যৱহাৰিক ক্রিয়া-কলাপ

৩৫। ফ্ৰয়েডৰ মনো-বিশ্লেষণ তত্বৰ বৰ্ণনা আগবঢ়োৱা ।

Explain the psycho-analysis theory of Frued.

উত্তৰঃ চিগমাণ্ড ফ্রয়েড আছিল মনো-বিশ্লেষণ পদ্ধতিৰ সৃষ্টিকৰ্তা। ফ্রয়ডৰ মতে ব্যক্তিৰ ব্যক্তিত্বক তিনি দিশেৰে বিশ্লেষণ কৰিব পাৰি। যেনে -

(ক) মনৰ সংগঠন (Structure of Mind)

(খ) ব্যক্তিত্বৰ গতিশীলতা (Personality Dynamics) আৰু

(গ) মনো-যৌনতাৰ বিকাশ (Psycho-sexual development)

এই দিশকেইটাৰ বৰ্ণনা তলত আগবঢ়োৱা হ'ল—

(ক) মনৰ সংগঠন (Structure of Mind) : ভূ-তত্ত্ব সম্বন্ধীয় (topographical) দিশেবে ফ্রয়েডে মনক তিনিটা ভাগত ভাগ কৰিছে। এই ভাগকেইটা হ'ল—

(i) সচেতন মন (Conscious Mind) : মনৰ সচেতনতা হৈছে এক অংশ যাৰদ্বাৰা বাস্তব জগতৰ জ্ঞান-ধাৰণা, ভাৱচিন্তা, প্ৰয়োজন আৰু অভিপ্ৰায় আদিৰ সম্বন্ধে জ্ঞান লাভ কৰিব পাৰি। মনৰ এই অংশই বাস্তৱ অভিজ্ঞতাৰ লগত কাম কৰে। সচেতন মনৰ কাৰ্যকলাপ অচেতন মনৰ তুলনাত সীমিত।

অৱ-চেতন মন (Sub-Conscious Mind) : মনৰ অৱচেতন হ'ল এনে এক অংশ, যাৰ অভিজ্ঞতা ব্যক্তিৰ বাবে সচেতন অৱস্থাত নাথাকে কিন্তু স্মৃতি প্ৰয়োগৰ যোগেদি তাক প্রয়োজনমতে সচেতনতাৰ পর্যায়লৈ আনিব পাৰি। কিন্তু অৱচেতন মনৰ সকলো বিষয় চেতন মনলৈ অনাটো সম্ভৱ পৰ নহয়। (ii)
(iii) অচেতন মন (Unconscious Mind) : মনৰ সৰ্ববৃহৎ অংশ হ'ল অচেতন মন য'ত ব্যক্তিৰ অতীত অভিজ্ঞতাৰ স্মৃতি সঞ্চিত হৈ থাকে। এই স্মৃতিবোৰ স্বাভাৱিকভাৱে পুনৰুদ্ধাৰ কৰাটো সম্ভৱপৰ নহয়। ব্যক্তিৰ সচেতন চিন্তা আৰু অসংগতিপূৰ্ণ অৱস্থাৰে ভৰপূৰ অচেতন মন

শিশুসুলভ আৰু আদিম প্ৰকৃতিৰ বুলিব পাৰি। অচেতন মনৰ ক্ৰিয়া-কলাপে আমাৰ আচৰণত অনবৰতে প্ৰভাৱ পেলায়। কিন্তু ইয়াৰ ক্রিয়া-কলাপ সম্বন্ধে থকা আমাৰ অজ্ঞতাৰ বাবেই ইয়াৰ প্ৰাধান্য আমি অনুভৱ কৰিব নোৱাৰো। (খ) ব্যক্তিত্বৰ গতিশীলতা (Personality Dynamics) : ফ্রয়েডে ব্যক্তিৰ ব্যক্তিত্ব গঠনত তিনিটা মানসিক শক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰে বুলি মত পোষণ কৰে। সেয়া হ'ল ইড্‌ (ld.) অহম (Ego) আৰু পৰম অহম (Super Ego)। এই শক্তি তিনিটাৰ যোগেদি ব্যক্তিত্বৰ গতিশীলতা দিশ প্ৰকাশ পায়। (i) ইড (Id) : ইড হৈছে ব্যক্তিৰ প্ৰবৃত্তিমূলক কামনাৰ প্ৰেৰণাস্বৰূপ। ইডত অন্তর্ভুক্ত মানসিক প্ৰক্ৰিয়াই ব্যক্তিৰ দৈহিক প্রবৃত্তিমূলক সুখ লাভ আৰু দুখ পৰিহাৰক কেন্দ্ৰ কৰি চলি থাকে। ব্যক্তিৰ চেতন মনত যিবিলাক অবাঞ্ছিত আৰু অসামাজিক ইচ্ছা জাগি উঠে সেইবোৰ ইডত গৈ আশ্রয় লয়। ইড সুখাভিমুখী বা সুখসন্ধানী নীতি (Pleasure Principle) ৰ ভেটিত গঢ় লয়। ইডে ভাল-বেয়া, উচিত-অনুচিত আদিৰ প্ৰতি দৃষ্টি নাৰাখি কেৱল কামনা-বাসনা পৰিতৃপ্ত কৰাত গুৰুত্ব দিয়ে।
(ii) অহম (Ego) : অহম হ'ল বাস্তৱ আৰু যুক্তিৰ প্ৰতিষ্ঠিত দিশ আৰু অচেতন আৰু অৱচেতনৰ সংমিশ্রণ। বাস্তৱত পাব পৰাটোক গ্ৰহণ কৰাত আৰু পাব নোৱাৰাটোক পৰিহাৰ কৰাত ই এক সমাযোজন শক্তিৰূপে কাম কৰে। অহম বাস্তৱতা নীতি (Reality principle) ৰ ওপৰত প্ৰতিষ্ঠিত। অহমৰ চেতন অৱস্থাই বাস্তৱৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলে আৰু ইয়াৰ অৱচেতন অংশই ইড্ৰৰ লগত সম্পৰ্ক ৰাখি চলে। অহম বিচাৰ-বুদ্ধি সম্পন্ন আৰু যুক্তিধর্মী।

(!!!) পৰম অহম (Super Ego) : পৰম অহম হ'ল আমাৰ নৈতিক মনৰ অৱস্থা। পৰম অহম নৈতিক আদর্শ (Mortality Principle) ৰ দ্বাৰা পৰিচালিত। ইয়াৰ প্ৰভাৱে ব্যক্তি এজনৰ আচৰণক অধিক পূৰ্ণতাৰ পথত আগুৱাই লৈ যায়। এই ধাৰণা উত্তৰাধিকাৰীসূত্ৰে পোৱা কেতবোৰ নীতিবোধ আৰু বাধা-নিষেধৰ ধাৰণা আৰু পিতৃ-মাতৃৰ পৰা লাভ কৰা কিছুমান নৈতিক শিক্ষাৰদ্বাৰা গঠিত। ইয়াৰ প্ৰভাৱৰ ফলত ইডৰ অবাঞ্ছিত আৰু অসামাজিক কামনা বাসনা দমন কৰি ৰাখিব পাৰি।

গ) মনো-যৌনতাৰ বিকাশ (Psycho-sexual development): মনোবিজ্ঞানী ফ্রয়েডৰ মতে, প্রত্যেক ব্যক্তিয়ে জীৱনত কেইটামান নিৰ্দিষ্ট স্তৰ অতিক্ৰম কৰিব লাগে। এই স্তৰকেইটাক মনো-যৌনতাৰ (Psycho-sexual) স্তৰ বোলা হয়। স্তৰ কেইটা মৌখিক অৱস্থা (Oral stage), পায়ু অৱস্থা (Anal Stage), শিশ্না অৱস্থা (Phaltic stage), কাম-ভাৱ অৱস্থা (Latent state) আৰু উপস্থ অৱস্থা (Genital stage) এই স্তৰকেইটা যদি সফলতাৰে অতিক্ৰম কৰিব পৰা যায় তেন্তে ব্যক্তিয়ে সামাজিক উচ্চতা লাভ কৰিব পাৰে। যদি এই স্তৰকেইটাত ব্যক্তি ভুল পথে নির্দের্শিত হয় তেন্তে ই বিকৃত আচৰণ গঢ়ি তুলিব।

৩৬। ব্যক্তিত্ব পৰিমাপনত প্ৰভাৱ পেলোৱা কাৰকবোৰৰ বিষয়ে লিখা।

Write about the factors affecting measurement of personality.

উত্তৰঃ ব্যক্তিত্ব পৰিমাপণত প্ৰভাৱ পেলোৱা কাৰকসমূহ (Factors affecting Personality Measurement):

ব্যক্তিত্ব পৰিমাপণত কেতবোৰ কাৰকে প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। যেনে -

(১) ব্যক্তিত্ব কোনো এক 'বস্তু' (thing) নহয়, ই হৈছে এক বিমূৰ্ত ধাৰণা। ইয়াক পৰিমাপণ কৰিবৰ বাবে মূর্ত কৰিব বিচাৰিলেই ভূল হোৱাৰ সম্ভাৱনা থাকে।

(২) পৰিমাপণ কৰিবলগীয়া ব্যক্তিত্বৰ বিষয়বস্তু আৰু উপাদানবোৰ সম্বন্ধে মনোবৈজ্ঞানিকসকল একমতত উপনীত হোৱা দেখা নাযায়।

(৩) ব্যক্তিত্ব স্থবিৰ নহয়। সময়ৰ লগত পৰিৱৰ্তিত হৈ থকা ব্যক্তিত্বৰ স্থিৰ পৰিমাপণ কৰাটো সম্ভৱপৰ নহয়। "এজন ব্যক্তিৰে এটা সময়ত কৰা ব্যক্তিত্বৰ পৰিমাপণ আন এটা সময়ত কৰা ব্যক্তিত্বৰ পৰিমাপণৰ লগত একে নহয়।

(৪) ব্যক্তিত্বৰ প্ৰসংগত কোনো 'শূন্য একক' (zero unit) নাই। কোনো শিশুয়ে শূন্য ব্যক্তিত্বৰে জন্মগ্ৰহণ নকৰে। (৫) দৈর্ঘ্য ইঞ্চি, চেণ্টিমিটাৰ আদি এককেৰে জুখিব পাৰি, উষ্ণতা ডিগ্ৰীৰে জুখিব পাৰি, কিন্তু ব্যক্তিত্বৰ দৰে মনোবৈজ্ঞানিক পৰিমাপণৰ বাবে কোনো নির্দিষ্ট সমান ব্যৱধানৰ একক নাই। (৬) ভবিষ্যৎ অৱস্থা সম্বন্ধে পূৰ্বনুমান কৰাটো পৰিমাপণৰ এক লক্ষ্য কিন্তু ব্যক্তিত্বৰ দৰে গতিশীল সত্বাৰ ক্ষেত্ৰত পূৰ্বনুমান কৰাটো সম্ভৱপৰ নহয়।
(৭) পৰিমাপণ কার্যত অভীক্ষকৰ ভূমিকা গ্ৰহণ কৰা ব্যক্তিজনে ব্যক্তিনিষ্ঠ ভূমিকা গ্ৰহণ কৰিলে শুদ্ধ ফলাফল লাভ কৰিব পৰা নাযায়।

(৮) ব্যক্তিত্ব পৰিমাপণ কৰিব লগা ব্যক্তিজনৰ পৰিমাপণ সম্বন্ধে সজাগতা থাকিলে কেতিয়াবা কেতিয়াবা শুদ্ধ ফলাফল লাভ কৰিব পৰা নাযায়।

(৯) ব্যক্তিৰ ব্যক্তিত্বৰ কোনো এক বিশেষ অংশ পৰিমাপণ কৰিব পাৰি যদিও সামগ্ৰিক ৰূপত ব্যক্তিত্ব পৰিমাপণ কৰিব নোৱাৰি।

(১১) অন্যান্য মনোবৈজ্ঞানিক অভীক্ষাৰ তুলনাত ব্যক্তিত্ব অভীক্ষাৰ আদর্শ বা মানদণ্ড (Norm) স্থায়ী প্ৰকৃতিৰ নহয়।

৩৭। চমুটোকা লিখা :

Write short notes on:

(ক) হিপক্ৰেটিচৰ শ্রেণীবিভাজন (Classification of Hypocrates)

উত্তৰঃ হিপক্ৰেটিচৰ শ্ৰেণীবিভাগ (Classification of Hypocrates) : প্রাচীন গ্রীক দার্শনিক হিপ'ক্ৰেটিচে প্রায় আঢ়ৈ হাজাৰ পূৰ্বেই দেহ-মানসিক অৱস্থাৰ ভিত্তিত ব্যক্তিত্বৰ চাৰিটা ভাগ বৰ্ণনা কৰিছিল। এই ভাগকেইটা হ'ল

(!) উৎসাহী বা তেজস্বী (Sanguine) : দ্রুত আৰু উষ্ণবিধৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা এই প্ৰকাৰৰ লোকসকলৰ মন আশাবাদী আৰু ইতিবাচক। এই প্ৰকাৰৰ লোকসকল সাধাৰণতে ৰঙীয়াল খটকীয়া আৰু অস্থিৰ বিধৰ হয়। ক্রিয়াত্মক বা বাস্তৱ জগতৰ লগত এওঁলোকৰ কোনো সম্বন্ধ নাথাকে।

(ii) বিষাদমনা বা বিষণ্ন (Melancholic) : প্রতিক্রিয়া প্ৰকাশত দুৰ্বল এই শ্ৰেণীৰ লোকসকল হ'ল নিৰৎসাহী, মন মৰা, দুখী মনৰ আৰু নিৰাশাবাদী।

(iii) খঙাল বা পিত্ত প্ৰকৃতিৰ (Choleric) : অস্থিৰ আচৰণৰ গৰাকী এইসকল লোকৰ খং ৰাগ হয় অধিক দ্রুত আৰু আত্মনিয়ন্ত্ৰণহীন।

(iv) শ্লৈষ্মিক বা জড় (Phlegmatic) : মন্থৰ প্ৰকৃতিৰ প্ৰতিক্ৰিয়া প্ৰদান কৰা এই শ্ৰেণীৰ ব্যক্তিসকল হয় আৱেগিকভাৱে শান্ত, জড় আৰু উদাসীন বিধৰ ।

(খ) ক্ৰেটছমাৰৰ শ্রেণীবিভাগ (Kretschmer's classification)

উত্তৰঃ ক্রেটছমাৰৰ শ্রেণীবিভাগ (Kreteschmer's Classification) : ১৯২৫ চনত জাৰ্মানৰ মনোৰোগ বিশেষজ্ঞ ক্রেটছমাৰে দেহ গঠনৰ ভিত্তিত ব্যক্তিসকলক চাৰিটা ভাগত ভাগ কৰিছে। যেনে -

(i) গোলাকায় (Pyknic) : এই শ্ৰেণীৰ লোকৰ দৈহিক গঠন শকত-আৱত হয়। জীৱনক সহজভাৱে ল'ব পৰা এই লোকসকল সদায় আনন্দময় তথা আনন্দত আত্মহাৰা, দুখত সহজে ভাগি পৰা বিধৰ, সমাজপ্ৰিয়, বন্ধুভাৱাপন্ন আৰু সমাজপ্ৰিয় মনোভাৱৰ হয়।

(ii) দীর্ঘকায় (Aesthetic) : দীঘল, ক্ষীণ আৰু সাধাৰণভাৱে দুৰ্বল এই শ্ৰেণীৰ ব্যক্তিসকল অধিক সংবেদনশীল হৈ স্নায়ৱিক সমস্যাত ভোগে। এওঁলোক অসামাজিক, লাজকুৰীয়া আৰু নিৰাশাবাদী স্বভাৱৰ হোৱা দেখা যায়।


(iii) পুষ্টকায় (Athletic) : আকর্ষণীয়, শক্তিশালী আৰু হৃষ্ট-পুষ্ট শাৰিৰীক গঠনৰ এই শ্ৰেণীৰ লোকসকল আশাবাদী, আত্মবিশ্বাসী আৰু দৈহিকভাৱে শক্তিশালী হোৱা দেখা যায়।

(iv) বিকৃতকায় (Dysplastic) : অস্বাভাৱিক দৈহিক গঠনৰ এই শ্ৰেণীৰ লোকসকল মানসিকভাৱে ৰোগগ্ৰস্ত হোৱা দেখা যায়। সমাজত এই শ্ৰেণীৰ লোক নিচেই কম।


(গ) স্প্রেংগাৰৰ শ্ৰেণীবিভাগ (Classification of Spranger)

উত্তৰঃ স্প্রেংগাৰৰ শ্ৰেণীবিভাগ (Classification of Spranger) : জার্মান মনোবিজ্ঞানী স্প্রেংগাৰে মানুহৰ সামাজিক জীৱনৰ অনুভৱ, ৰুচিবোধ আৰু আগ্ৰহৰ ভিত্তিত ব্যক্তিত্বক ছয়টা ভাগত ভাগ কৰিছে। যেনে—

(i) সংজ্ঞানাত্মক (Cognitive) : এই শ্ৰেণীৰ লোকে বাস্তৱ জগতৰ লগত সম্বন্ধ নাৰাখি বৌদ্ধিক চিন্তা-চৰ্চাত ব্যস্ত থাকে।

(ii) অর্থনৈতিক (Economic) : বস্তুবাদী চিন্তাধাৰাৰ এই শ্ৰেণীৰ লোকে উপযোগিতামূলক বা লাভজনক দিশত অধিক গুৰুত্ব দিয়ে।

(iii) সৌন্দর্যবোধক (Aesthetic) : এই শ্ৰেণীৰ লোকসকল সুন্দৰৰ প্ৰতি আগ্রহশীল আৰু সুন্দৰৰ প্ৰশংসাকাৰী হয়।

(iv) ধার্মিক (Religious) : আধ্যাত্মিক মনোভাৱৰ এই শ্ৰেণীৰ লোক জীৱনৰ চিৰন্তন মূল্যবোধৰ প্রতি আকর্ষিত হয় আৰু জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰিবলৈ প্ৰয়াস কৰা দেখা যায়।

(v) ৰাজনৈতিক (Political) : এই শ্ৰেণীৰ লোক ক্ষমতালোভী আৰু ক্ষমতাশালী হয়। নিজৰ প্ৰভাৱ আনৰ ওপৰত আৰোপ কৰিব বিচৰা বিধৰ হয়।

(vi) সামাজিক (Social) : সমাজপ্রিয় মনোভাৱৰ এই শ্ৰেণীৰ লোকে সমাজৰ বাবে কাম কৰি ভাল পায় আৰু মনোভাৱক সৰ্বাধিক মূল্য প্ৰদান কৰে।


(ঘ) শ্রেণীকৰণ তত্বৰ সমালোচনা (Criticism of Type theory)

উত্তৰঃ শ্ৰেণীকৰণ তত্বৰ সমালোচনা (Criticism of Types Theory) :
বহু মনোবিজ্ঞানীয়ে শ্ৰেণীকৰণ তত্বৰ সপক্ষে মত প্রকাশ কৰি কয় যে এই তত্বই নতুন অধ্যয়ন আৰু গৱেষণাৰ পথ মুকলি কৰিছে। এই তত্বই সম্বন্ধে নতুন তথ্য আৰু জ্ঞান আহৰণত সহায় কৰিছে। কিন্তু এই শ্ৰেণীকৰণ তত্বক বহুতো মনোবিজ্ঞানীয়ে গ্ৰহণ কৰা নাই। কিয়নো—

মানুহৰ ব্যক্তিত্ব ইমানেই ব্যাপক আৰু বিচিত্র যে ইয়াক তিনিটা বা চাৰিটা ভাগ কৰিলেই সম্পূৰ্ণ নহয়।

ব্যক্তিত্বৰ সমগ্ৰতাৰ স্বৰূপক শ্ৰেণীকৰণ তত্বই দাঙি ধৰিব নোৱাৰে ৷

✴ মানুহৰ গতিশীলতা স্ৱভানৰ বাবে একেজন মানুহৰ ব্য়ক্তিত্বৰ শ্ৰেণীকৰণৰ লক্ষণমূহৰ সম্পূৰ্ণ স্থায়িত্ব নাথাকে ।

(ঙ) শ্রেষ্ঠতাৰ নীতি (Principle of Superiority)

উত্তৰঃ শ্রেষ্ঠতাৰ নীতি (Principle of Superiority) : এডলাৰৰ মতে শ্রেষ্ঠতা মানে হ'ল পূর্ণতা প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰা। প্ৰাৰম্ভিক সময়ত তেওঁ প্ৰৱল ইচ্ছা শক্তিৰ ওপৰত গুৰুত্ব দিছিল যদিও পৰৱৰ্ত্তী সময়ত শ্রেষ্ঠতাৰ বাবে সংগ্ৰামৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। প্ৰত্যেক ব্যক্তিৰে জীৱনত সৰ্বোচ্চ পর্যায় লাভৰ বাবে এক ইচ্ছা থাকে। শ্রেষ্ঠতাৰ এই সংগ্রাম সুপ্ত অৱস্থাত থাকে যদিও ব্যক্তিৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত ই স্পষ্ট হৈ পৰে। জীৱনৰ বিভিন্ন সময়ত ব্যক্তি হীনমন্যতাবোধত ভোগে। হীনমন্যতাবোধ নোহোৱা কৰিবৰ বাবেই মনত সৃষ্টি হয় ক্ষমতা লাভৰ ইচ্ছা। এডলাৰে তেওঁৰ প্ৰাৰম্ভিক লিখনীসমূহত শাৰিৰীক হীনমন্যতাবোধৰ কথা কৈছিল। উদাহৰণস্বৰূপে-ডেমোচ্‌থেনেচ (Demosthenes) নামৰ খোনাই কথা কোৱা শিশুজন ভৱিষ্যত পৃথিৱীত মহান বক্তা হিচাপে নিজৰ নাম উজ্বলাব পাৰিছিল, আকৌ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুচভেল্ট যুৱক অৱস্থাত দুৰ্বল আছিল যদিও পিছলৈ তেওঁ দৈহিকভাৱে শক্তিশালী ব্যক্তিলৈ নিজকে পৰিৱৰ্তন কৰিছিল। অৰ্থাৎ ব্যক্তিজনৰ হীনমন্যতাবোধ অৱস্থাই ব্যক্তিক উচ্চাত্মীকা বা শ্রেষ্ঠতাৰ ফালে আগুৱাই লৈ যায়। এডলাৰৰ মতে ব্যক্তিৰ মনত থকা প্ৰৱল ইচ্ছাশক্তিৰ বাবে ব্যক্তিয়ে শ্রেষ্ঠতা বা উচ্চ স্থান লাভ কৰিব পাৰে। তেওঁৰ মতে উচ্চাত্মীকা মানে হ'ল নিজৰ অৱস্থাৰ উন্নতি সাধন। মানুহে বিভিন্ন উপায়েৰে উন্নত অৱস্থাত উপনীত হবলৈ বিচাৰে।

(চ) ব্যক্তি সত্তা (Self)

উত্তৰঃ ব্যক্তি সত্তা (Self) : মানুহৰ জৈৱিক সত্তাই সচেতন আৰু অচেতনভাৱে সকলো ধৰণৰ অভিজ্ঞতা সামৰি লয়। পৃথকীকৰণ প্ৰক্ৰিয়াৰদ্বাৰা এই অভিজ্ঞতাবোৰৰ কিছু অংশ ব্যক্তিয়ে নিজৰ কৰি গঢ়ি তোলে। এই নিজৰ কৰি গঢ়ি তোলা অভিজ্ঞতার ভিত্তিতে ব্যক্তি সত্তা ধাৰণাই গঢ় লৈ উঠে। ৰজাৰচৰ এই তত্বৰ কেন্দ্ৰীয় সংগঠনেই হ'ল ব্যক্তি সত্তা। ই আনৰ লগত হোৱা আন্তঃক্রিয়া আৰু সচেতনতা আৰু কাৰ্যাৱলীৰ জৰিয়তে বিকশিত হয়।


(ছ) মনৰ সংগঠন (Structure of mind)

উত্তৰঃ মনৰ সংগঠন (Structure of Mind) : ভূ-তত্ত্ব সম্বন্ধীয় (topographical) দিশেবে ফ্রয়েডে মনক তিনিটা ভাগত ভাগ কৰিছে। এই ভাগকেইটা হ'ল—

(i) সচেতন মন (Conscious Mind) : মনৰ সচেতনতা হৈছে এক অংশ যাৰদ্বাৰা বাস্তব জগতৰ জ্ঞান-ধাৰণা, ভাৱচিন্তা, প্ৰয়োজন আৰু অভিপ্ৰায় আদিৰ সম্বন্ধে জ্ঞান লাভ কৰিব পাৰি। মনৰ এই অংশই বাস্তৱ অভিজ্ঞতাৰ লগত কাম কৰে। সচেতন মনৰ কাৰ্যকলাপ অচেতন মনৰ তুলনাত সীমিত।

অৱ-চেতন মন (Sub-Conscious Mind) : মনৰ অৱচেতন হ'ল এনে এক অংশ, যাৰ অভিজ্ঞতা ব্যক্তিৰ বাবে সচেতন অৱস্থাত নাথাকে কিন্তু স্মৃতি প্ৰয়োগৰ যোগেদি তাক প্রয়োজনমতে সচেতনতাৰ পর্যায়লৈ আনিব পাৰি। কিন্তু অৱচেতন মনৰ সকলো বিষয় চেতন মনলৈ অনাটো সম্ভৱ পৰ নহয়। (ii)
(iii) অচেতন মন (Unconscious Mind) : মনৰ সৰ্ববৃহৎ অংশ হ'ল অচেতন মন য'ত ব্যক্তিৰ অতীত অভিজ্ঞতাৰ স্মৃতি সঞ্চিত হৈ থাকে। এই স্মৃতিবোৰ স্বাভাৱিকভাৱে পুনৰুদ্ধাৰ কৰাটো সম্ভৱপৰ নহয়। ব্যক্তিৰ সচেতন চিন্তা আৰু অসংগতিপূৰ্ণ অৱস্থাৰে ভৰপূৰ অচেতন মন

শিশুসুলভ আৰু আদিম প্ৰকৃতিৰ বুলিব পাৰি। অচেতন মনৰ ক্ৰিয়া-কলাপে আমাৰ আচৰণত অনবৰতে প্ৰভাৱ পেলায়। কিন্তু ইয়াৰ ক্রিয়া-কলাপ সম্বন্ধে থকা আমাৰ অজ্ঞতাৰ বাবেই ইয়াৰ প্ৰাধান্য আমি অনুভৱ কৰিব নোৱাৰো।


(জ) ব্যক্তিত্বৰ গতিশীলতা (Dynamics of Personality)

উত্তৰঃ ব্যক্তিত্বৰ গতিশীলতা : ফ্রয়েডে ব্যক্তিৰ ব্যক্তিত্ব গঠনত তিনিটা মানসিক শক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰে বুলি মত পোষণ কৰে। সেয়া হ'ল ইড্‌ (ld.) অহম (Ego) আৰু পৰম অহম (Super Ego)। এই শক্তি তিনিটাৰ যোগেদি ব্যক্তিত্বৰ গতিশীলতা দিশ প্ৰকাশ পায়।

(i) ইড (Id) : ইড হৈছে ব্যক্তিৰ প্ৰবৃত্তিমূলক কামনাৰ প্ৰেৰণাস্বৰূপ। ইডত অন্তর্ভুক্ত মানসিক প্ৰক্ৰিয়াই ব্যক্তিৰ দৈহিক প্রবৃত্তিমূলক সুখ লাভ আৰু দুখ পৰিহাৰক কেন্দ্ৰ কৰি চলি থাকে। ব্যক্তিৰ চেতন মনত যিবিলাক অবাঞ্ছিত আৰু অসামাজিক ইচ্ছা জাগি উঠে সেইবোৰ ইডত গৈ আশ্রয় লয়। ইড সুখাভিমুখী বা সুখসন্ধানী নীতি (Pleasure Principle) ৰ ভেটিত গঢ় লয়। ইডে ভাল-বেয়া, উচিত-অনুচিত আদিৰ প্ৰতি দৃষ্টি নাৰাখি কেৱল কামনা-বাসনা পৰিতৃপ্ত কৰাত গুৰুত্ব দিয়ে।

(ii) অহম (Ego) : অহম হ'ল বাস্তৱ আৰু যুক্তিৰ প্ৰতিষ্ঠিত দিশ আৰু অচেতন আৰু অৱচেতনৰ সংমিশ্রণ। বাস্তৱত পাব পৰাটোক গ্ৰহণ কৰাত আৰু পাব নোৱাৰাটোক পৰিহাৰ কৰাত ই এক সমাযোজন শক্তিৰূপে কাম কৰে। অহম বাস্তৱতা নীতি (Reality principle) ৰ ওপৰত প্ৰতিষ্ঠিত। অহমৰ চেতন অৱস্থাই বাস্তৱৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলে আৰু ইয়াৰ অৱচেতন অংশই ইড্ৰৰ লগত সম্পৰ্ক ৰাখি চলে। অহম বিচাৰ-বুদ্ধি সম্পন্ন আৰু যুক্তিধর্মী।

(!!!) পৰম অহম (Super Ego) : পৰম অহম হ'ল আমাৰ নৈতিক মনৰ অৱস্থা। পৰম অহম নৈতিক আদর্শ (Mortality Principle) ৰ দ্বাৰা পৰিচালিত। ইয়াৰ প্ৰভাৱে ব্যক্তি এজনৰ আচৰণক অধিক পূৰ্ণতাৰ পথত আগুৱাই লৈ যায়। এই ধাৰণা উত্তৰাধিকাৰীসূত্ৰে পোৱা কেতবোৰ নীতিবোধ আৰু বাধা-নিষেধৰ ধাৰণা আৰু পিতৃ-মাতৃৰ পৰা লাভ কৰা কিছুমান নৈতিক শিক্ষাৰদ্বাৰা গঠিত। ইয়াৰ প্ৰভাৱৰ ফলত ইডৰ অবাঞ্ছিত আৰু অসামাজিক কামনা বাসনা দমন কৰি ৰাখিব পাৰি।

গ) মনো-যৌনতাৰ বিকাশ (Psycho-sexual development): মনোবিজ্ঞানী ফ্রয়েডৰ মতে, প্রত্যেক ব্যক্তিয়ে জীৱনত কেইটামান নিৰ্দিষ্ট স্তৰ অতিক্ৰম কৰিব লাগে। এই স্তৰকেইটাক মনো-যৌনতাৰ (Psycho-sexual) স্তৰ বোলা হয়। স্তৰ কেইটা মৌখিক অৱস্থা (Oral stage), পায়ু অৱস্থা (Anal Stage), শিশ্না অৱস্থা (Phaltic stage), কাম-ভাৱ অৱস্থা (Latent state) আৰু উপস্থ অৱস্থা (Genital stage) এই স্তৰকেইটা যদি সফলতাৰে অতিক্ৰম কৰিব পৰা যায় তেন্তে ব্যক্তিয়ে সামাজিক উচ্চতা লাভ কৰিব পাৰে। যদি এই স্তৰকেইটাত ব্যক্তি ভুল পথে নির্দের্শিত হয় তেন্তে ই বিকৃত আচৰণ গঢ়ি তুলিব।

৩৮। সৃজনশীলতা কি?

What is Creativity?

উত্তৰঃ সৃজনশীলতা হ'ল এক ব্যক্তিগত ক্ষমতা যাৰ যোগেদি ব্যক্তিয়ে নিজৰ চিন্তা আৰু ক্ৰিয়াক গঠনাত্মক ৰূপত প্ৰদান কৰিব পাৰে। সৃজনশীল কার্য-কলাপবোৰৰ যোগেৰে ব্যক্তিয়ে নিজ চিন্তা আৰু ক্ৰিয়াক মৌলিক ৰূপত প্রকাশিত কৰিব পাৰে।

৩৯। সৃজনশীলতাৰ এটা সংজ্ঞা লিখা।

Write one definition of Creativity.

উত্তৰঃ সৃজনশীলতাৰ এটা সংজ্ঞা -

১। জে. ই. ড্রেভদেহল (J.E. Drevdahl) ৰ মত অনুসৰি, “সৃজনশীলতা হৈছে এজন ব্যক্তিৰ ৰচনা কৰা, উৎপাদন কৰা ধাৰণাৰ দক্ষতা যি মূলতঃ নতুন বা অভিনৱ আৰু উৎপাদকৰ বাবে পূর্বজ্ঞানহীন” (Creativity is the capacity of a person to produce compositions, products of ideas, which are essentially new or novel and previously unknown to the producer)|

২। জে. ষ্টেনলি গ্রে (J. Stanley Gray) ৰ মতে, “সৃজনত্মক চিন্তা মানে এজন ব্যক্তি সম্বন্ধে এনে এক ভৱিষ্যতবাণী বা সিদ্ধান্ত, যি নতুন, মৌলিক উদ্ভাৱনমূলক আৰু অস্বাভাৱিক। সৃজনশীল লোক সেইজন, যিজনে নতুন ক্ষেত্ৰৰ অনুসন্ধান কৰে, নতুনৰ নিৰীক্ষণ কৰে, নতুনৰ ভৱিষ্যতবাণী কৰে আৰু নতুনৰ অনুমান কৰে” (Creative thinking means that the predictions and/or inferences for individual are new, original, ingenious, unusual. The creative is one who explores new areas and makes new observation, new predictions, new inferences) |

৩। ষ্টেইন (Stein) ৰ ভাষাত, “সৃজনশীলতা হৈছে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে নিৰ্দিষ্ট সময়ত কোনো এক ব্যক্তিদলৰ বাবে উপযোগিতামূলক বা সন্তোষজনক বুলি গ্ৰহণযোগ্য নতুনত্বৰ কাম কাজৰ সৃষ্টি হয়” (Creativity is process which result in novel work that is accept as tenable to usesful or satisfying to a group of people at some point of time) |

৪। ডেভিদ আচুবেল (David Aasubel) ৰ মতে, “বৌদ্ধিক ক্ষমতা, ব্যক্তিত্বৰ চলক আৰু সমস্যা সমাধান সংলক্ষণৰ সাধাৰণ সমন্বয়কে সৃজনশীলতা বোলা হয়।” (Creativity is the a generalised constellation of intellectural abilities, personality variables and problem solving traits) |



৪০। সৃজনশীলতা আৰু বুদ্ধিৰ মাজত একো পাৰ্থক্য নাই (শুদ্ধ নে অশুদ্ধ লিখা)

There is no difference between creativity and intelligence. (Write correct or not correct)

৪১। সৃজনশীলতাৰ সুপ্তাবস্থা মানে কি?

What is incubation in creativity?

উত্তৰঃ সুপ্তাৱস্থা হ'ল সৃজনশীল চিন্তন ক্ৰিয়াৰ দ্বিতীয় স্তৰ। এই স্তৰটোক নিৰ্দিষ্ট সমস্যাটো বা কৰ্মৰ পৰা বিৰতি থকাটোকে বুজায়। সৃজনশীল কাৰ্যৰ বাবে দীৰ্ঘ সময়ৰ প্ৰয়োজন।
ব্যক্তিয়ে সেয়েহে দেহ-মানসিক প্রস্তুতিৰ পিছত সেই সৃষ্টিশীল কামৰ পৰা নিজকে আঁতৰাই আনি আন আন দৈনন্দিন কামত নিজকে মনোনিৱেশ কৰায়। আন কামত নিজকে মনোনিৱেশ কৰাই থকাৰ মাজতে সেই কামৰ পৰাই ব্যক্তিয়ে সৃজনশীল আৱিষ্কাৰৰ ইংগিতো লাভ কৰা দেখা যায়। এনে অৱস্থাক কোনো এটা বিষয়ৰ সৃষ্টিৰ প্ৰাক-অৱস্থা বুলিব পাৰি। উদাহৰণস্বৰূপে আৰ্কিমিডিচে গা ধুই থাকোঁতে সমস্যাৰ সমাধান বিচাৰি পাইছিল।

৪২। সৃজনশীলতাৰ এটা বৈশিষ্ট্য লিখা।

Write one characteristic of creativity.

উত্তৰঃ সৃজনশীলতাৰ বৈশিষ্ট্য -

(১) বিশ্বজনীন (Universal) : সৃজনশীলতা এক বিশ্বজনীন ক্রিয়া। সমগ্ৰ বিশ্বৰ সকলো ব্যক্তিৰে কম-বেছি পৰিমাণে সৃজনশীল দক্ষতা আছে। কোনো বিশেষ ব্যক্তি বা ব্যক্তিসমষ্টিৰে ই একচেতিয়া গুণ নহয়। জাতি, বর্ণ, ধর্ম, লিংগ নির্বিশেষে সকলো ব্যক্তিৰে এই দক্ষতা আছে।

(২) প্রাকৃতিক সামর্থ (Natural Endowment) : সৃজনশীলতা প্রাকৃতিক সামর্থ যদিও শিক্ষাআৰু প্ৰশিক্ষণৰ জৰিয়তে বিকশাই তুলিব পাৰি। শিক্ষাই ব্যক্তিৰ সৃজনশীলতাক চিনাক্ত কৰি তাৰ পোষণ আৰু উৎকৰ্ষ সাধন কৰি তুলিব পাৰে। ইয়াৰ অভাৱত সি অভিব্যক্ত হৈ উঠিব নোৱাৰিলে মানৱীয় গুণৰ অপচয় হোৱা দেখা যায়।

(৩) নতুনত্ব সৃষ্টিকাৰী (Produce new or Novel) : সৃজনশীল কর্মৰদ্বাৰা কিবা এটা নতুন সৃষ্টি কৰিব পাৰি। কিন্তু নতুনত্বই সম্পূর্ণ নতুন কিবা এটা বস্তু বা ধাৰণাৰ সৃষ্টি কৰাকে নুবুজায়। ইতিমধ্যে সৃষ্টি হোৱা বা উৎপাদিত হোৱা কোনো এক বস্তু বা ধাৰণাৰ ক্ষেত্ৰত নতুন উপাদান সন্নিৱিষ্ট কৰাকো সৃজনশীল কর্ম বুলিব পাৰি। (8) আনন্দৰ উৎস (Source of Joy) : যিকোনো সৃজনশীল সৃষ্টিয়ে সৃষ্টিকৰ্তাৰ বাবে আনন্দ আৰু সফলতাৰ উৎস। সৃষ্টিকৰ্তাই নিজৰ দিশেৰে কোনো এক বস্তু দেখে বা অনুভৱ কৰে। সেই অনুভৱে সৃষ্টিকৰ্তাক সফলতাৰে কিবা এটা উৎপাদন কৰাত সহায় কৰে আৰু সৃষ্টিৰ আনন্দ প্রদান কৰে।
(&) অহং সত্তাৰ প্ৰভাৱ (Influence of ego) : সৃজনশীল কৰ্মবোৰত সৃষ্টিকৰ্তাৰ অহং সত্তা বা স্বকীয়তাৰ প্ৰভাৱ পৰা দেখা যায়। সৃজনশীল কৰ্মবোৰত ব্যক্তিৰ অহংকেন্দ্ৰিকতা ভাৱ তাৰ গঠনাত্মক ৰূপত অভিব্যক্ত হৈ উঠে।

৪৩। ব্রেইন ষ্টমিং কি?
What is Brain storming?

উত্তৰঃ ব্রেইন ষ্টর্মিং (Brain Storming) : এই কৌশলৰ সহায়েৰে এটা ছাত্ৰ-ছাত্ৰীৰ দলক বাধাহীনভাৱে কোনো এক বিষয়ত নিজ দৃষ্টিভংগী দাঙি ধৰিবলৈ সুযোগ প্ৰদান কৰি সৃজনশীল ক্ষমতা বিকশাই তুলিব পাৰি৷

৪৪। অপসাৰী চিন্তন কি?

What is divergent thinking?

উত্তৰঃ

৪৫। সৃজনশীল ব্যক্তিৰ বৈশিষ্ট্যবোৰ লিখা।

Write the characteristics of creative person.

উত্তৰঃ সৃজনশীল ব্যক্তিৰ বৈশিষ্ট্যবোৰ -

(১) সামাজিক প্রক্রিয়া (Social Process) : ব্যক্তিত্ব এক সামাজিক প্রক্রিয়া। সামাজিক আন্তঃক্ৰিয়াৰ যোগেদি এজন ব্যক্তিৰ ব্যক্তিত্বই বিকাশ লাভ কৰে। যি ব্যক্তিয়ে তেওঁ থকা সমাজখনৰ লগত সুন্দৰভাৱে আৰু সুষমভাৱে সমাযোজন কৰি চলিব পাৰে, তেওঁকেই ব্যক্তিত্ব সম্পন্ন মানুহ বুলি অভিহিত কৰা হয়।

(২) সদর্থক (Positiveness) : ব্যক্তিত্বৰ প্ৰয়োগ ইতিবাচক বা সদর্থক অৰ্থতহে প্ৰয়োগ কৰা হয়। সকলোবোৰ গুণৰ সমষ্টিকে ব্যক্তিত্ব বুলি কোৱা হয় যদিও ই কেৱল ভাল গুণবোৰকহে বুজায়।

(৩) বংশগতি আৰু পৰিৱেশৰ সংমিশ্রণ (Combination of Heredity and Environment) : কেৱল মাত্র বংশগতীয় কাৰক বা পৰিৱেশীয় কাৰকবোৰৰদ্বাৰা ব্যক্তিত্ব গঢ়ি উঠিব নোৱাৰে। এই দুই কাৰকৰ সংমিশ্ৰণৰ ফলতহে ব্যক্তিত্ব গঢ়ি উঠে। বংশগতি আৰু পৰিৱেশৰ পাৰস্পৰিক ক্রিয়া-প্ৰতিক্ৰিয়াৰদ্বাৰাই ব্যক্তিত্বৰ ব্যক্তিত্ব গঠিত হয়।

(৪) আত্মসচেতনমূলক (Self Consciousness) : ব্যক্তিত্ব হৈছে আত্ম-সচেতনমূলক। জন্তুবোৰৰ কোনো ব্যক্তিত্ব নাই কিয়নো জন্তুবোৰৰ কোনো আত্মচেতনা নাই। ভাল-বেয়া প্রত্যেকজন মানুহৰ আত্ম সচেতনতা আছে বাবে প্রত্যেক ব্যক্তিৰে সুকীয়া সুকীয়া ব্যক্তিত্ব আছে। (৫) সামগ্রিক প্রক্রিয়া (Total Process) : ব্যক্তিত্ব বিভিন্ন উপাদানেৰে গঠিত হ’লেও ই পৃথক উপাদান বা সংলক্ষণৰ এটা স্তুপীকৃত সমষ্টি নহয়। ব্যক্তিত্বৰ এক সামগ্ৰিক ৰূপ আছে। সেয়ে এজন ব্যক্তিৰ ব্যক্তিত্ব বুলি ক’লে ব্যক্তিজনৰ সকলোবোৰ সংলক্ষণেই সোমাই পৰে। (৬) লক্ষ্য সচেতন (Goal Consciousness) : ব্যক্তিত্ব হৈছে এক লক্ষ্য সচেতনকাৰী উপাদান। ই এজন লোকৰ দেহ-মানসিক গুণসমূহ বিকাশৰ প্ৰতি থকা এক আত্ম-সচেতনকাৰী মনোভাৱক বুজায়।
(৭) সমাযোজন প্রক্রিয়া (Adjustment Process) : ব্যক্তি এজনে জন্ম মুহুৰ্তৰ পৰা পৰিৱেশত সমাযোজিত হ'বলৈ আৰম্ভ কৰে। পৰিৱেশত কৰা সমাযোজনৰ ফলস্বৰূপে ব্যক্তিয়ে আচৰণ প্ৰদৰ্শন কৰে। গতিকে ব্যক্তিত্বক এক সমাযোজন প্ৰক্ৰিয়া বুলিব পাৰি।

৪৬। সৃজনশীলতাৰ স্তৰ চাৰিটা আলোচনা কৰা।

Discuss the four stages of creativity.

উত্তৰঃ সৃজনশীলতাৰ স্তৰ চাৰিটা -

(ক) প্ৰস্ততি (Preparation)

(খ) সুপ্তাবস্থা (Incubation)

(গ) উদ্ভাৱন (Illumination)

(ঘ) প্ৰমাণীকৰণ (Verification)
 
(ক) প্রস্তুতি ঃ প্রস্তুতি হ'ল সৃজনশীল চিন্তন প্রক্রিয়াৰ প্ৰথম স্তৰ। যিকোনো সৃজনশীল কাৰ্যৰ উদ্ভাৱনৰ বাবে দেহ-মানসিক প্রস্তুতিৰ প্ৰয়োজন । ইয়াৰ বাবে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে যদি কোনো এজন ব্যক্তিয়ে নিজৰ লিখনিৰে কিবা এটা সৃষ্টি কৰিব বিচাৰে তেন্তে এবাৰতে সেয়া সৃষ্টিশীল কৰ্মৰ উদ্ভাৱন হ'ব নোৱাৰে। ইয়াৰ বাবে ব্যক্তিজনক বহু প্ৰচেষ্টা আৰু প্ৰস্তুতিৰ প্ৰয়োজন। তাৰ পিছতহে ব্যক্তিজনে ফলপ্রসু লিখনিৰ সৃষ্টি কৰিব পাৰিব। এই স্তৰত ব্যক্তিয়ে সমস্যা সমাধানৰ বাবে মানসিক পর্যায়ত এক ব্যাপক পৰিকল্পনাৰ সৃষ্টি কৰে।

 খ) সুপ্তাৱস্থা ঃ ই হ'ল সৃজনশীল চিন্তন ক্ৰিয়াৰ দ্বিতীয় স্তৰ। এই স্তৰটোক নিৰ্দিষ্ট সমস্যাটো বা কৰ্মৰ পৰা বিৰতি থকাটোকে বুজায়। সৃজনশীল কাৰ্যৰ বাবে দীর্ঘ সময়ৰ প্ৰয়োজন। ব্যক্তিয়ে সেয়েহে দেহ-মানসিক প্ৰস্তুতিৰ পিছত সেই সৃষ্টিশীল কামৰ পৰা নিজকে আঁতৰাই আনি আন আন দৈনন্দিন কামত নিজকে মনোনিৱেশ কৰায়। আন কামত নিজকে মনোনিৱেশ কৰাই থকাৰ মাজতে সেই কামৰ পৰাই ব্যক্তিয়ে সৃজনশীল আৱিষ্কাৰৰ ইংগিতো লাভ কৰা দেখা যায়। এনে অৱস্থাক কোনো এটা বিষয়ৰ সৃষ্টিৰ প্ৰাক-অৱস্থা বুলিব পাৰি। উদাহৰণস্বৰূপে আৰ্কিমিডিচে গা ধুই থাকোঁতে সমস্যাৰ সমাধান বিচাৰি পাইছিল। 

 (গ) উদ্ভাসন : সুপ্তাৱস্থাৰ পৰৱৰ্তী স্তৰটো হ'ল উদ্ভাসন। উদ্ভাসন হ'ল আকস্মিকভাৱে সমস্যাৰ সমাধানৰ পথ আৱিষ্কাৰ। এই উদ্ভাৱন কাৰ্য যিকোনো সময়তে হ'ব পাৰে। ব্যক্তি এজনে সপোন দেখি থাকিলেও উদ্ভাসন কৰিব পাৰে। নিজৰ অজ্ঞাতেই তাৎক্ষণিকভাৱে সমস্যাৰ সমাধান হয়। ইয়ে ব্যক্তিজনৰ মনত এক সৃষ্টিশীল অৱস্থাৰ সৃষ্টি কৰে। উদ্ভাসনৰ ফলতেই আকিমমিডিচে বাথৰুমৰ পৰা ‘ইউৰেকা’, ‘ইউৰেকা' বুলি কৈ ওলাই আহিছিল। অৰ্থাৎ ৰজাই কৰিবলৈ দিয়া সমস্যাটোৰ সমাধানৰ পথ তেওঁ বিচাৰি পাইছিল। 

 (ঘ) প্রমাণীকৰণ : সৃজনশীল চিন্তন ক্ৰিয়াৰ অন্তিম স্তৰটো হ'ল প্রমাণীকৰণ। উদ্ভাসন স্তৰত লাভ কৰা ধাৰণাক ব্যক্তিয়ে পুনঃ পৰীক্ষণ কৰে আৰু বাস্তৱত ৰূপায়িত কৰিবলৈ চেষ্টা কৰে। মনত উদয় হোৱা সমাধানৰ পথ নতুন ধৰণে সজাই নতুন ৰূপত উপস্থাপন কৰা হয়। কোনো সৃজনশীল কৰ্মৰ এই স্তৰটোত সফলতাৰে উপনীত হ'ব পাৰিলে সৃজনশীল চিন্তন কৰ্ম সমাপ্ত হোৱা বুলি ক'ব পাৰি। এই স্তৰক সেয়েহে সত্যতা বিচাৰৰ স্তৰ বুলিও কোৱা হয়। এই স্তৰটোৰ পিছতেই বিভিন্ন সৃজনশীল কর্ম আমি উপভোগ কৰিব পৰা হওঁ। এই চাৰিটা স্তৰৰ মাজেৰে সৃজনশীল চিন্তন কৰ্ম সম্পাদন কৰিব পাৰি। এই স্তৰ চাৰিটা বিজ্ঞানসন্মত আৰু পদ্ধতিগতভাৱে বিশ্লেষণ কৰাৰ ওপৰত উচ্চ স্তৰীয় সৃজনশীল কৰ্ম নিৰ্ভৰশীল। 

৪৭। সৃজনশীলতা আৰু বুদ্ধিৰ সম্বন্ধ উদাহৰণসহ বৰ্ণনা কৰা।

Explain the relationship betwen creativity and intelligence with examples.

উত্তৰঃ সৃজনশীলতা আৰু বুদ্ধি দুয়োটাই মানসিক সামর্থ। সাধাৰণভাৱে চাবলৈ গ'লে সৃজনশীলতা আৰু বুদ্ধি একে যেন লাগিলেও বাস্তৱিকতে এই দুই ধাৰণা একে নহয়। বুদ্ধি আৰু সৃজনশীলতাৰ মাজত বহুতো পার্থক্য আছে। মনোবিদসকলেও মত প্ৰকাশ কৰা দেখা যায় যে এজন ব্যক্তি অতি উচ্চ বুদ্ধিসম্পন্ন হ'লেও সৃজনশীল নহবও পাৰে বা উচ্চমানৰ সৃজনশীল হৈও উচ্চ বুদ্ধিসম্পন্ন নহবও পাৰে। (An individual can be extremely bright but not creative, or highly creative but not necessarily intellectually gifted)। তলত উল্লেখ কৰা উদাহৰণটোৰ পৰা সৃজনশীলতা আৰু বুদ্ধিৰ মাজত থকা সম্বন্ধ স্পষ্টভাৱে জানিব পৰা যায়। “তলত পাঁচটা প্রশ্ন দিয়া হৈছে। যেনে—.

  ১। অসমৰ ৰাজধানী হ'ল—
 (ক) গুৱাহাটী
 (খ) কামৰূপ 
 (গ) দিছপুৰ
 (ঘ) যোৰহাট (শুদ্ধ উত্তৰটো বাছি উলিওৱা) 

 ২। ৰঙা ৰঙৰ বিপৰীত ৰঙ কি? 

 ৩। ঠাণ্ডাৰ বিপৰীতার্থক শব্দ কি? 

 ৪। গাখীৰ আৰু মাংস কিদৰে সম্বন্ধিত? 

 ৫। যদি 2x-25 0, তেন্তে ৰ মান কিমান? = এই প্রশ্নকেইটাৰ ১, ৩ আৰু ৫ নং প্রশ্ন তিনিটা সমাধান কৰাটো সহজ কিয়নো এই প্রশ্নকেইটা যুক্তি আৰু জ্ঞানৰ ওপৰত নিৰ্ভৰশীল। কিন্তু তুলনামূলকভাৱে ২ আৰু ৪ নং প্ৰশ্নৰ উত্তৰ প্ৰদান কৰাটো
কঠিন কিয়নো এই প্রশ্ন দুটাত কল্পনাশক্তিৰ প্ৰয়োজন। এই প্রশ্ন দুটাৰ কোনো সঠিক উত্তৰ নাই। ১, ৩ আৰু ৫ নং প্ৰশ্নৰ বাবে বুদ্ধিৰ প্ৰয়োজন আৰু ২ আৰু ৪ নং প্রশ্নৰ বাবে সৃজনশীলতাৰ প্ৰয়োজন।” গতিকে ক'ব পাৰি যে সৃজনশীলতা আৰু বুদ্ধি একে গুণবিশিষ্ট মানসিক সামৰ্থ নহয়। তলত সৃজনশীলতা আৰু বুদ্ধিৰ মাজত থকা কেতবোৰ পাৰ্থক্য বিশ্লেষণ কৰা হ'ল—

 (ক) বুদ্ধি অভিলাসী চিন্তন (Convergent thinking) ক্ষমতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু সৃজনশীলতা অপসাৰী চিন্তন (Divergent thinking) ক্ষমতাৰ ওপৰত প্ৰতিষ্ঠিত। অভিলাসী চিন্তনত ব্যক্তি এজনে বহুতোৰ মাজত আটাইতকৈ উপযুক্ত ধাৰণা বা প্ৰতিক্ৰিয়া নিৰ্বাচন কৰে আনহাতে অপসাৰী চিন্তনত বহুতো প্ৰতিক্ৰিয়া থাকিব পাৰে। সেয়েহে, বুদ্ধি পৰীক্ষাত অভিলাসী চিন্তন পৰিমাপন কৰা হয় আৰু সৃজনশীলতাত অপসাৰী চিন্তন পৰিমাপন কৰা হয়।

 (খ) এইটো পৰ্যবেক্ষণ কৰিব পাৰি যে উচ্চ সৃজনশীল ব্যক্তি উচ্চ বুদ্ধিসম্পন্ন হয় কিন্তু উচ্চ বুদ্ধিসম্পন্ন ব্যক্তি এজন উচ্চ সৃজন ক্ষমতাৰ অধিকাৰী নহব'ও পাৰে। 

 (গ) বুদ্ধি পৰীক্ষাত সঠিকতা আৰু দ্রুততাৰ ওপৰত গুৰুত্ব দিয়া হয়, আনহাতে সৃজনশীল পৰীক্ষাত নতুনত্ব, গতিশীলতা আৰু মৌলিকতাৰ ওপৰত গুৰুত্ব দিয়া হয়।

 (ঘ) শৈক্ষিক মানদণ্ড আৰু কৃতিত্বৰে বুদ্ধিসম্পন্ন ব্যক্তিসকলক চিনাক্তকৰণ কৰিব পাৰি। কিন্তু শৈক্ষিক মানদণ্ড আৰু কৃতিত্বৰে সৃজনশীল ব্যক্তিসকলক চিনাক্ত কৰিব নোৱাৰি। উদাহৰণস্বৰূপে আইনষ্টাইন, ৰুছো, ৰবীন্দ্ৰনাথ ঠাকুৰ আদি সৃজনশীল প্ৰতিভাৰ লোকসকলৰ স্কুলীয়া জীৱন উৎসাহজনক নাছিল।

     বুদ্ধি আৰু সৃজনশীলতাৰ মাজত থকা পাৰ্থক্য বিশ্লেষণৰ পিছত মেক কিননে আগবঢ়োৱা সংজ্ঞা দাঙি ধৰি ক'ব পাৰি যে বৌদ্ধিকভাৱে উন্নতমানৰ ব্যক্তি মাত্ৰেই প্ৰতিভাসম্পন্ন হোৱাটো আশা কৰিব নোৱাৰি। সকলো উন্নত বদ্ধিৰ লোকৰে সৃজন ক্ষমতা নাথাকিবও পাৰে। বৌদ্ধিক জ্ঞানমূলক বা শৈক্ষিক যোগ্যতাৰ ভিত্তিত এজন লোকক সৃজনশীল বুলি কব নোৱাৰি। শৈক্ষিক মানদণ্ডৰে বিবেচনা কৰিও —জন লোকক সৃজনশীল বুলি কব পৰা নাযায়। এজন শিক্ষার্থীয়ে কোনো এটা পৰীক্ষাত ভাল ফলাফল  কৰিলেই তেওঁক সৃজনশীল ব্যক্তি বুলিব নোৱাৰি। 

৪৮। বিদ্যালয়ত সৃজনশীল শিশুৱে সন্মুখীন হোৱা সমস্যাবোৰ আলোচনা কৰা।

Discuss about the problems faced by creative child in school.

উত্তৰঃ শিক্ষা ব্যৱস্থাৰ সাধাৰণ শ্ৰেণীকোঠাত সৃজনশীল শিশুসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। গৱেষণামূলক বিভিন্ন অধ্যয়নৰ পৰা দেখা গৈছে যে সৃজনশীল শিশুসকলে শিক্ষা ব্যৱস্থাত বিভিন্ন বাধাৰ সন্মুখীন হ'ব লগা হৈছে। এই সমস্যাবোৰ হ'ল—

(১) অনাকর্ষণীয় পাঠ্যক্রম (Unattractive Curriculum) : শিক্ষা ব্যৱস্থাৰ পাঠ্যক্রম আকর্ষণীয় আৰু শিশুৰ প্ৰয়োজন ভিত্তিক হোৱা প্ৰয়োজন। কিন্তু বিদ্যালয়সমূহ প্রচলিত পাঠ্যক্রমে সৃজনশীলশিশুসকলৰ বৌদ্ধিক প্রয়োজনবোৰ পূৰণ কৰিব নোৱাৰে। সেয়েহে সাধাৰণ শ্রেণীকোঠাৰ পাঠ্যক্রম সৃজনশীল শিশুসকলৰ বাবে সমস্যা স্বৰূপ হৈ উঠে। ইয়াৰ ফলত সৃজনশীল শিশুসকল শিক্ষা ব্যৱস্থাৰ প্ৰতি আকৰ্ষিতন হয়।

(২) দোষমুক্ত পরীক্ষা ব্যৱস্থা (Uneffective Examination Sytem) : আমাৰ দেশৰ প্রচলিত পৰীক্ষা ব্যৱস্থাত বিভিন্ন ত্রুটি থকা দেখিবলৈ পোৱা যায়। সাধাৰণতে পৰীক্ষা ব্যৱস্থাই সকলো শিশুৰ বৌদ্ধিক, মানসিক দক্ষতা, চিন্তা-চৰ্চাৰ সফল প্ৰয়োগকৰণত গুৰুত্ব প্ৰদান কৰিব লাগে। কিন্তু এইবোৰৰ বিপৰীতে পৰীক্ষা ব্যৱস্থাত মুখস্থ স্মৃতিৰ ওপৰতহে অত্যাধিক গুৰুত্ব আৰোপ কৰা হয়। এনে ধৰণৰ পৰীক্ষা ব্যৱস্থাই সৃজনশীল শিশুসকলৰ দক্ষতা পরিমাপন কৰিবলৈ অসমৰ্থ হয় আৰু সমস্যাৰ সৃষ্টি কৰে।

(৩) সা-সুবিধাৰ অভাব (Lack of Facilities) : প্রত্যেক শিশুৱে নিজৰ সুপ্ত প্রতিভাবোৰ বিকশাই তুলিবৰ বাবে উপযুক্ত পৰিমাপনৰ সা-সুবিধাৰ প্ৰয়োজন। সেয়েহে প্রত্যেক শিক্ষানুষ্ঠানতে শিশুসকলৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধাৰ প্ৰয়োজন। কিন্তু আমাৰ দেশৰ শিক্ষানুষ্ঠানসমূহত সৃজনশীল শিশুসকলৰ সুপ্ত প্রতিভাবোৰ বিকশাই তুলিবৰ বাবে উপযুক্ত সা-সুবিধা নাই। ফলস্বৰূপে সৃজনশীল শিশুসকলৰ প্ৰতিভা অৱদমিত কৰি ৰাখিবলগীয়া হয়।

(8) নিৰ্দেশনাৰ অভাৱ (Lack of Guidance) : নিজৰ প্ৰতিভা ভালদৰে বিকশাই তোলাৰ বাবে সৃজনশীল শিশুসকলক উপযুক্ত নিৰ্দেশনাৰ প্ৰয়োজন। নিৰ্দেশনাৰ অভাৱত সৃজনশীল শিশুসকলে কেতিয়াবা সামাজিক নিৰাপত্তাহীনতা আৰু হীনমন্যতাত ভোগ দেখা যায়। ইয়াৰ উপৰিও সৃজনশীল শিশুৰ আগ্ৰহ আৰু দক্ষতাৰ ক্ষমতা অধিক হোৱা বাবে তেওঁলোকে কোনটো কাম বেছি প্ৰয়োজনীয় আৰু উপযোগী তাক নিৰ্ণয় কৰিব নোৱাৰে। উপযুক্ত নির্দেশনাৰ অভাৱত সৃজনশীল শিশু এনে সমস্যাৰ সন্মুখীন হোৱা দেখা যায়।

(৫) পৰম্পৰাগত শিক্ষাদান পদ্ধতি (Traditional Method of Teaching) : সৃজনশীল শিশুসকলে শিক্ষাব্যৱস্থাত সন্মুখীন হোৱা আন এক সমস্যা হ'ল পৰম্পৰাগত শিক্ষাদান পদ্ধতি। দেশীয় শিক্ষানুষ্ঠানবোৰত দেখা যায় যে শিক্ষকসকলে পাঠদান কৰাৰ বেলিকা পৰম্পৰাগত পদ্ধতিবোৰ (বিশেষকৈ বক্তৃতা পদ্ধতি) ব্যৱহাৰ কৰে। এই পদ্ধতিবোৰ একমুখী (One way)। এই ধৰণৰ পাঠদান ব্যৱস্থাত শিক্ষক-শিক্ষাৰ্থীৰ উমৈহতীয়া যোগাযোগ সম্ভৱ নহয়। ফলত সৃজনশীল শিশুসকলে নিজ দক্ষতাৰ প্ৰকাশ কৰিবলৈ কোনো সুবিধা নাপায়।

(৬) কলাত্মক বিষয়ৰ অভাৱ (Dearth of Artistic Subject) : সৃজনশীল শিশুসকলৰ প্ৰতিভা বিকশাই তোলাৰ ক্ষেত্ৰত কলাত্মক বিষয়বোৰে বিশেষ ভূমিকা পালন কৰে। সেইবাবেশিক্ষানুষ্ঠানত প্ৰতিদিনে অতি কমেও এটাকৈ শ্রেণী কলাত্মক বিষয়বোৰৰ বাবে থাকিব লাগে যাৰ, জৰিয়তে শিশুসকলে তেওঁলোকৰ বিভিন্ন প্ৰতিভা আৰু দক্ষতাবোৰ বিকশাই তুলিব পাৰিব। কিন্তু বাস্তুৱিকতে দেখা যায় যে স্কুলীয়া শিক্ষা ব্যৱস্থাত এই বিষয়বোৰে উপযুক্ত প্রাধান্য লাভ নকৰে।

(৭) ভয়-শংকা (Hesitation and Fear) : শ্ৰেণীকোঠাৰ পৰিৱেশত কোনো প্রশ্নৰ অৱতাৰণা কৰা বা শিক্ষকক প্ৰশ্নৰ উত্তৰ দিয়াৰ বেলিকা বহু শিক্ষাৰ্থী ভয়-শংকাৰ বলি হোৱা দেখা যায়। ভয় শংকাৰ ফলত নিজৰ মনৰ ভাৱ বা জনা প্ৰশ্নৰ উত্তৰ প্ৰদান কৰাটোও শিশুসকলৰ বাবে সম্ভৱপৰ নহয়। সৃজনশীলতা বিকাশত এনে অৱস্থা এক জটিল প্রতিবন্ধকস্বৰূপ।

(৮) কৌতুহল পূৰণত ব্যর্থ (Failure of Satisfy Curiosity) : দেখা যায় যে সৃজনশীল শিশুসকল কৌতুহলী বা অনুসন্ধিৎসু প্ৰকৃতিৰ হয়। কৌতুহল প্ৰৱণতাৰ বাবে তেওঁলোকে ডাঙৰে সম্পাদন কৰা বিভিন্ন কৰ্মৰ পৰা কৌতুহলৰ মাধ্যমেৰে শিকিবলৈ আৰু জানিবলৈ বিচাৰে। কিন্তু শিক্ষক অভিভাৱকসকলে সম্পূৰ্ণ সফলভাৱে সৃজনশীল শিশুসকলৰ কৌতুহল পূৰণ কৰিব নোৱাৰে। কৌতুহল পূৰণত ব্যৰ্থ হ'লে সৃজনশীল শিশুসকলৰ মনত মানসিক অতৃপ্তিয়ে দেখা দিয়ে আৰু ইয়াৰ ফলত নানা সমস্যাৰ সৃষ্টি হয়।

৪৯। শিশুৰ সৃজনশীলতাৰ বিকাশত শিক্ষকৰ ভূমিকা আলোচনা কৰা।

Discuss the role of teachers in developing creativity of children.

উত্তৰঃ শিশুৰ সৃজনশীলতাৰ বিকাশত শিক্ষকৰ ভূমিকাৰ বিষয়ে তলত আলোচনা কৰা হৈছে -
(১) উত্তৰদানত স্বাধীনতা (Freedom to Respond) : শিক্ষক আৰু অভিভাৱকসকলে ছাত্র ছাত্ৰীসকলৰ প্ৰশ্নসমূহৰ একো একোটা নিৰ্ধাৰিত উত্তৰহে আশা কৰে যিয়ে সিহঁতৰ সৃজনশীল দক্ষতা বিকাশব নোৱাৰে। সেয়েহে পৰিস্থিতি এটা নিজা ধৰণে বৰ্ণনা কৰাৰ বা প্ৰশ্নৰ উত্তৰ প্রদান কৰাৰ স্বাধীনতা শিক্ষকসকলে দিব লাগে। কোনো এক সমস্যাৰ সমাধানৰ বাবে তেওঁলোকে স্বাধীনভাৱে নিজ ইচ্ছা অনুসৰি চিন্তা কৰাৰ সুবিধা প্ৰদান কৰিব লাগে। উত্তৰ প্ৰদান কাৰ্যত প্ৰদান কৰা স্বাধীনতাই ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনশীলতা বিকশাই তুলিব।

(২) শিক্ষা গতানুগতিক পৰিহাৰ (Remove Conventionality) ; শিক্ষা ব্যৱস্থাৰ গতানুগতিক শিক্ষাদান পদ্ধতি, শিক্ষকৰ নিয়ন্ত্রণমূলক আৰু দমনমূলক নীতি-নিয়মে ছা ছাত্রীক শিক্ষা লাভৰ বা নিজকে বিকশাই তোলাৰ বাবে আকৰ্ষিত নকৰে। এই গতানুগতিক ব্যৱস্থা ছাত্ৰ-ছাত্ৰীৰ সৰ্বাত্মক বিকাশৰ পথত বাধাস্বরূপ। সেইবাবে শিক্ষাদান কার্যত শিক্ষকসকলে মুক্ত আৰু গতিশীল শিক্ষাদান পদ্ধতি প্রয়োগ কৰিব লাগে আৰু নিজকে ছাত্র-ছাত্রীসকলৰ বন্ধু দার্শনিক আৰু পথ প্ৰদৰ্শক স্বৰূপে গ্ৰহণ কৰিব লাগে। এনে গতিশীল শিক্ষা ব্যৱস্থাই শিশুর সৃজনশীল ক্ষমতা বিকশাই তুলিব পাৰিব।

(৩) মৌলিকতা উৎসাহ প্রদান (Encouraging on Originality) : শিক্ষকসকলে বিদ্যালয়ত নিজৰ ভাৱ চিন্তাক বলপূর্বকভাৱে শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়াতকৈ শিক্ষাৰ্থীসকলৰ সৃজনশীল দক্ষতা তথা মৌলিক ভাৱ চিন্তাৰ বিকাশত উৎসাহ যোগাব লাগে। শিক্ষকে শিক্ষাৰ্থীৰ সন্মুখত বিভিন্ন সমস্যা দাঙি ধৰিব লাগে আৰু সেই সমস্যাসমূহ সমাধানৰ বাবে শিক্ষাৰ্থীসকলক এককভাৱে বা দলীয়ভাৱে মৌলিক চিন্তা কৰিবৰ বাবে অনুপ্ৰেৰণা যোগাব লাগে।

(8) শংকা আৰু ভয় আঁতৰ কৰা ( Removal of Hesitation and Fear) : সাধাৰণতে দেখা যায় যে বহুতো ছাত্র-ছাত্ৰীয়ে শ্রেণীকোঠাত শিক্ষকক প্রশ্ন সোধা বা উত্তৰ প্ৰদান কৰা আৰু প্রয়োজনীয় সময়ত মত বিনিময় কৰাত ভয়-শংকাৰ সন্মুখীন হোৱা দেখা যায়। ইয়াৰ ফলত বহুতো জনা প্ৰশ্নৰ উত্তৰ প্ৰদান কৰা কাৰ্যতো ছাত্ৰ-ছাত্ৰীসকল অপাৰগ হয়। সৃজনশীল ক্ষমতাৰ বিকাশ ইয়াৰ বাবে নিষ্ক্রীয় হৈ পৰে। সেয়েহে শিক্ষকসকলে শিক্ষানুষ্ঠানত একে এক পৰিবেশৰ সৃষ্টি কৰিব লাগে যি পৰিৱেশে ছাত্ৰ-ছাত্ৰীৰ ভয়-শংকা আঁতৰ কৰাত সহায় কৰিব।

(৫) সৃজনশীল আত্মপ্রকাশৰ বাবে উপযুক্ত সুবিধা আৰু পৰিৱেশৰ সৃষ্টি (Providing appropirate opportunities and atmosphere for creative expression) : শিশুসকলৰ সৃজনশীল ক্ষমতা বিকশাই তোলাত উপযুক্ত সুবিধা আৰু পৰিৱেশ প্ৰভাৱ বিস্তাৰ কৰে। সৃজনশীল প্রতিভাৰ বিকাশৰ বাবে শিক্ষকসকলে ছাত্র-ছাত্রীসকলক বিভিন্ন ধৰণৰ সহ পাঠ্যক্রমিক কার্যসূচীত অংশ গ্ৰহণ কৰাৰ সুবিধা প্রদান কৰিব লাগে। আমাৰ সামাজিক উৎসৱ, ধৰ্মীয় আৰু সামাজিক উৎসৱবোৰ উদযাপনৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীৰ সৃজনশীল দক্ষতা বিকশাই তুলিব পাৰি।

(৬) শিশুৰ সুস্থ অভ্যাস বিকশোৱা (Developing healthy habits among children) : সৃজনশীল বিকাশৰ বাবে পৰিশ্রম, একাগ্রতা, আত্মবিশ্বাস, নিৰ্ভৰযোগ্যতা, দায়িত্বশীল মনোভার আদি অতি প্রয়োজনীয়। সেয়েহে ছাত্র-ছাত্রীসকলক এই অভ্যাসবোৰ আয়ত্ব কৰণৰ বাবে অনুপ্ৰেৰণা যোগাব লাগে। শিক্ষকসকলে বিদ্যালয়ত বিভিন্ন ধৰণৰ পাঠ্যক্ৰমিক আৰু সহঃপাঠ্যক্রমিক কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ এই দিশবোৰত সুস্থ অভ্যাস বিকশাই তুলিব লাগে।

(৭) সৃজনশীল সম্পদৰ ব্যৱহাৰকৰণ (Using the Creative Resources of the Community); কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিবলৈ নিব লাগে। ইয়ে ছাত্র-ছাত্রীসকলক সৃজনশীল কর্ম সম্পাদনাৰ বাবে উৎসাহ প্রদান কৰিব। ইয়াৰ বাহিৰেও মাজে সময়ে সৃজনশীল শিল্পীবিজ্ঞানী আৰু বিশিষ্ট ব্যক্তিক বিদ্যালয়লৈ আমন্ত্রণ জনাব লাগে আৰু ছাত্ৰ-ছাত্ৰীসকলক উৎসাহী কৰিব লাগে। ইয়ে ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিসৰো বৃদ্ধি কৰিব বুলি আশা কৰিব পাৰি।

(৮) পাঠ্যক্ৰমৰ উপযুক্ত সংগঠন (Proper Organisation of the Curriculum) : শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমবোৰ এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে এইবোৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সৃজনশীল ক্ষমতা বিকশাই তুলিব লাগে। সৃজনশীল ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত পাৰ্থক্যৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যক্ৰমত ভিন্নমুখী বিষয় অন্তর্ভুক্ত কৰিব লাগে। শিক্ষা ব্যৱস্থাৰ পাঠ্যক্রম গতিশীল, প্রায়োগিক আৰু সমাজমুখী কৰি তুলিব লাগে যাতে ইয়াৰ জৰিয়তে শিশুৱে নিজস্ব চিন্তাধাৰাৰ প্ৰকাশ ঘটাব পাৰে।

(৯) মূল্যায়ন ব্যৱস্থাৰ সংস্কাৰ সাধন (Reforms in the Evaluation System) : আমাৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে পৰীক্ষাকেন্দ্ৰীক। সেয়েহে যদি ছাত্ৰ-ছাত্ৰীৰ সৃজনশীল ক্ষমতা বিকাশৰ লাগে তেন্তে মূল্যায়ন ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ সৃজনশীল ক্ষমতা বাধা প্রদান কৰা কাৰক-মুখস্থ স্মৃতি, একপক্ষীয় প্রতিক্রিয়া প্রদান প্রক্রিয়া আদিবোৰ শিক্ষা ব্যৱস্থাৰ পৰা আতৰাব লাগিব আৰু মূল্যায়ন ব্যৱস্থাত সামগ্রিকতা, পুংখানুপুংখ জ্ঞান অভিজ্ঞতাৰ পৰিমাপন আদিৰ ওপৰত গুৰুত্ব দিব লাগিব।

(১০) বিশেষ কৌশলৰ প্ৰয়োগ (Use of Special Techniques) : শিক্ষা ব্যৱস্থাত কেতবোৰ বিশেষ কৌশলৰ প্ৰয়োগৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীৰ সৃজনশীল দক্ষতা বিকশাই তুলিব পাৰি। যেনে—

(ক) ব্রেইন ষ্টর্মিং (Brain Storming) : এই কৌশলৰ সহায়েৰে এটা ছাত্ৰ-ছাত্ৰীৰ দলক বাধাহীনভাৱে কোনো এক বিষয়ত নিজ দৃষ্টিভংগী দাঙি ধৰিবলৈ সুযোগ প্ৰদান কৰি সৃজনশীল ক্ষমতা বিকশাই তুলিব পাৰি।

(খ) শিক্ষণ আৰ্হিৰ প্ৰয়োগ (Use of Teaching Models) : শিক্ষণৰ কেতবোৰ এনে আৰ্হি আছে যিবোৰে শিশুসকলৰ সৃজনশীল দক্ষতা বিকশাব পাৰে। শিক্ষকে শিক্ষা প্ৰদান কৰোঁতে এইবোৰ ব্যৱহাৰ কৰা উচিত।

(গ) খেলা, সমস্যা সমাধান আৰু কুইজৰ প্ৰয়োগ (Use of Playway, Problem Solving and Quiz) : ভিন্ন প্ৰকৃতিৰ ছাত্ৰ-ছাত্ৰীৰ সৃজনশীল গুণ বিকশাই তুলিবৰ বাবে শিক্ষকসকলে বিভিন্ন ধৰণৰ খেলা-ধূলাৰ ব্যৱস্থা কৰিব লাগে, বিভিন্ন সমস্যা ছাত্র-ছাত্রীক প্ৰদান কৰি সেইবোৰ সমাধান কৰিবলৈ দিব লাগে আৰু কুইজো অনুষ্ঠিত কৰিব লাগে।

গতিকে দেখা যায় যে ছাত্ৰ-ছাত্ৰীৰ সৃজনশীল গুণৰ বিকাশ সাধন কৰাত শিক্ষকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিক্ষকসকলৰ বাহিৰেও অভিভাৱক আৰু শিশুৰ মাক-দেউতাকেও সৃজনাত্মক ক্ষমতাৰ বিকাশৰ বাবে ঘৰত এক সুস্থিৰ বাতাবৰণৰ সৃষ্টি কৰিব লাগে।


 

 



Type Himanku Bora & Prabal Knowar