ন্যায়ৰ মূৰ্তিঃ

    ন্যায়ৰ সন্নিৱিষ্ট আশ্রয়বাক্য দুটাৰ গুণ আৰু পৰিমাণ অনুযায়ী ন্যায়ৰ যি বিভিন্ন প্ৰকাৰৰ আকাৰ বা ৰূপ পােৱা যায় তাকেই ন্যায়ৰ বিন্যাস বা মূর্তি বােলে। 

    ন্যায়ৰ ‘মূর্তি’ শব্দটো তিনিটা বিভিন্ন অর্থত ব্যৱহাৰ হয়। 

(a) সাধাৰণ অৰ্থত ন্যায়ৰ অন্তর্ভুক্ত আশ্রয়বাক্য দুটাৰ গুণ আৰু পৰিমাণৰ দ্বাৰা নিৰ্ধাৰণ হােৱা বিভিন্ন আকাৰক মূর্তি বােলে। 

(b) ব্যাপক অর্থত ন্যায়ৰ অন্তর্ভুক্ত দুটা আশ্রয়বাক্য আৰু এটা সিদ্ধান্ত— এই তিনিটা বচনৰ গুণ আৰু পৰিমাণৰ দ্বাৰা নিৰ্ধাৰিত ন্যায়ৰ সম্পূর্ণ আকাৰক মূর্তি বােলা হয়। 

(c) সংকীর্ণ অর্থত মূর্তি বুলিলে মাত্র ন্যায়ৰ বৈধ মূৰ্তিবােৰকহে বুজোৱা হয়। মূর্তি সংখ্যা নিৰূপণ 

(a) ন্যায়ৰ মূর্তি বুলিলে যদি কেৱল যুক্তিবাক্য বা আধাৰবাক্য বা আশ্ৰয়বাক্য দুটাৰ গুণ আৰু পৰিমাণকে বুজোৱা হয়, তেন্তে প্ৰত্যেক সংস্থানতে 16 টা মূৰ্তি পোৱা যায়। তৰ্কবিজ্ঞানসন্মত বচন চাৰি প্ৰকাৰৰ- AEIO। প্ৰত্যেক সংস্থানতে নিম্নলিখিত 16 টা মূৰ্তি (সাধ্যবচন + পক্ষবচন) পোৱা যায়—

(1) AA

(5) EA

(9) IA

(13) OA

(2) AE

(6) EE

(10) IE

(14) OE

(3) AI

(7) EI

(11) II

(15) IO

(4) AO

(8) EO

(12) IO

(16) OO


    ওপৰৰ প্ৰথমটো আখৰ সাধ্যবচন আৰু দ্বিতীয় আখৰটো পক্ষবচন। চাৰিটা সংস্থানত এইদৰে মূৰ্তিৰ সংখ্যা (16 x 4 = 64)।

    গতিকে সাধাৰণ অৰ্থত মূৰ্তিৰ সংখ্যা = 64

(b) ন্যায়ৰ মূৰ্তি বুলিলে যদি আশ্ৰয়বাক্য দুটা আৰু সিদ্ধান্ত— এই তিনিটা বচনৰ গুণ আৰু পৰিমাণৰ কথা ধৰা হয়, তেন্তে এটা সংস্থানত 16 টা মূৰ্তিৰ প্ৰত্যেকটোতে আৰু চাৰিটাকৈ মূৰ্তিৰ সংখ্যা বাঢ়িব।

উদাহৰণ—










    অৰ্থাৎ সাধ্যবচন A, পক্ষবচন A আৰু সিদ্ধান্ত AEIOৰ যিকোনো এটা। এনে ক্ষেত্ৰত একোটা সংস্থানত মূৰ্তিৰ সংখ্যা হ'ব

(16 x 4 x 4 = 256) টা।

গতিকে ব্যাপক অৰ্থত মূৰ্তিৰ সংখ্যা = 256

(c) ন্যায়ৰ মূৰ্তি বুলিলে যদি মাত্ৰ বৈধ মূৰক্তিকেই বুজায় তেন্তে মূৰ্তিৰ সংখ্যা হ'ব সৰ্বমুঠ 19 টা। কাৰণ সম্ভাৱ্য মূৰ্তিবোৰৰ মাজত ন্যায়ৰ নিয়মসন্মত মূৰ্তিৰ সংখ্যা মাত্ৰ 19 টা।

বৈধমূৰ্তি নিৰূপণঃ

    ন্যায়ৰ প্ৰতিটো সংস্থানতে তলত দিয়া ধৰণে 16 টা সম্ভাৱ্য মূৰ্তি পোৱা যায়।

A        A        A        A

A        E        I        O

E        E        E        E

A        E        I        O

I         I         I         I

A        E        I        O

O        O       O       O

A        E        I        O

    এইবোৰৰ ভিতৰত

(a) দুটা বিশেষ বচনৰ পৰা কোনো সিদ্ধান্ত পোৱা নাযায়; গতিকে II, IO, OI আৰু OO— এইকেইটা মূৰ্তি অবৈধ।

(b) দুটা নঞৰ্থক বচনৰ পৰা কোনো সিদ্ধান্ত পোৱা নাযায়; গতিকে EE, EO আৰু OE— এইকেইটা মূৰ্তি অবৈধ।

(c) বিশেষ সাধ্যবচন আৰু নঞৰ্থক পক্ষবচনৰ পৰা কোনো সিদ্ধান্ত পোৱা নাযায়চ গতিকে IE মূৰ্তিৰক অবৈধ।

    গতিকে দেখা গ'ল কেৱল AA, AE, AI, AO, EA, EI, IA আৰু OA— এই মূৰ্তিকেইটা সাধাৰণ সম্ভাৱ্য মূৰ্তি। এই মূৰ্তিবোৰৰ ভিতৰত প্ৰত্যেক সংস্থানতে প্ৰয়োগ কৰিলে কোনবোৰ বৈধ তাক বিচাৰ কৰি চোৱা যাওঁক।

1. প্ৰথম সংস্থানৰ বৈধমূৰ্তি নিৰ্ণয়

প্ৰথম সংস্থানৰ ৰূপ—

ஃ S - P

    বৈধতা বিচাৰ কৰিবলগীয়া মূৰ্তি— AA, AE, AI, AO, EA, EI, IA আৰু OA

(1) AA

A— সকলো জড়বাদী হয় নিৰিশ্বৰবাদী 

A— সকলো চাৰ্বাক হয় জড়বাদী

ஃ A—সকলো চাৰ্বাক হয় নিৰিশ্বৰবাদী

A— সকলো M হয় P 

A— সকলো S হয় M 

ஃ A— সকলো S হয় P

    এই ন্যায়টো সম্পূৰ্ণ বৈধ মূৰ্তি। কাৰণ ইয়াত আকাৰগত কোনো নিয়মেই ভংগ হোৱা নাই। ইয়াৰ সাংকেতিক নাম হৈছে BARBARA। এই শব্দটোত তিনিটা স্বৰবৰ্ণ আছে। প্ৰথমটো A— সাধ্যবচন, দ্বিতীয়টো A— পক্ষবচন আৰু তৃতীয়টো A— সিদ্ধান্ত।

(2) AE

A— সকলো মানুহ হয় মৰণশীল

E— কোনো দেৱতা নহয় মানুহ

ஃ E— কোনো দেৱতা নহয় মৰণশীল।

A— সকলো M হয় P

E— কোনো S নহয় M

ஃ E— কোনো S নহয় P

    এই ন্যায়টো সাধ্যপদ সিদ্ধান্তত E বচনৰ বিধেয় হিচাপে ব্যাপ্ত। কিন্তু সাধ্যবচনত A বচনৰ বিধেয় হিচাপে ব্যাপ্ত নহয়। গতিকে ইয়াত অবৈধ সাধ্যপদ দোষ ঘটিছে আৰু ই অবৈধ।

(3) AI

A— সকলো ধনী ব্যক্তি হয় অহংকাৰী 

I— কিছুমান ব্যৱসায়ী হয় ধনী

ஃ I— কিছুমান ব্যৱসায়ী হয় অহংকাৰী

A— সকলো M হয় P

I— কিছুমান S হয় M 

ஃ I— কিছুমান S হয় P

    এই ন্যায়টোত ন্যায়ৰ আকাৰগত কোনো নিয়ম ভংগ হোৱা নাই। গতিকে ই এক বৈধ মূৰ্তি আৰু ইয়াৰ সাংকেতিক নাম হৈছে DARII। ইয়াত থকা তিনিটা স্বৰবৰ্ণ ক্ৰমে A— সাধ্যবচন, I— পক্ষবচন, আৰু I— সিদ্ধান্তত বুজাইছে।

(4) AO

A— সকলো মানুহ হয় মৰণশীল

O— কিছুমান প্ৰাণী নহয় মানুহ

ஃ O— কিছুমান প্ৰাণী নহয় মৰণশীল

A— সকলো M হয় P

O— কিছুমান S নহয় M

ஃ O— কিছুমান S নহয় P

    এই ন্যায়টোত সাধ্যপদ সিদ্ধান্তত O বচনৰ বিধেয় হিচাপে ব্যায়প্ত, কিন্তু সাধ্যপদটো সাধ্যবচনত A বচনৰ বিধেয় হিচাপে অব্যাপ্ত। গতিকে মূৰ্তিটোত অবৈধ সাধ্যপদ দোষ ঘটিছে আৰু ই অবৈধ।

(5) EA

E— কোনো মানুহ নহয় অমৰ

A— সকলো বিজ্ঞানী হয় মানুহ

ஃ E— কোনো বিজ্ঞানী নহয় অমৰ

E— কোনো M নহয় P

A— সকলো S হয় M

ஃ E— কোনো S নহয় P

    এই ন্যায়টো শুদ্ধ, কাৰণ ইয়াত ন্যায়ৰ সকলো আকাৰগত নিয়মেই মানা হৈছে। হেতুপদ প্ৰথম আশ্ৰয়বাক্যতে ব্যাপ্ত হৈছে। সাধ্যপদ, পক্ষপদ সিদ্ধান্তত ব্যাপ্ত হোৱাৰ লগতে আশ্ৰয়বাক্যতো ব্যাপ্ত হৈছে। গতিকে ই এক বৈধমূৰ্তি আৰু ইয়াৰ সাংকেতিক নাম হৈছে CELARENT।

(6) EI

E— কোনো মানু নহয় দোষমুক্ত

I— কিছুমান প্ৰাণী হয় মানুহ

ஃ O— কিছুমান প্ৰাণী নহয় দোষযুক্ত।

E— কোনো M নহয় P

I— কিছুমান S হয় M

ஃ O— কিছুমান S নহয় P

    এই ন্যায়টো শুদ্ধ। হেতুপদ সাধ্যবচনত ব্যাপ্ত হৈছে। সিদ্ধান্তত সাধ্যপদ ব্যাপ্ত হৈছে আৰু ই সাধ্যবচনতো E বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে। গতিকে ই এক বৈধমূৰ্তি আৰু ইয়াৰ সাংকেতিক নাম FERIO।

(7) IA

I— কিছুমান দাৰ্শনিক হয় স

A— সকলো কবি হয় দাৰ্শনিক

ஃ I— কিছুমান কবি হয় সৎ

I— কিছুমান M হয় P

A— সকলো S হয় M

ஃ I— কিছুমান S হয় P

    এই ন্যায়টো অসুদ্ধ। ইয়াত হেতুপদটো দুয়োটা আশ্ৰয়বাক্যতে এবাৰো ব্যাপ্ত হোৱা নাই। গতিকে ইয়াত 'অব্যাপ্ত হেতুপদ দোষ' ঘটিছে। গতিকে ই অবৈধ।

(8) OA

O— কিছুমান মানুহ নহয় পৰিশ্ৰমী

A— সকলো অধ্যাপক হয় মানুহ

ஃ O— কিছুমান অধ্যাপক নহয় পৰিশ্ৰমী।

O— কিছুমান M নহয় P

A— সকলো S হয় M

ஃ O— কিছুমান S নহয় P

    এই ন্যায়টো অবৈধ। ইয়াত হেতুপদটো কোনো এটা আশ্ৰয়বাক্যতে ব্যাপ্ত হোৱা নাই। গতিকে ইয়াত 'অব্যাপ্ত হেতুপদ দোষ' ঘটিছে আৰু ই অবৈধ।

    ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল যে প্ৰথম সংস্থানত বৈধমূৰ্তি চাৰিটা

    BARBARA, DARII, CELARENT আৰু FERIO।

বৈধমূৰ্তি

(i) BARBARA (A - A - A)

(ii) DARII (A - I - I)

(iii) CELARENT (E - A - E)

(iv) FERIO (E - I - O)

প্ৰথম সংস্থানৰ বিশেষ নিয়মঃ প্ৰথম সংস্থানৰ বৈধ মূৰ্তিবোৰৰ প্ৰকৃতি বিশ্লেষণ কৰিলে দেখা যায় যে এই চাৰিটাৰেই সাধ্য আশ্ৰয়বাক্যটো A বা E অৰ্থাৎ সামান্য বচন আৰু পক্ষ আশ্ৰয়বাক্যটো  A বা I অৰ্থাৎ সদৰ্থক বচন।

    গতিকে ইয়াৰ  পৰা প্ৰথম সংস্থানৰ দুটা বিশেষ নিয়ম উলিয়াব পৰা যায়। যেনে

(1) সাধ্য আশ্ৰয়বাক্যটো সামান্য বচন হ'ব লাগিব।

(2) পক্ষ আশ্ৰয়বাক্যটো সদৰ্থক বচন হ'ব লাগিব।

    এই নিয়ম দুটাক প্ৰথম সংস্থানৰ বিশেষ নিয়ম বুলি অভিহিত কৰা হয়। কাৰণ এই নিয়ম দুটা কেৱল প্ৰথম সংস্থানৰ ক্ষেত্ৰত এই নিয়মবোৰৰ কোনো প্ৰয়োগ নাই।

প্ৰমাণ—

(1) সাধ্য আশ্ৰয়বাক্য সামান্য বচন হ'বঃ

প্ৰথম সংস্থানৰ সাংকেতিকা ৰূপ

M        P

S        M

ஃ S        P

    যদি সাধ্য আশ্ৰয়বাক্য সামান্য বচন নহয় তেনেহ'লে ই বিশেষ বচন হ’ব। প্রথম সংস্থানত হেতুপদ সাধ্য আশ্রয়বাক্যত উদ্দেশ্যৰূপে ব্যৱহৃত হয়। গতিকে সাধ্য আশ্রয়বাক্য বিশেষ বচন হলে (I বা O) হেতুপদ তাত অব্যাপ্ত থাকিব। কাৰণ বিশেষ বচনত উদ্দেশ্যপদ অব্যাপ্ত থাকে। 

    ন্যায়ৰ নিয়মানুযায়ী হেতুপদ অন্ততঃ এবাৰ ব্যাপ্ত হ'ব লাগিব। গতিকে হেতুপদ পক্ষ আশ্রয়বাক্যত ব্যাপ্ত হ'ব লাগিব। প্রথম সংস্থানত হেতুপদ যিহেতু পক্ষ আশ্রয়বাক্যত বিধেয় ৰূপে ব্যৱহৃত হয় গতিকে পক্ষ আশ্রয়বাক্য নঞর্থক হ’ব লাগিব। কাৰণ নঞর্থক বচনতহে বিধেয়পদ ব্যাপ্ত হয়। 

    পক্ষ আশ্রয়বাক্য যিহেতু নঞর্থক গতিকে সাধ্য আশ্রয়বাক্যটো 0 বচন হ'ব নােৱাৰে। ই I বচন হ'ব লাগিব। কাৰণ দুটা নঞর্থক বচনৰ পৰা কোনাে সিদ্ধান্ত পাব নােৱাৰি৷ 

    ক্ষ আশ্রয়বাক্য নঞর্থক হােৱা বাবে সিদ্ধান্তও নঞর্থক হ'ব আৰু ফলত ইয়াৰ বিধেয়পদ অর্থাৎ সাধ্যপদ ব্যাপ্ত হ’ব। কিন্তু সাধ্য আশ্রয়বাক্যটো I বচন হােৱা বাবে ই তাত ব্যাপ্ত হােৱা নাই। গতিকে অবৈধ সাধ্যপদ দোষৰ উৎপত্তি হ’ব । অর্থাৎ সাধ্য আশ্রয়বাক্য বিশেষ বচন হলে অবৈধ সাধ্যপদ দোষ ঘটে। সেই কাৰণে প্রথম সংস্থানৰ সাধ্য আশ্রয়বাক্য সামান্য বচন হ'বই লাগিব। 

(2) পক্ষ আশ্রয়বাক্য সদর্থক বচন হ'বঃ 

    পক্ষ আশ্রয়বাক্য যদি সদর্থক বচন নহয় তেনেহ'লে ই নঞর্থক বচন হ’ব। পক্ষ আশ্রয়বাক্য নঞর্থক হলে সাধ্য আশ্রয়বাক্য সদর্থক হ’বই লাগিব কাৰণ দুটা নঞৰ্থক বচনৰ পৰা কোনো সিদ্ধান্ত পোৱা নাযায়। পক্ষ আশ্ৰয়বাক্য নঞৰ্থক হ'লে সিদ্ধান্তও নঞৰ্থক হ'ব। সিদ্ধান্ত নঞৰ্থক হ'লে ইয়াৰ বিধেয় পদ অৰ্থাৎ সাধ্যপদ ব্যাপ্ত হ'ব। কিন্তু সাধ্যপদ সাধ্য আশ্ৰয়বাক্যত সদৰ্থক বচনৰ বিধেয়পদ হোৱা বাবে অব্যাপ্ত। গতিকে পক্ষ আশ্ৰয়বাক্য নঞৰ্থক হ'লে অবৈধ সাধ্যপদ দোষ ঘটিব। সেই কাৰণে পক্ষ আশ্ৰয়বাক্য প্ৰথম সংস্থানত সদৰ্থক বচন হ'বই লাগিব।

2. দ্বিতীয় সংস্থানৰ বৈধমূৰ্তি নিৰ্ণয়ঃ

দ্বিতীয় সংস্থানৰ ৰূপ








ஃ S — P

    বৈধতা বিচাৰ কৰিবলগীয়া মূৰ্তি AA, AE, AI, AO, EA, EI, AI আৰু OA।

(1) AA

A— সকলো গৰু হয় চতুষ্পদী

A— সকলো ঘোঁৰা হয় চতুষ্পদী

ஃ A— সকলো ঘোঁৰা হয় গৰু।

A— সকলো P হয় M

A— সকলো S হয় M

ஃ A— সকলো S হয় P 

    এই ন্যায়টো অবৈধ। হেতুপদ যুক্তিটোৰ দুয়োটা আশ্ৰয়বাক্যতে এবাৰো ব্যাপ্ত হোৱা নাই। গতিকে ইয়াত 'অব্যাপ্ত হেতুপদ দোষ' ঘটিছে আৰু ই অবৈধ।

(2)  AE

A— সকলো সৎ ব্যক্তি হয় বিশ্বাসী

E— কোনো মিথ্যাবাদী নহয় বিশ্বাসী

ஃ E— কোনো মিথ্যাবাদী নহয় সৎ ব্যক্তি।

A— সকলো P হয় M 

E— কোনো S নহয় M

ஃ E— কোনো S নহয় P

    এই ন্যায়টোত ন্যায়ৰ আকাৰগত কোনো নিয়মেই ভংগ হোৱা নাই। হেতুপদটো পক্ষবচনত Eৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে। গতিকে ই বৈধমূৰ্তি আৰু ইয়াৰ সাংকেতিকা নাম CAMESTRES।

(3) AI  

A— সকলো শিক্ষক হয় বিদ্যান 

I— কিছুমান ব্যৱসায়ী হয় বিদ্যান

ஃ I— কিছুমান ব্যৱসায়ী হয় সিক্ষক।

A— সকলো P হয় M

I— কিছুমান S হয় M

ஃ I— কিছুমান  S হয় P

    এই ন্যায়টো অশুদ্ধ। ইয়াত হেতুপদটো কোনো  এটা আশ্ৰয়বাক্যত ব্যাপ্ত হোৱা নাই। গতিকে ইয়াত 'অব্যাপ্ত হেতুপদ দোষ' ঘটিছে আৰু এই মূৰ্তিটো অবৈধ।

(4) AO

A— সকলো দাৰ্শনিক হয় ভাবুক 

O— কিছুমান কবি নহয় ভাবুক

ஃ O— কিছুমান কবি নহয় দাৰ্শনিক।

A— সকলো P হয় M 

O— কিছুমান S নহয় M

ஃ O— কিছুমান S নহয় P

    এই ন্যায়টো শুদ্ধ। ইয়াত ন্যায়ৰ আকাৰগত কোনো নিয়ম ভংগ হোৱা নাই। হেতুপদ পক্ষবচনত O বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে। সিদ্ধান্তত সাধ্যপদ O বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে আৰু ই আশ্ৰয়বাক্যতো A বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম BAROCO।

(5) EA

E— কোনো মানুহ নহয় 

A— সকলো দেৱতা হয় পূৰ্ণ

ஃ E— কোনো দেৱতা নহয় মানুহ।

E— কোনো P নহয় M

A— সকলো S হয় M

ஃ E— কোনো S নহয় P

    এই ন্যায়টো শুদ্ধ। ন্যায়ৰ আকাৰগত কোনো নিয়ম ভংগ হোৱা নাই। হেতুপদ সাধ্যবচনত E বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে। পক্ষপদ সিদ্ধান্তত E বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে আৰু ই সাধ্যবচনতো E বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে। গতিকে এই ন্যায়টো বৈধ আৰু এই মূৰ্তিটোৰ সাংকেতিক নাম CESARE।

(6) EI  

E— কোনো ব্যৱসায়ী নহয় স

I— কিছুমান ৰাজনীতিবিদ হয় স

ஃ O— কিছুমান ৰাজনীতিবিদ নহয় ব্য়ৱসায়ী 

E— কোনো P নহয় M

I— কিছুমান S হয় M

ஃ O— কিছুমান S নহয় P

    এই ন্য়ায়টো শুদ্ধ। ইয়াত ন্যায়ৰ আকাৰগত সকলো নিয়মেই ৰক্ষা পৰিছে। হেতুপদ E বচনৰ বিধেয় হিচাপে ব্যৱহাৰ হৈ ব্যাপ্ত হৈছে। সিদ্ধান্তত সাধ্যপদ ব্যাপ্ত হৈছে যদিও ই সাধ্যবচনত E বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে। গতিকে মূৰ্তিটো সম্পূৰ্ণ শুদ্ধ আৰু ইয়াৰ সাংকেতিক নাম FESTINO।

(7) IA

I— কিছুমান গৰু হয় মৰণশীল

A— সকলো মানুহ হয় মৰণশীল

ஃ I— কিছুমান মানুহ হয় গৰু.

I— কিছুমান P হয় M

A— সকলো S হয় M

ஃ I— কিছুমান S হয় P 

    এই ন্যায়টো অশুদ্ধ। কাৰণ ইয়াত হেতুপদটো ন্যায়ৰ দুয়োটা আশ্ৰয়বাক্যতে এবাৰো ব্যাপ্ত হোৱা নাই। গতিকে ইয়াত 'অব্যাপ্ত হেতুপদ দোষ' ঘটিছে। গতিকে ই এটা অবৈধ মূৰ্তি।

(8) OA

O— কিছুমান মানুহ নহয় অসুখী

A— সকলো ব্যৱসায়ী হয় অসুখী 

ஃ O— কিছুমান ব্যৱসায়ী নহয় মানুহ।

O— কিছুমান P নহয় M

A— সকলো S হয় M

ஃ O— কিছুমান S নহয় P 

    এই ন্যায়টো অশুদ্ধ। ইয়াত সাধ্য়পদটো সিদ্ধান্তত ব্য়াপ্ত হৈছে, কিন্তু আশ্ৰয়বাক্যত O বচনৰ উদ্দেশ্য হিচাপে ব্য়াপ্ত হোৱা নাই। গতিকে ইয়াত 'অবৈধ সাধ্য়পদ দোষ' ঘটিছে আৰু ই অবৈধ।

    ওপৰৰ আলোচনা পৰা দেখা গ'ল যে দ্বিতীয় সংস্তানৰ চাৰিটা বৈধমূৰ্তি পোৱা যায়।

    বৈধ মূৰ্তি

(i) CAMESTRES        (A - E - E)

(ii) BAROCO              (A - O - O)

(iii) CESARE              (E - A - E)

(iv) FESTINO             (E - I - O)

দ্বিতীয় সংস্থানৰ বিশেষ নিয়মঃ দ্বিতীয় সংস্থানৰ বৈধ মূৰ্তি বিলাকৰ প্ৰকৃতি বিশ্লেষম কৰিলে দেখা যায় যে এই চাৰিটাৰেই সাধ্য আশ্ৰয়বাক্যটো A বা E অৰ্থাৎ সামান্য বচন আৰু দুটা আশ্ৰয়বাক্যৰ ভিতৰত এটা নঞৰ্থক। 

    গতিকে ইয়াৰ পৰা দ্বিতীয় সংস্থানৰ দুটা বিশেষ নিয়ম উলিয়াব পৰা যায়। যেনে

(1) সাধ্য় আশ্ৰয়বাক্য সামান্য বচন হ'ব লাগিব

(2) যিকোনো এটা আশ্ৰয়বাক্য নঞৰ্থক হ'ব লাগিব।

    এই নিয়ম দুটা কেৱল দ্বিতীয় সংস্থানৰ ক্ষেত্ৰতেই প্ৰযোজ্য বুলি এই নিয়ম দুটাক দ্বিতীয় সংস্থানৰ ক্ষেত্ৰতেই প্ৰযোজ্য বুলি এই নিয়ম দুটাক দ্বিতীয় সংস্থানৰ বিশেষ নিয়ম বুলি অভিহিত কৰা হয়। 

প্ৰমাণ

(1) সাধ্য আশ্রয়বাক্য সামান্য বচন হ'ব লাগিবঃ 

P        M 

S        M    দ্বিতীয় সংস্থানৰ সাংকেতিক ৰূপ 

ஃ S        P 

    যদি সাধ্য আশ্রয়বাক্য সামান্য বচন নহয় তেনেহ'লে ই বিশেষ বচন হ’ব। দ্বিতীয় সংস্থানত সাধ্যপদ সাধ্য আশ্রয়বাক্যত উদ্দেশ্যৰূপে ব্যৱহৃত হয়। গতিকে সাধ্য আশ্রয়বাক্য বিশেষ বচন হলে সাধ্যপদ অব্যাপ্ত থাকিব। কাৰণ বিশেষ বচনত উদ্দেশ্য পদ ব্যাপ্ত নহয়। 

    অবৈধ সাধ্যপদ দোষৰ পৰা ৰক্ষা পাবলৈ সিদ্ধান্তত সাধ্যপদ ব্যাপ্ত হ'ব নােৱাৰে। সিদ্ধান্তত সাধ্যপদ বিধেয়ৰূপে ব্যৱহৃত হয়। গতিকে সিদ্ধান্ত সদর্থক বচন হ'ব লাগিব। কাৰণ সদর্থক বচনতহে বিধেয় অব্যাপ্ত থাকে। 

    সিদ্ধান্ত যিহেতু সদর্থক, গতিকে দুয়ােটা আশ্রয়বাক্যও সদর্থক হ'ব লাগিব। কিন্তু সদর্থক বচনত যিহেতু বিধেয় পদ ব্যাপ্ত নহয় আৰু দ্বিতীয় সংস্থানত হেতুপদ যিহেতু দুয়ােটা আশ্রয়বাক্যতেই বিধেয়ৰূপে ব্যৱহৃত হয়, গতিকে হেতুপদটো দুয়ােটা আশ্রয়বাক্যতেই অব্যাপ্ত হৈ থাকি যাব। ফলত অব্যাপ্ত হেতুপদ দোষ হব। 

    সেই কাৰণে সাধ্য আশ্রয়বাক্য বিশেষ বচন হ'ব নােৱাৰে, সামান্য বচন হ'বই লাগিব। 

(2) যিকোনাে এটা আশ্রয়বাক্য নঞর্থক হ'ব লাগিবঃ 

    যদি দুটা আশ্রয়বাক্যৰ যিকোনাে এটা নঞর্থক নহয় তেনেহ'লে দুয়ােটা আশ্রয়বাক্যই সদর্থক হ'ব দ্বিতীয় সংস্থানত হেতুপদ দুয়োটা আশ্ৰয়বাক্যতেই বিধেয়ৰূপে ব্যৱহৃত হয়। যিহেতু সদৰ্থক বচনত বিধেয়পদ ব্যাপ্ত নহয় সেই কাৰণে হেতুপদটো দুয়োটা আশ্ৰয়বাক্যতেই অব্যাপ্ত হৈ থাকি যাব। কিন্তু ন্যায়ৰ নিয়মানুযায়ী হেতুপদ অন্ততঃ এবাৰ ব্যাপ্ত হ'বই লাগিব। নহ'লে অব্যাপ্ত হেতুপদ দোষৰ উদ্ভৱ হ'ব।

    সেই কাৰণে অব্যাপ্ত হেতুপদ দোষমুক্ত হ'বলৈ যিকোনো এটা আশ্ৰয়বাক্য নঞৰ্তক হ'বই লাগিব।

3. তৃতীয় সংস্থানৰ বৈধ মূৰ্তি  

তৃতীয় সংস্থানৰ ৰূপ—

ஃ S - P

    বৈধতা বিচাৰ কৰিবলগীয়া আঠটা মূৰ্তি— AA, AE, AI, AO, EA, EI, AI আৰু OA, 

(1) AA

A— সকলো দাৰ্শনিক হয় উদাৰ

A— সকলো দাৰ্শনিক হয় ভাবুক

ஃ A— সকলো ভাবুক হয় উদাৰ।

A— সকলো M হয় P

A— সকলো M হয় S

ஃ A— সকলো S হয় P

    এই ন্যায়টো অবৈধ। কাৰণ ইয়াত পক্ষপদ সিদ্ধান্তত ব্যাপ্ত হৈছে, কিন্তু ই পক্ষবচনত ব্যাপ্ত হোৱা নাই। সেই কাৰণে ইয়াত 'অবৈধ পক্ষপদ দোষ' ঘটিছে আৰু ই অবৈধ।

    কিন্তু সিদ্ধান্ত যদি I বচন হয় তেনেহ'লে সিদ্ধান্তত কোনো পদেই ব্যাপ্ত নহ'ব আৰু 'অবৈধ পক্ষপদ দোষ'ৰ পৰা ন্যায়টো মুক্ত হ'ব। নিগমন অনুমানৰ এটা বৈশিষ্ট্য হৈছে যে ন্যায় অনুমানৰ সিদ্ধান্ত আশ্ৰয়বাক্যতকৈ বেছি ব্যাপক হ'ব নোৱাৰে কিন্তু কম ব্যাপক হ'লে কোনো দোষ নহ'ব। গতিকে যি ক্ষেত্ৰত আমি সিদ্ধান্তত সামান্য বচনলৈ আহিলে ন্যায়টো দোষযুক্ত হয়, বিশেষ বচনৰ সিদ্ধান্তলৈ নি ন্যায়টো দোষযুক্ত কৰিব পাৰি। 

উদাহৰণ

A— সকলো দাৰ্শনিক হয় উদাৰ

A— সকলো দাৰ্শনিক হয় ভাবুক 

ஃ I— কিছুমান ভাবুক হয় উদাৰ।

A— সকলো M হয় P 

A— সকলো M হয় S

ஃ I— কিছুমান S হয় P 

    এই ন্যায়টো শুদ্ধ। কাৰণ ইয়াত ন্যায়ৰ আকাৰগত কোনো নিয়ম ভংগ হোৱা নাই। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম DARAPTI।

(2) AE

A— সকলো মানুহ হয় মৰণশীল

E— কোনো মানুহ নহয় পূৰ্ণ

ஃ E— কোনো পূৰ্ণ জীৱ নহয় মৰণশীল।

A— সকলো M হয় P 

E— কোনো M নহয় S

ஃ E— কোনো S নহয় P

    এই ন্যায়টো অশুদ্ধ। ইয়াত সাধ্যপদটো E বচনৰ বিধেয় হিচাপে সিদ্ধান্তত ব্যাপ্ত হৈছে, কিন্তু আশ্ৰয়বাক্যত A বচনৰ বিধেয় হিচাপে ব্যাপ্ত হোৱা নাই। গতিকে অবৈধ সাধ্যপদ দোষ ঘটিছে আৰু ই অবৈধ।

(3) AI

A— সকলো ফুল হয় সুন্দৰ বস্তু 

I— কিছুমান ফুল হয় সুগান্ধী

ஃ I— কিছুমান সুগান্ধী বস্তু হয় সুন্দৰ বস্তু।

A— সকলো M হয় P

I— কিছুমান M হয় S

ஃ I— কিছুমান S সহয় P

    এই ন্যায়টো শুদ্ধ। ইয়াত ন্যায়ৰ আকাৰগত সকলো নিয়মেই পালন হৈছে। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম DATISI।

(4) AO

A— সকলো কেৰাণী হয় মানুহ

O— কিছুমান কেৰাণী নহয় বিশ্বস্ত

ஃ O— কিছুমান বিশ্বস্ত ব্যক্তি নহয় মানুহ

A— সকলো M হয় P

O— কিছুমান M নহয় S

ஃ O— কিছুমান S নহয় P

    এই ন্যায়টো অবৈধ। কাৰণ ইয়াত সাধ্যপদ সিদ্ধন্তত O বচনৰ বিধেয় হিচাপে বহ্যাপ্ত হৈছে, কিন্তু সাধ্যবচনত A বচনৰ বিধেয় হিচাপে সাধ্যপদটো A বচনৰ বিধেয় হিচাপে সাধ্যপদটো ব্যপ্ত হোৱা নাই। গতিকে ইয়াত 'অবৈধ সাধ্যপদ দোষ' ঘটিছে আৰু ই অবাধ।

(5) EA

E— কোনো মানুহ নহয় অমৰ

A— সকলো মানুহ হয় বুদ্ধিবৃত্তিসম্পন্ন

ஃ E— কোনো বুদ্ধিবৃত্তিসম্পন্ন জীৱ নহয় অমৰ।

E— কোনো M নহয় P

A— সকলো M হয় S

ஃ E— কোনো S নহয় P

    এই ন্যায়টো অশুদ্ধ। কাৰণ ইয়াত পক্ষপদটো পক্ষ আশ্ৰয়বাক্যত ব্যাপ্ত নোহোৱাকৈ সিদ্ধান্তত ব্যাপ্ত হৈছে; গতিকে ইয়াত 'অবৈধ পক্ষপদ দোষ' ঘটিছে আৰু ই অবৈধ। কিন্তু আমি 'অবৈধ পক্ষপদ দোষ'ৰ পৰা মুক্ত হ'বলৈ সিদ্ধান্তটো বিশেষ বচন অৰ্থাৎ O বচনলৈ নিব পাৰো

E— কোনো মানুহ নহয় অমৰ

A— সকলো মানুহ হয় বুদ্ধিবৃত্তিসম্পন্ন 

ஃ O— কিছুমান বুদ্ধিবৃত্তিসম্পন্ন জীৱ নহয় অমৰ।

E— কোনো M নহয় P

A— সকলো M হয় S

ஃ O— কিছুমান S নহয় P

    এই ন্য়ায়টো শুদ্ধ। ইয়াাত ন্যায়ৰ আকাৰগত কোনো নিয়মেই ভংগ হোৱা নাই। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম FELAPTON।

(6) EI

E— কোনো মানুহ নহয় অমৰ

I— কিছুমান মানুহ হয় দাৰ্শনিক

ஃ O— কিছুমান দাৰ্শনিক নহয় অমৰ।

E— কোনো M নহয় P

I— কিছুমান M হয় S

ஃ O— কিছুমান S নহয় P

    এই ন্যায়টো শুদ্ধ। ইয়াত ন্যায়ৰ আকাৰগত কোনো নিয়মেই ভংগ হোৱা নাই। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম FERISON।

(7) IA

I— কিছুমান মানুহ হয় সাধু

A— সকলো মানুহ হয় মৰণশীল।

ஃ I— কিছুমান মৰণশীল জীৱ হয় সাধু।

I— কিছুমান  M হয় P

A— সকলো M হয় S

ஃ I— কিছুমান S হয় P

    এই ন্যায়টো শুদ্ধ। ইয়াত ন্যায়ৰ আকাৰগত কোনো নিয়মেই ভংগ হোৱা নাই। গতিকে ই বৈধ ন্যায় আৰু ইয়াৰ সাংকেতিক নাম DISAMIS।

(8) OA

O— কিছুমান মানুহ নহয় জ্ঞানী

A— সকলো মানুহ হয় মৰণশীল

ஃ O— কিছুমান মৰণশীল জীৱ নহয় জ্ঞানী।

O— কিছুমান M নহয় P

A— সকলো M হয় S

ஃ O— কিছুমান S নহয় P

    এই ন্যায়টো শুদ্ধ। ইয়াত ন্যায়ৰ আকাৰগত সকলো নিয়মেই মানা হৈছে। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম BOCARDO।

    এইদৰে ন্যায়ৰ সাধাৰণ নিয়মাৱলীৰ দ্বাৰা বিচাৰ কৰিলে আমি দেখা পাও তৃতীয় সংস্থানত 6 টা বৈধ মূৰ্তি আছে।

    বৈধ মূৰ্তি

(i) DARAPTI           (A - A - I)

(ii) DATISI              (A - I - I)

(iii) DISAMIS         (I - A - I)

(iv) FELAPTON      (E - A - O)

(v) FERISON           (E - I - O)

(vi) BOCARDO       (O - A - O)

তৃতীয় সংস্থানৰ বিশেষঃ তৃতীয় সংস্থানৰ এই বৈধ মূৰ্তিবোৰৰ প্ৰকৃতি বিশ্লেষণ কৰিলে দেখা যায় যে এই ছয়টাৰেই পক্ষ আশ্ৰয়বাক্যয়টো সদৰ্থক বচন আৰু সিদ্ধান্তটো বিশেষ বচন।

    গতিকে ইয়াৰ পৰা তৃতীয় সংস্থানৰ দুটা বিশেষ নিয়ম নিৰ্ণয় কৰিব পৰা যায়।

(1) পক্ষ আশ্ৰয়বাক্য সদৰ্থক বচন হ'ব।

(2) সিদ্ধান্ত বিশেষ বচন হ'ব।

    এই নিয়ম দুটা কেৱল তৃতীয় সংস্থানৰ ক্ষেত্ৰতেই প্ৰযোজ্য বুলি এই দুটাক তৃতীয় সংস্থানৰ বিশেষ নিয়ম বুলি অভিহিত কৰা হয়।

প্ৰমাণ

(1) পক্ষ আশ্ৰয়বাক্য সদৰ্থক বচন হ'বঃ

M        P

M        S  তৃতীয় সংস্থানৰ সাংকেতিক ৰূপ

ஃ S        P

    যদি পক্ষ আশ্ৰয়বাক্য সদৰ্থক নহয় তেনেহ'লে ই নঞৰ্থখ হ'ব। পক্ষ আশ্ৰয়বাক্য নঞৰ্থক হ'লে সাধ্য আশ্ৰয়বাক্য সদৰ্থক হ'বই লাগিব। কাৰণ দুটা নঞৰ্থক আশ্ৰয়বাক্যৰ পৰা কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰি। এটা আশ্ৰয়বাক্য অৰ্থাৎ পক্ষ আশ্ৰয়বাক্য নঞৰ্থক হ'ব। সিদ্ধান্ত নঞৰ্থক হ'লে ইয়াৰ বিধেয় অৰ্থাৎ সাধ্যপদ ব্যাপ্ত হ'ব। কাৰণ নঞৰ্থক বচনত বিধেয় পদ ব্যাপ্ত। কিন্তু সাধ্যপদ সাধ্য আশ্ৰয় বাক্যত ব্যাপ্ত নহয় কাৰণ তৃতীয় সংস্থানত সাধ্যপদ সাধ্য আশ্ৰয়বাক্যত বিধেয়ৰূপে ব্যৱহৃত হয় আৰু সাধ্য আশ্ৰয়বাক্যটো সদৰ্থক বচন। সদৰ্থক বচনত বিধেয় পদ ব্যাপ্ত নহয়। গতিকে পক্ষ আশ্ৰয়বাক্য সদৰ্থক হয় আৰু সিদ্ধান্ত নঞৰ্থক হয় বুলি অবৈধ সাধ্যপদ দোষ ঘটে।

    সেই কাৰণে তৃতীয় সংস্থানত পক্ষ আশ্ৰয়বাক্য নঞৰ্থক হ'ব নোৱাৰে। ই সদৰ্থক বচন হ'বই লাগিব।

(2) সিদ্ধান্ত বিশেষ বচন হ'বঃ

    সিদ্ধান্ত যদি বিশেষ বচন নহয় তেনেহ'লে ই সামান্য বচন হ'ব। তৃতীয় সংস্থানৰ প্ৰথম বিশেষ নিয়মানুযায়ী পক্ষ আশ্ৰয়বাক্য সদৰ্থক বচন হ'ব লাগিব। পক্ষ আশ্ৰয়বাক্য সদৰ্থক হ'লে ইয়াৰ বিধেয়পদ অৰ্থাৎ পক্ষপদ অব্যাপ্ত থাকিব। কাৰণ সদৰ্থক বচনত বিধেয় পদ ব্যাপ্ত নহয়। পক্ষপদজ যিহেতু আশ্ৰয়বাক্যত অব্যাপ্ত নগতিকে ন্যায়ৰ নিয়মানুযায়ী ই সিদ্ধান্ততো ব্যাপ্ত হ'ব নোৱাৰে। কিন্তু সিদ্ধান্ত যদি সামান্য বচন হয় তেনেহ'লে ইয়াৰ উদ্দেশ্য অৰ্থাৎ পক্ষপদ ব্যাপ্ত হৈ পৰিব। কাৰণ সামান্য বচনত উদ্দেশ্য পদ ব্য়াপ্ত হয়। গতিকে অবৈধ পক্ষপদ দোষমুক্ত হ'বলৈ সিদ্ধান্ত সামান্য বচন হ'ব নোৱাৰে। ই বিশেষ বচন হ'বই লাগিব।

4. চতুৰ্থ সংস্থানৰ বৈধ মূৰ্তিঃ

চতুৰ্থ সংস্থানৰ ৰূপ








ஃ S - P

(1) AA

A— সকলো বুৰঞ্জীবিদ হয় মানুহ

A— সকলো মানুহ হয় মৰণশীল

ஃ A— সকলো মৰণশীল প্ৰাণী হয় বুৰঞ্জীবিদ।

A— সকলো P হয় M

A— সকলো M হয় S

ஃ A— সকলো S হয় P

    এই ন্য়ায়টো পক্ষপদ সিদ্ধান্তত A বচনৰ উদ্দেশ্য হিচাপে ব্য়াপ্ত হৈছে। কিন্তু পক্ষপদটো পক্ষবচনত A বচনৰ বিধিয় হিচাপে ব্যাপ্ত হোৱা নাই। গতিকে ন্যায়টোত অবৈধ পক্ষপদ দোষ ঘটিছে আৰু ই অবৈধ। কিন্তু যদি সিদ্ধান্তটো I বচন কৰা হয় তেন্তে অবৈধ সাধ্যপদ বা অবৈধ পক্ষপদ দোষৰ কোনো সম্ভাৱনা নাথাকে। কাৰণ I বচনত কোনো পদেই ব্যাপ্ত নহয়। এই মূৰ্তিটো আমি নিম্নলিখিত হিচাপে বৈধ কৰিব পাৰো

A— সকলো বুৰঞ্জীবিদ হয় মানুহ

A— সকলো মানুহ হয় মৰণশীল

ஃ I— কিছুমান মৰণশীল হয় বুৰঞ্জীবিদ।

A— সকলো P হয় M

A— সকলো M হয় S

ஃ I— কিছুমান S হয় P

    এই ন্যায়টো বৈধ। ন্যায়ৰ আকাৰগত সকলো নিয়মেই ইয়াত পালন কৰা হৈছে। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম BRAMANTIP।

(2) AE

A— সকলো দাৰ্শনিক হয় মানুহ

E— কোনো মানুহ নহয় অমৰ

ஃ E— কোনো অমৰ ব্যক্তি নহয় দাৰ্শনিক

A— সকলো P হয় M

E— কোনো M নহয় S

ஃ E— কোনো S নহয় P

    এই ন্যায়টো শুদ্ধ। কাৰণ ইয়াত ন্য়ায়ৰ আকাৰগত নিয়ম ক'তো ভংগ হোৱা নাই। গতিকে ই সম্পূৰ্ণ বৈধ মূৰ্তি আৰু ইয়াৰ সাংকেতিক নাম হৈছে— CAMENES।

(3) AI

A— সকলো মানুহ হয় মৰণশীল

I— কিছুমান মৰণশীল প্ৰাণী হয় চতুষ্পদী

ஃ I— কিছুমান চতুষ্পদী প্ৰাণী হয় মানুহ।

A— সকলো P হয় M

I— কিছুমান M হয় S

ஃ I— কিছুমান S হয় P

    এই ন্য়ায়টো অবৈধ। কাৰণ ইয়াত হেতুপদ দুয়োটা আশ্ৰয়বাক্যতে এবাৰো ব্য়াপ্ত হোৱা নাই। গতিকে ইয়াত 'অব্যাপ্ত হেতুপদ দোষ' ঘটিছে আৰু ই অবৈধ।

(4) AO

A— সকলো মানুহ হয় মৰণশীল।

O— কিছুমান মৰণশীল প্ৰাণী নহয় কবি

ஃ O— কিছুমান কবি নহয় মানুহ।

A— সকলো P হয় M।

O— কিছুমান M নহয় S

ஃ O— কিছুমান S নহয় P

    এই ন্য়ায়টো অশুদ্ধ। ইয়াত পক্ষবচনত O বচন হোৱা বাবে হেতুপদ উদ্দেশ্যপদ হৈছে আৰু ই অব্যাপ্ত। সাধ্যবচনত হেতুপদ A বচনৰ বিধেয় হৈছে বাবে অব্যাপ্ত। গতিকে ইয়াত 'অব্যাপ্ত হেতুপদ দোষ' হৈছে আৰু ই অবৈধ।

(5) EA

E— কোনো ব্যৱসায়ী নহয় দাৰ্শনিক 

A— সকলো দাৰ্শনিক হয় ভাবুক

ஃ E— কোনো ভাবুক ব্যক্তি নহয় ব্যৱসায়ী।

E— কোনো P নহয় M

A— সকলো M হয় S

ஃ E— কোনো S নহয় P।

    এই ন্য়ায়টোত সিদ্ধান্তত পক্ষপদ ব্যাপ্ত হৈছে, যিটো আশ্ৰয়বাক্যত হোৱা নাই। কাৰণ পক্ষবচনত পক্ষপদ A বচনৰ বিধেয় হৈছে। গতিকে ইয়াত অবৈধ পক্ষপদ দোষৰ সৃষ্টি হৈছে। কিন্তু যদিহে সিদ্ধান্তটো বিশেষ বচনলৈ অৰ্থাৎ O বচনলৈ পৰিৱৰ্তন কৰা হয় তেন্তে পক্ষপদটো সিদ্ধান্তত ব্যাপ্ত নহয় আৰু অবৈধ পক্ষপদ দোষৰ সম্ভাৱনা নাথাকিব।

উদাহৰণ

E— কোনো ব্যৱসায়ী নহয় দাৰ্শনিক

A— সকলো দাৰ্শনিক হয় ভাবুকট

ஃ O— কিছুমান ভাবুক ব্যক্তি নহয় ব্যৱসায়ী।

E— কোনো P নহয় M

A— সকলো M হয় S

ஃ O— কিছুমান S নহয় P

    এই ন্য়ায়টো বৈধ। কাৰণ ইয়াত ন্যায়ৰ আকাৰগত কোনো নিয়ম ভংগ হোৱা নাই। হেতুপদ দুয়োটা আশ্ৰয়বাক্যতেই ব্য়াপ্ত হৈছে আৰু ই সাধ্যবচনতো E বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম FESAPO।

(6) EI

E— কোনো কাউৰী নহয় চতুষ্পদী 

I— কিছুমান চতুষ্পদী জীৱ হয় মৰণশীল 

ஃ O— কিছুমান মৰণশীল জীৱ নহয় কাউৰী।

E— কোনো P নহয় M

I— কিছুমান M হয় S

ஃ O— কিছুমান S নহয় P।

    এই ন্যায়টো শুদ্ধ। কাৰণ ইয়াত ন্যায়ৰ আকাৰগত কোনো নিয়মেই ভংগ হোৱা নাই। হেতুপদ সাধ্যবচনত E বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে। সিদ্ধান্তত সাধ্যপদ O বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে আৰু ই সাধ্যবচনত E বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম FRESISON।

(7) IA

I— কিছুমান মানুহ হয় স

A— সকলো সৎ ব্যক্তি হয় আস্তিক

ஃ I— কিছুমান আস্তিক হয় মানুহ

I— কিছুমান P হয় M

A— সকলো M হয় S

ஃ I— কিছুমান S হয় P

    এই ন্যায়টো শুদ্ধ। কাৰণ ইয়াত ন্যায় আকাৰগত কোনো নিয়মেই ভক্ষংগ হোৱা নাই। হেতুপদটো পক্ষবচনত A বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে। সিদ্ধান্তত কোনো পদ ব্যাপ্ত হোৱা নাই। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম DIMARIS।

(8) OA

O— কিছুমান মানুহ সাধু

A— সকলো সাধু হয় সুখী

ஃO— কিছুমান সুখী ব্যক্তি নহয় মানুহ।

O— কিছুমান P নহয় M

A— সকলো M হয় S

ஃ O— কিছুমান S নহয় P।

    এই ন্য়ায়টো অবৈধ। কাৰণ ইয়াত সাধ্যপদ সিদ্ধান্তত ব্যাপ্ত হৈছে, কিন্তু সাধ্য আশ্ৰয়বাক্যত O বচনৰ উদ্দেশ্য হিচাপে অব্যাপ্ত। গতিকে ইয়াত 'অবাধ সাধ্যপদ দোষ' ঘটিছে আৰু ই অবৈধ।

    ওপৰৰ আলোচনাৰ পৰকা দেখা গ'ল যে চতুৰ্থ সংস্থানত বৈধ মূৰ্তিৰ সংখ্যা পাঁচটা।

    বৈধ মূৰ্তিঃ

(i) BRAMANTIP          (A - A - I)

(ii) CAMENES             (A - E - E)

(iii) DIMARIS              (I - A - I)

(iv) FESAPO                (E - A - O)

(v) FRESISON             (E - I - O)

চতুৰ্থ সংস্থানৰ বিশেষ নিয়মঃ চতুৰ্থ সংস্থানৰ বৈধ মূৰ্তিবোৰৰ প্ৰকৃতি বিশ্লেষণ কৰিলে তিনিটা বিশেষ নিয়ম নিৰ্ণয় কৰিব পৰা যায়।

(1) সাধ্য আশ্রয়বাক্য সদর্থক হ'লে পক্ষ আশ্রয়বাক্য সামান্য বচন হ’ব। 

(2) পক্ষ আশ্রয়বাক্য সদর্থক হ'লে সিদ্ধান্ত বিশেষ বচন হ’ব। 

(3) কোনাে এটা আশ্রয়বাক্য নঞর্থক হ'লে। সাধ্য আশ্রয়বাক্য সামান্য বচন হ’ব। 

প্রমাণঃ 

    তুর্থ সংস্থানৰ সাংকেতিক ৰূপ 

P        M 

M       S 

ஃ S        P 

(1) সাধ্য আশ্রয়বাক্য সদর্থক বচন হলে পক্ষ আশ্রয়বাক্য সামান্য বচন হ'বঃ 

    যিহেতু চতুর্থ সংস্থানত হেতুপদ সাধ্য আশ্রয়বাক্যত বিধেয়, সেই কাৰণে সাধ্য আশ্রয়বাক্য সদর্থক হলে হেতুপদ তাত অব্যাপ্ত হৈ থাকিব। কাৰণ সদর্থক বচনত বিধেয় পদ ব্যাপ্ত নহয়। গতিকে অব্যাপ্ত হেতুপদ দোষ নহ’বলৈ হেতুপদটো পক্ষ আশ্রয়বাক্যত ব্যাপ্ত হ'ব লাগিব। পক্ষ আশ্রয়বাক্যত হেতুপদ উদ্দেশ্যৰূপে ব্যৱহৃত হয়। গতিকে উদ্দেশ্যপদ ব্যাপ্ত হ’বলৈ হ'লে পক্ষ আশ্রয়বাক্য সামান্য বচন হ’ব লাগিব। গতিকে দেখা যায় যে সাধ্য আশ্রয়বাক্য যদি সদর্থক হয় তেন্তে পক্ষ আশ্রয়বাক্য সামান্য বচন হ’ব লাগিব। 

(2) পক্ষ আশ্রয়বাক্য সদর্থক হলে সিদ্ধান্ত বিশেষ বচন হ'বঃ 

    পক্ষ আশ্রয়বাক্য সদর্থক হলে ইয়াৰ বিধেয় পদ অর্থাৎ পক্ষপদ ব্যাপ্ত নহ'ব। কাৰণ সদর্থক বচনত বিধেয়পদ ব্যাপ্ত নহয়। গতিকে পক্ষপদ সিদ্ধান্ততে ব্যাপ্ত হ’ব নােৱাৰিব। কাৰণ পক্ষ আশ্রয়বাক্যত ব্যাপ্ত নােহােৱাকৈ পক্ষপদ সিদ্ধান্তত ব্যাপ্ত হলে অবৈধ পক্ষপদ দোষ হ’ব। সিদ্ধান্তত পক্ষপদ উদ্দেশ্য ৰূপে ব্যৱহৃত হয়। গতিকে সিদ্ধান্ত বিশেষ বচন হ'বই লাগিব। কাৰণ একমাত্র বিশেষ বচনতেই উদ্দেশ্যপদ অব্যাপ্ত থাকে। গতিকে পক্ষ আশ্রয়বাক্য সদর্থক হলে সিদ্ধান্ত সামান্য বচন হ’ব নােৱাৰে। ই বিশেষ বচন হ’ব। 

(3) এটা আশ্রয়বাক্য নঞর্থক হ'লে সাধ্য আশ্রয়বাক্য সামান্য বচন হ'বঃ 

    এটা আশ্রয়বাক্য নঞর্থক হলে ন্যায়ৰ নিয়মানুযায়ী সিদ্ধান্তও নঞর্থক হ’ব। সিদ্ধান্ত নঞর্থক হ'লে ইয়াৰ বিধেয় পদ অর্থাৎ সাধ্যপদ ব্যাপ্ত হ'ব। গতিকে অবৈধ সাধ্যপদ দোষ নহ'বলৈ সাধ্যপদ সাধ্য আশ্রয়বাক্যত ব্যাপ্ত হ'ব লাগিব। চতুর্থ সংস্থানত সাধ্যপদ আশ্রয়বাক্যত উদ্দেশ্যৰূপে ব্যৱহৃত হয়। গতিকে সাধ্য আশ্রয় সামান্য বচন হ'বই লাগিব। কাৰণ কেৱল সামান্য বচনতেই উদ্দেশ্যপদ ব্যাপ্ত হয়। 

    গতিকে এটা আশ্রয়বাক্য নঞর্থক হলে সাধ্য আশ্রয়বাক্য বিশেষ বচন হ'ব নােৱাৰে; সামান্য বচন হ'ব। 

    ওপৰৰ আলােচনাৰ পৰা দেখা যায় যে প্রথম সংস্থানত চাৰিটা, দ্বিতীয় সংস্থানত চাৰিটা, তৃতীয় সংস্থানত ছটা আৰু চতুর্থ সংস্থানত পাঁচটা অর্থাৎ 19 টাহে এই চাৰিটা সংস্থানৰ বৈধ মূর্তি। 

প্রথম সংস্থানঃ BARBARA, CELARENT, DARII, FERIO

দ্বিতীয় সংস্থানঃ CESARE, CAMESTRES, FESTINO, BAROCO

তৃতীয় সংস্থানঃ DARAPTI, DISAMIS, DATISI, FELAPTON, BOCARDO, FERISON

চতুৰ্থ সংস্থানঃ BRAMANTIP, CAMENES, DIMARIS, FESAPO, FRESISON

Type Himanku Bora