প্ৰতীকঃ প্ৰতীক ব্যৱহাৰৰ উপযোগিতাঃ

    কোনো কথা নিৰ্দেশ কৰিবৰ বাবে বা বুজাবৰ বাবে উদ্দেশ্যপ্ৰণোদিতভাৱে যি লিখিত বা কথিত চিহ্ন ব্যৱহাৰ কৰা হয়, তাকেই সাধাৰণতে প্ৰতীক বুলি কোৱা হয়। প্ৰতীকাত্মক তৰ্কবিজ্ঞানত প্ৰতীক হৈছে এক বিশেষ ধাৰণাজ্ঞাপক লিপি যাক বিশেষ তৰ্কীয় ধাৰণা প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে, ইংৰাজী বৰ্ণমালাৰ বৰ্ণ, যেনে— p, q, r, s, t (বা যিকোনো ভাষাৰ বৰ্ণ) বা +, -, ÷, =, ×, ? আদি ধাৰণাজ্ঞাপক চিহ্নসমূহক সাধাৰণতে প্ৰতীক বুলি কোৱা হয়। প্ৰতীক ব্যৱহাৰৰ বহুতো উপযোগিতা আছে। তলত এই উপযোগিতাসমূহ চমুকৈ আলোচনা কৰা হ'ল

(1) প্ৰতীকপৰ ব্যৱহাৰে যুক্তিৰ আকাৰ প্ৰকাশ কৰি সেই আকাৰ অনুসৰি যুক্তিটোক শ্ৰেণীবিভাগ কৰাত সহায় কৰে। এইদৰে যুক্তিটো শ্ৰেণীবিভাগ কৰাৰ ফলত সাধাৰণ নিয়ম প্ৰয়োগ কৰি যুক্তিটোৰ বৈধতা নিৰ্ণয় কৰাত সহায় হয়। আন ভাষাত ক'বলৈ গ'লে প্ৰতীকৰ ব্যৱহাৰে যুক্তিটোৰ আকাৰ স্পষ্টভাৱে প্ৰকাশ কৰি সাধাৰণ নিয়ম প্ৰয়োগৰ জৰিয়তে যুক্তিটোৰ বৈধতা নিৰ্ণয় কৰাত সহায় কৰে।

(2) প্ৰতীকৰ ব্যৱহাৰে তৰ্কীয় নিয়মসমূহৰ সাৰ্বিকতা অৰ্থাৎ, সেইবোৰ যে একে আৰ্হিৰ যেকোনো যুক্তিৰ ক্ষেত্ৰতেই প্ৰযোজ্য সেইকথা প্ৰকাশ কৰে। অৰ্থাৎ, এক বিশেষ 'আঐকাৰ'ৰ বাবে নিৰ্দিষ্ট নিয়মবোৰ সেই আকাৰৰ অন্তৰ্গত সকলো যুক্তিৰ ক্ষেত্ৰতেই প্ৰযোজ্য। একোটা আকাৰৰ অন্তৰ্গত এটা যুক্তি বৈধ হ'লে, সেই আৰ্হিৰ অন্তৰ্ভূক্ত যিকোনো যুক্তিয়েই বৈধ হ'ব বুলি ক'ব পাৰি। গতিকে প্ৰতীকৰৱ ব্যৱহাৰে এই কথা প্ৰকাশ নকৰে নযে এটা বিশেষ তৰ্কীয় নিয়ম সেই আকাৰৰ সকলোবোৰ যুক্তিৰ ক্ষেত্ৰতেই প্ৰযোজ্য। এইদৰে প্ৰতীকৰ ব্যৱহাৰে তৰ্কীয় নিয়মসমূহৰ সামান্যধৰ্ম প্ৰকাশ কৰে। 

(3) প্ৰতাকৰ ব্যৱহাৰে জটি বিবৃতি বা যুক্তিসমূহ কম পৰিসৰতে স্পষ্ট আৰু সকলভাৱে প্ৰকাশ কৰাত সহায় কৰে। সেই যুক্তিসমূহ প্ৰতীক নোহোৱাকৈ সাধাৰণ ভাষাত প্ৰকাশ কৰিলে বহুত জটিল, বাহুল্যময় আৰু অবোধ্য হৈ পৰে।

(4) প্ৰতীকৰ ব্যৱহাৰে তৰ্কবিজ্ঞানত বিশেষভাৱে প্ৰয়োগ কৰা তৰ্কীয় ধাৰণা বা বিশেষ পদসমূহ সুবিধাজনকভাৱে প্ৰকাশ কৰাত সাহায় কৰে। তদুপৰি, পৰিবৰ্ত্যৰ দৰে প্ৰতীকসমূহৰ ব্যৱহাৰ তৰ্কীয় ক্ৰিয়া (logical operations) সমূহ প্ৰকাশ কৰিবৰ বাবে বিশেষভাৱে উপযোগী।

প্ৰত্যেক বিজ্ঞানতেই কিছুমান বিশেষ পদ থাকে; যিবোৰে বিষয়টোৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য কিছুমান ধাৰণা প্ৰকাশ কৰে। গণিত আৰু তৰ্কবিজ্ঞানৰ ক্ষেত্ৰত এই পদবিলাক প্ৰায়েই এক বিশেষ প্ৰতীকাত্মক স্বৰলিপিৰ দ্বাৰাহে সুবিধাজনকভাৱে প্ৰকাশ কৰিব পাৰি। উদাহৰণ স্বৰূপে, গণিতৰ শূণ্য চিহ্নটোৱেই লোৱা যাওক। গ্ৰীক আৰু ৰোমান গাণিতিক লিপিত 'শূণ্য'ৰ বাবে কোনো প্ৰতীক নাছিল। ফলত এটা সাধাৰণ গাণিতিক গণনা, যেনে— 7030 ✕ 48 বা 2323 ÷ 25 কৰিবলৈ হ'লে যথেষ্ট গাণিতিক দক্ষতা আৰু কষ্টৰ প্ৰয়োজন হ'ব।

(5) প্ৰতীকৰ ব্যৱহাৰে ভাষাজনিত আঁসোৱাহৰ পৰা উদ্ধৱ হোৱা সমস্যাৰ পৰা তৰ্কবিজ্ঞানক ৰক্ষণাবেক্ষণ দিয়ে। সাধাৰণ ভাষাৰ কেতবোৰ অন্তৰ্নিহিত দোষ যেনে— অনিশ্চয়তা (indefiniteness), দ্ব্যৰ্থকতা (ambiguity), উপমা আৰু ভাষাৰ আলংকাৰিক ব্যৱহাৰৰ ফলত উদ্ভৱ হোৱা, সমস্যাই যুক্তিৰ আকাৰ নিৰ্ণয় আৰু তাৰ বৈধতা বিচাৰৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। উদাহৰণ স্বৰূপে, ন্যায়ভিত্তিক যুক্তিত, 'অনেকাৰ্থক দোষ' (fallacy of equivo-cation) ভাষাৰহ দ্ব্যৰ্থকতাৰ পৰা উদ্ভৱ হোৱা তেনে এটা দোষ। প্ৰতীকৰ ব্যৱহাৰে তৰ্কবিজ্ঞানক এই অসুবিধাসমূহৰ পৰা মুক্ত কৰি যুক্তিক স্পষ্ট ৰূপত প্ৰকাশ কৰাত সহায় কৰে।

(6) প্রতীকৰ ব্যৱহাৰে যুক্তিটোক সংশ্লিষ্ট বচনৰ বস্তুগত সত্যতা বা অসত্যতাৰ প্ৰভাৱৰ পৰা যুক্তিটোক মুক্ত কৰে; সংশ্লিষ্ট বচনৰ বস্তুগত সত্যতা বা অসত্যতাৰ প্ৰভাৱে যুক্তিটোৰ বৈধতা নির্ণয়ৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। প্রতীকাত্মক তর্কবিজ্ঞানৰ এটা অন্যতম লক্ষণ হৈছে নিগমনাত্মক পদ্ধতি প্রয়ােগ। সেই অনুসৰি ইয়াত বস্তুগত সত্যতাৰ পৰিবৰ্তে আকাৰগত সত্যতাৰ ওপৰতহে গুৰুত্ব দিয়া হয়। যেতিয়া এটা যুক্তি সাধাৰণ ভাষাত প্ৰকাশ কৰা হয়, তেতিয়া সংশ্লিষ্ট বচনৰ বস্তুগত সত্যতা বা অসত্যতাই আৰু সেইবােৰৰ অর্থই যুক্তিটোৰ বৈধতা নির্ণয়ৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰে। প্রতীক ব্যৱহাৰৰ দ্বাৰা এই অসুবিধাটো আঁতৰ কৰিব পৰা যায়; প্রতীকে আমাৰ মনটো সংশ্লিষ্ট বচনৰ বস্তুগত সত্যতা বা অসত্যতাৰ পৰা আঁতৰাই যুক্তিটোৰ আকাৰত মনােনিবেশ কৰাত সহায় কৰে। অর্থাৎ, প্রতীক ব্যৱহাৰে যুক্তিটোৰ বস্তুগত সত্যতা অসত্যতাৰ প্রভাৱৰ পৰা মুক্ত কৰি যুক্তিটোৰ বৈধতা নির্ণয়ৰ ক্ষেত্ৰত সহায় কৰে। 

    প্রতীক ব্যৱহাৰৰ এই সুবিধাসমূহৰ বাবেই প্রতীকাত্মক তর্কবিদসকলে ভাষাৰ সকলাে ধৰণৰ ত্রুটি আৰু অসুবিধাৰ পৰা, মুক্ত এটা কৃত্রিম প্রতীকধর্মী ভাষা উদ্ভাৱন কৰিছে, যাৰ মাধ্যমত বচন আৰু যুক্তিসমূহক সুবিধাজনকভাৱে প্ৰকাশ কৰিব পাৰি।

Type Himanku Bora