পদৰ ভূমিকা (Term) 

ভূমিকাঃ

    তৰ্কবিজ্ঞান সাধাৰণে অনিমানৰ বিজ্ঞান বুলি অভিহিত কৰা হয়। অনিমানক যেতিয়া ভাষাৰ মাধ্যমত প্ৰকাশ কৰা হয়, তেতিয়া তাক যুক্তি বোলে। কিন্তু যুক্তি বা অনিমানৰ আলোচনা কৰোতা কিছুমান আনুষংগিক বিষয়ৰ আলোচনা, যেনে— বচন আৰু তাৰ বিভিন্ন অংশ, সংজ্ঞা, বিভাজন আদিৰ আলােচনা তর্ক বিজ্ঞানৰ আলােচনাৰ অন্তর্ভুক্ত হৈ পৰে। প্রত্যেক যুক্তি কিছুমান বচনৰ দ্বাৰা গঠিত। প্রত্যেক বচন আকৌ দুটা পদৰ দ্বাৰা গঠিত। গতিকে দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তিয়েই হৈছে বচন। 

    কোনাে এটা বচন বিশ্লেষণ কৰিলে তিনিটা অংশ পােৱা যায়। এই অংশ তিনিটা হ'ল— উদ্দেশ্য, সংযােজক আৰু বিধেয়। 

    বচনত যাৰ বিষয়ে কিবা কোৱা হয় অর্থাৎ স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বােলে। 

    উদ্দেশ্য সম্পর্কে যি কোৱা হয় অর্থাৎ স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিধেয় বােলে। 

    উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযােজক বােলে। উদাহৰণ স্বৰূপে ‘গােলাপ ফুল হয় ৰঙা’— এই বচনটোত ‘গােলাপ ফুল' হৈছে উদ্দেশ্য, 'হয়' সংযোজক আৰু 'ৰঙা' বিধেয়। বচনৰ 'উদ্দেশ্য' আৰু 'বিধেয়' প্ৰত্যেকেই একো একোটা পদ। 'সংযোজক' পদ নহয়।

    এতিয়া পদ কাক কয় আমি তাকে আলোচনা কৰিম।


পদঃ

    যি শব্দ বা শব্দসমষ্টি আন শব্দৰ সহায় নোলোৱাকৈ নিজে নিজে কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয় ৰূপে ব্যৱহূত হয় তাকে পদ বোলে।

    (A term is a word or a group of words which by itself is used as the subject or the predicate of a logical proposition) 

    উদাহৰণস্বৰূপে কাণ্ট হয় দাৰ্শনিক- এই বচনটোত 'কাণ্ট' হ'ল 'উদ্দেশ্য' আৰু দাৰ্শনিক হ'ল 'বিধেয়'। 'কাণ্ট' আৰু 'দাৰ্শনিক'এই দুয়োটা শব্দই আন শব্দৰ সহায় নোলোৱাকৈ বচনৰ উদ্দেশ্য আৰু বিধেয় ৰূপে ব্যৱহৃত হৈছে। গতিকে দুয়োটাই পদ।

    এটা লপদ কেতিয়াবা এটা শব্দৰ দ্বাৰা গঠিত হ'ব পাৰে আৰু কেতিয়াবা এটাতকৈ অধিক শব্দৰ দ্বাৰা গঠিত হ'ব পাৰে। উদাহৰণস্বৰূপে– হিমালয় হয় পৃথিৱীৰ সর্বোচ্চ পর্বত এই বচনটোত ‘হিমালয়’ হৈছে উদ্দেশ্য পদ আৰু পৃথিৱীৰ সর্বোচ্চ পর্বত’ হৈছে বিধেয়। হিমালয় হৈছে এটা শব্দৰ দ্বাৰা গঠিত আৰু পৃথিৱীৰ সর্বোচ্চ পর্বত হৈছে এটাতকৈ অধিক শব্দৰ দ্বাৰা গঠিত পদ। 

    কিছুমান তর্কবিদে ‘পদ’ শব্দক ব্যাপক অর্থত ব্যৱহাৰ কৰে। তেওঁলােকৰ মতে যি শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয় ৰূপে ব্যৱহৃত হ'ব পাৰে, সেইবােৰকেই পদ বােলে। অর্থাৎ তেওঁলােকৰ মতে যি শব্দ বা শব্দ সমষ্টি আন কোনাে শব্দৰ সহায় নােলােৱাকৈ নিজে নিজে কোনাে বচনৰ উদ্দেশ্য নাইবা বিধেয় হ’ব পাৰে, সেই শব্দ বা শব্দ সমষ্টিকেই পদ বােলে। কিন্তু পদ এই ব্যাপক অর্থৰ সংজ্ঞা যুক্তিযুক্ত নহয়। কিছুমান তর্কশাস্ত্রবিদে তেনেকুৱা শব্দ বা শব্দ সমষ্টিক ‘সম্ভাৱ্য পদ’ বুলি ক'ব বিচাৰে।

Type Himanku Bora