এক বা একাধিক শব্দ লগ লাগি কোনাে অর্থ প্ৰকাশ কৰিলে তাক বাক্য বুলি কোৱা হয়। উদাহৰণ স্বৰূপে ‘ল’ৰাজন মেধাৱী’, ‘সীতাই গান গায়’, মই স্কুললৈ নাযাওঁ” ইত্যাদি। কেতিয়াবা এটা শব্দৰেও গঠিত বাক্যই অর্থ প্রকাশ কৰিব পাৰে। যেনে-যােৱা, আহা ইত্যাদি। এনেধৰণৰ বাক্যতে সাধাৰণতে উদ্দেশ্যটো উহ্য থাকে। আচলতে বাক্যটো এনেধৰণৰ হ’ব লাগে তুমি যােৱা’ বা ‘কোনােবা এজন যােৱা' / 'তুমি অহা’ বা কোনােবা এজন আহা।
আমি সচৰাচৰ যিবােৰ বাক্য ব্যৱহাৰ কৰাে তাক স্পষ্ট আৰু প্ৰমাণযােগ্য কৰিবৰ বাবে তর্কবিজ্ঞানত এটি বিশেষ ৰূপ দি লও যাক বচন বুলি কোৱা হয়।
যদিও বাক্য আৰু বচন দেখাত একেই যেন। লাগে, তথাপিও কিন্তু সিহঁতৰ মাজত কিছুমান বিষয়ত পার্থক্য থকা পৰিলক্ষিত হয়।
(1) বচনত তিনিটা অংশ থাকে। উদ্দেশ্য, সংযােজক আৰু বিধেয়। আনহাতে, বাক্যৰ ভাগ দুটা উদ্দেশ্য আৰু বিধেয়।
(2) সকলােবােৰ বচনেই বাক্য হ’ব পাৰে কিন্তু সকলােবােৰ বাক্যই বচন হ’ব নােৱাৰে। ব্যাকৰণৰ বাক্য বর্ণনামূলক, ভাববােধক, ইচ্ছাববাধক, আদেশসূচক, প্রশ্নবােধক হ'ব পাৰে। বচনত কিন্তু অকল বর্ণনামূলক বাক্যহে ব্যৱহৃত হয়। যদিও কিছুমান বাক্যক বচনৰ সৰলীকৰণ নিয়মেৰে তর্কবিজ্ঞানসন্মত বচনলৈ ৰূপান্তৰিত কৰা হয়। তথাপিও কিন্তু সকলাে বাক্যই বচন হ'ব নােৱাৰে।
(3) বচন সদায় সঁচা বা মিছা হ'ব পাৰে। সত্যতা আৰু মিথ্যাত্বই হৈছে বচনৰ ধৰ্ম। বাক্যৰ ক্ষেত্ৰত কিন্তু সঁচা - মিছাৰ প্রশ্ন নাহে; কিয়নাে প্রশ্নবােধক , আদেশসূচক , ভাববােধক আদি বাক্যবােৰক সঁচা বা মিছা বুলি অভিহিত কৰা নহয়।
(4) বাক্যৰ কোনাে নির্দিষ্ট আকাৰ নাই। কিন্তু বচন সদায় তর্কবিজ্ঞানসন্মত নির্দিষ্ট (A, E, I, O) যিকোনাে এটা ৰূপত থাকিবই লাগিব।
(5) বচন যিকোনাে কালত থাকিব নােৱাৰে। কেৱল বর্তমান কালতহে থাকিব লাগে। বাক্য কিন্তু অতীত, বর্তমান, ভৱিষ্যৎ যিকোনাে কালত থাকিব পাৰে।
(6) বচনৰ সংযােজক সদায় ‘ভূ-ধাতুৰ নিত্য বর্তমান কালতহে থাকিব লাগে। বাক্য কিন্তু যিকোনাে ধাতুৰ হ'ব পাৰে। তর্ক বিজ্ঞানত ঘাইকৈ ‘বচন’ শব্দটোৰহে ব্যৱহাৰ হয় বাক্য শব্দটোৰ ব্যৱহাৰ নহয়।
Type Himanku Bora
0 Comments