পৰম্পৰাগত বা প্ৰাচীন আৰু আধুনিক তৰ্কবিজ্ঞান (Traditional And Modern Logic)ঃ
পৰম্পৰাগত বা প্ৰাচীন তৰ্কবিজ্ঞান (Traditional Logic)ঃ 'পৰম্পৰাগত বা প্ৰাচীন তৰ্কবিজ্ঞান' বুলিলে গ্ৰীক দাৰ্শনিক এৰিষ্ট'টলে খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত প্ৰতিষ্ঠা কৰা তৰ্কবিজ্ঞানকে বুজোৱা হয়। পৰম্পৰাগত বা প্ৰাচীন তৰ্কবিজ্ঞানক এৰিষ্ট'টলীয় তৰ্কবিজ্ঞান কম-বেছি পৰিমাণে ন্যায় অনুমানৰ আলোচনাতে সীমাবদ্ধ আছিল। ঊনৈশ শতিকাৰ মধ্যভাগলৈকে এই এৰিষ্ট'টলীয় তৰ্কবিজ্ঞানে পাশ্চাত্য জগতৰ চিন্তাত আধিপত্য বিস্তাৰ কৰিছিল। এৰ্ষ্ট'টলৰ অনুগামীসকলে তৰ্কবিজ্ঞানক এক সম্পূৰ্ণ তৰ্কবিজ্ঞান বুলি বিবেচনা কৰিছিল। কিন্তু সময়ৰ লগে লগে এইটো অনুভৱ কৰা হ'ল যে এৰিষ্ট'টলীয় তৰ্কবিজ্ঞান গুৰুত্বপূৰ্ণ হ'লেও প্ৰকৃততে ই সামগ্ৰিক তৰ্কবিজ্ঞানৰ কেৱল এক ক্ষুদ্ৰ অংশহে আৰু এৰিষ্ট'টলীয় তৰ্কবিজ্ঞানৰ উন্নতি আৰু বিকাশ সাধন কৰাৰ প্ৰয়োজন আছে।
আধুনিক তৰ্কবিজ্ঞান (Modern Logic)ঃ
আধুনিক তৰ্কবিজ্ঞানে পৰৱৰ্তী পৰ্যায়ৰ তৰ্কবিজ্ঞানৰ বিকাশক সূচায়। তুলনামূলকভাৱে ই শেহতীয়াকৈপ্ৰসাৰ লাভ কৰিছে। আধুনিক তৰ্কবিজ্ঞানৰ বাটকটীয়াসকল গণিতজ্ঞ অথবা গাণিতিক পদ্ধতিত বিশেষ বুৎপত্তি লাভ কৰা দাৰ্শনিক আছিল। তৰ্কবিজ্ঞানক সোতৰ শতিকাতে এগৰাকী দাৰ্শনিক গণিতজ্ঞ লাইবনিজে ইয়াৰ পৰম্পৰাগত ৰূপৰ পৰা আধুনিক ৰূপত বিকশিত কৰাৰ বাবে দুতৰপীয়া আঁচনি প্রস্তুত কৰিছিল। কিন্তু, এই আঁচনি বাস্তৱত কার্যকৰী হৈ নুঠিল। ঊনৈশ শতিকাতহে চিন্তাবিদসকলে লাইবনিজৰ গণিতীয় ধাৰণাসমূহ গ্ৰহণ কৰি কার্যত অগ্ৰসৰ হৈছিল। উনৈশ শতিকাৰ শেষভাগতহে আধুনিক তর্কবিজ্ঞান এক বিষয়ৰূপে প্রতিষ্ঠিত হয়। আধুনিক তর্কবিজ্ঞানৰ বিকাশ, প্রগতি আৰু প্ৰসাৰ গণিতৰ বিকাশ, প্রগতি আৰু প্ৰসাৰৰ লগত জড়িত। আধুনিক তর্কবিজ্ঞানক বর্তমানৰ ৰূপত লাভ কৰাৰ পথত অহৰহ প্রচেষ্টাৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাসকল হ'ল— জর্জ বুল (George Boole), আগাষ্টাচ ডে মৰগান (Augustus de Morgan), ডব্লিউ এছ জেভছ (W. S. Jevons), জন ভেন (Jhon Venn), চি এছ। পিয়াছ (C. S. Peirce), গটল’ব ফ্রেগে (Gottlob Frege), og for fastany (Guiseppe Peano), ৰাছেল (Russell) আৰু এ এন হােৱাইটহেড (A. N. Whitehead), কার্লেপ (Carnap), টাস্কি (Tarski), কোৱাইন (Quine) ইত্যাদি।
আধুনিক তর্কবিজ্ঞান প্রতীকাত্মক তর্কবিজ্ঞান ৰূপেও জনা যায়। প্রতীকাত্মক তর্কবিজ্ঞান নামটোৱে নির্দেশ কৰাৰ দৰেই ইয়াত গণিতৰ নীতি আৰু পদ্ধতি অনুসৰি প্ৰতীকৰ বহুল ব্যৱহাৰ হয়। আধুনিক প্রতীকাত্মক তর্কবিজ্ঞান গণিতৰ দৰে নিগমনাত্মক আৰু আকাৰিক প্ৰতীকাত্মক তর্কবিজ্ঞান’–এই নামটো প্ৰায়েই গণিতীয় তর্কবিজ্ঞান (Mathematical logic), তর্ক বীজগণিত (Algebra of Logic), গণনাত্মক তর্কবিজ্ঞান (Logistic) আদি ৰূপে জনাজাত সামগ্রিক অধ্যয়নৰ ক্ষেত্ৰত প্ৰয়ােগ কৰা হয়।
পৰম্পৰাগত বা প্রাচীন তর্কবিজ্ঞান আৰু আধুনিক তর্কবিজ্ঞানৰ মাজৰ সম্পৰ্ক আৰু পার্থক্যঃ
(1) পৰম্পৰাগত তর্কবিজ্ঞানৰ ইতিহাস আধুনিক তর্কবিজ্ঞানৰ ইতিহাসতকৈ দীর্ঘ। এৰিষ্ট'টলে দুহাজাৰ বছৰাে অধিক আগতেই পৰম্পৰাগত তর্কবিজ্ঞান প্রণয়ন কৰিছিল। আধুনিক তর্ক বিজ্ঞানে কেৱল ঊনৈশ শতিকাৰ শেষভাগতহে প্ৰসাৰ লাভ কৰিছে। সেইবাবে আধুনিক তর্ক বিজ্ঞানৰ ইতিহাস তুলনামূলকভাৱে সংক্ষিপ্ত। তথাপি প্রাচীন তর্কবিজ্ঞান আৰু আধুনিক তর্কবিজ্ঞানৰ মাজৰ পার্থক্য কেৱল ক্রমােন্নতিৰ বিভিন্ন পর্যায়ৰ পার্থক্যহে।
(2) পৰম্পৰাগত তর্কবিজ্ঞানৰ পৰিসৰ আধুনিক তর্কবিজ্ঞানৰ পৰিসৰতকৈ ঠেক। পৰম্পৰাগত তর্কবিজ্ঞান কম-বেছি পৰিমাণে ন্যায় অনুমান ভিত্তিক আলােচনাতে সীমিত বুলি ক'ব পাৰি। কিন্তু আধুনিক তর্কবিজ্ঞানে পৰম্পৰাগত তর্কবিজ্ঞানৰ ন্যায় অনুমান ভিত্তিক আলােচনাৰ উপৰি এনে তর্কবিজ্ঞানত স্বীকৃত নােহােৱা আ যুক্তিৰ আকাৰ সম্পর্কেও আলােচনা কৰে। সেইবাবে, আধুনিক তর্কবিজ্ঞানৰ পৰিসৰ পৰম্পৰাগত তর্কবিজ্ঞানতকৈ ব্যাপক।
(3) যদিও পৰম্পৰাগত তর্কবিজ্ঞানত বচন আৰু যুক্তিসমূহ প্ৰতীকাত্মক আকাৰত প্ৰকাশ কৰা হৈছিল, এই তৰ্কবিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ অতি সীমিত আছিল। কিন্তু আধুনিক তৰ্কবিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ অতি বিস্তৃত ৰূপত কৰা হয়। আধুনিক তৰ্কবিজ্ঞানে ব্যাপক ৰূপত প্ৰতীকক গ্ৰহণ কৰে।
এইদৰে দেখা যায় যে পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু আধুনিক তৰ্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য কেৱল মাত্ৰাগত বা পৰিমাণগতহে, গুণগত লহয়। প্ৰকৃততে পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু আধুনিক তৰ্কবিজ্ঞানৰ মাজত মৌলিক বা নাতিগত পাৰ্থক্য় নাই। আধুনিক তৰ্কবিজ্ঞানে পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰা বিকাশ লাভ কৰিছে। গতিকে পৰম্পৰাগত আৰু আধুনিক তৰ্কবিজ্ঞানৰ মাজত দৰাচলতে কোনো বিৰোধ নাই। পৰম্পৰাগত তৰ্কবিজ্ঞানত অন্তৰ্নিহিত আৰু সন্নিবিষ্ট চিন্তা-ধাৰণা--প্ৰত্যয়, নীতি-পদ্ধতিক গণিতীয় ক্ৰমবিকাশৰ আধাৰত ক্ৰমবিকাশৰ আৰু প্ৰগতিৰৱ পথেৰে আগবঢ়াই অনাৰ ফলতে বৰ্তমানৰ ৰূপত আধুনিক তৰ্কবিজ্ঞান উদ্ভৱ হৈছে। আধুনিক তৰ্কবিজ্ঞানৰ পৰম্পৰাগত তৰ্কবিজ্ঞানৰে পৰিৰ্ধিত আৰু পৰিণত ৰূপ।
পাঠৰ মূলকথাঃ
(1) ব্যুৎপত্তিগত অৰ্থৰ দিশৰ পৰা তৰ্কবিজ্ঞান হ'ল ভাষলাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান। তৰ্কবিজ্ঞানক সাধাৰণতৰে অনিমানৰ বিজ্ঞান বুলি কোৱা হয়। 'চিন্তা' শব্দটো অতি ব্যাপক বাবে তৰ্কবিজ্ঞানৰ ক্ষেত্ৰত স্পষ্টতাৰ বাবে 'চিন্তা'ৰ সলনি অনুমান শব্দটো ব্যৱহাৰৱ কৰিব পাৰি।
(2) প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসমবদ্ধ, সাধাৰণ, যুক্তিনিষ্ঠ, প্ৰামাণিক, যথার্থ আৰু সুনিশ্চিত জ্ঞানেই বিজ্ঞান। জ্ঞাত বিষয় বা সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত নতুন বিষয় বা সত্যতাত উপনীত হােৱা মানসিক প্রক্রিয়াই অনুমান। অনুমানক ভাষাৰ জৰিয়তে প্রকাশ কৰিলে তাক যুক্তি বা তর্ক বােলে।
(3) অনুমানক নিগমন আৰু আগমন— এই দুই ভাগত ভাগ কৰা হয়। নিগমনৰ সিদ্ধান্ত আধাৰবচনতকৈ অধিক ব্যাপক হ'ব নােৱাৰে। আগমনৰ সিদ্ধান্ত আধাৰবচনতকৈ অধিক ব্যাপক হয়।
(4) তর্কবিজ্ঞান পৰােক্ষ জ্ঞানৰ লগত জড়িত, প্রত্যক্ষ জ্ঞানৰ লগত নহয়।
(5) জ্ঞানৰ তিনিটা উপাদান হ’ল (i) কোনাে বস্তু বা ঘটনা সম্পর্কে মনত উদয় হােৱা ধাৰণাসমূহ, (ii) বহির্জগতৰ অস্তিত্বশীল কোনাে বস্তু বা ঘটনাৰ লগত এই ধাৰণাসমূহৰ সামঞ্জস্য বা সাদৃশ্য (iii) এনে সামঞ্জস্যত বিশ্বাস।
(6) জ্ঞানৰ প্ৰকাৰ দুটা হ’ল (i) প্রত্যক্ষ আৰু (ii) পৰােক্ষ জ্ঞান।
(7) তর্কবিজ্ঞান জ্ঞাত বিষয়ৰ সত্যতা প্রমাণৰ লগত জড়িত। প্রত্যক্ষ জ্ঞানৰ ক্ষেত্ৰত প্রামাণ্য নিৰূপণৰ প্ৰয়ােজন নাথাকে। পৰােক্ষ জ্ঞান অর্থাৎ অনুমান আৰু শব্দৰ জৰিয়তে পােৱা জ্ঞানৰ ক্ষেত্ৰতহে প্রামাণ্য বা সত্যতা নিৰূপণৰ প্ৰশ্নটো উত্থাপিত হয়। গতিকে, তর্কবিজ্ঞান পৰােক্ষ জ্ঞানৰ লগত জড়িত, প্রত্যক্ষ জ্ঞানৰ লগত নহয়।
তর্কবিজ্ঞান আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা– উভয় প্রকাৰৰ সত্যতাৰ লগত জড়িত।
সত্যতা দুই প্রকাৰৰ– (a) আকাৰগত সত্যতা আৰু (b) বস্তুগত সত্যতা।
চিন্তাৰ আত্মসংগতি, বা আত্মবিৰােধমুক্ততাই আকাৰগত সত্যতা।
চিন্তাৰ লগত বাস্তৱ জগতৰ বস্তুৰ সামঞ্জস্য বা অনুৰূপতাই বস্তুগত সত্যতা।
আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা— উভয় প্রকাৰৰ সত্যতাই তর্কবিজ্ঞানৰ আলােচ্য বিষয়।
(8) তর্কবিজ্ঞান বিজ্ঞান আৰু কলাবিদ্যা উভয়েই। বিজ্ঞানে প্রকৃতিৰ কোনাে এটা নির্দিষ্ট বিভাগ। সম্পর্কে সাধাৰণ সুসংবদ্ধ, যথার্থ, যুক্তিনিষ্ঠ, প্রামাণিক আৰু সুনিশ্চিত জ্ঞান দিয়ে। কলাবিদ্যাই কোনাে নির্দিষ্ট উদ্দেশ্য সাধনৰ। বাবে জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়ােগ কৰাৰ বিধি-নিয়মৰ শিক্ষা দিয়ে।
তর্কবিজ্ঞানে চিন্তা বা অনুমান সম্পর্কীয় সাধাৰণ নীতি-নিয়মৰ জ্ঞান দিয়ে। তদুপৰি এই সাধাৰণ নীতি-নিয়মসমূহ ভুল-ভ্রান্তি পৰিহাৰ কৰি শুদ্ধ চিন্তা বা যথার্থ অনুমানত উপনীত হৈ সত্যতা লাভৰ বাবে ব্যৱহাৰিক ক্ষেত্রত প্রয়ােগ কৰে।
গতিকে, তর্কবিজ্ঞান বিজ্ঞান আৰু কলাবিদ্যা উভয়েই।
তর্কবিজ্ঞান বিজ্ঞানসমূহৰ বিজ্ঞান আৰু কলাসমূহৰাে কলা বুলি কোৱা হয়। প্রত্যেক বিজ্ঞান আৰু প্রত্যেক কলাবিদ্যাই তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল।
(9) তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান, বিষয়নিষ্ঠ নহয়।
বিষয়নিষ্ঠ বিজ্ঞানে বিষয় বস্তুৰ যথার্থ স্বৰূপ বা প্রকৃতি সম্পর্কে আলােচনা কৰে। আদর্শনিষ্ঠ বিজ্ঞানে কোনাে এটা আদর্শক মাপকাঠী হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে।
তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান। তর্কবিজ্ঞানে সত্যতাৰ আদৰ্শৰ, সত্যতাত উপনীত হােৱাৰ উদ্দেশ্যে পালন কৰিবলগীয়া শুদ্ধ চিন্তা বা যথার্থ অনুমানৰ নীতি - নিয়মৰ নির্দেশ দিয়ে। সত্যতাৰ মাপকাঠীৰে চিন্তাক বিচাৰ কৰা তর্কবিজ্ঞানৰ উদ্দেশ্য।
(10) তর্কবিজ্ঞানৰ বিভিন্ন সংজ্ঞাঃ
এলড্রিচ, এলবার্টাচ মেগনাচ, হােৱেটুলি, মিলৰ তর্কবিজ্ঞান সম্পর্কীয় সংজ্ঞা বিচাৰ কৰিলে মিলৰ সংজ্ঞাটো অধিক সন্তোষজনক বুলি বিবেচিত হয়।
(11) তর্কবিজ্ঞানৰ পৰিসৰঃ
তর্কবিজ্ঞানে অনুমান বা যুক্তিৰ আলােচনা কৰে। পৰােক্ষ জ্ঞান তর্কবিজ্ঞানৰ আলােচ্য বিষয়। তর্কবিজ্ঞানৰ আলােচ্য বিষয় চিন্তা বা অনুমান আৰু ইয়াৰ প্রামাণ্য নিৰূপক বিধিসমূহ। তর্কবিজ্ঞান চিন্তাৰ শুদ্ধত অনুমানৰ যথার্থতাৰ লগত জড়িত। চিন্তাৰ মূল প্রক্রিয়াসমূহৰ আলােচনা তর্কবিজ্ঞানৰ বিষয় নহয়। তর্কবিজ্ঞান পৰিণামৰ লগত জড়িত। পদ, বচন, যুক্তি, তর্কবিজ্ঞানৰ আলােচ্য বিষয়।
তর্কবিজ্ঞানে নিগমন আৰু আগমন এই দুয়াে প্রকাৰৰ অনুমানৰ আলােচনা কৰাৰ লগতে উভয়ৰে সহায়কাৰী প্রক্রিয়াসমূহৰাে আলােচনা কৰে। তর্কবিজ্ঞানৰ অন্যতম আলােচ্য বিষয় হ’ল সত্যতা। তর্কবিজ্ঞানে আকাৰগত আৰু বস্তুগত উভয় প্রকাৰৰ সত্যতাৰে আলােচনা কৰে। আধুনিক প্রতীকাত্মক তর্কবিজ্ঞানে বিশুদ্ধ আকাৰমূলক বিজ্ঞান হিচাপে আকাৰ সম্পর্কে আলােচনা কৰে।
তর্কবিজ্ঞানে চিন্তাৰ মূল সূত্ৰাৱলী তাদাত্ম্য নিয়ম, বিৰােধবাধক নিয়ম আৰু নির্মধ্যম নিয়ম সম্পর্কেও আলােচনা কৰে।
সত্যতা নিৰূপক নীতি-নিয়মসমূহ যথার্থভাৱে পালন নকৰিলে যিবােৰ দোষৰ উদ্ভৱ হয়, তর্কবিজ্ঞানত সেই দোষবােৰ সম্পর্কেও আলােচনা কৰা হয়।
তর্কবিজ্ঞানৰ উপযােগিতাঃ
তর্কবিজ্ঞানৰ কোনাে উপযােগিতা নাই বুলি কিছুমানে মন্তব্য কৰে। তেওঁলােকৰ মতে, তর্কবিজ্ঞানে আমাক চিন্তা বা যুক্তি-তর্ক কৰিবলৈ নিশিকায়। তর্কবিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তি-তর্ক কৰিব পাৰে। আনহাতে, তর্কবিজ্ঞান অধ্যয়ন কৰিলেও সকলাে সময়তে মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তি-তর্ক কৰিব নােৱাৰে।
চিন্তা কৰা মানুহৰ এক স্বাভাৱিক ক্ষমতা। তর্কবিজ্ঞানে শুদ্ধভাৱে চিন্তা কৰিবলৈহে শিকায়। তর্কবিজ্ঞান অধ্যয়ন নকৰিও শুদ্ধভাৱে যুক্তি-তর্ক কৰিবলৈ সক্ষম হােৱা লােকে তর্কবিজ্ঞানৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিলে যুক্তি তর্কত অধিক পাৰদৰ্শিতা লাভ কৰিব পাৰিব। তদুপৰি, তেনে লােকৰ ভুল-ভ্রান্তি হ'লে তর্কবিজ্ঞানৰ সহায় লােৱাৰ প্রয়ােজনাে হয়। আকৌ, তর্কবিজ্ঞান অধ্যয়ন কৰিও শুদ্ধভাৱে চিন্তা নকৰা লােকসকলৰ বাবেই তর্কবিজ্ঞান দায়ী, হ’ব নােৱাৰে।
তর্কবিজ্ঞানে শুদ্ধ চিন্তা বা যথার্থ অনুমানৰ নীতি-নিয়মৰ নিৰ্দেশ দিয়ে। এই নীতি-নিয়মসমূহ পালন কৰিলে শুদ্ধ চিন্তা বা যথার্থ অনুমানত উপনীত হ’ব পাৰি আৰু ইয়াৰ জৰিয়তে যথার্থ জ্ঞান আৰু সত্যতা লাভ কৰিব পাৰি।
সকলাে প্ৰকাৰ বিজ্ঞান আৰু কলা তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। তর্কবিজ্ঞান এক মানসিক ব্যায়াম। তর্কবিজ্ঞান অধ্যয়নৰ জৰিয়তে স্বাভাৱিক চিন্তাশক্তি উন্নত আৰু সক্রিয় হয়, মানসিক উৎকর্ষ সাধিত হয়।
তর্কবিজ্ঞানৰ অধ্যয়নে মানুহৰ মনত থকা সন্দেহ বা সংশয়, অন্ধবিশ্বাস, কু-সংস্কাৰ, ভাববেগ দূৰ কৰি যুক্তি-বিচাৰৰ দিশত উদগণি যােগায়। তর্কবিজ্ঞানক অলংকাৰ শাস্ত্ৰৰ মেৰুদণ্ড বুলি কোৱা হয়।
শুদ্ধ চিন্তাৰ বিজ্ঞান হিচাপে তর্কবিজ্ঞান প্রকৃততে সকলাে প্ৰকাৰ জ্ঞানান্বেষণৰ ভিত্তি।
পৰম্পৰাগত বা প্রাচীন তর্কবিজ্ঞান আৰু আধুনিক তর্কবিজ্ঞানঃ
পৰম্পৰাগত বা প্রাচীন তর্কবিজ্ঞান বুলিলে খ্রীষ্টপূর্ব চতুর্থ শতিকাত গ্রীক দার্শনিক এৰিষ্টটলে। প্রতিষ্ঠা কৰা তর্কবিজ্ঞানক বুজায়। আধুনিক তর্কবিজ্ঞান ঊনৈশ শতিকাৰ শেষভাগতহে প্রতিষ্ঠা লাভ কৰা। আধুনিক তর্কবিজ্ঞানৰ বিকাশ গণিতৰ বিকাশৰ লগত জড়িত।
পৰম্পৰাগত তর্কবিজ্ঞানৰ ইতিহাস দীর্ঘ; আনপিনে, আধুনিক তর্কবিজ্ঞানৰ ইতিহাস সংক্ষিপ্ত। তথাপি পৰম্পৰাগত তর্কবিজ্ঞান আৰু আধুনিক তর্কবিজ্ঞানৰ মাজত পার্থক্য ক্রমােন্নতিৰ বিভিন্ন পর্যায়ৰ পার্থক্য। পৰম্পৰাগত তর্কবিজ্ঞানৰ পৰিসৰ আধুনিক তর্কবিজ্ঞানৰ পৰিসৰতকৈ ঠেক। পৰম্পৰাগত তৰ্কবিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ সীমিত, কিন্তু আধুনিক তৰ্কবিজ্ঞানত আৰু আধুনিক তৰ্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য কেৱল মাত্ৰাগত বা পৰিমাণগতহে, ঘুণগত নহয়। উভয়ৰে মাজত মৌলিক কোনো পাৰ্থক্য নাই।
Type Himanku Bora
0 Comments