পদৰ শ্ৰেণীবিভাজন
বিভিন্ন নীতি অনুসৰি পদবিলাকক বিভিন্ন শ্ৰেণীত ভাগ কৰা হয়।
(i) বিশিষ্ট পদ আৰু সামান্য পদ (Singular and General terms)ঃ
যি পদে এটা অৰ্থত মাথােন এটা নির্দিষ্ট বস্তু বা গুণক নির্দেশ কৰে তাক বিশিষ্ট পদ বােলে। যেনে— এই ফুলপাহ। এই ফুলপাহ’ বুলি ক'লে মাত্র এটা ফুলকে বুজায়। গতিকে, এইটো বিশিষ্ট পদ। সেইদৰে গুৱাহাটী, মাধৱদেৱ, নম্রতা, অসমৰ বর্তমান শিক্ষামন্ত্রী ইত্যাদি।
যি পদে একে অর্থত কোনাে এটা শ্ৰেণীৰ অন্তর্গত অনির্দিষ্ট সংখ্যক বস্তু বা গুণৰ যিকোনাে এটাক নির্দেশ কৰে, তাক সামান্য পদ বােলে। যেনে— মানুহ। মানুহ’ পদৰ দ্বাৰা কোনাে এজন বিশিষ্ট মানুহক নুবুজায়। মানুহ শ্ৰেণীৰ অন্তৰ্গত যিকোনাে মানুহকেই একেটা অৰ্থত বুজাব পাৰে। কুকুৰ, মেকুৰী, ল’ৰা, ছাত্র আদি পদো সামান্য পদ।
সামান্য পদক জাতিবাচক বা শ্রেণীবাচক পদ বুলিও অভিহিত কৰা হয়। কাৰণ, সামান্য পদে কোনাে বিশেষ বস্তু বা ব্যক্তি বা গুণক নুবুজাই এটা জাতি বা শ্রেণীক বুজাব পাৰে।
বিশিষ্ট পদ আকৌ দুই প্রকাৰৰ-
(a) অর্থযুক্ত বিশিষ্ট পদ (Significant singular term) আৰু
(b) অর্থহীন বিশিষ্ট পদ (Non-significant singular term)।
(a) অর্থযুক্ত বিশিষ্ট পদঃ যি বিশিষ্ট পদে কোনাে এটা নির্দিষ্ট বস্তু বা ব্যক্তিক বুজোৱাৰ উপৰিও সেই বস্তু বা ব্যক্তি বিশেষ কোনাে গুণৰ নির্দেশ দিয়ে, তাক অর্থযুক্ত বিশিষ্ট পদ বােলে। যেনে— ভাৰতৰ বর্তমান ৰাষ্ট্রপতি। এই পদটোৱে মাত্র এজন নির্দিষ্ট ব্যক্তিকে বুজাইছে বুলি ই এটা বিশিষ্ট পদ। লগতে সেই ব্যক্তিগৰাকী যে ভাৰতৰ বর্তমান ৰাষ্ট্রপতি এই বিশেষ গুণৰাে ই পৰিচায়ক। গতিকে ই কেৱল বিশিষ্ট পদেই নহয় ই এটা অর্থযুক্ত বিশিষ্ট পদ। সেইদৰে কটন মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ, পৃথিৱীৰ সর্বোচ্চ শৃংগ, নামঘােষা প্রণেতা আদি পদবােৰ অৰ্থযুক্ত বিশিষ্ট পদ।
(b) অর্থহীন বিশিষ্ট পদঃ যি বিশিষ্ট পদ কোনাে বস্তু বা ব্যক্তিক অন্যান্য বস্তু বা ব্যক্তিৰ পৰা পৃথককৈ বুজাবৰ বাবে মাত্র ব্যৱহাৰ কৰা হয় আৰু যি বিশিষ্ট পদে সেই বস্তু বা ব্যক্তি বিশেষ কোনাে বিশেষ গুণৰ নির্দেশ নিদিয়ে তেনে বিশিষ্ট পদক অর্থহীন বিশিষ্ট পদ বােলে। যেনে— ৰাহুল, মানস, গুৱাহাটী, যােৰহাট আদি। অর্থহীন বিশিষ্ট পদবােৰক নামবাচক বিশেষ্য পদ বুলিও অভিহিত কৰা হয়। অৱশ্যে নামবাচক বিশিষ্ট পদবােৰ সঁচাকৈয়ে অর্থহীন হয় নে নহয়— এই বিষয়ত তর্কবিজ্ঞানীসকলৰ মাজত মতভেদ আছে।
(ii) নিৰপেক্ষ পদ আৰু সাপেক্ষ পদ (Absolute and Relative Terms)ঃ
যি পদৰ অৰ্থ বুজিবলৈ হ'লে আন পদৰ সহায় ল'বলগীয়া নহয় তাক নিৰপেক্ষ পদ বোলে। যেনে— মানুহ, গৰু, কিতাপ, বিদ্যালয় ইত্যাদি। আনহাতে যি পদৰ অৰ্থ আন কোনাে পদৰ সহায়তহে বুজিব পাৰি, নহ'লে পদটো অর্থহীন হৈ পৰে, তাক সাপেক্ষ পদ বােলে। যেনে— পিতা-পুত্র, গুৰু-শিষ্য, শিক্ষক-ছাত্র ইত্যাদি। এই পদবােৰৰ ক্ষেত্ৰত দুটা পদ পৰস্পৰ নিৰ্ভৰশীল হয়। এটাৰ লগত আনটোৰ সম্বন্ধৰ যােগেদিয়েই পদ দুটাৰ অৰ্থ বুজা যায়।
(iii) লক্ষণার্থক আৰু অলক্ষণার্থক পদ (Connotative and Non-connotative terms)ঃ
যি পদে কোনাে বস্তু বা বস্তুসমূহক নির্দেশ কৰাৰ উপৰিও সেই বস্তু বা বস্তুসমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণকে নির্দেশ কৰে, তাক লক্ষণার্থক পদ বােলে। অর্থাৎ যি পদৰ বাচ্যার্থ আৰু লক্ষণার্থ দুয়ােটাই থাকে , সেই পদকে লক্ষণার্থক পদ বােলে। যেনে— ‘মানুহ'। কাৰণ মানুহ’ পদৰ বাচ্যার্থ হ’ল ‘সকলাে মানুহ' আৰু লক্ষণার্থ হ’ল ‘প্রাণীবৃত্তি আৰু বুদ্ধিবৃত্তি'।
আনহাতে, যি পদে অকল বস্তুকহে নির্দেশ কৰে নাইবা অকল গুণ বা লক্ষণহে বুজায়; কিন্তু বস্তু আৰু গুণ উভয়কে নুবুজায়, তাক অলক্ষণার্থক পদ বােলে। অর্থাৎ যি পদৰ অকল বাচ্যার্থ আছে, কিন্তু লক্ষণার্থ নাই, নাইবা যি পদৰ অকল লক্ষণার্থ আছে কিন্তু বাচ্যার্থ নাই তেনে পদক অলক্ষণার্থক পদ বােলে। যেনে-যদু, মধু, চেন্নাই, যােৰহাট আদি পদববাৰে একো একোটা। বস্তুৰ নির্দেশ দিয়ে আৰু নম্রতা, শুভ্রতা আদি পদে একো একোটা গুণক বুজায়। তর্কবিদ মিলৰ ভাষাত ক’বলৈ হলে অলক্ষণার্থক পদে কেৱল গুণীক ব্যক্ত কৰে বা কেৱল গুণ সূচিত কৰে।
লক্ষণার্থক পদে গুণীক নির্দেশ কৰাৰ লগতে গুণকো ব্যক্ত কৰে। কিন্তু অলক্ষণার্থক পদে কেৱল গুণীক ব্যক্ত কৰে নাইবা কেৱল গুণ সূচীত কৰে। দুয়ােটাকে নহয়।
কিন্তু ওৱেল্টনৰ (Walton) মতে, যি পদৰ কেৱল বাচ্যার্থ আছে অর্থাৎ যি পদে কেৱল কোনাে বস্তুৰহে নির্দেশ দিয়ে, তাক অলক্ষণার্থক পদ বােলে। অলক্ষণার্থক পদৰ কোনাে লক্ষণার্থ নাই। ই কোনাে লক্ষণার্থ বা গুণ নুবুজায়।
আন কিছুমানৰ মত, যি পদৰ বাচ্যার্থ আছে, লক্ষণার্থ নাই তাক অলক্ষণার্থক পদ বােলে। কিন্তু যি পদৰ লক্ষণার্থ আছে, বাচ্যার্থ নাই তাক অলক্ষণার্থক বুলি ক'ব নােৱাৰি। তেওঁলােকে মিলৰ মতবাদৰ সঠিক ব্যাখ্যা হােৱা নাই বুলি ভাবে।
মিলৰ মতে, লক্ষণার্থক পদ চাৰি প্ৰকাৰৰ আৰু অলক্ষণার্থক পদ দুই প্রকাৰৰ।
লক্ষণার্থক পদঃ
(1) বিশেষণীয় পদ; যেনে—ধার্মিক, দীঘল, সাধু।
(2) বস্তুবাচক সামান্য পদ; যেনে—মানুহ, কুকুৰ।
(3) গুণবাচক সামান্য পদ; যেনে—বর্ণ, গুণ।
(4) অর্থযুক্ত বিশিষ্ট পদ; যেনে—পৃথিৱীৰ সর্বোচ্চ শৃংগ, অসমৰ বর্তমান শিক্ষামন্ত্রী।
মিলে উল্লেখ কৰা এই চাৰি প্ৰকাৰৰ লক্ষণার্থক পদক আন আন তর্কবিজ্ঞানীসকলে মাথােন দুই প্রকাৰতে সামৰি লয়। এই দুই প্রকাৰৰ লক্ষণার্থক পদ হৈছে—
(1) সকলাে সামান্য পদ।
(2) অর্থযুক্ত বিশিষ্ট পদ।
অলক্ষণার্থক পদঃ
(1) গুণবাচক বিশিষ্ট পদ; যেনে— শুভ্রতা।
(2) নামবাচক বিশেষ্য পদ; যেনে— ৰাহুল, মানস।
পাঠৰ মূলকথাঃ
* যি শব্দ বা শব্দ সমষ্টি আন কোনাে শব্দৰ সহায় নােলােৱাকৈ নিজে নিজে কোনাে বচনৰ উদ্দেশ্য নাইবা বিধেয় ৰূপে ব্যৱহৃত হয় তাকে পদ বােলে।
* সকলাে পদেই শব্দ বা শব্দ সমষ্টি, কিন্তু সকলাে শব্দ বা শব্দ সমষ্টি পদ নহয়।
* কোনাে এটা পদে যি বস্তু বা বস্তুসমূহক নির্দেশ কৰে সেয়ে পদটোৰ বাচ্যার্থ। সেই বস্তু বা বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিক গুণ বা গুণীৱলীক নির্দেশ কৰে সেয়ে পদটোৰ লক্ষণার্থ।
* পদৰ বাচ্যার্থ আৰু লক্ষণার্থৰ সম্বন্ধ বিপৰীতমুখী।
* বিভিন্ন নীতি অনুসৰি পদবােৰক বিভিন্ন শ্ৰেণীত কৰা হয়। (1) বিশিষ্ট আৰু সামান্য পদ, (2) নিৰপেক্ষ আৰু সাপেক্ষ পদ, (3) লক্ষণার্থক আৰু অলক্ষণার্থক পদ আদি।
Type Himanku Bora