বচনৰ শ্ৰেণী বিভাগ (Classification of Proposition)

    পৰম্পৰাগত তৰ্কতবিজ্ঞানৰ ফালৰ পৰা বচনক এৰিষ্টটল আৰু তেওঁৰ অনুগামীসকলে বিভিন্ন দৃষ্টিকোণৰ পৰা বিভিন্ন ধৰণে ভাগ কৰিছে।

গুণ অনুসৰি (According to Quality)ঃ 

    গুণ অনুসৰি বচনক দুটা ভাগত ভগােৱা হৈছে— (i) সদর্থক আৰু (ii) নঞর্থক। 

(i) সদর্থক বচনঃ যি বচনত বিধেয় পদটোক উদ্দেশ্য পদ সম্পর্কে স্বীকাৰ কৰা হয় তাকে  সদর্থক বচন বােলে। উদাহৰণ স্বৰূপে সকলাে কাউৰী হয় কলা। ইয়াত ‘ক’লাক সকলাে ‘কাউৰীৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। কিছুমান মানুহ সাহসী’। ইয়াতাে ‘সাহসী’ এই বিধেয় পদটোক কিছুমান ‘মানুহৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। গতিকে ই সদর্থক বচন। 

(ii) নঞর্থক বচনঃ যি বচনত বিধেয় পদটোক উদ্দেশ্য পদ সম্পর্কে অস্বীকাৰ কৰা হয় তাকে নঞর্থক বচন বােলে। উদাহৰণ স্বৰূপে ‘কোনাে কাউৰী নহয় বগা’। ইয়াত ‘ বগা এই বিধেয় পদটোক সকলাে ‘কাউৰীৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে। কিছুমান মানুহ নহয় সাহসী। ইয়াতাে ‘সাহসীক কিছুমান ‘মানুহৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে। গতিকে ই নঞর্থক বচন। 

বচনৰ গুণ নির্ণয়ঃ বচন এটা সদর্থক হ’বনে নঞর্থক হ’ব তাক নির্ণয় কৰে একমাত্র সংযােজকে। সেয়েহে সংযােজকটো যদি সদর্থক হয় তেন্তে বচনটো সদর্থক হ'ব আৰু যদি সংযােজকটো নঞর্থক হয় তেন্তে বচনটো নঞর্থক হ’ব। কেতিয়াবা দেখা যায় যে উদ্দেশ্য বা বিধেয়ৰ লগতাে নঞর্থক চিন। যুক্ত হৈ থাকে। কিন্তু সংসােজকটো যদি সদর্থক ৰূপত থাকে তেতিয়া বচনটোক সদর্থক বুলিয়ে ধৰা হয়। উদাহৰণ স্বৰূপে ‘কিছুমান মানুহ হয় অসাধু', অসাধু ব্যক্তি হয় সন্দেহজনক’। প্ৰথমটোত যদিও বিধেয়ৰ লগত নঞর্থক চিন যুক্ত হৈ আছে। আচলতে বচনটো সদর্থক। কিয়নাে হয়’ সদর্থক সংযােজক। ঠিক তেনেদৰে দ্বিতীয়টোত উদ্দেশ্যৰ লগত নঞর্থক চিন যুক্ত হৈ থাকিলেও বচনটো সদর্থক বুলিয়ে ধৰি লােৱা হয়। 

পৰিমাণ অনুসৰি (According to Quantity)ঃ 

    পৰিমাণ অনুসৰি বচনক দুটা ভাগত ভগােৱা হৈছে- (i) সামান্য বা সার্বিক আৰু  (ii) বিশেষ বচন। 

(i) সামান্য বা সার্বিক বচনঃ যি বচনত বিধেয়ক সমগ্র উদ্দেশ্য সম্বন্ধে স্বীকাৰ বা অস্বীকাৰ কৰা হয়, তাক সার্বিক বা সামান্য ৰচন বােলে। উদাহৰণ স্বৰূপে, সকলাে সাধু মানুহ হয় ধার্মিক, ‘কোনাে মানুহ নহয় পূর্ণ’ ইত্যাদি। প্রথম উদাহৰণটোত ধার্মিক এই বিধেয় পদটোক সকলাে ‘সাধু মানুহৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে আৰু দ্বিতীয় উদাহৰণটোত ‘পূর্ণ’ বিধেয় পদটোক সকলাে মানুহৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে। গতিকে দুয়ােটা বচনেই সামান্য বচন। 

    যেতিয়া বচনৰ উদ্দেশ্যটো একক বাচক নির্দিষ্ট পদ হয় তেতিয়াও বচন সামান্য হয়। যেনে— ‘হিমালয় হয় সর্বোচ্চ পর্বত’, ‘সূর্য পশ্চিম পিনে মাৰ যায় ইত্যাদি। এনে বাক্যবােৰত যদিও উদ্দেশ্যত এটাই মাথােন বস্তুক নির্দেশ কৰিছে। তথাপিও ই সামান্য বচন, কাৰণ উদ্দেশ্য পদৰ সমগ্র বাচ্যার্থক ইয়াত লােৱা হৈছে।

(i) বিশেষ বচনঃ যি বচনত বিধেয়ক উদ্দেশ্য পদৰ এটা অংশ সম্পর্কে বা কিছুমান হিচাপে স্বীকাৰ বা অস্বীকাৰ কৰা হয়, তাক বিশেষ বচন বােলে। উদাহৰণ স্বৰূপে, কিছুমান ছাত্র হয় মেধাৱী’, ‘কিছুমান ছাত্র নহয় বুদ্ধিমান’ ইত্যাদি। প্রথম উদাহৰণটোত ‘মেধাৱী বিধেয় পদটোক কিছুমান ‘ছাত্ৰৰ ক্ষেত্ৰতহে স্বীকাৰ কৰা হৈছে। দ্বিতীয় উদাহৰণটোত বুদ্ধিমান’ বিধেয় পদটোক কিছুমান ‘ছাত্ৰৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে। গতিকে উভয়ে বিশেষ বচন। 

    যদি বচনৰ উদ্দেশ্যটো অনির্দিষ্ট হয় তেতিয়া ই বিশেষ বচন হয়। কোনাে কোনাে মানুহ সৎ ইয়াত উদ্দেশ্যটো অনির্দিষ্ট; গতিকে ই বিশেষ বচন। সাধাৰণতে সকলাে, যিকোনাে, সমগ্র, প্রত্যেক আদি শব্দবােৰ যদি বচনৰ উদ্দেশ্যৰ লগত যুক্ত হৈ থাকে তেতিয়া তেনে বচনক সার্বিক সদর্থক রচনৰ অন্তর্ভুক্ত কৰা হয়। সার্বিক নঞর্থক বুজাবলৈ ‘কোনাে শব্দ ব্যৱহাৰ কৰা হয়। অৱশ্যে সকলাে’ শব্দটো নঞর্থক বচনত যদি ব্যৱহাৰ কৰাে তেতিয়া ই বিশেষ বচন হয়। যেনে-সকলাে মানুহ বুধিয়ক নহয়। এই বচনটোৱে আচলতে কিছুমান। মানুহ যে বুধিয়ক নহয় তাৰ অৰ্থহে প্রকাশ কৰিছে। 

    বচনত বিধেয় পদ উদ্দেশ্য পদৰ সমগ্র বাচ্যার্থৰ ক্ষেত্ৰত যদি প্রয়ােগ কৰা হয় তেতিয়া বচনটো সার্বিক বা সামান্য আৰু কিছুমান বা আংশিক বাচ্যার্থৰ ক্ষেত্ৰত প্ৰয়ােগ কৰিলে বচনটো বিশেষ বচন হ’ব। 

তর্কবিজ্ঞানত 'কিছুমান’ শব্দৰ অৰ্থ (The meaning of the word 'Some' in logic)ঃ 

    তর্কবিজ্ঞানত ‘কিছুমান’ শব্দৰ অৰ্থ গুৰুত্বপূর্ণ। আমি যি অর্থত ‘কিছুমান’ শব্দটো ব্যৱহাৰ কৰাে তর্কবিজ্ঞানত কিন্তু ইয়াৰ প্রয়ােগ বেলেগে। কিছুমান বুলি ক'লে সাধাৰণতে আমি কোনাে ধৰণৰ বস্তুৰ এটা সৰু অংশক বুজো। কিন্তু তর্কবিজ্ঞানত এই ‘কিছুমান’ শব্দটোৱে এটা অনির্দিষ্ট পৰিমাণক বুজায়। এটা শ্ৰেণীত থকা 50 জন ছাত্ৰৰ ভিতৰত যদি 49 জন ছাত্রই বুদ্ধিমান হয় তেতিয়া ‘কিছুমান’ শব্দটো ব্যৱহৃত হ'ব আৰু যদি 50 জন ছাত্ৰৰ মাত্র এজনাে বুদ্ধিমান হয় তেতিয়াও 'কিছুমান’ শব্দটোৱেই ব্যৱহৃত হব। 

    ঠিক তেনেদৰে, এটা ফুটবল দলত থকা 11 জন খেলুৱৈৰ ভিতৰত যদি 10 জন পাৰ্গত হয় তেতিয়াও 'কিছুমান’ শব্দটো ব্যৱহাৰ কৰা হয়। আৰু যদি 11 জনৰ মাত্ৰ এজনাে পাৰ্গত হয় তেতিয়াও তর্কবিজ্ঞানত ‘কিছুমান’ শব্দটোৱেই ব্যৱহাৰ কৰা হয়। 

    সাধাৰণ অৰ্থত কোনাে এটা শ্ৰেণীৰ কিছুমানৰ ক্ষেত্ৰত কোনাে উক্তি প্রকাশ কৰিলে বুজা যায়। যে শ্ৰেণীটোৰ আনবিলাকৰ ক্ষেত্ৰত ইয়াৰ বিপৰীতটো সত্য হয়। সাধাৰণতে, আমি কিছুমান মানুহ সাধু বুলি ক'লে আন মানুহ বিলাক যে সাধু নহয়, অসাধু হয় তাকহে বুজো। কিন্তু তর্কবিজ্ঞানত এইটো নুবুজায়। তর্কবিজ্ঞানত কিছুমান মানুহ সাধু বুলি ক’লে আন মানুহ বিলাক অসাধু হয় নে নহয় সেই সম্পর্কে একো নুবুজায়। 'কিছুমান' বুলিলে সাধাৰণ অৰ্থত, কেৱল কিছুমানকে বুজা যায়। তর্কবিজ্ঞানত কিন্তু কিছুমান’ শব্দটোৱে অন্তত 'কিছুমান বা 'অতি কমেও' 'কিছুমান'ক সূচায়। 'কিছুমান' শব্দৰ প্ৰয়োগ 'সকলো' বা 'সমগ্ৰ'ৰ প্ৰশ্ৱটো মুকলি কৰি ৰাখে।

সম্বন্ধ অনুসৰি (According To Relation)ঃ

    সম্বন্ধ অনুসৰি বচনক প্ৰধানত দুটা ভাগত ভগোৱা হৈছে- (i) নিৰোপক্ষ বচন আৰু (ii) সাপেক্ষ বচন।

(i) নিৰপেক্ষ বচনঃ যি বচনৰ উদ্দেশিয আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ নকৰে, তেনেকুৱা বচনক নিৰপেক্ষ বচন বোলে। অৰ্থাৎনিৰপেক্ষ বচনৰ পদ দুটাৰ মাজৰ সম্বন্ধ চৰ্ত সাপে্ক্ষে নহয়। উদাহৰণ স্বৰূপে 'লতা মংগেছকাৰ হয় এগৰাকী সুগায়িকা', 'গোৱা হয় এখন পৰ্যটকৰ ঠাই', 'কিছুমান ফুল নহয় ৰঙা' ইত্যাদি়। উপৰোক্ত উদাহৰণ কেইটাত লদেখা গৈছে যে বচন কেইটাত থকা উদ্দেশ্য পদ সম্পৰ্কে চৰ্তহীনভাৱে স্বীকাৰ বা অস্বীকাৰ কৰা হৈছে। গতিকে আটাইকেইটা নিৰপেক্ষ বচন।

(ii) সাপেক্ষ বচনঃ যি বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ কৰে তেনেকুৱা বচনক সাপেক্ষ বচন বোলে। অৰ্থাৎ সাপেক্ষ বচনৰ পদ দুটাৰ মাজৰ সম্বন্ধটো চৰ্তৰ ওপৰত নিৰ্ভৰশীল হয়। ই চৰ্তসাপেক্ষ বচন। উদাহৰণ স্বৰূপে- 'যদি মানুহজন দয়ালু হয় নিশ্চয় ইয়ালৈ আহিব আহিব'। 'হয় তেওঁ আমিষভোজী নহয় নিৰামিষভোজী'।
    
    দুয়োটা উদাহৰণতে দেখা গৈছে যে উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ চৰ্তৰ ওপৰত নিৰ্ভৰ কৰিছে। পিছৰ অংশৰ সত্যতাৰ ওপৰত নিৰ্ভৰ কৰিছে।

    সাপেক্ষ বচনক আকৌ দুভাগত ভগোৱা হৈছে- (a) সকল্পক বচন আৰু (b) বিকল্পক বচন।

(a) সকল্পক বচন (Hypothetical Proposition)ঃ

    যি সাপেক্ষ ব৭চনত চৰ্তটো 'যদি' বা ইয়াৰ সমাৰ্থক (এক অৰ্থৰ) কোনো শব্দৰ দ্বূাৰা উল্লেখিত হয়, তেনেকুৱা বচনক সকল্পক বচন বোলে। সকল্পক বচনত দুটা এংশ থাকে। প্ৰথম অংশটোক পূৰ্ৱবৰ্তী (Antecedent) আৰু পিছৰ অংশটোক পৰৱৰ্তী বা অনুৱৰ্তী (Consequent) অংশ বোলে। যদিও পৰৱৰ্তী অংশটোত মূল বক্তব্যটো থাকে, চৰ্তটোৰ উল্লেখ কিন্তু আগৰ অংশটোতহে থকা দেখিবলৈ পােৱা যায়। উদাহৰণ স্বৰূপে ‘যদি মা আহে মই বজাৰলৈ যাম’, ‘যদি ল’ৰাজন পঢ়া শুনাত ভাল হয় তেন্তে সি নিশ্চয় পাছ কৰিব। এই বচন দুটাত চর্তকেইটাৰ স্পষ্ট উল্লেখ আছে। যিটো অংশত চৰ্তটোৰ উল্লেখ থাকে সেই অংশটো পূর্বৱর্তী আৰু যিটো অংশত মূল বক্তব্যটো থাকে সেই অংশটো পৰৱর্তী বা অনুৱর্তী। সেয়েহে, ‘যদি মা আহে’ বচনত এই অংশটো পূর্বৱর্তী আৰু ‘মই বজাৰলৈ যাম’ এই অংশটো পৰৱর্তী বা অনুৱর্তী। 

    সকল্পক বচনত চৰ্তটো সদায় বচনটোৰ প্ৰথম অংশটোত থাকিব লাগে। আৰু মূল বক্তব্যটোৰ পিছৰ অংশটোত থাকিব লাগে। ধৰি লােৱা হওক, ‘সি পাছ কৰিব যদি ল'ৰাজন পঢ়া-শুনাত ভাল হয় এই বচনটো তর্কবিজ্ঞানসন্মত হােৱা নাই। কিয়নাে সকল্পক বচনৰ নিয়মানুসৰি চৰ্তটো আগত আৰু বক্তব্যটো পিছত থাকিব লাগে। কিন্তু উপৰােক্ত বচনটোত মূল বক্তব্যটো আগত আৰু চৰ্তটো পিছত থকাহে দেখা গৈছে । তর্কবিজ্ঞানসন্মতভাৱে প্ৰকাশ কৰিলে এনে হ’ব— ‘যদি ল'ৰাজন পঢ়া-শুনাত ভাল হয় তেন্তে সি পাছ কৰিব। 

(b) বিকল্পক বচন (Disjunctive proposition)ঃ 

    যি সাপেক্ষ বচনত চৰ্তটো স্পষ্টভাৱে উল্লেখ কৰা নহয়, কিন্তু হয়-নহয়’, নাইবা আদি শব্দ প্রয়ােগ কৰিলে বচনটোত বিকল্প চর্তকেইটাৰ কোনাে এটা নিহিত থকাৰ ইংগিত পােৱা যায়, তেনেকুৱা বচনক বিকল্পক বচন বােলে। বিকল্পক বচনৰাে দুটা অংশ থাকে। তাৰে যদি এটা সত্য হয় আনটো সত্য হ’ব নােৱাৰে। উদাহৰণ স্বৰূপে- 'হয় মানুহজন এজন সবজান নহয় এজন ঠগ'। 

    এই বিকল্পক বচনটোত দেখা গৈছে যে চৰ্তটো স্পষ্টভাৱে উল্লেখ কৰা হােৱা নাই। কোনটো সত্য কোনটো অসত্য সেইটো ভালদৰে প্ৰকাশ কৰা নাই। যদি মানুহজন সঁচাকৈয়ে এজন সবজান হয় তেন্তে ঠগ হ’ব নােৱাৰে; আৰু যদি ঠগ হয় তেন্তে সবজান হ’ব নােৱাৰে। গতিকে বিকল্পক বচনৰ অংশ দুটাৰ এটাৰ সত্যতা আনটোৰ ওপৰত নিৰ্ভৰ কৰে।

সকল্পক বচনৰ গুণ নিৰ্ণয়ঃ


    সকল্পক বচনৰ দুটা অংশ থাকে। এটা পূর্বৱর্তী আৰু আনটো পৰৱর্তী। পৰৱৰ্তী অংশই সদায় পূর্বৱর্তী অংশৰ ওপৰত নিৰ্ভৰ কৰে। যিহেতু পৰৱৰ্তী অংশত মূল বক্তব্যটো থাকে সেয়েহে পৰৱর্তী অংশৰ গুণেই সেই সকল্পক বচনটোৰ গুণ হ’ব। উদাহৰণ স্বৰূপে, যদি তুমি মনােযােগেৰে পঢ়া তেন্তে পৰীক্ষাত প্রথম স্থান পাবা’। এই সকল্পক বচনটোত দেখা গৈছে যে পৰীক্ষাত প্রথম স্থান পাবা’ এই মূল বক্তব্যটো সদর্থক। সেয়েহে বচনটোও সদর্থক। আকৌ যদি তুমি আহা তেন্তে মই নাযাওঁ, এই সকল্পক বচনটোত ‘তেন্তে মই নাযাওঁ এই পৰৱৰ্তী অংশটো যিহেতু নঞর্থক, বচনটোও নঞর্থকেই হ’ব। গতিকে সকল্পক বচনৰ পৰৱর্তী অংশ সদর্থক হ'লে বচনটো সকল্পক সদর্থক বচন আৰু নঞর্থক হ'লে বচনটো সকল্পক নঞর্থক বচন হ'ব। 

সকল্পক বচনৰ পৰিমাণ নির্ণয়ঃ 

    সকল্পক বচনৰ পৰিমাণ সাধাৰণতে বচনটোৰ পূর্বৱর্তী অংশৰ ওপৰত নিৰ্ভৰশীল। অর্থাৎ সকল্পক বচনটো সামান্য হ’ব নে বিশেষ হ’ব সেইটো নিৰ্ভৰ কৰে একমাত্ৰ বচনটোৰ পূৰ্বৱর্তী অংশটো সামান্য নে বিশেষ তাৰ ওপৰতহে। যদি সকল্পক বচনৰ পৰৱৰ্তী অংশই সকলাে ক্ষেত্ৰতে পূর্বৱর্তী অংশ অনুসৰণ কৰে তেনেহ'লে সকল্পক বচনটো সামান্য আৰু যদি কিছুমান ক্ষেত্ৰত বা অতি কমেও এটাৰ ক্ষেত্ৰত অনুসৰণ কৰে তেনেহ'লে সকল্পক বচনটো বিশেষ হ'ব। 

    উদাহৰণ স্বৰূপে- 'যদি সকলাে মানুহ হয় জ্ঞানী তেন্তে হৰিও হ’ব জ্ঞানী’, যদি কিছুমান ছাত্রই পৰীক্ষাত ভাল নম্বৰ পায় তেন্তে শ্ৰেণীটোৰ সুনাম হ'ব। উদাহৰণ দুটাৰ প্ৰথমটো সামান্য সকল্পক বচন আৰু দ্বিতীয়টো বিশেষ সকল্পক বচন। 

বিকল্পক বচনৰ গুণ আৰু পৰিমাণ নির্ণয়ঃ 

    বিকল্পক বচন কেতিয়াও নঞর্থক হ'ব নােৱাৰে। ই সদায় সদর্থক। বিকল্পক মানে দুটাৰ এটা হােৱা। যিহেতু বিকল্পক বচনৰ কোনাে নঞর্থক ৰূপ নাই সেয়েহে এনে বচনত গুণৰ পার্থক্য স্বীকাৰ কৰা নহয়। পৰিমাণৰ দিশৰ পৰা বিকল্পক বচন সামান্য বা বিশেষ হ'ব পাৰে। সকলাে’, ‘সমগ্র আদি শব্দৰে যদি বিকল্পক বচনটো আৰম্ভ হয় তেতিয়া ই সামান্য বচন হ’ব আৰু যদি কোনাে কোনাে, ‘কিছুমান’ আদি শব্দৰে বিকল্পক বচনটো আৰম্ভ হয় তেন্তে ই বিশেষ বচন হ'ব। 

উদাহৰণ স্বৰূপে- 

    ‘সকলাে মানুহ হয় মৰণশীল নহয় অমৰ’ বচনটো বিকল্পক সামান্য বচন। 

    ‘কিছুমান মানুহ হয় জ্ঞানী নহয় অজ্ঞানী’ বচনটো বিকল্পক বিশেষ বচন। 

    নিশ্চয়তা অনুসৰি (According to modality)ঃ নিশ্চয়তা অনুসৰি বচনক তিনি ভাগত ভগােৱা হৈছে— (i) অনিবার্য (Necessary), (ii) বিৱৰণাত্মক (Assertory) আৰু (iii) সম্ভাৱ (Problematic) 

(1) অনিবাৰ্য (Necessary Proposition)ঃ যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ নিশ্চিতভাৱে জোৰ দি বুজোৱা হয়, তেনেকুৱা বচনক অনিবার্য বচন বােলে। উদাহৰণ স্বৰূপে চতুর্ভুজৰ চাৰিটা কোণৰ সমষ্টি চাৰি সমকোণৰ সমান (360°)', ‘পাঁচে পাঁচে মিলি দহ হ’বই’ ইত্যাদি। 

    এনেধৰণৰ বচনকেইটাত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ নিশ্চিতভাৱে জোৰ দি বুজোৱা হৈছে; গতিকে এইবিলাক অনিবার্য বচন। 

(ii) বিৱৰণাত্মক বচন (Assertory Proposition)ঃ 

    যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ অভিজ্ঞতাৰ ওপৰত প্রতিষ্ঠিত হয়, তেনেকুৱা বচনক বিৱৰণাত্মক বচন বােলে। 

    উদাহৰণ স্বৰূপে- ‘কাউৰী হয় ক'লা', ৰাজহাঁহ হয় বগা ইত্যাদি। 

    বিৱৰণাত্মক বচন অনিবার্যভাৱে সত্য, হ'ব নােৱাৰে। যিহেতু এনে বচনৰ সত্যতা আমাৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে সেয়েহে কেতিয়াবা যদি ইয়াৰ ব্যতিক্রম এটা মাত্র বগা কাউৰী বা এটা ক'লা ৰাজহাঁহ দেখা যায় তেতিয়া গােটেই বচনটোৱেই অসত্য হৈ যাব। 

(iii) সম্ভাব্য বচন ( Problematic Proposition)ঃ 

    যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধটো মাত্র সম্ভৱনামূলক, অর্থাৎ হ’বও পাৰে নহ'বও পাৰে, তেনেকুৱা বচনক সম্ভাৱ্য বচন বােলে। 

    উদাহৰণ স্বৰূপে- 

    ‘ল’ৰাজন বদমাচ হ'ব পাৰে' 

    'ৰামানুজে পৰীক্ষাত প্রথম স্থান পাব পাৰে' ইত্যাদি।

    যিহেতু এনেধৰণৰ বচনত নিশ্চয়তাৰ মাত্ৰা অতিকম, সেয়েহে ইয়াৰ বিপৰীতটোও সম্ভৱ হ'ব পাৰে।

Type Himanku Bora