স্মৃতি, মনোযোগ আৰু আগ্ৰহ

প্ৰশ্নাৱলী

১। স্মৃতিৰ সংজ্ঞা দিয়া। 

Define memory?

উত্তৰঃ মনোবিজ্ঞানী ৰ'চৰ (Ross) মতে '' স্মৃতি হৈছে এক নতুন অভিজ্ঞতা যি পূৰ্ব অভিজ্ঞতাৰ প্ৰবণতাৰদ্বাৰা নিৰ্ধাৰিতহয , দুযোটাৰে সম্বন্ধ স্পস্টভাৱে অনুমান কৰিব পাৰি । ( A memory is a new experience determined by the dispositions laid down by a previous experience, the relation between the to being clearly apprehended).

২। স্মৃতি কাক বোলে। স্মৃতি নিৰ্ভৰ কৰা উপাদানবোৰ আলোচনা কৰা।

What do you mean by memory? Discuss the factors of memory.

উত্তৰঃ অভিজ্ঞতাবোৰৰ প্ৰতিৰূপ আমাৰ চেতন মনৰ পৰা অবচেতন মনত ঠাই লয়। প্রয়োজন সাপেক্ষে অভিজ্ঞতাৰ এই প্ৰতিৰূপসমূহ আমি চেতন মনলৈ লৈ আনিব পাৰো। পূর্ব অভিজ্ঞতাক অবচেতন বা নিজ্ঞান মনৰ পৰা চেতন বা সজ্ঞান মনলৈ পুনৰ উদ্ৰেক কৰা এই প্ৰক্ৰিয়াটোকেই স্মৃতি বোলা হয়।
    
    স্মৃতিৰ উপাদানবোৰ  তলত আলোচনা কৰা হ'ল -

ক। শিক্ষণ (Learning) 

খ।  সংৰক্ষণ ( Retention)

গ।  পুনঃ স্মৰণ (Recall)

ঘ।  পৰ্ৰত্য়ভিজ্ঞা (Recognition)

৩। স্মৃতি প্ৰখৰতাৰ বৈশিষ্ট্যবোৰ কি কি? স্মৃতি শক্তিৰ উন্নতি কেনেকৈ কৰিব পাৰি ব্যাখ্যা কৰা।

What are the characteristics of memory? How can be improved memory? Explain.

উত্তৰঃ ১। সহজ আৰু দ্ৰুত শিক্ষা গ্রহণ (Ease and Rapidity of Learning) : স্মৃতিৰ কেতবোৰ লক্ষণ তলত দিয়া ধৰণৰ উচ্চ স্মৃতি সম্পন্নলোকে শিক্ষণীয় বিষয় সহজে আৰু কম সময়ৰ ভিতৰত আয়ত্ব কৰিব পাৰে৷ দুর্বল স্মৃতিৰ লোকৰ শিক্ষা গ্রহণ কার্যত অধিক সময়ৰ প্ৰয়োজন হয় আৰু কষ্ট কৰিবলগীয়া হয়।

২। সংৰক্ষণৰ দীৰ্ঘস্থায়িত্ব (Permanence Retention) : আমি সহজতে শিকা কথা সহজতে পাহৰিও যাও (Easy learning is easy forgetting)। অভিজ্ঞতাৰ দৃঢ় সংৰক্ষণ উচ্চ স্মৃতি সম্পন্নলোকৰ এটা লক্ষণ। উচ্চ বা প্ৰখৰ স্মৃতিসম্পন্নলোকে বিষয়বস্তু সহজে আয়ত্ব কৰাৰ লগতে দীর্ঘকাল সংৰক্ষণ কৰি ৰাখিব পাৰে। দুৰ্বল স্মৃতিৰলোকৰ বাবে এই কাৰ্য সম্ভৱ নহয়।

 ৩। দ্ৰুত আৰু যথাৰ্থ পুনৰাভিব্যক্তি (Prompt and Accurate Reproduction) : সংৰক্ষণ কৰি ৰখা অভিজ্ঞতাৰ প্ৰতিৰূপ প্ৰয়োজন সাপেক্ষে দ্রুতভাবে মনলৈ ঘূৰাই আনিব পৰাটো স্মৃতি প্ৰখৰতাৰ লক্ষণ। এনে লোকে পূর্ব অভিজ্ঞতাক সম্পূর্ণ অক্ষতভাবে যথাৰ্থ ৰূপত পুনৰুত্থাপন কৰিব পাৰে।

 ৪। ক্রিয়া উপযোগীতা (Serviceability) : কোনো কোনো সময়ত দেখা যায় যে সংৰক্ষিত অভিজ্ঞতা প্রয়োজনৰ মূহুৰ্ত্তত চেতন মনলৈ পুনৰ উদ্ধাৰ কৰি অনাত আমি ব্যর্থ হওঁ। কিন্তু প্ৰখৰ স্মৃতি সম্পন্নলোকে অচেতন মনত সংৰক্ষিত হৈ থকা অভিজ্ঞতাসমূহৰ পৰা প্ৰয়োজনীয় অংশ দ্রুতভাবে চিনাক্ত কৰি সঠিক সময়ত সঠিকভাবে প্ৰয়োগ কৰিব পাৰে। 

৪। ভাল বা উত্তম স্মৃতিৰ লক্ষণসমূহ বৰ্ণনা কৰা।

State the good qualities of memory.

উত্তৰঃ  কবিষয়বস্ত কম সময়ৰ ভিতৰত সহজে আয়ত্ব কৰিব পৰাটো ভাল স্মৃতিৰ লক্ষণ। 
     খ। ভাল স্মৃতিৰ লোকে স্মৰণৰ বিষয়বস্ত অধিক সময়ত মনত ধৰি ৰাখিব পাৰে । 

৫। স্মৃতি প্ৰসাৰ বুলিলে কি বুজা?

উত্তৰঃ কোনো কোনো মনোবিজ্ঞানীৰ মতে এজন ব্যক্তিয়ে একে সময়তে একাধিক বস্তুৰ প্ৰতি মনোযোগ দিব পাৰে। একে সময়তে তেওঁ যিমান বস্তুৰ প্ৰতি মনোযোগ দিব পাৰে সেই সংখ্যাই তেওঁৰ মনোযোগৰ প্ৰসাৰ বুলিব পাৰি।

৬। স্মৃতিৰ বিভিন্ন প্ৰকাৰৰ বৰ্ণনা কৰা।

Explain the types of memory.

উত্তৰঃ ১। অভ্যাস স্মৃতি (Habit Memory) : দৈহিক ক্রিয়া সঞ্চালনৰ যোগেদি আমি যি স্মৃতি লাভ কৰো তাকেই অভ্যাস স্মৃতি বোলে। দেহিকভাবে কৰা ক্ৰিয়াৰ পুনৰাবৃত্তিৰ ফলস্বৰূপে মনত এক স্মৃতি চাপৰ সৃষ্টি হয়। ইয়াত ব্যক্তিৰ বুদ্ধি, চিন্তা, যুক্তি আদি মানসিক ক্ষমতাসমূহৰ প্ৰয়োজন নহয়। ব্যক্তিয়ে সম্পূর্ণ যান্ত্রিকভাবে শিক্ষা আহৰণ কৰি কোনো বিষয়ৰ স্মৃতি লাভ কৰিব পাৰে। যেনে-টাইপ মৰা, চাইকেল চলোৱা আদি কাৰ্যৰ স্মৃতি যান্ত্ৰিকভাবে কৰা দৈহিক সঞ্চালন ক্ৰিয়াৰ যোগেদি সম্ভৱ হয়। সময়ৰ ব্যৱধানৰ ওপৰত ভিত্তি কৰি অভ্যাস স্মৃতিক আকৌ দুভাগত ভাগ কৰা হৈছে। তৎকালিন স্মৃতি আৰু দীৰ্ঘকালীন স্মৃতি। 
 (ক) তৎকালীন স্মৃতি (Immediate Memory) : অভিজ্ঞতা আহৰণ, সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ মাজত সময়ৰ ব্যৱধান নাথাকিলে তেনে অভিজ্ঞতাক তৎকালিন স্মৃতি বোলে। ই সম্পূর্ণ উদ্দেশ্য
প্রণোদিত। উদাহৰণস্বৰূপে ছাত্র-ছাত্রীয়ে শ্রুতলিপি লিখিবৰ বেলিকা এই স্মৃতি প্রয়োগ কৰে। প্রাপ্ত অভিজ্ঞতা প্ৰয়োগ কৰাৰ বাবে প্ৰয়োজন হোৱা সময়খিনিৰ বাবেহে মনত ৰখা হয়। প্রয়োজন শেষ হোৱাৰ লগে লগে ই মনৰ পৰা আঁতৰি যায়।
 (খ) দীর্ঘকালীন স্মৃতি (Prolonged Memory) : শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ সংৰক্ষণ আৰু পুনঃস্মৰণৰ ক্ষেত্ৰত অধিক সময়ৰ ব্যৱধনে থাকিলে তাক দীর্ঘকালীন স্মৃতি বোলে। সময়ৰ অধিক ব্যৱধান প্ৰতিৰূপৰ চাপ দুৰ্বল কৰি তোলে যদিও মনোবিদসকলে মতপোষণ কৰে যে এনে ক্ষেত্ৰত অৰ্থাৎ সময়ৰ ব্যৱধানে অভিজ্ঞতা পুনগঠনত সহাঁয়হে কৰে। নতুন নতুন অভিজ্ঞতাই ব্যক্তিৰ পুৰণি অভিজ্ঞতা অধিক সমৃদ্ধ আৰু অৰ্থপূৰ্ণ কৰি তোলে। 

 ২। প্ৰতিৰূপ স্মৃতি (Image Memory) : পূৰ্বৰ অভিজ্ঞতা প্ৰতিৰূপৰ সহায়ত চেতন মনলৈ পুনৰুদ্ধাৰ কৰি অনা কাৰ্যকেই প্ৰতিৰূপ স্মৃতি বোলা হয়। দৈহিক সঞ্চালনমূলক ক্ৰিয়াৰ পৰিবৰ্তে ব্যক্তিৰ সুস্থ মানসিক সংগঠন, বুদ্ধি, প্ৰতিৰূপ সংৰক্ষণ ক্ষমতা, স্মৰণ শক্তি আদিৰ প্ৰতিৰূপ স্মৃতিৰ বাবে প্ৰয়োজন হয়। এইসমূহৰ সহায়তেই শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ যথাৰ্থ ৰূপত সংৰক্ষণ কৰি ৰাখি প্ৰয়োজন সাপেক্ষে পুনৰুদ্ধাৰ কৰাটো সম্ভৱ হৈ উঠে। এনেবোৰ বৈশিষ্ট্যৰ বাবে মনোবিদ বার্গচনে ইয়াক প্রকৃত স্মৃতি (true memory) বুলি অভিহিত কৰিছে।

 ৩। মুখস্থ স্মৃতি (Rote Memory) : দৈহিক আৰু যান্ত্ৰিকভাবে কৰা পুনৰাবৃত্তিৰ ফলত যি স্মৃতি লাভ হয় তাকে মুখস্থ স্মৃতি বা যান্ত্রিক স্মৃতি বোলা হয়। ইয়াত শিক্ষণীয় বিষয়ৰ কোনো অৰ্থ নুবুজাকৈয়ে সম্পূর্ণ যান্ত্রিকভাবে এই কার্য সম্পাদন কৰা হয়। মানসিক ক্ষমতাসমূহৰ প্ৰয়োগ নকৰাকৈ বাৰে বাৰে কৰা দৈহিক সঞ্চালন ক্ৰিয়াৰ যোগেদি এই স্মৃতি লাভ কৰা হয়। পুনৰাবৃত্তিৰ অভাৱত এনে স্মৃতিৰ বিলোপ ঘটে। ব্যক্তিৰ নাম ঠিকনা, গৃহ, গাড়ী, টেলিফোন আদিৰ নম্বৰ মনত ৰখা যান্ত্ৰিক স্মৃতিৰ উদাহৰণ। ই ক্ষণস্থায়ী হয়। 

 ৪। যুক্তিসংগত স্মৃতি (Logical Memory) : চিন্তা, যুক্তি, বিচাৰ-বুদ্ধি আদি মানসিক শক্তিসমূহৰ প্ৰয়োগৰদ্বাৰা যি স্মৃতি লাভ কৰা হয় তাক যুক্তিসংগত স্মৃতি বা বিচাৰমূলক স্মৃতি বোলা হয়। ইয়াত শিক্ষণীয় বিষয়ৰ অভিজ্ঞতা যুক্তিযুক্তভাবে বিচাৰ কৰি আয়ত্ব কৰা হয়। ব্যক্তিৰ মানসিক ক্ষমতাৰ ওপৰত এই স্মৃতি নিৰ্ভৰ কৰে। মানসিক শক্তিৰ প্রয়োগে অভিজ্ঞতাৰ প্ৰতিৰূপ স্পষ্টকৈ সংৰক্ষণ কৰাত সহায় কৰে। এই স্মৃতি দীর্ঘস্থায়ী হয়। 

৭। বিস্মৃতি কি? বিস্মৃতিৰ কাৰণসমূহ ব্যাখ্যা কৰা।

What is forgetting? Explain the causes of forgetting?

উত্তৰঃ  বিস্মৃতি হৈছে স্মৃতিৰ বিপৰীত অর্থ। মনোবৈজ্ঞানিকসকলৰ মতে কেতিয়াবা স্মৃতি ৰক্ষাৰ বাবেই যুক্তিসংগত বিস্মৃতিৰ প্ৰয়োজন হয়। শিক্ষণ অভিজ্ঞতাক, সচেতন মনত পুনৰুদ্ৰেক কৰা কাৰ্যত দেখা দিয়া ব্যৰ্থতাই হৈছে বিস্মৃতি।

 ১। মস্তিস্কৰ আঘাট (Brain Injury) : মস্তিস্কৰ যি অংশই স্মৃতি সম্পৰ্কীয় কার্য সম্পাদিত কৰে সেই অংশ কোনো  কাৰণত আঘাট প্রাপ্ত হ'লে স্মৃতি স্থায়ী বা অস্থায়ীভাবে বিলোপ হব পাৰে।
২। অৱসাদ বা ক্লান্তি (Fatigue) : অত্যাধিক দৈহিকআৰুমানসিকশ্ৰমে দেহ-মনতএকঅৱসাদআনে। এনেঅৱস্থাত দেহৰপেশীআৰুস্নায়ুসমূহৰ কাৰ্যক্ষমতা দুৰ্বল হৈ পৰে আৰু প্ৰতিৰূপ সংৰক্ষণ ক্ষমতা হ্ৰাস পায়। ফলত বিস্মৃতি বাঢ়ে।
  
৩।মাদক দ্রব্য সেৱন (Drug addiction) : মাদক দ্ৰব্য সেৱনৰ ফলত ব্যক্তিৰ স্নায়ুতন্ত্ৰ দুৰ্বল হৈ পৰে। ফলত প্ৰতিৰূপ সংৰক্ষণৰ ক্ষমতা দুর্বল হৈ পৰে আৰু স্মৃতি বিলোপ হয়। ৪। বার্ধক্য (Old age) : দৈহিক আৰু স্নায়বিক দুৰ্বলতাৰ বাবে বৃদ্ধাৱস্থাত ব্যক্তিৰ প্ৰতিৰূপ সংৰক্ষণ ক্ষমতা দুৰ্বল হৈ পৰে যাৰ ফলত স্মৃতি ৰক্ষাত অসমৰ্থ হয়। ৫। চৰ্চাৰ অভাৱ (Lack of Exercise) : শিক্ষণীয় বিষয় বস্তুৰ প্ৰতিৰূপ স্পষ্টভাবে সংৰক্ষণ কৰিবলৈ হ'লে পুনৰাবৃত্তিৰ বা চৰ্চাৰ প্ৰয়োজন হয়। ইয়াৰ অভাৱ হ'লে শিক্ষণ অভিজ্ঞতা বিস্মৃত হয়। ৬। পশ্চাদমুখী প্ৰতিৰোধ (Retro-active inhibition) : যদি কোনো দুটা বিষয়ৰ অধ্যয়ন অলপো সময়ৰ ব্যৱধান নৰখাকৈ কৰা হয় তেন্তে প্রথম বিষয় স্মৃতি ৰক্ষাত দ্বিতীয়টো বিষয়ে বাধা প্ৰদান কৰে। ইয়াকে পশ্চাদমুখী প্ৰতিৰোধ বোলে। ই এটা মানসিক প্ৰতিৰোধ কাৰ্য।

৮। চমুকৈ লিখা (Write shortly)ঃ 

(ক) পুনঃস্মৰণ (Retention) 

উত্তৰঃ স্মৃতি ক্ৰিয়াৰ তৃতীয়টো পৰ্যায় হৈছে পুনঃস্মৰণ। পূর্ব অভিজ্ঞতাৰ প্ৰতিৰূপ অবচেতন মনৰ পৰা চেতন মনলৈ পুনৰুদ্ধাৰ কৰি অনা কাৰ্যই হৈছে পুনঃস্মৰণ। ই এক সক্ৰিয় মানসিক প্রচেষ্টা। পুনঃস্মৰণৰ যোগে আমি পূৰ্বতে লাভ কৰা অভিজ্ঞতা উদ্দিপকৰ অবৰ্তমানতো সচেতন অৱস্থালৈ লৈ আনিব পাৰো। মনোবিদ উদৱৰ্থে পুনঃস্মৰণৰ সংজ্ঞা দি কয়যে ‘পুনৰুদ্ৰেক হ'ল বৰ্তমানত নথকা কোনো বিষয়ৰ স্মৰণ।” (Recall is remembering something that is not present) সকলো ধৰণৰ শিক্ষণ অভিজ্ঞতাৰ হুবহু প্ৰতিৰূপ সংৰক্ষণ কৰিব পৰা নাযায়। তাৰ কিছু অংশ পাহৰণিৰ গৰ্ভত লীন যায়। শিক্ষাৰ্থীৰ পূর্ব অভিজ্ঞতাৰ চাপ যিমানে স্পষ্ট আৰু গভীৰ হয় সিমানে পুনঃস্মৰণ সহজ হয়। পূর্ব অভিজ্ঞতাক অপৰিবৰ্ত্তিত অৱস্থাত চেতন মনত উত্থাপিত কৰা কাৰ্যই হৈছে পুনঃস্মৰণ।

(খ) প্ৰত্যাভিজ্ঞা (Recognition)

উত্তৰঃ অতীত অভিজ্ঞতাৰ সহায়ত উদ্দিপকৰ বৰ্ত্তমানত বিষয়বস্তুৰ চিনাক্তকৰণ কাৰ্যকেই প্রত্যভিজ্ঞা বোলা হয়। ই পুনঃ স্মৰণতকৈ আপেক্ষিকভাবে সহজ। ইয়াত ইন্দ্ৰিয়গ্রাহ্য বিষয়বস্তু পূর্ব অভিজ্ঞতাৰ সহাঁয়ত চিনাক্তহে কৰিব লাগে। ব্যক্তিৰ অভিজ্ঞতাৰ প্ৰতিৰূপ সংৰক্ষণ ক্ষমতাৰ ওপৰত ই নিৰ্ভৰ নকৰে। মনোবিদসকলে চলোৱা পৰীক্ষাৰ পৰা দেখা গৈছে যে যিকোনো মানুহৰে স্মৰণতকৈ প্ৰত্যভিজ্ঞা শক্তি বেছি। প্রত্যভিজ্ঞা হৈছে অতীত অভিজ্ঞতাৰ সহায়ত বৰ্ত্তমান বিষয়বস্তুৰ বিশ্লেষণ, চিনাক্তকৰণ আৰু পৃথকীকৰণ কৰা কাৰ্য। ইয়াত শক্তিশালী মানসিক সংগঠনৰ প্ৰয়োজন নহয়। 

(গ) প্ৰতিৰূপ (Image) 

উত্তৰঃ পূৰ্বৰ অভিজ্ঞতা প্ৰতিৰূপৰ সহায়ত চেতন মনলৈ পুনৰুদ্ধাৰ কৰি অনা কার্যকেই প্ৰতিৰূপ স্মৃতি বোলা হয়। দৈহিক সঞ্চালনমূলক ক্ৰিয়াৰ পৰিবৰ্তে ব্যক্তিৰ সুস্থ মানসিক সংগঠন, বুদ্ধি, প্ৰতিৰূপ সংৰক্ষণ ক্ষমতা, স্মৰণ শক্তি আদিৰ প্ৰতিৰূপ স্মৃতিৰ বাবে প্ৰয়োজন হয়। এইসমূহৰ সহায়তেই শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ যথাৰ্থ ৰূপত সংৰক্ষণ কৰি ৰাখি প্ৰয়োজন সাপেক্ষে পুনৰুদ্ধাৰ কৰাটো সম্ভৱ হৈ উঠে। এনেবোৰ বৈশিষ্ট্যৰ বাবে মনোবিদ বার্গচনে ইয়াক প্রকৃত স্মৃতি (true memory) বুলি অভিহিত কৰিছে।

(ঘ) অৱদমন (Repression)। 

উত্তৰঃ দুখদায়ক বা বিৰক্তিকৰ অভিজ্ঞতাবোৰ আমি মনত ধৰি ৰাখিব নিবিচাৰো। এনেবোৰ অভিজ্ঞতা ইচ্ছাকৃতভাবে আমাৰ চেতন মনৰ পৰা ঠেলি পঠিয়াও৷ ইয়াকে অবদমন বোলা হয় । আমাৰ সচেতন মনক অসুস্থ অভিজ্ঞতাৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবৰ বাবে ই এক মানসিক প্ৰতিৰক্ষা ব্যৱস্থা। মনোবিদ ফ্ৰয়েদে বিস্মৃতিক এক ইচ্ছাকৃত আৰু সক্ৰিয় কাৰ্য বুলি অভিহিত কৰিছে। অর্থাৎ যিবোৰ কথা আমি মনত পেলাব নোখোজো তাক পাহৰি যাওঁ। এই কথাবোৰ আমি অবচেতন মনত আমাৰ অজ্ঞাতে ৰাখো আৰু ফ্ৰয়েদে এই অৱস্থাক অৱচেতন বুলি অভিহিত কৰিছে। গতিকে সচেতন মনৰ পৰা অবচেতন মনলৈ ঠেলি পঠিওৱা কাৰ্য্য অবদমন বোলে। 

(ঙ) পশ্চাদমুখী প্রতিৰােধ (Retro-active Inhibition)

 উত্তৰঃ যদি কোনো দুটা বিষয়ৰ অধ্যয়ন অলপো সময়ৰ ব্যৱধান নৰখাকৈ কৰা হয় তেন্তে প্রথম বিষয়ৰ স্মৃতি ৰক্ষাত দ্বিতীয়টো বিষয়ে বাধা প্ৰদান কৰে। ইয়াকে পশ্চাদমুখী প্ৰতিৰোধ বোলে। ই এটা মানসিক প্ৰতিৰোধ কাৰ্য। এক পৰীক্ষাৰদ্বাৰা এই কাৰ্যৰ এক স্পষ্ট ধাৰণা দাঙি ধৰিব পৰা যায়। প্ৰথমতে দল ছাত্ৰৰ প্ৰথমতো দলক এটা বিষয়ত পাঠদান কৰা হ'ল আৰু দ্বিতীয়টো দলক অলপো বিৰতি নিদিয়াকৈ একেলেঠাৰিয়ে দুটা বিষয়ৰ পাঠদান কৰা হ'ল। পিছত স্মৃতি ৰক্ষা সম্পর্কে দুয়োটা দলক পৰীক্ষা কৰি দেখা গ'ল যে দ্বিতীয়টো দলতকৈ প্ৰথমটো দলে স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত অধিক সফলতা লাভ কৰিছে। এই ক্ষেত্ৰত দ্বিতীয়টো দলৰ স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া ব্যৰ্থতাৰ কাৰণ হৈছে পশ্চাদমুখী প্ৰতিৰোধ। আনহাতে, ইয়াৰ বিপৰীত কাৰ্যক পূৰ্বমুখী প্ৰতিৰোধ বোলা হয়। ইয়াত প্ৰথম বিষয়ৰ স্মৃতিয়ে দ্বিতীয় বিষয়ৰ স্মৃতি সংৰক্ষণত বাধা প্ৰদান কৰে।

৯। বিস্মৃতিৰ প্ৰভাৱ কিদৰে গুচাব পাৰি? 

How can remove the effects of forgetting? 

উত্তৰঃ দৈনন্দিন জীৱনত পাহৰি যোৱাটো এটা সাধাৰণ পৰিঘটনা। যদিও ইয়াৰ প্ৰায়ে ঋণাত্মক অৰ্থ থাকে, পাহৰি যোৱাটো এটা গুৰুত্বপূৰ্ণ অভিযোজিত ব্যৱস্থা যিটো মেমৰি সংৰক্ষণক অপ্রাসংগিক তথ্যৰ সৈতে লোড কৰা এৰাই চলিবলৈ। পাহৰি যোৱাৰ এটা অতি গুৰুত্বপূৰ্ণ দিশ হ’ল ইয়াৰ আৱেগৰ সৈতে ক্ৰিয়া-প্ৰতিক্ৰিয়া। স্মৃতিশক্তি সংৰক্ষণৰ ক্ষেত্ৰত নিৰপেক্ষ পৰিঘটনাতকৈ আৱেগিক পৰিঘটনাসমূহক প্ৰায়ে বিশেষ আৰু অগ্ৰাধিকাৰমূলক চিকিৎসা প্ৰদান কৰা হয়। ফলত নিৰপেক্ষ তথ্যতকৈ আৱেগিক তথ্য বিলুপ্তিৰ প্ৰতি অধিক প্ৰতিৰোধী হয়। ইচ্ছাকৃতভাৱে পাহৰি যোৱাটোৱে অবাঞ্চিত বা বিঘ্নিতকাৰী আৱেগিক স্মৃতিৰ সৈতে মোকাবিলা কৰাৰ বাবে এক ব্যৱস্থা হিচাপে কাম কৰে বুলি প্ৰস্তাৱ কৰা হৈছে আৰু এই অধ্যয়নৰ মূল লক্ষ্য আছিল পাহৰি যোৱাৰ কৌশল ভিত্তিক বস্তু-পদ্ধতি নিৰ্দেশিত পাহৰি যোৱা (DF) পেৰাডাইম ব্যৱহাৰ কৰি আৱেগিক শ্ৰৱণ সামগ্ৰীৰ পাহৰি যোৱাৰ মূল্যায়ন কৰা ডি এফ বৃদ্ধিৰ উপায় হিচাপে মাইণ্ডফুলনেছৰ ওপৰত। আমাৰ ভৱিষ্যদ্বাণীৰ বিপৰীতে মাইণ্ডফুলনেছ ভিত্তিক কৌশলে ডি এফ উন্নত কৰাই নহয়, নিৰপেক্ষ সামগ্ৰীৰ বাবেও হ্ৰাস কৰিলে। এই ফলাফলসমূহে প্ৰকাশ কৰে যে ইচ্ছাকৃতভাৱে পাহৰি যোৱাটো সফল হ’বলৈ সঁহাৰি নিষেধ আৰু মনোযোগৰ দৰে প্ৰক্ৰিয়াৰ মাজত এক পাৰস্পৰিক ক্ৰিয়াৰ প্ৰয়োজন।



১০। মনােযােগ বুলিলে কি বুজা? মনােযােগৰ প্রধান বৈশিষ্ট্যসমূহ আলােচনা কৰা। 

What do you mean by attention? Discuss the characteristics of attention

উত্তৰঃ মনােযােগৰ প্রধান বৈশিষ্ট্যসমূহ তলত আলােচনা কৰা হ'ল -

 ১। মনোযোগ হৈছে মনৰ এক অনুসন্ধানকাৰী কাৰ্য। প্ৰতিটো নতুন বিষয়ৰ বৈচিত্ৰ বা নতুনত্বৰ প্ৰতি মন আকৃষ্ট হয়।

 ২। মনোযোগ সচেষ্ট আৰু নিচেষ্ট দুই ধৰণৰ হব পাৰে। কোনো এটা বিষয়ত মনোযোগ দিয়া মানে পূৰ্বৰ বিষয়ৰ পৰা মনোযোগ আতৰাই অনাকে বুজায়। 

 ৩। মনোযোগ এক বিশ্লেষণাত্মক প্রক্রিয়া। মনোযোগ দিয়া বিষয় বস্তুক পুঙ্খানুপুঙ্খভাবে বিশ্লেষণ কৰি মনত তাৰ এক স্পষ্ট ধাৰণা লোৱা হয় ৷ 

 ৪। মনোযোগৰ বেলিকা ব্যক্তিৰ দৈহিক প্ৰস্তুতিৰ প্ৰয়োজন হয়। পৰিবেশ পৰিস্থিতিৰ লগত সমযোজন কৰি লোৱাৰ বাবে মনোযোগে ব্যক্তিক প্ৰস্তুত কৰি তোলে । মনযোগৰ বাবে জ্ঞানেন্দ্ৰিয় সমূহৰ দৈহিক প্ৰস্তুতিৰ প্রয়োজন।

 ৫। মনোযোগ হৈছে মনৰ এক নিৰ্ধাৰণ কাৰ্য। পৰিবেশৰ বিভিন্ন উদ্দীপকৰ পৰা এটা বিষয় বাচি লৈ তাত মনোনিবেশ কৰা হয়। 

১১। মনােযােগৰ কাৰণবােৰ বৰ্ণনা কৰা। 

 Discuss the causes of attention.

উত্তৰঃ মনােযােগৰ কাৰণবােৰ  তলত বৰ্ণনা কৰা হ'ল-

মনোবিদসকলে মনোযোগক বিভিন্ন দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰি কেইবাটাও প্ৰকাৰত ভাগ কৰিছে। মনোযোগৰ বিভিন্ন প্ৰকাৰ সমূহ তলত আলোচনা কৰা হ'ল— ১। ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগ (Volitional and Non-volitional attention) : মনোযোগ প্ৰদানৰ ক্ষেত্ৰত ব্যক্তিমনৰ ইচ্ছা আৰু প্ৰস্তুতি থকা নথকাৰ ওপৰত ভিত্তি কৰি মনোবিদ জেমচ্ ৰছে মনোযোগক দুটা ভাগত ভাগ কৰিছে— (ক) ঐচ্ছিক মনোযোগ (Volitional attention) (খ) অনৈচ্ছিক মনোযোগ (Non-volitional attention) (ক) ঐচ্ছিক মনোযোগ (Volitional/attention) : এইবিধ মনোযোগত ব্যক্তিৰ ইচ্ছাশক্তি নিহিত হৈ থাকে। ব্যক্তিমনৰ আগ্রহ, উদ্দেশ্য, কর্তব্যনিষ্ঠা তথা মানসিক সচেতনতা আদিৰদ্বাৰা ঐচ্ছিক মনোযোগ পৰিচালিত হয়। কোনো কাৰ্য সম্পাদনৰ ইচ্ছা থাকিলে প্রতিকুল পৰিবেশৰ মাজতো ব্যক্তিয়ে মনোযোগ দিয়ে। এই মনোযোগক আকৌ দুটা ভাগত ভাগ কৰা হৈছে—স্পষ্ট মনোযোগ (Explicit attention) আৰু অনুমিত মনোযোগ (Implicit attention) ক. ০১. স্পষ্ট মনোযোগ (Explicit attention) : এই মনোযোগ পৰিস্থিতিৰ তৎকালিন প্রয়োজনীয়তাৰ দ্বাৰা প্ৰভাৱিত । ইয়াত ব্যক্তি মনৰ ইচ্ছাশক্তিক বাৰে বাৰে প্ৰয়োগ কৰা হয়। ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ সময়ত পঢ়া-শুনাৰ ক্ষেত্ৰত স্পষ্ট মনোযোগ প্রদান কৰে।
ক. ০২. অনুমিত মনোযোগ (Implicit attention) : যেতিয়া কোনো কাৰ্যৰ প্ৰতি দীৰ্ঘকাল ধৰি মনোযোগ প্ৰদান কৰা হয়, তেতিয়া তাক অনুমিত মনোযোগ বোলা হয়। ইয়াত ব্যক্তিৰ ইচ্ছা আগ্রহ, জ্ঞানৰ গভীৰতা আৰু ঐকান্তিকতা নিহিত হৈ থাকে আৰু আভ্যন্তৰিণভাবে বিষয়বস্তুৰ লগত জড়িত হৈ থাকে। ফলত বাহ্যিক পৰিস্থিতিৰ প্ৰভাৱে মনোযোগ প্রদানত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। কলাকাৰ, দার্শনিক, বিজ্ঞানী আদিয়ে এনে মনোযোগ প্ৰদান কৰে।
 (খ) অনৈচ্ছিক মনোযোগ (Non volitional attention) : অনৈচ্ছিক মনোযোগৰ ক্ষেত্ৰত বাহ্যিক উদ্দীপকৰ তীব্রতা বা আকর্ষণীয়তাই প্রাধান্য লাভ কৰে। ই ব্যক্তিৰ ইচ্ছাশক্তিৰদ্বাৰা নিয়ন্ত্ৰিত নহয়। ব্যক্তিয়ে পৰিবেশৰ বাহ্যিক বিষয়ৰ প্ৰতি স্বতঃস্ফূর্তভাবে আৰু প্ৰবৃত্তিমূলক ভাবেহে মনোযোগ দিয়ে। এই মনোযোগ ব্যক্তিৰ জ্ঞান বা মানসিক পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ নকৰে। অনৈচ্ছিক মনোযোগক পুনৰ দুটা ভাগত ভগোৱা হৈছে—আৰোপিত আৰু স্বতঃস্ফুর্ত মনোযোগ। 
 খ. ০১. আৰোপিত মনোযোগ (Enforced attention) : পৰিবেশৰ উদ্দীপকৰ প্ৰতি প্ৰবৃত্তিগতভাবে মনোযোগ আৰোপ কৰাকে আৰোপিত মনোযোগ বোলে। তীব্র শব্দ বা উজ্জ্বল পোহৰে ইন্দ্ৰিয়ক আকৰ্ষণ কৰি মনোযোগৰ সৃষ্টি কৰে। শিশুব মনোযোগ সাধাৰণতে এনে বিধৰ হয়।
 খ. ০২. স্বতঃস্ফুর্ত মনোযোগ (Spontaneous attention) : পূৰ্বতে লাভ কৰা অভিজ্ঞতাৰ ফলত কিছুমান উদ্দীপকৰ প্ৰতি আমাৰ মনোযোগ স্বতঃস্ফূর্তভাবে আকর্ষিত হয়। ইয়াকে স্বতঃস্ফূর্ত মনোযোগ বোলা হয়। ইয়াত প্ৰবৃত্তিমূলকভাবে দিয়া যান্ত্রিক মনোযোগৰ প্রভাৱ নাথাকে। ইন্দ্ৰিয়ানুভূতিৰ পুনৰাবৃত্তিৰ ফলত স্থায়ীভাবে গঢ় লৈ উঠা ভাববৃত্তিৰদ্বাৰা মনোযোগ প্রভাবিত হয়। আমি ভালপোৱা গীত এটি বাজি থকা শুনিলে আমাৰ মনোযোগ স্বতঃস্ফূর্তভাবে আকর্ষিত হয়। 
 ২। সংবেদনাত্মক মনোযোগ আৰু ভাবাত্মক মনোযোগ (Sensory attention and Idealistic attention) : ইন্দ্রিয়যোগে লাভ কৰা প্ৰত্যক্ষ সংবেদন অনুভূতিৰ ফলত যি মনোযোগৰ সৃষ্টি হয় তাকে সংবেদনাত্মক মনোযোগ বোলে। ইয়াত মনোযোগ বাহ্যিক পৰিবেশৰদ্বাৰা প্ৰভাৱিত আৰু নিয়ন্ত্রিত হয়। ব্যক্তিমনৰ আভ্যন্তৰিণ দিশসমূহ ইয়াত জড়িত নহয়। আনহাতে ভাবাত্মক মনোযোগ ব্যক্তিৰ মনৰ ভাব চিন্তা আবেগ অনুভূতি আদিৰদ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হয়। ইয়াত বাস্তব পৰিস্থিতিৰ বিষয়বস্তুৰ পৰিবৰ্ত্তে পূর্ব অভিজ্ঞতাৰ স্মৃতিয়ে মনোযোগ আকৰ্ষণ কৰে। শ্ৰেণীকোঠাত উপস্থিত থাকিও ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াবা শিক্ষকৰ প্ৰতি মনোযোগ নিদি আন কথাত মনোনিবেশ কৰাটো ভাবাত্মক মনোযোগ। 
 ৩। প্ৰত্যক্ষ আৰু পৰোক্ষ মনোযোগ (Immediate and Derived attention) : বাস্তৱ পৰিস্থিতিৰ উদ্দীপকৰ উদ্দীপনাই ব্যক্তিৰ মনোযোগ প্ৰত্যক্ষভাৱে আকৰ্ষিত কৰে। ইয়াত ব্যক্তিৰ নিজস্ব প্রচেষ্টা বা ব্যক্তিমনক নিয়ন্ত্ৰণ কৰাৰ কোনো প্ৰয়োজন নহয়। ই ব্যক্তিৰ জৈৱিক প্ৰবৃত্তিগত ক্ৰিয়াৰদ্বাৰা নিয়ন্ত্ৰিত হয়। পৰোক্ষ মনোযোগৰ ক্ষেত্ৰত বিষয়বস্তুৰ কোনো নিজস্ব আকর্ষণীয় গুণ নাথাকে। কোনো গুৰুত্বপূর্ণ
বিষয়ৰ সৈতে জড়িত হোৱা বাবেহে নির্দিষ্ট বিষয়টোৱে মনোযোগ আকৰ্ষণ কৰে। উদাহৰণস্বৰূপে সংগ্ৰহালয়ত ৰখা আহোম যুগৰ ৰজাই ব্যৱহাৰ কৰা ‘কাপোৰ সাজ', মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰা 'খৰমযোৰ'ৰ প্ৰতি আমি প্ৰদান কৰা মনোযোগ হৈছে পৰোক্ষ মনোযোগ। ইয়াত 'কাপোৰ সাজ' বা ‘খৰমযোৰ' আকৰ্ষণৰ বিষয়বস্তু নহয়, বিষয়বস্তু ব্যৱহাৰ কৰা ব্যক্তি দুজনহে আকৰ্ষণৰ বিষয়।
 ৪। বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক মনোযোগ (Analytic attention and Synthetic attention) : বিষয়বস্তুৰ প্ৰতি মনোযোগ প্রদানৰ ধৰণৰ ওপৰত ভিত্তি কৰি মনোবিদ এঞ্জেলে মনোযোগক বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মকস্বৰূপে দুভাগত ভাগ কৰিছে। অধ্যয়নৰ বিষয়বস্তুৰ প্ৰতিটো অংশৰ বিষয়ে যেতিয়া পুংখানুপুঙ্খভাবে আৰু বিস্তৃতভাবে মনোযোগ দিয়া হয় তাকে বিশ্লেষণাত্মক মনোযোগ বোলে। বিজ্ঞানীয়ে পৰীক্ষাগাৰত অধ্যয়ন কৰোতে এনে মনোযোগ প্ৰদান কৰে। আনহাতে, বিষয়বস্তুৰ ওপৰত সামগ্রিকভাবে মনোনিবেশ কৰা কাৰ্যকেই সংশ্লেষণাত্মক মনোযোগ বোলা হয়। এই মনোযোগ ব্যক্তিৰ জ্ঞান, দক্ষতা, মানসিক পৰিপক্কতা আৰু অন্তদৰ্শন ক্ষমতাৰ ওপৰত নির্ভৰশীল হয়। চিন্তাবিদসকলে কোনো সমস্যাৰ সমাধান কৰিবলৈ যাওঁতে সমস্যাটোৰ লগত জড়িত সকলো দিশ সামৰি লৈ সংশ্লেষণাত্মক মনোযোগ প্ৰদান কৰে। 
 ৫। মনোযোগৰ প্ৰসাৰ (Span of Attention) : কোনো কোনো মনোবিজ্ঞানীৰ মতে এজন ব্যক্তিয়ে একে সময়তে একাধিক বস্তুৰ প্ৰতি মনোযোগ দিব পাৰে। একে সময়তে তেওঁ যিমান বস্তুৰ প্ৰতি মনোযোগ দিব পাৰে সেই সংখ্যাই তেওঁৰ মনোযোগৰ প্ৰসাৰ বুলিব পাৰি। মনোবিজ্ঞানীসকলে মানুহৰ দৃষ্টি আৰু শব্দ-সংবেদনৰ প্ৰতি থকা মনোযোগ সম্বন্ধে বহুতো পৰীক্ষা-নিৰীক্ষা চলায়। এনে ধৰণৰ পৰীক্ষাত এবিধ বিশেষ ধৰণৰ সঁজুলি ব্যৱহাৰ কৰা হয়। এই সঁজুলিক ‘টেচিষ্টস্কপ' (Tachistoscope) বোলা হয়। ইয়াৰ দ্বাৰা মাত্ৰ মুহূৰ্তৰ বাবে (ছেকেণ্ডৰ ভগ্নাংশ) কিছুমান বিশৃঙ্খলকৈ ৰখা বিন্দু বা আখৰৰ প্ৰতি মনোযোগ দিবলৈ কোৱা হয়। এনে পৰীক্ষাৰ পৰা পোৱা তথ্য অনুসৰি সাধাৰণতে এনে বিন্দুৰ প্ৰতি প্ৰাপ্তবয়স্ক লোকৰ মনোযোগৰ প্ৰসাৰ ছটা বিন্দু। সেয়েহে মনোযোগৰ প্ৰসাৰ ছয় হয বুলি ধৰা হয়। অৱশ্যে সুশৃঙ্খলভাৱে থোৱা বিন্দুৰ ক্ষেত্ৰত এনে প্ৰসাৰ বেছি হ'ব পাৰে। 
 আগ্রহ (Interest) : আগ্ৰহ হৈছে ব্যক্তিৰ এক মানসিক অৱস্থা। ই মনোযোগৰ এক পূৰ্বচতস্বৰূপ। যিবিলাক বিষয়ৰ প্ৰতি আমাৰ আগ্রহ জন্মে তেনেবোৰ বিষয়ৰ প্ৰতি সাধাৰণতে মনোযোগ প্ৰদান কৰো। আগ্ৰহ মনৰ এক সুপ্ত, অন্তর্নিহিত আৰু ব্যক্তিনিষ্ঠ অৱস্থা যাৰদ্বাৰা চেতনমনক নিয়ন্ত্ৰিত কৰি কোনো বিষয় বা বস্তুৰ বিষয়ৰ সৈতে জড়িত হোৱা বাবেহে নির্দিষ্ট বিষয়টোৱে মনোযোগ আকর্ষণ কৰে। উদাহৰণস্বৰূপে সংগ্ৰহালয়ত ৰখা আহোম যুগৰ ৰজাই ব্যৱহাৰ কৰা ‘কাপোৰ সাজ’, মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰা *খৰমযোৰ'ৰ প্ৰতি আমি প্ৰদান কৰা মনোযোগ হৈছে পৰোক্ষ মনোযোগ। ইয়াত 'কাপোৰ সাজ' বা ‘খৰমযোৰ’ আকৰ্ষণৰ বিষয়বস্তু নহয়, বিষয়বস্তু ব্যৱহাৰ কৰা ব্যক্তি দুজনহে আকৰ্ষণৰ বিষয়।
 ৪। বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক মনোযোগ (Analytic attention and Synthetic attention) : বিষয়বস্তুৰ প্ৰতি মনোযোগ প্ৰদানৰ ধৰণৰ ওপৰত ভিত্তি কৰি মনোবিদ এঞ্জেলে মনোযোগক বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মকস্বৰূপে দুভাগত ভাগ কৰিছে। অধ্যয়নৰ বিষয়বস্তুৰ প্ৰতিটো অংশৰ বিষয়ে যেতিয়া পুংখানুপুঙ্খভাবে আৰু বিস্তৃতভাবে মনোযোগ দিয়া হয় তাকে বিশ্লেষণাত্মক মনোযোগ বোলে। বিজ্ঞানীয়ে পৰীক্ষাগাৰত অধ্যয়ন কৰোতে এনে মনোযোগ প্ৰদান কৰে। আনহাতে, বিষয়বস্তুৰ ওপৰত সামগ্রিকভাবে মনোনিবেশ কৰা কার্যকেই সংশ্লেষণাত্মক মনোযোগ বোলা হয়। এই মনোযোগ ব্যক্তিৰ জ্ঞান, দক্ষতা, মানসিক পৰিপক্কতা আৰু অন্তদৰ্শন ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল হয়। চিন্তাবিদসকলে কোনো সমস্যাৰ সমাধান কৰিবলৈ যাওঁতে সমস্যাটোৰ লগত জড়িত সকলো দিশ সামৰি লৈ সংশ্লেষণাত্মক মনোযোগ প্রদান কৰে। 
 ৫। মনোযোগৰ প্ৰসাৰ (Span of Attention) : কোনো কোনো মনোবিজ্ঞানীৰ মতে এজন ব্যক্তিয়ে একে সময়তে একাধিক বস্তুৰ প্ৰতি মনোযোগ দিব পাৰে। একে সময়তে তেওঁ যিমান বস্তুৰ প্ৰতি মনোযোগ দিব পাৰে সেই সংখ্যাই তেওঁৰ মনোযোগৰ প্ৰসাৰ বুলিব পাৰি। মনোবিজ্ঞানীসকলে মানুহৰ দৃষ্টি আৰু শব্দ-সংবেদনৰ প্ৰতি থকা মনোযোগ সম্বন্ধে বহুতো পৰীক্ষা-নিৰীক্ষা চলায়। এনে ধৰণৰ পৰীক্ষাত এবিধ বিশেষ ধৰণৰ সঁজুলি ব্যৱহাৰ কৰা হয়। এই সঁজুলিক ‘টেচিষ্টস্কপ' (Tachistoscope) বোলা হয়। ইয়াৰ দ্বাৰা মাত্ৰ মুহূৰ্তৰ বাবে (ছেকেণ্ডৰ ভগ্নাংশ) কিছুমান বিশৃঙ্খলকৈ ৰখা বিন্দু বা আখৰৰ প্ৰতি মনোযোগ দিবলৈ কোৱা হয়। এনে পৰীক্ষাৰ পৰা পোৱা তথ্য অনুসৰি সাধাৰণতে এনে বিন্দুৰ প্ৰতি প্ৰাপ্তবয়স্ক লোকৰ মনোযোগৰ প্ৰসাৰ ছটা বিন্দু। সেয়েহে মনোযোগৰ প্ৰসাৰ ছয় হয় বুলি ধৰা হয়। অৱশ্যে সুশৃঙ্খলভাৱে থোৱা বিন্দুৰ ক্ষেত্ৰত এনে প্ৰসাৰ বেছি হ'ব পাৰে।
 আগ্রহ (Interest) : আগ্ৰহ হৈছে ব্যক্তিৰ এক মানসিক অৱস্থা। ই মনোযোগৰ এক পূৰ্বচতস্বৰূপ। যিবিলাক বিষয়ৰ প্ৰতি আমাৰ আগ্রহ জন্মে তেনেবোৰ বিষয়ৰ প্ৰতি সাধাৰণতে মনোযোগ প্ৰদান কৰো।   

১২। মনােযােগৰ সংজ্ঞা দিয়া। মনােযােগৰ প্রধান প্ৰকাৰসমূহ উল্লেখ কৰি ব্যাখ্যা কৰা। 

What is attention? Discuss the various types of attention. 

উত্তৰঃ মনােযােগৰ সংজ্ঞা -
    
(১) মনোযোগৰ সংজ্ঞা দাঙি ধৰি মনোবিদ মেকডুগেলে কয় যে— “মনোযোগ হৈছে মনৰ এক ক্রিয়া বৃত্তি বা ক্রিয়া প্রচেষ্টা যাক সংজ্ঞানাত্মক প্ৰক্ৰিয়াৰ পৰিণতিস্বৰূপে বিবেচনা কৰিব পাৰি। (Attention is merely conation or striving considered from the point of view of its effect on cognition process). (২) মনোবিদ জেমছ ৰ'ছৰ মতে (James Ross) মনোযোগ হৈছে এক প্ৰক্ৰিয়া যাৰ যোগেদি চিন্তাৰ কোনো এক বিষয় মনত স্পষ্টভাবে দাঙি ধৰা হয়। (Attention is a process of getting an object of thought clearly before the mind.)
 
মনােযােগৰ প্রধান প্ৰকাৰসমূহ -

(১) ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগ ।য

(২) সংবেদনাত্মক মনোযোগ আৰু ভাবাত্মক মনোযোগ ।

(৩)  প্ৰত্য়ক্ষ আৰু পৰোক্ষ মনোযোগ ।

(৪)   বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক মনোযোগ ।

(৫) মনোযোগৰ প্ৰসাৰ ।
    

১৩। আগ্রহ কাক বােলে। ইয়াৰ বিভিন্ন প্ৰকাৰ বৰ্ণনা কৰা।

What is interest?  Discuss the various types of interest. 

উত্তৰঃ আগ্ৰহ হৈছে ব্যক্তিৰ এক মানসিক অৱস্থা। ই মনোযোগৰ এক পূৰ্বচতস্বৰূপ। যিবিলাক বিষয়ৰ প্ৰতি আমাৰ আগ্রহ জন্মে তেনেবোৰ বিষয়ৰ প্ৰতি সাধাৰণতে মনোযোগ প্ৰদান কৰো। আগ্ৰহ মনৰ এক সুপ্ত, অন্তৰ্নিহিত আৰু ব্যক্তিনিষ্ঠ অৱস্থা যাৰদ্বাৰা চেতনমনক নিয়ন্ত্ৰিত কৰি কোনো বিষয় বা বস্তুৰ প্ৰতি কেন্দ্ৰীভূত কৰিব পাৰি যায় ।

    ইয়াৰ বিভিন্ন প্ৰকাৰ -

১। সুপ্ত আগ্রহ (Innate interest) আৰু আৰ্জিত আগ্ৰহ (Acquired interest)

২। স্থায়ী আগ্রহ (Durable interest) আৰু অস্থায়ী আগ্ৰহ (Transitory interest)

৩। সুপ্ত আগ্ৰহ আৰু আর্জিত আগ্রহ ((Innate and Acquired interest)

১৪। আগ্রহ আৰু মনােযােগৰ সম্পর্ক ব্যাখ্যা কৰা।

Discuss the relation betweent interest and attention. 

১৫। 'আগ্রহ মনােযােগৰ সুপ্ত অৱস্থা আৰু মনােযােগ আগ্রহৰ সক্রিয় অৱস্থা’ — উক্তিটো ব্যাখ্যা কৰা। 

"Interest is talent in attention and attention is interest in action" - Explain the statement. 

১৬। পার্থক্য নির্ণয় কৰা (Distinguish between) 

(ক) ঐচ্ছিক আৰু অনৈচ্চিক মনোযােগ (Volitional and non-volitional attention) 

উত্তৰঃ  (ক) ঐচ্ছিক মনোযোগ (Volitional/attention) : এইবিধ মনোযোগত ব্যক্তিৰ ইচ্ছাশক্তি নিহিত হৈ থাকে। ব্যক্তিমনৰ আগ্রহ, উদ্দেশ্য, কর্তব্যনিষ্ঠা তথা মানসিক সচেতনতা আদিৰদ্বাৰা ঐচ্ছিক মনোযোগ পৰিচালিত হয়। কোনো কাৰ্য সম্পাদনৰ ইচ্ছা থাকিলে প্রতিকুল পৰিবেশৰ মাজতো ব্যক্তিয়ে মনোযোগ দিয়ে। এই মনোযোগক আকৌ দুটা ভাগত ভাগ কৰা হৈছে—স্পষ্ট মনোযোগ (Explicit attention) আৰু অনুমিত মনোযোগ (Implicit attention)

(খ) অনৈচ্ছিক মনোযোগ (Non volitional attention) : অনৈচ্ছিক মনোযোগৰ ক্ষেত্ৰত বাহ্যিক উদ্দীপকৰ তীব্রতা বা আকর্ষণীয়তাই প্রাধান্য লাভ কৰে। ই ব্যক্তিৰ ইচ্ছাশক্তিৰদ্বাৰা নিয়ন্ত্রিত নহয়। ব্যক্তিয়ে পৰিবেশৰ বাহ্যিক বিষয়ৰ প্ৰতি স্বতঃস্ফূর্তভাবে আৰু প্ৰবৃত্তিমূলক ভাবেহে মনোযোগ দিয়ে। এই মনোযোগ ব্যক্তিৰ জ্ঞান বা মানসিক পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ নকৰে। অনৈচ্ছিক মনোযোগক পুনৰ দুটা ভাগত ভগোৱা হৈছে—আৰোপিত আৰু স্বতঃস্ফুর্ত মনোযোগ।

(খ) সুপ্ত আৰু আর্জিত আগ্রহ (Irrate and Acquired interest)

উত্তৰঃ সুপ্ত আগ্ৰহ ঃ ব্যক্তিৰ সহজাত জৈৱিক প্ৰৱণতাবোৰে পৰিবেশৰ সান্নিধ্যত আহি আগ্ৰহৰ সৃষ্টি কৰে। এনে জৈৱিক প্ৰৱণতাৰদ্বাৰা সৃষ্ট আগ্রহক সুপ্ত আগ্রহ বোলে। নৱজাত শিশুৰ প্ৰতি মাতৃৰ আগ্ৰহ, কিশোৰ-কিশোৰীৰ বিপৰীত লিঙ্গৰ প্ৰতি আগ্ৰহ এনে সুপ্ত আগ্রহ। এই সুপ্ত আগ্রহত শিক্ষাৰ প্ৰভাৱ নাথাকে। এনে আগ্রহ অনৈচ্ছিক বিধৰ হোৱা বাবে ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী নহয়।
.
আৰ্জিত আগ্ৰহ : ব্যক্তিৰ শিক্ষা অভিজ্ঞতা, প্রয়োজন, ৰুচিবোধ আদিয়ে বিষয়বস্তুৰ প্ৰতি মনত আগ্ৰহৰ সৃষ্টি কৰে ৷ ইয়াকে আৰ্জিত আগ্ৰহ বোলা হয়। ব্যক্তিৰ ইচ্ছা আৰু সক্ৰিয়তাই আগ্ৰহ সুদূৰপ্ৰসাৰী আৰু স্থায়ীবিধৰ কৰি তুলিব পাৰে। ব্যক্তিৰ নিজস্ব ক্রিয়া অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে আগ্ৰহো ভিন ভিন হয়। শিশুৱে খেলৰ প্ৰতি দেখুওৱা আগ্ৰহ হৈছে আর্জিত আগ্রহ

১৭। চমুটোকা লিখা (Write short note)

(ক) মনােযােগৰ বাহ্যিক কাৰণ (External conditions of attention) 

উত্তৰঃ বিভিন্ন উদ্দীপকে বিভিন্ন সময়ত ব্যক্তিৰ মনোযোগ আকৰ্ষিত কৰে। ব্যক্তিমনৰ আভ্যন্তৰিণ অৱস্থাতকৈ বাহ্যিক পৰিবেশৰ বিভিন্ন পৰিস্থিতি বা কাৰকেহে ইয়াত গুৰুত্ব লাভ কৰে। এনে কাৰক সমূহকে বস্তুনিষ্ঠ নিৰ্ধাৰক বোলা হয়। তলত এই বিষয়ে চমু আলোচনা কৰা হ'ল—
১। আকাৰ (Size) : সাধাৰণতে দেখা যায় যে ক্ষুদ্ৰ আকাৰৰ বস্তুতকৈ বৃহৎ আকাৰৰ বস্তুৱে ব্যক্তিৰ মন সহজতে আকৰ্ষণ কৰে। সেয়েহে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ বাতৰি কাকত আদিত ডাঙৰ ডাঙৰ হৰফেৰে বিজ্ঞাপন পৰিবেশন কৰা হয়। ২। উদ্দীপকৰ তীব্রতা (Intensity of stimulus) : উদ্দীপকৰ তীব্রতাই সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰে। তীব্র, শব্দ উজ্জ্বল পোহৰ, উজ্জ্বল ৰং আদিৰ প্ৰতি সহজতে আৰু স্বাভাৱিকতেই মনোযোগ প্রদান কৰা হয়। ৩। নতুনত্ব (Novelty) : নতুন বিষয়, নতুন পৰিবেশৰ প্ৰতি সাধাৰণতেই আমি মনোনিবেশ কৰো। শিশু এটিয়ে নতুন খেলা বস্তুৰ প্ৰতি, ছাত্ৰই নতুন কিতাপৰ প্ৰতি বেছি আগ্ৰহী তথা মনোযোগী হয়। ৪। গতিশীলতা (Mobility) : স্থিতিশীল বস্তুতকৈ গতিশীল বস্তুৰ প্ৰতি আমি বেছি মনোযোগী হওঁ। স্থিৰ চিত্ৰতকৈ চলচিত্ৰৰ প্ৰতিহে ব্যক্তি অধিক আগ্রহী হয়। আকাশেৰে উৰি যোৱা চৰাই এটিয়ে শিশু মনক অধিক আকৰ্ষিত কৰা দেখা যায়। বৈদ্যুতিক মাধ্যমৰ সহায়ত প্ৰদৰ্শন কৰা গতিশীল বিজ্ঞাপনবোৰে ব্যক্তিৰ মন সহজতে আকৰ্ষিত কৰে। ৫। বৈসাদৃশ্য (Contrast) : বিপৰীত ধৰ্মী বস্তু বা বিষয়েও ব্যক্তিৰ মনযোগ আকৰ্ষণ কৰিব পাৰে। এজাক ছোৱালীৰ মাজত এজন ল'ৰা থাকিলে, এজন চাপৰ মানুহৰ লগত এজন ওখ মানুহ থাকিলে আমি তেওঁলোকৰ প্ৰতি মনোযোগ দিওঁ। ৬। গোপনীয়তা (Secracy) : গোপন কৰি ৰখা ঘটনা বা কাৰ্যই আমাৰ মনত কৌতূহলৰ সৃষ্টি কৰে আৰু ইয়ে মনোযোগ আকৰ্ষণ কৰে। কৰিবলৈ বাধা দিয়া কামৰ প্ৰতি, নিষিদ্ধ কৰা বস্তু খোৱাৰ প্রতি শিশুমন অধিক আগ্ৰহী হৈ উঠে। ৭। অৱস্থিতি (Position) : বিষয়বস্তুৰ উপস্থাপন বা অৱস্থিতি ব্যক্তিৰ মনোযোগ আকৰ্ষণৰ কাৰণ হব পাৰে। সেয়েহে ব্যক্তিৰ মন আকৰ্ষিত কৰিব পৰাকৈ গুৰুত্বপূৰ্ণ বাতৰিসমূহ কাকতৰ প্ৰথম পৃষ্ঠাত বা ওপৰ অংশত উপস্থাপন কৰা হয়।  
৮। পৰিবৰ্ত্তন (Change) : পৰিবেশ আৰু পৰিস্থিতিৰ পৰিবৰ্ত্তনে অনেক সময়ত আমাৰ মনোযোগ আকৰ্ষণ কৰে। 
puspa kakati
,
1 min

৯। পুনৰাবৃত্তি (Repitition) : কোনো ঘটনা বা বিষয়ৰ পুনৰাবৃত্তিয়েও আমাৰ মন আকৰ্ষণ কৰিব পাৰে। 

 ১০। শৃংখলাবদ্ধতা (Discipline) : শৃংখলাবদ্ধ পৰিবেশ আৰু পৰিপাটি অৱস্থাই সকলোকে আকৰ্ষণ কৰে। গৃহিণীয়ে পৰিপাটিকৈ সজাই থোৱা ঘৰখনে, সুশংখলাবদ্ধভাবে পৰিচালিত আৰু পৰিকল্পিতভাবে উপস্থাপন কৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰটোৱে আমাক অধিক আগ্রহী আৰু আকৰ্ষিত কৰে। 

 ১১। আকস্মিকতা (Suddenness) : স্বাভাৱিক পৰিস্থিতিত ঘটা কোনো আকস্মিক ঘটনাই আমাৰ দৃষ্টি আকৰ্ষিত কৰে। ৰাস্তাৰে গৈ থকা উৎসৰ প্ৰতি মনোযোগী কৰি তোলে ৷ 

 ১২। দীর্ঘস্থায়িত্ব (Long Duration) : কোনো উদ্দীপকে বহু সময় ধৰি ক্ৰিয়া কৰি থাকিলে ব্যক্তিৰ মন স্বাভাৱিকতে আকৰ্ষিত হয়। দীঘলীয়াকৈ বজাই থকা কোনো সংকেত ধ্বনিৰ প্ৰতি আমি মনোযোগ প্রদান কৰে। 

(খ) সংবেদনাত্মক মনােযােগ (Sensory attention) 

উত্তৰঃ ইন্দ্রিয়যোগে লাভ কৰা প্ৰত্যক্ষ সংবেদন অনুভূতিৰ ফলত যি মনোযোগৰ সৃষ্টি হয় তাকে সংবেদনাত্মক মনোযোগ বোলে। ইয়াত মনোযোগ বাহ্যিক পৰিবেশৰদ্বাৰা প্ৰভাৱিত আৰু নিয়ন্ত্ৰিত হয়। ব্যক্তিমনৰ আভ্যন্তৰিণ দিশসমূহ ইয়াত জড়িত নহয়।

(গ) ঐচ্ছিক মনােযােগ (Volitional attention) 

উত্তৰঃ ঐচ্ছিক মনোযোগ (Volitional/attention) : এইবিধ মনোযোগত ব্যক্তিৰ ইচ্ছাশক্তি নিহিত হৈ থাকে। ব্যক্তিমনৰ আগ্রহ, উদ্দেশ্য, কর্তব্যনিষ্ঠা তথা মানসিক সচেতনতা আদিৰদ্বাৰা ঐচ্ছিক মনোযোগ পৰিচালিত হয়। কোনো কাৰ্য সম্পাদনৰ ইচ্ছা থাকিলে প্রতিকুল পৰিবেশৰ মাজতো ব্যক্তিয়ে মনোযোগ দিয়ে। এই মনোযোগক আকৌ দুটা ভাগত ভাগ কৰা হৈছে—স্পষ্ট মনোযোগ (Explicit attention) আৰু অনুমিত মনোযোগ (Implicit attention)


(ঘ) অনৈচ্ছিক মনােযােগ (Non-volitional attention) 

উত্তৰঃ অনৈচ্ছিক মনোযোগ (Non volitional attention) : অনৈচ্ছিক মনোযোগৰ ক্ষেত্ৰত বাহ্যিক উদ্দীপকৰ তীব্রতা বা আকর্ষণীয়তাই প্রাধান্য লাভ কৰে। ই ব্যক্তিৰ ইচ্ছাশক্তিৰদ্বাৰা নিয়ন্ত্রিত নহয়। ব্যক্তিয়ে পৰিবেশৰ বাহ্যিক বিষয়ৰ প্ৰতি স্বতঃস্ফূর্তভাবে আৰু প্ৰবৃত্তিমূলক ভাবেহে মনোযোগ দিয়ে। এই মনোযোগ ব্যক্তিৰ জ্ঞান বা মানসিক পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ নকৰে। অনৈচ্ছিক মনোযোগক পুনৰ দুটা ভাগত ভগোৱা হৈছে—আৰোপিত আৰু স্বতঃস্ফুর্ত মনোযোগ।

(ঙ) আর্জিত আগ্রহ (Acquired interest)

উত্তৰঃ আৰ্জিত আগ্ৰহ : ব্যক্তিৰ শিক্ষা অভিজ্ঞতা, প্রয়োজন, ৰুচিবোধ আদিয়ে বিষয়বস্তুৰ প্ৰতি মনত আগ্ৰহৰ সৃষ্টি কৰে ৷ ইয়াকে আৰ্জিত আগ্ৰহ বোলা হয়। ব্যক্তিৰ ইচ্ছা আৰু সক্ৰিয়তাই আগ্ৰহ সুদূৰপ্ৰসাৰী আৰু স্থায়ীবিধৰ কৰি তুলিব পাৰে। ব্যক্তিৰ নিজস্ব ক্রিয়া অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে আগ্ৰহো ভিন ভিন হয়। শিশুৱে খেলৰ প্ৰতি দেখুওৱা আগ্ৰহ হৈছে আর্জিত আগ্রহ

(চ) মনােযােগৰ পৰিসৰ (Span of attention) 

উত্তৰঃ পৰিসৰ বুলিলে সাধাৰণতে এজন ব্যক্তিয়ে কোনাে এটা বস্তু বা বিষয়ৰ ওপৰত একেলগে কিমানখিনি সময় মনােযােগ দি থাকিব পাৰে সেই সময়খিনিকে বুজায় ।

১৮। চমু প্রশ্ন (Short Questions) 

(a) স্মৃতি চাপ কি? 

What is memory trace? 

উত্তৰঃ  ইন্দ্ৰিয় যোগে লাভ কৰা অভিজ্ঞতাই আমাৰ দেহ-মনত এক পৰিবৰ্তন আনে। ইয়াকে স্মৃতি চাপ (memory trace) বোলে। এই চাপৰ ফলত মস্তিস্কৰ স্নায়ুকোষবোৰৰ গাথনিত এক পৰিবৰ্ত্তন সাধিত হয়।

(b) স্মৃতিৰ প্রথম চৰ্ত্ত কি? 

What is the primary condition of memory? 

উত্তৰঃ স্মৃতিৰ প্রথম চৰ্ত্ত হৈছে অভিজ্ঞতা আহৰণ । 

(c) প্রত্যভিজ্ঞা কি? 

What is Recognition?

উত্তৰঃ যেতিয়া স্মৰণ কৰিবলগীয়া বস্তু বা বিষয় ব্যক্তিৰ বাবে ইন্দ্ৰিয়গ্রাহ্য হৈ থাকে তেনে অৱস্থাত বৰ্তমান অভিজ্ঞতাৰ সহজ হৈ পৰে। অৰ্থাৎ‍ তেনে ক্ষেত্ৰত পূৰ্ব অভিজ্ঞতাক বৰ্তমান অভিজ্ঞতাৰ লগত তুলনা কৰি চিনাক্তকৰণ কৰিব পাৰি। 

(d) উত্তম স্মৃতিৰ দুটা বৈশিষ্ট্য লিখা। 

Write two marks of good memory. 

উত্তৰঃ ভাল স্মৃতিৰ দুটা লক্ষণ হৈছে - 

    ১। দ্ৰত আৰু সহজভাৱে শিক্ষাগ্ৰহণৰ ক্ষমতা ।

    ২। দীৰ্ঘ সংৰক্ষণ ।  

(e) “বিস্মৃতি সচেতন মনৰ এক প্ৰতিৰক্ষা প্রক্রিয়া” – কোনে কৈছিল। 

"Forgetting is a defence mechanism of the conscious mind” -Who says? 

উত্তৰঃ  “বিস্মৃতি সচেতন মনৰ এক প্ৰতিৰক্ষা প্রক্রিয়া” – মনোবিদ চিগমণ্ড ফ্ৰয়েদে  কৈছিল। 

(f) মনোযােগৰ বৈশিষ্ট্য দুটা কি কি। 

উত্তৰঃ  ১ মনোযোগ এক নির্বাচনাত্মক কাৰ্য। পৰিবেশৰ বিভিন্ন উদ্দীপকৰ মাজৰ পৰা এটা বিশেষ বিষয় বাচি লৈ তাৰ ওপৰতহে মনোযোগ প্রদান কৰা হয়।
২। মনোযোগ গতিশীল। আমি আমাৰ মনটো এটা বিষয়ৰ ওপৰত সময় নিবদ্ধ কৰি ৰাখিব নোৱাৰো। ৪। মনোযোগৰ এক সীমাবদ্ধতা আছে। একে সময়তে এক সীমিত পৰিমাণৰ বিষয়ৰ প্ৰতিহে মনোযোগ দিব পৰা যায় ৷

(g) ঐচ্ছি ক মনােযােগৰ প্ৰকাৰ দুটা কি কি? 

What are the types of volitional attention?

উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে—স্পষ্ট মনোযোগ (Explicit attention) আৰু অনুমিত মনোযোগ (Implicit attention)
 

(h) আগ্রহ শব্দত টো মূলত কি ভাষাৰ পৰা অনা হৈছে?  

(In which word the interest is derived?) 

উত্তৰঃ আগ্রহ শব্দত টো মূলত ইংৰাজী প্ৰতিশব্দ '' Interest'' মূল লোটিন ভাষাৰ পৰা অনা হৈছে।  


(i) সুপ্ত আগ্রহ আৰু আর্জিত আগ্রহ পার্থক্য লিখা। 

(rite the differences between innate and acquired interest.) 

উত্তৰঃ  সুপ্ত আগ্ৰহ ঃ ব্যক্তিৰ সহজাত জৈৱিক প্ৰৱণতাবোৰে পৰিবেশৰ সান্নিধ্যত আহি আগ্ৰহৰ সৃষ্টি কৰে। এনে জৈৱিক প্ৰৱণতাৰদ্বাৰা সৃষ্ট আগ্রহক সুপ্ত আগ্রহ বোলে। নৱজাত শিশুৰ প্ৰতি মাতৃৰ আগ্ৰহ, কিশোৰ-কিশোৰীৰ বিপৰীত লিঙ্গৰ প্ৰতি আগ্ৰহ এনে সুপ্ত আগ্রহ। এই সুপ্ত আগ্রহত শিক্ষাৰ প্ৰভাৱ নাথাকে। এনে আগ্রহ অনৈচ্ছিক বিধৰ হোৱা বাবে ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী নহয়।
.
আৰ্জিত আগ্ৰহ : ব্যক্তিৰ শিক্ষা অভিজ্ঞতা, প্রয়োজন, ৰুচিবোধ আদিয়ে বিষয়বস্তুৰ প্ৰতি মনত আগ্ৰহৰ সৃষ্টি কৰে ৷ ইয়াকে আৰ্জিত আগ্ৰহ বোলা হয়। ব্যক্তিৰ ইচ্ছা আৰু সক্ৰিয়তাই আগ্ৰহ সুদূৰপ্ৰসাৰী আৰু স্থায়ীবিধৰ কৰি তুলিব পাৰে। ব্যক্তিৰ নিজস্ব ক্রিয়া অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে আগ্ৰহো ভিন ভিন হয়। শিশুৱে খেলৰ প্ৰতি দেখুওৱা আগ্ৰহ হৈছে আর্জিত আগ্রহ


(j) আগ্রহৰ তিনিটা উপাদান লিখা। 

(Write three factors of interest.) 

উত্তৰঃ আগ্রহৰ তিনিটা উপাদান হৈছে -
  
      ১। দৈহিক সুস্থতা ।
    
    ২। বৌদ্ধিক ক্ষমতা ।
    
    ৩। পৰিৱেশৰ প্ৰভাৱ ।




Type Himanku Bora & Prabal konwar