5.2.5 (v) প্লাষ্টিড (PLASITID)

প্লাষ্টিডবিলাক কেৱল উদ্ভিদ কোষতহে পােৱা যায়। প্লাষ্টিড দুই প্রকাৰৰ — বর্ণকণা বা বৰণীয়া কণা (Chromoplast) আৰু অবর্ণকণা বা বৰণহীন কণা (Leucoplast)। যিবিলাক প্লাষ্টিডত পত্ৰহৰিৎ (Chlorophyll) নামৰ ৰঞ্জক পদার্থ থাকে সেইবিলাক হৰিকণা (Chloroplast) বুলি কোৱা হয়। হৰিকণাবিলাক উদ্ভিদ সালােক সংশ্লেষণৰ বাবে গুৰুত্বপূর্ণ কোষ অংগাণু। হৰিৎকণাত পত্রহৰিতৰ উপৰিও হালধীয়া আৰু কমলা ৰঙৰ ৰঞ্জক পদার্থও থাকে। অবর্ণকণাত সাধাৰণতে শ্বেতসাৰ, তৈল পদার্থ আৰু প্ৰটিনৰ কণিকা (Granule) বিলাক সঞ্চয় হৈ থাকে। প্লাষ্টিডবিলাকৰ আভ্যন্তৰ আৱৰণীযুক্ত তৰপেৰে গঠিত। এইবিলাক ষ্ট্ৰমা (Stroma) নামৰ পদার্থ বিধত নিমজ্জিত হৈ থাকে। বাহ্যিক গঠনৰ দিশৰ পৰা প্লাষ্টিডবিলাক মাইট কণ্ডিয়াৰ গঠনৰ সৈতে একেই। মাইট’কণ্ডিয়াৰ দৰে, প্লাষ্টিডবিলাকতত সিহঁতৰ নিজা ডি এন এ (DNA) আৰু ৰাইব’জম থাকে।

শক্তি কোষে নতুন ৰাসায়নিক দ্রব্যৰ সংশ্লেষণত আৰু অন্যান্য যান্ত্রিক কার্যত ব্যৱহাৰ কৰে। গঠনৰ দিশৰ পৰা মাইট্ৰ'কন্ড্রিয়াবিলাক দুই আৱৰণীযুক্ত। ইয়াৰে বহিঃ আৱৰণখন যথেষ্ট ৰন্ধ্ৰযুক্ত হােৱাৰ বিপৰীতে অন্তঃ আৱৰণখন যথেষ্ট ভাঁজযুক্ত। এই ভাঁজবিলাকৰ পিঠিতে এ টি পি উৎপাদন কৰা ৰাসায়নিক বিক্রিয়াবােৰ সংঘটিত মাইট’কণ্ডিয়াৰ এটা উল্লেখযােগ্য বৈশিষ্ট্যপূর্ণ চৰিত্ৰ হ'ল যে ইহঁতৰ নিজৰ ডি এন এ আৰু ৰাইব’জম থাকে। সেই বাবেই মাইট’কণ্ডিয়াই নিজৰ প্ৰটিন নিজে তৈয়াৰ কৰি ল'ব পাৰে।





Class 9 Assam SCERT Book

Type :- Bidyut Thakuria.