প্ৰশান্ত কুমাৰ বৰদলৈ গীত | Prashant Kumar Bordoloi Assamese Sogn | প্ৰষান্ত তুমাৰ বৰদলৈ অসমীয়া গীত সমূহ 



নেজানো মন দোলে

 

নেজানো

মন দোলে

ফাগুনৰে বাত

 

ফুল ফুলে

পলাশৰ শিমলু

কি ৰং ৰঙে উতলা

নেজানো ।।

 

মই ৰুপহী নাজিতৰা

মই চুপহি মনোহৰা

পলাশ শিমলু

কিয় মন উতলা

নেজানো ।।

 

সৰাপাতবোৰ যেন সোঁৱৰণি

আকাশে বতাহে কাৰ আগমনী ।

 

মই লাজুকি ৰুপে চৰা

ঐ মোক নেচাবি দূৰৰ পৰা

পলাশ শিমলু

কাৰ বাবেনো উতলা

নেজানো ।।

 

তেনেকৈ নাচাবা আজলী ছোৱালী

 

তেনেকৈ নেচাবা আজলী ছোৱালী

মনকে জুৰিবলৈ নাই তুলাচনী

কেনেকৈ বুজাওঁ মই কবকে নোৱাৰো ।।

 

শুকুলা সাজেৰে শেৱালি ধূনীয়া

কঁহুৱা বননি যিদৰে মোহনীয়া

ৰঙকে সানিলে অ নহয় অ শুৱনি

যদিও চকুকে অই ধৰে চাতেমাৰি ।।

 

শুৱলা মাতেৰে পখিটি ধূনীয়া

মনৰে চিনাকি যিদৰে যুগনীয়া

দেহাকে সজালে অই নহয় অ লাৱনী

যদিও মনকে অই কৰে উচাতনী ।

 

কাৰ বাবে এই গীত গোৱা

 

কাৰ বাবে এই গীত গোৱা

কাৰ বাবে এই বাট চোৱা

মধু শিহৰণ ক্ষণে ক্ষণে

জানো তুমি নুবুজা ।

 

কৃষ্ণচুড়াৰ ৰঙৰ আবিৰ

দৃষ্টি মোৰ আকাশ ৰঙীন

সন্ধিয়া আকাশতে কাৰ হাঁহি দেখো

জানো তুমি নুবুজা ।

 

ৰজনীগন্ধা নিশা ফুলে

যেন অপেক্ষাৰ ক্ষণহে গণে

নিশা জোনাকক কাৰ কথা সোধো

জানো তুমি নুবুজা ।