ধৰ্ম্মীয় স্বাধীনতা অধিকাৰ

আমাৰ সংবিধান মতে, প্রত্যেকেই নিজৰ পছন্দমতে ধৰ্ম্ম অনুসৰণ কৰাৰ অধিকাৰ উপভােগ কৰে । এই স্বাধীনতাটো গণতন্ত্রৰ এটা চাপ হিচাপে পৰিগণিত হৈছে । ঐতিহাসিকভাৱে , পৃথিৱীৰ বিভিন্ন স্থানত বহুত শাসক আৰু সম্রাট আছিল যিয়ে তেওঁলােকৰ দেশৰ বাসিন্দাসকলক ধর্মীয় স্বাধীনতা উপভােগ কৰিব দিয়া নাছিল । যি ব্যক্তিয়ে শাসকতকৈ ভিন্ন ধর্ম অনুসৰণ কৰে , হয় তেওঁক নিৰ্যাতন দিয়া হৈছিল নহয় শাসকৰ  ধৰ্ম্মলৈ তেওঁক বলপূর্বকভাৱে পৰিবর্তন কৰােৱা হৈছিল । সেই কাৰণে গণতন্ত্রই সদায় জনসাধাৰণে নিজৰ পছন্দমতে ধৰ্ম্ম গ্ৰহণ কৰিব পৰাৰ স্বাধীনতাটো ইয়াৰ এটা প্রধান নীতি হিচাপে সংযােজিত কৰিছে ।

Type Sumit Patar

Class 11 Political Science