ৰাজ্যপালৰ ভূমিকা আৰু ৰাষ্ট্ৰপতিৰ শাসন

ৰাজ্যপালৰ ভূমিকাৰ বিষয়টোৱে সদায়েই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ বিতৰ্কৰ সৃষ্টি কৰি আহিছে। ৰাজ্যপালৰ পদবীটো নিৰ্বাচিত নহয়। অৱসৰপ্ৰাপ্ত সামৰিক বিষয়া, অসামৰিক বিষয়া বা ৰাজনৈতিক নেতাও ৰাজ্যপাল হয়। তদুপৰি, ৰাজ্যপালক কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়ে বাবে ৰাজ্যপালৰ কাৰ্য্যবোৰ ৰাজ্য চৰকাৰৰ কাম- কাজত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাপে গণ্য কৰা হয়। কেন্দ্ৰ আৰু ৰাজ্যত দুটা পৃথক দল  শাসনত থাকিলে ৰাজ্যপালৰ ভূমিকা অধিক বিতৰ্কিত হয়। কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্ক পৰ্য্যালোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া সাৰকাৰিয়া আয়োগে (১৯৮৩, ১৯৮৮ চনত প্ৰতিবেদন দাখিল কৰিছিল) পৰামৰ্শৰ আগবঢ়াইছিল যে, ৰাজ্যপালৰ পদবীটোৰ নিযুক্তি দলীয় ভিত্তিত হোৱা উচিত নহয়।আন এটা কাৰণতো ৰাজ্যপালৰ ক্ষমতা আৰু ভূমিকা  বিতৰ্কিত হৈছে। সংবিধানৰ এটা আটাইতকৈ বিতৰ্কিত অনুচ্ছে হৈছে ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসনৰ ব্যৱস্থাৰ থকা ৩৫৬ নং অনুচ্ছেদ। যেতিয়া ৰাজ্যত শাসন চলাব পৰা নাযায় তেতিয়া এই অনুচ্ছেদটো প্ৰয়োগ কৰিব পাৰি। ইয়াৰ ফলত ৰাজ্যৰ শাসন কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ যায়। ৰাষ্ট্ৰপতিৰ এনে ঘোষণাত সংসদে অনুমোদন জনাব লাগে। ৰাষ্ট্ৰপতি শাসন তিনি বছৰলৈ বৃদ্ধি কৰিব পৰা যায়। ৰাজ্যপালৰ ৰাজ্য চৰকাৰৰ বৰ্খাস্ত  কৰিবলৈ আৰু ৰাজ্যিক বিধানসভা ভঙ্গ বা নিষ্ক্ৰয় কৰি ৰাখিবলৈ পৰামৰ্শ দিয়াৰ ক্ষমতা আছে ইয়াৰ ফলতো বহুতো সংঘাতৰ সৃষ্টি হৈছে। কিছুমান ক্ষেত্ৰত ১৯৫৯ চনত কেৰালাত  হোৱাৰ দৰে - বিধানসভাতসংখ্যাগৰিষ্ঠতা থকাস্বত্বেও ৰাজ্যচৰকাৰ ভঙ্গ কৰা হৈছে, বা ১৯৬৭ চনৰ পিছত বিভিন্ন ৰাজ্যত হোৱাৰ দৰে সংখ্যাগৰিষ্ঠতা আছে নে নাই পৰীক্ষা নকৰাকৈয়ে ৰাজ্য চৰকাৰ ভঙ্গ কৰা হৈছে। কিছুমান ৰাজ্যই উচ্চতম ন্যায়ালয়ৰ ওচৰলৈ গৈছে আৰু ন্যায়ালয়ে মত প্ৰকাশ কৰিছে যে, ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰাৰ সিদ্ধান্ত সংবিধান সন্মত  হয় নে নহয় সেই কথা ন্যায়পালিকাই পৰীক্ষা কৰি চাব পাৰে। 

    ১৯৬৭ চনলৈ ৩৫৬ নং অনুচ্ছেদটো কাচিৎহে প্ৰয়োগ কৰা হৈছিল কিন্তু কেন্দ্ৰত কংগ্ৰেছৰেই চৰকাৰ আছিল। কেন্দ্ৰই প্ৰায়ে ৰাজ্য চৰকাৰ বৰ্খাস্ত কৰিবলৈ এই অনুচ্ছেদটো ব্যৱহাৰ কৰিছিল বা সংখ্যাগৰিষ্ঠ দল বা জোঁটক ক্ষমতা দখল কৰাত বাধা দিবলৈ ৰাজ্যপালৰ পদৱীটো ব্যৱহাৰ কৰিছিল। উদাহৰণস্বৰূপে কুৰি শতিকাৰ দশকত অন্ধ্ৰপ্ৰদেশ আৰু জম্মু আৰু কাশ্মীৰত নিৰ্বাচিত চৰকাৰ অপসাৰণ কৰিছিল। 

Type Sumit Patar

Class 11 Political science