7.5.3  চেপেটা কৃমি (Platyhelminthes)

   7.5.2ত আলোচনা কৰি অহা দুয়োবিধ প্ৰাণীতকৈ চেপেটা কৃমিজাতীয় প্ৰাণীৰ দেহৰ গঠন বেছি জটিল। সিহঁতৰ দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত, অৰ্থাৎ দীঘে দীঘে দোহৰ বাওঁ আৰু সোফাঁল একেধৰণৰ। দেহটো চিনিটা তৰপে গঠিত আৰু ইয়াৰ পৰা বেলেগ বেলেগ কলাৰ সৃষ্টি হয়। সেইকাৰণে ইহঁতক ত্ৰি-স্তৰীত প্ৰাণী বোলা হয়। এি স্তৰকেইটাই দেহৰ বহিঃ আৰু অন্তঃআৱৰণী গঠন কৰাৰ লগতে কিছুমান অংগ গঠন কৰে। ইহঁতৰ দেহত এনেধৰণৰ কলা পৰ্যায়ৰ সংগঠনৰ সৃষ্টি হয়। আন দেহৰ প্ৰকৃত দেহ গহ্বৰ নাথাকে। ইহঁতৰ দেহটো পৃষ্ঠীয় অংকীয়ভাৱে চেপেটা কৃমি বুলি কোৱা হয়। এই প্ৰাণীসমূহৰ কিছুমানে মুক্তভাৱে অকলশৰীয়াকৈ আৰু আন কিছুমানে পৰজীৱি হিচাবে বাস কৰে। মুক্তভাৱে অকলশৰীয়াকৈ বাসকৰা প্ৰাণীৰ উদাহৰণ হ'ল প্লেনেৰিয়া আৰু পৰজীৱিৰ উদাহৰণ হ'ল যকৃত কৃমি।





Class 9 General Science Assam SCERT Book (Chapter 7)

Type:- Bidyut Thakuria