সংসদে কি কৰে?

বিধানমগুলৰ কাম কি?  সংসদৰ দুয়োখন সদনে একে কাৰ্য্য কৰে নে? দুয়োখন সদনৰ ক্ষমতাৰ পাৰ্থক্য আছে নে?

আইনৰ প্ৰণয়নৰ উপৰিও আন বহুতো কামৰ লগত সংসদ জড়িত হৈ থাকে। সংসদৰ এই কামবোৰৰ আমি তালিকা বনাওঁ আহাঃ-

*আইন প্রণয়ন কাৰ্য্য ( Legislative Function ) : সংসদে সমগ্ৰ দেশৰ বাবে আইন প্রণয়ন কৰে । আইন প্রণয়নৰ মুখ্য গােট হােৱা সত্বেও সংসদে প্রায়ে আইন প্রণয়নত কেৱল অনুমােদনহে জনায় । বিধেয়কৰ ( Bill ) খচৰা প্রস্তুতকৰণৰ প্রকৃত কাম বিভাগীয় মন্ত্রীৰ তত্বৱধানত আমােলাইহে কৰে । বিধেয়কখনৰ সাৰমৰ্ম আৰু আনকি সময়ও মন্ত্রীসভাইহে ঠিক কৰে । মন্ত্রীসভাৰ অনুমােদন অবিহনে কোনাে গুৰুত্বপূর্ণ বিধেয়ক সংসদত উত্থাপন কৰা নহয় । মন্ত্ৰীৰ উপৰিও আন সদস্যইও বিধেয়ক উত্থাপন কৰিব পাৰে , কিন্তু চৰকাৰৰ সমর্থন অবিহনে এইবােৰে অনুমােদন লাভ কৰাৰ সম্ভাৱনা নাথাকে । 

*কাৰ্যপালিকাক নিয়ন্থণ কৰা আৰু ইয়াৰ দায়বদ্ধতা নিশ্চিত কৰে (Control of Executive and ensuring its accountability): সম্ভৱত: সংসদৰ আটাইতকৈ গুৰুত্বপূর্ণ কাৰ্য হৈছে , কাৰ্যপালিকাই যাতে নিজৰ কর্তৃত্ব গণ্ডীৰ বাহিৰ হৈ নাযায় আৰু তেওঁলােকক নির্বাচন কৰা জনসাধাৰণৰ প্রতি দায়বদ্ধ হৈ থাকে সেইকথা নিশ্চিত কৰা । এই কাৰ্য্যৰ বিষয়ে অধ্যায়টোৰ শেষৰ ফালে আমি বিশদভাৱে আলােচনা কৰিম ।

*বিত্তীয় কাৰ্য্য(Financial Function):চৰকাৰে বিভিন্ন কাৰ্য্যত বহুতাে টকা পইচা খৰছ কৰিবলগীয়া হয় । এই অর্থ ক'ৰ পৰা আহে ? প্রত্যেক চৰকাৰে কৰৰ জৰিয়তে অর্থ সংগ্রহ কৰে । অৱশ্যে , এখন গণতান্ত্রিক দেশত বিধানমণ্ডলে কৰ প্রক্রিয়া নিয়ন্ত্রণ কৰে আৰু চৰকাৰে কেনেদৰে অর্থ ব্যয় কৰিব সেইকথা নির্ণয় কৰে । ভাৰত চৰকাৰে কোনাে নতুন কৰ প্রৱর্তনৰ কথা উত্থাপন কৰিলে , লােকসভাই সেইবিষয়ত অনুমােদন জনাব লাগিব । সংসদৰ বিত্তীয় ক্ষমতাত চৰকাৰী কাৰ্য ৰূপায়ণৰ বাবে অর্থৰ মঞ্জুী  প্ৰদানৰ কথা জড়িত হৈ থাকে । চৰকাৰে কিমান অর্থ খৰছ কৰিছে আৰু কিমান সম্পদ খৰছ কৰিব বিচাৰে সেই হিচাপ বিধানমণ্ডলত দাখিল কৰিব লাগে । চৰকাৰে যাতে অপব্যয় (Misspend ) বা অধিক ব্যয় ( ( Over Spend ) নকৰে সেই কথাও বিধানম'লে নিশ্চিত কৰিব লাগে । বাজেট আৰু বাষিক অর্থনৈতিক বিবৃতিৰ ( Antual Financial Statement) জৰিয়তে এই কাম কৰা হয় । 

*প্রতিনিধিত্ব ( Representation ) : সংসদে ৰাষ্ট্ৰ খনৰ বিভিন্ন অংশৰ বেলেগ বেলেগ আঞ্চলিক, সামাজিক , অথনৈতিক আৰু ধৰ্মীয় গােটৰ ভিন্নমুখী মতামত প্রতিনিধিত্ব কৰে । 

*বিতর্ক কাৰ্য্য ( Debating Function): সংসদ হৈছে ৰাষ্ট্ৰখনৰ সর্বোচ্চ বিতৰ্কৰ মঞ্চ। ইয়াৰ আলােচনা কৰিব পৰা ক্ষমতাৰ কোনাে সীমাবদ্ধতা নাই । সদস্যসকলে যি কোনাে বিষয়ত নিৰ্ভয়ে মুকলি মনেৰে কথা কব পাৰে । ইয়াৰ ফলত ৰাষ্ট্ৰই সন্মুখীন হােৱা যিকোনাে সমস্যা সংসদত বিশ্লেষণ কৰি চোৱাটো সম্ভৱ হয় ।এই আলােচনাবােৰেই হৈছে গণতান্ত্রিক সিদ্ধান্ত গ্রহণৰ মূল ভিত্তি ।

* সংবিধানিক কার্য্য ( Constittient Function ): সংবিধান সংশোধনৰ বিষয়ে আলােচনা কৰা আৰু কাৰ্যকৰী কৰা ক্ষমতা সংসদৰ আছে । দুয়ােখন সদনৰ সংবিধান সম্পকীয় ক্ষমতা একে। সংবিধান সংশোধনৰ সকলাে প্ৰস্তাৱ দুয়ােখন সদনৰ বিশেষ সংখ্যাগৰিষ্ঠ সদস্যৰ ( Special majority ) দ্বাৰা অনুমােদিত হব লাগিব।

* নির্বাচন সম্পকীয় কার্য্য ( Electoral Function ) : সংসদে কিছুমান নির্বাচন সম্পকীয় কাৰ্য্যও কৰে । ই ভাৰতৰ ৰাষ্ট্রপতি আৰু উপ - ৰাষ্ট্ৰপতিক নির্বাচন কৰে।

*ন্যায়িক কাৰ্য্য ( Judicial Functions ):  ৰাষ্ট্রপতি , উপ - ৰাষ্ট্রপতি আৰু উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক অপসাৰণৰ প্ৰস্তাৱ বিবেচনা কৰাটো সংসদৰ ন্যায়িক কাৰ্য্যৰ অন্তর্ভূক্ত । 

ৰাজ্যসভাৰ ক্ষমতা ( Powers of Rajya Sabha ) 

ওপৰত আমি সংসদৰ সাধাৰণ কাৰ্যসমূহৰ বিষয়ে আলােচনা কৰিছাে অৱশ্যে দিসদনীয় বিধানমণ্ডলৰ দুয়ােখন সদনৰ ক্ষমতাৰ কিছু পার্থক্য থাকে । লােকসভা আৰু ৰাজ্যসভাৰ ক্ষমতাৰ বিষয়ে উল্লেখ থকা তালিকা দুখন চোৱা ।

লোকসভাৰ ক্ষমতা

*কেন্দ্ৰীয়  সূচী আৰু সমৱতী সূচূীত থকা বিষয়তে আইন প্ৰণনয়ন কৰে। কিত্ত বিধেয়ক আৰু অনা -বিত্ত বিধেয়ক ( Non- Money Bil)উত্থাপন আৰু প্ৰয়ণন কৰিব পাৰে। 

*কৰ বাজেট আৰু বাৰ্যিক বিত্তীয় বিবৃতিৰ প্ৰস্তাৱত অনুমোদন জনায়।

*প্ৰশ্ন, পৰিপূৰক প্ৰশ্ন,প্ৰস্তাৱ আৰু অনাস্থা প্ৰস্তাৱৰ দ্বাৰা কাৰ্য্যপালিকাক নিয়ন্ত্ৰণ কৰে।

*সংবিধান সংশোধন কৰে।

*জৰুৰী অৱস্থা ঘোষণাক অনুমোদন জনায়।

*ৰাষ্ট্ৰপতি আৰু উপ- ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰে আৰু উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় ন্যায়াধীশসকলক অপসাৰণ কৰিব পাৰে।

*কমিটি আৰু আয়োগ গঠন কৰে আৰু সেইবোৰৰ প্ৰতিবেদন পৰ্য্য়ালোচনা কৰে। 

ৰাজ্যসভাৰ  ক্ষমতা

* অনা - বিত্ত বিধেয়ক বিবেচনা আৰু অনুমোদন কৰে আৰু বিত্ত বিধেয়কত  সংশোধনৰ পৰামৰ্শ  দিয়ে।

 *সংবিধান  সংশোধনীত  অনুমোদন জনায়।

* প্ৰশ্ন আৰু প্ৰস্তাৱ উত্থাপন কৰি কাৰ্য্যপালিকাক নিয়ন্ত্ৰণ  কৰে ।

*ৰাষ্ট্ৰপতি , উপ- ৰাষ্ট্ৰপতি, উচ্চতম ন্য়ায়ালয়ৰ  ন্যায়াধীশৰ নিৰ্বাচন আৰু  অপসাৰণত অংশ গ্ৰহণ কৰে। উপ- ৰাষ্ট্ৰপতিৰ  অপসাৰণ ৰ প্ৰস্তাৱ কেৱল ৰাজ্যসভাতহে  উত্থাপন কৰিব পাৰি।

* ৰাজ্যিক সূচীত থকা বিষয়ত আইন প্ৰণয়ন কৰিবলৈ সংসদক ক্ষমতা প্ৰদান কৰিব পাৰে।

Type Sumit Patar

Class 11 Political Science