যুক্তৰাষ্ট্ৰবাদ কি ?

    ছোভেয়েট ৰাছিয়া পৃথিৱীৰ এক বৃহৎ শক্তি আছিল, কিন্তু ১৯৮৯ চনৰ পিছত ই ভাঙি গল আৰু কেইবাখনো স্বাধীন ৰাষ্ট্ৰত পৰিণত হল। ইয়াৰ ভাঙোনৰ এটা প্ৰধান কাৰণ আছিল অত্যাধিক কেন্দ্ৰীকৰণ আৰু পুঞ্জীভূত ক্ষমতা আৰু উজবেকিস্তানৰ দৰে স্বকীয় ভাষা আৰু সংস্কৃতি থকা অঞ্চল সমূহত ৰাছিয়াৰ অধিপত্য বিস্তাৰ। চেকোশ্লোভেকিয়া যুগোশ্লাভিয়া াৰু পাকিস্তানৰ দৰে দেশো বিভাজনৰ সম্মুখীন হৈছে। কানাডাতো ইংৰাজী ভাষী আৰু ফৰাচী ভাষী অঞ্চল সমূহৰ মাজত ভাঙোনৰ উপক্ৰম হৈছিল। ভাৰতৰ বাবে এয়া এক ডাঙৰ সফলতা নহয়নে যে ১৯৪৭ চনৰ দুঃখজনক বিভাজনৰ পিছত ই স্বাধীন জাতি ৰাষ্ট্ৰ বিচাপে গঢ়ি উঠিছিল আৰু স্বাধীনভাৱে থকাৰ ছয় দশকৰো অধিক কালৰ পিছতো ই ঐক্যৱদ্ধ হৈয়েই আছে? এনে সফলতাৰ কাৰণ কি? আমি সংবিধানৰ দ্বাৰা ভাৰতৰ বাবে গ্ৰহণ কৰা যুক্তৰাষ্ট্ৰী প্ৰকৃতিৰ শাসন ব্যৱস্থাৰ বাবেই এনে হৈছে বুলি কব পাৰো নেকি?ওপৰত উল্লেখ কৰা আটাইকেইখন দেশেই যুক্তৰাষ্ট্ৰ আছিল। তথাপি তেওলোকে ঐক্যৱদ্ধ হৈ থাকিব নোৱাৰিলে। সেইবাবে যুক্তৰাষ্ট্ৰীয় সংবিধান গ্ৰহণ কৰাৰ উপৰিও সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰকৃতি আৰু যুক্তৰাষ্ট্ৰ বাদক কাৰ্যত কেনেদৰে প্ৰয়োগ কৰা হৈছে সেয়াও ভাৰতখন সংগঠিত হৈ থকা এক গুৰুত্বপূৰ্ণ কাৰণ। 

    আকাৰ আৰু বৈচিত্ৰ্যৰ ফালৰ পৰা ভাৰতক এখন মহাদেশৰলগত তুলনা কৰিব পাৰি। ইয়াত ২০ টাতকৈও অধিক প্ৰধাৱ়ন ভাষা আৰু কেইবাশ গৌণ ভাষা আছে। ই হৈছে কেইবাটাও প্ৰদান ধৰ্মৰ গৃহভূমি। আছে। ইমানবোৰ বৈষম্য থকা সত্বেও আমি এক সমূহীয়া ভূমিখগুৰ সময়ছোৱাৰ একে ইতিহাসৰো অভিজ্ঞাতা লাভ কৰিছো। আমি আন বহুতো গুৰুত্বপৰ্ণ বৈশিষ্ট্যবোৰ অশীদাৰ।সেইবাবে আমাৰ ৰাষ্ট্ৰীয় নেতাসকলে ভাৰতক এখন বৈচিত্ৰৰ মাজত ঐক্য থকা দেশ হিচাপে অভিহিত কৰেয মাজে সময়ে ইয়াক বৈচিত্ৰৰ সৈতে ঐক্য বুলিও কোৱা হয়।

    যুক্তৰাষ্ট্ৰবাদ বিভিন্ন ঐতিহাসিক অৱস্থাত প্ৰয়োগ কৰিব পৰা কিছুমান নিৰ্দিষ্ট নীতিৰ সমষ্টি নহয়। বৰঞ্চ যুক্তৰাষ্ট্ৰবাদে চৰকাৰৰ নীতি হিচাপে বিভিন্ন অৱস্থাত বিভিন্ন ধৰণে গঢ় লৈ উঠিছে। আমেৰিকাৰ যুক্তৰাষ্ট্ৰবাদ হৈছে যুক্তৰাষ্ট্ৰীয় ৰাজনৈতিক ব্যৱস্থা গঠনৰ এক প্ৰথম প্ৰধান প্ৰচেষ্টা।ই জাৰ্মানী আৰু  ভাৰতৰ যুক্তৰাষ্ট্ৰবাদতকৈ পৃথক। কিন্তু তথাপিও যুক্তৰাষ্ট্ৰবাদৰ লগত কেইটামান প্ৰধান ধাৰণা জড়িত হৈ আছে। 

*  প্রকৃততে, যুক্তৰাষ্ট্ৰবাদ হৈছে কেন্দ্রীয় আৰু ৰাজ্যিক ক্ষেত্ৰত দুই ধৰণৰ শাসন ব্যৱস্থা কৰা এক আনুষ্ঠানিক আহিলা । প্রত্যেকখন চৰকাৰ নিজৰ কাৰ্য্য পৰিধিৰ ভিতৰত স্বাধীন । কিছুমান যুক্তৰাষ্ট্ৰীয় ৰাষ্ট্ৰত আনকি দ্বি নাগৰিকত্বৰ ব্যৱস্থাও আছে । ভাৰতত কেৱল একক নাগৰিকত্ব আছে । 

* সেইদৰে জনসাধাৰণৰাে দুই ধৰণৰ চিনাকি আৰু আনুগত্য থকিবলগীয়া হয়— তেওঁলোক অঞ্চলটোৰ লগত জড়িত হােৱাৰ লগতে ৰাষ্ট্ৰীয় ক্ষেত্ৰৰাে অংশ । উদাহৰণস্বৰূপে ক'ব পাৰি যে আমি গুজৰাটী বা ঝাৰখণ্ডী হ'ব পাৰাে , কিন্তু , লগতে ভাৰতীয়ও । প্রত্যেকটো স্তৰৰ শাসনতে নির্দিষ্ট ক্ষমতা , আৰু দায়িত্ব থাকে আৰু পৃথক চৰকাৰৰ ব্যৱস্থা থাকে । 

* এই দুই ধৰণৰ চৰকাৰৰ ব্যৱস্থাৰ বিস্তৃত বিৱৰণ সাধাৰণতে এখন লিখিত সংবিধানত উল্লেখ থাকে । এই সংবিধানখনক সর্বোচ্চ বুলি গণ্য কৰা হয় আৰু ই হৈছে দুয়াে ধৰণৰ চৰকাৰৰ ক্ষমতাৰ উৎস । প্রতিক্ষা , মূদ্রা ব্যৱস্থা আদি যিবােৰ বিষয় ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বাবে গুৰুত্বপূর্ণ , সেইবােৰৰ দায়িত্ব কেন্দ্রীয় চৰকাৰক দিয়া হয় । আঞ্চলিক বা স্থানীয় বিষয়ৰ দায়িত্ব ৰাজ্য চৰকাৰক অর্পণ কৰা হয় ।

* কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ বিৰােধক বাধা দিবলৈ আৰু বিবাদ মীমাংশ কৰিবলৈ এখন স্বাধীন ন্যায়পালিকাৰ ব্যৱস্থা থাকে । কেন্দ্র আৰু ৰাজ্যৰ ক্ষমতা বিভাজনৰ লগত জড়িত আইনসংগত বিষয়ৰ মতানৈক্য মীমাংসা কৰাৰ ক্ষমতা ন্যায়পালিকাৰ আছে । বাস্তৱ ৰাজনীতি , সংস্কৃতি , আদর্শ আৰু ইতিহাসে এখন যুক্তৰাষ্ট্ৰৰ প্ৰকৃত কাৰ্য্য পদ্ধতি নির্ণয় কৰে । বিশ্বাস , সহযােগিতা , পাৰম্পৰিক শ্রদ্ধা আৰু সহনশীলতাৰ সংস্কৃতিয়ে যুক্তৰাষ্ট্ৰক বাধাহীনভাৱে কাম কৰাত সহায় কৰে । সংবিধান এখনে কেনেদৰে কাম কৰিব সেই কথা ৰাজনৈতিক দলবােৰেও স্থিৰ কৰে । যদি কোনাে এটা গােট বা এখন ৰাজ্যই বা অধিক গােষ্ঠী বা আদর্শই সমগ্র যুক্তৰাষ্ট্ৰখনত আধিপত্য বিস্তাৰ কৰিব বিচাৰে তেতিয়া হ'লে এই প্রভাবশালী মতত অংশ গ্রহণ কৰিব নােৱাৰা জনসাধাৰণ বা তেওঁলোকৰ গোট সমূহৰ মাজত গভীৰ অসন্তুষ্টিৰ সৃষ্টি হ'ব । ইয়াৰ কলত অসন্তুষ্ট গােট সমূহে পৃথক হৈ যাবলৈ দাবী জনাব পাৰে বা এনে অৱস্থাৰ ফলত গৃহ যুদ্ধৰাে সৃষ্টি হ'ব পাৰে । বহুতাে ৰাষ্ট্ৰই এনে সতেজনক পৰিস্থিতিত সাঙোৰ খাই পৰিছে ।

নাইজেৰিয়াৰ যুক্তৰাষ্ট্ৰবাদ ( Federalism in Nigeria )

যদি বিভিন্ন অঞ্চল আৰু সম্প্রদায়ৰ এটাই আনটোক সমর্থন নকৰে , তেনে পৰিস্থিতিত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থায়াে ঐক্য সাধন কৰাত ব্যৰ্থ হ'ব পাৰে । এই ক্ষেত্ৰত নাইজেৰিয়াৰ উদাহৰণ শিক্ষাপ্রদ হ’বঃ

     ১৯১৪ চনলৈ উত্তৰ আৰু দক্ষিণ নাইজেৰিয়া দুখন পৃথক বৃটিছ উপনিৱেশ আছিল । ১৯৫০ চনৰ ইবাদান সাংবিধানিক সন্মিলনত ( Ibadan Constitutional Conference ) নাইজেৰিয়াৰ নেতাসকলে এখন যুক্তৰাষ্ট্ৰীয় সংবিধান ৰচনাৰ সিদ্ধান্ত গ্রহণ কৰিছিল । নাইজেৰিয়াৰ তিনিটা প্রধান নৃগোষ্ঠী-   য়ৰুবা ( Yoruba ) , ইব ’ ( Ibo ) আৰু হৌসা ফুলানিয়ে ( Housa Fulani ) ক্ৰমে পশ্চিম , পূৱ আৰু উত্তৰ অঞ্চল নিয়ন্ত্রণ কৰিছিল । আন অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিব বিচৰা তেওঁলােকৰ প্রচেষ্টাই ভয় আৰু সন্ত্রাসৰ সৃষ্টি কৰিছিল । ইয়াৰ ফলত সামৰিক শাসনৰ সূত্রপাত হৈছিল । ১৯৬০ চনৰ সংবিধান অনুসৰি যুক্তৰাষ্ট্ৰীয় আৰু আঞ্চলিক চৰকাৰ উভয়ে যুটীয়াভাৱে নাইজেৰিয়া আৰক্ষীক নিয়ন্ত্ৰণ কৰিছিল। ১৯৭৯চনত সামৰিক তত্ত্বাৱধানত থকা সংবিধানে কোনো ৰাজ্যত অসামৰিক আৰক্ষী ৰখা কাৰ্য্যত অনুমোদন জনোৱা নাছিল।

    নাইজেৰিয়াত ১৯৯৯ চনত গণতন্ত্ৰ পুনৰ সংস্থাপন কৰা হৈছিল যদিও ধৰ্মীও বিভিন্নতাৰ লগতে তৈল সম্পদৰ পৰা আহৰণ কৰা ৰাজহ কোনে নিয়ন্ত্ৰণ  কৰিব সেই বিষয়ে বিবাদ  চলি থকাত নাইজেৰিয়াৰ যুক্তৰাষ্ট্ৰবাদ সমস্যাৰ সম্মুখীন হৈয়েই থাকিল। স্থানীয় নৃগোষ্ঠীৰ সম্প্ৰদায় সমূহে তৈল সম্পদৰ কেন্দ্ৰীভূত  নিয়ন্ত্ৰণত বাধা জন্মইছিল। এইদৰে নাইজেৰিয়াৰ হৈছে এনে এটা উদাহৰণ যত যুক্তৰাষ্ট্ৰ গঠন কৰা গোটসমূহ ধৰ্মীয় নৃগোষ্ঠীয় আৰু অৰ্থনৈতিক বিভিন্নতাৰে পৰিপূৰ্ণ হৈ আছে। 

Type Sumit patar

Class 11 Political science