সোণেৰে সজোৱা পজাঁ | সোণেৰে সজোৱা পজাঁ জুবিন গাৰ্গৰ অসমীয়া গীত ।  Zubeen Garg Assamese song Sunere Sojuwa pooja | 


সোণেৰে সজোৱা পঁজা

 

সোণেৰে সজোৱা পঁজা জহি যায়

কোনে আজি সাজিবহি পাৰিবি দুনাই ।।

এধানী এদনীকৈ মেদিনী হেৰাই

সাতোৰঙী ৰামধেনু ডাৱৰত লুকাই ।

কোনেও নুবুজে তাকো নিজকে ধিয়াই ।

 

বুঢ়ী আইৰ জুহালতে চকুলো শুকাই

দিউতাৰো একে দশা পদূলিলে চাই

বহুদিন হল সৰু বোপাৰ মুখ দেখা নাই

চেনেহীৰ আকাশত আজি জোন তৰা নাই

হালৰ গৰু গোহালিতে পথাৰো শুকাই ।

ৰাতি হলে গুলীৰ শব্দ ৰজনজনাই ।।


স্বাধীনতাৰ বুজ লওঁতেই এশ বছৰ গ

বিষ্ণু-জ্যোতিৰ জোনাকী দেশ এতিয়াও নহল ।

মানৱৰ মাজতেই আজি দানৱৰ হুংকাৰ

পঢ়া-শুনা সংস্কৃতি সকলো অসাৰ

এয়াই জানো সপোন আছিল কুৰি শতিকাৰ

সকলোতে মাথোঁ প্ৰশ্ন অনিয়ম অনাচাৰ ।।

সোণেৰে....।।