Unite 1

(গুপ্ত যুগ)

Age of the Guptas



EXERCISE (অনুশীলনী) 

1. Long questions : 

(i) Discuss briefly the political condition of India on the eve of the foundation of the Gupta Empire. (গুপ্ত সাম্ৰাজ্যৰ ভেটিৰ প্ৰাকমুহূৰ্তত ভাৰতৰ ৰাজনৈতিক অৱস্থাৰ বিষয়ে চমুকৈ আলোচনা কৰক)

উত্তৰঃ কুশান আৰু সাতবাহনসকলৰ পতনৰ পৰা গুপ্ত ৰাজবংশৰ উত্থানৰ মাজৰ যি সময় আছিল তাকে ভাৰতবৰ্ষৰ বুৰঞ্জীত অন্ধকাৰ যুগ বুলি কোৱা হয় । এই সময়ছোৱাত বহুতো স্থানীয় শক্তিয়ে কুশান সাম্ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰি স্বাধীন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । মুদ্ৰা, লিপি আৰু সাহিত্যৰ কথা মতে স্বাধীন ৰাজ্যবোৰৰ কিছুমান ৰাজতান্ত্ৰিক আৰু কিছুমান আছিল গণতান্ত্ৰিক । কুশান সাম্ৰাজ্যৰ ভাঙোন পূব দিশৰ পৰা সূচনা হৈছিল । গংগা, উপত্যকাত কুশান সাম্ৰাজ্যৰ অধীনতা দলিয়াই পেলোৱা স্বাধীনতা ঘোষণা কৰা সকলোতকৈ আগৰ শক্তি হল কৌসম্বীৰ মাঘশ । সেই একেখিনি সময়তে আন বংশৰ এজন শাসক হল ভদ্ৰনাথ । অযোধ্যা অঞ্চলত মিত্ৰ উপাধি গ্ৰহণ কৰা কিছু শাসক শ্ৰেণীৰ উত্থান হৈছিল । এই শাসকসকলে কুশানৰ শাসিত অঞ্চলত সমতা আহৰণ কৰি আছিল । যমুনা উপত্যকাত নাগ ৰজাসকলে শাসন কৰিছিল ।নাগসকল আছিল অতীতৰ ভাৰতবৰ্ষৰ সাপক পূজা কৰা এটা অনাৰ্যজাতি । মথুৰা আৰু বিদিশা অঞ্চলৰ পৰা কুশানসকলৰ শাসন ক্ষমতা উচ্ছেদ কৰাত নাগসকলে এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । কুশান সাম্ৰাজ্য বা কুশান ৰাজবংশ পতন হোৱাৰ পিছত নাগসকল উত্তৰ ভাৰতত এটা শক্তিশালী ৰাজনৈতিক শক্তিত পৰিণত হৈছিল । পুৰাণৰ সাতিত্যৰ মতে বিদিশা, কৰ্ণাটকী ,মথুৰা আৰু পদ্মাৱতীত নাগসকলৰ শক্তিশালী ভেটি আছিল । গুপ্তসকতলৰ  উত্থানৰ সময়ছোৱাতে মথুৰা আৰু পদ্মাৱতী অঞ্চলত নাগবংশৰ সাতজন ৰজাই ৰাজত্ব কৰি আছিল । লিপি আৰু মুদ্ৰাসমূহে বা মুদ্ৰাৰ তথ্যই নাগৰাজ্যৰ অৱস্থিতিৰ বিষয়ে সোৱৰাই দিয়ে । কুশান সাম্ৰাজ্যৰ পতনৰ পাছত উত্থান হৈছিল এই গণতান্ত্ৰিক ৰাজ্যবোৰৰ । গংগা-যমুনা উপত্যকাৰ পৰা স্থানীয় ৰাজকীয় শক্তিবোৰে কুশানৰ পৰা  ক্ষমতা কাঢ়ি লোৱা সময়তে ৰাজপুটনা আৰু পাঞ্জাৱৰ পৰাও কুশানসকল উচ্ছেদ কৰিছিল । গণতান্ত্ৰিক গোষ্ঠীবোৰ গুপ্ত সাম্ৰাজ্যত চামিল হৈছিল । পূৱ পঞ্জাৱ, উত্তৰ ৰাজপুতনা আৰু উত্তৰ প্ৰদেশ সংলগ্ন অঞ্চলত থকা গণতান্ত্ৰিক সংবিধান পৰিচালিত যৌধেয়সকলে ১৭৫ খৃঃত  কুশানসকলৰ পৰা স্বাধীনতা কৰিছিল । 


(ii) Describe the main sources for the writing of the history of the Guptas. (গুপ্তসকলৰ ইতিহাস লিখাৰ মুখ্য উৎসবোৰৰ বিষয়ে বৰ্ণনা কৰা)

উত্তৰঃ-গুপ্ত সাম্ৰাজ্যৰ ইতিহাস লিখাৰ মুখ্য উৎসবোৰৰ বিষয়ে তলত বৰ্ণনা কৰা হল 

ক) ভাৰতীয় সাহিত্যগত সমল ঃ গুপ্তসকলৰ ইতিহাস ৰচনা কৰিবৰ কাৰণে মূল্যবান সমলৰ যোগান ধৰা ভাৰতীয় সাহিত্যৰ ভিতৰত চাৰিখন পুৰাণ বিশেষভাৱে উল্লেখযোগ্য হৈ পৰিছে । সেই পুৰাণকেইখন হল বিষ্ণু পুৰাণ, বায়ু পুৰাণ, মৎস্য পুৰাণ আৰু ব্ৰহ্মা পুৰাণ । এই চাৰিখন পুৰাণত গুপ্তৰজাসকলৰ আদি ইতিহাস,সাম্ৰাজ্যৰ বিস্তৃ আৰু সাংস্কৃতিক কাৰ্য্যৰ বিষয়ে যথেষ্ট অৱদান পোৱা যায় । গুপ্ত সাম্ৰাজ্যৰ অন্তভূক্ত হৈ থকা প্ৰদেশসমূহৰ জ্ঞান, ৰজাসকলৰ তালিকা, আৰু বহুতো মূল্যবান তথ্য পুৰাণবোৰৰ পৰা আহৰণ কৰিব পাৰি । এই ক্ষেত্ৰত ধৰ্মশাস্ত্ৰবোৰৰ কথা কব পাৰি ।

ধৰ্মশাস্ত্ৰবোৰ যেনে নাৰদ স্মৃতি, বৃহস্পতি স্মৃতি আৰু কামানন্দৰ নীতিসাৰ গুপ্ত সাম্ৰাজ্যৰ ৰাজনীতি আৰু চৰকাৰী নীতিৰ তথ্যসমূহৰে আবৃত । এই ধৰ্মীয় সমলবোৰে গুপ্ত যুগৰ ধৰ্মীয় অৱস্থা, ৰীতি-নীতিবোৰৰ নৈতিকতাৰ সম্ভেদ দিব পাৰে । এই সময়ছোৱাত ব্যাস, হৰিতা আৰু পুলস্তাৰ দ্বাৰা স্মৃতিশাস্ত্ৰ ৰচিতা হৈছিল ।কালিদাসৰ দ্বাৰা ৰচিত ৰঘুবংশ আৰু অভিজ্ঞানম শকুন্তলময়ে গুপ্তযুগৰ বিভিন্ন ঘটনাৰ সাক্ষ্য বহন কৰি আহিছে । বিশাখাদত্তৰ দ্বাৰা ৰচিত আনখন নাটক মুদ্ৰাৰাক্ষসত গুপ্তৰ ইতিহাস জড়িত হৈ আছে । 

খ) বিদেশী টোকা ঃ গুপ্তযুগৰ সময়ছোৱাত বহুতো বিদেশী ভ্ৰমণকাৰীয়ে ভাৰত ভ্ৰমণ কৰি গুপ্ত সাম্ৰাজ্যৰ বিভিন্ন দিশৰ ইতিহাস ৰচনা কৰাত সহায় কৰি আহিছে । সেই টোকাসমূহে গুপ্তযুগৰ ইতিহাস ৰচনা কৰাত সহায় কৰি আহিছে । গুপ্ত সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত  চীনা ভ্ৰমণকাৰী ফাহিয়ানে ভাৰতত উপস্থিত হৈছিল । ফাহিয়ানে তেওঁৰ টোকাত গুপ্তযুগৰ আৰ্থ সামাজিক আৰু ধৰ্মীয় অৱস্থাৰ বিষয়ে লিখিছিল । ফাহিয়ানে ভাৰতত সাতবছৰ কটাইছিল । ৭ম শতিকাত ভাৰতলৈ অহা এজন চীনা ভ্ৰমণকাৰী আছিল ওৱাঙ হিউৱেন চিং । উত্তৰ ভাৰতৰ শক্তিশালী শেষৰজন হিন্দু সম্ৰাট হৰ্ষবৰ্দ্ধনৰ ৰাজত্ব কৰি থকা সময়তে চীনা পৰিব্ৰাজক হিউৱেন চাং বৌদ্ধ ধৰ্মৰ তথ্য সংগ্ৰহৰ বাবে ভাৰতবৰ্ষত উপস্থিত হৈছিল । তেও সেই সময়ৰ বৌদ্ধ ধৰ্মৰ কেন্দ্ৰস্থল নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিছিল ।  ৰজা হৰ্ষবৰ্দ্ধনে বৌদ্ধ ধৰ্ম প্ৰচাৰকজনৰ সন্মানৰ অৰ্থে কণৌজ আৰু প্ৰয়াগত দুখন বৌদ্ধ মহামেলৰ আয়োজন কৰিছিল । ভাৰতৰ ভ্ৰমণ সামৰি হিউৱেন চাংঙে ভাৰতবৰ্ষৰ সকলো দিশৰ বিষয়ে আলোচনা কৰি চি.ইউ. কি নামৰ এখন গ্ৰন্থ লিখিছিল । তেওঁ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত ভাৰতবৰ্ষলৈ আহিছিল ।  তেওঁ লিখা গ্ৰন্থখনত গুপ্তসকলৰ বিষয়ে আৰু গুপ্তসকলৰ আদি বাসস্থানৰ বিষয়ে বৰ্ণনা পোৱা গৈছে । চীনৰ পৰ্যটকসকলৰ বাবে মৃগশিখবন নামৰ বৌদ্ধ মঠ এটা শ্ৰী গুপ্তই নিৰ্মাণ কৰিছিল । 

গ) প্ৰত্নতাত্ত্বিক সমল ঃ গুপ্ত যুগৰ ইতিহাসৰ বিষয়ে জানিবলৈ হলে কেইটামান উল্লেখযোগ্য সমলৰ বিষয়ে জানিবলৈ লাগিব । সেই প্ৰত্নতাত্ত্বিকসমলবোৰ হল মুদ্ৰা, লিপি, আৰু স্মৃতিচিহ্ন ।

ভাৰতীয় মুদ্ৰাৰ ইতিহাসত গুপ্তযুগে এটা নতুন যুগৰ সূচনা কৰিছিল ।

গুপ্তবংশৰ প্ৰায় প্ৰতিজন ৰজাই মুদ্ৰা তৈয়াৰ কৰিছিল । ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হোৱা সোণ, ৰূপ, আৰু তামৰ মুদ্ৰাই গুপ্ত যুগৰ ৰাজনৈতিক, ধৰ্মীয়, অৰ্থনৈতিক, আৰু সাংস্কৃতিক বিকাশৰ বিষয়ে সম্ভেদ দিয়ে । তাৰোপৰি মুদ্ৰাসমূহ হৈছে বিভিন্নধৰণৰ । সমুদ্ৰগুপ্তৰ মুদ্ৰাসমূহত ঘোৰাৰ অশ্বমেধ, ধনুৰ্দ্ধাৰী বীৰসকলৰ চিহ্ন পোৱা যায় । দ্বিতীয়চন্দ্ৰগুপ্তৰ মুদ্ৰাবোৰত গাৰোৱান, অশ্বাৰোহীসকলৰ ছত্ৰ, সিংহ বধ আৰু ধনুৰ্ধাৰী লোকসকলৰ প্ৰতীক অংকন কৰি থোৱা হৈছে । গুপ্তযুগৰ সমলবোৰৰ ভিতৰত লিপিবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । সেইকাৰণে লিপিবোৰক গুপ্তযুগৰ ইতিহাসৰ সমল বুলি কোৱা হয় । লিপিসমূহ প্ৰধানকৈ শিল স্তম্ভ, আৰু ব্ৰঞ্জ বা তামৰ ফলিত খোদিত কৰা হৈছে । এই লিপিসমূহৰ ভিতৰত উল্লেখযোগ্য লিপিসমূহ হল এলাহাবাদ স্তম্ভ লিপি, উদয়গিৰি গুহালিপি,সাচী লিপি, গধেৰা শিলালিপি, জুনাগড় পৰ্বতৰ লিপি, ইন্দোৰ তামৰ লিপি। 


(iii) How did Chandragupta  I establish the Gupta Empire ? (চন্দ্ৰগুপ্তই কেনেকৈ গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল?)

উত্তৰঃ- ৩২০-৩৩৫ খ্ৰীঃত প্ৰথম চন্দ্ৰগুপ্ত ৰজা হয় । গুপ্ত সাম্ৰাজ্যৰ পৰা জনা যায় যে গুপ্তবংশৰ প্ৰথমজন স্বাধীন ৰজা হল প্ৰথম চন্দ্ৰগুপ্ত । প্ৰথম চন্দ্ৰগুপ্তই সিংহাসনত বহাৰ লগে লগে গুপ্ত ৰাজবংশৰ ইতিহাসত এটা নতুন যুগৰ আৰম্ভণি কৰিছিল । তেওঁ ৰাজত্বকালৰ পৰাই গুপ্ত শকাব্দ আৰম্ভণি হৈছিল । প্ৰথম চন্দ্ৰগুপ্তই মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল । প্ৰথম চন্দ্ৰগুপ্ত হৈছে গুপ্তযুগৰ প্ৰথমজন শক্তিশালী ৰজা । প্ৰথম চন্দ্ৰগুপ্তই লিচ্ছবী ৰাজকুমাৰী কুমাৰদেৱীক সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল ।

প্ৰথম চন্দ্ৰগুপ্তই বিবাহৰ স্মৃতি ৰক্ষাৰ্থে সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল ।

প্ৰথম চন্দ্ৰগুপ্ত আৰু কুমাৰদেৱীৰ বৈবাহিক সম্পৰ্কৰ গুৰুত্ব অতি মন কৰিবলগীয়া । এই সম্পৰ্কৰ ফলতেই চন্দ্ৰগুপ্তই স্বাধীন হৈ মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল । লিচ্ছবী ৰাজ্যখন গৌতম বুদ্ধৰ দিনৰে পৰা ৰাজনৈতিকভাৱে শক্তিশালী আছিল। প্ৰথম চন্দ্ৰগুপ্তৰ সিংহাসন লাভ কৰাৰ সময়তগুপ্ত সাম্ৰাজ্যখন দুৰ্বল আৰু চালুকীয়া আছিল । কিন্তু তাৰ প্ৰতিবেশী বাকাটক, লিচ্ছবী আৰু শক ৰাজ্য বৰ শক্তিশালী হৈ পৰিছিল ।      সেইকাৰণে প্ৰথম চন্দ্ৰগুপ্তই কৌশলী পদক্ষেপ লৈ গুপ্ত ৰাজ্যৰ অখণ্ডতা আৰু নিৰাপত্তা নিশ্চিত কৰিব লগা হৈছিল । সেইকাৰণে প্ৰতিবেশী ৰাজ্যবোৰক প্ৰতিৰোধ কৰাৰ বাবে লিচ্ছবী ৰাজ্যৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল । এই সম্পৰ্কই গুপ্ত ৰাজ্যক শক্তিশালী কৰিছিল । এলানৰ মতে এই সম্পৰ্কই গুপ্ত সাম্ৰাজ্যৰ সন্মান বৃদ্ধি পোৱাত সহায় কৰিছিল ।কুমাৰদেৱীয়ে নিজে লিচ্ছবী ৰাজ্য শাসন কৰিছিল । গতিকে মুদ্ৰাই প্ৰমাণ কৰে যে বৈবাহিক সম্পৰ্কই দুয়োখন ৰাজ্যক একগোট কৰি তুলিছিল । গুপ্ত সাম্ৰাজ্যৰ প্ৰথমজন স্বাধীন ৰজা প্ৰথম চন্দ্ৰগুপ্তই গুপ্ত সাম্ৰাজ্যৰ স্থিতি শক্তিশালী কৰা আৰু নিজ ৰাজ্যৰ নিৰাপত্তা ৰক্ষাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিছিল । তেওঁ সাম্ৰাজ্য প্ৰকৃত সীমা নিৰ্ধাৰণ কৰা বৰ কঠিন হৈ পৰিছিল । গুপ্ত সাম্ৰাজ্যৰ শক্তি বৃদ্ধি কৰাৰ লগতে তেওঁ নিজ সাম্ৰাজ্যৰ সম্প্ৰসাৰণৰ চেষ্টা কৰিছিল । কিন্তু তেওঁ গ্ৰহণ কৰা মহাৰাজাধিৰাজ উপাধিয়ে প্ৰথম চন্দ্ৰগুপ্তৰ ক্ষমতা আৰু সাম্ৰাজ্যখনৰ বিশাল অৱস্থাৰ কথাকে বুজায় । পুৰাণৰ তথ্যক ভিত্তি কৰি পৰামৰ্শ আগবঢ়োৱা বা আগবঢ়াইছে যে শকেতা , প্ৰয়াগ, আৰু মগধ তেওঁৰ সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত হৈ আছিল । প্ৰথম চন্দ্ৰগুপ্তই কোশল আৰু কৌসম্বী ৰজাক পৰাভূত কৰি দুয়োখন ৰাজ্য গুপ্ত সাম্ৰাজ্যৰ সৈতে চামিল কৰিছিল । প্ৰকৃত অৰ্থত তেওঁ অযোধ্যা, বিহাৰ, তিৰহুত প্ৰয়াগ আৰু মগধকে লৈ গুপ্ত বা চন্দ্ৰগুপ্তৰ ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল ।                                                             

(iv) Give an estimate of Samudragupta as a military leader ? (সমুদ্ৰগুপ্তক এজন সামৰিক নেতা হিচাপে কিয় অনুমান কৰে ?) 

উত্তৰঃ-সমুদ্ৰগুপ্ত এজন মহান যোদ্ধা আছিল । তেওঁৰ সাহস, বীৰত্ব সৈন্য বাহিনীৰ নেতৃত্ব আৰু সামৰিক সাতাৰ কাৰণে তেওঁক ভাৰতবৰ্ষৰ নেপোলিয়ন বুলি কোৱা হয় । সমুদ্ৰগুপ্তৰ প্ৰধান লক্ষ্য আছিল খণ্ডন হৈ যোৱা ভাৰতবৰ্ষক পুনৰ এক কৰা । সেই উদ্দেশ্য পূৰণ কৰিবৰ বাবে তেওঁ দিগ্বীজয় নীতিৰ অৱলম্বন কৰিছিল । প্ৰথম অৱস্থাত সমুদ্ৰগুপ্তই তেওঁৰ পূৰ্ববতী ৰজাসকলৰ পৰা এখন ক্ষুদ্ৰ ৰাজ্যহে লাভ কৰিছিল । কিন্তু তেওঁ পৰবৰ্তী  উত্তৰাধিকাৰীসকলৰ কাৰণে এৰি থৈ গৈছিল এখন বিশাল সাম্ৰাজ্য । এলাহাবাদ প্ৰশস্তিয়ে ভাৰতৰ চাৰিদিশত লাভ কৰা তেওঁৰ সামৰিক সফলতা আৰু ৰাজ্য সম্প্ৰসাৰণৰ বিৱৰণ দিয়ে ।  সেইদৰে মুদ্ৰাৰ পৰাও তেোঁৰ সামৰিক সাজ-পোছাক পৰিধান কৰি হাতত অস্ত্ৰ তুলি লৈ থকা অৱস্থাত দেখা যায় ।

(v) What light does the Allahabad pillar Inscription throw of the military achievements or conquests of Samudragupta ? (এলাহাবাদ স্তম্ভ শিলালিপিয়ে সমুদ্ৰগুপ্তৰ সামৰিক সাফল্য বা বিজয়ৰ কি পোহৰ পেলায়?)  

উত্তৰঃ- এলাহাবাদ স্তম্ভ শিলালিপিৰ মতে গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তই দক্ষিণৰ ভাৰতবৰ্ষৰ ১২ জন ৰজাক পৰাজয় কৰিছিল । তেওঁৰ হাতত পৰাজয়বৰণ কৰা ৰজা কেইজন আছিল কোশল ৰাজ্যৰ ৰজা মহেন্দ্ৰ, মহাকান্তাৰৰ ব্ৰাঘ্ৰৰাজ, কৌৰলাৰ মন্টৰজা, প্ষ্টপুৰমৰ মহেন্দ্ৰগিৰী, কোট্টৰৰ স্বামীদত্ত, এৰন্দপালৰ দামন, কাশীৰ বিষ্ণুগোপ, অবমুক্তাৰ নীলৰাজ, কুষ্টলপুৰৰ ধনঞ্জয় । দক্ষিণভাৰতৰ ৰাজ্যবোৰৰ কাৰণে তেওঁ .ধৰ্মবিজয় নামৰ এটা নীতিহে অনুসৰণ কৰিছিল । দাক্ষিণাত্যৰ পৰাজিত ৰাজ্যবোৰ সম্ৰাট সমুদ্ৰগুপ্তই গুপ্ত সাম্ৰাজ্যৰ লগত লগ কৰা নাছিল । তেওঁ পৰাজিত ৰজাবোৰক তেওঁলোকৰ নিজ নিজ ৰাজ্যত কৰতলীয়া হিচাপে পুনৰ সংস্থাপন কৰিছিল । পৰাজিত হোৱা ৰজাবোৰে গুপ্ত সাম্ৰাজৰ আধিপত্য স্বীকাৰ কৰিছিল ।

এলাহাবাদ  লিপিত উল্লেখ কৰি থোৱা হৈছে যে পাচখন সীমান্ত ৰাজ্যই সমুদ্ৰগুপ্তক কৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দি অধীনতা স্বীকাৰ কৰিছিল । সেইবোৰ ৰাজ্য আছিল সমাটক, ডবাক, কামৰূপ নেপাল আৰু কাত্ৰিপুৰ ।

এলাহাবাদ লিপিয়ে সমুদ্ৰগুপ্তৰ উত্তৰ-পশ্চিম ভাৰতবৰ্ষ বিজয়ৰ তথ্যও সন্নিবিষ্ট হৈ আছিল । এলাহাবাদ প্ৰশস্তিয়ে গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ অধীনতাবোৰ স্বীকাৰ কৰি নিজৰ কন্যাক সমুদ্ৰগুপ্তলৈ উপহাৰ হিচাপে পঠাইছিল ।

(vi) Describe the political and martial achievements of Chandragupta II ? (দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজনৈতিক আৰু সামৰিক সাফল্যবৰ্ণনা কৰিব নেকি?)

উত্তৰঃ-  দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালৰ গুৰুত্বপূৰ্ণ বৈদেশীক ঘটনাসমূহ আছিল বাকাটক ৰজা দ্বিতীয় ৰুদ্ৰসেনৰ সৈতে সমুদ্ৰগুপ্তৰ বৈবাহিক সম্পৰ্ক আৰু শক ক্ষত্ৰপসকলৰ সৈতে যুদ্ধ । দ্বিতীয় চন্দ্ৰগুপ্তৰ বৈদেশীক নীতিত বৈবাহিক মিত্ৰতাই গুৰুত্বপূৰ্ণ আৰু মৰ্যাদাপূৰ্ণ স্থান দখল কৰিছিল । প্ৰথম চন্দ্ৰগুপ্তৰ লিচ্ছবীসকলৰ সৈতে হোৱা বৈবাহিক সম্পৰ্কই গুপ্ত সাম্ৰাজ্যৰ স্থিতিটোক শক্তিশালী কৰি তুলিছিল । উঝনি প্ৰদেশবোৰ জয় কৰি নতুনকৈ অধিকাৰ কৰা অঞ্চলসমূহত গুপ্তসকলৰ ক্ষমতা অধিক শক্তিশালী কৰাৰ বাবে আৰু তাৰ পিছৰ অভিযানসমূহৰ কাৰণে ভেটি ৰচনা কৰাৰ উপায় হিচাপে ভাৰতৰ অন্য ৰাজবংশসমূহৰ সৈতে মিত্ৰতা প্ৰয়োজন আছে বুলি অনুভৱ কৰিছিল । সেইকাৰণে সমুদ্ৰগুপ্তই  শক-কুশান আৰু আন আন নেতাবোৰৰ পৰা আৰু অন্যান্য বৈদেশীক ৰাজ্যবোৰৰ পৰা ৰাজদুহিতা উপহাৰ হিচাপে পাইছিল । দ্বিতীয় চন্দ্ৰগুপ্তই নাগ বংশৰ ৰাজকুমাৰী কুবেৰ নাগক বিয়া কৰাইছিল আৰু নাগশক্তিৰ ূন্ধুত্ব লাভ কৰিছিল । নাগসকল হল এটা শক্তিশালী ৰাজবংশ । দ্বিতীয় চন্দ্ৰগুপ্তই নাগসকলৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰি গুপ্ত সাম্ৰাজ্যক শক্তিশালী কৰি গঢ়ি তোলাত উপকৃত হৈছিল । ৰাণী কুবেৰ নাগ আৰু দ্বিতীয় চন্দ্ৰগুপ্তৰ কন্যা প্ৰভাৱতী গুপ্তাক বেৰাৰ আৰু তাত লগ হৈ থকা অঞ্চলৰ বাকাটক ৰজা দ্বিতীয় ৰুদ্ৰসেনলৈ বিয়া দি গুপ্ত-বাকাটকৰ মাজত বন্ধুত্বমূলক সম্পৰ্ক স্থাপন কৰা হৈছিল । দ্বিতীয় চন্দ্ৰগুপ্তৰ শক আৰু ক্ষত্ৰপৰ ওপৰত লাভ কৰা বিজয়ে তিনিশ বছৰীয়া বিদেশী শাসনৰ পৰা পশ্চিম ভাৰতক মুক্ত কৰিছিল । এই বিজয়ে বিদেশী শাসনৰ শেষৰ চিনটোও নাইকীয়া কৰিছিল আৰু গুপ্ত সম্ৰাজ্যৰ পশ্চিম দিশৰ প্ৰাকৃতিৰ সীমা আৰব সাগৰলৈ সম্প্ৰসাৰণ কৰছিল । নতুনকৈ অধিকাৰ কৰা অঞ্চলবোৰ বহু দিশৰ পৰা অধিক গুৰুত্বপূৰ্ণ আছিল । গুজৰাট উপকুলত গুৰুত্বপূৰ্ণ পোতাশ্ৰয় আৰু বন্দৰবোৰ আছিল । এই বন্দৰবোৰ ভাৰতীয় আৰু পশ্চিমীয়া বিশ্বৰ সমসাময়িক কেন্দ্ৰ আছিল । গুপ্ত সাম্ৰাজ্য আৰু পশ্চিমীয়া দেশবোৰৰ মাজত বাণিজ্যিক আদান-প্ৰদান কৰাৰ লগতে সাংস্কৃতিক আদৰ্শৰো বিনিময় কৰা হৈছিল । ৰাজ্যৰ সকলো প্ৰান্তৰ পৰা উজ্জয়িনীলৈ পথ মুলি কৰি দিয়া হৈছিল ।

দিল্লীৰ কুতুবমিনাৰৰ ওচৰত থকা মেহৰুলি লৌহস্তম্ভত খোদিত তথ্যমতে ৰজা চন্দ্ৰগুপ্তই বংগৰ বিদ্ৰোহী নেতাবোৰৰ এটা যৌথ শক্তিক পৰাজয় কৰিছিল আৰু সিন্ধু নদী পাৰ হৈ বাহিলক দখল কৰিছিল । বংগ বা সমাতত সমুদ্ৰগুপ্তৰ অধীনত সামন্তসকল আছিল । দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত ৰাজ্য বা প্ৰদেশখনত উদ্ভৱ হোৱা বিদ্ৰোহৰ কাৰণে বা বিদ্ৰোহৰ ফলত চন্দ্ৰগুপ্তই প্ৰদেশখন নিজৰ দখললৈ আনিছিল । দ্বিতীয় চন্দ্ৰগুপ্তই তেওঁৰ পূৰ্বপুৰুষসকলৰ দৰে সোণ, ৰূপ, আৰু তামৰ মুদ্ৰা প্ৰচলন কৰিছিল । তেওঁ পশ্চিমীয়া লোকসকলৰ আৰ্হিত ৰূপৰ মুদ্ৰা তৈয়াৰ কৰিছিল । তাৰোপৰি তেওঁৰ তামৰ মুদ্ৰা ৯টা বিভিন্ন আৰ্হিত তৈয়াৰ কৰা হৈছিল । 

(vii) Discuss the historicity of Rama gupta ? (ৰামগুপ্তৰ ঐতিহাসিকতা আলোচনা কৰা?)

উত্তৰঃ- ৩৭৫-৩৮০ চনলৈ ৰামগুপ্তই ৰাজত্ব কৰিছিল ।তেওঁ  সমুদ্ৰগুপ্তৰ উত্তৰাধিকাৰী আছিল ।  গুপ্ত ৰাজবংশৰ ৰাজত্বকালত লিখিত তথ্য, গুপ্ত ৰাজবংশৰ ৰজাসকলৰ ৰাজকীয় তালিকা, মুদ্ৰা আৰু শিলালিপিত ৰামগুপ্তৰ অৱস্থিতিৰ বিষয়ে একো তথ্য পোৱা হোৱা নাই । তাৰোপৰি ৰামগুপ্তই ৰাজত্ব কৰি থকা সময়ৰ কোনো লিপি বা খোদিত মুদ্ৰা পোৱা হোৱা নাই তাৰ পৰা জানিব পাৰি যে ৰামগুপ্তৰ ৰাজত্বৰ কালছোৱাত বহুতো বিপদ আৰু দুৰ্যোগৰ সন্মুখীন হব লগা হৈছিল । বিশাখাদত্তয়ে ৰচনা কৰা দেৱীচন্দ্ৰগুপ্তম, বাণভট্টৰ হৰ্ষচৰিত ৰাজপুত শক ৰজাৰ লিখনি, ৰাজশেখৰে ৰচনা কৰা গ্ৰন্থ কাব্যমীমাংসাত গুপ্তবংশৰ ৰজা ৰামগুপ্তৰ প্ৰমাণ পোোৱা গৈছে । দেৱীগুপ্তমত কোৱা মতে ৰামগুপ্তৰ ৰাজত্বকালতে শকসকলে গুপ্ত সাম্ৰাজ্য আক্ৰমণ কৰিছিল । শক শাসকসকলৰ হাতত ৰামগুপ্ত বেয়াকৈ পৰাজিত হৈছিল । গুপ্ত সাম্ৰাজ্যখনৰ বিনিময়ত ৰজাই ৰাণী ধ্ৰুৱদেৱীক তেওঁৰ হাতত অপৰ্ণ কৰিবলৈ দাবী জনাইছিল । তেতিয়া গুপ্ত সম্ৰাট ৰামগুপ্তই গুপ্ত সাম্ৰাজ্য আৰু প্ৰজাৰ নিৰাপত্তাৰ কাৰণে ৰাণী ধ্ৰুৱদেৱীক শক ৰজাৰ হাতত অৰ্পণ কৰিবলৈ সন্মত হৈছিল । কিন্তু শক ৰজাৰ এনেকোৱা অপমানজনক চৰ্ত মানি লোৱাত ৰাণী ধ্ৰুৱদেৱী আৰু ৰামগুপ্তৰ ভাতৃ দ্বিতীয় চন্দ্ৰগুপ্ত খঙত ক্ষোভিত হৈ পৰিছিল । তাৰোপৰি এই চৰ্তৰ কাৰণে ৰজা আৰু ৰাণীৰ মাজত মনোমালিন্যই দেখা দিছিল । ৰজাৰ এনে কাৰ্যত অতীষ্ঠ হৈ ৰাণীয়ে ৰামগুপ্তক কঠোৰ  আৰু ভীৰু কাপুৰুষ বুলি নিন্দা কৰিছিল ।কিন্তু ৰাজ্য আৰু প্ৰজাক সুৰক্ষা দিয়াৰ কাৰণে ৰাণী ধ্ৰুৱদেৱীক শক ৰজাৰ হাতত সমৰ্পণ কৰা চৰ্ত মানি লোৱাৰ বাহিৰে ৰামগুপ্তৰ সন্মুখত আৰু কোনো পথ নাছিল । ৰামগুপ্তৰ এই কাৰ্যৰ বিৰোধিতা কৰিছিল তেওঁ ভায়েক দ্বিতীয় চন্দ্ৰগুপ্তই । দ্বিতীয় চন্দ্ৰগুপ্তই ৰাণী ধ্ৰুৱদেৱীৰ ছদ্মবেশ ধৰি শক শিবিৰত গৈ শক ৰজাক বধ কৰিছিল । এই কাৰ্যৰ দ্বাৰা দ্বিতীয় চন্দ্ৰগুপ্তই গুপ্ত সাম্ৰাজ্য ৰক্ষা কৰাৰ লগতে ৰাণী ধ্ৰুৱদেৱীক শত্ৰুৰ পৰা ৰক্ষা কৰাৰ লগতে তেওঁ গুপ্ত বংশৰ সন্মান আৰু মৰ্যাদা অক্ষুন্ন ৰাখিছিল ।  দ্বিতীয় চন্দ্ৰগুপ্তৰ এই কাৰ্যত প্ৰজাৰ লগতে ৰাণী ধ্ৰুৱদেৱীও সন্তুষ্ট হৈছিল । কিন্তু এই কাৰ্যৰ পাছতে ৰামগুপ্ত আৰু দ্বিতীয় চন্দ্ৰগুপ্তৰ মাজৰ সম্পৰ্কৰ অৱনতি  ঘটিছিল । কিছুদিনৰ পিছত দ্বিতীয় চন্দ্ৰগুপ্তই পগলাৰ ভাও ধৰি ৰামগুপ্তক হত্যা কৰি সিংহাসন দখল কৰি লৈছিল । তাৰ পিছত চন্দ্ৰগুপ্তই ৰামগুপ্তৰ বিধৱা পত্নীক বিবাহ কৰাইছিল । ৰামগুপ্তক বধ কৰা আৰু তেওঁৰ পত্নী ধ্ৰুৱদেৱীক বিবাহ কৰাৰ কাৰ্যত ৰাণী ধ্ৰুৱদেৱীই পৰোক্ষভাৱে হলেও দ্বিতীয় চন্দ্ৰগুপ্তক সহায় কৰিছিল । 

(viii)make an estimate of the  career and achievements of Skandagupta  

 (স্কন্দগুপ্তৰ কেৰিয়াৰ আৰু কৃতিত্বৰ আকলন আলোচনা কৰা?)

উত্তৰঃ-  কুমাৰগুপ্তৰ পৰবৰ্তী উত্তৰাধিকাৰী আছিল স্কন্দৰুপ্ত । স্কন্দগুপ্তৰ সিংহাসন লাভ কৰা সময়ত অৱস্থা শান্তিপূৰ্ণ নাছিল । সিংহাসন লাভ কৰিবৰ কাৰণে তেওঁ নিজৰ ভায়েক পুৰুগুপ্তৰ সৈতে যুদ্ধত লিপ্ত হব লগা হৈছিল । এই যুদ্ধত স্কন্দগুপ্তই বিজয় লাভ কৰিছিল। তেওঁ ৪৫৫-৪৬৭ খ্ৰীঃলৈ গুপ্ত সাম্ৰাজ্যখন শাসন কৰিছিল । জুনাগঢ় শিলালিপিত লিখা আছে যে লক্ষীয়ে সকলো ৰাজকুমাৰক পৰিত্যাগ কৰি বা এৰি স্কন্দগুপ্তৰ ওচৰলৈ গৈছিল । স্কন্দগুপ্তই তেোঁৰ ৰাজকীয় তথ্যবোৰত প্ৰকাশ কৰিছে যে সাম্ৰাজ্য দেৱী বা লক্ষী দেৱীয়ে তেওঁক নিজৰ ইচ্ছা অনুসৰি স্বামী হিচাপে বাছি উলিয়াইছিল । 

স্কন্দগুপ্তৰ  ৰাজত্বৰকালছোৱা আছিল বিভিন্ন সাজ-সজ্জাৰে পৰিপূৰ্ণ ।স্কন্দগুপ্তৰ প্ৰধান শত্ৰু আছিল বৰ্বৰ বা হুনসকল । হুনসকল আছিল মধ্যএছিয়াৰ বাসিন্দা । হুনসকলে হিন্দুকুশ পৰ্বত পাৰ হৈ আহিগন্ধৰ অধিকাৰ কৰিছিল আৰু গুপ্ত সাম্ৰাজ্যৰ কাৰণে ভাবুকি হৈ পৰিছিল । স্কন্দগুপ্তৰ পিতৃ- কুমাৰগুপ্তৰ শাসনকালত বা শাসন কৰি থকাৰ সময়ত মুখামুখি হোৱা বিপদতকৈ ডাভৰ বিপদ হোৱাৰ কাৰণ আছিল হুনসকলহে । স্কন্দগুপ্তই হুনসকলৰ ওপৰত এনে ভয়ানক আৰু কঠোৰ আক্ৰমণ কৰি পৰাজিতকৰিছিলযে পৰৱৰ্তী আঠ শতিকা ধৰি হুনলকলে গুপ্তসকলৰ সাম্ৰাজ্য আক্ৰমণ কৰিবলৈ সাহসে কৰিব পৰা নাছিল । স্কন্দগুপ্তই লাভ কৰা সাফল্যৰ বাবে ল্কন্দগুপ্তক প্ৰজাৰ ত্ৰাণকৰ্তা হিচাপে গণ্য কৰা হয় । স্ন্দগুপ্তই সাম্ৰাজ্যখন ৰক্ষা কৰা কাৰণে তেওঁক ভাৰতৰ ৰক্ষক বুলি কোৱা হয় । এই বিজয় লাভ কৰাৰ পিছতে তেওঁ বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল । হুনসকলৰ সৈতে হোৱা যুদ্ধখনে গুপ্ত সাম্ৰাজ্যখনৰ অৰ্থনৈতিক সম্পদৰ অপচয় কৰিছিল।সেই অপচয় ৰোধ কৰিবৰ কাৰণে স্কন্দগুপ্তই সোণৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল ।

গাৰ্ণাৰ পাহাৰত খোদিত হৈ থকা দুখন শিলালিপিত জলসিঞ্চনৰ কাৰণে ব্যৱহাৰ কৰা সুদৰ্শন নামৰ এটা হ্ৰদ ইয়াত উল্লেখ কৰা হৈছে । স্কন্দগুপ্তৰ ৰাজত্বৰ সময়ত এই হ্ৰদটোৰ ফাট মেলাত গোটে ৰাজ্য ভয় আৰু আৰ্তনাদত কপি উঠিছিল । স্কন্দগুপ্তই গভৰ্ণৰ পৰ্ণদত্তৰ সহায়ত সুদৰ্শন হ্ৰদটো পুনৰ নিৰ্মাণ কৰি ৰাজ্যবাসীক ৰক্ষা কৰিছিল । স্কন্দগুপ্তই ক্ৰমদিত্য আৰু বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল । কহৌম নামৰ শিলালিপিত তেওঁক চক্ৰপণ বুলি কোৱাহৈছে । স্কন্দগুপ্তই বহুতো উপাধি গ্ৰহণ কৰিছিল । স্কন্দগুপ্তৰ ৰাজত্বৰ কালছোৱাত গুপ্ত সাম্ৰাজ্যৰ উন্নতি বৃদ্ধি হৈছিল । 

ix) What light does Fa-Hein throw on the political, social  Religious and Economic condition of India during the Gupta Age ?
( গুপ্ত যুগৰ সামাজিক, ৰাজনৈতিক, ধৰ্মীয় আৰু অৰ্থনৈতিক দিশত ফাহিয়ানে কিদৰে পোহৰ পেলায় )  ।
উত্তৰঃ গুপ্ত যুগৰ সামাজিক ব্যৱস্থা বা জাতি প্ৰথাক চাৰিটা ভাগত ভাব পাৰি । গুপ্ত যুগ বা গুপ্ত ৰাজবংশৱে শাসন কৰি থকা অৱস্থাত বৃত্তিৰ ওপৰত ভিত্তি কৰি চলি অহা পুৰণি চতুবৰ্ণ বিভাজন পদ্ধতি চলি আহিছিল । এই চতুবৰ্ণ বা চাৰিটা বৰ্ণ হল ব্ৰাহ্মণ, ক্ষত্ৰিয় বৈশ্য আৰু  শূদ্ৰ । ব্ৰাহ্মণসকলে সমাজত উচ্চস্থান লাভ কৰিছিল । তেওঁলোকে অধ্যয়ন যাগ-যজ্ঞ, পূজা-পাতল আদি কৰিছিল । ক্ষত্ৰিয়সকলে সমাজখনক নিৰাপত্তা দিব লগা হৈছিল আৰু বৈশলোকসকলে ব্যৱসায়-বাণিজ্য আদি কৰিছিল । শূদ্ৰসকলে আন তিনিটা শ্ৰেণীৰ সেৱা কৰিব লাগিছিছিল । কিন্তু গুপ্ত যুগত বৰ্ণ প্ৰথা বা ব্যৱস্থা কঠোৰ নাছিল । এই চাৰিবৰ্ণৰ লোকসকলে বৰ্ণ সলনি কৰাৰ দউদাহৰণো দেখা পোৱা যায় । ভাৰতবৰ্ষৰ বহুতো ৰাজ্যত বা বহুতো অঞ্চলত আনকি গুপ্তসকলৰ যুগতো ব্ৰাহ্মণে ৰাজপদ দখল কৰি ৰজা হোৱা দেখা গৈছিল । আনহাতে বহুতো ক্ষত্ৰিয়লোকেও বৈশ্যৰ বৃত্তি গ্ৰহণ কৰা দেখা যায় । গুপ্তসকলৰ যুগত এই চাৰিটা বৰ্ণৰ উপৰিও আন বৰ্ণৰ লোকো দেখা পোৱা যায় । 0ফাহিয়ানে লিখা টোকাৰ মতে গুপ্তযুগৰ সময়ত চণ্ডাল নামৰ এটা শ্ৰেণীয়ে নগৰৰ বাহিৰত বাস কৰিব লগা হৈছিল । সেই একেদৰে গুপ্তসকলৰ লিপিত  প্ৰথমবাৰৰ কাৰণে কায়স্থসকলৰ নাম উল্লেখ কৰা  দেখা যায় । 
গুপ্তসকলৰ দিনত বৈদিক যুগৰ চাৰিটা আশ্ৰমৰ অৱস্থিকি দেখা পোৱা যায় । এই চাৰিটা আশ্ৰমৰ মতে মানুহৰ জীৱনটোক চাৰিটা আশ্ৰমত ভাগ কৰিব পাৰি যেনে - ব্ৰহ্মচৰ্য, গ্ৰাৰ্হস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস । মানুহৰ জীৱনটোক নিত্য-নৈমিত্তিক ক্ৰিয়াকলাপৰ মাজেৰে ব্যক্তিত্বৰ বিকাষ আৰু সমাজৰ সেৱা কৰাটোৱেই হৈছে ইয়াৰ প্ৰধান লক্ষ্য । গুপ্ত ৰাজবংশৰ সময়ত  দেখা গুৰুত্বপূৰ্ণ সামাজিক পৰিৱৰ্তনটো আছিল কৃষক,ব্যৱসায়ী,কমাৰ, মিস্ত্ৰী, তেলী আৰু তাতী আদি পৃথক জাতি ব্যৱস্থাৰ গঠন আছিল ।

এই লোকসকলে বেছিদিন বৈশ্য শ্ৰেণীৰ তলতীয়া হৈ নাথাকিল । প্চলিত নীতি-নিয়মৰ মতে এই তিনিটা উচ্চ শ্ৰেণীৰ লোকে শূদ্ৰ ছোৱালী বিয়া কৰাব নোৱাৰিছিল যদিও বহুতো লোকে উচ্চ শ্ৰেণীৰ লোকে শূদ্ৰ ছোৱালী বিয়া কৰোৱা দেখা যায় । 
গুপ্ত সাম্ৰাজ্যৰ সু-সংগঠিত আৰু সুদক্ষ প্ৰশাসন ব্যৱস্থাৰ অধীনত অৰ্থনৈতিক বিকাশ আৰম্ভ হৈছিল । স্বচ্ছ আৰু সুস্থ অৰ্থনৈতিক অৱস্থাটোৱে ৰাজ্যখনৰ সকলো উন্নতিত সহায় কৰিছিল । গুপ্তসকলৰ অৰ্থনৈতিক অৱস্থাই প্ৰজাসকলক সুখ আৰু শান্তিৰে জীৱন-যীপন কৰাত সহায় কৰিছিল । আনহাতে সেই সময়খিনিতে গুপ্ত ৰজাসকলে কৃষি, ভূমি, উদ্যোগ, আভ্যন্তৰীণ আৰু বৈদেশীক ূাণিজ্যৰ উন্নতিৰ কাৰণে ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল ।
গুপ্ত সাম্ৰাজ্যৰ প্ৰজাৰ প্ৰধান বৃত্তি আছিল কৃষি । কৃষি আছিল ৰাজ্যৰ অৰ্থনৈতিক প্ৰধান ভেটি ।
গুপ্ত যুগত কৃষি মাটি দুৰ্লভ আছিল । যদি এজন খেতিয়কে বহুবছৰ ধৰি গাওঁৰ পৰা আতৰি  থাকে তেতিয়াৰ সেই মাটিত আন খেতিয়কক খেতি কৰিবলৈ দিয়া হৈছিল । চৰকাৰে ব্ৰাহ্মণসকলক কৃষি কাৰ্যৰ কাৰণে মাটি দান কৰিছিল । আৰু এই মাটিয়ে কৃষি কাৰ্যৰ উন্নতিত উ ৎসাহ যোগাইছিল । শস্য চুৰ হোৱা কাৰ্যত জডি়ত হোৱা লোকসকলক ধৰি আনি শাস্তি প্ৰদান কৰা হৈছিল । বহুত কৃষকৰে ক্ষুদ্ৰ পটাৰ মাটি আছিল যত তেওঁলোকে পৰিয়ালৰ সদস্যৰ সহায়ত খেতি কৰিছিল আৰু কিছুমান খেতিয়কৰ ডাঙৰ খেতিৰ পথাৰ আছিল যত তেওঁলোকে শ্ৰমিকৰ সহায়ত খেতি কৰিছিল বা ভূমিহীন কৃষকৰ সহায়ত চৰ্ত অনুসৰি খেতি কৰিছিল বা ভূমি নোহোৱা কৃষকৰ সহায়ত চৰ্তমতে খেতি কৰিছিল আৰু এই চৰ্তমতে কৃষকসকলে মাটিৰ মালিকৰ পৰা উৎপন্নৰ এটা অংশ লাভ কৰিছিল । বৰাহমিহিৰৰ মতে কৃষকসকলে বৰষুণৰ সম্ভাৱনীয়তাৰ বিষয়ে জানিছিল । ভাৰতবৰ্ষৰ কিছুমান ঠাইত বছৰত তিনিটা খেতি কৰা হৈছিল । 
গ্ৰীস্মকালত সিচা খেতি শাওন মাহত চপাইছিল শীতকালৰ খেতি বসন্তকালত আৰু বসন্তকালৰ খেতি চত বা বহাগ মাহত চপাইছিল । অমৰকোষত খেতি অনুসৰি যেনে গম, ধান,বালি,তিলৰ মাটি বিভাজন বা ভাগ কৰিছিল । অষ্টাঙ্গ সংগ্ৰহত ৪৪ প্ৰকাৰ ধান, ২ বিধ বাৰ্লি আৰু ২ বিধ গমৰ বিৱৰণী পোৱা যায় ।
চৰকাৰী আৰু ব্যক্তিগত পৰ্যায়ত নলা খান্দি খেতি পথাৰত পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছিল । গুপ্ত যুগৰ সময়ত কৃষকসকলক পানীৰ যোগান ধৰিবলৈ নলা আৰু পুখুৰী খন্দা হৈছিল বুলি অমৰ-কোষত বৰ্ণনা কৰা হৈছে । 





 




 

(x) Describe the salient features of the Gupta administration ? (গুপ্ত প্ৰশাসনৰ মুখ্য বৈশিষ্ট্যবোৰৰ বিষয়ে বৰ্ণনা কৰা ?)

উত্তৰঃ- শিলালিপি আৰু সাহিত্যিক সমলসমূহত গুপ্ত ৰজাসকলৰ প্ৰশাসনিক পদ্ধতিৰ বিষয়ে লিখা হৈ আছে । এই সমলসমূহৰ পৰা জানিব পৰা যে গুপ্তৰজাসকলৰ সাহস, সামৰিক শক্তি আৰু কুটনৈতিক জ্ঞানেৰে এখন ঐক্যবদ্ধ ভাৰত সৃষ্টি কৰি সুস্থ আৰু শক্তিশালী প্ৰশাসন ব্যৱস্থাৰ আৰম্ভণি কৰিছিল । পৰিৱৰ্তন হৈ থকা সমাজ ব্যৱস্থাত উপযোগী হোৱাকৈ পূৰ্বপুৰুষসকলৰ নীতি-নিয়ম আৰু আচনিবোৰ সংশোধন কৰি এটা উন্নতমানৰ প্ৰশাসনিক পদ্ধতিৰে দেশখন পৰিচালনা কৰিছিল । আদি বা প্ৰথম গুপ্ত ৰজাসকল যোদ্ধায়ে নাছিল তেওঁলোক আছিল একোজনকৈ সুদক্ষ প্ৰশাসক । তেওঁলোকে বিজয় কৰা অঞ্চলবোৰে গুপ্ত ৰজাসকলৰ সুদক্ষ শাসন ব্যৱস্থাৰ অধীনত বিকাশৰ সুযোগ আৰু স্বাধীনতা লাভ কৰিছিল । গুপ্ত ৰজাসকলৰ ৰাজত্বৰ কালছোৱাত ৰাজ্যখনত দুই  প্ৰকাৰৰ চৰকাৰ প্ৰচলিত হৈ আছে যেনে 
ক) গণতান্ত্ৰিক চৰকাৰ, আৰু খ) ৰাজতান্ত্ৰিক চৰকাৰ 
ক) গণতান্ত্ৰিক ৰাজ্য ঃ গুপ্ত যুগৰ ৰাজত্বকালৰ সময়ছোৱাত পঞ্জাৱ আৰু ৰাজপুটনাত কিছুমান গণতান্ত্ৰিক ৰাজ্য বৰ্তি আছিল । মধ্য পঞ্জাৱত মদ্ৰসকল, কংগ্ৰা উপত্যকাত কুনিন্দসকল, দক্ষিণ -পশ্চিম পঞ্জাৱত যৌধেয়সকল, আগ্ৰা জয়পুৰ অঞ্চলত অৰ্জুনায়নসকল আৰু মধ্য ৰাজস্থানত আছিল মালৱসকল । লিচ্ছবী ৰাজ্যখন গণতান্ত্ৰিক সংবিধানৰ আধাৰত পৰিচালিত ৰাজ্য আছিল । প্ৰাৰ্জন, শনকাণিক, কাক আৰু অভিৰসকল মধ্য ভাৰতত অধিক শক্তিশালী হৈ পৰিছিল । 
গণতান্ত্ৰিক ৰাজ্যবোৰ গুপ্ত সাম্ৰাজ্যখনৰ আভ্যন্তৰীণ ৰাজ্য আছিল আৰু সকলো ধৰণৰ ৰাজকীয় কৰ দিবলৈ সন্মত হৈ থাকে আৰু গুপ্ত ৰজাৰ ৰাজকীয় আদেশবোৰ মানি লবলৈ সন্মত হৈ গুপ্ত সাম্ৰাজ্যখনৰ অন্তভূক্ত হৈ পৰিছিল । গুপ্ত ৰজাসকলে গণতান্ত্ৰিক ৰাজ্যবোৰৰ স্বতন্ত্ৰতাত হস্তক্ষেপ কৰা নাছিল আৰু তেওঁলোক আভ্যন্তৰীণ কাৰ্যত সম্পূৰ্ণ মুক্তভাৱে কাৰ্য বা কামবোৰ সম্পাদন কৰিব লাগিছিল । যৌধেয় আৰু মালৱৰ দৰে এখন ডাঙৰ গণতান্ত্ৰিক ৰাজ্যবোৰৰ প্ৰশাসন প্ৰাকৃতিকভাৱে সংগঠিত হৈছিল । গণতান্ত্ৰিক ৰাজ্যবোৰ একোখন প্ৰদেশত ভাগ কৰি ক্ষমতাশীল বা শ্ৰেণীৰ পৰা উলিয়াই আনি গভৰ্ণৰ নিযুক্তি দিছিল । ৰাজ্যখনৰ বহুতো নগৰ লগ হৈ পৃথক প্ৰশাসনিক গোট গঠন কৰিছিল । গণতান্ত্ৰিক ৰাজ্যবোৰৰ সাৰ্বভৌমত্ব এখন কেন্দ্ৰীয় সভাৰ হাতত অৰ্পণ কৰা হৈছিল । যৌধেয়ত এই সভাৰ সদস্যৰ সংখ্যা আছিল ৫,০০০ আৰু লিচ্ছবীত সদস্যৰ সংখ্যা আছিল ৭,৭০৭ জন । সম্ভ্ৰান্ত পৰিয়ালৰ মুৰব্বীসকল এই সভাৰ সদস্য হৈছিল আৰু প্ৰতিজনে সন্মানীয় ৰজা উপাধি লৈছিল । সভাত উপস্থিতি বাধ্যতামূলক নাছিল । এই সভাখনৰ প্ৰতিজন সদস্যই নিজৰ নিজৰ পদবীক লৈ গৰ্ব কৰিছিল । কিছুমান গণতান্ত্ৰিক ৰাজ্যত উচ্চ আৰু নিম্ন দুখন সদন আছিল । কেন্দ্ৰীয় সভাই এই কাৰ্যবাহী সদস্যসকলক আৰু সামৰিক নেতাসকলক নিৰ্বাচন কৰিছিল । এই সভাৰ অন্যান্য দায়িত্বসমূহ আছিল বৈদেশীক নীতিসমূহ নিয়ন্ত্ৰণ কৰা বিদেশী দূত আৰু ৰাজকুমাৰসকলক আমোদ দিয়া, যুদ্ধ আৰু শান্তিৰ সিদ্ধান্ত লোৱা । 
খ) ৰাজতান্ত্ৰিক চৰকাৰ ঃ গুপ্তযুগৰ সময়ত বংশানুক্ৰমিক ৰাজতান্ত্ৰিক পদ্ধতিৰ চৰকাৰ প্ৰচলিত আছিল গুপ্ত ৰজা প্ৰশাসনৰ সৰ্বোচ্চ মুৰব্বী আছিল । গুপ্ত বংশৰ ৰজাসকলে পৰমদৈৱত মহাৰাজাধিৰাজ পৰমেশ্বৰ, চক্ৰৱৰ্তী আদি উপাধি গ্ৰহণ কৰিছিল । ঐশ্বৰিক শক্তিত বিশ্বাসী গুপ্ত ৰজাসকল  অতি জনপ্ৰিয় আছিল । এলাহাবাদ প্ৰশপ্ৰশস্তিত সমুদ্ৰগুপ্তক ইশ্বৰৰ আখ্যা দিয়া হৈছে । জেষ্ঠজন যুৱৰাজ নিৰ্বাচিত হৈছিল । গুপ্তযুগৰ যুৱৰাজসকলে সামৰিক আৰু অসামৰিক দুটা পৃথক ভাগৰ মুৰব্বী আছিল ।  গুপ্তযুগৰ ৰজাসকলে সামৰিক, ৰাজনৈতিক, প্ৰশাসনিক আৰু ন্যায়িক ক্ষমতাৰ অধিকাৰী আছিল । ৰজাক কাৰ্য সম্পাদনত  মন্ত্ৰী পৰিষদে সহায় কৰিছিল । তেওঁ ভাইচৰয় গভৰ্ণৰ সামৰিক আৰু অসামৰিক নেতাসকলক নিযুক্ত কৰিছিল আৰু বৰ্খাস্ত কৰাৰ অধিকাৰো ৰজাৰ হাতত আছিল । ৰজাই প্ৰায়ে সামৰিক নেতাৰ দায়িত্ব গ্ৰহণ কৰিবলগীয়া হৈছিল । সমুদ্ৰগুপ্ত, দ্বিতীয় চন্দ্ৰগুপ্ত আৰু স্কন্দগুপ্তই নিজে সৈন্যবাহিনী পৰিচালনাৰ নেতৃত্ব গ্ৰহণ  কৰিছিল । 
সেইদৰে কেন্দ্ৰীয় চেক্ৰেটাৰীয়েট ৰজাৰ ব্যক্তিগত তত্ত্বাৱধানতহে পৰিচালিত হৈছিল । তেওঁ ৰাজ্যৰ সকলো ভূমিৰ গৰাকী আছিল আৰু তেোঁ যিকোনো লোককে ভূমি দান কৰিব পাাৰিছিল ।

সিংহাসনৰ উত্তৰাধিকাৰীসকল পুৰুষানুক্ৰমে বংশানুক্ৰমিক আছিল । কিন্তু তাত তেওঁলোকে জেষ্ঠতাৰ ভিত্তিত সিংহাসন লাভ কৰা কোনো নিয়ম নাছিল । উত্তৰাধিকাৰী নিৰ্বাসন কৰা অধিকাৰ ৰজাৰ হাতত ন্যস্ত আছিল । প্ৰথম চন্দ্ৰগুপ্তই তেওঁৰ পুত্ৰসকলৰ মাজৰ পৰা সমুদ্ৰগুপ্তকহে মনোনীত কৰি থৈ গৈছিল উত্তৰাধিকাৰী পদৰ বাবে । কেতিয়াবা আন ৰাজকুমাৰসকলেও নিজৰ যোগ্যতা দেখুওৱাবলৈ মনোনীত ভাতৃৰ বিপক্ষে বিদ্ৰোহ কৰা দেখা যায় । গুপ্ত বংশৰ ৰজাসকলে তেওঁলোকৰ কাৰ্য সম্পাদনত সহায় কৰিবৰ কাৰণে এখন মন্ত্ৰীপৰিষদ গঠন কৰিছিল । পৰিষদখন ৰাজকুমাৰ, উচ্চ পদস্থ বিষয়া আৰপ সামন্তসকলক লৈ গঠন কৰা হৈছিল । বিখ্যাত সাহিত্যিক কালিদাসে  এই সভাখনক মন্ত্ৰী পৰিষদ বুলি আখ্যা দিছিল । সম্ৰাটে গুণী জ্ঞানী দয়ালু লোকক মন্ত্ৰীপদত নিযুক্ত কৰিছিল । সম্ৰাটে অকলে বিশাল সাম্ৰাজ্যখন শাসন কৰিব নোৱাৰি সাম্ৰাজ্যখনক বহুতো প্ৰদেশত ভাগ কৰা হৈছিল আৰু সেইবোৰক দেশ বা মণ্ডল নামেৰে জনা গৈছিল । ইয়াৰে তিনিখন প্ৰদেশৰ নাম হল সৌৰাষ্ট্ৰ মালৱ আৰু অন্তৰবেদী । পঞ্চল, কোশল, মগধ, আৰু বংগও গুপ্ত সাম্ৰাজ্যৰ প্ৰদেশ আছিল । স্কন্দগুপ্তৰ জুনাগড় লিপিৰ মতে ৰজাই প্ৰাদেশিক ভাইচৰয়সকলক নিয়োগ কৰিছিল । ভাইচৰয়সকলে  প্ৰদেশখনৰ আইন-শৃংখলা ৰক্ষা কৰাৰ কাৰণে বা ৰক্ষা কৰাৰ উপৰিও দেশখন বিদেশী আক্ৰমণৰ পৰা ৰক্ষা কৰিব লাগিছিল । তেওঁলোকে পুখুৰী, আৰু বাট-পথ আদি জনহিতকৰ কাম কৰি প্ৰদেশখনৰ উন্নয়ন সাধন কৰিব লাগিছিল আৰু সুস্থ প্ৰশাসনেৰে প্ৰজাৰ আনুগত্য আদায় কৰি প্ৰদেশখনৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিব লাগিছিল । প্ৰদেশবোৰ বহুতো ভাগত ভাগ কৰা হৈছিল । এখন ভূক্তিত ২খন বা ৩ খন জিলা সন্নিৱিষ্ট কৰা হৈছিল । এই জিলাবোৰক বিষয়া নামেৰে জনা যায় । ভূক্তিবোৰ পৰিচালনা কৰা বিষয়াজনক উপৰিক নামৰে জনা যায় । এই বিষয়াৰ অধিপতিজনক বিষয়াপতি বোলা হৈছিল । উপৰিকসকলক ৰজাই নিয়োগ কৰিছিল আৰু বিষয়াসকলক উপৰিকে নিয়োগ কৰিছিল । উপৰিকসকল ৰাজপৰিয়ালৰ সদস্য হলে মহাৰাজ উপাধি গ্ৰহণ কৰিছিল । ভূক্তি আৰু বিষয়াৰ বহুতো মোহৰ উদ্ধাৰ কৰা হৈছে আৰু এই মোহৰবোৰ গোপনভাৱে আদান-প্ৰদান কৰা পত্ৰ ব্যৱহাৰ কৰিছিল । জিলা প্ৰশাসনত থকা বিষয়াসকল আছিল যুক্ত নিযুক্ত, আৰু অভিক্তিত তেওঁলোকেই গাওঁ আৰু জিলাসমূহৰ মাজৰ যোগাযোগ ৰক্ষা কৰিছিল । তেওঁলোকৰ অধীনতে আৰক্ষী বন, আৰু ব্যৱসায়ী বিভাগে কাৰ্য সম্পাদন কৰিছিল । প্ৰাদেশিক গভৰ্ণৰ আৰু বিষয়াসকলক কনিষ্ঠ বিষয়া যেনে দণ্ডিক, দণ্ড পাশিক, প্ৰথম কুলিক, পুষ্টপাল, নগৰ আদি শ্ৰেণীয়ে কাৰ্যত সহায় কৰিছিল ।। 

(xi) What were the principal causes that led to the downfall of the Gupta Empire ? (গুপ্ত সাম্ৰাজ্যৰ পতনৰ মুখ্য কাৰণবোৰ কি আছিল?)

উত্তৰঃ- খ্ৰীঃ চতুৰ্থ শতিকাত প্ৰতিষ্ঠা হোৱা গুপ্ত সাম্ৰাজ্য প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, আৰু দ্বিতীয় চন্দ্ৰগুপ্তৰ সাহস দক্ষতা আৰু সামৰিক কৌশলৰ উপৰিবও ৰাজনৈতিক, কুটনৈতিক, আৰু প্ৰশাসনিক দক্ষতাৰ ফলত গুপ্ত সাম্ৰাজ্যৰ সমৃদ্ধি বৃদ্ধি কৰিছিল তাৰ ফলত গুপ্ত সাম্ৰাজ্যই সোণালী যুগৰ আখ্যা দিছিল । স্কন্দগুপ্তৰ মৃত্যুৰ লগে-লগে গুপ্ত সাম্ৰাজ্য পতনৰ ফালে আগবাঢ়ি গৈছিল । সমুদ্ৰগুপ্ত আৰু দ্বিতীয় চন্দ্ৰগুপ্তই খণ্ডন হৈ থকা ভাৰতবৰ্ষক পুনৰ লগ কৰি গুপ্ত সাম্ৰাজ্যৰ ৰাজনৈতিক স্থিতিটোক পুনৰ শক্তিশালী কৰি তুলিছিল । স্কন্দগুপ্তৰ পিছৰ ৰজাসকলে সাম্ৰাজ্যৰ শক্তিশালী একতাটোক ধৰি ৰাখিবলৈ সক্ষম হোৱা নাছিল । গুপ্ত সাম্ৰাজ্য পতন হোৱাৰ এটা প্ৰধান কাৰণ আছিল দুৰ্বল আৰু অদক্ষ উত্তৰাধিকাৰী । স্কন্দগুপ্তৰ পিছৰ সময়ছোৱাত গুপ্ত সাম্ৰাজ্যৰ সিংহাসনত প্ৰতিষ্ঠিত হোৱাৰ বাবে কোনো এজন শক্তিশালী আৰু সুদক্ষ নাছিল ।  স্কন্দগুপ্তৰ পৰবৰ্তী পৰ্যায়ৰ ৰজাসকলৰ জ্ঞানৰ অভাৱ আৰু শত্ৰভাৱাপন্ন স্বভাৱৰ কাৰণে গুপ্ত সাম্ৰাজ্যৰ অখণ্ডতা আৰু একতা ৰক্ষা কৰাটো টান হৈ পৰিছিল । সমুদ্ৰগুপ্ত আৰু চন্দ্ৰগুপ্তই নিৰ্মাণ কৰি থৈ যোৱা সাম্ৰাজ্যখন পৰৱৰ্তী যিসকল উত্তৰাধিকাৰী আছিল তেওঁলোকে ৰাজ্যখনক ধ্বংসৰ মুখৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে । গুপ্ত সাম্ৰাজ্যখন পতন হোৱাত প্ৰধান ভূমিকা লৈছিল সেনাপতি, সামন্ত আৰু প্ৰাদেশিক গভৰ্ণৰসকলৰ উচ্চাকাংক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল . বিশাল সাম্ৰাজ্যখন শাসন কৰিবলৈ অসুবিধা কাৰণে ৰাজ্যখন বিভিন্ন প্ৰদেশত ভাগ কৰি সেইবোৰ শাসনৰ দায়িত্ব ৰাজ্যখনৰ সেনাপতি, সামন্ত বা আত্মীয় লোকসকলক গভৰ্ণৰ হিচাপে নিয়োগ কৰিছিল।  

বিদেশী শক্তিৰ আক্ৰমণ হল গুপ্ত সাম্ৰাজ্য পতন হোৱাৰ এটা প্ৰধান কাৰণ আছিল । প্ৰথম কুমাৰগুপ্তৰ ৰাজত্বৰ সময়ত পুষ্যমিত্ৰসকলৰ আক্ৰমণে গুপ্ত সাম্ৰাজ্যক প্ৰচণ্ড আঘাত কৰিছিল । কিন্তু ৰাজকুমাৰ স্কন্দগুপ্তই পুষ্যমিত্ৰসকলক পৰাজিত কৰি বিপদৰ পৰা গুপ্ত সাম্ৰাজ্যক ৰক্ষা কৰিছিল । 

গুপ্ত সিংহাসনৰ বাবে ৰাজপৰিয়ালৰ মাজত আভ্যন্তৰীণ সংঘাতৰ সৃষ্টি হৈছিল । প্ৰথম কুমাৰ গুপ্তৰ মৃত্যুৰ পিছত সিংহাসন আৰোহণক লৈ তেওঁ পুত্ৰসকলৰ মাজত গৃহযুদ্ধৰ সৃষ্টি হৈছিল । স্কন্দগুপ্তই প্ৰতিদ্বন্দ্বী ভায়েকসকলৰ যুদ্ধত পৰাজয় কৰি তেওঁ সিংহাসন লাভ কৰিছিল । 

ঠিক একেদৰে পুৰুগুপ্তৰ মৃত্যুৰ পাছতো আন এখন গৃহযুদ্ধৰ সৃষ্টি হৈছিল । গুপ্ত সাম্ৰাজ্যত কোনো উত্তৰাধিকাৰী নিয়ম নথকাৰ বাবে ৰজাৰ মৃত্যু হলে কোন ৰজা হব সেই লৈ ৰাজপৰিয়ালৰ মাজত দণ্ড-সংঘাতৰ সৃষ্টি হৈছিল । যুদ্ধত ৰাজসভাৰ যিসকল সদস্য আছিল তেওঁলোকে নিজৰ স্বাৰ্থ পুৰণ কৰিবলৈ যিকোনো এজন প্ৰতিন্ৰিধিৰ পক্ষত যোগদান কৰিছিল । গুপ্ত সাম্ৰাজ্যৰ পতনৰ আন এটা প্ৰধান কাৰণ আছিল ধৰ্মৰ পৰিৱৰ্তন । গুপ্ত সাম্ৰাজ্যৰ আদি বা প্ৰথম ৰজাসকল আছিল হিন্দু ধৰ্মৰ আৰু তাৰ পৰৱৰ্তী ৰজাসকল আছিল বৌদ্ধ ধৰ্মৰ । হিন্দু ৰজাসকলে হিন্দুধৰ্মৰ বিকাশৰ বাবে ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়োৱাৰ উপৰিও বহুতো অশ্বমেধ যজ্ঞ সম্পাদন কৰিছিল । পৰৱৰ্তী গুপ্ত ৰজাসকল আছিল বৌদ্ধ ধৰ্মৰ উপাসক । বুদ্ধগুপ্ত,তথাগতগুপ্ত আৰু বালাদিত্য বৌদ্ধ ধৰ্মত দীক্ষিত আছিল । ৰজাৰ ধৰ্ম পৰিৱৰ্তনে ৰাজ্যখনৰ সামৰিক আৰু ৰাজনৈতিক কাৰ্যত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছিল । 

(xii) Give a critical account of the social structure and economic life at the Gupta Age ?(গুপ্ত যুগত সামাজিক গাঁথনি আৰু অৰ্থনৈতিক জীৱনৰ এক গুৰুত্বপূৰ্ণ বিৱৰণ দিয়া?)

উত্তৰঃ- গুপ্ত যুগত বৃত্তিৰ ওপৰত ভিত্তি কৰি চলি অহা পুৰণি বিভাজন ব্যৱস্থা অতিকৈ জনপ্ৰিয় হৈ পৰিছিল । জাতি বা বৰ্ঁণ ব্যৱস্থাই বৃত্তি নিৰ্ধাৰণ কৰা হোৱা নাছিল । বৈদিক যুগৰ পৰা প্ৰচলিত এই চাৰিবৰ্ণ আছিল ব্ৰাহ্মণ, ক্ষত্ৰিয়,বৈশ্য আৰু শূদ্ৰসকল । ব্ৰাহ্মণসকলে সমাজত আটাইতকৈ উচ্চস্থান সাভ কৰিছিল আৰু সমাজত সকলো শ্ৰেণীৰ পৰা আদৰ-সন্মান লাভ কৰিছিল ।তেওঁলোক বা ব্ৰাহ্মণসকলে অধ্যয়ন আৰু যাগ-যজ্ঞ সম্পন্ন কৰিছিল । ক্ষত্ৰিয়সকলে সমাজত নিৰাপত্তা দিব লগা হৈছিল । বৈশ্যসকলে ব্যৱসায়-বাণিজ্যত ব্ৰতী হৈ আছিল । শূদ্ৰসকলে এই তিনিটা বৰ্ণৰ সেৱা কৰিছিল । গুপ্ত যুগত বৰ্ণ ব্যৱস্থা কঠোৰ নাছিল । গুপ্ত যুগত এই চাৰিবৰ্ণৰ বাহিৰেও আৰু এটা বৰ্ণৰ লোক দেখা যায় । গুপ্ত যুগত চণ্ডাল নামৰ এটা শ্ৰেণীৰ লোকে নগৰত বাস কৰিছিল । গুপ্ত যুগত বৈদিক যুগৰ চাৰিটা আশ্ৰমৰ অৱস্থিতি দেখা পোৱা গৈছিল । ঠিক সেইদৰে মানুহৰ জীৱনটোকো চাৰি আশ্ৰমত আগ কৰা হৈছে । সেই ভাগকেইটা হল ব্ৰহ্মচাৰ্য, গ্ৰাহস্থ্য, বানপ্ৰস্থ, আৰু সন্যাস । মানুহৰ জীৱনটোক সু-শৃংখলা কৰি নিত্য-নৈমিত্তিক কাৰ্যৰ মাজেৰে ব্যক্তিত্বৰ বিকাশ আৰু সমাজ সেৱা কৰাটোৱেই ইয়াৰ প্ৰধান লক্ষ্য । 

গুপ্ত যুগৰ সময়খিনিতে এটা গুৰুত্বপূৰ্ণ সামাজিক পৰিৱৰ্তন আছিল কৃষক,ব্যৱসায়ী, কমাৰ, মিস্ত্ৰী, তেলী আৰু তাতী আদিৰ পৃথক জাতি গঠন কৰা হৈছিল । গুপ্ত যুগৰ প্ৰচলিত নিয়মমতে উচ্চ জাতিৰ লোকসকলে শূদ্ৰ ছোৱালী বিয়া কৰাব নোৱাৰিছিল । বেছিভাগ উচ্চ জাতিৰ লোকে শূদ্ৰবৰ্ণৰ ছোৱালী বিয়া কৰোৱা সকলোতে দেখা গৈছিল । 

গুপ্ত যুগৰ স্বচ্ছ  আৰু সুস্থ অৰ্থনৈতিক অৱস্থাই ৰাজ্যখনৰ সকলো দিশৰে উন্নতিত সহায় কৰিছিল । 

গুপ্তসকলৰ অৰ্থনৈতিক অৱস্থাই  প্ৰজাসকলক সুখী আৰু শান্তিৰে জীৱন -যাপন কৰিবলৈ সহায় কৰিছিল । সেই সময়ৰ ৰজাসকলে কৃষি, ভূমি, উদ্যোগ, আভ্যন্তৰীণ আৰু বিদেশৰ বাণিজ্যৰ উন্নতিৰ কাৰণে পৃষ্ঠপোষকতা আগবঢ়াইছিল ।

গুপ্ত যুগৰ বা সেই সাম্ৰাজ্যখনৰ প্ৰজাসকলৰ মূল কাৰ্য বা বৃত্তি আছিল কৃষিকৰ্ম । কৃষিয়ে হল ৰাজ্যখনৰ অৰ্থনীতিৰ প্ৰধান ভেটি । যদি এজন খেতিয়কে বহুত বছৰ ধৰি গাওঁৰ পৰা আতৰি থাকে তেতিয়া সেই মাটিখিনিত আন খেতিয়কক খেতি কৰিবলৈ দিয়া হৈছিল । চৰকাৰে ব্ৰাহ্মণ লোকসকলক কৃষি কৰিবৰ বাবে মাটি দান দিছিল । আৰু ইয়ে কৃষৰ উন্নতিত আগবঢ়াইছিল । শস্য চুৰ কাৰ্যত জড়িত লোকসকলক কঠোৰ শাস্তি দিয়া হৈছিল । বেছিভাগ খেতিয়কৰে ক্ষুদ্ৰ পট্টাৰ মাটি আছিল যত তেওঁলোকে পৰিয়ালৰ সদস্যসকলৰ সহায়ত খেতি কৰিছিল কিন্তু কিছুমান খেতিয়কৰ ডাঙৰ খেতিৰ পথাৰ আছিল যত তেওঁলোকে শ্ৰমিকৰ সহায়ত খেতি কৰিছিল বা ভূমিহীন কৃষকসকলৰ সহায়ত চৰ্ত অনুসৰি খেতি কৰিছিল আৰু েই চৰ্তমতে কৃষকসকলে ভূমি বা মাটিৰ মালিকৰ পৰা উৎপাদন হোৱা এটা ভাগ বা অংশ লাভ কৰিছিল । ভাৰতবৰ্ষৰ কিছুমান অঞ্চল বা ঠাইত  তিনিটা খেতি কৰা হৈছিল । গ্ৰীস্ম কালত সিচা খেতি শাওনত চপাইছিল , শীতকালৰ খেতি বসন্ত কালত আৰু বসন্তকালৰ খেতি চটত বা বহাগত চপাইছিল । 

চৰকাৰী আৰু ব্যক্তিগত পৰ্যায়ত নলা খান্দি খেতি পথাৰত পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছিল । গুপ্ত সাম্ৰাজ্যৰ সময়ত কৃষকক পানীৰ যোগান ধৰিবলৈ নলা আৰু পুখুৰী খন্দা হৈছিল বুলি অমৰ কোষত বৰ্ণনা কৰা হৈছিল ।  জুনাগড় শিলালিপিত উল্লেখ কৰা হৈছে যে  গুপ্ত সম্ৰাট স্কন্দগুপ্তই নিৰ্মাণ কৰা সুদৰ্শন হ্ৰদ মেৰামতি কৰি খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিছিল ।

এলাহাবাদ শিলালিপি , খোহ, তামৰ ফলি , আৰু বৰাহমিহিৰে বহুতো অৰণ্য ৰাজ্যৰ বিষয়ে উল্লেখ কৰিছে ।                                                                                                                                                                                                                                                                                                                                        

2. Short questions : 

(i) Foreign accounts as a sources of the period. (সেই সময়ৰ উৎস হিচাপে বিদেশী একাউণ্ট সংঙ্গা দিয়া।)

উত্তৰঃ-গুপ্তযুগৰ সময়ত বহুতো বিদেশী ভ্ৰমণকাৰীয়ে ভাৰত ভ্ৰমণ কৰি গুপ্ত সাম্ৰাজ্যৰ বিভিন্ন দিশসমূহৰ ইতিহাস তেওঁলোকৰ টোকাসমূহত লিখা হৈছিল । সেই সময়ৰ টোকাবোৰ গুপ্তযুগৰ ইতিহাস ৰচনা কৰাত যথেষ্ট সহায় কৰি আছিছে । গুপ্তবংশৰ ৰজা বা সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বৰ কালছোৱাত চীনৰ ভ্ৰমণকাৰী ফাহিয়ানে ভাৰতবৰ্ষত উপস্থিত হৈছিল । ফাহিয়ানে সেই সময়ৰ ভাৰতবৰ্ষ ভ্ৰমণৰ ওপৰত লিখা গ্ৰন্থখনৰ নাম হল কিৰো-কি ।  ফাহিয়ানে তেোঁৰ টোকাত গুপ্ত বংশৰ বা গুপ্তযুগৰ আৰ্থ-সামাজিক আৰু ধৰ্মীয় অৱস্থাৰ ওপৰত বৰ্ণনা দিছে । তেওঁ ভাৰতবৰ্ষত সাত বছৰ কটাইছিল, আৰু এই সময়ছোৱাত মথুৰা, কনৌজ, কৌসম্বী, কাশী, কুশীনাৰা, সৰস্বতী, কপিলাবস্তু,পাটলিপুত্ৰ আৰু নালন্দা আদি ভাৰতৰ বহুতো ঠাই ভ্ৰমণ কৰি বিভিন্ন তথ্যসংগ্ৰহ কৰি টোকা লিখি থৈ গৈছিল । সপ্তম শতিকাত ভাৰতবৰ্ষলৈ অহা আন এজন চীনা ভ্ৰমণকাৰী জনৰ নাম আছিল হিউৱেন চাং । উত্তৰ-ভাৰতৰ শেষৰজন হিন্দু ৰজা আছিল হৰ্ষবৰ্দ্ধন । হৰ্ষবৰ্দ্ধনৰ ৰাজত্বৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং বৌদ্ধ যুগৰ তথ্য সংগ্ৰহ কৰিবৰ কাৰণে ভাৰতবৰ্ষত আহি উপস্থিত হৈছিল । চীনা  পৰিব্ৰাজক হিউৱেন চাং হল সেই সময়ৰ বৌদ্ধ ধৰ্মৰ কেন্দ্ৰস্থল নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিছিল । হৰ্ষবৰ্দ্ধনে এই বৌদ্ধ ধৰ্ম প্ৰচাৰকজনৰ সন্মানৰ বাবে কনৌজ আৰু প্ৰয়াগত দুখন বৌদ্ধ মহামেলৰ আয়োজন কৰিছিল । ভাৰতবৰ্ষৰ ভ্ৰমণ সামৰি হিউৱেন চাঙে ভাৰতৰ সকলো দিশ চি.ইউ. কি নামৰ টোকাত বৰ্ণনা কৰিছিল । হিউৱেন চাঙৰ বৰ্ণনাত গুপ্ত সাম্ৰাজ্যৰ মূল্যবানতথ্যসমূহ সন্নিৱিষ্ট হৈ আছে । হিউৱেন চাঙক পৰিব্ৰাজক ৰাজকুমাৰ বুলি কোৱা হয় । তেওঁৰ টোকাত গুপ্তসকলৰ আদি বাসস্থান কত আছিল তাৰ তথ্য পোৱা গৈছিল । তেওঁৰ লিখা গ্ৰন্থখনত মহাৰাজ শ্ৰী গুপ্তৰ বৰ্ণনা পোৱা যায় । চীনা পৰ্যটকসকলৰ কাৰণে মৃগশিখবন নামৰ বৌদ্ধ মঠ এটা গুপ্ত বংশৰ ৰজা শ্ৰী গুপ্তই নিৰ্মাণ কৰিছিল । গুপ্ত ৰাজবংশৰ প্ৰতিষ্ঠাতা শ্ৰাী গুপ্তই নিৰ্মাণ কৰা এই বৌদ্ধ বিহাৰটোৰ ভগ্নাৱশেষসমূহ প্ৰত্যক্ষ কৰিছিল বা চাইছিল । খ্ৰীঃ ১১ শতিকাত ভাৰতবৰ্ষলৈ অহা মুছলিম পৰ্যটক আলবেৰুণীৰ টোকাত গুপ্ত বংশৰ সম্ৰাটসকলৰ ৰাজত্বকালৰ বিষয়ে পোৱা গৈছে । 











(i) Origin and original home of the Guptas. (গুপ্তসকলৰ উৎপত্তি কত হৈছিল আৰু তেওঁলোকৰ মূল ঘৰ ক'ত আছিল ।)

উত্তৰঃ- গুপ্তসকলৰ ইতিহাসৰ ৰচনাত সহায় কৰা তথ্যসমূহে গুপ্তসকলৰ উত্থানৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়োৱা নাই । শুংগ আৰু সাতবাহনৰ তথ্যই  গুপ্ত উপাধি ধাৰণ কৰা বহুতো বিষয়াৰ সম্পৰ্কে উল্লেখ কৰিছে । কিন্তু ৰাজকীয় গুপ্ত বংশৰ সৈতে সেই বিষয়াসকলৰ কি সম্পৰ্ক আছিল তাক নিৰ্ধাৰণ কৰিব পৰা নাই । প্ৰকৃততে গুপ্ত নামটো এটা পৰিয়ালৰ নাম অথবা এটা জাতিৰ বা সম্প্ৰদায়ৰ নাম সেইটো জানিবৰ কোনো তথ্য নাই । গুপ্ত সমলবোৰৰ ওপৰত ভিত্তি কৰি গুপ্ত সাম্ৰাজ্যৰ প্ৰথম তিনিজন শাসকৰ নাম উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোক আছিল ক্ৰমে মহাৰাজা শ্ৰী গুপ্ত, মহাৰাজা ঘটোকছ গুপ্ত আৰু মহাৰাজা শ্ৰী স্কন্দগুপ্ত । 

কে.পি জয়ছোৱালৰ মতে গুপ্তসকল পঞ্জাৱৰ জাট সম্প্ৰদায়ৰ লোক আছিল । কিছুমান পণ্ডিতে কৈছে যে গুপ্তসকল ধৰণ গোত্ৰীয় । তেওঁৰ পৰামৰ্শমতে গুপ্তসকল পুষ্যমিত্ৰ শুংগৰ পুত্ৰ অগ্নিমিত্ৰৰ ঘৈণী ৰাণী ধৰিত্ৰীৰ আত্মীয়লোক । দ্বিতীয় চন্দ্ৰগুপ্তৰ কন্যা প্ৰভাৱতী গুপ্তাই নিজকে সেই ধৰণ গোত্ৰৰ বুলি দাবী কৰিছে । কিছুমান পণ্ডিতে গুপ্তসকলক ক্ষত্ৰীয় বুলি নিৰ্দ্দেশ কৰিছে । বিষ্ণু পুৰাণৰ ভাষ্যৰ সমৰ্থনত তেওঁলোকে মতপোষণ কৰিছে যে এই বংশৰ ৰজাসকলৰ নামৰ শেষটো শব্দ গুপ্তৰে শেষ হৈছে আৰু এই শব্দটোৱে প্ৰমাণ কৰে যে গুপ্তসকল বৈশ্য ।  কিন্তু এই মতটো গ্ৰহণযোগ্য নহয় । গুপ্তসকলৰ লিপিত এজনো ৰজাই নিজৰ জাতিৰ বিষয়ে উল্লেখ কৰা নাই ।

গুপ্তসকলৰ আদি বাসস্থান সম্পৰ্কেও বুৰঞ্জীবিদসকলৰ মাজত মতৰ পাৰ্থক্য হোৱা দেখা যায় । কৌমুদী হল গুপ্ত লোকসকলৰ আদি বাসস্থান । প্ৰথমতে তেওঁলোকে  ভাৰসীৰৰ নেতৃত্বত এইখন প্ৰদেশত শাসন কৰিছিল । সুধাকৰ চট্টোপাধ্যায়ৰ মতে বংগদেশ আছিল গুপ্তসকলৰ আদি বাসস্থান । পুৰাণৰ ওপৰত ভিত্তি কৰি এচাম পণ্ডিতে মন্তব্য কৰে যে গংগা আৰু যমুনা নদীৰ দোৱাৰ অঞ্চল গুপ্তসকলৰ আদি বাসস্থান আছিল । প্ৰথমতে গুপ্তৰাজ্য মগধ আৰু গংগাৰ উপত্যকা সামৰি গঠন কৰা হৈছিল । এলানকে ধৰি বিভিন্ন পণ্ডিতে মতামত দিয়ে যে প্ৰথমতে দিয়ে যে আদিতে গুপ্তসকলে মগধৰ পাটলিপুত্ৰৰ ওচৰত থকা ৰাজ্যখনত শাসন কৰিছিল । এ এছ গোৱেলে পূব উত্তৰ প্ৰদেশখনক গুপ্তসকলৰ আদি বা প্ৰথম বাসস্থান বুলি চিনাক্ত কৰে কিয়নো সেই অঞ্চলতে গুপ্তসকলৰ আদি অৱস্থাৰ লিপি আৰু মুদ্ৰা উদ্ধাৰ কৰা হৈছে । 

(ii) Matrimonial policy of the Guptas and its importance (গুপ্তসকলৰ বৈবাহিক নীতি আৰু ইয়াৰ গুৰুত্ব বিষয়ে লিখাঁ)  

উত্তৰঃ- গুপ্ত সাম্ৰাজ্যৰ দিনত বৈবাহিক নীতিয়ে যথেষ্ট গুৰুত্ব লাভ কৰিছিল। প্ৰথম চন্দ্ৰগুপ্ত ৰ লিপি আৰু সোণৰ মুদ্ৰাসমূহৰ পৰা জানিব পৰা গৈছে যে তেওঁ লিচ্ছবী ৰাজকুমাৰী কুমাৰদেৱীৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। লিচ্ছবী আৰু গুপ্তৰাজ্যৰ মাজতএই বৈবাহিক সম্পৰ্কৰ গুৰুত্ব আছিল অপৰিসীম । প্ৰথম চন্দ্ৰগুপ্তই বিবাহৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণে সোণৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল । এই সোণৰ মুদ্ৰাত গুপ্তসকলৰ প্ৰথম ৰজা প্ৰথম চন্দ্ৰগুপ্ত আৰু কুমাৰদেবীৰ চিত্ৰও অংকন কৰা হৈছিল । মুদ্ৰাটোৰ বিপৰীত দিশত লিচ্ছভায় শব্দটো খোদিত কৰা হৈছিল । মুদ্ৰাৰ এইটো পিঠিত এটা সিংহৰ ছবি আৰু সিংহটোৰ ওপৰতলক্ষী দেৱীক বহি থকা চিত্ৰ অংকন কৰা দেখা গৈছিল । 

প্ৰথম চন্দ্ৰগুপ্ত আৰু কুমাৰদেৱীৰ বৈবাহিক সম্পৰ্কৰ গুৰুত্ব ৰাজনৈতিকভাৱে অতি শক্তিশালী । এই বৈবাহিক সম্পৰ্কৰ গুৰুত্ব হৈছে অপৰিসীম । এই সম্পৰ্ক স্থাপন কৰাৰ ফলতে গপ্ৰথম চন্দ্ৰগুপ্তই স্বাধীন হৈ মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল ।লিচ্ছবী ৰাজ্যখন গৌতম বুদ্ধৰ সময়ৰ পৰা ৰাজনৈতিকভাৱে অধিক শক্তিশালী আছিল । প্ৰথম চন্দ্ৰগুপ্তৰ সিংহাসন লাভ কৰাৰ সময়ত গুপ্ত সাম্ৰাজ্যখন দুৰ্বল আৰু চালুকীয়া আছিল। কিন্তু তাৰ প্ৰতিবেশী বাকাটক , লিচ্ছবী আৰু শক ৰাজ্যখন বৰ শক্তিশালী আছিল । সেইকাৰণে প্ৰথম চন্দ্ৰগুপ্তই এক ব্যতিক্ৰমী ব্যৱস্থা হাতত লৈ গুপ্ত সাম্ৰাজ্যৰ অখণ্ডতা আৰু নিৰাপত্তা ব্যৱস্থা সু-নিশ্চিত কৰিব লগা হৈ পৰিছিল । সেইকাৰণে প্ৰতিবেশী ৰাজ্যবোৰক প্ৰতিৰোধ কৰিবৰ কাৰণে তেওঁ লিচ্ছবী ৰাজ্যখনৰ ৰাজকুমাৰী কুমাৰদেৱীৰ সৈতে বৈবাহিক সম্বন্ধ স্থাপন কৰিব লগা হৈছিল । এই বৈবাহিক সম্পৰ্কৰ ফলত গুপ্ত ৰাজ্যক অতি শক্তিশালী কৰি পেলাইছিল । বিশিষ্ট পণ্ডিত এলানে কৈছে যে এই সম্পৰ্কই গুপ্ত সাম্ৰাজ্যৰ সা-সন্মান বৃদ্ধি হোৱাত সহায় কৰিছিল । কিয়নো প্ৰথমতে গুপ্তসকল কোনো ৰাজকীয় বংশৰ পৰা ইদ্ভৱ হোৱা নাছিল । লিচ্ছবী ৰাজ্যৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰাৰ পিছতহে গুপ্ত সাম্ৰাজ্যখনৰ  কিছু সাল -সলনি হৈছিল । সেইকাৰণে গুপ্তসকলৰ বৈবাহিক নীতিয়ে যথেষ্ট গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছিল । 

( iv ) Huna invasion in India .(ভাৰতত হুনা আক্ৰমণৰ বিষয়ে লিখাঁ )  

উত্তৰ- হুনাসকল হল মধ্য এছিয়াৰ এটা অঘৰী জাতি আছিল । তেওঁলোক আছিল নমাড গোষ্ঠীৰ অসভ্য লোক । প্ৰথমতে তেওঁলোকে চীনদেশৰ ওচৰতে বসবাস কৰিছিল । পিছত পশ্চিম দিশৰ পৰা আহি দুটা ভাগত ভাগ হৈ যায় । এটা দল ভল্গাৰ পিনে যায় আৰু আনটো দল অক্সাচৰ পিনে যায় । ইউৰোপৰ ফালে গতি কৰা হুনসকলক কলা হুন আৰু তেোঁলোকৰ যিজন  দলপতি আছিল তেওঁৰ নাম হল অট্টিল । পাৰস্য আৰু ভাৰতবৰ্ষৰফালে থকা হুনসকলকশ্বেত বা বগা হুন বুলি কোৱা হয় । পঞ্চম শতিকাৰ মাজভাগত তেওঁলোক অক্সাচ উপত্যকাত আটাইতকৈ শক্তিশালী জাতি হৈ পৰে । ৪৮৪ খ্ৰীঃত তেওঁলোকৰ ৰজাই পাৰস্যৰ চাচানিয়াম শাসনকৰ্তা ফিৰোজক হত্যা কৰে । এই ঘটনাটোৱে হুনসকলৰ মান-মৰ্যাদা বৃদ্ধি হোৱাত সহায় কৰে । পিছত হুনসকলে ষষ্ঠ শতিকাৰ পিছৰ পিনে তেওঁলোকে বলখ নামৰ এঠাইত ৰাজধানী পাতি এটা ডাঙৰ অঞ্চল অধিকাৰ কৰি লয় ।

গুপ্ত সাম্ৰাজ্যৰ ৰজা স্কন্দগুপ্তৰ শাসন কৰি থকা সময়তে হুনসকলে ভাৰত আক্ৰমণ কৰিছিল ।  তাৰ পিছত তেওঁলোকক খেদি পঠিওৱা হয় । এই আক্ৰমণ ইমানেই ভয়ানক আছিল যে বহুতদিন ধৰি হুনসকলে পুুনৰ ভাৰতবৰ্ষ আক্ৰমণৰ কথা ভাবিব পৰা নাছিল । গুপ্ত সাম্ৰাজ্যৰ শাসক কুমাৰগুপ্তৰ ৰাজত্বকালৰ সময়ৰ পৰা ভাৰতবৰ্ষত হুনসকলৰ আক্ৰমণ আৰম্ভ হয় । কুমাৰগুপ্তৰ পুত্ৰ স্কন্দগুপ্ত ৰাজত্বকালৰ সময়ছোৱাত হুনসকলৰ আক্ৰমণ বৰ বেছি পৰিমাণে হৈছিল ।জুনাগড় নামৰ এখন শিলালিপিৰ পৰা জানিব পাৰি যে স্কন্দগুপ্তই হুন জাতি বা হুনসকলক যুদ্ধত পৰাস্ত কৰিছিল ।

স্কন্দগুপ্তৰ মৃত্যু হোৱাৰ পিছত কোনো শক্তিশালী ৰজাৰ জন্ম হোৱা নাছিল  বা কোনো শক্তিশালী ৰজা সিংহাসনত বহা নাছিল । সেইকাৰণে হুনসকলৰ আক্ৰমণক বাধা দিয়াৰ শক্তি তেওঁলোকৰ নাছিল । হুনসকলে উত্তৰ-পশ্চিম দিশৰ পৰা ভাৰতবৰ্ষত সোমাই আহি ভাৰতবৰ্ষৰ লোকসকলক নান ধৰণৰ শাস্তি দিছিল আৰু বহুতো অত্যাচাৰ কৰিছিল । ভাৰতবৰ্ষৰ সভ্যতাৰ প্ৰধান অৱদান কাবুল উপত্যকাত হুনবোৰে বহুত বেয়াকৈ ক্ষতি কৰাৰ ফলত পিছলৈ সেই অঞ্চলৰ সভ্যতা ভাৰতীয় সভ্যতাৰ পৰা বিচ্ছিন্ন হৈ গৈছিল । 

( v ) Republican states under the Guptas .(গুপ্তসকলৰ অধীনত ৰিপাব্লিকান ৰাজ্যসমূহৰ নাম লিখাঁ) 

উত্তৰ 

 ( vi ) Nalanda University as a great centre of learning .(নালন্দা বিশ্ববিদ্যালয় শিক্ষাৰ এক মহান কেন্দ্ৰ হিচাপে কি জনা যায় ?) 

উত্তৰঃ- প্ৰাচীনকালত নালন্দা বিশ্ববিদ্যালয়তে সকলো শিক্ষাৰ্থীয়ে শিক্ষা  গ্ৰহণ কৰিছিল নালন্দা মহাবিদ্যালয় হল ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীন আৰু পুৰণি মহাবিদ্যালয় আছিল । হৰ্ষবদ্ধনৰ ৰাজত্বকালৰ আন এজন বিখ্যাত পণ্ডিত আছিল শীলভদ্ৰ। শীলভদ্ৰ হল অতীতৰ ভাৰতবৰ্ষৰ বৌদ্ধ শিক্ষাৰ কেন্দ্ৰস্থল নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল । 

নালন্দা বিশ্ববিদ্যালয়ৰ আন এজন পণ্ডিত আছিল জয়সেন । বিখ্যাত পণ্ডিত জয়সেনে স্বৰ-বিজ্ঞান, ভূগোল, ঔষধ আৰু গণিত শাস্ত্ৰ এজন মহান গুৰু আছিল ।   হৰ্।বৰ্দ্ধন নালন্দা বিশ্ববিদ্যালয়ৰ এজন প্ৰধান পৃষ্ঠপো।ক আছিল । হৰ্ষবৰ্দ্ধনে শিক্ষ্যা ব্যৱস্থাটো সম্প্ৰসাৰণ বা বহল কৰিবৰ কাৰণে যথেষ্ট বৰঙণি আগবঢ়াইছিল । সেই সময়তউচ্চ শিক্ষাৰ প্ৰধান কেন্দ্ৰস্থল আছিল নালন্দা বিশ্ববিদ্যালয়। এইখন বিশ্ববিদ্যালয়লৈ   সম্ৰাট হৰ্ষবৰ্দ্ধনে ৰাজকীয়ভাৱে বহুতো পৃষ্ঠপোষকতা আগবঢ়াইছিল । ক্ৰীঃ পঞ্চম শতিকাত নালন্দা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল । এইখন বিদ্যালয়   গুপ্ত সাম্ৰাজ্যৰ ৰজা, ধনী শ্ৰেণীৰ লোক, ভাৰতৰ সকলো অংশ আৰু দূৰ-দূৰণিৰ পৰা ভাৰতীয় হিন্দু উপনিবেশবাদবোৰৰ পৰা সংগ্ৰহ কৰা দান-বৰঙণিৰে প্ৰতিষ্ঠা কৰা হৈছিল নালন্দা বিশ্ববিদ্যালয় । সময়ৰ দ্ৰত গতিৰ লগে-লগে এই বিশ্ববিদ্যালয়খন এখন আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ কেন্দ্ৰস্বৰূপে জনাজাত হৈ গৈছিল ।                              

 3. Very Short questions : 

( 1 ) Mention two books of Vishakha dutta .(বিশাখা দত্ত দেৱে লিখাঁ  দুখন কিতাপৰ নাম লিখাঁ) 

উত্তৰঃ- বিশাখা দত্তদেৱে লিখা দুখন কিতাপৰ নাম হল 

ক) মুদ্ৰাৰাক্ষস 

খ) দেৱীচন্দ্ৰগুপ্তম ।

( i ) What two types of policies did Samudra gupta adopt in his expedition ? (সমুদ্ৰগুপ্তই তেওঁৰ অভিযানত কি দুইধৰনে নীতি গ্ৰহণ কৰিছিল?) 

উত্তৰঃ-  সমুদ্ৰগুপ্তই তেওঁৰ অভিযানত দুটা নীতি বা দুটা পদ্ধতি ব্যৱহাৰ কৰিছিল  । সেইকেইটা হল দিগ্বীজয় আৰু ধৰ্মবিজয় ।

আৰ্য্যবৰ্তৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত দিগ্বীজয় আৰু দক্ষিণপথৰ ৰাজ্যসমহৰ ক্ষেত্ৰত ধৰ্মবিজয় নীতি গ্ৰহণ কৰিছিল । 

iii) Why did Chandragupta II follow matrimonial policy ?(দ্বিতীয় চন্দ্ৰগুপ্তই কিয় বৈবাহিক নীতি অনুসৰণ কৰিছিল ?)

উত্তৰঃ-  দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালৰ এটা গুৰুত্বপূৰ্ণ ঘটনা আছিল বকতাৰ ৰজা দ্বিতীয় ৰুদ্ৰসেনৰ সৈতে সমুদ্ৰগুপ্তৰ বৈবাহিক সম্পৰ্ক আৰু শক শাসকসকলৰ সৈতে হোৱা যুদ্ধ । গুপ্তৰ বৈদেশীক নীতিত বৈবাহিক মিত্ৰতাই মৰ্যাদা লাভ কৰিছিল। প্ৰথম চন্দ্ৰগুপ্তই লিচ্ছবীৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰাত গুপ্ত সাম্ৰাজ্যৰ ভাগ্যৰ পৰিবৰ্তন হৈ গৈছিল ।  এই সম্পৰ্কটোৱে গুপ্ত সাম্ৰাজ্যৰ স্থিতিটোক অতি শক্তিশালী কৰিছিল। সেই উদ্দেশ্য চন্দ্ৰগুপ্তই বৈবাহিক নীতি অনুসৰণ কৰিছিল ।

(গুপ্ত যুগত প্ৰধান ধৰ্ম দুটা কি আছিল ?)

উত্তৰঃ-  গুপ্ত যুগত প্ৰধান  ধৰ্ম দুটা হল 

ক) হিন্দু ধৰ্ম ।

খ) বৌদ্ধ ধৰ্ম ।

 ( V ) What were the results of the victory against the Sakas ?(চাকাসকলৰ বিৰুদ্ধে বিজয়ৰ ফলাফল কি আছিল লিখাঁ?)  

উত্তৰঃ- 

( vi ) Mention two important places of the Gupta paintings .(গুপ্ত চিত্ৰৰ দুটা গুৰুত্বপূৰ্ণ স্থান উল্লেখ কৰি লিখাঁ ) 

উত্তৰঃ-  গুপ্ত চিত্ৰৰ দুটা গুৰুত্বপূৰ্ণ স্থান হল 

ক) অজন্তা গুহা ।

খ) এলিফেন্টা গুহা।

 vii) Discuss Few Lines on the cast System During the Gupta Period. ( গুপ্ত কালত  জাতি ব্যৱস্থাৰ  শাৰীৰিক নীতিৰ বিষয়ে আলোচনা কৰা ) 

উত্তৰঃ-  গুপ্ত কালত জাতি ব্যৱস্থাৰ শাৰীৰিক নীতিসমূহ হল 

গুপ্তসকলৰ দিনত জাতি ব্যৱস্থাক চাৰিটা বৰ্ণত ভাগ কৰিছিল  সেই  ভাগকেইটা হল

ব্ৰাহ্মণ, ক্ষত্ৰীয়, বৈশ্য আৰু শূদ্ৰ। ব্ৰাহ্মণসকলে সমাজত উচ্চস্থান লাভ কৰিছিল । ব্ৰাহ্মণসকলে অধ্যয়ন, আৰু যাগ-যজ্ঞ, পূজা-পাতল কৰিব লাগিছিল । ক্ষত্ৰীয়সকলে সমাজক নিৰাপত্তা দিব লগা হৈছিল আৰু বৈশ্যসকলে ব্যৱসায়-বাণিজ্যত ব্ৰতী আছিল । শূদ্ৰসকলে অন্য তিনিটা জাতি বা বৰ্ণৰ সেৱা কৰিব লাগিছিল । কিন্তু গুপ্ত যুগত বৰ্ণ প্ৰথা কঠোৰ নাছিল । তাৰোপৰি বৰ্ণ সলনি কৰাৰ উদাহৰণো পোৱা যায় । ভাৰতবৰ্ষৰ বহুতো ৰাজ্যত আনকি গুপ্তসকলৰ যুগতো ব্ৰাহ্মণে ৰাজপদ দখল কৰি ৰজা হোৱা দেখা গৈছিল । আনহাতে, বহুতো ক্ষত্ৰিয় লোক ৰজা হোৱাও দেখা যায় । বৌদ্ধ সিখক ফাহিয়ানৰ মতে গুপ্তসকলৰ সময়ত বা  গুপ্ত যুগত চণ্ডাল নামৰ এটা জাতি আছিল । সেই জাতিটোৱে নগৰৰ বাহিৰতহে বাস কৰিব পাৰিছিল । গুপ্তসকলৰ যুগত চাৰিটা আশ্ৰমৰ অৱস্থিতি দেখা পোৱা যায় । সেই চাৰিটা আশ্ৰমৰ মতে মানুহৰ জীৱনটোক চাৰিটা ভাগত ভাগ কৰিব পাৰি । সেইভাগকেইটা হল ব্ৰহ্মচৰ্য,, গ্ৰাৰ্হস্থ, বানপ্ৰস্থ, আৰু সন্ন্যাস । গুপ্তযুগৰ সময়ত এটা গুৰুত্বপূৰ্ণ সামাজিক পৰিৱৰ্তন আছিল কৃষক, ব্যৱসায়ী, চাৰণ, কমাৰ, মিস্ত্ৰী, তেলী আৰু তাতী আদিৰ পৃথক জাতিৰ গঠন কৰা হৈছিল ।  তেওঁলোকে বেছিদিনলৈ বৈশ্য বৰ্ণৰ অন্তভূৰ্ক্ত হৈ নাথাকিল চলি থকা নিয়মমতে তিনিটা উচ্চ শ্ৰেণীয়ে শূদ্ৰ ছোৱালী বিবাহ কৰাব নোৱাৰিছিল যদিও প্ৰায় ভাগ উচ্চ শ্ৰেণীৰ দৰে লোকে শূদ্ৰবৰ্ণৰ ছোৱালী বিবাহ কৰোৱা দেখা যায় ।   


4. Objective Type Questions : 

i) who was the writer of Meghadoot ? (মেঘদুতৰ লেখক কোন আছিল) 

উত্তৰঃ- শ্ৰেষ্ঠ কবি কালিদাস আছিল মেঘদুতৰ লেখক । 

ii) Mention the name of the Buddhist Chinese Traveller ?(বৌদ্ধ চীনা ভ্ৰমণকাৰী কেইজনমান ব্যক্তিৰ নাম উল্লেখ কৰা ?) 

উত্তৰঃ- বৌদ্ধ চীনা ভ্ৰমণকাৰী কেইজনমান ব্যক্তিৰ নাম হল লুই চিং, লুই ভি, টাও টেও আৰু ফাহিয়ান, হিউৱেন চাং ।

iii) Who was Founder of the Gupta Dynasty ?(গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?)

উত্তৰঃ- শ্ৰী গুপ্ত হল গুপ্ত বংশৰ প্ৰতিষ্ঠাপক ।

iv) Who Was Called The Nepoleon of India ?(ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় )

উত্তৰঃ- গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়।

v) Who was the Vakata Ruler During the Reign of the Chandragupta II ?(দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত বকতাৰ  শাসক কোন আছিল ) 

উত্তৰঃ-দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত বকতাৰ শাসক আছিল দ্বিতীয় ৰুদ্ৰসেন ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Type Arup Koch



Post ID : DABP003823