সোনোৱাল কছাৰীসকল


        সােনােৱাল কছাৰীসকলে পূর্বতে মংগােলীয় হিচাপে অসমত প্ৰৱেশ কৰিছিল। তেওঁলােক প্রথমে জড়ােপাসক আছিল। কালক্ৰমত তেওঁলােক কিৰাত ধর্ম গ্রহণ কৰি খেতি-বাতি আৰু যাতায়াত সুবিধার্থে নদী বা পৰ্বতৰ দাঁতিকাষৰীয়া ঠাইত বাস কৰাৰ কাৰণে নদী-কাষৰীয়া অর্থাৎ কক্ষাতকচ্ছত⇒কচ্ছৰ লগত অৰি যােগ হৈ কচ্ছ+অৰি= কচ্ছাৰী বা কছাৰী নামৰ উৎপত্তি হ’ল বুলি পণ্ডিতসকলে মত প্রকাশ কৰিছে। ড° সুনীতি কুমাৰ চ্যাটার্জী (চট্টোপাধ্যায়)-ৰ মতে কছাৰীসকলে প্ৰব্ৰজন কৰি আহি প্রথমে কুশী’নদীৰ পাৰত বাস কৰাৰ কাৰণে তেওঁলােক কুশীমাৰা আৰু তাঞ্চলটোক কুশাৰীয়াৰ বাবে কুশীয়াৰ → কুশাৰ বা কাশাৰ কুশাৰী বা কছাৰী বুলি কৈছে। এই জনগােষ্ঠীটোৱে যিবিলাক নদ-নদীৰ পাৰত বাস কৰিছিল, সেইবিলাক নদ-নদীৰ আগত দি বা টি আখৰযুক্ত শব্দ ব্যৱহাৰ কৰি নিজে নিজেই নদীৰ নাম দিছিল। সেইবিলাকৰ ভিতৰত দিহিং, দিচাং, ডিব্ৰু, দৈয়াং, দিমৌ, দিখৌ, দিগাৰু, দিছে, ডাঙৰী, ডুমডুমা, দিক, দিখাৰী, দিক্ৰং, দিল্লীহৰ আদিয়েই প্ৰধান।

     সােনােৱালঃ ডিমাচা ভাষাত সােনােৱাল মানে উজ্জ্বল আৰু ঐশ্বর্যশালী। বর্তমান নেপাল ৰাষ্ট্ৰৰ পূবত কিৰাতি বুলি আত্মপৰিচয় দি থকা ‘সুনুৱাৰ’জনগােষ্ঠী মানুহৰ মাজত এই সুনুৱাৰ শব্দটো পােৱা যায়। গতিকে সােনােৱাল শব্দটো তিব্বত-বর্মী ভাষাগােষ্ঠীৰ সুনুৱাৰ শব্দৰ পৰাই আহিছে। আদিমফায়ে লিখা সাঁচিপতীয়া পুথি ‘মহান জাতিৰ ইতিহাস'ত উল্লেখ থকামতে চুকাফাই সৌমাৰত প্রবেশ কৰাৰ বহু বছৰৰ আগতেই সােনােৱালসকলে সােণ উৎপাদন কৰিছিল আৰু তেতিয়া, বর্তমানৰ সােনােৱাল শব্দৰ সলনি ‘সুনুৱাল’হে আছিল। আনহাতেদি ইতিহাসবিদ উপেন্দ্র চন্দ্র গুহদেৱৰ কাছারের ইতিবৃত্তত’উল্লেখ কৰামতে সুনাচিৰি (বর্তমান সােৱণশিৰি) নদীৰ পাৰত বসবাস কৰা মানুহখিনিক ‘ সুনুৱাল ’ বুলি কোৱা হৈছিল । তেওঁ ইয়াকো কৈছে যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা ঠাইখন হাবুং বুলি কোৱা হৈছিল আৰু ইয়াত বসবাস কৰা কছাৰীসকলক প্রথমে হাবাং নাইবা হাবুঙীয়া কছাৰী বুলি কোৱা হৈছিল। এই হাবুঙীয়া কছাৰীসকলেই সুনুৱাল (বর্তমান সােনােৱাল) কছাৰী বুলি কোৱা হয়। 

    বর্তমান সমাজত শাসনৰ ব্যৱস্থাঃ  গাঁওসমূহৰ সংগঠনৰ মৌলিক ভেটি হ’ল শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান নামঘৰ। গাঁওখনক শৃংখলাবদ্ধভাৱে পৰিচালিত হ’বলৈ গাঁৱত বাৰীক, পাঠেক, আশীর্বদীয়া, গীত ঘাই, মেধি, তামুলী, ৰান্ধনী আদি বাবৰ সৃষ্টি কৰা হয়। গাঁৱৰ সামাজিক কাম, উৎসৱ-পার্বণ, তিথি আদিত এইসকল বিষববীলাই কাৰ্য সু-পৰিচলনা কৰে। সোনোৱাল কছাৰী গাঁৱৰ নামঘৰত ৰাজহুৱা আৰু নানা মেল-মোকৰ্দমাৰ বিচাৰ হয়। বিচাৰত জৰিমনা ভৰিলে ৰাজহুৱা পুঁজিত ধনভৰালীয়ে জমা ৰাখে।

        ধৰ্ম ঃ সোনোৱাল কছাৰীসকল ৮৩০ খ্ৰীষ্টাব্দৰ পৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল। কিন্তু ১৬৮১ চন (১৬০০ শক)-ত আহোমৰ স্বৰ্গদেউ গদাপানিৰ ৰাজৰোষত পৰি শ্ৰীশ্ৰীকেশৱদেৱ গোস্বামীদেৱে শদিয়াৰ সোনোৱালকৰ অধ্যূষিত আঞ্চল আঁঠুকঢ়া চাপৰি বৰ্তমান কুণ্ডিল আৰু ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অঞ্চলত আত্মগোপন কৰি থকোঁতে অতি কৌশলেৰে সোনোৱাল কছাৰীসকলক 'শৰণ' দিয়াই দ্বৈত ধৰ্মত বিভাজন কৰিলে। সত্ৰাধিকাৰৰ ওচৰত শৰণ লোৱাসকলক হিন্দুৰীয়া আৰু শৰণ নোলোৱাসকলক বেহাৰী বুলি নামকৰণ কৰিলে। আৰু সেই সময়ৰ পৰাই সোনোৱাল সকলক মাজত 'গোসাঁই নাম' অন্তৰ্ভুক্ত হয়। সত্ৰাধিকাৰে শৰণ দিয়ালেও সম্প্ৰতি সোনোৱাল কছাৰীসকলৰ দ্বাত ধৰ্মী। শৰণ লোৱাৰ পাছত পৰা সোনোৱাল সকলৰ মাজত নামঘৰৰ প্ৰচলন হ'ল।

    সােনােৱাল কছাৰীসকলৰ সমাজ পদ্ধতিঃ সােনােৱাল কছাৰীসকলৰ প্রথম পৰিচয় সঁচ বা পৰিয়াল, বংশ, খেল আৰু কুচীয়া। বর্তমান সােনােৱালসকলৰ মাজত ১৩৫ টা সঁচ আছে। ইয়াৰে চাৰিটা বা ততােধিক সঁচ মিলি একোটা বংশ হয়। সােনােৱাল কছাৰীসকলৰ মাজত সৰ্বমুঠ ২৫-টা বংশ আছে। ইয়াৰে চৈধ্যটা বংশক নির্বাচন কৰি কছাৰীৰ ৰাষ্ট্রনায়ক মাণিকে হালালী ৰাজ্য পৰিচালনা কৰিছিল। সােনােৱাল কছাৰীসকলৰ বিবাহৰ ক্ষেত্রত প্রথমে সঁচ আৰু বংশ বিচাৰ হয়। একেই সঁচ বা বংশৰ মানুহ একে ঘৰৰ ককাই -ভাই হিচাপে গণ্য কৰা হয় । 

    সােনােৱাল কছাৰীসকলৰ ঘৰ সজা পদ্ধতিঃ  হায়দাং গীতৰ মতে -‘পূবে ভঁৰাল, পশ্চিমে গৰাল, উত্তৰে চৰু আৰু দক্ষিণে গৰু। তেওঁলােকৰ বৰঘৰটো পূব -মুৱাকৈ, আৰু মাৰলঘৰটো উত্তৰ-দক্ষিণাকৈ সাজে। উত্তৰ দিশত মজিয়া বা পাকঘৰটো সাজে। অতিথিৰ বাবে মাৰলঘৰটো সাজে।

     লােক-সাহিত্যঃ জনসাধাৰণে ৰচনা কৰা সাহিত্যই লােক - সাহিত্য। এনে সাহিত্যই মুখ বাগৰি যুগ যুগ ধৰি কৃষ্টি, সংস্কৃতি, ইতিহাস বহন কৰি আহিছে। তদুপৰি মুখে মুখে ৰচনা কৰা, মুখ বাগৰি জীয়াই থকা পুৰণি নাম, পদ, মালিতা, ফকৰা-যােজনা, সাধুকথা ইত্যাদি উল্লেখযােগ্য চহা সাহিত্য। বর্তমানলৈ প্রাপ্ত লােক-সাহিত্যসমূহৰ ভিতৰত হায়দাং গীত, হুঁচৰি গীত, বহুৱা নৃত্যৰ গীত, আইনাম, ধাইনাম, লখিমী নাম, অপেশ্বৰীৰ নাম, গােসাঁইৰ নাম, ফুলকোৱৰ-মণিকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, মৰণামৰা গীত, বিহুগীত, তৰাচিয়া গীত আদিয়েই প্রধান। মুখ বাগৰি অহা এই সাহিত্যবােৰ অৱশ্যে বর্তমান লিখিত ৰূপত প্রকাশ পাবলৈ ধৰিছে। 

    সােনােৱাল কছাৰীসকলৰ ধর্মীয় ভিত্তিত পূজা-পাতলঃ সােনােৱাল কছাৰীসকলৰ মাজত দ্বৈতধর্ম বিৰাজমান— শাক্ত আৰু বৈষ্ণৱ। ৰামায়ণ, মহাভাৰতৰ দিনৰ পৰাই সােনােৱাল সকলে ‘কিৰাত’ বা পুৰাতন ধর্ম পালন কৰি আহিছিল। কিন্তু ১৬৮১ চনৰ পৰা বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিলেও নৱ বৈষ্ণৱ ধৰ্মই সোনোৱালসকলৰ পূজা পাৰ্বণত বিশেষ প্ৰভাৱ পেলাব পৰা নাই। পৰম্পৰাগতভাৱে চলি অহা পূজাসমূহ, ষেনে- বাইথ' পূজা, গজাই পূজা, গাতিথিৰি পূজা, সৰগদেউ পূজা, জলখাই পূজা, ক্ষত্ৰীয় শালৰ পূজা, বুঢ়া-বুঢ়ী শালৰ পূজা, বলিয়া বাবাৰ পূজা, কেঁচাইখাতী পূজা, কলি আই সবাহ, বাটভেটা সবাহ, খিনভঙা পূজা, গো-কালিকা পূজা, কুলাচামন পূজা, বৰচামন পূজাৰ উপৰিও লখিমী তোলা সবাহ, ভুৰ উটুওৱা সবাহ, বালি সবাহ, চেঙেলী মাছৰ সবাহ, নৰা ছিগা ভোজ, গৰখীয়া সবাহ, বাৰী ছুকৰ সকাম ইত্যাদি। এইদৰে বিদ্যমান। নাচৰ ভিতৰত বহুৱা নৃত্য, হগ্ৰা নৃত্য, লেছেকৰী, কুলাবুঢ়ী নাচৰ হায়দাং নৃত্য, সোনোৱালসকলৰ মাজত যথেষ্ট প্ৰাসংগিকতা আছে।

    সোনোৱাল কছাৰীসকলৰ বৰ্তমান বসতি ঃ প্ৰাকৃতিক আৰু বিভিন্ন পক্ষৰ স'তে যুদ্ধ-বিগ্ৰহত পৰি সোনোৱালসকলৰ একাংশই শদিয়াৰ পৰা আহি উজনিৰ বৰ্তমানৰ এঘাৰখন জিলাত সিঁচৰতি হৈ পৰে। উজনি  অসমৰ এই জিলাবোৰ হ'ল লখিমপুৰ, ধেমাজী, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা।

    অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা সোনোৱাল কছাৰীসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ'ল-

গগণ চন্দ্ৰ সোনোৱাল 

    সাহিত্য - সংস্কৃতিৰ সাধক গগন চন্দ্র সােনােৱালে তিনিচুকীয়া জিলাৰ বৰহাপজানৰ সমীপৰ শুকানগুৰি চাহবাগিছাত ১৯২৬ চনত ২৪ ডিচেম্বৰ তাৰিখে জন্মগ্রহণ কৰে। ডাঙৰী গাঁৱৰ তিলক সােনােৱাল তেওঁৰ পিতৃ আৰু মাতৃ অদিতি সােনােৱাল। মাকুম প্রাথমিক বিদালয়ত তেওঁৰ শিক্ষা-জীৱন আৰম্ভ হয়। তাৰ পাছত যথাক্রমে ডাঙৰী মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ে আৰু ডাঙৰী ইংৰাজী বিদ্যালয়ৰ পৰা মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়। ডিব্ৰুগড়ৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ ডিব্ৰুগড় হনুমান বক্স কানৈ কলেজৰ পৰা কলা শাখাত প্রাক্ - স্নাতক পৰীক্ষাত উত্তীর্ণ হােৱাৰ পাছত তেওঁৰ শিক্ষা-জীৱনৰ সিমানতে সামৰণি পৰে। তিনিচুকীয়া জিলাৰ কাকপথাৰত ১৯৪৭ চনত মধ্য ইংৰাজী বিদ্যালয়ত এগৰাকী প্ৰতিষ্ঠাপক শিক্ষক ৰূপে কর্ম - জীৱনৰ পাতনি মেলি তাৰ পৰাই সহকাৰী শিক্ষক পদৰ পৰা ১৯৮৮ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। শিক্ষকতাৰ বাদেও সােনােৱালদেৱে স্বাৱলম্বী হ'বলৈ জীৱিকাৰ বাবে কৃষিকর্মতাে আত্মনিয়াে কৰিছিল।

    ডাঙৰীৰ মধ্য ইংৰাজী বিদ্যালয়ত পঞ্চম শ্রেণীত পঢ়োতেই গগন চন্দ্র সােনােৱাল দেৱে সাহিত্য। চর্চা আৰম্ভ কৰে। বিদ্যালয়ৰ হাতে লেখা আলােচনীৰ পাততেই ১৯৪২ চনত ‘মানৱ সভ্যতা আৰু ক্রমবিকাশ প্ৰবন্ধটো এঘাৰ বছৰ বয়সত লিখিছিল। সেই কালৰ জনাজাত গুৱাহাটীৰ তৰুণ লেখক সংঘব প্রথম প্রকাশিত মুখপত্র ‘তৰুণ জাগৰণ'ত ‘সােনােৱাল কছাৰীৰ হায়দাং গীত প্ৰকাশ কৰিছিল। তেওঁ ৰচনা কৰা একৈশটা সাধুকথা অসম সাহিত্য সভাই সােনােৱালৰ সাধু' নামেৰে ১৯৭৮ চনত প্রকাশ কৰে। সােনােৱালদেৱৰ সাহিত্য সাধনাৰ উৎকৃষ্ট নিদৰ্শনৰূপে বৰ্তমানলৈকে প্ৰকাশ হৈছে বিভিন্ন বিষয়ব—যেনে (১) সােনােৱাল কছাৰীসকলৰ ঐতিহ্য’ (2) অসমৰ সংস্কৃতিত সােনােৱালসকলৰ অৱদান আদি চৌবিশটা মৌলিক প্ৰৱন্ধ (৩) লােকসাহিত্য-সংগ্রহ, যেনে— গীত-মাত, হায়দাং হুঁচৰি, আইনাম, অপেচৰা নাম, লখিমী নাম ইত্যাদি। (৪) অন্যান্য ৰচনাৱলীত আছে তেৰটা অমূল্য নিৱন্ধ (৫) ভাষাণাৱলীত সন্নিবিষ্ট হৈছে উনৈশটা ভাষণ, (৬) ছয়টা কবিতা— প্রভৃতি বিচিত্র সাহিত্যকর্মই গগন চন্দ্র সােনােৱাল দেৱৰ জীৱনৰ কীর্তি। সাংস্কৃতিক জীৱনৰ গুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে লগ লাগি সােনােৱাল কছাৰীৰ সমাজ জীৱনৰ ইতিহাস স্বৰূপ ‘হুচৰি গীত ছৈখােৱাৰ বিছনী গাঁৱৰ ১৯৪২ চনত সংগ্রহ কৰিছিল।

    তেওঁ কাকপথাৰত প্রথম শাখা সাহিত্য সভা গঠন কৰিছিল। অবিভক্ত ডিব্ৰুগড় জিলাৰ সভাপতি আৰু তিনিচুকীয়া জিলাৰ প্ৰতিষ্ঠাপক সভাপতি পদো অলংকৃত কৰিছিল। অসম সাহিত্য সভা ভালেমান অধিবেশনত তেওঁ প্রতিনিধিরূপে অংশগ্রহণ কৰিছিল। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ এগৰাকী একনিষ্ঠ কর্মীৰূপে স্বীকৃতি দি অসম চৰকাৰে সােনােৱালদেৱক সাহিত্যিক পেঞ্চন আগবঢ়াইছে। গগন চন্দ্র সােনােৱাল সদৌ অসম জনসংস্কৃতি পৰিষদৰ প্ৰথমগৰাকী কার্যকাৰী সভাপতি হৈছিল আৰু পাছত সভাপতি পদৰ গুৰু দায়িত্ব বহন কৰিছিল।

     নিজক প্রতিষ্ঠা, প্রতিভাৰ প্রশংসাৰ প্রতি নিস্পৃহ, নীৰৱ কৰ্ম সাধনত একান্তভাৱে নিবিষ্ট থকা সােনােৱালদেৱে ২০০৯ চনৰ ২৭ অক্টোবৰ তাৰিখে ইহলীলা সম্বৰণ কৰে। জীৱনকালত তেওঁ কৰি যােৱা সামাজিক কল্যাণকামী আৰু প্রগতিশীল কর্ম- চিন্তাই গগন চন্দ্র সােনােৱালক স্মৰণীয় কৰি ৰাখিব। 

পৰশুৰাম সােনােৱাল

    পৰশুৰাম সােনােৱাল জন্ম হয় ১৯০৪ চনৰ ২৫ মে' তাৰিখে নগাঘূলি চাহ বাগিছাত। তেওঁৰ পিতৃৰ নাম আছিল পঞ্চানন সোনোৱাল আৰু মাতৃ আছিল গুটিমালা সোনোৱাল। গ্ৰেহেম বজাৰ নিম্ন বুনিয়াদী পাঠশালত পৰশুৰাম সোনোৱাল প্ৰাথমিক শিক্ষাৰ শুভাৰম্ভ। সুখ্যাতিৰে সেই স্কুলৰ পৰা উত্তীৰ্ণ হয় আৰু চৰকাৰী ল'ৰাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত নাম লগায়। আৰু সেই স্কুলৰ পৰাই তেওঁ ১৯২৪ চনত প্ৰথম বিভাগত মেট্ৰিক পাছ কৰে আৰু কলেজৰ পৰা আই. এ. কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কলিকতাৰ প্ৰেছিডেন্সী কলেজত নাম লগায়। সেই কলেজৰ পৰা ১৯২৮ চনত বুৰঞ্জীত সন্মানসহ বি. এ.- ত প্রথম শ্রেণী লাভ কৰি উত্তীর্ণ হয়। ১৯৩২ চনত তেওঁ ইউনিভাৰচিটি অব কলকাতা’ৰ পৰা বুৰঞ্জী বিভাগত স্নাতকোত্তৰ প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰাৰ লগতে একে সময়তে সেই বিশ্ববিদ্যালয়ৰ পৰা এল. এল. বি.-ত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। 

    পৰশু সােনােৱাল কেৱল যে এজন বিদ্যায়তনিক দিশতে পাৰ্গত অছিল সেয়া নহয়। তেওঁ এজন এনে ব্যক্তি আছিল, যিয়ে ক্রীড়া, সংগীত সাধনা, লেখক (গল্প, প্ৰৱন্ধ) আদিৰ লগতে সুকুমাৰ কলাতে সিদ্ধহস্ত আছিল। তেওঁৰ গল্প আদি সেই সময়ত প্রকাশিত Illustrated Weekly of India আলােচনীত সঘনে প্রকাশিত হৈছিল আৰু প্রয়ােজনীয় চিত্রসমূহৰ স্কেচ নিজে আঁকিছিল। 

    যি সময়ত অসমত টেনিছ, ফুটবল আৰু হকী খেলৰ কোনাে চিনাকি নাছিল, সেই সময়ছােৱাত পৰশু সােণােৱালে নিজা পাৰদৰ্শিতাৰে প্রেছিডেন্সী কলেজৰ ফুটবল, হকী আৰু টেনিছ খেলত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ সুনামতে ‘ইউনিভাৰচিটি অব কলকাতাৰ’ হকী দলৰ অধিনায়ক ৰূপে নির্বাচিত হৈবহু প্রতিযােগিতাত নিজৰ সক্ষমতা দেখুৱাবলৈ সক্ষম হৈছিল আৰু অসমত ইয়াৰ প্ৰসাৰ ঘটাইছিল। কর্মজীৱন আৰম্ভ কৰে ১৯৩৪ চনৰ ১৪ এপ্রিলৰ দিনা। সেই তাৰিখতে তেওঁ ডিব্ৰুগড় উকীল সন্থাত ৩৫ ( পয়ত্রিছ ) নম্বৰৰ পঞ্জীয়নেৰে যােগদান কৰে । এই উকীল সন্থাত নাম পঞ্জীয়ন কৰা এম . এ . , এল . এল.বি.

প্রথম অসমীয়া ব্যক্তিজন হ’ল পৰশুৰাম সােনােৱাল।

     পৰশুৰাম সােনােৱাল বহুতাে সামাজিক কামতাে জড়িত হৈছিল। ইংৰাজ শাসনকালত অসমত যি আধুনিক জীৱন-যাপনৰ শৈলী গঢ়ি উঠিছিল, সেইবােৰত পৰশু সােণােৱালে সকলাে ক্ষেত্রতে সহায়ৰ হাত আগবঢ়াইছিল। উচ্চ শিক্ষাৰ বাবে ডিবৰুনগৰৰ বহু নাগৰিকে কলেজ এখন স্থাপনৰ যি সিদ্ধান্ত গ্রহণ কৰিছিল, পৰশু সােণােৱালে তাৰ প্রতি সঁহাৰি জনাই এটা বছৰ বিনামূলীয়াকৈ পাঠদানৰ প্ৰস্তাৱ আগবঢ়াই এবছৰকাল অকলেই কলেজখনৰ বুৰঞ্জী বিভাগ পৰিচালনা কৰিছিল।

     সােনােৱালদেৱ একেৰাহে ডিব্ৰুগড় লােকেল ব'ৰ্ডৰ সক্রিয় সদস্য, অসম মেডিকেল স্কুল ব'ৰ্ডৰ সদস্য, জিলা ট্রাইবেল লীগ সভাপতি আদিকে সামৰি ডিব্ৰুগড় উকীল সন্থাৰ দুবাৰকৈ সম্পাদকৰূপে কার্যনির্বাহ কৰিছিল । স্বাধীনতাৰ পাছৰ সময়ছােৱাত অসমৰ অনুন্নত জাতি-জনগােষ্ঠীসমূহৰ সামাজিক, শৈক্ষিক, অর্থনৈতিক তথা সাংস্কৃতিক দিশ আগবঢ়াই নিবলৈ গঠন কৰা সদৌ অসম ট্রাইবেল লীগৰ বাবে তেওঁ বহুতাে অৱদান তথা ত্যাগ স্বীকাৰ কৰি গৈছে।

     ১৯৬০ চনৰ পহিলা অক্টোবৰৰ দিনা সহধর্মিণীৰ লগতে তিনি পুত্র সহিত পাঁচগৰাকী কন্যা আৰু পৰিয়াল পৰিজন, গুণমুগ্ধক কন্দুৱাই তেওঁ ইহলীলা সম্বৰণ কৰে।             

বৰেণ্য সাহিত্যিক আৰু শিক্ষাবিদ যােগেশ দাস

     প্রাতঃস্মৰণীয় শিক্ষাবিদ আৰু প্রখ্যাত সাহিত্যিক যােগেশ দাসৰ জন্ম হৈছিল ১৯২৭ চনত ডুমডুমাৰ হাঁহচবা চাহ-বাগিছাত। তেওঁৰ পিতৃৰ নাম সূর্যকান্ত দাস আৰু মাতৃৰ নাম আছিল চিন্তামণি দাস। চাই বাগিছাৰ নয়নাভিরাম প্রাকৃতিক পৰিবেশত ডাঙৰ-দীঘল হােৱা যােগেশ দাসে চাহ-বাগিছাৰ প্রাথমিক বিদ্যালয়তে শিক্ষা-জীৱন আৰম্ভ কৰে। ডুমডুমা মজলীয়া বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড় জর্জ-ইনষ্টিটিউশন, বর্তমান বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা গ্রহণ কৰে। ১৯৫৪ চনত অতি সুখ্যাতিৰে প্রবেশিকা পৰীক্ষাত উত্তীর্ণ হয়। ১৯৪৯ চনত কটন কলেজৰ পৰা স্নাতক উপাধি লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৩ চনত স্নাতকোত্তৰ উপাধি লাভ কৰে। ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ গল্প ৰচনা কৰি এগৰাকী পৈণত গল্পকাৰৰ পৰিচয় দিছিল। ১৯৫৩ চনতেই তেওঁ ৰচনা কৰা উপন্যাস ‘সঁহাৰি পাই’ প্রকাশ হৈছিল।

    কর্মজীৱনঃ  ডুমডুমা হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা যােগেশ দাসে ১৯৫৩ চনৰ পৰা ১৯৮৮ চনলৈকে গুৱাহাটী বি . বৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰে আৰু অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। জ্ঞানৰ সাধনাই তেওঁৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য আছিল।

    শিক্ষকতা তেওঁৰ তাণ্ডবৰ আবেদন আৰু জীৱনৰ পবিত্রতম অভিলাষ যদিও সমান্তৰালভাবে অসমীয়া সাহিত্যক আগুৱাই নি বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ যি উদ্দীপনা তেওঁ জ্ঞান-প্ৰসাৰী চর্চাই ইয়াৰ উৎকৃষ্ট উদাহৰণ। শিক্ষকতা, সাহিত্য-সাধনা, জ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰক তেওঁ জীৱনৰ ব্রত হিচাপে গণ্য কৰিছিল। সেয়েহে কর্তব্য তথা দায়িত্ব প্রতি অৱহেলা নকৰাকৈ সাংবাদিকতাৰ ক্ষেত্ৰখনতাে জড়িত হৈ অতি নিষ্ঠাৰে দেশসেৱা, জন -সেৱা আৰু সমাজ সেৱাত ব্ৰতী হৈ পৰিছিল। নতুন অসমীয়া কাকতৰ উপসম্পাদক, দৈনিক অসম’ কাকতৰ সহকাৰী প্রধান সম্পাদক, ‘প্ৰহৰী আৰু ‘অধিনায়ক’ৰ সম্পাদনাৰ সৈতে জড়িত আছিল। অসম সাহিত্য সভা-পত্রিকা’ৰাে সম্পাদক আছিল।

    সাহিত্য-কৃতিঃ  যােগেশ দাস এগৰাকী স্বনামধন্য, সফল আৰু মানবীয় মূল্যবােধেৰে ভৰপূৰ সাহিত্যিক।-পুথিসমূহ ‘পপীয়া তৰা’ (১৯৫৬), ‘ডাৱৰৰ আঁৰে আঁৰে’ (১৯৫৮), ‘ত্রিবেণী’ (১৯৬১), মদাৰৰ বেদনা' (১৯৬৩) আৰু ‘হাজাৰ লােকৰ ভীৰ’ (১৯৬৫)। উপন্যাসসমূহ— সঁহাৰি পাই ’ (১৯৫৩) , ‘ ডাৱৰ আৰু নাই’ (১৯৫৫), ‘জোনাকীৰ জুই ' ( ১৯৫৬ ) , উৎকণ্ঠ উৎকণ্ঠ’ (১৯৬০) , ‘ছাঁ জুই খেদি’ (১৯৬১), ‘ নিৰুপায় নিৰুপায় ’ (১৯৬৩), ‘এমুঠি ধূলি’ (১৯৬৫), ‘হেজাৰ ফুল ’ (১৯৬৭), ‘অবৈধ’ (১৯৭২), ‘জুইৰ ধোঁৱা ’ (১৯৭২) , নৰেশ , মালতী ’ (১৯৭৭) , আৰু ৰজনী বিদূৰ’ (১৯৮১) ইত্যাদি । তদুপৰি তেওঁ অন্যান্য বহুতাে গ্রন্থ লেখি থৈ গৈছে৷ ইংৰাজী গ্রন্থ ‘Folklore of Assam', অনুবাদ গ্রন্থ— বনে বনে জীৱনী গ্রন্থ— ‘হেম বৰুৱা ইত্যাদি।   

    সন্মান আৰু বঁটা-বাহনঃ ১৯৮৫ চনৰ ৮,৯ আৰু ১০ ফ্রেব্রুৱাৰীত বিহপুৰীয়াৰ শ্ৰীশ্রীমাধৱদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ এক পঞ্চাশতম অধিবেশনত সভাপতিত্ব কৰে। সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত তেওঁ অতি সাৰুৱা আৰু চিৰস্মৰণীয় ভাষণ প্রদান কৰি এগৰাকী মহান চিন্তাবিদৰ পৰিচয় দি গৈছে।

    এইগৰাকী প্রথিতযশা গদ্যশিল্পী যােগেশ দাসে জীৱনত বহুতাে বঁটা-বাহন লাভ কৰিলে। ১৯৮০ চনত পৃথিৱীৰ অসুখ’ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ১৯৮৬ চনত আকৌ বনে বনে’ গ্রন্থৰ বাবে ‘মােক্ষদানন্দপাঠক শিশু-সাহিত্য বঁটা’ ১৯৮৯ চনত সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা’ লাভ কৰে এনাজৰী গ্রন্থৰ বাবে। ১৯৯৪ চনত তেওঁলৈ আগবঢ়োৱা হয় ‘অসম উপত্যকা সাহিত্য বঁটা’।

    এইগৰাকী স্থিতপ্রজ্ঞ তথা বৰেণ্য ব্যক্তিৰ ১৯৯৯ চনৰ ৯ চেপ্তেম্বৰত দেহাৱসান হয়। 

অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী যােগেন্দ্র নাথ হাজৰিকা

    অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী যােগেন্দ্র নাথ হাজৰিকা অসমৰ জনসাধাৰণৰ মাজত যােগেন হাজৰিকা নামেৰে অধিক জনাজাত। মানুহজন সকলাে গুণেৰে বিভূষিত, পিন্ধনত বগা খদ্দৰৰ পােছাক, সুন্দৰ শাৰীৰিক গঠন, ধীৰ-স্থিৰ, গম্ভীৰ, সকলাে ক্ষেত্ৰতে পৰিপাটি, কথা-বতৰাত অতি সংযম, অতি ভদ্র আচাৰ-ব্যৱহাৰ, বুদ্ধিদীপ্ত ব্যক্তিত্বশীল গুণেৰে সমৃদ্ধ এগৰাকী গৌৰ বৰণৰ ওখ - পাখ সহজতে সকলােকে আকর্ষণ কৰিব পৰা সভা শুৱনি ব্যক্তি। নিয়ৰৰ টোপালৰ দৰে অতি পবিত্র অন্তৰ তেওঁৰ চৰিত্ৰৰ ভূষণ। তেওঁ আছিল একেধাৰে কৃতী ছাত্র, আদর্শ সমাজবাদী, সু-সংগঠক, সু-লেখক, বুদ্ধিজীৱী, আলােচনী সম্পাদক, আইনবিদ, সু-দক্ষ সাংসদ, ভাৰতৰ প্ৰথমগৰাকী বহিঃপৰিক্ৰমা বিভাগৰ সংসদীয় সচিব, ৰাজনীতিবিদ, বিধায়ক , দক্ষ প্রশাসক, বিধান সভাৰ অধ্যক্ষ তথা অসমৰ প্রাক্তন মুখ্যমন্ত্রী।

    অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত অঞ্চলৰ পুৰণিখঙীয়া গাঁৱত ১৯২৪ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এটি দৰিদ্ৰ পৰিয়ালত যােগেন হাজৰিকাদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ ক্রমে গােলাপ চন্দ্র হাজৰিকা আৰু ৰত্না হাজৰিকা আছিল। তেওঁৰ পত্নী বীণা হাজৰিকা আৰু একমাত্র পুত্র মনজিৎ হাজৰিকা। 

    আর্থিক অনাটনৰ বাবে তেওঁৰ পৰিয়ালটো জন্মস্থান টেঙাখাতৰ পৰা বুঢ়ীদিহিঙৰ পাৰৰ হাতীবন্ধা গাঁৱলৈ উঠি গৈছিল। তেওঁলােকৰ বাসস্থান হাতীবন্ধা গাঁৱত সেইসময়ত কোনাে প্রাথমিক বিদ্যালয় নথকাত যােগেন হাজৰিকাই টেঙাখাত ঘাঁহি গাঁৱৰ নিজ পৰিয়ালৰ এঘৰত থাকি ওচৰতে ভেকোৱাজান প্রাথমিক বিদ্যালয়ত শিক্ষাগ্রহণ কৰিছিল। আর্থিক অনাটনৰ বাবে যােগেন হাজৰিকাই চানা-বাদাম বিক্রী কৰি খৰচ-পাতি উলিয়াই শিক্ষা গ্রহণ কৰিব লগা হৈছিল। দুগৰাকী দয়ালু ব্যক্তি তেতিয়াৰ ডিব্ৰুগড়ৰ লােকেল বৰ্ডৰ চেয়াৰমেন, চাহ খেতিয়ক ডম্বৰুধৰ শইকীয়া আৰু ডিব্ৰুগড়ৰ আগশাৰীৰ আইনবিদ, শিক্ষাবিদ, সমাজসেৱক পৰশুৰাম সােনােৱালৰ প্রেৰণা, আর্থিক সাহায্যত ১৯৪১ চনত ডিব্ৰুগড় চৰকাৰী ল'ৰাৰ হাইস্কুলৰ পৰা মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৪৬ চনত কটন কলেজৰ পৰা স্নাতক, ১৯৪৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অর্থনীতিত স্নাতকোত্তৰ (এম.এ.) আৰু ১৯৫২ চনত আইনৰ ডিগ্রী লাভ কৰে। উল্লেখযােগ্য যে যােগেন হাজৰিকা সােনােৱাল জনগােষ্ঠীৰ দ্বিতীয়গৰাকী এম.এ. আৰু তৃতীয়গৰাকী বি.এল. ডিগ্ৰীধাৰী ব্যক্তি আছিল। 

    স্বাধীন ভাৰতৰ প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত। হাজৰিকাদেৱে এই নির্বাচনত ডিব্ৰুগড় লেকসভা সমষ্টিৰ পৰা জয়লাভ কৰি সাংসদ হিচাপে নির্বাচিত হৈছিল আৰু একেৰাহে ১৯৬৭ চনলৈকে লােকসভাৰ সাংসদ আছিল। প্রথম সাধাৰণ নিৰ্বাচনৰ আগে আগে ১৯৫১ চনত তেওঁ সদৌ অসম ট্রাইবেল লীগ নেতৃত্ব বহন কৰি থকা কালছােৱাত এবছৰ কাল অস্থায়ী সাংসদৰ মনােনীত সদস্য আছিল বুলি জনা যায়। তেওঁ লােকসভাৰ এগৰাকী সু-দক্ষ সাংসদ আছিল। এনে সু-দক্ষ গুণৰ বাবে ১৯৫২ চনৰ পৰা ১৯৬৭ চনলৈকে বহিঃপৰিক্ৰমা বিভাগৰ সংসদীয় সচিবৰূপে নিয়ােজিত আছিল। সংসদীয় ৰাজনীতি পুৰা হাজৰিকাদেৱে আশীৰ দশকত অসমৰ ৰাজনীতিৰ বিধান সভাৰ মজিয়াত প্রবেশ কৰে। বিধানসভাৰ নিৰ্বাচনত তেওঁ ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিৰ পৰা জনতা দলৰ টিকটত প্রতিদ্বন্দ্বিতা কৰি অসম বিধান সভালৈ নির্বাচিত হয় আৰু অসম বিধান সভাৰ সন্মানীয় অধ্যক্ষ পদত অধিষ্ঠিত হয়। তাৰ পিছত ১৯৭৯ চনত তেওঁ ৯১ দিনৰ বাবে অসমৰ মুখ্যমন্ত্রী হয়।

    যােগেন হাজৰিকাদেৱে কলিকতা বিশ্বদ্যিালয়ত আইনৰ শিক্ষা গ্রহণ কৰিছিল। তেওঁ ১৯৫২ চনত আইনৰ ডিগ্রী লাভ কৰে। আইনৰ ডিগ্রী লাভ কৰি হাজৰিকাদেৱে ১৯৫২ চনত কলিকতাৰ হাইকটিত ওকালতি জীৱন আৰম্ভ কৰি সেই বছতেই ডিব্ৰুগড়লৈ আহি বাৰ লাইব্রেৰীত যােগদান কৰিছিল। তদুপৰি তেওঁ গুৱাহাটীৰ হাইক’র্টতে ওকালতি কৰিছিল । ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ লােৱাৰ পাছত তেওঁ ভাৰতৰ চুপ্রিম কর্টতে ওকালতি জীৱন আৰম্ভ কৰিছিল। উল্লেখযােগ্য যে ভাৰতৰ চুপ্রিম ক'ৰ্টত হাজৰিকাই আছিল সােনােৱাল কছাৰী জনগােষ্ঠীৰ একমাত্র এডভ’কেট।

    হাজৰিকাদেৱ এগৰাকী জনজাতীয় নেতা হিচাপে জনজাতিসকলৰ সর্বাঙ্গীণ বিকাশত দেহে-কেহে নিজকে উছৰ্গা কৰিছিল। জনজাতিসকলৰ সর্বাঙ্গীণ বিকাশৰ বাবে গঠন হােৱা কেইটামান দল-সংগঠনৰ সৈতে তেওঁ কেনেদৰে জড়িত হৈ পৰিছিল তাৰ এটি চমু আভাষ দিয়া হ'ল। 

    (ক) ১৯৩৩ চনত অসমৰ ভৈয়ামৰ সকলাে জনগােষ্ঠীৰ সমূহীয়া ৰাজনৈতিক সংগঠন ট্রাইবেল লীগ’ গঠন হৈছিল। এই ট্রাইবেল লীগৰ আৰ্শই হাজৰিকাদেৱক গভীৰভাৱে প্ৰভাৱান্বিত কৰিছিল। তেনে পৰিপ্ৰেক্ষিতত ট্রাইবেল লীগৰ সেই সময়ৰ সম্পাদক ভীমবৰ দেউৰী আৰু সদস্য পৰশুৰাম সােনােৱালৰ কার্যকালছােৱাত হাজৰিকাদেৱে তেওঁলােকৰ সংস্পৰ্শলৈ আহি ট্রাইবেল লীগৰ কামত নিজকে জড়িত কৰিছিল।

    (খ) ১৯৪০ চনত সদৌ অসম প্রগতিশীল কছাৰী সন্মিলনৰ সম্পাদকৰ গুৰু দায়িত্ব বহন কৰিছিল। (গ) হাজৰিকাদেৱে গুৱাহাটীত অধ্যয়ন কৰি থকা সময়ত All Assam Plains and Hills Tribe Students Association নামৰ এটি সংগঠনৰ জন্ম হৈছিল। হাজৰিকাদেৱে এই সংগঠনৰ সভাপতিৰ দায়িত্বত থাকি এই সংগঠনৰ সর্বাঙ্গীণ বিকাশত অহােপুৰুষাৰ্থ কৰিছিল। 

    যােগেন হাজৰিকাই সাহিত্য চর্চাও কৰিছিল। ‘নায়ক’ নামৰ এখন আলােচনী সম্পাদনা কৰাৰ উপৰিও তেওঁ অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰৱন্ধ-পাতি লিখিছিল । “ ভাৰতৰ স্বাধীনতাৰ চমু বুৰঞ্জী আৰু গণ পৰিষদ’ আৰু ইংৰাজী ভাষাত লিখা— Consideration on twenty five Million Soul of Trial India' হাজৰিকাদেৱৰ দুখন অতি উল্লেখযােগ্য গ্রন্থ।

    জ্ঞানপিপাসু হাজৰিকাদেৱে তেওঁৰ দীঘলীয়া জীৱনকালত বহুতাে মূল্যবান গ্রন্থ ক্ৰয় কৰি আৰু সেইবিলাক গ্রন্থ অধ্যয়ন কৰি নিজৰ জ্ঞানৰ ভঁৰাল সমৃদ্ধ কৰিছিল। তেওঁ জীৱনকালত সংগ্ৰহ কৰা দুহেজাৰতকৈ অধিক মূল্যৱান গ্রন্থ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু টেঙাখাত মহাবিদ্যালয়ৰ পুথিভঁৰাললৈ দান কৰিছিল। 

    পাহাৰ-ভৈয়ামৰ মিলনৰ সাধক জনজাতীয় নেতা অসমীয়া জাতিৰ নিঃস্বার্থ প্রেমিক। যােগেন্দ্রনাথ হাজৰিকাই ১৯৯৭ চনৰ ৩০ চেপ্তেম্বৰ তাৰিখে জীৱন নাট সামৰি এই সংসাৰৰ পৰা চিৰ বিদায় মাগিলে। 


Typr : priyam Jyoti Patar             



Post ID : DABP003888