গৰিয়া, মৰিয়া আৰু দেশীসকল


     অসম বিভিন্ন জাতি-উপজাতিৰে পৰিৱেষ্টিত। বিভিন্ন জাতি -উপজাতিক লৈয়ে বৃহত্তৰ অসমীয়া জাতি গঠিত হৈছে। আন আন খিলঞ্জীয়া জনগােষ্ঠীৰ দৰে অসমীয়া জাতি গঠন প্রক্রিয়াত অংশগ্রহণ কৰা গৰিয়া, মৰিয়া, দেশী বুলি বুৰঞ্জীখ্যাত ইছলামধর্মী খিলঞ্জীয়াসকল অসমৰ প্রাচীন জনগােষ্ঠীসমূহৰ অংশবিশেষ। অসমত এই জনগােষ্ঠীটোৰ উদ্ভৱ এটা উল্লেখযােগ্য পৰিঘটনা। ১২০৫-০৬ খ্রীষ্টাব্দত তিব্বত-চীন জয় কৰাৰ মানসেৰে বংগৰ তুর্কী সেনাপতি বখতিয়াৰ খিলিজিৰ নেতৃত্বত কামৰূপত প্ৰৱেশ কৰা মুছলমান সৈন্যসকল কামৰূপৰ ৰজা পৃথুৰ হাতত শােচনীয়ভাৱে পৰাস্ত হৈ তাৰে কিছু সৈন্য অসমতে ৰৈ যােৱা বুলি কোৱা হয়। উল্লেখযােগ্য যে বখতিয়াৰ খিলিজিক বাট দেখুৱাই লৈ আহিছিল ‘আলি মেচ’ নামৰ এজন ইছলাম ধৰ্মলৈ ধর্মান্তৰিত জনজাতীয় ৰজাই। বুৰঞ্জীত তেওঁকেই প্রথম ইছলাম ধৰ্মলৈ ধর্মান্তৰিত জনজাতীয় ৰজা বুলি জনা যায়। গতিকে ৰজাৰ লগত প্ৰজাৰৰ বহুতে ইছলাম ধর্ম গ্রহণ কৰাটো স্বাভাৱিক কথা। কোনাে কোনাে ইতিহাসবিদ মতে আকৌ সপ্তদশ শতিকাতে হেনাে অসমত ইছলাম ধৰ্মৰ সূচনা তুৰস্কৰ ৰজা সৌষ্টৱ হাছানে চীন জয় কৰি ওভতাৰ পথত ৰৈ যােৱা কিছু সৈনিকৰ পৰা হয়। (প্রসংগঃ ইছলামীয় ঐতিহ্য আৰু অসমৰফিউল হুছেইন বৰুৱা)। সি যি কি নহওক, সপ্তম শতিকাতে হওক বা ত্রয়ােদশ শতিকাতেই হওক, অসমত এনেদৰে বিভিন্ন সময়ত আহি ৰৈ যােৱা যুদ্ধবন্দীৰ সৈতে বৈবাহিক সম্পর্ককে ধৰি হােৱা সান্নিধ্য তথা বিভিন্ন সময়ত অহা ধর্মপ্রচাৰক পী-সাধকসকলৰ মহান বাণীৰ প্ৰভাৱত বিভিন্ন ধর্মাৱলম্বী তথা হিন্দু ধর্মাৱলম্বী খিলঞ্জীয়া লােকসকলৰ মনত ইছলাম ধৰ্মৰ প্ৰভাৱ দকৈ শিপাবলৈ আৰম্ভ কৰিলে। গতিকে স্বেচ্ছাই হওক বা বিশেষ পৰিস্থিতিত পৰিয়েই হওক খিলঞ্জীয়া লােকসকলে ইছলাম ধর্ম গ্রহণ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু ইছলাম ধর্ম গ্রহণ লেও এইসকল লােকে নিজৰ খিলঞ্জীয়া লােক-সংস্কৃতি পৰিত্যাগ নকৰিলে। ফলস্বৰূপে কালক্ৰমত এই ধর্মান্তৰিত খিলঞ্জীয়া লােকৰ মাজত যুদ্ধবন্দী বুলি খ্যাত মুষ্টিমেয় লােকসকলেনিজৰ সম্পূর্ণ স্বকীয়তা পৰিত্যাগ কৰি অসমৰ খিলঞ্জীয়া ভাষা, পৰম্পৰা, সংস্কৃতিৰ সৈতে চিৰদিনৰ বাবে জাহ যাবলৈ বাধ্য হ’ল । আনকি ধর্ম প্রচাৰৰ বাবে অহা মুছলমান পী-সাধকসকলেও খিলঞ্জীয়া লোকৰ মানসিকতা বুজি উঠি ধৰ্মীয় বাণীসমূহ শিলঞ্জীয়া ভাষা-সংস্কৃতি তথা হিন্দু ধৰ্মী শব্দৰ সৈতে সংগতি ৰাখি প্ৰচাৰ কৰিবলৈ বাধ্য হ'ল। অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰা মাহন পীৰ হজৰত আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰসমূহ তাৰেই জীৱন্ত উদাহৰণ। উল্লেখ্য যে এনেদৰে ধৰ্মান্তৰিত হাৱা খিলঞ্জীয়া লোকসকল আৰম্ভণিতে মূল সমাজখৰ পৰা পৰা বাদ পৰি ৰোৱা সমাজখনৰ অন্তৰ্ভুক্ত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। এই লোকসকলেই গৰিয়া বুলি পৰিচিত হ'ল। অৱশ্যে গৰিয়া শব্দৰ উৎপত্তি সম্পৰ্কে আৰু কেইবাটাও মতবাত আছে যদিও গৰিয়াসকলৰ দৈহিক গঠন, লোক-সংস্কৃতি, পৰম্পৰা আৰু জনগাঁথনি আদি দিশসমূহৰ ফালৰ পৰা ওপৰত উল্লেখিত মতবাদটোতেই যথাৰ্থতা থকা বুলি আনুমান কৰা হয়। আনহাতে, আহোম ৰাজত্বকালত কাঁহ-পিতলৰ স'তে জড়িত ইছলাম ধৰ্মাৱলম্ভী লোকসসক মৰিয়া বুলি জনা যায়। মৰিয়া লোকসকলৰ অৱস্থিতি উজনি অসমৰ কিছু অঞ্চল, নগাঁও জিলা, নামনিৰ গুৱাহাটীৰ উজান বজাৰ আৰু হাজোত পোৱা যায়। দেশীসকল মূলতঃ অবিভক্ত গোৱালপৰা জিলাৰ বাসিন্দা। অবিভক্ত গোৱালপৰাৰ কোচ-ৰাজবংশী ভাষা-সংস্কৃতিসম্পন্ন ইছলাম ধৰ্মী খিলঞ্জীয়া লোকসকলক দেশী বা দেশী মূছমান বুলি জনা যায়। দেশীসকল মূলতঃ কোচ-ৰাজবংশী, মেচ-কছাৰী আদি খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হোৱা লোক।

অসমৰ জাতীয় স্বাৰ্থতগৰিয়া-মৰিয়া-দেশীৰ অৱদান ঃ

    অসমত ইছলাম ধৰ্মৰ সূচনা হৈছিল ১২০৬ খ্ৰীষ্টাব্দত আৰু আহোম ৰাজত্বকালৰ সূচনা হৈছিল ১২২৮ খ্ৰীষ্টাব্দত। এই আহোম ৰাজত্বকালতেই মোমাই তামুলী বৰবৰুৱাদেৱে কোঁচ ২ ঘৰ, ব্ৰক্ষণ ২ ঘৰ, কলিতা ২ ঘৰ আদিৰ স'তে ২ঘৰ গৰিয়া, ঘৰ মৰিয়াকো সন্নিৱিষ্ট কৰি মহান অসমীয়া সমাজ গঠনৰ চানেকি ৰচনা কৰিছিল (প্ৰসংগ ঃ ড° সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা সম্পাদিত 'দেওধাই অসম বুৰঞ্জী, পৃঃ ৯৫)। গতিকে এই কথা সহজে অনুমেয় যে সাতামপুষীয়া ধৰ্মনিৰপেক্ষ সমাজ-সংস্কৃতিৰে পৰিপুষ্ট অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগত গৰিয়া, মৰিয়া, দেসীসকল স্বদেশৰ স্বাৰ্থত আত্মবলিদান দিয়াৰ উপৰি অসমৰ শিল্প, কলা, সাহিত্য, সংস্কৃতি আদি সকলো দিশতে আহোম যুগৰে পৰা আজিলৈ অনৱদ্য অৱদান যোগাই আহিছে। তেওঁলোকৰ মাজত মাথোঁ। কেইজনমানৰ চানেকি আমি তলত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ।

    বাঘ হাজৰিকাঃ প্ৰকৃত নাম ইছমাইল ছিদ্দিকী। বাঘৰ সৈতে যুদ্ধ কৰি পৰাভূত কৰা শক্তিৰ বাবে বাঘ নাম অৰ্জন কৰিছিল। সাহস আৰু কৰ্মক্ষতাৰ বাবে আহোম ৰাজত্বকালত হাজৰিকা পদবী লাভ কৰিছিল। শৰাইঘাট ৰণত লাচিত বৰফুকনৰ সহযোগী পালি সেনাপতিৰূপে প্ৰৱল পৰাক্ৰমেৰে মোগলৰ বিৰুদ্ধে যুঁজিছিল।

    আজান ফকিৰে চাহাবঃ যিসকল মুলমান ধৰ্মগুৰুৱে পৱিত্ৰ ইছলাম ধৰ্মৰ বাণীসমূহ সহজ-সৰল ভাষাত জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল, তাৰ ভিতৰত আজান ফকীৰ অন্যতম। আজান ফকিৰৰ অন্য নাম শ্বাহ মিলান। আজান ফকিৰ চাহাব সুদূৰ বাগদাদৰ পৰা ইছলাম ধর্ম প্রচাৰ কৰিবলৈ ভ্ৰমি অসমত থাকিবলৈ লৈছিল বুলি কোৱা হয় । কিন্তু তেওঁৰে ৰচিত দুই - এটা জিকিৰত থকা ‘ভিখাৰী আজানে কয় আহাে পৰদেশ, ভাটিৰ পৰা আহিল চাহাব দাড়ি পৰ্কা’, এই বাক্যটোত পৰদেশ আৰু ভাটি শব্দই তেওঁক পশ্চিম অসমৰ কামৰূপ, গােৱালপাৰা আদি ঠাইৰ পৰা অহাও বুজাব পাৰে। আজান পীৰ বা শ্বাহ মিলানৰ নামত প্রচলিত আঠকুৰি জিকিৰ অসমীয়া ভাষাৰো অমূল্য সম্পদ। জিকিসমূহৰ  ৰচনা কাল কোনাে কোনােৰ মতে ১৬৩৪ খ্রীষ্টাব্দ আৰু কোনাে কোনােৰ মতে ১৭৩৪ খ্রীষ্টাব্দ। ৰজা গদাধৰ সিংহৰ দিনত ৰূপাই গৰীয়া দা-ধৰা নামৰ এজন ( ইছলামধর্মী) বিষয়াৰ চক্ৰান্তত পৰি ৰজাই ক তেওঁৰ চকু কঢ়াইছিল যদিও ৰজাই পিছত নিজৰ ভুল উপলব্ধি কৰিব পাৰি তেওঁক সৰাগুৰি চাপৰিত মাটি -বৃত্তি দি স্থায়ীভাৱে থাকিবলৈ দিয়ে। তাতেই তেওঁৰ মৃত্যু হয়। তেওঁ নিতৌ পুৱা-গধূলি মছজিদত আজান দিয়াৰ বাবে মানুহে তেওঁক আজান ফকিৰ বুলি কৈছিল।

    বাহাদুৰ গাঁওবুঢ়াঃ বাহাদুৰ গাঁওবুঢ়াক এগৰাকী স্বাধীনতা সংগ্রামী হিচাপে জনা যায়। তেওঁ বকতাৰ পৰা উঠি গৈ যােৰহাটত বসতি স্থাপন কৰিছিল।

    ১৮৫৭ চনত চিপাহী বিদ্রোহৰ জৰিয়তে আৰম্ভ হােৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামত মণিৰাম দেৱান, পিয়লি বৰুৱা আদিৰ লগতে বাহাদুৰ (বাহদিল) - ৰ ভূমিকা আছিল উল্লেখযােগ্য। ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ অপৰাধত কমিছৰ চি হলৰইডৰ বিচাৰ অনুযায়ী বাহাদুৰ গাঁওবুঢ়াক কলীয়াপানীলৈ যাৱজ্জীৱন দ্বীপান্তৰ কৰা হয়।

     চৈয়দ আব্দুল মালিকঃ গােলাঘাট জিলাৰ নাহৰণি গাঁৱত চৈয়দ পৰিয়ালত ১৯১৯ চনৰ ১৬ মে’ তাৰিখে আব্দুল মালিকৰ জন্ম হয়। পিতৃৰ নাম চৈয়দ ৰহম্মত আলী। তেওঁ এগৰাকী স্বনামধন্য সাহিত্যিক  আছিল। ১৯৩৫ চনত ‘বন্ধ কোঠা নামৰ গল্প এটা প্রথম প্রকাশ পােৱাৰ পিছৰে পৰা তেওঁ মৃত্যুৰ নম । আগমুহূৰ্তলৈকে লিখি যােৱা গল্প , উপন্যাস, নাটক, কবিতা - পুথিৰে অসমীয়া সাহিত্য চহকী কৰি থৈ গৈছে। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৫৬ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লােক-সংস্কৃতি বিভাগৰ গৱেষণা ৰে আঁচনিৰ অধীনত অসমীয়া জিকিৰ আৰু জাৰী বিষয়ক গৱেষণা কৰে।

     ১৯৫৬-৫৭ চনত এছিয়ান ৰাইটাৰ্ছ কনফাৰেন্সত তেওঁ ভাৰতৰ হৈ প্রতিনিধিত্ব কৰিছিল । ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনত সভাপতি পদত অধিষ্ঠিত হৈছিল। ১৯৫২-৫৫ " ঙি চনত তেওঁ ভাৰতীয় গণনাট্য সংঘৰ উপ-সভাপতি পদত কার্যনির্বাহ কৰিছিল। অঘৰী আত্মাৰ কাহিনী’ নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছিল। ১৯৯৭ চনত অসম সাহিত্য বে সভাই তেওঁক সাহিত্যাচার্য উপাধি প্রদান কৰে। ১৯৯২ চনত অসম উপত্যকা বঁটা , ১৯৯৩ চনত বী আজান ফকিৰ বঁটা , ১৯৮৮ চনত হামনী বঁটা, ১৯৯৫ চনত মহাপুৰুষ শংকৰদেৱৰ জীৱনকৰ্মৰ আধাৰত ৰে লিখা ‘ধন্য নৰ তনু ভাল’ নামৰ উপন্যাসখনৰ বাবে শংকৰদেৱ বঁটা লাভ কৰে। ১৯৯৯ চনত লাভ কৰে সাহিত্য অকাডেমীৰ ফেল’শিপ। ভাৰত চৰকাৰে ১৯৮৪ চনত পদ্মশ্ৰী আৰু ১৯৯২ চনত পদ্মভূষণ উপাধিৰে বিভূষিত কৰে। বহু প্রতিভাৰ গৰাকী এইগৰাকী সাহিত্যিকে ২০০২ চনৰ ১৯ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰে । 

    নবাৰ ছেহিদুৰ ৰহমান ঃ সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঠন হোৱা 'আজাদ হিন্দ ফৌজ'ৰ এগৰাকী অন্যতম নেতা আছিল। ভাৰতৰ স্বাধীনতা যুদ্ধত 'আজাদ হিন্দু ফৌজ'ৰ এইগৰাকী অসমীয়াই আছিল আজাদ হিন্দ ফৌজৰ প্ৰথম অসমীয়া শ্বহীদ। দ্বিতীয় মহাযুদ্ধৰ সময়ত মিত্ৰ বাহিনীৰ বোমা বৰ্ষণত তেওঁৰ ১৯৪৫ চনত ৩১ মাৰ্চত মৃত্যু হয়।

    ফখৰুদ্দিন আলী আহমেদ ঃ ফখৰুদ্দিন আলী আহমেদে ১৯০৫ চনত মে' মাহৰ ১৩ তাৰিখে দিল্লীত জন্ম গ্ৰহণ কৰে। তেওঁ ১৯২৭ চনত কেমব্ৰিজৰ ছেন্ট কেথোৰিন কলেজৰ পৰা বুৰঞ্জীৰ স্নাতক আৰু লণ্ডনৰ ইনাৰ টেম্পলৰ পৰা বাৰ-এট্-ল উপাধি লাভ কৰি ১৯৩১ চনত  অসমলৈ আহি ওকালতি কৰাৰ লগতে ভাৰতীয় কংগ্ৰেছত যোগদানেৰে ৰাজনীতিতো অংশ গ্ৰহণ কৰে। ১৯৫২ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হয়। ১৯৬৬ চনত লোকসভাৰ সদস্য নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰী পদ লাভ কৰে। ১৯৭৪ চনত ২৪ আগষ্টত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতে ১৯৭৭ চনত ১৯ ফেব্ৰৱাৰী তাৰিখে হূদৰোগত আক্ৰান্ত হৈ তেওঁ স্বৰ্গগামী হয় । 


Type : Priyam Jyoti Patar



Post ID :DABP004017