ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা 

যিদৰে একোখন গ্ৰন্থৰ পাতনি থাকে ঠিক সেইদৰে ভাৰতীয় সংবিধানটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰআৰ্হিত এটি পাতনি সংযোগ কৰিলে। এই পাতনিটোকে সংবিধান প্ৰস্তাৱনা বোলা হয়। এই প্ৰস্তাৱনাটিক সংবিধানৰ দাপোন বুলিও ক'ব পাৰি। ইয়াৰ মাধ্যমেৰে ভাৰত ৰাষ্ট্ৰৰ আৰ্দশ, লক্ষ্য় আৰু উদ্দেশ্য়সমূহ পতিফলিত হৈছে। এই প্ৰস্তাৱনাৰ আদৰ্শমতে "আমি ভাৰতীয় লোকসকলে"- বোলোঁতে ইয়াকে বুজায় যে ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ উৎস হৈছে জনসাধাৰণ। এই সংবিধানখন ভাৰতবাসীৰ দ্বাৰাই ৰচনা কৰি ভাৰতবৰ্ষৰ জনসাধাৰণৰ কল্য়াণৰ বাবে জনসাধাৰণক প্ৰদানকৰা হৈছে। দ্বিতীয়তে, ভাৰতবৰ্ষক এখন 'সাৰ্বভৌম' ৰাষ্ট্ৰ বুলি অভিহিতকৰা হৈছে। ইয়াৰ অৰ্থ হ'ল ভাৰতবৰ্ষ কোনো বিদেশী ৰাষ্টৰ তলতীয়া নোহোৱাকৈ স্বাধীনভাৱে দেশৰ আভ্য়ন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্দ্ধাৰণ কৰিব পাৰে। তৃতীয়তে, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ১৯৭৬ চনত সংবিধান ৪২তম সংশোধনীৰ দ্বাৰা 'সমাজতান্ত্ৰিক' আৰু 'ধৰ্ম নিৰপেক্ষ'আদৰ্শ সংয়োজন কৰা হৈছে। সমাজতান্ত্ৰ শব্দটোৰ ব্য়ৱহাৰে ইয়াকে বুজাইছে যে এই আদৰ্শ অনুসৰি দেশৰ সম্পদ যাতে মুষ্টমেয় লোকৰ হাতত কেন্দ্ৰীভূত নহয় তাৰ বাবে ৰাষ্ট্ৰই ব্য়ৱস্থা ল'ব সংবিধানে ধনী দুখীয়াৰ মাজত আৰ্থ-সামাজিক বৈষম্য় দূৰ কৰাত গুৰুত্ব দিছে। ৰাষ্ট্ৰই উৎপাদন আৰু বিতৰণ ব্য়ৱস্থা যাতে ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত হয় তাৰ পতি লক্ষ্য় ৰাখি এনে ব্য়ৱস্থা গ্ৰহম কৰা হৈছে। চতুৰ্থতে, 'ধৰ্ম নিৰপেক্ষ' শব্দটোৱে ইয়াকে বুজাইছে যে ৰাষ্ট্ৰই কোনো ধৰ্মৰ পৃষ্ঠপোষকতা নকৰে আৰু কোনো ধৰ্মকে অগ্ৰাধিকাৰ নিদিয়ে। ইয়াত বসবাস কৰা সকলো ধৰ্মৰ মানুহে নিজ ইচ্ছা অনুসৰি যিকোনো ধৰ্ম পালন, গ্ৰহণ, চৰ্চা আৰু প্ৰচাৰ বাধাহীনভাৱে কৰিব পাৰে। ৰাষ্ট্ৰই ধৰ্মৰ ভিত্তিত মানুহৰ মাজত কোনোধৰণৰ বৈষম্য় সৃষ্টি নকৰি নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰাৰ কথাকে বুজাইছে। পঞ্চমতে, ভাৰতবৰ্ষক এখন 'লোকতান্ত্ৰিক' ৰাষ্ট্ৰ হিচাপে গ্ৰহণ কৰা হৈছে। ইয়াৰ অৰ্থ হ'ল জনগণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰখনেই ৰাষ্ট্ৰ পৰিচালনা কৰে। ষষ্ঠতে, ভাৰতবৰ্ষক এখন গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছে। এই আদৰ্শমতে ৰাষ্ট্ৰ শাসনৰ শীৰ্ষস্থানত অধিষ্ঠিত ব্যক্তিজন বংশানুক্ৰমিক উপায়েৰে এই উপায়েৰে এই পদত থাকিব নোৱাৰে। সেয়ে আমাৰ দেশত ৰাষ্ট্ৰপতিজন জনসাধাৰণ পতিনিধিৰ দ্বাৰা পৰোক্ষভাৱে পাঁচ বছৰৰ বাবে নিৰ্বাচিত হৈ কাৰ্যভাৰ পৰিচালনা কৰে। দেশত যাতে নাগৰিকৰ অধিকাৰসমূহ সুপ্ৰতিষ্ঠিত হয় তাৰ বাবে সংবিধানৰ প্ৰস্তাৱনাত কেইটামান মহান আদৰ্শ ঘোষণা কৰা হৈছে। এই আদৰ্শসমূহ হ'ল- ন্য়ায়, স্বাধীনতা, সমতা আৰু ভ্ৰতৃত্ববোধ।

ন্য়ায়ঃ

ন্য়ায় বোলোতে নাগৰিকসকলৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্য়ায়ৰ আশ্বাস দিয়া হৈছে। 

(ক) সামাজিক ন্য়ায়  ঃ সামাজিক ন্য়ায় বুলিলে ভাৰতবৰ্ষৰ সকলো লোকে যাতে সম অধিকাৰ ভোগ কৰি এক মৰ্যাদাপূৰ্ণ জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।  

(খ) ৰাজনৈতিক ন্য়ায়ঃ ৰাজনৈতিক ন্য়ায়ে ইয়াকে বুজাইছে যে ভাৰতবৰ্ষৰ সকলো নাগৰিকে সমানভাৱে ৰাজনৈতিক অধিককাৰ ভোগকৰিব পাৰিব। যেনে- সকলো প্ৰাক্তবয়স্ক নাগৰিকে নিৰ্বাচনত অংশগ্ৰহণ আৰু ভোটাধিকাৰ সাব্য়স্ত কৰি ৰাষ্ট্ৰৰ কাৰ্যাৱলীত অংশ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছে। 

(গ) অৰ্থনৈতিক ন্য়ায় ঃ এই ন্য়ায়ে আমাৰ সমাজত কথা অৰ্থনৈতিক অমতাৰ দূৰ কৰাৰ কথাকে বুজিইছে। সেই উদ্দেশ্য়ে উপযুক্ত কামৰ বাবে পুৰুষ-মহিলাক প্ৰাপ্য় মজুৰী দিয়া, অন্য় ধৰণে সক্ষম ব্য়ক্তি আৰু বৃদ্ধসকলক অৰ্তনৈতিকভাৱে নিৰাপত্তা দিয়া, ৰাষ্ট্ৰৰ সম্পদৰ সম বিতৰণ কৰা আদিকে বুজায়। 

স্বাধীনতাই ভাৰতীয় নাগৰিকসকলৰ চিন্তা, মত প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিছে। এই আদৰ্শসমূহ বাস্তৱত ৰূপায়িত কৰিবলৈ নাগৰিকসকলক স্বাধীনভাৱে চিন্তা-চৰ্চা কৰিব পৰা, বিভিন্ন সমস্য়াৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিব পৰা, নিজৰ ইচ্চা অনুসৰি ধৰ্ম গ্ৰহণ, চৰ্চা আৰু প্ৰচাৰ কৰিব পৰা স্বাধীনতা দিয়া হৈছে। 

সমতা হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা আন এটা গুৰুত্বপূৰ্ণ আদৰ্শ। জনসাধাৰণে যাতে সকলো ধৰণৰ সযোগ-সুবিধা জাতি, বৰ্ণ, ধৰ্ম, নিৰ্বিশেষে ভোগ কৰিব পাৰে তাৰ ব্য়ৱস্থা প্ৰস্তাৱনাত গ্ৰহণ কৰা হৈছে। ভাৰতবৰ্ষত আইনৰ চকুত সকলো সমান আৰু আইনে সকলোকে সমানে ৰক্ষণাৱেক্ষণ দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে।জাতীয় সংহতিত অৰিহণা যোগাবলৈ ভ্ৰাতৃত্ববোধক এই উল্লেখযোগ্য় আদৰ্শ হিচাপে গ্ৰহণ কৰা হৈছে। তাৰ বাবে প্ৰত্য়েক ব্য়ক্তিক সমান সুযোগ আৰু সম মৰ্যাদা প্ৰদান কৰাটো ৰাষ্ট্ৰই নিশ্চিত কৰিব লাগিব। আমি বিভিন্ন ধৰ্ম, ভাষা-সংস্কৃতিৰ মাজত সমন্বয় গঢ়িবৰ বাবে ইজনে-সিজনৰ ধৰ্ম আৰু সংস্কৃতিক সন্মান জনাব লাগে তেনে কৰিলেহে সমাজত ভ্ৰাতৃত্ববোধ জগাই তুলিব পাৰিম। ওপৰত উল্লেখ কৰা সকলোবোৰ আদৰ্শ বাস্তৱত কাৰ্যকৰী কৰিব পাৰিলে নিঃসন্দেহে ভাৰতবৰ্ষ প্ৰকৃত অৰ্থত কল্য়াণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হ'ব।তোমালোকে ইতিমধ্য়ে ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমি আৰু ইয়াৰ প্ৰস্তাৱনাৰ বিষয়ে জানিব পাৰিলাহঁক। সংবিধান এখন ৰাষ্ট্ৰত কিয় প্ৰয়োজন এই কথা তোমালোকে প্ৰথম পাঠত পাই আহিছা। ৰাষ্ট্ৰ এখন পৰিচালনা কৰিবলৈ দেশৰ পৰিস্থিতিৰ লগত খাপ-খুৱাই এখন সংবিধান প্ৰস্তুত কৰা হয়। প্ৰত্য়েক ৰাষ্ট্ৰৰ সংবিধান কিছুমান বৈশিষ্ট্য় থকাৰ দৰে আমাৰ ভাৰতবৰ্ষৰ সংবিধানটো কিছুমান উল্লেখযোগ্য় বৈশিষ্ট্য়সমূহ তলত আলোচনা কৰা হ'ল- 

(১) লিখিত আৰু দীৰ্ঘতম সংবিধান ঃ আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন লিখিত সংবিধান। ইয়াত প্ৰশাসনৰ মূলত নীতিৰ লগতে নাগৰিকত্ব, মৌলিক অধিকাৰ, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি,ন্য়ায়ালয়ৰ ব্যৱস্থা, নিৰ্বাচন প্ৰক্ৰিয়া আদি বিষয়বোৰ লিখিতৰূপত আছে। এতিয়ালৈকে প্ৰণয়ণ হোৱা সংবিধানৰ ভিতৰত ভাৰতৰ সংবিধানখনেই আটাইতকৈ দীৰ্ঘতম সংবিধান। সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২টা অধ্য়ায় আৰু ১২টা অনুসূচী আছে। অনুচ্ছেদ অৰ্থ হ'ল অংশ বা দফা আৰু অনুসূচী মানে তালিকা। পৃথিৱীৰ কেইবাখনো সংবিধান পৰা বছা বছা আদৰ্শসমূহ সংগ্ৰহ কৰিব আমাৰ সংবিধানত অন্তৰ্ভক্ত কৰাৰ বাবে সংবিধানকন অতি দীগলীয়া হৈছে।  

(২) প্ৰস্তাৱনা ঃ ভাৰতীয় সংবিধানত প্ৰস্তাৱনা হৈছে এটা উল্লেখযোগ্য় বৈশিষ্ট্য়। ইয়াৰ সাংবিধানিক তাৎপৰ্য যথেষ্ট। প্ৰস্তাৱনাক সংবিধানৰ পথ প্ৰদৰ্শকৰূপে অভিহিত কৰিব পাৰি। 

(৩) সংমিশ্ৰিত সংবিধান ঃ তোমালোকে আগৰ পাঠত সংবিধানৰ নমনীয় আৰু অনমনীয় সম্পৰ্কে জানি আহিছাহক। ভাৰতীয় সংবিধানৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য় হ'ল- ই নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ ভাৰতীয় সংবিধানৰ মতে নতুন ৰাজ্য় গঠন কৰা, ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি, কেন্দ্ৰ আৰু ৰাজ্য়ৰ মাজত ক্ষমতা বিভাজন, উচ্চতম আৰু উচ্চ ন্য়ায়ালয় আদিৰ বিষয়সমূহ সহজে সংশোধন কৰি নোৱাৰি। এই ক্ষেত্ৰত সংবিধানত অনমনীয় দিশ পৰিস্ফূট হয়। সেইবাবে ভাৰতীয় সংবিধানখনক নমনীয় আৰু অনমনীয় বৈশিষ্ট্য়ৰে সংমিশ্ৰিত সংবিধান বুলি কোৱা হয়।

(৪) সাৰ্বভৌম ৰাষ্ট্ৰ ঃ তোমালোকে ইতিমধ্য়ে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত পাই আহিছা যে সংবিধানে ভাৰতক এখন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে স্বাকৃতি প্ৰদান কৰিছে। অৰ্থাৎ এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ভাৰত সকলো ক্ষমতাৰ অধিকাৰী হ'ব।  

(৫) ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ঃ ধৰ্ম নিৰপেক্ষতা ভাৰতৰ সংবিধানৰ অন্য় এক উল্লেখযোগ্য় বৈশিষ্ট্য়। 

(৬) সমাজতান্ত্ৰিক  ৰাষ্ট্ৰ ঃ সংবিধানৰ ৪২ তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত 'সমাজতান্ত্ৰিক' শব্দটোৰ সংযোগ ঘটাই ভাৰতবৰ্ষক এখন সমাজবাদী ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। 

(৭) একক নাগৰিকত্ব ঃ ভাৰতবৰ্ষৰ সংবিধানে দেশৰ নাগৰিকসকলক একক নাগৰিকত্ব প্ৰৰ্দান কৰিছে। ইয়াত আমেৰিকা ।যুক্তৰাষ্ট্ৰ আৰু ছুইজাৰলেণ্ডৰ দৰে দ্বি-নাগৰিকত্ব প্ৰদান কৰা হোৱা নাই ভাৰতবৰ্ষত একক নাগৰিকত্বৰ জৰিয়তে ভাৰতবাসীৰ মাজত বিভিন্ন জাতি-জনজাতি, ভাষা-ভাষী আৰু বিভিন্ন ধৰ্মাৱলম্বী তথা সংস্কৃতিৰ মানুহৰ মাজত একতা আৰু ভাতৃত্ববোধ বাব জগাই তুলিবলৈ বিচৰা হৈছে। 

(৮) যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ৰাষ্ট্ৰৰ সংমিশ্ৰণ ঃ ভাৰতীয় সংবিধানক যুক্তৰাষ্ট্ৰীয় সংবিধান বোলা হয় যদিও প্ৰকৃততে এয়া সম্পূৰ্ণৰূপে যুক্তৰাষ্ট্ৰীয় নহয়। ক্ষমতাৰ বিতৰণ, লিখিত সংবিধান, নিৰপেক্ষ ন্য়ায়ালয় আদি যুক্তৰাষ্ট্ৰীয় শাসন ব্য়ৱস্থাৰ বৈশিষ্ট্য়। আনহাতে শক্তিশালী কেন্দ্ৰীয় চৰকাৰ, একক নাগৰিকত্ব আদি  এককেন্দ্ৰীক চৰকাৰৰ বৈশিষ্ট্য়ও ইয়াত পৰিলক্ষিত হৈছে। সেয়েহে ভাৰতীয় সংবিধানক যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ৰাষ্ট্ৰৰ সংমশ্ৰণ বোলা হয়।

(৯) সংসদীয় চৰকাৰ ঃ সংসদীয় চৰকাৰ ভাৰতীয় সংবিধানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য়। এনে ব্য়বস্থাত ৰাষ্ট্ৰৰ প্ৰধান হৈছে ৰাষ্ট্ৰপতি যি নাম নাত্ৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰে। ভাৰতীয় সংবিধানেও কাৰ্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিছে। কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰীসহ মন্ত্ৰীপৰিষদে প্ৰয়োগ কৰে। মন্ত্ৰী পৰিষদ লোকসভাৰ ওচৰত দায়বদ্ধ হৈ থাকে। ৰাষ্ট্ৰপতিৰ নামত মন্ত্ৰী পৰিষদে দেশৰ সকলো কাৰ্য পৰিচালনা কৰে বাবে ইয়াক সংসদীয় চৰকাৰ বুলি কোৱা হয়। 

(১০) ক্ষমতাৰ বিভাজন ঃ ক্ষমতাৰ বিভাজন ভাৰতীয় সংবিধানৰ আন এটা উল্লেখনীয় বৈশিষ্ট্য়। আমাৰ সংবিধানে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাসমূহ তিনিখন তালিকাৰ যোগেদি ভাগ কৰি দিছে। এই তালিকাকেইখন হ'ল- কেন্দ্ৰীয় তালিকা, ৰাজ্যিক তালিকা আৰু উমেহতীয়া তালিকা।  

(১১) মৌলিক অধিকাৰ আৰু কৰ্তব্য় ঃ ভাৰতীয় সংবিধানে নাগৰিকসকলৰ সৰ্বাঈীন উন্নতিৰ বাবে ছয় প্ৰকাৰৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে। তাৰ লগতে ভাৰতীয় নাগৰিকসকলৰ বাবে এঘাৰ বিধ মৌলিক কৰ্তব্য়ৰ বিষয়েও উল্লেখ কৰিছে। এই বিষয়ে বহলাই পিছৰ পাঠত জানিব পাৰিবা।

(১২) ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি ঃ আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত ভাৰতৰ সংবিধানতো নিৰ্দেশাত্মক নীতি অন্তৰ্ভূক্ত কৰা হৈছে। ভাৰতবৰ্ষক এখন কল্য়াণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে কিছুমান নীতি গ্ৰহণ কৰা হৈছে। যেনে- দেশৰ সকলো লোকৰ জীৱন ধাৰণৰ মানদণ্ড  উন্নত কৰা, অৰ্থনৈতিক সমতা স্থাপন কৰা, গাঁও অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা, পঞ্চায়ত ব্য়ৱস্থা প্ৰৱৰ্তন কৰা, শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্থাপন কৰা, নিৰক্ষৰতা দূৰীকৰণৰ বাবে সকলো শিশুক (৬-১৮ বছৰ) বিনামূলীয়া আৰু বাধ্য়তামূলক শিক্ষা ব্য়ৱস্থা প্ৰদান কৰা, সমাজৰ পিছ পৰা সম্প্ৰদায়ৰ বাবে বিশেষ সংৰক্ষণৰ ব্য়ৱস্থা কৰা, ৰাষ্ট্ৰৰ ঐতিহ্য়পূৰ্ণ স্থান আৰু কীৰ্তিস্তম্ভসমূহ সংৰক্ষণ কৰা, প্ৰকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন কৰাই নীতিসমূহৰ মূল উদ্দেশ্য়। এই নীতিসমূহ কাৰ্যকৰী কৰিবলৈ চৰকাৰক বাধ্য় কৰাব নোৱাৰি আৰু ন্য়ায়ালয়ৰ দ্বাৰাও বলবৎ যোগ্য় নহয়। 



Class 8 Social Science  

Type: Dimi Bora