আমাৰ মৌলিক কৰ্তব্য়
ভাৰতবৰ্ষৰ নাগৰিকসকলৰ ব্য়ক্তিত্বৰ বিকাশ আৰু সাধাৰণ জীৱন-যাপনৰ বাবে সংবিধানে কিছুমান সা-সুবিধা বা অধিকাৰ প্ৰদান কৰিছে। এই সা-সুবিধা বা অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে নাগৰিকসকলৰ ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্বও আহি পৰে। নাগৰিকসকলৰ এই দায়িত্বকেই কৰ্তব্য় বুলি কোৱা হয়। আমাৰ সংবিধান প্ৰণেতাসকলে সংবিধানখন ৰচনা কৰাৰ সময়ত নাগৰিকৰ মৌলিক কৰ্তব্য়সমূহ অন্তৰ্ভুক্ত কৰা নাছিল। ১৯৭৬ চনৰ সংবিধান সংশোধনৰ জৰিয়তে নাগৰিকে পালন কৰিবলগা দহবিধ মৌলিক কৰ্তব্য়ৰ কথা উল্লেখ কৰিছে। ইয়াৰ উপৰি ২০০২ চনৰ ৮৬ তম সংবিদান সংশোধনৰ যোগেদি সংবিধানত নাগৰিকৰ বাবে অতিৰিক্ত আৰু এটা কৰ্তব্য় অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমানে নাগৰিকে পালন কৰিবলগীয়া কৰ্তব্য় হ'ল ১১ টা। এই মৌলিক কৰ্তব্য়সমবহ আমি কিয় আৰু কেনেদৰে পালন কৰিলে আমাৰ দেশক এখন সৰ্বাংগসুন্দৰ ৰাষ্ট্ৰৰূপে পৰিগণিত কৰিব পাৰো চাওঁ আহা-
সংবিধান মানি চলা, ৰাষ্ট্ৰয় পতাকা, ৰাষ্ট্ৰয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা জনালো ঃ
দেশৰ ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীত দেশৰ সন্মানৰ ধ্বজা। জাতীয় পতাকা উত্তোলন আৰু জাতীয় সংগীত পৰিৱেশনৰ সময়ত আমি সকলোৱে থিয় হৈ সন্মান জনোৱাটো আমাৰ কৰ্তব্য়। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোতে ৫২ ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে। তোমালোকে বিদ্য়ালয়ত নিশ্চয় স্বাধীনতা দিৱস আৰু গণৰাজ্য় দিৱস পালন কৰা।
স্বাধীনতা আন্দোলন ত ভাৰতবাসীক অনুপ্ৰাণীত কৰা মহান আদৰ্শলমূক জনোৱা আৰু অনুসৰণ কৰাঃ
আমাৰ দেশৰ স্বাধীনতাৰ হকে বহুতো বীৰ-বীৰাঙ্গনাই অশেষ কষ্ট স্বীকাৰ কৰি আত্মবলিদান দিলে। তেনে বীৰ-বীৰাঙ্গনাইসকলৰ প্ৰতি আমি শ্ৰদ্ধা নিৱেদন কৰা আৰু তেওঁলোকৰ মহনা আদৰ্শসমূহক সন্মান জনাই অনুসৰণ কৰাতো আমাৰ এক মহান কৰ্তব্য়।
ভাৰতৰ ঐক্য় আৰু সংহতি ৰক্ষা কৰা ঃ
ভাৰতবৰ্ষ বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা-ভাষী আৰু সংস্কৃতিৰ পয়োভৰেৰে এক অপূৰ্ব সমন্বয়ৰ থলী। আমি এই ঐক্য় আৰু সংহতি ধৰি ৰাখিবলৈ প্ৰত্য়েক ধৰ্মৰ প্ৰতি সহনশীল আৰু সকলো সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাৱান হোৱাটো আমাৰ কৰ্তব্য়।
মাতৃভূমিক ৰক্ষা কৰা আৰু প্ৰয়োজন হ'লে দেশৰ প্ৰতি সেৱা আগবঢ়াৱাঃ
আমি যিদৰে ঘৰখন সুৰক্ষিত হ'লে নিৰাপদ অনুভৱ কৰো সেই দৰে নিজ মাতৃভূমিও বিদেশী শক্ৰৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰিলেহে দেশৰ জনসাধাৰণে শান্তিৰে বসবাস কৰিব পাৰিব। দেশৰ ৰক্ষা কৰাৰ দৰে পবিত্ৰ কৰ্তব্য় পালন কৰাটো প্ৰতিজন নাগৰিকৰ অতি প্ৰয়োজনীয় দায়িত্ব। সেয়েহে সৰুৰে পৰা শিশুসকলৰ মনতে দেশৰ সেৱাৰ মনোভাৱ গঢ়ি তুলিবৰ বাবে কাব বুলবুল, স্কাউট-গাইড, এন চি চি আদিত যোগদান কৰিবলৈ অভিভাৱকসকলে অনুপ্ৰাণিত কৰাটো এক উল্লেখনীয় কৰ্তব্য়। এনে কৰ্মৰ দ্বাৰা দেশপ্ৰেমৰ ভাব জাগ্ৰত হোৱাৰ লগতে শৃংখলাবদ্ধ, ধৈৰ্য আৰু সহানুভূতিৰ দৰে মহান গুণবিলাক বিকশিত হোৱাত সহায় কৰে।
জনসাধাৰণৰ মাজত ভ্ৰতৃত্ববোধ গঢ়ি তোলা, নাৰীৰ মৰ্যাদা হানিকাৰক আচৰণৰ পৰা বিৰত থকা ঃ
ভাৰতবৰ্ষত ভাষা, ধৰ্ম, সংস্কৃতি আৰু পৰিৱেশৰ বিভিন্নতা থাকিলেও আমাৰ জাতীয় আদৰ্শ একে। শেয়েহে, ভ্ৰাতৃত্বৰ এনাজৰীৰে আমি এক ভাৰতীয় মলোভাৱেৰে সৰস্পৰা মিলিজুলি থকাটো আমাৰ কৰ্তব্য়। সমাজত যি আচৰণে নাৰীৰ মৰ্যাদা হানি কৰে তেনে আচৰণক আমি বাধা দিয়া উছিত। কাৰণ আমাৰ সকলোৰে চকুত মাতৃ আমাৰ জন্মদাত্ৰী, ভগ্নী আমাৰ চেনেহেৰ হোৱাৰ বাবে এওঁলোকৰক ৰক্ষণাৱেক্ষণ দিয়াটো আমাৰ এক প্ৰধান কৰ্তব্য়
আমাৰ সংস্কৃতিৰ মূল্য়ৱান ঐতিহ্য়ক সন্মান দিয়া ৰক্ষা কৰা ঃ
দেশৰ চুকে-কোণে থকা মূল্য়ৱান, ঐতিহ্য়পূৰ্ণ সম্পাৰাজিক সন্মান জনাই সংৰক্ষণ কৰাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য়। ভাৰতবৰ্ষৰ এনে এখন ঐতিহ্য়মণ্ডিত দেশ য'ত বিভিন্ন প্ৰান্তৰ পুৰণি কীৰ্তিস্তম্ভসমূহ, যেনে-তাজমহলৰ পৰা আৰম্ভ কৰি ৬০০ বছৰ পুৰণি আহোম ৰাজত্বকালৰ ৰংঘৰ, কাৰেংঘৰ আদিৰ প্ৰযুত্তিবিদ্য়া মন কৰিবলগীয়া। সেই কীৰ্তিস্তম্ভসমূহৰ গৌৰৱময় ইতিহাস জনা আৰু তাৰ সংৰক্ষণ কৰা আমাৰ কৰ্তব্য়। বিভিন্ন সময়ত বিভিন্ন ঠাইৰ মানুহে এনে কীৰ্তস্তম্ভসমূহ চাবলৈ আহিলে প্ৰায়ে দেখা যায় য়ে কোনো কোনোৱে স্তম্ভসমূহত নাম, ছবি আদি এনে কাৰ্যসমূহ ৰোধ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ।
প্ৰকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু তাৰ উন্নয়ন কৰা, সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়াভাব ৰখা ঃ
প্ৰকৃতিক পৰিৱেশ অক্ষুন্ন ৰাখি গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰা, পাৰিপাৰ্শ্বিক ভাৰসাম্যতা (Ecological Balance) ৰক্ষা কৰা আৰু প্ৰকৃতিক সম্পদসমূহ, যেনে-বন, হ্ৰদ, নদী আদিৰ ৰক্ষা ৰক্ষাণাৱেক্ষণ দিয়া আৰু তাৰ উন্নয়নৰ ব্য়ৱস্থা কৰা, জীৱিত প্ৰাণীৰ প্ৰতিপালন আৰু সুৰক্ষা দিয়াতো আমাৰ কৰ্তব্য়। আজিকালি প্ৰয়ে পাহাৰ কাটি ঘৰ সজাৰ ফলত বৰষুণৰ পিছত ভূনিস্খলন হোৱা দেখা যায়। এনে হোৱাৰ ফলত বহুতো লোকে প্ৰাণ হেৰুৱায়। পাহাৰ কাটি গছ-গছনি কাটি পেলোৱাৰ ফলত বহুতো বনৰীয়া জন্তুৱে আহাৰ বিচাৰি আহি জনবসতিপূৰ্ণ অঞ্চলত আতংকৰ সৃষ্টি কৰিছে। ফলত মানুহৰ মৃত্য়ুৰ লগতে জন্তুৰো বিনাশ হৈছে।
জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানৱতাবোধ বিকাশ কৰা ঃ
শিক্ষাৰ জৰিয়তে সমাজৰ কুসংস্কাৰ সমূহ দূৰ কৰি বিজ্ঞানসন্মত দৃষ্টিভংগী পঢ়ি তোলাটো নাগৰিকৰ অন্য় এক গুৰুত্বপূৰ্ণ কৰ্তব্য। মানৱ জাতিৰ উন্নয়ন মাপ কাঠি হৈছে শিক্ষা। এই শিক্ষাই আমাৰ কুসংস্কাৰ আৰু অদ্ধবিশ্বাসসমূহ দূৰীকৰণ কৰি সমাজত এক বৈজ্ঞানিক দৃষ্টিভংঙ্গীৰ বুনিয়াদ গঢ়ি তুলিব পাৰে। তদুপৰি ঘৰখনেই যিহেতু শিশুৰ শিক্ষাৰ মূল ভেটি, গতিকে ঘৰৰ পৰিৱেশ নৈতিক শিক্ষাৰে সুস্থ কৰি শিশুসকলৰ মাজত মানৱীয় প্ৰমূল্য়বোধ জগাই তোলাটো আমাৰ কৰ্তব্য়। আমাৰ সমাজত আজিৰ এই বিজ্ঞানৰ যুগতো অন্ধবিশ্বাসৰ বলি হৈ বহুতচো লোকে প্ৰাণ হেৰুৱাইছে। আমি সমাজত এই অন্ধবিশ্বাস আঁতৰাই বৈজ্ঞানিক দৃষ্টিভঙ্গী সকলোৰে মাজত গঢ়ি তুলিবলৈ যন্ত কৰিব লাগিব।
ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাত্মক কাৰ্য় পৰিহাৰ কৰা ঃ
এজন সু-নাহৰিক হিচাপে ৰাজহুৱা সম্পত্তিবোৰ, যেনে-কাৰ্যালয়, বেংক, চিকিৎসালয় আদি ৰক্ষা কৰাটো আমাৰ অতি আৱশ্য়কীয় কৰ্তব্য়। মহাত্মা গান্ধীয়ে অহিংসা মন্ত্ৰেৰে জগত জিনিছিল। এনে অহিংসা নীতিৰ দ্বাৰা পৰস্পৰে পৰস্পৰৰ মাজত মৰম, স্নেহ, দয়া, সহানুভতি আৰু সহনশীল গুণসমূহৰ বিকাশ সাধন কৰিব পাৰি। এনে কৰিলেহে হিংসাৰ পৰিৱৰ্তে শান্তিৰ বাতাৱৰণ সৃষ্টি হ'ব। তেনে কৰ্তব্য় প্ৰতিজন নাগৰিকে পালন কৰি প্ৰকৃতি মানৱতাৰ পৰিচয় দিয়া উচিত। শান্তি প্ৰতিষ্ঠা কৰিবৰ বাবে আমি কি কি কৰিব পাৰো কাষৰ ছবিখনলৈ মন কৰা।
ব্য়ক্তিগত আৰু ৰাইজৰ উন্নতি সাধন কৰি ৰাষ্ট্ৰৰ উন্নতি সাধন কৰা ঃ
এজন ব্য়ক্তি বা এটি পৰিয়ালৰ উন্নতিয়ে পৰিয়ালটোক এক উন্নত জীৱন ধাৰণাৰ মানদণ্ড প্ৰদান কৰিব পাৰে। ব্য়ক্তিগত উন্নতিৰ লগতে ৰাইজৰ কাম-কাজৰ উৎকৰ্ষ সাধন কৰি দেশৰ উন্নতি কৰাটো অত্য়ন্ত প্ৰয়োজনীয় কৰ্তব্য়। সেয়েহে সকলো উন্নয়নমূলক ক্ষেত্ৰত, যেনে- প্ৰযুক্তি বিদ্য়া, বিজ্ঞানৰ ন ন আৱিস্কাৰ, অৰ্থনৈতিক, ৰাজনেতিক, যাতায়াত, পৰিবহণ আৰু সাংস্কৃতিক উন্নয়নসাধনত নাগৰিকে অৱদান আগবঢ়াব পাৰিলেহে ৰাষ্টৰ সৰ্বাঙ্গীন বিকাশ হ'ব
শিশুৰ প্ৰথমিক শিক্ষাৰ প্ৰতি পিতৃ-মাতৃ আৰু অভিভাৱকৰ কৰ্তব্য় ঃ
আদিৰ শিশু ভৱিষ্য়তৰ নাগৰিক। ভৱিষ্য়ত প্জন্মক জ্ঞানৰ জ্য়োতিৰে আলোকিত কৰাত সহায় কৰিব লাগিব অভিৱাৱকসকলে। গতিকে সংবিধানে প্ৰদান কৰা শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে কোনো কাৰণত যাতে আমাৰ শিশুসকল (৬-১৪বছৰ) শিক্ষা গ্ৰহণৰ পৰা বঞ্জিত হ'ব নোৱাৰে তাৰ প্ৰতি সদায় সচেতন হৈ তেওঁলোকক অনুপ্ৰাণিত কৰা প্ৰতিজন পিতৃ-মাতৃ আৰু অভিভাৱকৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব। এই কৰ্তব্য়সমূহৰ উপৰি আমি পালন কৰিবলগীয়া অতি আৱশ্য়কীয় কেইটামান কৰ্তব্য় আছে। পৰিয়ালবোৰ হৈছে সমাজৰ প্ৰথমিক গোঠ। পৰিয়ালৰ পিতৃ-মাতৃ, আত্মীয়স্বজনে অশেষ কষ্ট আৰু ত্য়াগ স্বীকাৰ কৰি আমাক তুলি-তালি ডাঙৰ দীঘল কৰিছে। তেওংলোকৰ প্ৰতি থকা কৰ্তব্য়সমূহ নিষ্ঠাৰে পালন কৰাটো প্ৰতিজন নাগৰিকৰ এই উল্লেখযোগ্য় কৰ্তব্য়। তাৰ বাহিৰেও সমাজৰ বয়োজেষ্টসকলক শ্ৰদ্ধা জনাই ৰুগীয়া আৰু শাৰীৰিকভাৱে অক্ষমসকলক সহায়- সহানুভূতি আগবঢ়াই এখন সুন্দৰ সমাজ গঢ়াত সহায় কৰিব পাৰো। সকলো নাগৰিকে নিজৰ কাম আৰু চৰকাৰৰ কামসমূহ সৎভাৱে আৰু মনোযোগেৰে কাৰ্যকৰী কৰিলে ভাৰত এখন সফল ৰাষ্টৰূপে পৰিগতিত হ'ব।
Class 8 Social Science
Type: Dimi Bora