ভূমি সম্পদঃ

পৃথিৱীৰ উপৰিভাগৰ ২৯ শতাংশ হৈছে ভুমি। এই ভুমিয়েই জীৱজগতৰ আধাৰ। মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ মূলতেই হৈছে ভূমি সম্পদ। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰতে নিৰ্ভৰশীল। ভূমিৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ কৃষি, শিল্প, যাতায়ত, যোগাযোগ আদি গঢ় লৈ উঠিছে। অৰ্থাৎ মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আদিৰ ক্ষেত্তত ভুমি বা মাটিৰ ভুমিকা সৰ্বাধিক। এই ভুমি বা মাটি কিন্ত অসীম নহয়। ই সীমীত। পৃথিৱীত মানুহৰ সংখ্যা কম হৈ থাকোতে মাটিৰ বিশেষ অভাব হোৱা নাছিল। কিন্ত জনসংখ্যা ক্ৰমে বাঢ়ি অহাত সেই অনুপাতে ব্যৱহাৰোপযোগী মাটিৰ অভাৱ হ’বলৈ ধৰে।

   প্ৰধানকৈ জলবায়ু আৰু মাটিৰ গুণাগুণৰ তাৰাতম্যৰ বাবেই পৃথিৱীৰ সকলো ঠাইতে সমানে জনবসতি গঢ়ি উঠা নাই। সাধাৰণতে ওখোৰা-মোখোৰা শিলাময় ঠাই, পাহাৰৰ থিয় ঢাল, পানী জমা হৈ থকা নিম্নভুমি, মৰু অঞ্চল, মেৰু অঞ্চল, ডাঠ অৰণ্য আদিত জনবসতি নাথাকে বা থাকিলেও অতি সেৰেঙা হয়।