অধ্যায়ঃ ১

শস্য উৎপাদন আৰু ব্যৱস্থাপনা


১) মানুহকে ধৰি কোনো প্ৰাণীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰেনে?

উত্তৰঃ মানুহকে ধৰি কোনো প্ৰাণীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে।


২) আমি কিয় আহাৰ খাব লাগে?

উত্তৰঃ আমি জানে যে জীৱই পাচন, শ্বসন আৰু ৰেচন আদি জৈৱিক ক্ৰিয়াৰ বাবে আহাৰৰ পৰা শ আহৰণ কৰে।


৩) কেনেকৈ কৃযি ব্যৱস্থা গঢ় লৈ উঠিল।

উত্তৰঃ খ্ৰীষ্ট পূৰ্ব ১০,০০০ চন মানলৈকে মানুহে অঘৰী জীৱন যাপন কৰিছিল। তেওঁলোকে খাদ্য আৰু আশ্ৰয় বিচাৰি দল বান্ধি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফূৰিছিল। কেঁচা ফল-মূল, শাক-পাচলি আৰু চিকাৰ কৰি পোৱা প্ৰাণীক আহাৰ হিচাপে গ্ৰহণ কৰিছিল। পাছলৈ, লাহে লাহে তেওঁলোকে মাটি চহাবলৈ ল'লে আৰু ধান, ঘেহু আৰু অন্যান্য খাদ্য শস্য উৎপাদন কৰিবলৈ শিকিলে। এনেকৈয়ে কৃষি ব্যৱস্থা গঢ় লৈ উঠিল।


৪) শস্য কাক বোলে?

উত্তৰঃ একে জাতৰ শস্য উদ্ভিদ সৰহকৈ একে ঠাইতে খেতি কৰিলে তাক শস্য বুলি কোৱা হয়।


৫) বতৰ অনুযায়ী শস্যক কেইটা ভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ বতৰ অনুযায়ী শস্যক দুটা ভাগত ভগাব পাৰি আৰু সেইকেইটা হ'ল (i) খাৰিফ শস্য আৰু (ii) ৰবি শস্য।


৬) খাৰিফ শস্য কাক বোলে?

উত্তৰঃ বাৰিষাকালত যি শস্য সিঁচা হয় সেই শস্যবিলাককে খাৰিফ শস্য বোলে। উদাহৰণস্বৰূপেঃ ধান, মাকৈ।


৭) ৰবি শস্য কাক বোলে?

উত্তৰঃ শীতকালত উৎপাদিত শস্যক ৰবি শস্য বোলে। উদাহৰণস্বৰূপেঃ ঘেঁহু, বুট।.


৮) ঢিলা মাটিত গছৰ শিপাই সকেনেকৈ সহজে উশাহ ল'ব পাৰে।

উত্তৰঃ ঢিলা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে। এই কেঁচু আৰু অণুজীৱসমূহ খেতিয়কৰ বন্ধু। কিয়নো সিহঁতে মাটিক কোমল কৰাৰ লগতে মাটিখিনিত হিউমাছৰ পৰিমাণ বঢ়ায়।


9) চহোৱা বা হাল বোৱা কাক বোলে?

উত্তৰঃ মাটি চহ কৰা আৰু ঢিলা কৰা পদ্ধতিটোক মাটি চহোৱা বা হাল বোৱা বোলে।


১০) মাটি চহাবৰ বাবে ব্যৱহৃত প্ৰধান সঁজুলিসমূহ কি কি?

উত্তৰঃ মাটি চহাবৰ বাবে ব্যৱহৃত প্ৰধান সঁজুলিসমূহ হ'ল- হাল, কোৰ, মৈ, দলিমাৰি আৰু যান্ত্ৰিক হাল (ট্ৰেক্টৰ)।


১১) হাল কাক বোলে?

উত্তৰঃ অতি প্ৰাচীনকালৰ পৰাই মাটি চহ কৰা, শস্যত সাৰ প্ৰয়োগ কৰা, অপতৃণ নিৰোৱ, চপৰা ভঙা ইত্যাদি কামত হালৰ ব্যৱহাৰ হৈ আহিছে। এইবিধ সঁজুলিকাঠেৰো নিৰ্মিত আৰু ইয়াক এহাল বলধ বা ম'হৰ দ্বাৰা টনোৱা হয়। ইয়াত শক্তিশালী ত্ৰিভুজ আকৃতিৰ এটি লোৰ পাতি লগোৱা থাকে। তাকে ফাল বোলে। হালৰ মূল অংশটো এডাল কাঠৰ মাৰিৰ দ্বাৈৰা গঠিত। ইয়াকে নাঙলৰ ডিলা বোলে। হালৰ ডিলাৰ মুক্ত অংশটোত পথালিকৈ এডাল যুঁৱলি লগোৱা থাকে আৰু এই পথালি যুৱলিডাল বলধৰ কান্ধত যুতি দিয়া হয়।


১২) ভাল বীজবোৰ বেৱা বীজৰ পৰা পৃথক কৰা এটা পদ্ধতি বিযয় লিখা।

উত্তৰঃ এটা পাত্ৰত অলপ পানী লোৱা বীজবোৰ পাত্ৰত ঢালি দিয়া আৰু লৰোৱা।অলপ সময় অপেক্ষা কৰা পানীৰ ওপৰত কিছুমান বীজ ওপঙি উঠিব। যিবিলাক বীজ পানীত ডুব গ'ল সেইবোৰ ভাল আৰু যিবিলাক বিজ পানীত ডুব নগ'ল সেইবোৰ বীজ বেয়া।


১৩) সাৰ কাক বোলে?

উত্তৰঃ উদ্ভিবোৰ সুস্থভাৱে ডাঙৰ হ'বৰ বাবে যিবোৰ পোষক দ্ৰব্য হিচাপে মাটিত প্ৰযোগ কৰা হয় তাকে সাৰ বোলে।


১৪) সাৰ কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ সাৰ দুইপ্ৰকাৰৰ জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ।


১৫) উদ্ভিদৰ দেহত কিমান শতাংশ পানী থাকে?

উত্তৰঃ উদ্ভিদৰ দেহত ৯০ শতাংশ পানী থাকে।


১৬) জলসিঞ্চন কাক বোলে?

উত্তৰঃ সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী মোগল ধৰাকে জলসিঞ্চন বোলে।


১৭) জলসিঞ্চনৰ উৎসসমূহ কি কি?

উত্তৰঃ জলসিঞ্চনৰ উৎসসমূহ হ'ল- নাদ বা কুঁৱা, দমকল, পুখুৰী, হ্ৰদ, নদী, বান্ধ আৰু নলা।


১৮) অপতৃণ কাক বোলে?

উত্তৰঃ খেতি পথাৰত সাধাৰণতে সশ্যৰ বাহিৰেও স্বাভিৱিকভাৱে কিছুমান অপ্ৰয়োজনীয় উদ্ভিদো গজে। এই অনাৱশ্যকীয় উদ্ভিদসমূহকে অপতৃণ বোলে।


১৯) শস্য চপোৱা কাক বোলে?

উত্তৰঃ পৈণত শস্য কাতি, উঘালি অনাকে শস্য চপোৱা বোলে।


২০) মৰণা মৰা কাক বোলে?

উত্তৰঃ কিৰ দ্বাৰা বা শস্য চপোৱা যন্ত্ৰৰ সহায়ত শস্য চপায়। চপোৱা শস্যৰ বীজবোৰ শীহ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াকে মৰণা মৰা বোলে।


Pallab Jyoti Bora