নাথযোগীসকল


    নাথ বা যোগী সম্প্ৰদায়টো অসমৰ তথা ভাৰতবৰ্ষৰ এটা প্ৰাচীনতম জনগোষ্ঠী। আৰ্য্য সভ্যতাৰো বহু আগৰে পৰা এই সম্প্ৰদায়টোৰ লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সিঁচৰতি হৈ বসবাস কৰি আহিছে। নাথ বা যোগী সম্প্ৰদায়টো মূলতঃ শৈৱপন্থী আৰু অতীতত এওঁলোকে পালন কৰা ধৰ্মৰ নাম আছিল শৈৱ বা ব্ৰাত্য ধৰ্ম। শৈৱধৰ্মৰ মূল দৰ্শন যোগসাধন মাৰ্গাৰ ওপৰত প্ৰতিষ্ঠিত। যোগৰ পৰাই যোগীসকলৰ উৎপত্তি হৈছিল। নাথ পৰম্পৰাৰ মতে আদিনাথ অৰ্থাৎ ভগৱান শিৱই হৈছে প্ৰথমগৰাকী নাথ। মহাযোগী মৎস্যেন্দ্ৰনাথ আৰু গুৰু গােৰক্ষনাথ নাথসকলৰ প্রধান দুগৰাকী গুৰু। নাথযােগী সম্প্রদায়টো গুৰু-শিষ্য পৰম্পৰাত বিশ্বাসী। নাথযােগীসকলৰ দুটা ভাগ আছে তাৰে এটা হ’ল গৃহস্থ যােগী আনটো হ'ল সন্যাসী যােগী। সন্যাসী যােগীসকলেই নাথ ধৰ্মৰ প্ৰচাৰ কৰে। নাথসকলৰ গুৰু গােৰক্ষনাথ হঠযােগ সাধন মার্গৰ আৱিষ্কাৰক। গুৰু গােৰক্ষনাথে প্ৰৱৰ্তন কৰা যােগসাধন মার্গৰ ওপৰত ৰচিত স্বাম স্বাত্মাৰাম যােগীৰ হঠযােগ প্রদীপিকা সমগ্র বিশ্বতে সমাদৃত যােগৰ এখন মূল্যৱান গ্রন্থ । নাথসকলৰ আদি গুৰু মহাযােগী মৎস্যেন্দ্রনাথ কামৰূপৰ বাসিন্দা আছিল আৰু তেওঁ কামাখ্যা মন্দিৰত তন্ত্ৰ আৰু যােগ সাধনাত নিমগ্ন আছিল। সেই সময়ত কামাখ্যা মন্দিৰ কামাখ্যা পীঠ নামেৰে প্রসিদ্ধ আছিল। নেপালত প্রচলিত লােক কাহিনী আৰু পৌৰাণিক আখ্যানৰ মতে নেপালৰ ৰজা নৰেন্দ্ৰদেৱৰ সময়ত নেপালত অনাবৃষ্টিৰ বাবে হােৱা দুর্ভিক্ষৰ পৰা উদ্ধাৰ পাবলৈ নেপালৰ ৰজাই মহাযােগী মৎস্যেন্দ্রনাথক নেপাললৈ আমন্ত্রণ জনাই নিছিল। সেই সময়ত নেপাল বৌদ্ধধৰ্মৰ কবলত আছিল আৰু নেপাললৈ মৎস্যেন্দ্রনাথৰ আগমনৰ পিছতেই নেপালত হিন্দু ধর্ম প্রতিষ্ঠা হৈছিল। নাথ সন্যাসী এজনৰ মৃত্যু হলে তেওঁৰ মৃতদেহ দাহ কৰাৰ পৰিবৰ্তে নিজস্ব ৰীতি নীতিৰে পদ্মাসনত বহুৱাই সমাধি দিয়াৰ প্রথা অতীতৰে পৰা এতিয়াও চলি আছে। 

    নাথসকলৰ অতি প্রাচীন নিজস্ব সাহিত্য আছে। তন্ত্র-মন্ত্র, যােগ, আধ্যাত্মিক দর্শন, আয়ুর্বেদ, জ্যোতিষ, ৰসায়ন আদি বিভিন্ন দিশত নাথ সিদ্ধপুৰুষসকলে ভালেমান অমূল্য সাহিত্য ৰচনাৰে ভাৰতীয় সাহিত্যৰ ভৰাল চহকী কৰি থৈ গৈছে। অতীতত নাথ সিদ্ধাচার্যসকলে ৰচনা কৰা চর্যাপদ বা চর্যাগীতসমূহৰ অসমীয়া, বঙলা আৰু উড়িয়া ভাষা উৎপত্তিত প্রভূত বৰঙণি আছে বুলি পণ্ডিতসকলে মত প্রকাশ কৰিছে। 

    আমাৰ অসমতাে নাথযােগীসকল প্রাচীন কালৰে পৰা বসবাস কৰি আহিছে। ঘাইকৈ গােৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, দৰং, নগাঁও, মৰিগাঁও, হােজাই, শােণিতপুৰ, কাছাৰ আদি জিলাত লক্ষ লক্ষ নাথযােগী মানুহে বসবাস কৰি আছে। ইয়াৰ বাহিৰেও অসমৰ প্রত্যেকখন জিলাতে এই সম্প্রদায়টোৰ মানুহে বসবাস কৰি আহিছে। গুৱাহাটীৰ আমবাৰীত চলােৱা প্রত্নতাত্ত্বিক খনন কার্যত উদ্ধাৰ হােৱা শিলালিপিত বৰ্তমানৰ গুৱাহাটীৰ নাম একালত যােগীহাটী নামেৰেও প্রসিদ্ধ আছিল বুলি উল্লেখ আছে। আনহাতেদি এই প্রাচীন সম্প্রদায়টোৰ ওপৰত চলােৱা গৱেষণা আৰু বিভিন্ন ইতিহাসবিদসকলে উল্লেখ কৰা তথ্যমতে এটা সময়ত নগাঁৱৰ ওচৰৰ কদলী নামৰ এখন সৰু ৰাজ্য নাথযোগী মহিলাসকলৰ দ্বাৰা শাসিত আছিল বুলি উল্লেখ আছে। তদুপৰি বৰ্তমানৰ হোজাই জিলাৰ যোগীজান, তেজপুৰৰ সমীপৰ সূৰ্যপাহাৰৰ শিৱ লিঙ্গ, গোৱালপাৰা যোগীঘোপাৰ পাহাৰৰ গুহাসমূহ অতীত কামৰূপ প্ৰদেশত নাথ সিদ্ধ পুৰুষসকলৰ যোগ সাধনাৰ স্থলী আছিল বুলি বিভিন্ন গ্ৰন্থত পোৱা যায়। বৰ্তমান অসমৰ একে বুজন সংখ্যক নাথযোগী লোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ নাম ধৰ্মত দীক্ষিত হৈ মহা মহাপুৰুষীয়া ধৰ্ম-সংস্কৃতিক আঁকোৱালি হৈছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামতো অসমৰ নাথযোগীসকলৰ প্ৰভূত বৰঙণি আছে। ১৯৪২-ৰ বিৰুদ্ধে সমগ্ৰ দেশ জুৰি হোৱা ভাৰত ত্যাগ আন্দোলনত মহাত্মা গান্ধীৰ কৰিম কিম্বা মৰিম মন্ত্ৰৰে উদ্ধুদ্ধ হৈ ঢেকিয়াজুলি থানাৰ মুধচৰ পৰা বৃটিছ পতাকা ইউনিয়ন জেক দলিয়াই পেলাবলৈ যাওঁতে সম্প্ৰদায়টোৰ মনবৰ নাথ, খহুলী  দেৱী আৰু কুমলী দেৱী নামেৰে তিনিগৰাকী স্বাধীনতা সংগ্ৰামী বৃটিছ পুলিচৰ গুলীত ঠিতাতে নিহৰ হৈ শহীদ হৈছিল। একেই বৃটিছ আমােলত ১৮৯৪ চনত অবিভক্ত দৰং জিলাত সংঘটিত পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত ১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ দিনা বৃটিছৰ বৰ্বৰ গুলীচালনাত নিহত হােৱা ১৪০ গৰাকী শহীদ কৃষকৰ ভিতৰত সম্প্রদায়টোৰ শ্বহীদ আছিল ২৮ গৰাকী। পৰৱৰ্তী সময়ত ১৯৮০-ৰ দশকত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হােৱা বিদেশী বহিষ্কাৰ আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ ভিতৰত সম্প্রদায়টোৰ শ্বহীদ আছিল প্রায় ১৪০ গৰাকী। যােগী সম্প্রদায়ৰ লােকসকল স্বভাৱগতভাৱেই শান্তিপ্রিয় আৰু দেশপ্রেমিক। সম্প্রদায়টোৰ এগৰাকী সুযােগ্য সন্তান সাহিত্যিক, প্রত্নতত্ত্ববিদ, পণ্ডিত, তত্ত্বভূষণ প্রয়াত ৰাজমােহন নাথদেৱে অসমৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ অভূতপূর্ব অৱদান আগবঢ়াই থৈ গৈছে। অতীত অসমৰ নাথযােগীসকলৰ পুৰুষ-মহিলা উভয়েই বােৱা-কটা আৰু পাট শিল্পত অতিশয় পাকৈত আছিল। সেয়েহে নাথযােগীসকলৰ বহু লােক কাটনী উপাধিৰেও পৰিচিত হৈ আহিছে। এই সম্প্রদায়টোৰ গুণী পুৰুষ পৰম ভক্ত বৈষ্ণৱ মথুৰানাথ বুঢ়া আতা মহাপুৰুষ শংকৰদেৱৰ এগৰাকী প্রিয় শিষ্য আৰু বৈষ্ণৱ ধৰ্মৰ প্রচাৰক আছিল। গুৰুজনাৰ অমূল্য সৃষ্টি বৃন্দাৱনী বস্ত্রখনৰ মাত্ৰ কেই হাত মান বােৱাৰ পিছত বস্ত্রখনি তৈয়াৰ কৰাৰ দায়িত্ব মহাপুৰুষ জনাইমথুৰানাথ বুঢ়া আতাৰ ওপৰত ন্যস্ত কৰিছিলৰৰৰ। অসমৰ নাথযােগীসকল অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ অন্যতম ধাৰক আৰু বাহক হিচাপে পৰিগণিত হৈ আহিছে । দৰং জিলাৰ প্রসিদ্ধ সুকনাণী ওজাপালি, দেওধনী নৃত্য আৰু চিয়া গীতসমূহ সম্প্রদায়টোৱে শ শ বছৰ ধৰি কঢ়িয়াই ফুৰা অসমৰ এক চহকী সাংস্কৃতিক সম্পদ। সময়ৰ সোঁতত এই প্রাচীন ঐতিহ্যময় জনগােষ্ঠীটোৱে নানানটা সামাজিক উত্থান-পতনৰ মাজেদি নিজৰ আত্মপৰিচয় ৰক্ষা কৰি আহিছে। আনহাতেদি সম্প্রদায়টোক শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক আৰু ধর্মীয় সকলাে দিশতে আগবঢ়াই নিবলৈ হলিৰাম নাথ চহৰীয়া আৰু লম্বােদৰ বৰা প্ৰমুখ্যে ভালেকেইগৰাকী দূৰদৰ্শী ব্যক্তিৰ উদ্যোগত ১৯১৯ চনতেই গঠিত অসম প্রাদেশিক যযাগী সন্মিলনী শতায়ু প্রাপ্ত অসমৰ অন্যতম পুৰণি জনগােষ্ঠীয় অনুষ্ঠান।


Type : Priyam Jyoti Patar



Post ID : DABP004015