নলিনী বালা দেৱীৰ কিছু প্ৰশ্ন উত্তৰঃ- 

১) নলিনী বালা দেৱী কোন আছিল ?

উত্তৰঃ- নলিনী বালা দেৱী এগৰাকী কবি লেখিকা আৰু এগৰাকী সু পণ্ডিত আছিল ।

২) নলিনী বালা দেৱীৰ কোন চনৰ কোন তাৰিখে জন্ম হৈছিল ? 

উত্তৰঃ-নলিনী বালা দেৱীৰ ১৮৯৮ চনৰ ২৩ মাৰ্চ তাৰিখে জন্ম হৈছিল। 

৩) নলিনী বালা দেৱীৰ পিতৃৰ নাম কি আছিল ? 

উত্তৰঃ- নলিনী বালা দেৱীৰ পিতৃৰ নাম নবীনচন্দ্ৰ বৰদলৈ আছিল । 

৪) নলিনী বালা দেৱীৰ মাতৃৰ নাম কি আছিল ?

উত্তৰঃ- নলিনী বালা দেৱীৰ মাতৃৰ নাম হেমন্ত কুমাৰী । 

৫) নলিনী বালা দেৱীয়ে ক'ত পঢ়া-শুনা কৰিছিল ? 

উত্তৰঃ- নলিনী বালা দেৱীয়ে ঘৰতে থাকি পঢ়া-শুনা কৰিছিল ।

৬) নলিনী বালা দেৱীৰ ঘৰতে থাকি কি কি শিক্ষা গ্ৰহন কৰিছিল ?

উত্তৰঃ- নলিনী বালা দেৱীৰ ঘৰতে থাকি ছবি অঁকা,সাহিত্য,সংস্কৃত আদিৰ শিক্ষাগ্ৰহন কৰিছিল ।

৭) নলিলী বালা দেৱীয়ে কিমান চনত বিবাহ পাখত আবদ্ধ   বহিছিল ? 

উত্তৰঃ-নলিনী বালা দেৱীয়ে ১৯০৯ চনত বিবাহ পাখত আবদ্ধ হৈছিল।  

৮) নলিনী বালা দেৱীয়ে কাৰ লগত বিবাহ পাখত আবদ্ধ হৈছিল লিখাঁ ? 

উত্তৰঃ- নলিনা বালা দেৱীয়ে জীৱেশ্বৰ চাংকাকতিৰ লগত বিবাহ পাখত আবদ্ধ হৈছিল ।   

৯) নলিনী বালা দেৱীৰ স্বামীৰ কোন চনত মৃত্যু হৈছিল ?

উত্তৰঃ- নলিনী বালা দেৱীৰ স্বামীৰ ১৯১৭ চনত মৃত্যু হৈছিল । 

১০) স্বামীৰ মৃত্যুৰ পিছত নলিনী বালা দেৱীয়ে কলৈ আহিছিল ? 

উত্তৰঃ- স্বামীৰ মৃত্যুৰ পিছত নলিনী বালা দেৱীয়ে ঘৰলৈ আহিছিল।  

১১) নলিনা বালা দেৱীয়ে ৰচনা কেইখন মান কবিতাপুথিৰ নাম লিখাঁ ? 

উত্তৰঃ- নলিনী বালা দেৱীয়ে ৰচনা কৰা কেইখন মান কবিতাপুথিৰ নাম হ'ল- সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি, আদি । 

১২) বিয়াৰ পিছত শহুৰেকে নলিনী বালা দেৱীক কি বস্তু উপহাৰ দিছিল ?

উত্তৰঃ- বিয়াৰ পিছত শহুৰেকে নলিনী বালা দেৱীক এটা সোনৰ কলম উপহাৰ হিছাপে দিছিল । 

১৩) নলিনী বালা দেৱীয়ে ৰচনা কৰা প্ৰথমটো কবিতাৰ নাম কি লিখাঁ ?

উত্তৰঃ-  নলিনী বালা দেৱীয়ে ৰচনা কৰা প্ৰথমটো কবিতাৰ নাম হ'ল- পিতা 

১৪) নলিনী বালা দেৱীয়ে কোন চনত অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰিছিল ?

উত্তৰঃ- নলিনী বালা দেৱীয়ে ১৯৪৮ চনত অসম  চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰহিছিল । 

১৫) নলিনী বালা দেৱীয়ে কোন চনত কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহিত্য বৃত্তিৰ সন্মান পাইছিল ?

উত্তৰঃ- নলিনী বালা দেৱীয়ে ১৯৫৪ চনত কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহিত্য বৃত্তিৰ সন্মান পাইছিল ।  

১৬) নলিনী বালা দেৱীয়ে কিমান চনত কাব্যভাৰতী উপাধি লাভ কৰিছিল ?

উত্তৰঃ- নলিনী বালা দেৱীয়ে ১৯৫৬ চনত কাব্যভাৰতী উপাধি লাভ কৰিছিল । 

১৭) নলিনী বালা দেবীয়ে কিমান চনত যোৰহাট অধিৱেশনৰ সভাপতি হৈছিল ? 

উত্তৰঃ- নলিনী বালা দেৱীয়ে ১৯৫৪ চনত যোৰহাট অধিৱেশনৰ সভাপতি হৈছিল ।

১৮) নলিনী বালা দেৱীয়ে কোন কাব্য গন্থৰ বাবে সাহিত্য অকাডেমি বটাঁ  লাভ কৰিছিল ?

উত্তৰঃ- নলিনী বালা দেৱীয়ে অলকানন্দ গন্থৰ বাবে সাহিত্য অকাডেমি বটাঁ লাভ কৰিছিল । 

১৯) নলিনী বালা দেৱীয়ে কিমান চনত পদ্মশ্ৰী বটাঁ লাভ কৰিছিল ?

উত্তৰঃ- নলিনী বালা দেৱীয়ে ১৯৭৭চনৰ পদ্মশ্ৰী বটাঁ লাভ কৰিছিল । 

২০) কিমান চনত নলিনী বালা দেৱীয়ে পদ্মশ্ৰী নলিনীবালা দেৱী উপাধিৰে সন্মানিত হৈছিল ?

উত্তৰঃ- ১৯৫৮ চনত নলিনী বালা দেৱীয়ে পদ্মশ্ৰী নলিনীবালা দেৱী উপাধিৰে সন্মানিত হৈছিল । 

২১) নলিনী বালা দেৱীয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ মহিলাসকলৰ ভিতৰত কেইনম্বৰত পাবলৈ সফল হৈছিল ? 

উত্তৰঃ- নলিনী বালা দেৱীয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ মহিলাসকলৰ ভিতৰত এক নম্বৰত পাবলৈ সফল হৈছিল । 

২২)নলিনী বালা দেৱী কোন কোন সংঘৰ সভানেত্ৰী আছিল ?

উত্তৰঃ-নলিনী বালা দেৱী অসম সংঘ আৰু প্ৰাদেশিক মহিলা সমিতিৰ সভানেত্ৰী আছিল । 

২৩) নলিনী বালা দেৱীয়ে প্ৰতিষ্ঠা কৰা এটা সন্থাৰ নাম লিখাঁ ?

উত্তৰঃ- নলিনী বালা দেৱীয়ে প্ৰতিষ্ঠা কৰা এটা সন্থাৰ নাম হ'ল সদৌ অসম মইনা পাৰিজাত সন্থা লিখাঁ।

২৪)   নলিনী বালা দেৱীয়ে কিমান চনত সন্ধিয়াৰ সুৰ নাম পুথিখন ৰচনা কৰিছিল ? 

উত্তৰঃ- নলিনী বালা দেৱীয়ে ১৯২৮ চনত সন্ধিয়াৰ সুৰ নামৰ পুথিখন ৰচনা কৰিছিল । 

২৫) নলিনী বালা দেৱীয়ে কিমান চনত সপোনৰ সুৰ নামৰ পুথিখন ৰচনা কৰিছিল ?

 উত্তৰঃ- নলিনী বালা দেৱীয়ে ১৯৪৩ চনত সপোন সুৰ নামৰ পুথিখন ৰচনা কৰিছিল । 

২৬) নলিনীবালা দেৱীয়ে কিমান চনত স্মৃতি তীৰ্থ নামৰ পুথিখন ৰচনা কৰিছিল ? 

উত্তৰঃ-  নলিনী বালা দেৱীয়ে ১৯৪৮ চনত স্মৃতি তীৰ্থ নামৰ পুথিখন ৰচনা কৰিছিল। 

২৭) নলিনী বালা দেৱীয়ে পৰশমণি নামৰ পুথিখন কিমান চনত ৰচনা কৰিছিল ?

উত্তৰঃ-নলিনী বালা দেৱীয়ে পৰশমণি নামৰ পুথিখন ১৯৫৪ চনত ৰচনা কৰিছিল ।  

২৮) নলিনী বালা দেৱীয়ে কিমান চনত জাগৃত নামৰ পুথিখন ৰচনা কৰিছিল ?

উত্তৰঃ- নলিনী বালা দেৱীয়ে ১৯৬০ চনত জাগৃত নামৰ পুথিখন ৰচনা কৰিছিল । 

২৯) নলিনী বালা দেৱীয়ে কিমান চনত অলকানন্দ নামৰ পুথিখন ৰচনা কৰিছিল ?

উত্তৰঃ- নলিনী বালা দেৱীয়ে ১৯৬৭ চনত অলকানন্দ নামৰ পুথিখন ৰচনা কৰিছিল ।  

৩০) নলিনী বালা দেৱীয়ে কোন চনত বিশ্বদীপ নামৰ পুথিখন ৰচনা কৰিছিল ?

উত্তৰঃ- নলিনীবালা দেৱীয়ে ১৯৭০ চনত বিশ্বদীপ নামৰ পুথিখন ৰচনা কৰিছিল । 

৩১) নলিনী বালা দেৱীয়ে ৰচনা কৰা দুখন অপকাশিত গন্থৰ নাম লিখাঁ ?

উত্তৰঃ- নলিনী বালা দেৱীয়ে ৰচনা কৰা দুখন অপকাশিত গন্থৰ নাম হ'ল মন্দাকিনী আৰু জোনাকীৰ স্বপ্ন সুৰভি। 

৩২) নলিনী বালা দেৱীয়ে ৰচনা কেইখনমান জীৱনীমূলক গন্থৰ নাম  লিখাঁ ? 

উত্তৰঃ- নলিনী বালা দেৱীয়ে ৰচনা কৰা কেইখনমান জীৱনীমূলক নাম হ'ল- স্মৃতি তীৰ্থ আৰু বিশ্বদীপা 

৩৩) নলিনী বালা দেৱীয়ে ৰচনা কৰা প্ৰবন্ধখনৰ নাম কি লিখাঁ ? 

উত্তৰঃ- নলিনী বালা দেৱীয়ে ৰচনা কৰা প্ৰবন্ধখনৰ নাম হ'ল- শান্তিপথ । 

৩৪)  নলিনী বালা দেৱীয়ে ৰচনা আত্মজীৱনীখনৰ নাম লিখাঁ ? 

উত্তৰঃ- নলিনী বালা দেৱীয়ে ৰচনা কৰা আত্মজীৱনীখনৰ নাম হ'ল- এৰি অহা দিনবোৰ । 

৩৫) নলিনী বালা দেৱীয়ে যুগদেৱতা নামৰ কাব্যগন্থ খন কোন চনত ৰচনা কৰিছিল ?

উত্তৰঃ- নলিনী বালা দেৱীয়ে যুগদেৱতা নামৰ কাব্যগন্থ খন ১৯৫৭ চনত ৰচনা কৰিছিল । 

৩৬) নলিনী বালা দেৱীয়ে কাৰ সৈতে ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহন কৰিছিল ?

উত্তৰঃ- নলিনী বালা দেৱীয়ে তেখেঁতৰ পিতৃৰ সৈতে ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহন কৰিছিল ।   

৩৭) নলিনী বালা দেৱীয়ে কি কি অধ্যয়ত মনোনিবেশ কৰিছিল ?

উত্তৰঃ- নলিনী বালা দেৱীয়ে বেদ, উপনিষদ, গীত,ভাগৱত অধ্যয়ত মনোনিবেশ কৰিছিল | 

৩৮) নলিনী বালা দেৱীৰ কিমান চনৰ কিমান তাৰিখে মৃত্যু হৈছিল ? 

উত্তৰঃ- নলিনী বালা দেৱীৰ ১৯৭৭ চনৰ ২৪ ডিচেম্বৰ তাৰিখে মৃত্যু হৈছিল।  


Type Arup Koch 


Post ID : DABP003995