হাজংসকল 


    হাজংসকল অসমৰ এটি জনজাতীয় জনগোষ্ঠী। তেওাঁলোক প্ৰধনত হিন্দু ধৰ্মাৱলম্বী তেওঁলোক ঘাইকৈ গোৱালপাৰা ধুবুৰী জিলাত দক্ষিণ শালমাৰা-মানকাচাৰ মহকুমাৰ বসবাস কৰে। আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্যান্য প্ৰায়বোৰ জিলাৰে বিভিন্ন অঞ্চলতো তেওঁলোক সিচঁৰতি হৈ আছে। মেঘালয়ৰ পশ্চিম আৰু দক্ষিণ গৰোপাহাৰ জিলাত আৰু খাছিয়া পাহাৰ জিলাৰ উপৰিও অৰুণাচল, পশ্চিমবংগৰ কোচবিহাৰ আৰু বাংলাদেশ পাৰ্বত্য সমভূমি অঞ্চলতো বুজন সংখ্যক হাজং মানুহে বসবাস কৰি আছে। ভাৰতৰ সংবিধানৰ ১৯৫০ চনত আইন অনুসৰি হীাজংসকলৰ অবিভক্ত অসমৰ পাৰ্বত্য স্বায়ত্ত শাসিত জিলাবোৰতহে অনুসূচীত  জনজাতি হিচাপে স্বীকৃত আছিল। পৰৱৰ্তী সময়ত ভাৰতীয় সংবিধানৰ সংশোধিত 'অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ নিৰ্দেশ (সংশোধিত) আইন ২০০২' অনুসৰি অসমৰ ভৈয়ামৰ জিলাৰত বসবাস কৰা হাজংসকলে ভৈয়ামৰ অনুসূচীত জনজাতি হিচাপে স্বীকৃতি লাভ কৰে। 

    নৃতাত্ত্বিকসকলৰ মতে হাজংসকল ইণ্ডো-মংগােলীয় জনগােষ্ঠীৰ। কথিত আছে যে হাজংসকল তিব্বতৰ পৰা আহি কোচবিহাৰৰ উত্তৰৰ ভূটান সীমান্তৰ হাজং’ নামৰ অঞ্চলত কেইবা শতিকা জুৰি বসবাস কৰি আছিল। কোনাে কোনােৰ মতে হাজংসকল তিব্বতৰ পৰা প্ৰথমতে কামৰূপ জিলাৰ হাজো অঞ্চলত থিতাপি লৈছিল বুলি জনা যায়। পিছলৈ এওঁলােক ক্রমান্বয়ে গােৱালপাৰা জিলাৰ ব্রহ্মপুত্র উপত্যকালৈ গৈ দক্ষিণপাৰলৈ আহে আৰু লক্ষীপুৰৰ ওচৰৰ শুৱাৰকোনাৰ পৰা দক্ষিণলৈ ধুবুৰী জিলাৰ মানকাচাব-শালমাৰা পার্বত্য সমভূমি আৰু বালাংদেশৰ ময়মনসিংহ জিলাৰ উত্তৰ শৈলপদীয় অঞ্চলত বিয়পি পৰে। আনহাতে পূৱলৈ পশ্চিম খাছিয়া পাহাৰৰ নামনি অঞ্চলকে ধৰি শ্রীহট্ট জিলালৈ বিস্তৃত হয়। পুৰণি অসমৰ এক নির্দিষ্ট ভৌগােলিক সীমাৰেখাৰ মাজত হাজংসকল বহু শতিকা ধৰি বসবাস কৰি থকাৰ উল্লেখ পােৱা যায়। এই ভূখণ্ডৰ চাৰিসীমা আছিল ? উত্তৰত গােৱালপাৰা জিলাৰ লক্ষীপুৰৰ ওচৰৰ (১) শুৱাৰকোনা, পূৱত শ্রীহট্ট বা ছিলেট জিলাৰ (২) জামকোনা , দক্ষিণত ময়মন সিংহ জিলাৰ (৩) জংকোনা আৰু পশ্চিমত মানকাচাৰৰ ওচৰৰ (৪) মৰকোনা নামৰ চাৰিখন হাজং গাঁও। ঊনৈশ শতিকাৰ শেষ ভাগলৈকে হাজংসকল উক্ত অঞ্চলৰ ভিতৰতে থিতাপিলৈ আছিল। পৰৱৰ্তীকালত ৰাজনৈতিক, অর্থনৈতিক আদি বিভিন্ন কাৰণত এই জনগােষ্ঠীয়ে উক্ত অঞ্চলৰ পৰা অন্যান্য অঞ্চললৈ সিৰ্চৰতি হৈ পৰে। আনহাতে স্বাধীনতাৰ পিছত পূর্ব-পাকিস্তানৰ পৰা (বর্তমান বাংলাদেশ) ১৯৬৪ খ্রীষ্টাব্দত বঙালী হিন্দু, গাৰাে, কোচ, ডালু, বানাই আদিৰ লগতে গাৰােপাহাৰ সীমান্ত ময়মনসিংহ জিলাৰ উৰাঞ্চলৰ হাজংসকল ভগনীয়া হৈ অসমলৈ শৰণার্থী হিচাপে আহে । এই শৰণাৰ্থীসকল অসমৰ বিভিন্ন অঞ্চলত চৰকাৰৰ দ্বাৰা পুনৰ সংস্থাপিত হৈ বসবাস কৰি আছে। হাজংসকল বর্তমান অসমৰ গােৱালপাৰা, ধুবুৰী, কামৰূপ, বাস্কা, ওদালগুৰি, চিৰাং, দৰং, লখিমপুৰ, ধেমাজী, নগাঁও আদি জিলাৰ অ'ত ত'ত তাকৰীয়া সংখ্যকভাৱে সিঁচৰতি হৈ বসবাস কৰি আছে।

    নামকৰণ ঃ হাজং নামৰ আঁতিগুৰি সম্পৰ্কত বিভিন্ন মত। জনশ্ৰুতি অনুসৰি হাজংসকল এসময়ত 'হাজং' নামক ভূখণ্ডৰ পৰা প্ৰব্ৰজিত অহাৰ কাৰণে এই জনগোষ্ঠীৰ নাম হাজং হৈছে।  দ্বিতীয়তে তেওঁলোকৰ পূৰ্বপুৰুষজনৰ নাম আছিল হাজো; এই হাজোৰ জন বা বংশৰ লোক হিচাপে গাৰোসকলেহে দিয়া নাম। এই জনগোষ্ঠীৰ মূল জীৱিকা কৃষি; হাজংসকল সমতল ভূমিবোৰত বোকা-পানীৰে লুতুৰি-হৈ কঠোৰ পৰিশ্ৰমেৰে হাল বাই খেতি কৰি আহিছিল। সমতল ভূমিৰ দ মাটিৰ সৈতে ওতঃপ্ৰোতভাৱে  জড়িত হৈ থকা দেখি গাৰোসলে এই জনগোষ্ঠীক হাজং নামৰণ কৰে। গাৰো ভাষাত হাত 'হা' আৰু 'জং' শব্দৰ অৰ্থ ক্ৰমে মাটি আৰু পোক। এনেদৰে 'হাজাং' শব্দৰ উব্দৱ হোৱা বুলি জনা যায়।  

    সামাজিক ভাগঃ হাজংসকল পূর্বতে সামাজিক ৰূপত ছয়টা শ্ৰেণীত বিভক্ত আছিল; যেনেঃ (১) হাৰাং পাৰীয়া, (২) ভজালু পাহাৰীয়া , ( ৩ ) মানিক পাহাৰীয়া ,  (৪) টেপৰ পাহাৰীয়া, (৫) সাতদল পাহাৰীয়া আৰু (৬) মাঞ্জি পাৰীয়া। পিছে বর্তমান জনগােষ্ঠীটোৰ মাজত এই শ্রেণীবােৰ পােৱা নাযায়। হাজংসকলক বৃহৎ আঞ্চলিক গােট হিচাপে পাঁচ ভাগত পােৱা যায়। এইবােৰ হ’লঃ  (১) দশ কাহানীয়া, (২) ছুছঙী , (৩) মছপাহাৰীয়া , (৪) কৰাইবাৰীয়া আৰু ( ৫ ) বাৰ হাজাৰী। সাম্প্রতিক এইভাগকেইটাও নিবিড় যােগাযােগ আৰু সংমিশ্রণৰ ফলত প্রতিটো সামাজিক গােটৰ স্বকীয় বৈশিষ্ট্যসমূহ একীভূত হৈ একক সামাজিক বৈশিষ্টতাত পৰিণত হ'বলৈ ধৰিছে ।

     সামাজিক বান্ধোনঃ  হাজংসকল পৰম্পৰাগতভাৱে তিনিটা সমাজ বান্ধোনেৰে সমাজ পৰিচালনা কৰে । যেনেঃ  (১) গাঁও গিয়াতি , (২) পাঁচ গিয়াতি আৰু (৩) জোৱাৰ বা চালা। সমাজৰ যিকোনাে ধৰণৰ দ্বন্দ-খবিয়াল প্রথমতে গাঁও গিয়াতিৰ মুৰব্বীয়ে মীমাংসা কৰে। গঞাৰ কোনাে বিষয় সেইজন মুৰব্বীয়ে যদি মীমাংসা কৰিব নােৱাৰে তেনেহ'লে পাঁচ গিয়াতিৰ মুৰব্বীসকলে মেল পাতি সমাধান কৰে। সমাজৰ কোনাে জটিল সামাজিক সমস্যা হলে জোৱাৰ বা চাকাৰ মুৰব্বীসকলে মেল মাতি সমাধান কৰে।

    ঘৰবাৰীঃ হাজংসকলৰ ঘৰ-বাৰী মুকলিমূৰীয়া। সাধাৰণতে খেতিপথাৰৰ পৰা কিছু দূৰৈত সমতলৰ কিছু ওখ ঠাইত ঘৰ সজায়; মাজত এখন চোতাল ৰাখি চাৰিও কামে ঘৰবােৰ সজায়। আদর্শ গৃহস্থৰ ঘৰ- হাউলি (ঘৰ-বাৰী) এনে ধৰণৰঃ  এটা মাইজৈ ঘৰ (বৰ ঘৰ), এটা চাংঘৰ (ভঁৰাল) , এটা আখলি ঘৰ ( ৰান্ধনি ঘৰ), এটা গুলি ঘৰ (গােহালি ) আৰু আগচোতালত এখন কাছৰি ঘৰ । কাচূৰি ঘৰ বাট চ'ৰা ঘৰ বুলি ক'ব পাৰি যদিও আচলতে হাজংসকলৰ ই ডেকাচাং আছিল। এসময়ত গাঁৱৰ মুৰব্বী বা প্রতিপত্তিশীল ব্যক্তিৰ ঘৰ হাউলিতহে কাছৰি ঘৰ আছিল। কাছৰি ঘৰত গাঁৱৰ অবিবাহিত ডেকাসকলেহে নিশা শুইছিল। গাঁৱলৈ পুৰুষ আলহী-অতিথি আহিলেও এই কাচূৰি ঘৰতহে ৰাতি থাকিবলৈ দিয়া হয়। গৃহস্থৰ চোতালৰ পূব অংশত গৃহদেৱতা বৈইশ বা বাস্তু আৰু কানীদেও ( পদ্মদেৱীৰ থান থাকে। বৈষ্ণৱ পন্থী হাজং গৃহস্থৰ চোতালত হৰিঘৰ আৰু তুলসীৰ থান থাকে। হাজং তিৰােতাসকল পাকৈত দাৱনী , ৰােৱনী , মাছুৱৈ আৰু কর্মঠ গৃহিণী। তেওঁলােকে পিন্ধা ৰং ৰিৰ কাৰুকার্য খচিত কাপােৰখিনি হৈছে ৰাঙা পাটিন। তেওঁলােকৰ পৰম্পৰাগত কাপােৰ বােৱা পদ্ধতি বা যন্ত্রৰ নাম ‘বানা। বানা হ'ল পৰম্পৰাগতভাৱে তৈয়াৰ কৰা বাঁহৰ তাত। হাজং শিপিনী। এজনীয়ে নিজৰ কাৰণে ৰঙা, নীলা, সেউজীয়া, বেগুনীয়া, কলা আদি সানমিহলি ৰঙেৰে আকর্ষণীয় ৰূপত ৰাঙা পাটিন বােৱাৰ উপৰিও পুৰুষৰ বাবে ‘ভেঝা কাপুৰ (চুটি চুৰিয়া), ফুলা আগৰুণ, পাছা, ফুলা কাণপেছ আদি বয়। সামাজিক উৎসৱ- অনুষ্ঠানত পুৰুষৰ সমানে গাবুৰ (গাভৰু), আয়ৰক্‌ (আয়তী) আৰু বয়ােবৃদ্ধাৰ বিশেষ ভূমিকা আছে। মাৰ পূজাৰ (মাৰৈ পূজা) উজনী বা বান উঠা ( দেওধনী ), কার্তি পূজা , গুপনী গােহেন আদি নৃত্য- গীতত হাজং নাৰীৰ ভূমিকা উল্লেখযােগ্য। তেওঁলােকে পূর্বৰ পৰা ব্যৱহাৰ কৰা দুই-এপদ অলংকাৰ হ’লঃ  বাহুত কাটাবাজু; ভৰিত বাক, গুঞ্জৰী, ঠেংপাতা ; কাণত কমফুল; নাকত নলছ, নাকফুল; ডিঙিত চিকিছা, হামালা, হাছুলী; হাতত বয়লা, শাঁকা (শঙ্খ) আৰু আঙুলিত আঙঠি। হাজং পুৰুষৰ সাজপাৰ অতি সাধাৰণ। তেওঁলােকে পােন্ধমাৰি কঁকালত পিন্ধা আঠুমূৰীয়া চুৰিয়াখনৰ নাম হ'ল ‘ভেঝা নিংটি। ই বগা, নীলা অথবা পখৰা ৰঙৰ হয়। তেওঁলােকে গত বুকছলি (চোলা) আৰু জাৰৰ দিনত ডিঙিত ফুলৈ কানপেছ (মাফলাৰ) আৰু আওলান (চাদৰ) মেৰিয়াই লয়। হাজংসকলৰ জন্ম, বিবাহ আৰু মৃত্যুৰ সৈতে জড়িত বিভিন্ন আচাৰ - অনুষ্ঠান প্রচলিত হৈ আহিছে। হাজং সমাজত চাৰি প্ৰকাৰত বিবাহ সম্পন্ন হয়। যেনে— (১) সামাজিক বিয়া (চাই - মেলি কৰা বিয়া), (২) দায় পৰা বা ঠেংপাংৰানি (বাধ্যত পৰি ছোৱালীক স্ত্ৰী হিচাপে গ্ৰহণ কৰা), (৩) মনামনি (ডেকা-গাভৰুৱেপৰম্পৰ ভাল পাই হোৱা বিয়া) আৰু (৪) হাঙা বা সাঙা (বিধবা আৰু বৰলাৰ মাজত হোৱা বিয়া)।

    ৎসৱ-পাৰ্বণঃ হাজংসকল মূলতঃ কৃষিজীৱী। কৃষি কৰ্মৰ সৈতে জড়িত বিভিন্ন ধৰণৰ লোকাচাৰ তেওঁলোকৰ মাজত প্ৰচলিত। যেনেঃ গুচি পুতা (ন গচি গিয়া), আগ আনা (প্ৰথম ধান কটা), নয়া খোৱ (ন ভাত খোৱা), কাতি গাছা (কঙালী বিহুত ঔ খোলেৰে ধাননি পথাৰত চাকি জ্বলোৱা),শইচ চপোৱা আৰু 'পুষণৈ'ত (মাঘ বিহুত) চিৰা-পিঠা খোৱা, সঙৰাণি বা বিষুৱাত (ৰঙালী বিহুত) গৰু বৈইশ বা বাস্তু পূজা, আহাৰত সাতোৱাৰ চুৱা (অম্বুবাচী) মানা, শাওণত বৰত' (কানীদেও পূজা), শৰতত যাত্ৰা পূজা, ভুঁই মাগা চ'মৰাগা (চৰ খেলা উৎসৱ, কাতি মাহৰ শেষ দিনা কাতি পূজা, পুহ মাহৰ ধান দাই থকাৰ সময়ত পথাৰত ভালুক মাগা, চপোৱাৰ পিচত থংবৈমাগা, পুষণৈ আদি অনুষ্ঠান পৰ্ব পালন কৰে। শৰতৰ , শেষ ভাগত দীপাৱলী আঁউসীৰ পৰা এসপ্তাহ জৰি হাজংসকলৰ গাঁৱে গাঁৱে চলে চ'ৰমাগা বা চৰ খেলাৰ নৃত্য-গীতৰ উৎসৱ। কৃষিজীৱী হাজং ডেকাসকলৰ এই সময়ছোৱা অৱসৰ বিনোদনৰ সময়। ডেকাকসে ঢাকী (ঢোল) দোতোৰা, বাঁহী, তাল আদি বাদ্যৰে  দল বান্ধি ঘৰে ঘৰে নৃত্য-গীত গাই মাগি ফুৰে। এই নৃত্য-গীতৰ উৎসৱত লোৱাটানা, খাখামাৰা, ভাঙা নাওকা, দেৱী যুদ্ধ আদি নৃত্য-গীত প্ৰাচীন আৰু জনপ্ৰিয়। 'লেৱাটানা' নৃত্য-গীত ডেকা-গাভৰুৰ প্ৰণয়মূলক, ব্যঙ্গ-কৌতুসচক আৰু শ্ৰমজীৱী জীৱনৰ চিত্ৰৰে পৰিস্ফুট। চ'ৰমাগা বা চৰ খেলা উৎসৱত নৃত্য-গীতৰ দলে গৃহস্থৰ পৰা বৰঙণি কৰে।

    ধৰ্মঃ  হাজংসকল হিন্দু ধৰ্মাৱলম্বী হ'লেও তেওঁলেকৰ পৰম্পৰাগত জনগোষ্ঠীয় ধৰ্মও সমন্বিত ৰূপত ক্ৰিয়াশীল হৈ আছে। প্ৰকৃতিৰ বিভিন্ন অশুভ ক্ৰিয়া-কৃলাপ, অপায়-অমঙ্গলৰ পৰা পৰিত্ৰাণ পাবলৈ হাজংসকলে বিশ্বাস আৰু ভক্তিৰে বিভিন্ন দেৱ-দেৱী পূজা কৰে। তেওঁলোকৰ পূজ্য দেৱ-দেৱীৰ ভিতৰত বৈইশ বা বাস্তুদেও মূল দেৱতা। প্ৰতিখন গঞা সমাজ মিলি তেওঁলোকে বৈইশ বা বাস্তুদেও পূজা কৰে। এই পূজা বহাগ মাহত অনুষ্ঠিত কৰে। চুবুৰী বা গাঁৱৰপৰা কিছু আওহতীয়া ঠাইত বৈইশ দেৱতাৰ থান সজোৱা হয়। বৈইশ বা বাস্তু দেৱতাৰ লগতে অন্যান্য কেইবাটাও দেৱ-দেৱীৰ থান শাৰী শাৰীকৈ থাপনা কৰা হয়।

     হাজং সকল ধৰ্ম আচৰণা দিশত দুই শ্ৰেণীত বিভক্ত। (১) হাজং শাক্ত আৰু (২) খাটল (বৈষ্ণৱ) জনগোষ্ঠীয় পৰম্পৰা ধৰ্মীয় আচৰণত চলা লোকসকল হাজং শাক্ত আৰু যিসকল হাজঙে বৈষ্ণৱ পন্থা অৱলম্বন কৰি বৈষ্ণৱ, অধিকাৰী হৈছে তেওঁলোক খাটল বা বৈষ্ণৱ শ্ৰেণীৰ। শাক্তসকল মাছ-মঙৰ, ঘৰুৱা মদ, আদিৰে আমিষ আহাৰী। আনহাতে খাটল শ্ৰেণীৰ লোকসকল বৈষ্ণৱ আচৰণত  বিশ্বাসী। বৈষ্ণৱ পন্থী হাজংসকলৰ কাৰৰ কাৰাে ঘৰত শালগ্রাম বিগ্রহ আছে আৰু পুৰুষানুক্রমে এই শালগ্রাম বিগ্রহক বিষ্ণু দেৱতা হিচাপে নিতৌ পূজা অর্চনা কৰি আহিছে। তেওঁলােকে জন্মাষ্টমী, ৰাধা অষ্টমী, বাসযাত্রা, দৌলযাত্ৰা আদি বিশেষ বিশেষ তিথিত উৎসৱ- পার্বণ উদ্যাপন কৰে । ভাগৱত, ৰামায়ণ, মহাভাৰত, গীতা আদি পাঠ কৰি কৃষ্ণ-স্তুতিৰে নাম কীর্তন গায়। 

    খাদ্যঃ  হাজংসকল ভােজনবিলাসী আৰু আমিযাহাৰী। বাঁহগাজ, কচু আলু, কচুৰ পাত আৰু থােৰা, হিদুল (শুকান মাছ), শাক-পাতৰ শকুতা, কাছ-ডু-মাছাং (মঙহ), লেবা-শাক (চাউলৰ গুৰিৰে ৰন্ধা তৰকাৰী), বিচি ভাত (ভাপত বনােৱা বৰা চাউলৰ ভাত), বুকনি ভাত, ডিংপােৰা (কাক’ বাঁহৰ চুঙাত বনােৱা বৰা চাউলৰ ভাত) তেওঁলােকৰ অতি প্রিয়। 

    হাজং ভাষা তিব্বত-বর্মীয় ভাষা-পৰিয়ালৰ বড়াে শাখাৰ অন্তর্ভুক্ত। হাজংসকল আর্য - সংস্কৃতিৰ গভীৰ প্রভাৱৰ দ্বাৰা সংস্কাৰ হৈ অহাৰ ফলত তেওঁলােকৰ আদিমতম ভাষা ৰূপান্তৰ হৈ আহিছে। হাজং ভাষা নিজস্ব বৈয়াকৰণিক শৈলী, নিজস্ব শব্দভাণ্ডাৰ, জতুৱা-ঠাঁচ, খণ্ডবাক্য, যােজনা আদিৰে স্বকীয় বৈশিষ্ট্যপূর্ণ ভাষা। অৱশ্যে সাম্প্রতিক কালত হাজংসকলৰ ভাষাত কামৰূপী আৰু গােৱালপৰীয়া উপভাষাৰ প্ৰভাৱ লক্ষ্য কৰা যায়।


Type : Priyam Jyoti Patar



Post ID : DABP003887