মণিপুৰীসকল


    অসম বাৰেবৰণীয়া বিভিন্ন জনগোষ্ঠীয় লোকৰ আবাস স্থল। ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীয় লোকৰ এই মোহময়ী সাৰুৱা ভূ-খণ্ডলৈ প্ৰব্ৰজন ঘটিছিল। এই জনগোষ্ঠীসমূহৰ ভিতৰত 'মণিপুৰীয়া'সকল অন্যতম।

    অসমত প্ৰধানকৈ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত মণিপুৰীসকলে বসবাস কৰে। বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত মণিপুৰীসকলে বাস কৰে। ১৮১৯ খ্ৰীষ্টাব্দত মান সেনাই মণিপুৰ ৰাজ্য আক্ৰমণ কৰে। মণিপুৰী সজাসকলৰ ওপৰত সেনাই কৰা বৰ্বাৰ অত্যাচাৰ আৰু উৎপীড়নত তিষ্ঠি থাকিব নোৱাৰি তেওঁলোক কাছাৰ, ছিলেট (বৰ্তমানৰ বাংদেশৰ অন্তৰ্ভুক্ত) আদি ঠাইলৈ আহিছিল বুলি জনা যায়। পাছত এই লোকৰসকলে স্থ-স্থানলৈ উভতি নগৈ কাছাৰক বৰ্তমান কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা) জিলাতেই স্থায়ীভাৱে বাস কৰিবলৈ লয়। আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত লোকৰসকল সিঁচৰতি বৈ বসতি স্থাপন কৰিছে। বৰ্তমানৰ হোজাই জিলা, কমাৰূপ মহানগৰ জিলাৰ গুৱাহাটী, ওদালগুৰি, কাৰ্বিআংলং, ডিমা-হাচাও, উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড় গোলাঘাট, লাখিমপুৰ আদিত কম-বেছি পৰিমাণে মণিপুৰী ভাষী মানুহে স্থায়ীভাৱে বসবাস কৰি আহিছে। 

    মণিপুৰী বা মৈতে/মীতৈ শব্দটোৱে ভাষা আৰু সম্প্ৰদায় দূয়োটাকে সূচায়। মৈতৈলোন বা মীতৈলোন হৈছে মৈতৈ/মীতৈসকলৰ ভাষা। লোন শব্দৰ অৰ্থা-ভাষা এই জনগোষ্ঠীয় লোকৰসকল তিব্বত-বৰ্মীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। মীতৈ ময়েক পুৰীসকলৰ নিজস্ব লিপি। ১৯৯২ চনত মণিপুৰী ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হয়। মণিপুৰ, অসমৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, নগালেণ্ডৰ উপৰিও দক্ষিণ-পূৱ এচিয়াৰ ম্যানমাৰ আৰু বাংলাদেশতো এই ভাষাৰ প্ৰচলন আছে।

    অসম চৰকাৰে ১৯৫৬ চনত পৰা মণিপুৰী বসতিপ্ৰধান অঞ্চলৰ নিম্ন প্ৰথমিক বিদ্যালয়সমূহত আৰু ১৯৮৪ চনত হাইস্কুল পৰ্যায়ত মণিপুৰী ভাষা শিক্ষাৰ মাধ্যম হিচাপে আৰু প্ৰচৱন কৰে।

    আনহাতে, ব্ৰহ্মপুত্ৰ উত্যকাত বসবাস কৰা মণিপুৰীসকলে স্কুল-কলেজ আাদিত আসমীয়া ভাষাকে শিক্ষাৰ মাধ্য়ম হিচাপে গ্ৰহণ কৰি আহিছে।                                                               

    মণিপুৰী বা মৈতৈ/মীতৈ সমাজ সাতোটা 'য়েক-ছালাই অৰ্থাৎ খেল বা ফৈদত বিভক্ত। এই বোৰ হ'ল মঙাং (নিংথৌজা), লুৱাং, খুমন, মোইৰাং, অঙোম, খাবা-ঙানবা আৰু চেংলৈ। এই প্ৰত্যেক খেল বা ফৈদ কিছুমান উপখেলত বিভক্ত। এই উপখেলৰ 'য়ুমনাক' বা 'শাগৈ' বুলি কোৱা হয় মণিপুৰী সমাজক এই য়েক-ছালাই ব্যৱস্থাই এক গোট কৰি ৰাখিছে।

    মণিপুৰী সমাজএকো 'য়ুমনাক' বা 'শাগৈ 'ৰ একো একোজন 'পীবা' অৰ্থাৎ মুখীয়াল থাকে। নিদিষ্ট 'শাগৈ'ৰ বংশগতভাৱে অহা জ্যেষ্ঠ পুত্ৰক উত্তৰাধিকাৰি সূত্ৰে 'পীবা'পদবী দিয়া হয়। 'পীবা' সকলে তেওঁলোকৰ গৃহদেৱতা অৰ্থাৎ 'য়ুমলাই'ৰ পূজা অৰ্চনা কৰা সময়ত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

    মণিপুৰীসকলে খেতি-বাতিৰ সুবিধাৰ বাবে সচৰাচৰ নৈৰ দাঁতিত বা সহজে পানী পােৱা ঠাইত গাঁও পাতে। বাৰীৰ চৌহদত মাটিৰে ঢাপ দিয়া মণিপুৰী গাঁৱৰ এক উল্লেখযােগ্য বৈশিষ্ট্য। ইয়াক ‘লৈপন তাখৎপা’ বােলে। গাঁওবােৰ পৰিচালনা কৰিবৰ কাৰণে ‘খুন অহন’ গাঁওবুঢ়াৰ ব্যৱস্থা আছিল। বর্তমান ‘খুন অহন’ৰ গুৰুত্ব কমি আহিছে। গাঁৱৰ সামাজিক জীৱনত শান্তি আৰু আত্মীয়তাৰে বসবাস কৰিবৰ বাবে প্ৰতিখন গাঁৱত একো একোটা সামাজিক সংগঠন থাকে— ‘গােপাল হনজবা’ আৰু ‘গােপাল হিদং। গাঁৱত একো একোটা শিঙলুপ ’ গাঁৱৰ জনকল্যাণৰ বাবে গঠন কৰা হয়। 

    মণিপুৰী সংস্কৃতিত নাৰীৰ গুৰুত্বপূর্ণ ভূমিকা আছে। যিকোনাে ধর্মীয় সকাম বা সামাজিক অনুষ্ঠান আদি নাৰী অবিহনে শুভাৰম্ভ কৰিব নােৱাৰে। এই ক্ষেত্ৰত নাৰীৰ স্থান পুৰুষৰ লগত সমান। মণিপুৰী তিৰােতাই নিজৰ জাতীয় সাজ-পাৰ পিন্ধি জাতীয় সংস্কৃতি অটুট ৰাখিছে। 

    মণিপুৰীসকলৰ প্রধান আহাৰ ভাত, প্রিয় খাদ্য মাছ। সামাজিকভাৱে মাংস খােৱা নিষেধ। মণিপুৰীসকল বৈষ্ণৱ ধৰ্মী হ'লেও তেওঁলােকৰ গৃহ আৰাধ্য দেৱতা ‘লাইনিংথৌ ছানামহী’, ইমা লৈমৰেণ শিদবী’ আদি দেৱ দেৱীক লােকাচাৰ মতে পূজা-অর্চনা কৰে।

     মণিপুৰীসকল মূলতঃ কৃষিজীৱী। তেওঁলােকৰ সমাজ আৰু সংস্কৃতিও কৃষিভিত্তিক। মণিপুৰী উৎসৱ ‘লাই হৰাওবা কৃষিভিত্তিক হ'লেও লােকাচাৰ জড়িত। “লাই হৰাওবা’ৰ অৰ্থ হৈছে ‘নেদেখাজনৰ সন্তোষ সাধন। ‘লাই হৰাওবা’ হৈছে মণিপুৰী সংস্কৃতিৰ প্রতিবিম্ব স্বৰূপ। মণিপুৰীসকলে আদিম জড়দেৱতা ‘উমংলাই পূজা প্রাঙ্গণত ‘লাই হাউফম’ত প্রতিবছৰে উদ্যাপন কৰে। “লাই হাৰাওবা' ৰ প্রধান শিল্পী মাইবা-মাইবী। এই নৃত্যৰ প্ৰধান বাদ্যযন্ত্র হল পেনা। বীণা জাতীয় এবিধ বাদ্য। থাবল চোংবি’, ‘মাইবী জগােই’ (লাই হাৰাওবা নৃত্য) মণিপুৰী লােক-সংস্কৃতিৰ অমূল্য সম্পদ। এই নৃত্যই মণিপুৰী জাতীয়ত্ব আৰু জাতীয় ঐতিহ্যৰ স্বাক্ষৰ বহন কৰিছে। ‘লাই হাৰাওবা 'উৎসৱৰ উপৰি শজিবু চৈৰাওবা উৎসৱ ব'হাগ মাহত পাঁচদিনীয়াকৈ নৱবর্ষ উপলক্ষে পালন কৰে । 

    আত্মীয়তা, বৈবাহিক সম্পর্ক ‘য়েক’ বা ‘খেল’ ব্যৱস্থাৰে মণিপুৰীসকলে ধর্মীয় ৰীতি -নীতি, লােকাচাৰসমূহ ৰক্ষা কৰিও বিভিন্ন জনগােষ্ঠীৰ লগত সমন্বয়েৰে জীৱন-যাত্রা অব্যাহত ৰাখিছে।

    মণিপুৰীসকলৰ বহুসংখ্যক ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই স্মৰণীয় হৈ আছে। তলত তাৰে কেইগৰাকীমানৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ'ল-

নাওৰিয়া ফুলো

    আধুনিক মণিপুৰী সাগহিত্যৰ বাটকটীয়া ব্যক্তিসকলৰ ভিতৰত নাওৰিয়া ফুলো অন্যতম।

    অসমৰ হাইলাকান্দি জিলাত ৰাজেশ্বৰপুৰ মৌজাৰ 'লাইশ্ৰম খুন' নামৰ গাঁৱত ১৮৮৮ চনৰ ২৮ আগষ্ট তাৰিখে নাওৰিয়া ফুলোৰ জন্ম হয়। তেওঁ নাওৰেম চাওবা আৰু থম্বৌ দেৱীৰ পঞ্চম সন্তান। জন্মতে কুন্দত কটা যেন সুন্দৰ-পুঠাৰ শিশুটিক ককাকে নাম দিলে 'ফুন্দ্ৰেই' অৰ্থাৎ কুন্দ। পঢ়াশালীৰ শিক্ষকে সুকোমল এপাহ ফুলৰ দৰে ধুনীয়া ল'ৰাটিৰ নাম ৰাখিলে 'ফুলো'।

    তেওঁলোকৰ পূৰ্বপুৰুষসকল আছিল ৰাজন্য শাসিত মণিপুৰ দেশৰ প্ৰজা। তেওঁলোকৰ কোনোবা আজো-ককাক এজন ৰাজদৰবাৰৰ বিষয়া আছিল। পিছে মান-ভগনত আজোককাক হেৰান্দ স্বদেশ এৰি ভগনীয়া দলৰ সৈতে আহি এইখন গাঁৱত নিগাজীকৈ থাকিবলৈ লয়।

    কুৰি শতিকাৰ তৃতীয় দশকটো (১৯২০-৩০) মণিপুৰী আধুনিক সাহিত্যৰ অৰুণোদয়ৰ সময়। এই দশকটোতে পশ্বিমীয়া শিক্ষাৰে শিক্ষিত এচাম মাতৃভাষাপ্ৰেীয়ে সাহিত্য ৰচনাত  মনোনিৱেশ কৰে। নাওৰিয়া ফুলোই শিক্ষকতা কৰি থকা সময়ৰ পৰাই সাহিত্য চৰ্চা আৰম্ভ কৰে অনুবাদেৰে। ১৯১৮ৰ পৰা ১৯১৯ চনলৈকে হিন্দু  উপাখ্যানৰ কাহিনীৰহে মুঠ পাঁচখন নাটক ৰচনা কৰে। সেইসমূহ  (১) 'ইনিংথৌ হৰিন্দ্ৰ-(ৰজা হৰিচন্দ্ৰ) (২) 'সীতা বনবাস' (৩) 'ৰামনা বনবাসতগী হললকলবদা'- (বনবাস পৰা কৰা ৰামৰ প্ৰত্যাৱৰ্তনত (৪) 'দুষ্মন্ত শকুন্তলা' ১৯- খন গ্ৰন্থ সৰচনা কৰে।

        তেওঁৰ গদ্যত ৰচিত উল্লেখনীয় গ্রন্থসমূহ— (১) মীতৈ হৌভম ৱাৰী’ (মীতৈৰ ইতিবৃত্ত)। (২) গৌড় ধর্ম চঙকপা মতাং’ (গৌড় বা গৌড়ীয় ধর্ম প্রবর্তনৰ সন্ধিক্ষণ)। (৩) মীতৈ য়েলহৌ ময়েক’ — (মীতে প্রাচীন লিপি) (৪) ‘অহন মাথং’ — (গুৰু উপদেশ)। (৫) “হৌৰকপা অমসুং হৌভম’ (পুৰাবৃত্ত) (৬) বামােনগী মতিক’ — (বামুণৰ প্ৰভাৱ) । (৭) ‘ঐগী ৱাৰেং’ – (মােৰ গদ্য/নিবন্ধ) ইত্যাদি। 

    (১) য়ুমলাইৰােন -১৯৩০ (গৃহ দেৱ-দেৱীৰ স্তোত্র)। (২) শিংথা চৈথানে ১৯৩০ ( ধর্মীয় ৰীতি - নীতিৰ মন্ত্র )। (৩) সকোক থীৰেন ১৯৩১ (সৃষ্টি তত্ত্ব কথা)। (৪) চীংনু লাইনে (চিংনু দেবীৰ স্তুতি মন্ত্র) (৫) তেংবানবা অমসুং লাইনিংথৌ লাইপাও -১৯৩৩ (সৃষ্টিকর্তা কথােপকথন) আৰু লাইনিংথৌ (সনামহীৰ কথােপকথন)। (৬) থাইন নােংইন -১৯৩৬ (আধ্যাত্মিক আৰু সাংসাৰিক ধর্মপথৰ উপদেশ), (৭) পামহৈবা ১৯৪৭ (পামহৈবা ৰজাৰ জীৱনচৰিত), (৮) অথৈবা সৈৰেং -১৯৩৪ (শ্রেষ্ঠ কবিতা) ইত্যাদি ।

    ১৯৩০ চনৰ ১৩ এপ্ৰিলত নাওৰিয়া ফুলোই তেওঁৰ মতাদৰ্শৰ মাত্ৰ ১২- জন অনুৰাগীক লৈ 'অপোকপা সমাজ গঠন কৰে। জনসাধাৰণৰ দৃষ্টিত তেওঁ হৈ পৰিল 'পুনৰুত্থানবাদী'ৰ নায়ক।

    তেওঁৰ কবিতাসমূহ আধ্যাত্মিক ভাৱধাৰা আৰু প্ৰাচীন ঐতিহ্যৰ গুণ-গান বিলুপ্ত মীতৈ দেৱ-দেৱীৰ স্ৰোত স্তুতি, মন্ত্ৰ, গীত আদিৰে পৰিপূৰ্ণ। সেইসমূহ সহিত্যৰ অমূল্য সম্পদ।

    বহুমুখী প্ৰতিভাধাৰী সংগীত এইগৰাকী ক্ষণজন্মা পুৰুষে মাত্ৰ ৫৩ বছৰ বসয়ত ১৯৪১ চনৰ ৩০ জুন তাৰিখে ইহলীলা সম্বৰণ কৰে। 

নৃত্যগুৰু কে. যতীন্দ্ৰ সিংহ

    বিশ্ব ভাৰতী শান্তিনিকেতন সংগীত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৰেণ্য নৃত্যশিল্পী নৃত্যগুৰু অধ্যাপক কে. যতীন্দ্ৰ সিংহ, জন্ম হয় ১৯৪৩ চনত এপ্ৰিল মাহৰ ২২ তাৰিখে অসৰ কাছাৰ জিলাৰ লক্ষীমপুৰত গুৰু কে. যতীন্দ্ৰ সিংহ, মণিপুৰী নট-সংকীৰ্তন গুৰু কে. কামিনী সিংহ আৰু শ্ৰীমতী পশোৎলৈমা দেৱীৰ সুপুত্ৰ। ল'ৰালিৰে পৰা তেওঁ আছিল অতি নস্ৰ, বিনয়ী, সংগীত তথা নৃত্যপ্ৰমী। বংশ ঐতিহ্যৰ ধাৰাবাহিক অক্ষুণ্ণ ৰাখি শৈশৱতেই পিতৃ আৰু কে. কামিনী সিংহৰ পৰা নট-সংকীৰ্তন আৰু নৃত্যৰ আদিপাঠ গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত সেই সময়ৰ মণিপুৰ ৰাজ্যৰ প্ৰখ্যাত নৃত্যগুৰু, গুৰু লোকেশ্বৰ, গুৰু অমুবী আৰু গুৰু অতোম্বাৰ পৰা নৃত্যৰ তালিম লৈছিল।

    ১৯৬৫ চনত বৃত্তি পাইভাৰতী শান্তিনিকেতনলৈ নৃত্যশিক্ষাৰ বাবে যায়। নৃত্যশিক্ষা সাং কৰি তাতেই তেওঁ নৃত্য আৰু সংগীত বিভাগত অধ্যাপকৰ পদৰ নিযুক্তি পাই শান্তি নিকেতনত নিগাজিকৈ থাকিবলৈ লয়। অধ্যাপনাৰ সমাজন্তৰালভাৱে তেওঁ নৃত্যৰ সাধনাত মনোনিৱেশ কৰে। বিভিন্ন নৃত্যৰ সংযোজন আৰু সংমিশ্ৰণৰ জৰিয়তে তেওঁ আটকধুনীয়া নতুন নৃত্য শৈলী উদ্ভাৱন কৰি শিক্ষাৰ্থীসকলক শিকাইছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পাৰ্যায়ত আয়োজিত নৃত্যৰ বহু কৰ্মশালা, আলোচনাচক্ৰ তথা সাংস্কৃতিক সমাৰোহত নৃত্যৰ প্ৰদৰ্শন তথা বক্তৃতা প্ৰদান কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ উদ্যোগত শান্তিকেতনৰ এনে বহু কৰ্মশালা আৰু আলোচনাচক্ৰ আয়োজন কৰি মণিপুৰী আৰু ৰবীন্দ্ৰ নৃত্যৰ শ্ৰীবৃদ্ধিৰ অহৰহ চেষ্টা চালাই গৈছিল। তেওঁৰ তত্ত্বাৱধান আৰু নিৰ্দেশনাত তেওঁৰ ছাত্ৰীও বিশ্বভাৰতীৰ সংগীত বিভাগৰ শিল্পী সমন্বিতে, দক্ষিণ আমেৰিকা, চীন, জাপান, মায়েছিয়া, ছিংগাপুৰ, ফ্ৰান্স, ৰাছিয়া, ম্যানমাৰ আৰু বাংলাদেশকে আদিকৰি বিশ্বৰ বিভিন্ন দেশত মণিপুৰী আৰু ৰবীন্দ্ৰ নৃত্য মঞ্চায়ন কৰি দৰ্শকৰ ভূয়সী  প্ৰশংসা লাভ কৰিছিল। তেওঁৰ ভৰিত যেন যাদু আছিল। তেওঁ যেতিয়া নাচিবলৈ লয় তেতিয়া দৰ্শকসকলে অনুভৱ কৰে যেন শূন্যত ভাহি মলয়াছাটিৰ তালে তালে নাচিব লাগিব লাগিছে। নৃত্যৰত অৱস্থাত তেওঁ আছিল সিমানেই নিভাঁজ, প্ৰাণৱন্ত আৰু শিল্পময়। স্বনামধন্য শিল্পীগৰাকীয়ে দেশ-বিদেশৰ পৰা অৰ্জন কৰা সন্মান আৰু গৌৰৱতকৈও অসংখ্য ছাত্ৰ-ছাত্ৰী আৰু গুণমুগ্ধসকলৰ অম্লান শ্ৰদ্ধা আৰু মৰম-চেনেহক তেওঁৰ দীৰ্ঘদিনৰ অধ্যাপনাৰ উল্লেখযোগ্য সফলতা বুলি গণ্য কৰে।

    বিশ্বভাৰতী শান্তিনিকেতনত প্ৰথমে অধ্যাপনা আৰু শেহৰ কিছু বছৰ অধ্যক্ষৰ দৰে গুৰু দায়িত্বত কাৰ্য নিৰ্বাহ কৰি ২০১০ চনত অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছতো সংগীত নৃত্য-নাটিকা আদিত অন্তঃকৰণেৰে জীৱনৰ অন্তিম মুহূৰ্তলৈকে সেৱা আগবঢ়াই গৈছিল।তেওঁ 'ত্ৰিধাৰ' আৰু 'মীৰজিঙ্গাঁনসা' নামৰ দুখন টেলিফিল্মতো অভিনয় কৰিছিল। গুৰু কে. যতীন্দ্ৰ সিংহক ২০০৬ চনত মণিপুৰী সাহিত্য পৰিষদ, অসমে 'নৃত্যগুৰু', ২০১০ খ্ৰীষ্টাব্দত ৰাজকুমাৰ বুদ্ধিমন্ত মেৰিয়েল ডান্স একাডেমী ত্ৰিপুৰাই 'ৰাজকুমাৰ মেমোৰিয়েল এৱাৰ্ড', আৰু ২০১২ চনত মণিপুৰী সাহিত্য পৰিষদ, ইম্ফলে 'নৃত্যৰত্ন' উপাধিৰে সন্মানিত কৰে।

    মণিপুৰী নৃত্যৰ বিৰল প্ৰতিভাৰ অধিকাৰি বৰেণ্য শিল্পী নৃত্যগুৰু কে. যতীন্দ্ৰ সিংহই যোৱা ২ এপ্ৰিল ২০১৮ চনত সোমবাৰে ৰাতি শান্তিনিকেতনৰ অবল পল্লীৰ নিজৰ বাসগৃহত ইহলীলা সম্বৰণ কৰে।

 সমাজসেৱিকা সৰস্বতী সিংহা 

        অসম আন্দোলৰ নেত্রী, সমাজসেৱিকা, সৰস্বতী সিংহা ১৯৫৮ চনৰ ৮ চেপ্তেম্বৰত হােজাই জিলাৰ লংকা অঞ্চলৰ আঁমপুখুৰী গাঁৱৰ এটা কৃষক পৰিয়ালত জন্ম গ্রহণ কৰে। পিতৃৰ নাম ৱাহেংবম জয়চন্দ্র সিংহ আৰু মাতৃৰ নাম ৱাহেংবম ফজবী দেবী। আমপুখুৰী নিম্ন প্রাইমাৰী স্কুলৰ পৰাই শিক্ষার্থী জীৱনৰ আৰম্ভ কৰে। কাশীপুৰ এম ভি স্কুলৰ পৰা বৃত্তিসহ এম ভি পাছ কৰাৰ পাছত, লংকা ৰাষ্ট্রভাষা হাইস্কুলৰ পৰা ১৯৭৬ চনত উত্তীর্ণ হয়। নগাঁও গার্লচ কলেজৰ পৰা ১৯৮১ চনত বি. এ. পাছ কৰে। কিছু বছৰৰ বিৰতিৰ পিছত ১৯৯৩ চনত নগাঁও আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক উপাধি লাভ কৰে। খ্রীষ্টীয় ১৯৮২ চনত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগত অঙ্গনৱাড়ী কর্মী হিচাপে কর্ম জীৱনৰ আৰম্ভ কৰে । কিছুদিনৰ পিছত আমপুখুৰী এল পি স্কুলত শিক্ষক হিচাপে যােগদান কৰে। ১৯৮৫ চনৰ ১৪ ছেপ্তেম্বৰত শিক্ষকতাৰ পৰাও অব্যাহতি লয়। সৰস্বতী সিংহাৰ উদ্যোগত ২০০৫ চনত মণিপুৰী ভাষা-সাহিত্যৰ উন্নতিৰ কাৰণে হােজাইত ‘পান মণিপুৰী লিটাৰেৰী ফ'ৰাম’ (নিখিল মণিপুৰী সাহিত্য মঞ্চ) প্রতিষ্ঠা কৰে। এই মঞ্চৰ নামত তেওঁ নিজৰ গাঁঠিৰ ধনেৰে আন এগৰাকী স্থানীয় কবি, শানৌ ৰাজকুমাৰৰ এখনি কবিতা-সংকলন ‘নােংপােকথােঙ হাঙলে' ৰ সৰস্বতী প্রকাশনৰ পৰা প্ৰকাশ কৰে। মণিপুৰী ভাষা-সাহিত্যৰ উন্নতিৰ হকে আজীৱন তেওঁ নিস্বার্থ সেৱা আগবঢ়াই গৈছিল। আইনৰ স্নাতক সৰস্বতী সিংহাই ১৯৯৬ চনত হােজাইৰ শঙ্কৰদেৱ নগৰ আদালতত এগৰাকী অধিবক্তাৰূপে যােগদান কৰে। তেওঁৰ বাকপটুতা, প্রত্যুৎপন্নমতি আৰু অধ্যৱসায়ী গুণৰ কাৰণে অতি কম দিনৰ ভিতৰত এগৰাকী পেচাদাৰী আইনজীৱীৰূপে নিজকে প্ৰতিষ্ঠ কৰে। উল্লেখযোগ্য যেতেওঁ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথমগৰাকী মণিপুৰী মহিলা অধিবক্তা।

    তেওঁ অন্তঃকৰণেৰে উপলব্ধি কৰিছিল- নাৰী সমাজৰ চেতনা জাগৰণৰ প্ৰয়োজন। সেয়েহে হোজাই, লংকা, নগাঁও অঞ্চলৰ নাৰীসকলৰ বিকাশৰ কাৰণে বিভিন্ন মহিলা সংগঠন প্ৰতিষ্ঠা কৰি তেওঁ নিজে তাৰ গুৰি ধৰিছিল। তাৰ ভিতৰত আটাতকৈ উল্লেখযোগ্য সংগঠন হোজাইৰ 'মৈৰা পাইবী লূপ' অৰ্থাৎ 'জোঁৰলোৱা মহিলা বাহিনী' নামৰ মহিলা সংগঠনটো। ১৯৭০ চনমানত চুবুৰীয়া মণিপুৰত 'অল মণিপুৰ উইমেন ছচিয়েল ৰিফোৰমেসন এণ্ড ডেভেলপমেন্ট সমাজ' নামৰ এটা মহিলা সংগঠনৰ জন্ম হয়। সমাজৰ অন্ধকাৰ স্বৰূপ কু-সংস্কাৰ আঁতৰাই জোঁৰৰ অগ্নিশিখাই সমাজ পোহৰাব। এই নাৰী বাহিনীয়ে সমাজৰ কু-সংস্কাৰৰ বিৰুদ্ধে সংগ্ৰামত নামিছিল। প্ৰথমে যুঁজ দিছিল সমাজৰ মাদক দ্ৰব্য সেৱন আৰু জুৱা খেল নিৰ্মূল অভিযানত। তেওঁ হোজাই-লংকাৰ নাৰী সমাজত নতুন চেতনা জগাই এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ সমাজসেৱাৰ জীৱনজোৰা অৱদানৰ কাৰণে মণিপুৰী সাহিত্য পৰিষদ, অসমে ২০১২ চনত 'সমাজসেৱিকা' উপধি আৰু বঁটাৰে বিভূষিত কৰে। 

    ২০১২ চনৰ ৫ ডিচেম্বৰত তেওঁ ইহলীলা সম্বৰণ কৰে।

নোংথোম্বম বিদ্যপতি সিংহ

    মণিপুৰৰ বাহিৰত থকা মণিপুৰীসকলৰ প্রথম এম. এল. এ. নােংথাম্বম বিদ্যাপতি সিংহ এজন বহুমুখী প্রতিভাসম্পন্ন ব্যক্তি আছিল। তেওঁ ১৯১২ চনৰ ২৪ নবেম্বৰ তাৰিখে বর্তমান হাইলাকান্দি জিলাৰ লালা চহৰত জন্মগ্রহণ কৰিছিল। তেওঁৰ পিতৃ স্বর্গীয় ললিত সিংহ এজন কবিৰাজ আৰু জ্যোতিষী আছিল। মাতৃ স্বর্গীয়া মাইচন দেবী অসমত থকা মণিপুৰীসকলৰ প্রথম ডেপুটী ইন্সপেক্টৰ হিজম ৰমন সিংহৰ বায়েক আছিল। তেওঁ ১৯৩১ চনত কলিকাতা বিশ্ববিদ্যালয়ৰ অধীনত প্রথম বিভাগত মেট্রিক পাছ কৰি পিছত চিলেটৰ মুৰাৰীচান্দ কলেজৰ পৰা ইণ্টাৰমিডিয়েট পাছ কৰে। উক্ত কলেজৰ পৰা ১৯৩৫ চনত ঢাকা বিশ্ববিদ্যালয়ৰ অধীনত বুৰঞ্জীত অনার্চসহ বি. এ. পাছ কৰে। নােংথােম্বম বিদ্যাপতি সিংহই ১৯৩৬ চনত কাছাৰ জিলাৰ সােনাই এম. ই. স্কুলত ইংৰাজী শিক্ষকৰূপে যােগদান কৰে। সেই সময়ত সােনাই অঞ্চলত এম. ই. পাছ কৰাৰ পিচত হাইস্কুল পঢ়াৰ কোনাে সুবিধা নাছিল। সেয়ে তেওঁৰ প্ৰচেষ্টাত সােনাই এম. জি. স্কুলত হাইস্কুল স্থাপন কৰি হাইস্কুলীয়া শিক্ষাৰ অভাৱ দূৰ কৰে। নােংথােম্বম বিদ্যাপতি সিংহই অতি সহজ-সৰল জীৱন যাপন কৰিছিল। সদায় ধূতী-পাঞ্জাবী পৰিধান কৰা বিদ্যাপতি সিংহ আদর্শবান পুৰুষ । অকল পঢ়া-শুনাতেই নহ্য, নাটক আদি সাংস্কৃতিক দিশতাে আগৰণুৱা আছিল। তেওঁৰ সভাপতিত্বত ১৯৩৯ চনত কাছাৰ মণিপুৰী যুৱ সংঘ নামৰ এটি অনুষ্ঠান গঢ়ি উঠিছিল। উক্ত সংঘৰ যােগেদি স্বজাতি যুৱকসকলক জাগ্রত কৰিছিল।

    ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ অধীনত ১৯৪৬ চনত অনুষ্ঠিত অসম বিধান সভা নিৰ্বাচনত তেওঁ দক্ষিণ হাইলাকান্দিত নিৰ্বাচিত হৈছিল। তেওঁ ১৯৫১ চনলৈকে বিধায়ক হৈ আছিল। বিধায়ক হৈ কথা কালত তেওঁ নিজৰ  মাতৃভাষা মণিপুৰী মাধ্যমেৰে শিক্ষা- দীক্ষা লোৱাৰ সুবিধা লাভৰ বাবে বহুবাৰ দাবী উত্থাপন কৰিছিল। ইয়াৰ ফলস্বৰূপে পৰৱৰ্তী কালত অসম চৰকাৰে মণিপুৰী ভাষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। 

    ভাৰত স্বধীন হোৱাৰ পিছত ১৯৪৮ চনত পূব পাকিস্তানত বসবাস কৰা মণিপুৰীসকলক উৎপীড়ন কৰা খবৰ শুনি তেওঁ কাছাৰৰ তিনিজন মণিপুৰী নেতা আৰু এশগৰাকী ছাত্ৰ-ছাত্ৰী প্ৰেৰণ কৰি সেই সময়ত সেই ঠাইত থকা মণিপুৰী প্ৰজা আৰু চুবুৰীয়া প্ৰজাসকলৰ মাজত সদভাৱ ৰাখি বসবাস কৰিবলৈ সূ৫-পৰামৰ্শ আগবঢ়াইছিল।

    স্বজাতি আৰু জনতাৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি বহু কম বয়সত ৪২ বছৰ বয়সত ১৯৫৪ চনত ১৪ চেপ্তেম্বৰ তাৰিখে সোনাই চহৰত নোংথোম্বম বিদ্যাপতি সিংহই মৃত্যুবৰণ কৰে।

 


 Type : Priyam Jyoti Patar




Post ID:DABP004274